ময়ূৰী কাকতি
ৰঙৰ স্বাভাৱিক নিৰ্ধাৰিত অৰ্থক আওকাণ কৰিও কেতিয়াবা নিজা বাট বুলিব পাৰি৷ ছবিবোৰ কেৱল ৰঙীন সম্ভাৱনাৰ বাবেইনে! নে ৰংবোৰহে ছবিৰ বাবে! পেঞ্চিল শ্বে’ডেৰে অলংকৃত কৰা টেবুলৰ ফুলদানিটোৰ আলো-ছায়াৰ পৃথিৱীখনতকৈ কেতিয়াবা ৰংবোৰ ফিকাহে হৈ পৰে৷ এটা অস্থিৰ মনে যেন চকুৰ পতা জপাই এখন আন্ধাৰ মঞ্চত বহি আত্ম-চেতনাৰ স’তে পাৰ কৰিব খুজিছে যুগ-যুগান্তৰ৷ তাইৰ আলো-ছায়াৰ আচ্ছাদনৰ মাজেৰে এটি সোণাৰু ৰঙীন সপোন জীৱনৰ বান্ধোন হৈ লাহে লাহে হাতেৰে পেঞ্চিল ধৰিবজনা হোৱাৰেপৰাই গঢ়ি উঠা৷ বৈসাদৃশ্যৰ পাছতো যেন স্থাৱৰ-অস্থাৱৰ সকলো বস্তুৱেই স্থান-কাল-পাত্ৰ ভেদে অনন্ত অসীমত একে-একো একোখন ছবি-ৰঙীন চচমাৰ ফাকেৰে দেখা বেৰঙী নতুবা তাৰ মাজেৰে দেখা ৰঙীন চিত্ৰ৷ চিত্ৰপট যিয়েই নহওক লাগিলে পানী ৰঙৰ ধূসৰতাত তাই নিজৰ স্থিতি স্পষ্ট কৰিহে ভাল পায়৷ যেন বৰষুণ -হৰহৰাই পৰা -ছাতিৰ অস্তিত্বক তাৰ স্বভাৱসিদ্ধ ঔদ্ধত্যৰে অৱহেলা কৰি বৰ্ষাসিক্ত কৰাৰ চিৰন্তন অভীপ্সাত অভ্যস্ত৷
“অহ পাখি, why blue? নীলা ৰং দিলা যে? ৰঙা দিয়া ভাল লাগিব৷” থুতৰিত বাওঁহাতখনেৰে ভেজা দি একান্তমনে পাখিৰ ছবি অঁকা চাই থকাৰ মাজতে সুগন্ধিয়ে পটকৈ কৈ পেলাইছিল৷ পাখিয়ে সুগন্ধিলৈ ঘূৰি চাই হাঁহিছিল – “ওহোঁ I dn’t know why ? মন যায়৷”
“You melancholy lady, fly alone.” কোনোবাই যেন সুৰ এটা বতাহত এৰিহে দিয়ে৷ পাখিৰ দুয়োখন হাতৰ কিলাকুটিলৈকে অ’ত ত’ত লগা এগাল ৰঙীন কলাজ৷ তাৰে দুই এটা কলাজে আহি ইতিমধ্যে তাইৰ গাল আৰু কপালো মৰমেৰে চুই দিছিলহি৷ সেই তেতিয়াই কুঁৱলীৰ আচ্ছাদনৰ মাজেৰে এখন স্থিৰচিত্ৰ আগুৱাই আহি মৰমেৰে পাখিক হাতত ধৰি লৈ যায় -কুঁৱলীত তিতাৰ অভিলাষত তাই বন্ধা চুলিখিনি মুকলি কৰি দিয়ে, যেন মেঘৰ আলয়ত ভুটুং কৰি ওলোৱা অথচ কিছুপৰৰ আগতেহে মুখ লুকুওৱা লাইটলুমৰ লাজকুৰীয়া বেলিটিহে৷
ছবিখনৰ মুকলি ব্যাখ্যা তাইৰ কণ্ঠত নাই৷ “একদম cheerless– কিযে বিৱৰ্ণ, সেমেকা, নিৰস ছবি”-কাৰোবাৰ চকুৰ ভাষা আৰু অনুচ্চ ফুচফুচনিত তাই উদাস হয়৷ নিয়ৰত সেমেকা ধুনীয়া পাতৰ দৰে তাইৰ চকুদুটি এখন স্থিৰচিত্ৰলৈ গতি কৰে৷ কাষত কেৱল খোৱাৰ বাবে খাদ্য গোটাই ফুৰা এগাল গুৰি পৰুৱাই তাইৰ সৰি পৰা চকুৰ দুটোপাল পানীকো খোৱাবস্তু বুলি বুটলি দৌৰে৷ “মন-বীথিকা”ৰ প্ৰদৰ্শনীত ছবিবোৰে ৰেম্পৰ মডেলৰ আকাৰ লোৱাৰ আগতেই চিত্ৰপ্ৰেমী দৰ্শকৰ দৃষ্টিয়ে ৰেম্পৱাক কৰে অতি মন্থৰ গতিত– এখনৰপৰা আনখনলৈ৷ দৃষ্টিৰ পূৰ্ণ আড়ম্বৰতাৰ সৈতে চৌখিন স্বয়ম্ভূ পাৰিপাৰ্শ্চিকতাত অস্বস্তি পাই পাখিৰ লগৰ বৰ্ণিলে কৈয়ে দিয়ে– “ছবি চোৱা কথাটো মই কিবা বুজিয়ে নাপাওঁ৷” এনেয়ে সি ছবিবোৰ কঢ়িয়াই অনা আৰু নিৰ্দিষ্ট ঠাইত লগোৱাত সহায় কৰিবলৈহে আহিছিল পাখিতকৈও বেছি পাৰ্থিৱৰ বন্ধু হিচাপে৷ আন আন আৰ্টিষ্টৰ লগতে পাখিৰো কেইখনমান ছবি প্ৰদৰ্শিত হোৱা কথাটোৰ প্ৰতি পাৰ্থিৱৰ দৰে তাৰ কোনো বিশেষ উল্লাস নাই৷ কিন্ত সি বন্ধুবৰ্গক সহায় কৰি বেয়া নাপায়, সেইটো হয়৷ যেনেদৰে পাখিৰ ৰূমমেট সুগন্ধিয়ে তাইক ছবি আঁকিবৰ বাবে চুক এটা মানে তাইৰ নিজৰ ভাষাতে “আৰ্ট কৰ্নাৰ” এটা হোষ্টেলৰ দুজনীয়া সৰু ৰূমটোতে ঠিক কৰি দিছে ৷
“তোমাৰ দুচকু ঠিক উদাস নহয় পাখি৷ তাত হেপাঁহ পলুৱাই বুৰিব ধৰা বিষাদধাৰাহে আছে– “পশ্চিম আকাশত অস্তগামী সুৰুযৰ হেঙুলী আভা চাই চাই আপোনপাহৰা পাখিৰ মুখত চকু থৈ পাৰ্থিৱে হঠাতে কৈ দিছিল সেইদিনা৷ পাৰ্থিৱক তাই লক্ষ্যই কৰা নাছিল তাৰ আগলৈকে ৷ কলেজ কেম্পাছৰ বাহিৰৰ ল’নখনত লগৰবোৰৰ লগত আড্ডা দিবলৈ আহি শেষৰ ফালে বহুত সময়লৈকে সিহঁত দুটাহে বহি আছিল– সুমথিৰাৰঙী আলোকৰ মাজেদি পাৰ্থিৱৰ আকুল চকুৰ তিৰবিৰণিত তাই ভাষাহীন হৈ পৰিছিল আৰু পাছমুহূৰ্ততে থতমত খাই তাই যাবলৈ বুলি উঠিছিল৷ তাই জানিছিল এয়া কোনো নাইনটিজৰ চিনেমাৰ দৃশ্য নহয়৷ এয়া নাইনটিজো নহয়৷ এয়া জেনজিৰ সময়৷ এয়া বাস্তৱ৷
“When I look in your eyes
there’s a silence in your gaze
that speakes louder than the days ...I just ...”
“পাৰ্থিৱ Stop, please, for God’s shake.’’ কোনোবা অটল গহ্বৰৰ পৰাহে যেন পাখিৰ মাতটো ওলাইছিল৷ আৰু কি ক’লেহেঁতেন বাৰু সি, কাৰ গান-কবিতাৰে বাসনাৰ গলিয়েদি আওৰাব খুজিলেহেঁতেন অনুৰাগৰ বিঢৌত ৰাগি! এয়া প্ৰয়োজনীয়নে! তাইৰ মনত কি উন্মনা লহৰ এটি নবয় কেতিয়াও! ৰৈ গৈছিল পাৰ্থিৱ একে ঠাইতে, তথাপি সেই একেই আকুলতাৰে পাৰ্থিৱে তাইকেই চাই আছিল৷ তাইকেই চাই ৰৈছিল৷ নালাগে পঢ়িব তাইৰ চকু, কোনেও নালাগে৷ সেইবোৰ চব মিছা অনুভৱ৷ দিখাবা৷ ক্ষণিকৰ বাবে পাৰ্থিৱৰ মুখত অনুপলৰ মুখাবয়বৰ মুখাখন খুলিব নোৱাৰাকৈ খাপ খাই লাগি ধৰিছিল৷ ক্ষুন্ন হৈছিল পাখি৷ জাপ মাৰি পাইছিলহি বাৰীৰ চুকত ভূতুনী হৈ বহি থকা বৰ্ণালী নামৰ আধাপাগলী তাইৰে মৰমৰ পেহীয়েকজনী, মুহূৰ্ততে যাৰ বুকুখন চিৰাচিৰকৈ ফাটি ওলাই আহিছিল এসাগৰ প্লাৱন আৰু তাৰে ঢৌত উটি গৈছিল মানুহজনীৰ কণমানি সন্তানটো৷ মুখাৰ অনুপল ভাবলেশশূন্য৷ হাবাথুৰি খালেও তাত বিচাৰি উলিয়াব নোৱাৰা কলেজীয়া দিনৰ সুবাস ৷ এজন অচিনাকী পুৰুষ– পূৰ্বৰ বৰ্ণালীময় হৈ থকা প্ৰেমিক অনুপল নাই, নাই ক’তো– “খোলাচোন তোমাৰ শিলৰ চোলাটো খোলা৷ সেই শিলৰ চোলাটো পিন্ধি থকাৰ বাবেই চাগে তুমি তোমাৰ বৰ্ণালীক চিনি নোপোৱা হ’লা৷ মোৰ চকুযুৰিতে তুমি দেখা নাছিলানে তুমি ৰচিব খোজা সপোনটো ?” ডায়েৰিৰ চকুৰ লুণীয়া লোতক মিহলি পৃষ্ঠাবোৰো একো একোখন ছবি – ধূসৰ, অস্পষ্ট৷
এই যেন পানী ৰং– বৰষুণৰ, কুঁৱলীৰ৷ তাতেই তিতি থাকে বহুজনী নাৰী৷ নাৰী একো একোখন বোৱঁতী নৈ৷ পাখিয়ে স্পষ্টকৈ দেখিছে ডায়েৰিৰ পৃষ্ঠা আৰু বাস্তৱৰ অসহায় বৰ্ণালী পেহীয়েকৰ মুখখনত অ’ত ত’ত দুখ-যাতনা-কালিমাৰ কাহানিও মচ নোখোৱা বহুতো চেকা৷ শিলৰ চোলা পিন্ধা উচ্চবৰ্ণৰ অনুপলে নিজৰ বংশাভিমান খামুচি অন্য এক সপোনৰ আঁচলত আশ্ৰয় ল’লে৷ কেতিয়াবা পাখিৰ বৰকৈ মন যায় পেহীয়েকক এখন নতুন ডায়েৰি উপহাৰ দিবলৈ৷ ধূসৰতাত তাই পেহীয়েকক কেইবাবাৰো আঁকিছে তেওঁৰ অলক্ষিতে৷ মন যায় এখন ৰ’দৰ নৈৰ বুকুত সমৰ্পিত কৰিবলৈ৷ টানি টানি ৰং থেৰাপিৰ মাজলৈ আনি পেহীয়েকৰ চেপা খায় থানবান হোৱা বুকুখন পিহি দিবলৈ৷ সেই একেই বিষাদ ধাৰাৰ কথাকেই পাৰ্থিৱে কৈছেনে! তাইৰ বাহিৰৰ খোলাটোৱে পাৰিছে জানো ফুটাই আঁকিব তাইৰ ভিতৰৰ মানুহজনীৰ স্তুপীকৃত অস্থিৰ জীৱনপঞ্জী! পাৰিব সামৰি লব তাইক? ছবিয়ে পিছে পাৰিছিল৷ সেয়ে ছবিকে তাই উচ্চ শিক্ষাৰ বাবে বাচনি কৰিব খুজিছিল, যাব খুজিছিল শান্তি নিকেতনলৈ৷ কিন্তু ভায়েকৰ ইঞ্জিনীয়াৰিং পঢ়াৰ সপোনটোক সাকাৰ কৰিবলৈ মাক-দেউতাকে তাইৰ ইচ্ছাক “অবান্তৰ” নাম দি থৈ দিলে৷ তাই উদাস তেতিয়াও হৈছিল যেতিয়া ভায়েকৰ স’তে সমঅধিকাৰ, সমান ভালপোৱাক দাবী কৰিবলৈ গৈ তাই জেদী, অবুজন নামৰ ভুল অভিধাবোৰত লাহে লাহে নীৰৱতাৰ আশ্ৰয় লৈছিল৷ লঠঙা গছবোৰ ছবিৰ বহীত আঁকি আঁকি তাই হিচাপ কৰি ৰৈ আছিল যেন বসন্ত অহাৰ দিনটোলৈ৷ কিমান দিন !
“অমনোযোগী ছাত্ৰী – ক্লাছত কিবা কিবি আঁক-বাক কৰি থাকে বহীত”, ক্লাছ টিচাৰৰ আপত্তিবোৰ ঘৰলৈকো গৈছিল বহুবাৰ– কোনেও খুলি চোৱা নাছিল তাইৰ বহীৰ জাপটো, খুলি চোৱাহ’লে হয়তো দেখিলেহেঁতেন জাপ জাপ কথকতা – তেতিয়া হয়তো নিজৰেই ছোৱালীজনীৰ মূৰত হাত ফুৰাই মৰমেৰে সুধিবলৈ মন গ’লহেঁতেন “তই কি আঁকি থাক মা?” কিন্তু নাই তেনে ধৰণৰ সম্ভৱপৰ একো নঘটিল, সকলোৱে তাইক ভৰ্ৎসনাহে কৰিছিল৷ মুখত সেই স্বাভাৱিক পৰিচিত অভিব্যক্তি সকলোৰে “এইনো কি পঢ়ি ফালিব !”
ক’ৰবাত কেনেবাকৈ হয় চাগে, পাৰ্থিৱে কোৱাৰ দৰেই বাৰে বাৰে পাখিওচোন উদাস হৈ বহি পৰে কোনো এক বিষাদ ধাৰাৰ কাষত৷ তাইৰ পাখি লগা ছোৱালীজনীয়ে ছবিখনৰপৰা এখন হাত উলিয়াই তাইৰ বৈ পৰা চকুপানীৰ নৈখন মচি দিব খোজে৷ তাৰ আগতে সেইখন হাতেৰেই তাই সমুদ্ৰটোৰ পানীবোৰ চুই আছিল৷ সৰুতে পেহীয়েকৰ বুকুৰ মাজত শুবলৈ যাওঁতে এনে এজনী পৰী বা ৰাজকন্যায়েই পেহীয়েকৰ মুখৰপৰা অমৃতসৰাদি ৰূপকথাহৈ সৰি পৰিছিল, যি সদায় মুক্তিৰ বাবে এজন ৰাজকোঁৱৰলৈ অপেক্ষা কৰি ৰৈছিল৷ সেয়া কেনেধৰণৰ মুক্তি নে দাসত্ব কোনেও ভাবি চোৱা নাছিল৷ কিন্তু আজি তাই ভাবে মানৱ সভ্যতাৰ ইতিহাসত প্ৰোথিত এই মুক্তি স্বইচ্ছাই গ্ৰহণ কৰা অবুজ দাসত্বৰ বাহিৰে আন একো নহয়৷
সেউজীয়া কলপাতবোৰ লৰি থাকে, আলিবাটৰ দুৰ্বোধ্য গাঁতবোৰত বৰষুণৰ পানীয়ে আকাশ-ডাৱৰ আৰু যেন কিবা কিবি বহুত ধৰি ৰাখে – কোনোবাটো সৰু ল’ৰাই জুমি চায় – তাকো ধৰি ৰাখে ক্ষণিকৰ বাবে৷ সি নিজক দেখা পায়, পাছ মুহূৰ্ততে বাটৰ শিলগুটি এটা বুটলি তাৰ স্বাভাৱিক অপ্ৰতিৰোধ্য ঔদ্ধত্যৰে আঁতৰি যায়৷ ধূসৰতাৰ পদ্যত মানুহবোৰে আঁজলি পাতি লয় ৰং বুলি জীৱনৰ গাথাবোৰ, বৃন্দাবনী আইসকলৰ আকুলতাৰে৷ ছবিবোৰক নেদেখাৰ ভাও জুৰিলেও ৰঙবোৰ পিছে সকলোৱে ভালপায়৷ গালে-মুখে লেপালেপকৈ সনাৰ অভিলাষত তন্দ্ৰামগ্ন এখন পৃথিৱী৷ ছবিবোৰেও নিজে নিজৰ সতে কথা পাতে৷ পাৰ্থিৱে কৈছিল – “সামাজিক মাধ্যমৰ এখন ৰঙীন জগতক কেন্দ্ৰ কৰি প্ৰতিযোগিতাত ভাগ লোৱা আমিবোৰ বৰ ভাগৰুৱা চাবাচোন, অকলশৰীয়াও৷ এতিয়াৰ মানুহে বুজিবলৈ ৰৈ নাথাকে৷ বুজিবলৈ বাকী থাকোতেই আকৌচোন নতুন এক ট্ৰেণ্ড আহে – সেই ঢৌত নুবুজাকৈয়ে আকৌ উটি-ভাহি যায় মানুহবোৰ৷ তুমি আঁকি যোৱা, নাভাবিবা, আশাও নকৰিবা যে সকলোৱে তোমাৰ ছবিবোৰ বুজি পাবই লাগিব বুলি৷ চব বুজি পাওঁ বুলি ভাবি থাকিলেও বহুতো কথা নুবুজাকৈয়ে থাকি যায়৷ কলাৰ নিৰ্দিষ্ট পৰিধিও নাথাকে৷ আৰু এতিয়াটো ট্ৰেণ্ডেই হৈ পৰিছে যে বুজাৰ আগতেই দৌৰ দিব লাগে৷” হয়, দেখাততো সকলোতে কেৱল নিগনি দৌৰৰ এক অন্তহীন অঘোষিত প্ৰতিযোগিতাই৷ জীয়াই থকাৰ উন্মাদনাত বিলাসী বিজ্ঞাপন – দামী লিপষ্টিক, ৰেটিনলযুক্ত নাইট ক্ৰিম, প্ৰটিন চেক, ৱেইট লছৰ কৌশল, বেলি ফেট কমোৱাৰ ঔষধ – মুঠতে একো থাকি যোৱা নাই আৰু লগত ইনষ্ট্ৰাগ্ৰামৰ এখন সৌন্দৰ্য উপাসনাৰ কাংক্ষিত বটলৰ পৃথিৱীৰ প্ৰয়োভৰ৷ অক্সিজেন কিমান আছে তাত ? কোনেও নাজানে৷ ৰঙ থেৰাপিৰ সন্মোহনী শক্তিৰ কথাও পাখিয়ে ইণ্টাৰনেটৰ আৰ্টিকল এটাৰ পৰাহে গম পোৱা – হ’লেও ‘Chromotherapy’ ৰ জগতখনত তাই যেন নজনাকৈয়ে বহুত আগতেই নিজক এৰি দিছিল৷ ৰঙৰ লগত মিলি যোৱা ছোৱালীজনী তথাপি প্ৰায় সকলোৰে দৃষ্টিত এজনী এক্সট্রা ইনট্ৰ’ভার্ট, ব’ৰিং ছোৱালী– ছবি আঁকে৷ তাইৰো থাকিব পাৰে নেকি কিবা কোনোবা পাৰ্টনাৰ ! কি পাব পাৰ্টনাৰে ? so cool ...
নাচি থকা পুতলাক হঠাতে ৰখাই পাখিয়ে তেজী ঘোঁৰা এটালৈ ৰূপান্তৰ কৰে৷ তাৰ পিঠিত তাইৰ লগৰবোৰে গম নোপোৱাকৈ সিহঁতকো উঠাই দিয়ে৷ তাই ‘হেৰী পটাৰৰ’ যাদুৰ ঝাড়ুত উঠি তীব্ৰবেগী পক্ষীৰাজ ঘোঁৰাক খেদি যায়৷ লগত লৈ যায় মোনা ভৰাই এগালমান ৰং ৷ সিহঁতে ভাল নাপালেও তাই সিহঁতৰ গালে-মুখে পৰাকৈ চটিয়াই দিয়ে এগাল ধূসৰ ৰং আৰু সৰু ছোৱালী এজনীৰ দৰে খিলখিলাই কৈ উঠে “এতিয়া কেনে মজা”৷ সৌজনী ৰিবাই তাইক বেয়াকৈ গালি পাৰিছে– পাৰবীনে “useless” বুলি তাইলৈ চোঁচা লৈ আহিব খুজিছে৷ - তাৰ পাছত – খংবোৰক হাঁহিয়ে ভাকুটকুটাই দিছে – অলপ পাছতেই প্ৰাণখুলি খিলখিলকৈ নিজৰা এটা বিয়পি পৰিছে বতাহৰ স’তে নীলিমত –“তইযে আৰু পাখি !” বতাহে কাণে কাণে কয়৷ একেদৰেই সেইদিনাও কৈছিল – ঘৰত মাকে পঢ়াটেবুলত তাই খাবলৈ বুলি আনি দি থৈ যোৱা গৰম গাখীৰ গিলাচ নাখাই যেতিয়া তাত পাখিয়ে সেউজীয়া, হালধীয়া কিবা কিবি ৰং এগাল মিলাই চাই আছিল৷ গাখীৰৰ শুদ্ধ বগা ৰঙটোত তাই যেন কিবা এক উত্তপ্ত উদ্দীপনাহে উপলব্ধি কৰিছিল৷ শূন্যতাৰ সমাহাৰে শান্ত কৰিব পাৰে জানো কাৰোবাক? তাইতো চুঁচৰি ফুৰা কেঁচুৱা এটি নহয় ! পাখিৰ ছবিয়েও এদিন ছিন্ন-ভিন্ন বস্তুৰ মাজত তাইৰ দৰেই নিজৰ হেৰুৱা অস্তিত্বক বিচাৰি উচুপি উঠিছিল৷ “useless, পৃথিৱীৰ বোজা এটা…” নভবাকৈয়ে পেহীয়েকৰ দৰে তায়ো হেনো মাক-দেউতাকৰ মূৰৰ কামোৰণিহে হৈ পৰিছিল৷ তাই ৰং-তুলিকাৰে নিজৰ প্ৰশ্নবোধক গাটো ঢাকি ধৰিছিল৷ সেই তেতিয়াই ছবিখনেও প্ৰশ্ন কৰিছিল –“কেতিয়াবা দেখিছানে কুঁৱলীৰে বৰষুণ?” – তাই প্ৰশ্নটো ঠেলি দিয়ে অনুপলৰ অবৈধ(?)প্ৰেমে উপহাৰ দিয়া মৃত সন্তানটিক সাৱটি বছৰ বছৰ ধৰি জুপুকা লাগি বহি থকা পেহীয়েক বৰ্ণালীলৈ৷ তাৰপাছত মেন’পজৰ দিশে গৈ থকা খিংখিঙীয়া মাকজনীলৈ৷ প্ৰেম-ভালপোৱা জীৱন জীয়াৰ মহৌষধ৷ অক্সিট’ছিন, ড’পামিনৰ ৰসায়নিক নিঃসৰণে নিশ্চিত কৰে মন-মগজু-শৰীৰৰ স্বাভাৱিক সুস্থতা৷ সময়ক আঁকি থাকোতেই তাই ভেন গঘৰ ছবিবোৰ চুই চায়৷ অলী-নমামীৰ লেচবিয়ান সম্পৰ্কটো তাই ক্লাছত শুনাৰ ধৰণেই প্ৰীতিৰ তুলিকাৰে বাখৰুৱাকৈ আঁকি থয়৷ দেউতাকক আঁকিবলৈ লৈ পাখি ৰৈ যায় –দেউতাকৰ নিৰৱচ্ছিন্ন ব্যস্ততা লগতে নিৰ্দিষ্ট এটা মিঠা ৰিংটনৰ সুৰীয়া সুৰে মাকৰ লগতে তাইকোতো ব্যতিব্যস্ত কৰি তোলে৷ দেউতাক যেন সিহঁতৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈ গৈ এখন বটলৰ পৃথিৱীত সোমাই পৰিছে৷ কি বসন্তৰ ৰাগিত ফুল নুফুলে সেয়া মুখত বলিৰেখা পৰিবলৈ ধৰা মাকে ধৰিব নোৱাৰে –দিনে দুবাৰকৈ ‘পন্দচ এইজ মিৰাকল’, ঘৰুৱা যতন আৰু হাইড্ৰ’ফেশ্বিয়ালে তৃপ্ত কৰা মুখখনত তেওঁ গাঢ় ৰঙা লিপষ্টিকক প্ৰশ্ৰয় দিয়ে, আনকি ঘৰতো৷ তথাপি মাকে হয়তো বুজিব ভালকৈয়ে পাৰিছে যে তলপেটৰ চৰ্বি আৰু হাতৰ ওলমিবলৈ ধৰা মাংসপেশীয়ে সময় সলনি হোৱাৰে ইংগিত দিছে, দ্ৰুতগতিৰে৷ ছবিবোৰে কাণে কাণে ফুচফুচাই তাইক ক’লে, “মা নিৰুদ্দিষ্ট হ’বলৈ গৈ আছে, তুমি সাজু হোৱা”৷ তাই শুনিলে, কিন্তু ৰামকিংকৰ বেইজৰ পৰশত এটি প্ৰস্তৰ মূৰ্তিলৈহে ৰূপান্তৰিত হ’ল৷ মাকৰ চকু তাই নপঢ়িলে৷ ঘৰৰ তাইৰ ছবিঅঁকা কোঠাটো এৰাপৰলীয়া কৰি তাই হোষ্টেললৈ যেতিয়া গুচি আহিল –তাইৰ মৰমৰ কিছু ছবি তাইৰ পিছে পিছে গল৷ ইংৰাজী সাহিত্যৰ স্নাতক পৰ্যায়ৰ শিক্ষা জীৱন আৰু হোষ্টেলৰ ছবিৰ পৃথিৱী কৰি লোৱা তাইৰ কোঠাটোতে স্বনিৰ্বাসনৰ সিদ্ধান্ত লোৱা ছোৱালীজনীক ছবিবোৰেই আকৌ সোঁৱৰাই দিয়ে মানুহ হোৱাৰ বাবে ভোগা হেঁপাহৰ যন্ত্ৰনাবোৰৰ কথা – “তুমি হাঁহা –এয়াযে শৰৎ মূৰ তুলি চোৱা, – এয়া বসন্ত … হাঁহা…” ধূসৰ পদ্যবোৰ হাতৰ তলুৱাত লৈ তাই ৰ’দত দিনৰ দিনটো ৰিক্সা, ঠেলা চলাই ফুৰা ভোকাতুৰ মানুহবোৰ চাই ৰয় –মানুহ নিজৰ ওচৰতে কিমান অসহায় ! অথচ কম বেছি পৰিমাণে সকলোৰেতো থাকে এখন হেঁপাহৰ ফুলাম পৃথিৱী৷ কেতিয়াবা মানুহ হেৰায়, কেতিয়াবা আপোন পৃথিৱী হেৰায় –কি এক ইন্দ্ৰজাল !
তেনেকুৱাতে পাৰ্থিৱক তাই পুনৰ লগ পালে৷ তাইৰ ছবিবোৰে জোনাকত তিতি তিতি কিবাকিবি আঁকিলে৷ সেইখন ছবি তাই লুকুৱাই ৰাখিলে, মনে মনে চাই মিচিকিয়ালে, য’ত তাই পাৰ্থিৱৰ চকুলৈ প্ৰথমবাৰৰ বাবে চালে, তাত বুৰিব খুজিলে– বুজিবলৈ আৰু এখন ছবি আঁকিবলৈ যো-জা চলালে৷ লগতে আঁকিব খুজিলে এখন হাত৷ পাৰ্থিৱেই ক’লে “অকল চকুলৈ নহয়, চকুত প্ৰতাৰণাও থাকে– হাতখনলৈও চোৱাঁ, ধৰিব পাৰি নেকি নিজক সোধাঁ–এখন হাতৰ সাহসৰ বাবে আন এখন হাতো লাগে আৰু ছবি আঁকিবলৈকো৷”
পাখিয়ে তাইৰ হাতেৰে পাৰ্থিৱক বানে বুৰোৱা তাৰ চাংঘৰৰপৰা টানি-আঁজুৰি তুলি আনিলে, গৰু-গাই আৰু তাৰ লাগতিয়াল বয়-বস্তুবোৰ নোৱাৰিলে৷ তাৰ বেমাৰী মাকৰ হিয়া ঢাকুৰি কন্দা কান্দোনটোৱে পোখা মেলি তাইৰ ছবিতে শেষ আশ্ৰয় ল’লে৷ যেনেদৰে আশ্ৰয় ল’লে তাইৰ পেহীয়েক বৰ্ণালী আৰু মাকে৷ দেউতাকক তেওঁৰ নিজা বসন্তৰ স’তে আৱদ্ধ কৰি তাই সুখী হ’ল৷ ছবিবোৰে ঐনিতম এটা সমস্বৰে তাইৰ বাবেই গালে৷ বিয়পি পৰিল পানী ৰংবোৰ৷ স্বনিৰ্বাসন অথচ আত্মচেতনাৰ অহমিকাৰ এটি গঁৰালত লাহে লাহে ছবি অঁকা ছোৱালীজনী ভাললগা ছবি এখন হৈ সোমাই থাকিল৷
***
ভ্ৰাম্যভাষ : ৬০০৩৮০০৮৭৭

