মেঘালী দত্ত ঠাকুৰীয়া
“মোহন
ইস্কুল’ক নায! বিপিন মাষ্টৰে কৈছি ৰ’হ, তোৰ পঢ়াত মন নাই বুলে৷ কেৱল বেঞ্চত বহি
ঢোলৰ চাপাৰ মাৰি থাকা! তোক
লৈ মই কি কৰিম হা...কো.. চুন৷ পিতেৰেৰ অসুখ!
ইমান টাউনৰ ডাক্তাৰক দেখলু, ভাল হ’ৱাৰ নামে
নলে দেখুন...৷ বেমাৰেও খুটি পুটি ব’ইছি দে৷ মই কোন
ফালে চাম... হা...৷”
কাঁথিৰ
পৰাই মাকৰ কথা শুনি সেমেনা-সেমেনিকৈ মোহনে
ফলি-পুথি লৈ স্কুললৈ দৌৰ
দিলে৷ “সি কি কৰবো ! পঢ়াত সি ইমান যত্ন
কৰিও মনটো বৌহাবা নৰে৷ যি হৈ হ’ব যা..৷” সি মনতে
কথাখিনি ভোৰভোৰালে ৷ মোহনে
স্কুললৈ গৈ কিতাপখিনি থেক্ চা মাৰি থৈ ল’চলি
ম’খাৰ লগত খেলা আৰম্ভ কৰি
দিলে৷ আঠ বছৰীয়া ল’ৰা এজনে কি বুজিব!
তাৰ দৰে সমনীয়াবোৰে খেলি ভাত খায়...৷
দিনে
দিনে মোহনৰ পিতাক
হৰকান্ত বৰ্মনৰ দেহা পৰি আহিল৷ মাক হৰিপ্ৰিয়াৰ
কষ্ট দেখি মোহনৰ মন বেজাৰত খহি পৰে৷
“মোহন
পিতেৰে আৰু নাবাচে দে... মাতবুল বন্ধ হৈছি
কালিৰ পেৰে৷ এনে উশাহ কাঢ়ি আছে দে...৷ জীৱটু যাউ যাউ কে আছে৷”
সঁচাকে
বৰেৰপুৱাই হুৱাদুৱা লাগিল৷ হৰিপ্ৰিয়া কান্দি
কাতি অস্থিৰ হ’ল৷ উপায় নাই৷ দৰিদ্ৰতা আৰু বেমাৰে মানুহজনক কোঙা কৰি পেলাইছে৷ হৰকান্ত
বৰ্মনে শেষ নিশ্বাস ত্যাগ কৰিলে৷ অভাৱ-অনাটনত থকা ঘৰখনত আৰু এটা বিপদ
আহিল৷
“মোহন,
কেনকে চলবো এ ঘৰখান.. ক’বা নৰু দে...৷”
“হবুৰহ, পিতা
যাবাৰনু কেইদিন হ’লাক৷ কৰিম ৰ’হ কিবা
এটা...৷” মাকৰ কথাত উত্তৰ দিলে যদিও, সি গহীন হৈ পৰিল...৷
আঠ বছৰীয়া চ’লি
এটাই কি জানে!
সিয়ে বা কি কৰিব ৷ মাকে হুমুনিয়াহ কাঢ়ে৷
শৈশৱৰ সোণালী দিন দেখিবলৈও ভাগ্য লাগে! মোহনৰ ভাগ্য নহ৷ল ৷ পিতাকৰ
অকাল বিয়োগত আঠ বছৰ বয়সতে কুম’ইলা হাতেদি ঢোলৰ
মাৰি হাতত
তুলি ল’লে৷ কৈহাটীৰ ঢুলীয়া দলটো নতুনকৈ গঢ় দিলে মোহনে৷ ৰজনজনাই উঠিল
মোহনৰ ঢোলৰ চাপৰত গোটেই কৈহাটী৷ কামৰূপীয়া
কৈহাটীৰ ঢুইলাই অসমীয়া
কৃষ্টি- সংস্কৃতিৰ ধ্বজা উৰুৱাব৷
ঢুলীয়াই
থিতাতে সংলাপ যুগুত কৰি ব্যংগাত্মক অভিনয়েৰে
সমাজৰ বিভিন্ন
দিশ উন্মোচন
কৰি মনোৰঞ্জন দিয়ে ৷ ৰামায়ন- মহাভাৰতৰ আখ্যান ইয়াত উপস্থাপন
কৰা হয়৷ সমাজত
সচেতনতাৰ সৃষ্টি কৰাত কামৰূপী ঢুলীয়াৰ চং লোকসমাজত জনপ্ৰিয় হৈ পৰিল৷ এই চঙৰে
কেন্দ্ৰীয় চৰিত্ৰ “ভাইৰা”৷
কত ত্যাগ
আৰু কষ্টৰ বিনিময়ত মোহন
চন্দ্ৰ বৰ্মন, মোহন ভাইৰা হ৷ল, তাক কৈহাটীৰ লগতে অসমৰ
মানুহে জানে!
“মাইয়ে
মই বৰপেটাৰ ৰাসোত যাম৷ পাছদিনা হে আহিম৷ তই যাবি নেকি ..হা... ?”
“নাযওঁ
দে মই, এই ৰাতিখান৷ মই ক’তো থাইকপা যাবা নৰোঁ৷ তয়ে যাগে.. যা..৷”
মোহনৰ
কথাত মাকে উত্তৰ দি ভাতৰ দিহা কৰিবলৈ ৰান্ধনীঘৰ সোমাল৷ মোহন
ৰাতিয়ে বৰপেটালৈ যাব...৷
মোহন,
নিততি আৰু দলৰ সকলোৰে গাত তত নোহোৱা হৈছে৷
“নিততি এইবাৰ
আমাৰ কৈহাটীৰ ঢুইলাই নাম ক’ৰবা লাগব’ দে৷ ভাল ঢোল, তাল, ৰং, চাউলৰ গুৰা আৰু দাড়ি-মোচ
বানবা আটা, ময়দা ল’বি৷ মোৰ নতুন সাজ একযোৰ চিলবা দিছু ৰ’হ৷”
“মোহন, একো চিন্তা নাই, কৈহাটীৰ ঢুইলাই এইবাৰ বৰপেটাৰ
ৰাস ফাটে দিবো৷
তোৰ বচন আৰু বুদ্ধিত কুইনো ন’ৰে দে...৷”
মোহন ভাইৰাৰ অভিনয় আৰু গোটেই দলটোৰ অভিনৱ কলা-কৌশলে নলবাৰীৰ কৈহাটীৰ ঢুলীয়া দলক উচ্চ শিখৰলৈ লৈ গ’ল৷
বৰপেটা
ৰাসত তেতিয়াৰ ৰাজ্যপাল মহেন্দ্ৰ মোহন চৌধুৰী উপস্থিত আছিল৷ মোহন ভাইৰাৰ অভিনয় কৌশল
আৰু ঢোল বাদনত মুগ্ধ হৈ তেখেতে পিন্ধি থকা জহৰ
কোটটোকে মোহন ভাইৰাক উপহাৰ দিছিল৷
মোহন,
নিততি ভৰালী আৰু দলৰ সকলোৰে আনন্দৰ সীমা নাই৷ প্ৰতিভা লুকাই নাথাকে...৷
সময়বোৰ
গৈ থাকে৷ অভাৱে জুৰুলা কৰা সময় কেতিয়াবা সকলোৰে আহে! আৰ্থিক অভাৱ- অনাটনে জানো কাৰোবাৰ
মনৰ ইচ্ছাক বাধা দিব পাৰে ? মোহন ভাইৰাকো নোৱাৰিলে৷
তেওঁলোকৰ হাড়ে-হিমজুৱে শিপাই আছে গাঁৱৰ কৃষ্টি- সংস্কৃতি৷
নিততি আৰু দলটোৱে ঢুলীয়া সংস্কৃতি জীয়াই ৰাখিবলৈ আপ্ৰাণ
চেষ্টা কৰি যায়৷
“সময়
একে নাই এ, নিততি৷ কি ক’ৰবি! পেটত গামচা বান্ধি থাকলিও মই ঢুলীয়া
এৰবা নৰু৷ তই কি..ক’হে..হা..৷”
“মোৰো
সেই একে কথা দে মোহন! বয়সো হলাক৷ ঢুইলা
গায়, চং কৰিয়ে মৰিম
দে...৷” মোহন ভাইৰাৰ মন বিষাদে গধুৰ কৰে৷ অৰ্থৰ
অভাৱে জুৰুলা কৰে ঢুলীয়া সংস্কতি৷ ঘৰখন কেনেকৈ চলিব...৷
এটা যেন ডাঙৰ প্ৰশ্ন হৈ পৰিল...৷
কষ্টৰ
ফল মিঠা....
মোহন
ভাইৰাৰ ঘৰৰ কাঁথিত গাঁৱৰ
মানুহৰ ভিৰ৷
ইকাণ-সিকাণ কৈ কথাটো বহুতে শুনিছিল৷ তথাপি ৰেডিঅৰ বাতৰি
শুনিবলৈ ভিৰ লাগিল৷ বাতৰি আৰম্ভ হ’ল -
...“ভাৰত চৰকাৰে লোক সংস্কৃতিৰ প্ৰতি
আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে মোহন ভাইৰাক (মোহন চন্দ্ৰ বৰ্মন) সংগীত
নাটক একাডেমী বঁটাৰে সন্মানিত কৰে৷” (১৯৭৫)
মোহন
ভাইৰাৰ কাঁথিখান কাঁহ পৰি জিন গেইছি...৷ মোহন ভাইৰাৰ চকুৱেদি বৈ আহিল
ধাৰাসাৰ চকুপানী৷ আনন্দৰ চকুপানী৷ কষ্ট আৰু
ত্যাগৰ চকুপানী...৷ মোহন চন্দ্ৰ বৰ্মনৰ পৰা “মোহন ভাইৰা” হোৱাৰ সময়খিনি
কিমান কঠিন আছিল,
সেয়া নিজে
জানে..৷
নিততি ৰ’ব
পৰা নাই৷ একে জাপে উঠি আহি মোহন ভাইৰাক সাবটি ধৰিলে৷ দুয়োৰে চকুত চকুপানী৷ আনন্দ
আৰু জীৱনৰ সাধনাৰ
চকুলো..৷
কৈহাটীৰ
ঢুলীয়াৰ চং আৰু মোহন ভাইৰাৰ ঢোলৰ চাপৰত গোটেই অসম ৰজনজানাই গৈছে৷ নলবাৰীয়া উপভাষাৰ
প্ৰচাৰ আৰু প্ৰসাৰ হ’ল৷ উপস্থিত বুদ্ধিৰে সকলোৰে মনঃসংযোগ
কৰিব পৰা মোহন ভাইৰাক কোনেও চেৰ পেলাব
নোৱাৰে...৷
ভাইৰা
(১) “ অ, ভায়া, আউগে আহা...
গান মাৰা
চুন এটা..৷
ভাইৰা
(২) মোৰ গান
নাহে হা...
মানে.. আতখ্যান...
ভাইৰা
(১) অ,..বুজি
পাইছু...আখ্যান
আহে
...৷
অ৷,..গ...গ...তাকে...গ...হা৷
মাখিবাহাৰ
সভাথলিত মানুহে ঠাহ খাই পৰিছে৷ মোহন ভাইৰাৰ চং দেখি কোনেও হাঁহিত ৰ’ব নোৱাৰা হয় ....৷
এনেকৈ
হাঁহি- ধেমালিত একোখন সভা, মিটিং, পূজাথলীত মানুহৰ ভিৰ লাগে৷ জীয়াই
থাকে ভাষা-সংস্কৃতি ৷ ঐতিহ্য৷
সময়বোৰ
একে নাথাকে৷ মানুহৰ ৰুচিৰো পৰিবৰ্তন আহে৷ দৰিদ্ৰতাই কোঙা
কৰে ঢুলীয়া সংস্কৃতি৷
হঠাতে এদিন খবৰ আহিল.....
নলবাৰীৰ
কলেজ, স্কুল, অনুষ্ঠান সকলো বন্ধ হৈ পৰিল৷ সকলোৰে
মনত শোকৰ ছাঁ পেলালে৷ মোহন
ভাইৰাৰ দেহাৱসান
হয়৷ (২০০০ চন)
দৰিদ্ৰতাৰ লগত
যুদ্ধ কৰি গাঁৱলীয়া সমাজৰ কৃষ্টি-সংস্কৃতিৰ
হকে আজীৱন কাম কৰি যোৱা মানুহ বীৰল৷ মোহন ভাইৰাৰ ত্যাগে সকলোৰে
অন্তৰ চুই যায়৷ ছাত্ৰ
সমাজৰ মাজত গুণাগাথা চলিল! কি কৰা যায়....৷
সেয়ে কৈহাটীৰ
কেইজনমান উঠি আহা ডেকা আৰু ছাত্ৰ সন্থাৰ নলবাৰী শাখাই সংগীত
নাটক একাডেমী বঁটা বিজয়ী মোহন ভাইৰাৰ স্মৃতিত এটা বঁটা
দিবলৈ স্থিৰ কৰিলে...৷ লোক কলা-সংস্কৃতিৰ হকে কাম কৰা গ্ৰাম্য আঞ্চলৰ
শিল্পীক এই বঁটা প্ৰদান কৰা হ’ব৷
নলবাৰীৰ
কলেজ -স্কুলত সেইদিনা উথপথপ পৰিবেশ...৷ সকলোৱে যাব মোহন
ভাইৰাৰ স্মৃতিত দিয়া বঁটা প্ৰদানৰ সভালৈ ...৷
“বীণা
আজি স্বহীদ ভৱনক যাবিনা৷ ছাত্ৰ সন্থাৰ মিটিং আছে৷ আমাক যাবা কৈ গেইছি৷
মোহন ভাইৰাৰ নামত গ্ৰাম্য অঞ্চলৰ লোকশিল্পীক বঁটা প্ৰদান কৰবো৷”
“যাম
দে, মোক লগ ধৰবি৷ ৰামচৰণ ভৰালীক এইবাৰ বঁটা দিয়া হ’ব বোলে...৷”
খৰখেদাকৈ দুয়ো যাবলৈ
সাজু হ’ল...৷
অতীতৰ
স্মতিয়ে কেতিয়াবা বৰ আমনি কৰে ৷ সকলোৱে জানে, সিহঁতেও জানে, জীয়াই ৰাখিলেহে জীয়াই থাকে
ভাষা, কৃষ্টি- সংস্কৃতি...৷
***
ভ্ৰাম্যভাষ-৬০০২৯১৫০৫৪