জিণ্টু দত্ত
বাটটো তেনেকৈয়ে পৰি থাকে৷
নিমাতে-নিতালে, নিৰ্জন-নিস্তব্ধ হৈ৷ আলকতৰা দি মসৃণ হৈ থকা বাটটো ক’লা সৰীসৃপ এটাই গাটো ভাঁজ লৈ পৰি থকাৰ দৰে নিৰৱে থৰ হৈ যেন পৰি থাকে৷ সেই তেনেদৰেই নিঃশব্দে পৰি থাকোঁতে নিজান দুপৰীয়া এটাত ক’ৰবাৰ পৰা অহা হেঁটুলুকা নে হুদুৰ মাতে বাটটোৰ নিস্তব্ধতাক দুগুণে বঢ়াই তোলে৷
বাটটোৰ দুয়োকাষে চাহ বাগিচা৷ বাগিচাৰ মাজে মাজে শিৰীষ, মাজে মাজে কদম, দূৰে দূৰে দুজোপামান কৃষ্ণচূড়াৰো গছ৷ বাগিচাখন সমান নহয়৷ ক্ৰমান্বয়ে ওপৰৰ পৰা তললৈ হেলনীয়া৷ সেই হেলনীয়া চাহ বাগানৰ বিস্তীৰ্ণ সেউজীয়াত শিৰীষৰ ছাঁ, নহলে কৃষ্ণচূড়াৰ ছাঁ পৰি বৰ মনোমোহা দৃশ্যৰ সৃষ্টি কৰে৷ দীনেশে কোৱাৰ দৰে সিহঁতৰ এই বাগানখন বোলে দাৰ্জিলিঙৰ বাগানবোৰৰ দৰে-পাহাৰীয়া এঢলীয়া আৰু ধুনীয়া৷ হ’বও পাৰে, ইউনিয়নৰ ছেক্ৰেটাৰী পদত থকা মানুহ দীনেশ৷ দুই-চাৰি জেগা দেখা মানুহ- তাৰ কথাত সত্যতা থাকিবও পাৰে৷ বসন্ত কালত সেউজীয়া হৈ মনোমোহা ৰূপ লোৱা বাগানখন খৰালি শুকান হৈ থাকে৷ কলম দি খৰ্বকায় কৰি পেলোৱা লঠঙা চাহপাতৰ গছবোৰৰ মাজেৰে এক ধূলিময়, ধূসৰ ৰূপ ধাৰণ কৰে বাগানখনে৷ অৱশ্যে ৰাতিপুৱা নিঁয়ৰৰ শুভ্ৰ চাদৰ এখন গায়ে-মূৰে লৈ থকা বাগানখনত মাজে মাজে শিৰিষৰ পাতৰ ফাঁকেৰে সৰি পৰা বেলিৰ জিলিঙনিয়ে সেই ঠৰঙা শীতকালিও এক বেলেগ ধৰণৰ নৈসৰ্গিক শোভা প্ৰদান কৰে৷
বাটটো সদায় তেনেকৈ নিৰ্জন হৈয়ে নাথাকে৷ বাগানৰ অলপ আতৰতে দীনেশহঁতৰ লেবাৰ লাইন৷ এক নম্বৰ, দুই নম্বৰ কৈ কেইবাটাও লাইন৷ সেই লাইনৰে কাৰোবাৰ কাৰোবাৰ ঘৰত কেতিয়াবা বিয়া হয়, কেতিয়াবা ডাঙৰকৈ কৰম পূজা হয়৷ সেই বিয়া, পূজাৰ হুলস্থুল আৰু উত্তেজনাৰ ভৰ এই বাটটোৱেও বহন কৰে৷ শেষবাৰৰ কাৰণে বাটটোত ভিৰ হৈছিল লচমীহঁতৰ বিয়াৰ দিনা৷ দেৱালীত মাৰোৱাৰী গুদামত থাকি যোৱা ব’ম-ফটকা ফুটুৱাই বাটটো সিদিনা কোলাহলত উটি-ভাহি আছিল, যেন দীৰ্ঘদিনীয়া একাকীত্বৰ যন্ত্ৰণাৰ উপশম ঘটাই বাটটো সিদিনা মুক্ত হৈছিল৷ লচমীহঁতৰ বিয়া মানে ঘৰৰ পৰা চাই-চিতি দিয়া বিয়া নহয়৷ বাটৰ দুকাষৰ বাগানৰ মাজত পাত তুলি থকা কেওকিছু নোহোৱা লচমীৰ মাগুৰ বৰণীয়া মুখখনত জিলিকি উঠা ৰঙচুৱা আভালৈ চাই চাই বুধুৱাই এদিন সুধিছিল- আমাৰ লগে যাবি? বুধুৱাৰো তেনেকৈ কোনো নাছিল একমাত্ৰ বুঢ়ী আইতাকজনীৰ বাহিৰে৷ গতিকে কলঘৰৰ মাইকী মহৰীৰ তলত কাম কৰা, বগা গেঞ্জীৰ মাজেৰে জিলিকি থকা বুধুৱাৰ কৰ্মঠ, কৃষ্ণ বৰণীয়া, পেশীবহুল শৰীৰটোৰ ফালে নজৰ দি লচমীয়ে আৰু বিশেষ ভাবি নাচালে৷ সিহঁত দুয়োটাৰে সিদ্ধান্তটো আটাইতকৈ ভাল পালে লাইনৰ মানুহখিনিয়ে৷ দুয়োটাৰে কেও কিছু নাই, গতিকে লাইনৰ সকলোৱে বিয়াখন নিজৰ বুলি ভাবি ল’লে৷ যিহেতু বিয়াখন নিজৰ বুলি সকলোৱে ভাবি ল’লেই গতিকে নিজৰ খুচীমতেই সকলোৱে কামো ভাগ কৰি ল’লে৷ সকলোৱে মিলি পতা বিয়াহে গতিকে ছোকড়া-ছোকড়ীৰ ঘৰলৈ ‘লগন’ দিবলৈ- ল’বলৈ যোৱাৰ কথাও নাহিল, গহনা গাঠৰি, ফাৰ্ণিচাৰ আৰু নীতি-নিয়মৰ হেঁচা-টেপাও নাথাকিল৷ বিয়াৰ দিনা কোনোবাই ভাল কাপোৰ এযোৰ আৰু দৰাই পিন্ধা জোতা এযোৰ বুধুৱাক পিন্ধোৱালে, দীনেশে তাৰ মটৰ চাইকেলত দৰাক তুলি ল’লে আৰু টাউনত কাম কৰা ৰূপেশহঁতে মাৰোৱাৰী গুদামৰ পৰা ব’ম-ফটকা লৈ আহিল৷ চম্পা, মীনাহতেঁ লচমীক বিয়াৰ দিনা ৰঙা আৰু সোণালী পাৰিৰ শাৰী এখনৰে আটকধুনীয়াকৈ সজাই-পৰাই তুলিলে আৰু জিতেনহঁতে সাজি লোৱা চৌকাত ৰন্ধা ছাগলী মাংস আৰু হাড়িয়া খাই খাই গুণাৰ মাক আৰু কুলাবুঢ়ীহঁতে জাত জাত বিয়ানাম গাবলৈ লাগিল৷ এসময়ত মটৰ চাইকেলত উঠি অহা দৰাই কইনাক মালা এডাল পিন্ধালে আৰু দৰাৰ বুঢ়ী আইতাকে লচমীৰ দুগালে দুটা চুমাও দিলে৷ সেই গোটেই ৰাতিটো মাদলৰ ছন্দোবদ্ধ শব্দ আৰু মীনাহঁতৰ ঝুমুৰৰ পায়েলৰ আৱাজত বাটটো সাৰে থাকিল, উছৱমুখৰ কোলাহলৰ প্ৰতিটো শব্দক বাটটোৱে যেন নিজৰ কৰি ললে৷
সেই বিয়া হৈ যোৱাৰ এক নে ডেৰ বছৰৰ পাছত বুধুৱা-লচমীৰ জীৱনলৈ আহিল মঞ্জু৷
মঞ্জুৰ জন্মৰ একৈছ দিনৰ পাছত বুধুৱাই দাড়ি-চুলি কাটিলে, এদিন অন্নপ্ৰাশন পাতি মঞ্জুৰ মুখত ভাত দিলে আৰু চুঁচৰি চুঁচৰি মঞ্জু এদিন ঘৰৰ বাহিৰলৈ ওলাই আহিল৷ লচমীহতৰ ঘন চুবুৰীত চুঁচৰি থকা কণমানি মৰমলগা কেঁচুৱাজনীক একোলা ল’বলৈ গোটেইখনে হেতা-ওপৰা কৰিলে, কোনোবাই টপককৈ কেঁচুৱাকণৰ ওলমি থকা গালত চুমা খালে আৰু কোনোবাই কপালত ডাঙৰকৈ ক’লা কাজলৰ ফোঁট এটা ঘঁহি দিলে৷ চুঁচৰি থকা মঞ্জুৱে এদিন থুপুক-থাপাককৈ খোজ কাঢ়ি ঘুৰি ফুৰিব পৰা হ’ল৷ লাইনৰ সকলোৰে ঘৰৰ আগে আগে পানী বৈ থকা নৰ্দমা৷ নৰ্দমাইদি কলঘৰৰ মলিন পানীৰ সৰবৰাহ আৰু মহ-মাখিৰে ভৰপূৰ অসংখ্য জাৱৰ-জোঁথৰ৷ কেতিয়াবা মঞ্জু নৰ্দমাৰ ফালে আগবাঢ়ি যায়, কিবা কামত ব্যস্ত থকা মাক লচমীয়ে দূৰৈৰ পৰা চিঞৰে- “হেই, সেইদিকে নাই যাবি ৰে, খালটাতে গিৰি গেলে কে ধৰব৷” পিছে কোনে ধৰিব বোলা লচমীৰ চিন্তাটো অমূলক৷ মঞ্জুক লৈ ফুৰিবলৈ সেই চুবুৰীটোত যেনেদৰে কোলাৰ অভাৱ নাই, মঞ্জু খালত পৰিলে পৰাৰ আগতেই হাত পাতি ধৰিবলৈ তেনেদৰে হাতৰো অভাৱ নাই৷ সকলোৰে আদৰ আৰু যত্নত দুখিলা সেউজীয়া পাতৰ মাজত প্ৰস্ফুতিত হৈ অহা চাহগছৰ কলিটোৰ দৰে মঞ্জু ডাঙৰ হৈ আহিব ধৰিলে৷ দিনবোৰ পাৰ হোৱাৰ সমানুপাতিকভাৱে বুধুৱাৰ আগৰ বল-শক্তি লাহে লাহে কমি আহিবলৈ ধৰিলে৷ এটা সময়ত পেশীবহুল আকৰ্ষণীয় শৰীৰৰ বুধুৱাৰ মাংসপেশী শুকাই ক্ষীণ হৈ আহিবলৈ ললে, গালে মুখে পকা দাঢ়ি ওলাল আৰু মহৰীৰ তলত কৰা কলঘৰৰ কাম বাদ দি বেছিভাগ সময়তে বুধুৱাই লৱণৰ ঘৰৰ চেৰাপঘাটিত বহি থাকিহে ভাল পোৱা হ’ল৷ চেৰাপ খাই আহিলে সি লচমীৰ গালি-গালাজক ভ্ৰুক্ষেপ নকৰে, লেলাউটি ওলাই থকা ওঁঠেৰে মিচিক-মিচিক কৰি সি মঞ্জুক ওচৰলৈ মাতে, কিন্তু তাৰ ৰঙা পৰি থকা চকু দেখি মঞ্জুৱে ভয় খায়, তাই বাপেকৰ ওচৰলৈ নাযায়৷
লচমীয়ে বুজি উঠিল ছোৱালীক পঢ়ুৱাই-শুনোৱাই মানুহ কৰাৰ দায়িত্ব তাইৰ মূৰৰ ওপৰত পৰিল৷ গতিকে তাই বেছি সময় নষ্ট নকৰি ওচৰৰ স্কুলখনতে মঞ্জুৰ নাম লগাই দিলে৷ স্কুলখনত বেছিভাগ সিহঁতৰ মানুহখিনিৰ ল’ৰা-ছোৱালী আৰু স্কুলৰ বাইদেউজনীও শুনামতে বৰ মৰমিয়াল৷ গতিকে লগৰ লগৰীয়াৰ লগত হাবিয়ে-বনে অমৰা গছৰ পৰা অমৰা পাৰি থকা মঞ্জু, চুবুৰীৰ বোধেশ্বৰ বুঢ়া দুপৰীয়া শুই থাকোঁতে মুখত ছাই সানি অঘাইটং কৰি থকা মঞ্জু এদিন দুফালে দুদাল বেণী গুঠি, বগা শ্বাৰ্ট এটা আৰু নীলা স্কাৰ্ট এটা পিন্ধি চুবুৰীৰ সকলোকে “বাই বাই” দি স্কুললৈ গ’ল৷ পিৰালিত থিয় হৈ পাত তোলা হোৰাটো নমাই থৈ মঞ্জু যোৱাৰ ফালে লচমীয়ে বহুদেৰিলৈ চাই ৰ’ল৷ আৰু এদিন সেই স্কুলৰ ওচৰৰে বৰ গছজোপাৰ শিপাত বহি বুধুৱাই শুনিলে- হয়, সেয়া মঞ্জুৱে স্কুলত নেওতা মাতিছে আৰু তাইক অনুসৰণ কৰি বাকীবোৰে সমস্বৰে চিঞৰিছে৷ চেৰাপৰ ৰাগী লাগি থকা বুধুৱাৰ মুখত হাঁহি এটা বিৰিঙিল৷
লাহে লাহে মঞ্জুৰ সেই অধিনায়কত্ব স্কুলতে নহয়, চুবুৰীটোতো বিয়পি পৰিল৷ ইফালে গ’লেও সকলোকে মঞ্জুক লাগে, সিফালে গ’লেও সকলোকে মঞ্জুক লাগে৷ কৰম পূজাৰ সময়ত সকলোৱে মিলি মঞ্জুক “কৰমতী” সাজিলে৷ নৈৰ পাৰলৈ গৈ মঞ্জু আৰু বেলেগ কৰমতীহঁতে “ঝাৱা” উঠালে, নৈৰ পাৰৰ পৰা তোলা বালিত মাহ মটৰকে ধৰি আৰু কিবাকিবি সিঁচি দিলে আৰু পূজাৰ দিনা দিনটো উপবাসে থকা অকণমানি মঞ্জুক কাহিনী বুঢ়াই কৰমৰ কাহিনী শুনাই থাকোঁতে লচমীৰ চকুকেইটা সেমেকিয়েই উঠিছিল- চেহ্ বেচেৰীজনীয়ে কম কষ্ট পাইছেনে এই ফুলকুমলীয়াতে৷ বাপেক বুধুৱাও চেৰাপৰে নিচাতে গৰগৰাই থাকিল- কি দৰকাৰ পৰিছে ইমান অকণমানিতে উপবাসে থাকিবলৈ৷ আনকি জীয়েক লঘোণে থকা সময়খিনিত বুধুৱাইও তেনেকৈ বিশেষ একো নাখালে- গোটেই দিনটো সি ইচাত-বিচাতকৈ কটালে৷ কিন্তু মঞ্জুৰ তেতিয়া সেইবোৰলৈ ভ্ৰুক্ষেপ নাই, মীনাহঁতৰ ঘৰৰ নতুনকৈ জগা ছাগলী পোৱালিজনীৰ দৰেই তাই দুভৰিত দুদাল পায়েল পিন্ধি দেও দি ফুৰিছে৷
কৰম পূজা, টুচু পূজাৰ
সমান্তৰালভাৱে আন বাগানীয়া মানুহৰ দৰেই সিহঁতৰ লাইনৰ মানুহৰো গা সাতখন আঠখন লাগে দূৰ্গাপূজাত৷
সিহঁতৰ বাগিচাৰ লগতে ওচৰে-পাজৰে থকা সকলো বাগিচাতে পতা দূৰ্গাপূজাৰ মূল আকৰ্ষণ হয় দিনত
বহা মেলাখন আৰু ৰাতি দেখুওৱা বাগান শ্ব’৷ মেলাখনত ওলোৱা হৰেক ৰকমৰ খাৰু, মণিৰ লগতে
ধান্দি মুন্দা আৰু তীৰ, লটাৰী খেলৰ প্ৰতিও বহুতৰে আগ্ৰহ৷ তাতে মেলাত ওলোৱা ৰামবদনৰ
দোকানৰ গৰম গৰম জিলাপী আৰু ৰাতি দেখুওৱা বাগান শ্ব’ৰটো কথাই নাই৷ এইবেলিৰ দুৰ্গা পূজালৈ
আৰু বেছিদিন নাই৷ আকাশত দেখা গৈছে পাতল ওপঙি থকা ডাৱৰ, নৈৰ পাৰত গজি উঠিছে কোমল হালি-জালি
থকা কঁহুৱা, কেওফালে বিৰাজমান হৈছে এক স্নিগ্ধ পৰিৱেশ৷ লচমীহঁতৰ গোটেই বাগান জুৰি ধোঁৱাৰ
দৰে কুঁৱলীবোৰ লাহে লাহে বিয়পি বাগানৰ ৰাতিপুৱাবোৰ বেছি মাদকতাময়
কৰি তুলিছে আৰু সকলোকে বাৰে বাৰে জনাই আছে যে পূজালৈ আৰু বেছিদিন নাই৷ পূজা বুলি আটাইতকৈ
ফূৰ্তি লাগিছে মঞ্জুৰ৷ কলঘৰৰ ওচৰত পতা পূজালৈ তাই প্ৰত্যেক বাৰেই যায়, বাগান শ্ব’ও
তাই দেউতাক বুধুৱাৰ কান্ধত উঠি দুবাৰমান চাইছে,
গতিকে সেইবোৰ তাইৰ কাৰণে নতুন কথা নহয়৷ তাইৰ কাৰণে ভাল লাগি থকাৰ কাৰণটো হল পূজাৰ পিছতে
সিহঁতৰ স্কুললৈ স্কুল ইন্সপেক্টৰ আহিব আৰু ইন্সপেক্টৰৰ আগত তাই ঝুমুৰ নাচিব৷ ইতিমধ্যে
তাই কূলাবুঢ়ীৰ পৰা ঝুমুৰ নাচৰ পাক শিকাৰ লগতে আলটা, গেন্দা ফুল সকলো গোটাইছে৷ এতিয়া
খালি বাকী আছেগৈ লাল পাড়িৰ বগা চাদৰখন৷ সিহঁতৰ কলঘৰৰ ওচৰত পূজাত বহা মেলাখনত ভাল চাদৰ
নোলায়৷ সেয়ে তাই বুধুৱাক খাটনি ধৰিছে বাগান পাৰ হৈ যিখন ডাঙৰ বজাৰ বহে তাৰ পৰা তাইলৈ
চাদৰখন কিনি আনিবলৈ৷ লাল পাড়িৰ বগা চাদৰ পিন্ধি ভৰিত আলটা, চুলিত গেন্দা ফুল মাৰি তাই
ইন্সপেক্টৰৰ আগত গাব-
....পাহাৰে পৰ্বতে লতা ফুল ফুটে থকা থকা/কেমন বান্ধিব চাইলেৰ খপা/তাই তোলে হইল এমন দশা...
পূজাৰ দিনা ৰাতিপুৱাই ঠিক হ’ল বুধুৱাই বাগান পাৰ হৈ বহা ডাঙৰ বজাৰৰ পৰা চাদৰ কিনি আনিব আৰু পাছবেলা মঞ্জুক লৈ কলঘৰৰ ওচৰৰ পূজা চাবলৈ যাব৷ ডাঙৰ বজাৰখন আচলতে সিহঁতৰ দৰেই ওচৰৰ পাজৰৰ আটাইকেইখন বাগানৰ প্ৰাণকেন্দ্ৰ৷ বজাৰখন তাত ডাঙৰ হয়, বিভিন্ন ৰকমৰ বেপাৰী গোট খায় তাত, হৰেক ৰকমৰ বস্তুও ওলায় তাত৷ ওচৰ পাজৰৰ কেওখন বাগানৰ মানুহখিনি মূলতঃ সপ্তাহত এবাৰ বহা সেই ডাঙৰ বজাৰ খনলৈ যায় বিভিন্ন কাপোৰ কানিৰ বজাৰ কৰিবলৈ৷ পূজাও তাত ডাঙৰকৈ পতা হয়, বহুত বেছি ভিৰ হয়৷
ৰাতিপুৱাই যোৱা দেউতাক দুপৰীয়ালৈকে নহা দেখি মঞ্জু চিন্তাত পৰিল৷ বোধহয় বাপেক বজাৰতে ক’ৰবাত দেশী চুলাইৰ ঘাটীত বহিল৷ আগে-পাছেও তেনেকৈ বজাৰলৈ গলে বুধুৱা গধুলিহে থৰক-বৰককৈ চাইকেল ঠেলি ঠেলি আনি ঘৰ সোমাইহি৷ এসময়ত মঞ্জু নিজেই বজাৰখনলৈ যাবলৈ ঠিক কৰিলে৷ মাক লচমীয়ে পোনছাতেই না কৰি উঠিল- ‘ইতনা দূৰ বজাৰ কি ৰকম যাবি ৰে!’ বাগানৰ ইমান দূৰ ৰাস্তা পাৰ হৈ! তাতে বতৰো ডাৱৰীয়া কৰি আহিছে৷
কিন্তু মঞ্জু নাচোৰবান্দা৷ তাইৰ মতে তাই ক্লাছ ফাইভত পঢ়িছে আৰু তাই মুঠেও সৰু নহয়৷ তদুপৰি তাইৰ লাল পাড়িৰ চাদৰখন যে ইমান চাবলৈ মন গৈছে৷ বাপেকে চেৰাপৰ নিচাত ভাল চাদৰ আনিব নোৱাৰিবও পাৰে৷ চাদৰখন যদি ভাল নহয়, স্কুলৰ প্ৰগেমত তাই সকলোৰে আগত কম লাজ পাব নে? আৰু মাকে ইমান চিন্তা কৰাৰো কোনো যুক্তি নাই৷ দুদিনমানৰ আগতে তাই স্কুলৰ পৰাও ৰশ্মিহঁতৰ লগত এবাৰ গৈ আহিছে বজাৰৰ পৰা৷ লচমীয়ে চিঞৰি থাকিল-দৰকাৰ নাই ৰে তোৰ ইমান দূৰ যাব৷ কিন্তু তাই লচমীৰ কথা ক’ত শুনিব৷ দুফালে দুদাল বেণী গুঠি মাকক জিভাখন দেখুৱাই দূৰৰ পৰা বাই বাই দি মঞ্জু দেও দি দেও দি নাচি থকাৰ দৰেই দৌৰি দৌৰি বজাৰলৈ বুলি ওলাল৷
পিৰালি মচি থকা লচমীয়ে মঞ্জু যোৱাৰ ফালে একেথিৰে চাই ৰ’ল৷একদম কথা নুশুনা হৈছে এই মঞ্জুৱে-লচমীয়ে ভাবিলে মনতে৷ লচমীৰ ভয় লাগে বাগানত মাজে মাজে বাঘ ওলায় বুলি তাই শুনি থাকে৷ সিদিনা বোলে পাত তুলি থাকোঁতে মীনাহঁতেও কিবা আচহুৱা গোন্ধ পাইছিল৷ তাতে বজাৰ যাবগৈ লাগিব বাগানৰ ৰাস্তা পাৰ হৈ৷
বাগানৰ ৰাস্তা মানে সেই বাট যি বাট নিৰ্জন নিস্তব্ধ হৈ থাকে, ভৰ দুপৰীয়া কেতিয়াবা ক’ৰবাৰ পৰা অহা হুদু নে হেঁটুলুকাৰ মাতে সেই নিস্তব্ধতাক বঢ়াই তোলে৷
ঠিক বাঘ নহয়, কিন্তু দুটা নৰখাদক সেইদিনাখন সেই বাটেদিয়েই চাইকেলত উঠি আহি আছিল৷ সিহঁতৰ চাইকেলৰ কেৰিয়াৰত বজাৰৰ পৰা খালি হৈ অহা মোনা, কোনোবা এটাৰ কেৰিয়াৰত দুদালমান ৰচী, মুখত হিন্দী গীতৰ কলি আৰু ভাঙৰ নিচাত মুদ খাই অহা চকু৷
বগা ফুটফুটীয়া ফ্ৰক পিন্ধা মৰমলগা মুখৰ আপোনমনে গান গাই বিপৰীত দিশৰ পৰা অহা অকণমানি ছোৱালীজনীক সিহঁতে ওচৰলৈ মাতিলে৷ নাৰীৰ স্বাভাৱিক ভীতিগ্ৰস্ততাৰ বাবে মঞ্জুৱে প্ৰথমতে ইতঃস্তত কৰিলে৷ কিন্তু পিছত তাই আগবাঢ়ি গ’ল৷ মানুহ দুজনে কিবা চাগে সুধিব খুজিছে-অকণমানি ছোৱালীজনীয়ে মনতে ভাবিলে৷
নৰখাদক দুটাৰ এটাই
ছোৱালীজনীৰ হাতত ধৰি ঘন বাগানৰ ভিতৰলৈ চোঁচৰাই লৈ গ’ল৷
তেতিয়া সাঁজ লাগি
ভাগিছে৷ বাগানৰ চৌদিশে বিয়পি পৰিছে আন্ধাৰৰ পাতল আৱৰণ৷
মঞ্জুৱে চিঞৰিছিল৷
ক’ৰবাত বাজি থকা মাদলৰ শব্দ, ক’ৰবাত পূজাত বাজি থকা ঢাক ঢোলৰ শব্দৰ তুলনাত সেই চিঞৰ
দূৰ্বল, ক্ষীণ৷
সেই চিঞৰ লাহে লাহে
আৰ্তনাদলৈ পৰিৱৰ্তন হ’ল৷
আৰু সেই আৰ্তনাদ
পাছলৈ ৰূপান্তৰ হ’ল গেঙনিলৈ৷
ডাৱৰীয়া আকাশত ধকা
চমকাকৈ ওলোৱা জোনটোও তেতিয়া লাজত লুকাই পৰিছে৷ অদুৰত পূজাৰ আৰতীৰ শব্দ৷ মহিষমৰ্দিনীৰ
বেলবোধনৰ সময়৷ পুৰোহিতৰ মুখত নিনাদিত মন্ত্ৰপাঠ -যা দেৱী সৰ্বভূতেষু...
নৰখাদক দুটাই অকণমানি
শৰীৰটোক ছেদেলি ভেদেলি কৰিয়েই ক্ষান্ত নাথাকিল৷ বাগানৰ হোলাত পৰি থকা ইটাৰে মুখত মৰিয়াই
মৰিয়াই কণমানি দেহাটো প্ৰথমে
নিথৰ কৰি ললে আৰু পিছত ৰছীৰে ওচৰৰ কৃষ্ণচূড়াৰ ডাল এটাত ওলোমাই দিলে৷
সমগ্ৰ বাগিচা জুৰি তেতিয়া ভীষণ অবিশ্ৰান্ত বৰষুণ৷
বজাৰৰ পৰাই ঘুৰি অহা লাইনৰে কোনোবাই বাগিচাৰ ভিতৰত গছৰ ডাল এটা কেৰেক কেৰেককৈ থকা দেখি টৰ্চ মাৰি চালে৷ হাবিত লগা বনজুইৰ দৰে খবৰটো বিয়পি পৰিবলৈ মাত্ৰ কেইটামান মুহূৰ্ত লাগিল৷
হোলাত পৰি থকা তেজলগা বগা ফুটফুটীয়া ফ্ৰকটো দুহাতেৰে ধৰি আকাশখন ফাটি চিৰাচিৰ হৈ যোৱাকৈ এটা চিঞৰ মাৰিলে লচমীয়ে৷
ৰূপেশহঁতে গছৰ পৰা ডে’ডবডীটো নমালে৷ ইতিমধ্যে ঘটনাস্থলীত পুলিচ ভান আহিল৷ পুলিচে সকলোকে প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিলে৷ অলপ সময়ৰ পিছতে চাইৰেন বজাই অহা চৰকাৰী গাড়ীৰ পৰা চিকচিকীয়া বগা শ্বৰ্ট পিন্ধা চৰকাৰী বিষয়া এজন নামিল৷ তেখেত এই অঞ্চলৰ চক্ৰ বিষয়া৷ ৰঙা-বগা চেহেৰাৰ থাওকাল বিষয়াজনক কোনোবাই বহিবলৈ তাতে চকী এখন আনি দিলে৷ তেওঁ ডে’ডবডিটো পৰীক্ষা কৰিলে আৰু পুলিচৰ লগত কথা পতাত ব্যস্ত হ’ল৷ অলপ দেৰিৰ পাছত তেঁওক লগত লৈ অহা বহী নে কাগজত কিবা লিখা দেখা গ’ল৷
এই গোটেই সময়খিনিত চেৰাপঘাটিত সেইদিনা আবেলিটো পাৰ কৰা বুধুৱা নিশ্চুপ হৈ হোলাটোতে বহি থাকিল৷ আধা মৰা মানুহৰ দৰে, কটা কলগছ এডালৰ দৰে পৰি থকা লচমীৰ চকুৱে মুখে কোনোবাই পানী দি থাকিল, কোনোবাই বিচনী এখনেৰে বিচি থাকিল৷ গোট বাগানখনতে তেতিয়া প্ৰায় সকলোৰে মুখত উচুপনিৰ শব্দ৷
এটা সময়ত বিষয়াজন যাবলৈ ওলাল৷ ডে’ডবডি মৰ্গলৈ নিয়াৰ ব্যৱস্থা হ’ল৷ ঠিক হ’ল ৰূপেশহঁত যাব বডিৰ লগত৷ লচমীক মীনাহঁতে টানি টানি ঘৰলৈ লৈ আহিল৷ ‘হামি মঞ্জুকে ছাড়ে নাই যাব ৰে’ বুলি চিঞৰত গগণ ফালি লচমী তাৰ পৰা যাব নুখুজিলে, কিন্তু মীনাহঁতে তাইক যেনে তেনে লৈ আহিল ঘৰলৈ৷ লৈ আহোঁতে কোনোবা এবাৰ লচমীৰ দুয়োটা ভৰি মাটিত চুঁচৰি আহিল৷ পিছে পিছে জন্মান্তৰৰ নীৰৱতা মুখত লৈ বুধুৱা৷ বৰষুণৰ পাছত বাগিচাত তেতিয়া শীতল বতাহ এজাক ইমূৰৰ পৰা সিমূৰলৈ বিয়পি আছে, সেউজীয়া পাতৰ পৰা ৰৈ যোৱা বৰষুণৰ পানী এটোপ দুটোপকৈ পৰি আছে৷
ঘৰ পোৱাৰ খন্তেক পাছতে আকৌ গাড়ী এখন আহি লচমীহঁতৰ চোতালত ৰ’লহি৷ শকত আৱত মানুহ এজন, স্মাৰ্ট সপ্ৰতিভ চাৰ্ট-পেণ্ট পিন্ধা ছোৱালী এজনী আৰু দুজনমান ডেকা গপগপকৈ নামি অহা দেখা গ’ল৷ তেওঁলোক নিউজ চেনেলৰ পৰা আহিছে৷ উত্তপ্ত হৈ অহা খবৰটো তেওঁলোকে নিউজ কৰিব৷ দলটোৰ লগত অহা কোনোবাই লচমীহঁতৰ চোতালত একেলগে কেইবাটাও লাইট জ্বলাই দিলে৷ গোটেই জীৱনটো কোমল অন্ধকাৰত ৰাতি পাৰ কৰা লচমীয়ে প্ৰথমবাৰৰ বাবে পোহৰৰ তীব্ৰতা অনুভৱ কৰিলে৷
সেই উজ্জ্বল পোহৰত
বগা শ্বাৰ্ট-পেণ্ট পিন্ধা ছোৱালীজনীয়ে লচমীৰ মুখত মাইক্ৰ’ফোনটো দি সুধিলে হৈ যোৱা ঘটনাটোৰ
বিষয়ে৷
প্ৰায় অৰ্ধ উন্মিলীত চকুৰে লচমীয়ে এবাৰ প্ৰশ্নকৰ্তালৈ চালে৷ সেই চাৱনিত হাজাৰটা প্ৰশ্নৰ ধুমুহা আছিল হ’ব পায়, প্ৰশ্নকৰ্তাই চকু নমাই লচমীক তাতে এৰি বেলেগক প্ৰশ্ন সোধাত লাগিল৷
মাজতে এবাৰ দীনেশে
আহি খুব চিঞৰি চিঞৰি নিউজৰ আগত ক’বলৈ লাগিল যে এই অমানুষিক হত্যাৰ তদন্ত হ’বই লাগিব৷
এনেদৰে অকণমানি ছোৱালী এজনীৰ ওপৰত হোৱা ঘটনা সহজে এৰি দিয়া নহ’ব৷ নহ’লে সি ইউনিয়নৰ
ফালৰ পৰা জংগী আন্দোলন কৰাৰো
ভাবুকি দিলে৷ শকত-আৱত মানুহজনে দীনেশক মাজতে ৰখাই বাইটটো আকৌ ভালকৈ ল’বলৈ ক’লে৷ এইবেলি
মানুহজনে কেমেৰা লৈ থকা মানুহজনক কেমেৰাৰ এংগোলৰ ওপৰত কিবা এটা বুজাই থৈ আহিল৷
নিউজ চেনেলে বেলেগক
সুধি থাকোঁতেই দীনেশ আহি লচমীৰ ওচৰতে বহিল৷ সি জেপৰ পৰা ফোনটো উলিয়াই কাৰোবালৈ খুব
উত্তেজিত কণ্ঠে ফোন কৰি ক’বলৈ লাগিল যে সি ইউনিয়নৰ হৈ আচলতে খুব ডাঙৰ কাম এটা কৰিলে৷
ৰাজ্যখনৰ অন্যতম জনপ্ৰিয় নিউজ চেনেল এইটো৷ গতিকে তাৰ বক্তব্যৰ জৰিয়তে সিহঁতৰ ইউনিয়নৰ
যে এটা ভাল প্ৰচাৰ হ’ল সি ধুৰূপ৷ অলপদিন সি এই বিষয়টোৰ ওপৰত বেলেগ বেলেগ চেনেলটো ক’ব
বুলিও কাৰোবাক ক’লে৷
এটা সময়ত লাইট-চাইট অফ কৰি নিউজৰ মানুহখিনিয়ে বিদায় ল’লে৷ দীনেশহঁতৰো ৰাতিপুৱালৈ বোলে ঢেৰ কাম আছে, সিহঁতো গুচি গ’ল৷ মীনা অলপ দেৰি লচমীৰ ওচৰতে উচুপি উচুপি বহিল৷ এটা সময়ত তাইও ভিতৰলৈ গ’ল৷ বোধহয় তাইকো টোপনিয়ে হেঁচা মাৰি ধৰিছিল৷
দুটা প্ৰেতাত্মাৰ
দৰে সেই নীৰৱ ৰাতিটোত পিৰালিত নিশ্চুপ হৈ বহি থাকিল লচমী আৰু বুধুৱা৷
মাজৰাতি লচমী ধহমহকৈ
বহাৰ পৰা উঠিল৷ তাই বাগানলৈ যাব৷ অকণমানি মঞ্জুজনী তাত অকলে আছে৷ কেনেকৈ থাকিব ৰাতিটো
এই অকণমানিজনী তাত অকলশৰে? কোনোদিন মাকক অকলে এৰি শুব নোৱৰা ছোৱালীজনী... বুধুৱাই
লচমীক আগভেটি ধৰি হুকহুকাই কান্দি পেলালে৷ অদূৰত কলঘৰৰ ওচৰত পূজাৰ আৰতিৰ শব্দ৷ বোধহয়
সপ্তমী পূজাৰ আৰম্ভণিৰ আয়োজন চলিছে৷
পাছদিনাখন মৰ্গৰ
পৰা মঞ্জুৰ নিষ্প্ৰাণ দেহটো কাপোৰেৰে মেৰিয়াই আনি ৰূপেশহঁতে লচমীহঁতৰ
চোতালত থলেহি৷ কোনোবাই বাঁহ কাটি থকা ঘপ্ ঘপ্ শব্দ লচমী
বুধুৱাই শুনি থাকিল৷ লচমীয়ে অনুভৱ কৰিলে জোৰকৈ কান্দিবলৈও
যেন তাইৰ বুকুখনত শক্তিৰ অভাৱ হৈছে৷ কোনোবা সময়ত তাইৰ এনে লাগিল এয়া যেন এটা বেয়া সপোন
তাই দেখি আছে, অলপ দেৰিৰ পাছতে যেন সপোনটো ভাগিব আৰু মঞ্জুৱে ক’ৰবাৰ পৰা দৌৰি আহি তাইক
ডিঙিত ধৰি সুধিবহি- “এ মাই, হামাৰ বেণীটা গাঠি দিবি?”
তাই মুৰটো ঘুৰাই বুধুৱালৈ চালে- বেৰখনতে হেলান দি সি দুৱাৰখনেদি বাহিৰলৈ একেথৰে চাই
আছে৷ সেই দৃষ্টিত কোনো উৎসুকতা নাই, মৰা ঢেলা মাছৰ দৰে বগা চকুহাল পানীৰে ভৰ্তি হৈ
জলমলাই আছে৷.... এটা সময়ত মৃতদেহটোৰ সৈতে উপস্থিত থকা সকলো মানুহ শ্মশানলৈ
ওলাল৷ পখিলাৰ দৰে নাচি বাগি থকা ছোৱালীজনীৰ শৱদেহটো দাঙি থকা সকলোৰে চকুত চকুপানী ওলোৱা
দেখা গ’ল৷ আৰু এটা সময়ত খৰি দি উঠি শ্মশানৰ পৰা মানুহখিনি যেতিয়া ঘুৰি আহিবলৈ ল’লে
এঢলীয়া বাগানৰ এমুৰত অস্তগামী সুৰুয তেতিয়া লুকাবলৈ যো-জা কৰিছে৷
দিনবোৰ পাৰ হৈ গৈ থাকিল গতানুগতিকভাৱে৷ ইটোৰ পিছত সিটো নিউজ চেনেল আহি থাকিল, কোনোবা নিউজ এংকৰে উদাত্ত কণ্ঠে বাতৰি কৰি থাকিল, মীনাৰ ঘৰৰ টিভিত সকলোৱে দেখিলে নিউজত মঞ্জুৰ বিষয়টোক লৈ উত্তপ্ত তৰ্কাতৰ্কি চলিছে৷ স্কুলৰ ওচৰতে কোনোবাই এদিন সমদল এটাও উলিয়ালে৷ মাজতে আৰু দুবাৰমান পুলিচো আহিল৷ কোনোবাই ধৰ্ষণকাৰীৰ এনকাউণ্টাৰৰ দাবী কৰিলে৷ মঞ্জুৰ লগৰ ৰশ্মিহঁতে ম’বাইলত চাই চাই সকলোকে দেখুৱাই থাকিল কিদৰে ফে’চবুকত বিষয়টো লৈ গৰম আলোচনা চলি থাকিল৷ মাজতে বাগানৰ মাজে মাজে গধুলি জোঁৰ সমদল ওলাল-সকলোৱে একমুখে মঞ্জু হত্যাৰ বিচাৰ লাগে বুলি চিঞৰি সেই ম্লান গধুলিৰ চাহ বাগানৰ নিৰ্জনতা থান-বান কৰি তুলিলে৷
ইয়াৰ মাজতে এদিন
পূজা শেষ হ’ল৷ আকৌ নতুন কিবা পূজা পতাৰ সময় আহিল৷ চেনেলৰ বিতৰ্কৰ
বিষয় বেলেগ হ’ল৷ ধূলি উৰুৱাই পুলিচৰ গাড়ী আৰু নহা হ’ল৷ তিনি আলিয়ে চাৰি আলিয়ে ৰৈ ম’বাইলত
চাই থাকিব পৰাকৈ তপত বিষয় বেলেগ ওলাল৷ বাগিচাত নতুন সেউজীয়া পাত আৰু পাতৰ মাজত নতুন
কলিৰ কোঁহ ওলাল৷ এদিন মীনা, মামণিহঁত পাত তুলিবলৈ আগৰ দৰেই হোৰা লৈ ওলাই গ’ল৷
এই গোটেই কথাবোৰ
ভাবলেশহীনভাৱে, নিৰুত্তাপ, নিৰুদ্বেগভাৱে পিৰালিতে বহি লচমীয়ে চাই থকা
কৰিলে৷ মাজে মাজে কোনোবাই আহি লচমীক মাতেহি৷ কিনো খাইছে, কিনো কৰিছে সুধেহি৷ বহু দেৰিৰ
পাছত, সপোনৰ পৰা সাৰ পোৱা মানুহৰ দৰে লচমীয়ে মাত-বোল কৰা হ’ল৷
স্কুলঘৰৰ ওচৰতে থকা
বৰগছজোপাৰ শিপাতে বুধুৱা বেছিভাগ সময় বহি থাকিবলৈ ললে নিশ্চুপ হৈ৷ মাজে মাজে কোনো ক’তো
নহলে তাক অকলে উচুপি থকা দেখা গ’ল৷ মাজে মাজে বাগানৰ এঢলীয়া চুকটোৰ ফালে তন্ময় হৈ চাই
থকা তাক দেখা গ’ল৷
বাটটো আজিও সেই নীৰৱে
নিতালে পৰি থাকে৷ আলকতৰা দি মসৃণ কৰি ৰখা বাটটো ক’লা সৰীসৃপ এটাই গাটো ভাঁজ লগাই পৰি থকাৰ দৰে নিৰৱে
থৰ হৈ আজিও পৰি থাকে৷ সেই তেনেদৰেই নিঃশব্দে পৰি থাকোঁতে নিজান দুপৰীয়া এটাত
ক’ৰবাৰ পৰা অহা হেঁটুলুকা নে হুদুৰ মাতে বাটটোৰ নিস্তব্ধতাক দুগুণে বঢ়াই তোলে৷