বেদান্ত নাথ
চাৰি বছৰমানৰ বিৰতিত
সমীৰণদাক হঠাতে লগ পাই গ’লোঁ পানবজাৰত৷ অকস্মাৎ এইদৰে সমীৰণদাক ক’ৰবাত লগ পাই যাব পাৰোঁ
বুলি মই সপোনতো ভবা নাছিলোঁ৷ অবিন্যস্ত চুলি৷ আধা পকা আধা কেঁচা এমুখ নুখুৰুৱা দাড়ি৷
বিবৰ্ণ জিন্চ৷ এই কেইটা বছৰত মানুহটোৰ যথেষ্ট পৰিৱৰ্তন হৈছে৷ আগৰ চৰ্বিযুক্ত চেহেৰা
এতিয়া নাই৷ মই স্থিৰ হৈ কেইমুহূৰ্তমান তেওঁৰ চকুলৈ চাই ৰ’লোঁ৷ চকুত হতাশাৰ চিন স্পষ্ট৷
: বলক, চাহ একাপকে খাই লোৱা যাওঁক৷
জুইশলাৰ বাকচটোৰ
পৰা উলিয়াই লোৱা কাঠিটো সমীৰণদাই পুনৰ সোমোৱাই থ’লে৷ ওঁঠৰ কোণত গুজি থোৱা চিগাৰেটটো
টি-চাৰ্টটোৰ পকেটত ভৰাই তেওঁ মোৰ লগে লগে সমুখৰ চাহ দোকানখনলৈ খোজ ল’লে৷
কেইটামান নিৰৱ মুহূৰ্ত৷ সমুখত দু’কাপ ধোঁৱা উৰি থকা গৰম চাহ৷ ক’ৰ পৰা আৰম্ভ কৰিম যেন
ঠিৰাং কৰিব পৰা নাই৷
: পান বজাৰলৈ কেতিয়া
আহিল?
আচলতে মই সুধিব খুজিছিলোঁ—এতিয়া কিহত ব্যস্ত, পান বজাৰত কেনেকৈ? খবৰ এটাও নাপাওঁ,
অথচ সপ্তাহটোত এবাৰ পান বজাৰলে নাহিলে নহয় মোৰ৷
: ঔষধৰ হ’লচেল দোকান
এখনতে সোমাই আছোঁ৷ কিবা এটা কৰি আকৌ আৰম্ভটো কৰিব লাগিব৷
: এৰা, আৰম্ভটো কৰিবই লাগিব! — মনৰ ভিতৰতে এবাৰ আওঁৰালোঁ মই৷
: পুৰণা কনটেক্টবোৰ
নাইকিয়া হোৱাত বৰ বিপদত পৰিছোঁ৷ ক’ৰ পৰা আৰম্ভ কৰিম ধৰিবই নোৱাৰা হৈছোঁ৷
উদাস দৃষ্টিৰে সমীৰণদাই
সমুখৰ ব্যস্ত ৰাস্তাটোলৈ চাই পঠিয়ালে৷ মই চাহকাপ হাতত লৈ সোহা এটা মাৰিলোঁ৷ সমীৰণদাক
কি বুলি ক’ম—ঠিক শব্দ বিচাৰি পোৱা নাই৷ নিৰৱতাই পৰিৱেশটো অসহজ কৰি তুলিছে৷
সমীৰণদাক প্ৰথম লগ
পাওঁতে তেওঁ ডাঙৰ কোম্পানি এটাত মেডিকেল ৰিপ্ৰেজেনটেটিভৰ চাকৰি এটা কৰি আছিল৷ মইয়ো
সৰু কোম্পানি এটাত সোমাই নতুনকৈ গুৱাহাটীলৈ আহিছিলোঁ৷ সহজ-সৰল, পৰিশ্ৰমী মানুহজনক সকলোৱে
সন্মান কৰি চলে৷ কম দিনৰ ভিতৰতে সমীৰণদা আমাৰ দৰে নতুনকৈ মেডিকেল ৰিপ্ৰেজেনটেটিভৰ চাকৰিত
সোমোৱা ল’ৰাবোৰৰ আইডল হৈ উঠিছিল৷
সমীৰণদাক লগ পাবলৈ
হ’লে তুমি ফিল্ডত ওলাব লাগিব৷ সৰু-সুৰা ডাক্তৰেতো সমীৰণদাক দেখা পালেই থিয় হৈ দিয়ে৷
সমীৰণদা নবহালৈকে নিজে চেম্বাৰৰ চকীত নবহে৷ মেনেজমেণ্ট সমীৰণদা বুলিলেই কঁপি উঠে৷ কিমান
যে মিথ সমীৰণদাক লৈ!
অকল সমীৰণদাই নে—বিজনদা,
প্ৰাণজিতদা, বিপুলদা, গৌতমদা—এই আটাইকেইজনেই আছিল আমাৰ চকুত একো একোজন ৰিবেল৷ চেণ্টাৰ
অৱ মেডিকেল চেল্ছ এণ্ড ৰিপ্ৰেজেনটেটিভছ (CRU)-ৰ দেওবৰীয়া মিটিঙবোৰ কঁপাই থাকিছিল
সমীৰণদাহঁতে৷ শ্ৰমিক ৰিপ্ৰেজেনটেটিভৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কিমান যে পৰিকল্পনা, ধৰ্ণা,
সমদল৷
পশ্চিমবঙ্গৰ সেই
সময়ৰ কমিউনিষ্ট চৰকাৰৰ পৃষ্ঠপোষকতাত শক্তিশালী হৈ উঠা CRU-ৰ প্ৰভাৱ অসমতো আছিল প্ৰবল৷
সপ্তাহিক দেওবৰীয়া মিটিঙবোৰ বাধ্যতামূলক আছিল সকলোৰে বাবে৷ কোম্পানিবোৰত ৰিপ্ৰেজেনটেটিভৰ
শ্ৰমিক কাউন্সিল গঠন হৈছিল৷ প্ৰতিবছৰে ব্যয়বহুলভাৱে এনুৱেল কাউন্সিলৰ অধিৱেশন অনুষ্ঠিত
হৈছিল৷ অসমতো প্ৰতিবছৰে চেম্বাৰ্ছ অৱ কমাৰ্চত অসমৰ ৰিপ্ৰেজেনটেটিভসকলৰ বছৰেকীয়া অধিৱেশন
অনুষ্ঠিত কৰা হৈছিল৷
তাত কলকাতাৰ পৰা
অহা কমৰেডসকলৰ ভাষণ শুনি আমি ৰোমাঞ্চিত হৈ উঠিছিলোঁ৷ পৃথিৱীৰ
শ্ৰমিক আন্দোলনৰ ইতিহাসৰ ওপৰত তেওঁলোকৰ জ্ঞানৰ বিস্তৃতি দেখি তবধ মানিছিলোঁ৷ নিজকে কমৰেড
বুলি আমি পতিয়ন গৈছিলো৷
কলকাতাৰ বুকুৰ পৰা
জন্ম হোৱা মেডিকেল ৰিপ্ৰেজেনটেটিভসকলৰ এই শ্ৰমিক সংগঠনটো কেৰেলা, দিল্লী, জম্মু-কাশ্মীৰ,
পাঞ্জাৱ আৰু উত্তৰ-পূৰ্বলৈ বিয়পি পৰিছিল৷ আঠ ঘণ্টা কামৰ অধিকাৰ, নিম্নতম মজুৰি,
PF, অত্যাৱশ্যকীয় মেডিকেল ইনচুৰেন্স—কিমান যে পৰিৱৰ্তন আহিছিল! এই সকলোবোৰ CRU-ৰেই অবদান বুলি ক’ব লাগিব ৷
তাৰ নেপথ্যত আছিল সমীৰণদাহঁতৰ দৰে কিছুমান মানুহৰ নেৰা-নেপেৰা প্ৰচেষ্টা আৰু ত্যাগ৷
কিমান ধৰ্ণা, সমদল, বহিৰাজ্যলৈ সঘনাই হোৱা ট্ৰেন্সফাৰৰ বিৰোধিতাত হোৱা আন্দোলনবোৰ…
এতিয়া এই কথাবোৰ ভাবিলে বৰ আচৰিত লাগে৷
বহুতে সংগঠনটোক অনুচিত
লাভ উঠাবলৈও ব্যৱহাৰ নকৰিছিল তেনে নহয়৷ কামত হেমাহি কৰা কিছুমানে হ’ব পৰা ডিচিপ্লিনাৰী
একচনৰ পৰা ৰক্ষা পাবলৈ সংগঠনটোক ব্যৱহাৰ কৰিছিল৷ উপায়হীন
হৈ তেনেবোৰ ক্ষেত্ৰত য়ুনিয়নক ব্যৱহাৰ কৰিবলৈ দিয়াৰ বাবেও সমীৰণদাহঁতৰ দৰে পৰিশ্ৰমী
মানুহবোৰৰ কোম্পানিৰ ওচৰত ঋণাত্মক ভাবমূৰ্তি এটা গঢ়ি উঠিছিল৷ পিছলৈ এই ভাবমূৰ্তিটোৱেই
অধিক ব্যাপক হৈ ভাল কথাবোৰ তল পৰি ৰৈছিল৷
পশ্চিমবঙ্গৰ কমিউনিষ্ট
চৰকাৰৰ পতনৰ লগে লগে কথাবোৰ সলনি হৈ আহিল৷ পশ্চিমবঙ্গত শ্ৰমিক আন্দোলনটোৱে চৰকাৰী পৃষ্ঠপোষকতা
হেৰুৱাই পেলোৱাৰ প্ৰভাৱ উত্তৰ-পূৰ্বতো পৰিল৷ সংগঠন দুৰ্বল হৈ আহিল৷ লগে লগে নতুন টেকন’লজি
আৰু কোম্পানিয়ে আমদানি কৰা নতুন নতুন পলিচিয়ে পুৰণা মানুহবোৰক ক্ৰমাৎ মূলসূঁতিটোৰ
পৰা বিচ্ছিন্ন কৰি আঁতৰাই লৈ গ’ল৷ পৰিৱৰ্তনৰ এক সাংঘাতিক সময়ৰ সাক্ষী আমি৷
আমিবোৰ যেতিয়া নিত্য-নতুন পৰিৱৰ্তনৰ লগত তাল মিলাই উত্তৰণৰ জখলা বগালোঁ, সমীৰণদাহঁতৰ
দৰে সৰল অথচ পৰিৱৰ্তনৰ লগত খাপ খাবলৈ ইচ্ছা নকৰা মানুহবোৰ য’ত আছিল তাতেই ৰৈ গ’ল৷ আদৰ্শ
আৰু কেৰিয়াৰৰ সংঘাতত তেওঁলোক বিচ্ছিন্ন হৈ পৰিল৷
কোম্পানিয়ে আমাৰ দৰে নতুনকৈ অহা কম বয়সীয়া উচ্চাকাংক্ষী ল’ৰা কিছুমানক তেওঁলোকৰ
ওপৰত মেনেজাৰ কৰি বহুৱাই দিলে৷
পিপল-অৰিয়েণ্টেড
ফিল’ছ’ফীৰ পৰা আতৰি বিজনেছ-অৰিয়েণ্টেড হৈ উঠা কোম্পানিয়ে কম বয়সীয়া উচ্চাকাংক্ষী
ল’ৰাবোৰক বিচৰামতেই উঠা-বহা কৰাব পাৰিছিল, সেই সুবিধা কোম্পানিয়ে ভালকৈয়ে গ্ৰহণ কৰিলে৷
কোম্পানিৰ এসময়ত ভেঁটি নিৰ্মাণ কৰা মানুহবোৰ লাভ ঘটি দিয়া একো একোটা যন্ত্ৰলৈ পৰিৱৰ্তন হ’ল৷ প্ৰতিজন কৰ্মচাৰীৰ নামত একোটাকৈ
নম্বৰ ইছ্যু কৰা হ’ল৷ অৰ্থাৎ একো একোজন মানৱ সম্পদ একোটা নম্বৰ বা সংখ্যা মাত্ৰ হৈ
ৰ’ল৷
সমীৰণদাহঁতৰ দৰে
প্ৰতিবাদী সত্তাবোৰৰ বাবে এইয়া আছিল মোহভংগৰ তীব্ৰ যন্ত্ৰণাৰ সময়৷ দেওবৰীয়া মিটিংবোৰত
মানুহ কমি আহিল৷ নতুনকৈ সোমোৱা ল’ৰাবোৰক সৰহকৈ ইনচেণ্টিভ লাগে, বিনামূলীয়া বিদেশ ভ্ৰমণৰ
সুবিধা লাগে৷ তাৰ বাবে সিহঁতে আঠ ঘণ্টাৰ পৰিৱৰ্তে বাৰ ঘণ্টা পৰ্যন্ত কোম্পানিক দিবলৈ
আপত্তি নকৰা হ’ল৷ আনকি দেওবাৰেও কোনোৱে কোনোৱে কামলৈ যাবলৈ ল’লে৷ য়ুনিয়নৰ দেওবৰীয়া
মিটিংবোৰ নিজম পৰি আহিল৷
মই মুম্বাইলৈ প্ৰথমটো
প্ৰমোচনৰ ইণ্টাৰভিউৰ বাবে যাবলৈ ওলাওঁতে সমীৰণদাক মাত লগাই গৈছিলোঁ৷
“প্ৰথম শাৰীৰ মেনেজাৰ
হ’বলৈ ওলালেও আপোনালোকৰ দিহা-পৰামৰ্শ লাগিব৷ মেনেজাৰ হ’লোঁ বুলিয়েই ৰাতিটোৰ ভিতৰতে
বেলেগ কিবা এটাটো হৈ নপৰোঁ৷”
প্ৰথম পৰ্যায়ৰ মেনেজাৰ
হৈয়ো কিছুদিনলৈ মই য়ুনিয়নৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিয়েই চলিছিলোঁ—বাৰ্ষিক মিটিঙলৈ
বৰঙণি দিয়া, য়ুনিয়নে ষ্ট্ৰাইক দিলে মোৰ তলৰ ল’ৰাবোৰক ষ্ট্ৰাইকলৈ যাবলৈ অনুমতি দিয়া—এইবোৰ
চলি আছিল৷ লাহে লাহে মোৰ আৰু সমীৰণদাহঁতৰ মাজত যোগাযোগ পাতলীয়া হৈ আহিল৷ দেখা-দেখিও
কমকৈ হ’বলৈ ধৰিলে৷ সমীৰণদাহঁতৰ লগত লাহে লাহে এক দূৰত্ব নিজে নিজেই গঢ় লৈ উঠিল৷
কেইবাবছৰ ধৰি সমীৰণদাৰ
খবৰ এটাও পোৱা নাছিলোঁ৷ মোৰো দ্বিতীয়টো প্ৰমোচন হৈ নৰ্থ-ইষ্টৰ দায়িত্ব ল’বলগীয়া
হোৱাৰ পৰা গুৱাহাটীত সৰহীয়াকৈ থাকিবলৈ সময় নোপোৱা হ’লোঁ৷ য়ুনিয়নৰ ধাৰণাটোও যথেষ্ট শিথিল হৈ আহিল৷
তেনেকুৱাতে ক’ভিডে গোটেই পৃথিৱীৰ লগতে দেশৰ জনজীৱন স্তব্ধ কৰি তুলিলে৷ সম্পূৰ্ণ এটা
বছৰৰ বাবে ফিল্ড ৱৰ্ক বন্ধ কৰি দিয়া হ’ল৷ সকলো ঘৰতে আৱদ্ধ হৈ পৰিলোঁ৷ এই এটা বছৰত
বহু নতুন নতুন পদ্ধতি আৰু কৌশলৰ আমদানি ঘটিল৷ এই গোটেইবোৰে মেডিকেল ইণ্ডাষ্ট্ৰিটোকে
সলনি কৰি দিলে৷ ঘৰতে বহি নিজৰ ব্ৰেণ্ড প্ৰমোট কৰাৰ বাবে জুম কল, জুম মিটিং, ৱেবিনাৰৰ
উদ্ভৱ হ’ল৷ আগৰ সাধাৰণ কামৰ পদ্ধতি সলনি হৈ যেয়ে-যেনেকৈ পাৰে নিজৰ বজাৰখন ধৰি ৰাখিবলৈ
উঠি পৰি লাগিল৷
ক’ভিডে কোম্পানিবোৰৰ
দৃষ্টিভংগী সম্পূৰ্ণৰূপে সলাই দিলে৷ বহু সৰু-সুৰা কোম্পানি অন্ধকাৰ সময়চোৱাত টিকি থাকিব
নোৱাৰি বন্ধ হৈ যাবলৈ বাধ্য হ’ল৷ হাজাৰ হাজাৰ কৰ্মচাৰী ৰাতিৰ ভিতৰতে কৰ্মহীন হ’ল৷ বহু
কোম্পানিয়ে নিয়মীয়াকৈ দৰমহা দিব নোৱাৰা হ’ল৷
ক’ভিড যোৱাৰ পাছত কোম্পানিৰ নীতি আগতকৈ ভালেখিনি কঠোৰ হৈ উঠিল৷ প্ৰতিযোগিতা ইমান বেছি
হ’ল যে য়ুনিয়নৰ নীতি-নিয়মৰ প্ৰভাৱ কমাবলৈ য়ুনিয়ন নিজেই বাধ্য হ’ল৷
ক’ভিডৰ পাছতে এবাৰ শুনা পালোঁ—সমীৰণদাহঁতৰ কোম্পানিটো বিক্ৰী হ’বলৈ ওলাইছে৷ কোনোবা
এটা ডাঙৰ হাউছে কোম্পানিটো কিনি লৈছে৷ কিন্তু সমস্যাটো হ’ল সেইখিনিতেই৷ কোম্পানিটোৱে
সমীৰণদাহঁতৰ দৰে জ্যেষ্ঠ কৰ্মচাৰীসকলক ল’বলৈ অনিচ্ছুক৷ তাৰ সলনি নতুনকৈ সোমোৱা কম বয়সীয়া
ল’ৰাবোৰৰ প্ৰতিহে কোম্পানি আগ্ৰহী৷ জীৱনৰ বেছিখিনি সময় কোম্পানি আৰু য়ুনিয়নৰ কাৰণে
দিয়া সমীৰণদাক কিবা এটা পৰিমাণৰ টকা দি কোম্পানিৰ পৰা উলিয়াই পঠিওৱা হ’ল৷ কোনেও একো
নক’লে৷ আচলতে এতিয়া কোনেও একো ক’ব নোৱাৰে৷ পৰিস্থিতি এতিয়া আগৰ দৰে নহয়—এতিয়া সকলো
পুঁজিপতিৰ পক্ষত৷
এইখিনি খবৰ মই পাইছিলোঁ
বেলেগৰ মুখত৷ দুই-এবাৰ সমীৰণদাৰ লগত কথা হৈছিল৷ তাৰ পাছত এক দীঘলীয়া বিৰতি৷
সমীৰণদাই শূন্য দৃষ্টিৰে
সমুখৰ পথটোলৈ চাই ৰৈছে৷ “অলপমান টকা নিদিয়া নহয়, কিন্তু সেইখিনিয়ে জীৱনটো চলাবলৈ
যথেষ্ট নহয়৷” সমীৰণদাৰ মাতত হতাশাৰ চিন সুস্পষ্ট৷
: ছোৱালীজনীয়ে য়ুনিভাৰ্চিটিত
চিট পাইছে—তাইকো পঢ়ুৱাব লাগিব৷ মাৰ গাটোও প্ৰায়েই বেয়া হৈ থাকে৷ বয়স হৈছে দিয়াচোন৷
মই উত্তৰ দিয়াৰ
শব্দ বিচাৰি পোৱা নাই৷ আমাক হাতত ধৰি কাম শিকোৱা, নৈতিকতাৰ পাঠ পঢ়োৱা, সিংহৰ দৰে দপদপাই
থকা মানুহজন এতিয়া এটা ডিষ্ট্ৰিবিউটৰৰ সাধাৰণ কৰ্মচাৰী৷ পাৰিবনে সমীৰণদাই মালিকৰ নিৰ্দেশ
শুনিব? কোনোবা অনা-অসমীয়া মালিকৰ ৰুক্ষ ব্যৱহাৰ সহ্য কৰিব? নোৱাৰিলে হ’ব জানো? ছোৱালীজনীৰ
পঢ়া শেষ কৰিব লাগিব, অসুস্থ মাকক চিকিৎসা কৰিব লাগিব, নিজেও জীয়াই থাকিব লাগিব৷ এতিয়া
নতুনকৈ সমীৰণদাক কোন কোম্পানিয়ে চাকৰি দিব !
চাহকাপ ইতিমধ্যে
শেষ হৈছে৷ মই জানো সমীৰণদা এতিয়া বেছি সময় মোৰ লগত বহি থাকিব নোৱাৰে৷ সমীৰণদাক অলপ
সহায় কৰিবলৈ ইচ্ছা হৈছিল, কিন্তু স্বাভিমানী মানুহজনৰ কেনেবাকৈ কৰবাত আঘাত লাগে যদি!
সমীৰণদাৰ নম্বৰটো
মোৰ নতুন মোবাইলত চেভ কৰি কল এটা দি দিলোঁ৷
“কল কৰিব৷ মইয়ো
খবৰ লৈ থাকিম৷ কিবা সহায় কৰিব পৰা থাকিলে জনাব৷”
সমীৰণদা থিয় হ’ল৷ আবেগত মোৰ হাতখন সাৱটি ধৰোঁতে তেওঁৰ চকুদুটা ক্ষন্তেকৰ বাবে সেমেকি
উঠিল৷
***
ভ্ৰাম্যভাষ :৭০৯৯০০৬৬৯২
