অন্যযুগ/


ৰূপকাৰৰ আত্মকথা

 ববিতা কলিতা

 

ভিনচেণ্ট ভেন গঘৰ ছবিৰ নীলাবোৰে সৰ্পিল ভাঁজ এটা লৈ ঘেঁহুৰ পথাৰখনৰ মাজেৰে বৈ আহিছিল৷ বিথোভেনৰ চিম্ফ’নিবোৰে মৌমাখিৰ গুণগুণনি হৈ মগজৰ তাঁৰবোৰত কঁপনি তুলিছিল৷ আৰু শব্দবোৰ? শব্দবোৰ উদং আকাশৰ বুকুত চিলা হৈ উৰিছিল৷ মাঞ্জাত টান পৰিলে লহৰী চিলাখনি কাষ চাপি আহে৷ সূতা ঢিলাই দিলে পুনৰ দূৰণিলৈ গুচি যায়৷ ক্ৰমাৎ সৰু আৰু অস্পষ্ট হৈ আহে শব্দৰ নীলৰঙী চিলাখন৷

ও...উ...অ...ম...!...ঔম!

অলপ মৌনতা৷ অলপ ধ্যান৷ অলপ বৌদ্ধত্ব৷ অলপ নিজক পাহৰাৰ আখৰা৷ পুনৰ পাহৰণিৰ বুকুত নিজক বিচাৰি চোৱাৰ হাবিলাস৷ চলি থাকে অহৰহ ৰূপকাৰৰ মনোযুদ্ধ৷

বেলি লহিওৱাৰ আগতে ভেন গঘৰ ছবিখনত হালধীয়া সূৰ্য এটা কঁপি উঠে৷ মেক্সিকো গাভৰু এজনীয়ে হাতত খৰাহি এটা লৈ সুমথিৰা সূৰ্যটোলৈ হাত মেলে৷

সৰলৰৈখিক শব্দবোৰে মোট সলাই বাংময় হৈ পৰে৷ আৰু আঙুলিৰ কম্পনবোৰ শুনি ভাল লগা এটি সুৰ হৈ পৰে৷ পিছে নৈমিত্তিক কথাবোৰ তেজত উথল অনা বিপ্লৱ হৈ পৰিবলৈ আৰু কিছুপৰ বাকী৷

সহজ জানো? একেৰাহে কবি, গায়ক, নৰ্তক, অভিনেতা, চিত্ৰকাৰ... আৰু বিপ্লৱী হোৱাটো?

সহজ জানো এটা যুগৰ ৰূপকাৰ হোৱাটো?

চিত্ৰভানুৱে দেখোন বৰ সহজভাৱেই কৰি গৈছে সৃষ্টিৰ বহুমুখী চৰ্যা৷ যুগনায়কৰ দৰেই নেতৃত্ব দিছে সি এটা প্ৰজন্মক৷ লাগ বুলিলেই কাষ চাপি গৈছে দুৰ্গতৰ৷ বিচাৰিলেই ত্ৰাণকৰ্তা হৈ থিয় দিছে আৰ্তজনৰ কাষৰত৷ বিভেদৰ সকলো দেৱাল জৰজৰকৈ খহি পৰে চিত্ৰভানুৰ উদাৰতাৰ আঘাতত৷

বিৰল প্ৰতিভা লৈ ওপজিছে সি৷ বিস্ময়কৰ বালক! অদ্ভুত বালক! ঠিক শংকৰদেৱৰ দৰে৷ ঠিক ৰাভাদেৱৰ দৰে৷ আস! ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ দৰে৷ চিত্ৰভানুক পাই দুখুনী অসমীৰ ৰিক্ত কোলা পুনৰ ধন্য হৈছে৷

চিত্ৰভানুক লৈ আঁভজা মানুহবোৰৰ আঁভজা বিশ্লেষণ এয়া৷ তেওঁলোকে ভেন গঘৰ চিত্ৰৰ নীলা ভাঁজবোৰ নেদেখে৷ বিথোভেনৰ আঙুলিৰ কঁপনিবোৰৰ প্ৰতিও তেওঁলোকৰ কোনো আগ্ৰহ নাই৷ তেওঁলোকে কেৱল চিত্ৰভানুক জানে৷ আৰু চিত্ৰভানুই জানে শিল্পক৷ সুন্দৰক৷ নিজক তিল তিলকৈ গঢ়ি, বিন্দু বিন্দুকৈ খহাই থকাৰ আখৰাত লীন হৈ পৰিব জানে সি৷ ইহজগতৰ সমান্তৰালভাৱে চিত্ৰভানুৱে সাজি লয়  নিজা এখন পৃথিৱী৷

“দাদা, উচ্ছেদ চলিছে৷ বুলডজাৰে মহতিয়াই পেলাইছে ঘেঁহুৰ পথাৰবোৰ৷ গছ-গছনিবোৰ৷ কৃষকৰ জুপুৰীবোৰ৷ আকাশৰ নীলাবোৰ৷ শিশুৰ কলৰৱবোৰ৷ চৰাইৰ কাকলিবোৰ৷ সহায় কৰক দাদা৷ সহায় কৰক৷”

“মই কিদৰে সহায় কৰিম বন্ধু? মইতো আৰু ৰজা নহয়৷” - এয়া চিত্ৰভানুৰ অসহায় আত্মসমৰ্পণ৷

টুং টং টাং টাং৷

চিত্ৰভানুৰ মগজৰ তাঁৰবোৰত বাজি উঠে ৰুদ্ৰবীণাৰ সুৰ এটা৷ পুনৰ নাচি উঠে এটি উজাগৰী ৰাতি৷ কণ্ঠ দেই পুৰি নিয়া এপিয়লা ৰঙীন গৰল৷ অসহায় মানুহবোৰৰ কাতৰ চাৱনিবোৰ আৰু সামান্য কৰুণাৰ বাবে আগবাঢ়ি অহা উদং হাতবোৰ৷ সকলো সামৰি আজি ৰাতি চিত্ৰভানু এটা গীত হৈ পৰিব৷ নতুবা এখন ছবি৷

বাঃ বাঃ!

ৰাইজৰ জাউৰিয়ে জাউৰিয়ে হাতচাপৰি৷ দাদাৰ তুলনা নাই৷ দাদা আকৌ এবাৰ চুপাৰহিট৷

“হামচৈয়াৰ জীৱনলৈ বিপদ নামিছে৷ চৰকাৰে বহিৰাগত বণিয়াক ৰঙা দলিচা পাৰি আদৰিছে৷ জাতি-মাটি-ভেটি- অৰ্থনীতি সকলো এতিয়া বহিৰাগতৰ হাতত৷ ভূমিপুত্ৰৰ ভাগত হা-হুতাশা আৰু সংগ্ৰামখিনিহে পৰিছে৷”

“দাদা ঐ৷ কিবা এটা কোৱা৷ নহ’লেবা গীত এটিকে গোৱাঁ৷

এটি গীত৷ খিলঞ্জীয়াৰ বাবে৷ থলুৱা বাদ্যযন্ত্ৰৰে৷ মাটিৰ গোন্ধ, ৰস,প্ৰাণ থকা শব্দৰে৷”

নিশ্চয়৷ নিশ্চয়৷

“পিছে পাহাৰ, পথাৰ, বিল, নৈ সকলো উন্নয়নৰ পকনীয়াত পৰি নোহোৱা হৈ থাকিল দেখোন৷ কিন্তু উন্নয়নৰ এই বিশাল আয়োজন কাৰ বাবে? মুষ্টিমেয় ধনিক শ্ৰেণীৰ বাবে?

এশ টকা এটাৰ মুখ নেদেখা সৰ্বসাধাৰণৰ মূৰে মূৰে এতিয়া চৰকাৰে লোৱা লাখটকীয়া ঋণৰ বোজা৷” - লাওলোৱা কবিয়ে ৰিস্ক লৈ ৰাজহুৱাকৈ আস্ফালন কৰি কোৱা কথা এইবোৰ৷

হওঁতে হয় কথাবোৰ৷ কিন্তু আমাকতো ফৰলেনো লাগিব৷ উৰণীয়া সেঁতুও লাগিব৷ অত্যাধুনিক বিমান বন্দৰো লাগিব৷ কৌটিপতিৰ ল’ৰা-ছোৱালীয়ে নহ’লে কিদৰেনো অহা-যোৱা কৰিব গাড়ীৰ চকা লাগি লাগি ধৰা গুবৰুৱা বাটেৰে? মাটিত ভৰি নৰখা ল’ৰা-ছোৱালীবোৰৰ বাবে আকাশেদি উৰি ফুৰিব পৰা সুচলতাবোৰ মাক-বাপেকেইতো কৰি থ’ব লাগিব৷

 “তোমালোকে সন্মিলিতভাৱে বিৰোধ নকৰাঁ কিয় বন্ধু?” - চিত্ৰভানুৱে সোধে৷

“হাঃ হাঃ দাদা৷ সাধাৰণ মানুহ কেতিয়াও সন্মিলিত নহয়৷ সাধাৰণ মানুহবোৰ খুচুৰা পইচাৰ দৰে৷ লগ লাগিলেই জনজনকৈ বাজি উঠে৷ তাতে আৰু ৰাজদ্ৰোহ এতিয়া মাত্ৰ অপৰাধেই নহয়, পাপ৷ মহাপাপ৷ মহাপাপৰ মহাদণ্ড ভূগিবলৈ কোনোবা সাজু থাকিব নালাগিব জানো দাদা? কথাতে কয়, মৰাক মাৰিবলৈ সহজ৷ কিন্তু মৰাবোৰে দেখোন মৰিব নোখোজে৷ গতিকে দাদা আপুনিয়ে কিবা এটা...৷”

চিত্ৰভানুৰ মৃত্যুভয় নাই৷ শিল্পীৰ মৃত্যু নহয়৷ চিত্ৰভানুৰ দণ্ড নহয়৷ চিত্ৰভানুৰ পিছত বিৰাট জনসমৰ্থন আছে৷ কৌটি কৌটি মানুহৰ মৰম আৰু আশীৰ্বাদ আছে৷ ৰজাই পাঙে, চিত্ৰভানুৰ মৰমৰ পুঁজিটো দাংকোলাকৈ আনি সময়ত ‘জনমত’ গঢ়িব পাৰিব লাগিব৷ জনতাতন্ত্ৰৰ মহাভাওনা কৰিব পাৰিব লাগিব৷

“দাদা, সংখ্যালঘুৰ দৰদ বুজা মানুহ দেশত লাহে লাহে নাইকিয়া হৈছে৷ উলুৰ লগত বগৰী পুৰি মাৰিছে দাদা৷ ধৰ্ম চাই চাই দেশীক বিদেশী সাজিছে৷ নিৰপৰাধীক অপৰাধী সাজিছে৷ অল্প দোষত গুৰু শাস্তি দিছে৷ তেওঁলোকৰ হৈ মতা মাতবোৰো বন্ধ কৰি দিয়া হৈছে৷ কেতিয়াবা ধৰ্মৰ দোহাই দি৷ কেতিয়াবা দেশদ্ৰোহিতাৰ অপবাদ দি৷”

চিত্ৰভানু চিৎকাৰ কৰি উঠে৷

“মিছা কথা৷ মোৰ গীত, ছবি, নাট, কবিতা সকলোতে দেখোন মানবৰ মুক্তিৰ কথাহে কোৱা হৈছে৷ শব্দ, ৰং তুলিকাৰে জগতৰ সমস্ত পংকিলতা ধুই সুন্দৰৰ আলি বন্ধাৰ সপোনহে অঁকা হৈছে৷ তেন্তে সৰ্বত্ৰে কিয় ইমান অসুন্দৰৰ বতৰা? শোষণ, তোষণ, হত্যা, ধৰ্ষণ, অন্যায়-দুৰ্নীতি, হিংসা-স্বজনপ্ৰীতি? কি হৈছে এইবোৰ? মোৰ উজাগৰী ৰাতিবোৰে কিয় আনিব নোৱাৰিলে নতুন প্ৰভাত? মোৰ সৃষ্টিৰ বৰষুণে নুমুৱাব নোৱাৰিলে কিয় মোলাই কাঠনিৰ জুই?”

চিত্ৰভানুৱে নিজৰেই মূৰটো খামোচ মাৰি ধৰে৷

“তুমিয়েই শেষ আশা দাদা৷ ৰাইজে তোমাক বিচাৰে৷” - ভিৰৰ মাজৰপৰা কৈ উঠে কোনোবাই৷

“কিন্তু মইতো ৰজা নহয়৷ মই শিল্পীহে৷”

“শংকৰদেৱো ৰজা নাছিল৷ কিন্তু তেৰায়ে যুঁজিছিল এখন সাম্যৰ যুঁজ৷ নতুন সমাজ গঢ়াৰ বাবে, নতুন ধৰ্মমত প্ৰতিষ্ঠাৰ বাবে শংকৰদেৱেও সময়ত ৰজাৰ নীতিৰ বিৰোধিতা কৰিছিল৷

আৰু বিষ্ণু ৰাভা? শিল্পী বিষ্ণুৰাভাও কবিতাৰ কোনোবা এটা ৰাতি বিপ্লৱী হৈ পৰিছিল৷ সাম্যৰ নীতি প্ৰতিষ্ঠাৰ বাবে তেওঁ  কিমানবাৰ যে ৰাজৰোষত পৰিছিল৷ সেই ৰোষৰ অন্ত আজিও জানো পৰিছে?

ন সমাজৰ ছবি অঁকা ৰূপৰ কোঁৱৰে দেখোন ব্ৰিটিছ বিৰোধী আন্দোলনৰ গুৰি ধৰিছিল৷ মুক্তি বাহিনী গঢ়ি সংগ্ৰামী সত্তাবোৰক সন্মুখ নেতৃত্ব দিছিল৷

সাধাৰণক বাদ দি সাম্য নহয়৷ সাম্যক বাদ দি সমাজ নহয়৷ সমাজক বাদ দি সংস্কৃতি নহয়, সৃষ্টি নহয়৷

ভূপেনদাই সেয়েহে গাই গ’ল- মানুহৰ গান৷ জুবিনে নিজকে উছৰ্গা কৰিলে-মানুহৰেই বাবে৷ তেন্তে চিত্ৰভানু, তুমিনো কিয় ৰৈ আছা সৃষ্টিৰ শিপাত প্ৰোথিত স্থিতপ্ৰজ্ঞ হৈ?”

 

চিত্ৰভানুৱে কথা পাতে নিজৰ সৈতে৷

“কেৱল শিল্পীসকলৰ ওপৰতেই মানুহৰ ইমান আশা কিয়? সমাজৰ প্ৰকৃত ৰূপকাৰতো ৰজা ! ৰজাহে প্ৰজাৰ অভিভাৱক৷ ৰজাহে দেশৰ মানুহৰ সকলো যন্ত্ৰণাৰ উপাচাৰ৷ শিল্পীসকল মাথোন ৰাজ দৰবাৰৰ শোভাকাৰহে৷”

চিত্ৰভানুৰ ভাববোৰে বাট হেৰুৱাই ঘুৰ্মুটিয়াই ফুৰে৷

নিঃকিন শিল্পীসকলে কিনো দিব জনতাক? কি যে দুৰৱস্থা প্ৰান্তীয় শিল্পীসমাজৰ! কেউপিনে দেখিবা অভাৱ-অনাটনত ভোগা শিল্পী৷ অনাদৰত ভোগা শিল্পী৷ বিস্মৃতিত বিলীন হোৱা শিল্পী৷ আত্মঘাতী হোৱা শিল্পী৷ নিৰুদ্দেশ হোৱা শিল্পী৷ বিশ্বাস আৰু সৰলতাৰ চৰম কুফল পাই থোৱা শিল্পী৷

উফ!

চিত্ৰভানুৱে দীঘলীয়াকৈ হুমুনিয়াহ এটা কাঢ়ে৷

“হে গুণমুগ্ধ! হে ৰূপমুগ্ধ৷ মোৰ প্ৰতিভাৰ কৰ্ষণেৰে জাতিটোৰ বাবে যি পাৰোঁ কৰিলোঁ৷ ৰাইজেও বিনিময়ত হিয়া উজাৰি আমাক মৰমেৰে সিঁচিলে৷ সেই মৰমৰ প্ৰতি থকা দায়বদ্ধতাৰে সুধিছোঁ বন্ধু৷ কোৱাচোন, মই কি কৰিব পাৰোঁ পৃথিৱীৰ অসুন্দৰতাবোৰ আঁতৰাবৰ বাবে?” - চিত্ৰভানুৱে সমৰ্পিত ভাৱেৰে ৰাইজক উদ্দেশ্যি কৈ উঠে৷

“তুমি ৰজা হোৱা দাদা৷তুমি ৰজা হোৱা৷”

সমস্বৰে বাজি উঠে সেই একেই আকুতি৷

“কিন্তু মই শিল্পীহে৷”

“তুমি শিল্পী৷ তুমি ৰূপকাৰ৷ অসুন্দৰৰ বিৰুদ্ধে তোমাৰ আজন্ম বিদ্ৰোহ৷ তুমিয়েই বিভেদৰ পৃথিৱীখনলৈ সাম্যৰ নৈখন বোৱাই আনিব পাৰিবা৷ তুমি তোমাৰ মৰমজ্যোতিৰে জগত পোহৰাব পাৰিবা৷”

দুৰ্গতৰ হেজাৰ আব্দাৰ৷ অথচ চিত্ৰভানু যে এজনেই৷ শিল্পীৰ জীৱনৰো শেষ আছে৷ কিন্তু জনতাৰ সপোনৰ শেষ নাই৷ যুগনায়কে আধাতে এৰি যোৱা সাম্যৰ মশালটো ধৰিবলৈ কোনোবাই যে আগুৱাই আহিবই লাগিব৷

চিত্ৰভানু এখুজি দুখুজিকৈ ওলাই আহে সৃষ্টিৰ মেৰঘৰৰ পৰা৷

সন্মুখত তাৰ এক বিৰাট জনসমুদ্ৰ৷ প্ৰত্যেকৰে চকুৱে চকুৱে একোগছি আশাৰ চাকি৷

সকলোৰে বিশ্বাস-এতিয়া জগত পোহৰ হ’ব৷ ৰূপকাৰে হাত দিলেই সুন্দৰৰ জয় হ’ব৷ সত্যৰ জয় হ’ব৷ শিৱৰ জয় হ’ব৷

“তুমি ৰজা হোৱা চিত্ৰভানু৷ তুমি ৰজা হোৱা৷”

চিত্ৰভানু ৰজা হয়৷ নিঃস্ব ৰজা৷ অথচ দুৰ্গতৰ জীৱনবোৰ পাৰশ কাঠীৰে স্বৰ্ণালী কৰি গৈ থাকে সি৷ নিজক তিল তিলকৈ গঢ়ি, বিন্দু বিন্দুকৈ খহাই আঁকি যায় চিত্ৰপটত সুন্দৰৰ ছবি৷ গাই যায় মানবতাৰ গান৷ বিভেদহীন, সাম্যৰ বীজ সিঁচি নদন-বদন কৰি তোলে পূৰ্বৰ সেই ৰিক্ত, তিক্ত পৃথিৱী৷

চিত্ৰভানু এতিয়া এজন বিপ্লৱী শিল্পী৷ নিঃস্বজনৰ প্ৰাণৰ একছত্ৰী ৰজা৷

কিন্তু এন্ধাৰে কিদৰে সহে জ্যোতিৰ বিজয়োল্লাস! সাম্য এটি সপোন মাত্ৰ৷ এটি ইউটোপিয়ান ধাৰণা৷ ক্ষণিকৰ বাবে মন-প্ৰাণ যোগোৱা এটি গীত বা এখন ছবি৷ যি বাস্তৱ নহয়৷ চিৰস্থায়ী নহয়৷ শুভবোধৰ সাময়িক চেতনাস্ৰোতক চিৰদিন প্ৰৱাহিত কৰি ৰাখিব নোৱাৰি৷ অথচ বিভেদ সত্য৷ অলংঘ্য৷ আদিমতা সত্য৷ বিবৰ্তনৰ নিয়মৰ উৰ্ধৰ সত্য৷ শিক্ষা আৰু সংস্কাৰেৰে ৰুধিব নোৱাৰা অপ্ৰিয় সত্য৷ কি ঠিক, এই বন্যতায়েই হয়তো সুন্দৰক অৰ্থ দিয়ে৷

অন্ধকাৰে প্ৰভাতক অৰ্থ দিয়াৰ দৰে!

চিত্ৰভানু হাৰি যায় অসুন্দৰৰ উদ্ভট যুক্তিত৷ বিশ্বাসহীনতা আৰু বন্যতাৰ সমুদ্ৰত ওপঙি ৰয় তাৰ নিথৰ দেহ৷ সুন্দৰৰ সপোন, বন্যতাৰ আক্ৰমণ আৰু দুৰ্গতৰ প্ৰত্যাশাই গঢ়া বাৰ্মুদা ত্ৰায়েংগলটোত হেৰাই যায় চিত্ৰভানু৷

সুন্দৰৰ মৃত্যুত স্তব্ধ হৈ পৰে আকাশ, বতাহ, গছ-লতা, চৰাই-চিৰিকটি...সকলো৷

শিল্পীবিহীন পৃথিৱী যেন প্ৰাণহীন এক স্থিৰ ছবি!

অসহ্যকৰ!

চিত্ৰভানুৰ অকাল মৃত্যু অসহনীয়৷

প্ৰাণৰ শিল্পীগৰাকীক ৰাইজে বিদায় জনাবলৈ বৰ কষ্ট পায়৷

এদিন

দুদিন

তিনিদিন...৷

কফিনত বন্ধ সুন্দৰ কোঁৱৰৰ গাৰ মঙহ উৱলি যায়৷সুগন্ধি চন্দনে ৰুধিব নোৱাৰে পোৰা মঙহৰ গোন্ধ৷

উৎকট!

এয়া চিত্ৰভানুৰ গোন্ধ হ’ব নোৱাৰে৷

সময় আগুৱাই যায়৷ আৱেগবোৰ সোঁৱৰণী হয়৷ পৃথিৱীৰ নিৰ্মম সত্যবোৰে ছল পাই মূৰ দাঙি উঠে৷ বন্যতা, আদিমতা, বৰ্বৰতা,ঘৃণা, হিংসা, বিভেদকামিতা...! অসহায় মানুহবোৰে আকৌ ইজনে-সিজনক সোধে-

ক’ত আছে হেৰ’ মানবতা?

উত্তৰ দিবলৈ চিত্ৰভানু উভতি নাহে৷ মানুহে ঠোঁট মুখ মচি ৰৈ থাকে ৰূপকাৰৰ পুনৰ জনমলৈ৷ কিন্তু কৌটি কৌটি মানুহৰ মাজৰপৰা সাহ কৰি ওলাই নাহে এজন ৰূপকাৰ৷

পিছে অপেক্ষাবোৰ মৰাসু্ঁতি হৈ পৰাৰ আগতে পুনৰ এজাক বৰষুণ নামি আহে৷ শতিকাৰ শেষত পুনৰ এদিন এজন ৰূপকাৰৰ জন্ম হয়৷ মানুহবোৰৰ মনত আশাৰ সঞ্চাৰ হয়৷

“আঁতৰিব অমানিশা

বধিব ৰাৱণ৷”

নিজক তিল তিলকৈ গঢ়ি, বিন্দু বিন্দুকৈ খহাই ৰূপকাৰে পুনৰ গাই যায় সুন্দৰতা আৰু সাম্যৰ জয়গান৷ সাধাৰণ মানুহবোৰ আশ্বস্ত হৈ পৰে৷ নিৰাপদ অনুভৱ কৰে৷

সময়ে বাগৰ সলায়৷ ৰূপকাৰৰ জীৱন বেলি লহিয়ায়৷ যুগৰ বুকুত পুনৰ খোদিত হৈ ৰয় এজন ৰূপকাৰৰ আত্মকথা৷

সমাপ্ত

 

ভ্ৰাম্যভাষ -৯১০১৭৫২৯৪২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ