বেদান্ত নাথ
১
কবি দেশদ্ৰোহী! আগতে কবি তেনে নাছিল৷ আগতে কবিয়ে প্ৰতীক-চিত্ৰকল্পৰে দেশৰ মানচিত্ৰ আঁকিছিল৷ দীঘল ইতিহাসৰ উঠা-নমাৰ মাজেদি কবিৰ ধমনীত দেশপ্ৰেম প্ৰৱাহিত হৈছিল৷ নেলীৰ আন্ধাৰত দুটুকুৰা হৈ শুই আছিল কবিৰ অতীত৷ তিৰাশীৰ জুইত পুৰি সোণ হোৱা কবিয়ে কলঙৰ সোঁতকে সাক্ষী কৰি ঘৰ বান্ধিছিল৷ স্বামী-গৃহত নিৰ্যাতিতা হৈ ঘূৰি অহা কেও-কিছু নোহোৱা অকলশৰীয়া ছোৱালীজনীক আশ্ৰয় দিবলৈ কবিয়ে খুলি দিছিল ঘৰৰ দুৱাৰ৷ এজাক অৱহেলিত পখিলাক আকাশ দেখুৱাবলৈ কবিয়ে কলঙৰ পাৰত জাতীয় বিদ্যালয় পাতিছিল৷ কবিৰ বাবে মানুহৰ এটাই পৰিচয় আছিল৷ কেৱল মানুহ৷ কবিক মই পোছাকী নামেৰেই চিনি পাইছিলোঁ৷ মানুহৰ বাবে মানুহৰ কথাবোৰ কৈ থাকিব লাগে৷ কবিয়ে কথাবোৰ কৈ থাকিছিল৷ আপোনাৰ-মোৰ মাতৰ আঁৰত ৰিণিকি ৰিণিকি বাজি থকা মাতটো কবিয়ে শুনিবলৈ পাইছিল৷ চহৰখনৰ বুকুৰ বাঢ়ি অহা উত্তৰ আধুনিক ঘাটুকুৰালৈ কবিয়ে মন কৰিছিল৷ সোনকালে উপচাৰ নকৰিলে ঘাটুকুৰা বাঢ়ি গৈ থাকিব, গৈ থাকিব আৰু এদিন গোটেই চহৰখনেই ঘাটুকুৰাৰ কবৱলত সোমাই পৰিব বুলি কবিয়ে জানিছিল৷
কবিয়ে আৰু বহু কথা জানিছিল৷ যিবোৰ জানিছিল চহৰখনৰ আটাইতকৈ পুৰণি গছবোৰে৷ চহৰখনৰ হৃদয়ৰে বৈ যোৱা নদীখনে৷ পুৰণি জাহাজ ঘাটটোৱে৷ কবিৰ সৈতে মাজে মাজে আপেল গছবোৰৰ কথা পাতিছিলোঁ৷ আমিও পৃথিৱীৰ সমানে সমানে ঘূৰি নাথাকি এঠাইত ৰৈ দিব পৰাহ’লে, ঘূৰি থকা আপেল গছবোৰ ওচৰ চাপি আহিব! আমাৰো শিশুবোৰে আপেল পাৰি খাব! আপেলৰ কথা কওঁতে কবিৰ চকুত ওলমি থাকে শিশুবোৰে আপেল খাব নোৱৰাৰ দুখ৷ এশ্বট্ৰে’টো ছিগাৰেটৰ টুকুৰাৰে ভৰি উঠে৷ কবিয়ে শব্দৰে জুইফুল আঁকে৷ এশৰ পৰা এক বিয়োগ কৰি কবি নিৰান্নবৈৰ প্ৰেমত পৰে৷ নিৰান্নবৈ এটা সংখ্যা৷ নিৰান্নবৈৰ সৈতে এক যোগ কৰি এশ বছৰৰ আৱৰ্জনাক কবিয়ে মচি দিব খোজে চহৰখনৰ বুকুৰ পৰা৷
(২)
চহৰখনৰ বুকুত উমি
উমি জ্বলি থকা জুইকুৰা হঠাৎ দপদপাই জ্বলি উঠিছিল৷ বিশ্ববিদ্যালয়ৰ কম বয়সীয়া ল’ৰা-ছোৱালীবোৰৰ
নেতৃত্বত জ্বলি উঠা জুইকুৰা চহৰৰ সীমা পাৰ হৈ গাঁৱৰ পৰা গাঁৱলৈ বিয়পি গ’ল৷ সকলোৱে
ইন্ধন যোগোৱা জুইকুৰা ক্ৰমাৎ বহল হৈ গৈ থাকিল৷ কবিতা, গান, নাটক, বুদ্ধিজীৱীৰ উদাত্ত
ভাষণ, ধৰ্ণা, সমদল, ক’লা ধোঁৱা, টায়াৰ পোৰাৰ গোন্ধ, জ্বলি উঠা চিটিবাছ, জ্বলি উঠা
ট্ৰেফিক পইণ্ট... পাঁচটা কুমলীয়া দেহৰ গোট মৰা তেজ লাগি ৰৈছিল ৰাস্তাৰ আন্ধাৰত৷ ৰাজপথত, খেল পথাৰত,
প্ৰতিবাদী মঞ্চবোৰত, চহৰৰ অলি-গলিত কেৱল আন্ধাৰ৷ হ’ৰ্ডিংবোৰ, ফুটপাথ, পাৰ্কবোৰ, ক’ফিশ্বপবোৰ বুৰ গৈছিল আন্ধাৰত...
৩
কবি মিছিলত থিয় হয়৷ কবি শাসকসকলৰ চকুৰ কূটা দাঁতৰ শূল৷ আননউন নাম্বাৰৰ পৰা ফোনকল আহে কবিলৈ৷ কেতিয়াবা কোনোবাই বুজনি দিয়ে৷ কেতিয়াবা লাভজনক প্ৰস্তাৱ দিয়ে৷ তাতো কাম নহ’লে সকীয়নি দিয়ে কবিক৷ কবিয়ে আক্ষেপ কৰা নাই৷ দহোটা প্ৰলোভন আঁতৰাই থৈ কবিয়ে মানুহৰ বাবে কবিতা লিখি গৈ থাকে৷ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰে কবিক বিচাৰি আহে৷ উৎকোচ দিব খোজে৷ কবিয়ে আৰু অলপমান বুকু ডাঠ কৰি থিয় হয়৷ এতিয়া দিন-কাল বৰ ভাল নহয়৷ আত্মীয়, বন্ধুমহলে কবিক মাজে-সময়ে সঁকীয়াই থাকে৷
কবি কিন্তু আঁকোৰগোঁজ৷ কবিয়ে ভাল পায় দেশক৷ সাধাৰণ মানুহবোৰক৷ কবিয়ে ধাৰণ কৰে সাধাৰণ খাটি খোৱা মানুহৰ দুখক৷ কবিয়ে বিচাৰে যে কেৱল ধনীবোৰেই ধনী হৈ গৈ নাথাকক৷ দুখীয়াবোৰেও শান্তিৰে তিনিসাঁজ খাব পৰা হওক, পাৰিলে ধনী হওক৷ কবিয়ে নতুনৰ বাবে হাবি ভাঙি বাট মোকলায়৷ পুৰণিয়ে হেঁচা মাৰি ধৰি চেপেটা কৰিব খোজা তৰুণক কবিয়ে পিন্ধাই দিব খোজে এযোৰ সপোনৰ ডেউকা৷ উৰিবলৈ এখন আকাশ...
ধৰ্মৰ আফিং খাই খাই মানুহবোৰ মগ্ন৷ মানুহবোৰৰ কান্ধত এতিয়া ধৰ্ম ৰক্ষাৰ গধুৰ বোজা৷ ৰেচনৰ দাম বাঢ়ি আছে৷ ইন্ধন৷ ৰন্ধন গেছ৷ ঔষধৰ দাম৷ ইলেকট্ৰিছিটিৰ বিল৷ হস্পিটেলৰ ফিজ৷ শিক্ষাৰ মাচুল বাঢ়ি গৈ আছে৷ হিতাধিকাৰী মানুহবোৰে মাত মতাৰ শক্তি হেৰুৱাই পেলাইছে৷ ঘৃণা আৰু অবিশ্বাস মানুহবোৰৰ বুকুৰ গভীৰৰ পৰা গভীৰলৈ সোমাই পৰিছে৷ পৰিচয় বিচাৰি মানুহবোৰ চৰকাৰী দপ্তৰৰ দীঘলীয়া শাৰীত থিয় হৈছে৷ কোনোবাই কৈছে কাগজ নেদেখুৱাওঁ৷ কাগজ নোহোৱা কাৰোবাক আকৌ ডিটেনশ্বন কেম্পলৈ পঠাই দিয়া হৈছে৷ মুঠতে এক অৰাজক পৰিৱেশ৷
কিছুদিনৰ আগতে মানুহবোৰে শৰাইঘাটৰ শেষ যুদ্ধখনত ভাগ লৈ উঠিছিলহে৷ এতিয়া আকৌ আন্দোলনৰ দামামা বাজিছে৷
অলিয়ে-গলিয়ে বিপ্লৱ জাগি উঠিছে৷ লাভালাভৰ অঙ্ক মিলোৱাত ব্যস্ত নেতাবোৰে
ঘনে ঘনে শিবিৰ সলাইছে৷ আন্দোলনটোৱো কিছুমানৰ বাবে ব্যক্তিগত লাভালাভৰ জখলা যেনহে হৈ উঠিছেগৈ৷
৪
চহৰখন সকলো ফালে খান্দি আছে৷ ধূলি আৰু ধোঁৱা৷ মেচিনৰ অবিৰাম ঘৰঘৰ শব্দ৷ বিৰক্তিকৰ ট্ৰেফিক৷ গছবোৰ এফালৰ পৰা তহিলং কৰি গৈ আছে৷ বৰষুণ দিলে ডিঙিলৈকে বুৰ যোৱা অৱস্থা এতিয়া৷ তাৰ মাজতে চহৰখন কঁপাই যোৱা দুৰ্নীতিৰ ইটো-সিটো খবৰ৷
এইবোৰৰ পৰা দৃষ্টি আঁতৰাই ৰাখিবলৈকে মানুহবোৰক মন্দিৰ আৰু মছজিদ আদিৰ চৰ্দাৰী কৰিবলৈ লগাই দিয়া হৈছে৷ মন্দিৰ-মছজিদৰ কাজিয়াত দেশখন এতিয়া ব্যস্ত হৈ উঠিছে৷ টক শ্ব’ত নিতৌ হৈ-হাল্লা, কোলাহল৷ দৰকাৰী কথাবোৰ তল পেলাই অপ্ৰয়োজনীয় কথাৰে মানুহক বিপথে লৈ যোৱা হৈছে ৷ ইফালে প্ৰশাসন নামৰ যন্ত্ৰটোৱে সাধাৰণ মানুহৰ হৈ মাত মতা বুদ্ধিজীৱীৰ কলমক স্থৱিৰ কৰিবলৈ উঠি-পৰি লাগিছে৷ শাসকৰ বিৰুদ্ধে কবিতা লিখা কবিক ভাবুকি দিছে, ছবি অঁকা চিত্ৰকৰক থানাত ভৰাই থৈছে, হকে-বিহকে এজাহাৰ দিয়া, ভয়-ভাবুকি, নতুনকৈ উদ্ভাৱন হোৱা সামাজিক মাধ্যমত নিৰন্তৰ ট্ৰ’ল কৰা এইবোৰতো চলিয়েই আছে৷ তথাপি জোৰদাৰ প্ৰতিবাদ হৈয়ে আছে৷ কিবা এটা কৰিবলৈ হ’লে চকু-কাণ মুদি শুই থকা মানুহবোৰক জগাই দিব লাগিব৷ এই কথা কবিয়ে জানে৷
তাৰ আগতে জগাই দিব লাগিব শুই থকা চহৰখনক৷ চহৰখনেই সকলোৰে কেন্দ্ৰবিন্দু৷
৫
দেশখন সদায় ধৰ্মৰ জুইত দগ্ধ হৈ আহিছে৷ স্বাধীনতা অৰ্জনৰ নামত, প্ৰেম আৰু ঘৃণাৰ তৰ্জুৰে সৃষ্টি কৰা ধৰ্ম নামৰ অদৃশ্য ধাৰণাৰ পাৰ্টিশ্বনে যিকুৰা জুই দেশখনৰ হৃদয়ত জ্বলালে সেইকুৰা জুইৰ আজিও নিৰ্বাপণ নহ’ল৷ সেইকুৰা জুইতে সময়ে সময়ে দেশখন জ্বলিয়ে আছে৷ ক্ষমতালোভী শক্তিবোৰে সেইকুৰা জুইতে দেশখনক ৰুটীৰ দৰে সেকিছে৷ লালসাৰ ক্ষুধা নিবাৰণ কৰিছে৷ সুদীৰ্ঘ সংগ্ৰাম আৰু ৰক্তাক্ত ইতিহাসৰ পাছত এতিয়া ৰাম নামৰ কল্পিত ভগৱানক প্ৰতিষ্ঠা কৰাৰ সময় আহি পাইছে অযোধ্যাৰ মাটিত৷ দেশভৰি উখল-মাখল৷ অযোধ্যালৈ ৰাম আহিব৷ দেশৰ আকাশৰ ৰং এতিয়া গেৰুৱা৷ নিউজ চেনেল, টক শ্ব’, ইণ্টাৰভিউ আদিৰে আভাসী পৰিৱেশ উদূলি-মুদূলি৷ মন্দিৰে-মন্দিৰে নামঘৰে-নামঘৰে বাজি উঠিছে শঙ্খ, ডবা, কাঁহ; পদূলিয়ে পদূলিয়ে চাকি-বন্তি জ্বলিছে, উৰুলিৰ শব্দই চৌদিশ মুখৰ কৰি তুলিছে৷
দেশজুৰি আৱেগৰ ঢৌ৷ আৱেগৰ আতিশয্যত কবিয়েও কবিতা লিখিছে৷ কবিৰ ভয় হৈছিল সাধাৰণ মানুহবোৰ ধৰ্মৰ ছুনামিত উটি যাব বুলি৷ মূলৰ পৰা ফালৰি কাটি সোমাই যাব বুলি ভ্ৰমৰ পৃথিৱীলৈ৷
ধৰ্মৰ ৰাগি লগা পৃথিৱীখন বৰ সাংঘাতিক৷ মানুহক বাস্তৱতাৰ পৰা বিচ্ছিন্ন কৰি লৈ যায় এক কল্পিত পাৰলৌকিক ধূসৰতালৈ৷ মানুহে নিজ ইচ্ছাৰে মানি লয় দাৰিদ্ৰৰ দাসত্বকো৷ মানুহ হেজাৰ বছৰ পিছুৱাই যায়৷
কবিয়ে মানুহৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ৰাম আৰু
সীতাক দুটা চৰিত্ৰৰ চোলা পিন্ধাই দিলে৷ আকস্মিকভাৱে কবিৰ কল্পনাৰ ৰাম আৰু সীতা নামৰ চৰিত্ৰদুটা হৈ উঠিল মানুহ৷ কোনোবা এখন চাহ
বাগিচাত কম বয়সতে মৃত্যু হোৱা বুধুৱা৷ পুষ্টিহীনতাত ভুগি ৰুগীয়া হোৱা ৰশ্মি৷ কলঙৰ পাৰৰ
ৰহমত৷ মাইক্ৰ’ফাইনাঞ্চে জুৰুলা কৰা জীয়াভৰলীৰ পাৰৰ কোনোবা কনক নাইবা সিদ্ধাৰ্থ৷ কপিলীত বুকুত মেঠনি
মাৰি জাকৈ বাই থকা ভৱানী, দীপালিহঁতৰ মাজৰে কোনোবা এজনী৷ কবিৰ চতুৰতাই ধৰ্মপ্ৰাণ ভক্তসকলক মোহাচ্ছন্ন
কৰি ৰাখিব নোৱাৰিলে। বৰঞ্চ সকলোৱে সমস্বৰে কোলাহল কৰিহে উঠিল, এয়া
পৰমেশ্বৰ ৰামৰ অপমান৷ ভাৰতীয় সংস্কৃতিৰ অপমান৷ ইমান দিনে খাপ লৈ বহি থকা হায়েনাৰ
জাকটো তীব্ৰ জিঘাংসাত জাক পাতি খেদি আহিল৷ পাৰমাণৱিক বিক্ৰিয়াৰ দৰে মুহূর্ততে কবিৰ বিৰুদ্ধে বিষক্ৰিয়া বিয়পি গ’ল৷
জাকে জাকে ধৰ্মৰ প্ৰহৰীবোৰ ওলাই আহিল৷ কবিক কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ৷ কবিৰ ঘৰ জ্বলাই
দিবলৈ৷ কবিক হত্যা কৰিবলৈ৷ কবিৰ ভুল হ’ল সময়ৰ নিৰ্বাচনত৷ মানুহৰ উথলি উঠা আৱেগে কবিক
দেশদ্ৰোহী বুলি ঘোষণা কৰিলে৷ দপদপাই জ্বলি উঠা
মানুহৰ ক্ষোভৰ জুইত কবি জাহ গ’ল৷ কবিয়ে আত্মগোপন কৰিলে৷
কেইটামান মুহূৰ্তৰ গভীৰ নীৰৱতা...
চিগাৰেটৰ এমোকোৰা ধোঁৱা শূন্যলৈ এৰি দিলে গল্পকাৰে৷ মই গল্পৰ পাছৰছোৱা শুনিবলৈ উদগ্ৰীৱ হৈ ৰ’লোঁ৷ চছমাযোৰ খুলি গল্পকাৰে চকু দুটা এবাৰ মোহাৰি ল’লে৷ হাত দুখন টেবুলত থৈ মোৰ ফালে অলপমান হাউলি গল্পকাৰে পুনৰ আৰম্ভ কৰিলে-
: পাছৰছোৱা স্বাভাৱিক৷ কবিৰ পৰিয়ালৰ ওপৰত পুলিচৰ অত্যাচাৰ আৰম্ভ হ’ল৷ কবিক নাপাই লৈ
গ’ল আত্মীয়ক৷ মানসিক নিৰ্যাতনৰ বলি হ’ল পত্নী৷ সামাজিকভাৱে সকলোৱে এঘৰীয়া কৰিলে
কবিক৷ বন্ধ কৰি দিয়া হ’ল কবিয়ে হেঁপাহেৰে গঢ়ি তোলা স্কুলখন৷ কৰ্মসংস্থানৰ পৰা বিতাড়িত
হ’ল কবি৷ সতীৰ্থই চৰকাৰী ৰোষত পৰাৰ ভয়ত কবিক এৰি থৈ দূৰ দেশলৈ আঁতৰি গ’ল৷ সকলো মৌন
হৈ পৰিল৷ সকলোৰে ভয়৷ কেৱল ভয় আৰু ভয়৷ সকলোৱেই
এতিয়া এক সৰ্বগ্ৰাসী ভয়ত আক্ৰান্ত৷
৬
দীঘলীয়া এছোৱা সময়ৰ আইনী মেৰপেচৰ পাছত কবি এতিয়া জামিন লৈ ওলাই আহিছে৷
হতাশা, ক্লান্তি আৰু একাকিত্বৰে জুৰুলা হৈ৷ এপদ এপদকৈ গোটোৱা সকলো অতীত, সোঁৱৰণি৷ কবি এতিয়া নিঃস্ব আৰু নিঃসঙ্গ৷ কবিক সন্দেহৰ চকুৰে চাবলৈ এতিয়াও এৰি দিয়া নাই এশ এযোৰ চকুৱে৷ অঘোষিতভাৱেই সকলোৱে কবিৰ পৰা এটা দূৰত্ব মানি চলিছে৷ তীব্ৰ হতাশাৰ গুহাত বন্দী কবিৰ সৰু সৰু ভুলবোৰো বৃহৎ আকাৰ লৈ থিয় দিছেহি কবিৰ সমুখত৷ নাইবা অসতৰ্ক মুহূর্তত কবিয়ে নিজেই সৰু বুলি ডাঙৰ ভুল একোটা কৰি পেলাইছে৷ তথাপি কবিয়ে আৰম্ভ কৰিছে শূন্যৰ পৰা৷
সকলো শেষ হৈ উপনীত হয় শূন্যত৷ আকৌ শূন্যৰ পৰাই আৰম্ভ হয় সকলোৰে৷
গল্পকাৰে কবিৰ গল্পটো ইমানতে শেষ কৰিলে৷ মই হাতৰ ঘড়ীটোলৈ চালোঁ৷ পোন্ধৰ মিনিট পাছতে শেষ ছিটিবাছখন আহি পাবহি৷ ছিৰি বগাই পাণবজাৰৰ বিশেষ ঘৰটোৰ পৰা নামি আহিলোঁ৷ কিছু দূৰ আহি ঘৰটোলৈ এনেয়ে এবাৰ ঘূৰি চালোঁ৷
চিগাৰেটৰ ধোঁৱা উৰুৱাই গল্পকাৰ খিৰিকীখনৰ সন্মুখত দিয় দি আছে৷ বাহিৰলৈ চাই চাই...
ঠিকনা :
জালুকবাৰী
ভ্ৰাম্যভাষ - ৭০৯৯০০৬৬৯২