অন্যযুগ/


বাইৰাণ, ৰাংছি আৰু এটি অন্তহীন অপেক্ষা

 ববিতা কলিতা

 

পাহাৰীয়া গাঁওখনলৈ শীত নামিছে৷ কুঁৱলিত কঁপি থকা গাঁওখনৰ ধূসৰ ছবিখনলৈ মূৰ তুলি চাইছে চাৰিকুৰি বসন্ত গৰকি অহা বাইৰাণ চাংমাই৷ 

“আজিও ৰ’দ নোলাব! নোলাবইতো৷ চালজং দেৱতা যে ৰুষ্ট হৈ আছে৷” 

আকাশখনলৈ চাই কৈ উঠে বুঢ়া মানুহজনে৷ 

পিছে ৰ’দ উঠালৈ গাঁওখনৰ কোনেও ৰৈ থকা নাছিল৷ কুঁৱলীৰ মাজতে মানুহবোৰে দুগুণ উছাহেৰে বৰদিনক আদৰিবৰ যো-জা কৰিছিল৷ ডেকাবোৰে পাহাৰত গিজগিজাই থকা কলনিখনত সোমাই কলগছবোৰ ঘচঘচকৈ কাটি বগৰাইছিল৷ নৰা আৰু কলগছেৰে সিহঁতে পথাৰত কেইবাকুঠলীয়া ঘৰ সাজিছিল৷ ৰাজহুৱা ভোজৰ বাবে সিহঁতে কাটি থৈছিল জাপ জাপ কলৰ পাত ৷

উছৱৰ ৰাগী জানো কেৱল মতাৰ গাতহে লাগে? বজাৰৰ পৰা কিনি অনা ৰঙীন কাগজেৰে ছোৱালীবোৰে দীঘল দীঘল মালা গাঁথিলে৷ মালাবোৰেৰে সিহঁতে গীৰ্জাৰ পদূলিভাগ সজাই তুলিলে৷ এন্ধাৰ নামিলে সিহঁতে জ্বলি থকা তৰা এটাও গীৰ্জাৰ চূড়াটোত আঁৰি দিব৷ কামখিনি কৰি অঁতাব পাৰিলে সিহঁতে শেষবাৰলৈ কেৰোলৰ আখৰা কৰিব৷ গাহৰিৰ বিবিধ ব্যঞ্জন ৰান্ধিব৷ চু বনাব৷ 

বাইৰাণ চাংমা বছৰি এই আয়োজনৰ সাক্ষী হৈ আহিছে৷ মানুহবোৰৰ পাৰভঙা উলাহৰ ঢৌত উটুৱাই দিছে মানুহজনে নিজৰ অভ্যন্তৰত সোঁট-মোচ খাই পৰি থকা হেঁপাহবোৰ৷ পাহাৰৰ ঝৰণাটো ওপৰলৈ বৈ নোযোৱাৰ দৰেই বাইৰাণৰ হেৰোৱা পৃথিৱীখনো আৰু উভতি নাহে৷ পাহাৰৰ স্ফটিক পানীবোৰ নামি আহি ভৈয়ামত বিৱৰ্ণ হৈ পৰাৰ দৰেইতো মান্দে আ-চিকবোৰ হেৰাই যাবলৈ লৈছে অইনৰ ধৰ্ম-সংস্কাৰ, ভাষা আৰু আচাৰত৷ বাইৰাণ বুঢ়াৰ দৰেই এলাগী আজি সিহঁতৰ পূৰ্বজৰ পৰম্পৰাবোৰ৷ 

ৱাংগালা উছৱৰ দিনবোৰে আজিও বাইৰাণৰ বুঢ়া দেহাৰ ভিতৰৰ কুমলীয়া মনটোক নচুৱাই যায়৷ তেওঁৰ কৰ্ণকুহৰত আজিও বাজি উঠে এশ ঢোলৰ সেই ছন্দোবদ্ধ শব্দ৷ নকমাৰ ঘৰত আয়োজিত ৱাংগালাৰ চাচাত পৰ্বৰ দিনা তেওঁৰ চকুৱে চকুৱে পৰা সেই সুন্দৰী গাভৰুজনীৰ চাৱনিয়ে আজিও খুকুৰিৰ ধাৰ হৈ তাৰ বুকুতে খোঁচা মাৰে৷ চু খাই সিদিনা ওৰে ৰাতি সি তাইৰ কাষে কাষে নৃত্য কৰিছিল৷ তাইৰ ৰঙা দকমান্দাখনৰ নীলা হালধীয়া বুটাবোৰ তাৰ চকুত আকাশৰ তৰা হৈ জলমল কৰিছিল৷ তাইৰ দেহৰ পৰা এটা ফুৰফুৰীয়া গোন্ধ বতাহত ভাহি আহি তাৰ নাকত লাগিছিল৷ সি উশাহটো উজাই আনি কলিজাত পুতি থৈছিল৷ সেই সুন্দৰীৰ সৈতে তাইৰ ঘৰলৈ গৈ নোকৰম্ হৈ থাকিবৰ হেঁপাহ এটা বাইৰাণৰ মনত তীব্ৰভাৱে জাগি উঠিছিল৷ 

পিছে মনে খালেও একে মাহাৰীৰ ছোৱালীৰ সৈতে কিদৰেনো হয় বিৱাহ? ডেউকা ভগা চৰাইৰ দৰে পৰি ৰৈছিল বাইৰাণৰ মনৰ হেঁপাহবোৰ৷ তাইৰ চাৱনিৰ আকুলতাখিনিয়ে তাৰ মনত বিশ্বাস জন্মাইছিল তায়ো তাৰ সৈতে থাকিবলৈ ভাল পালেহেঁতেন৷ সন্মতিৰ বাবেতো শব্দৰ প্ৰয়োজন নহয়৷ নৃত্যৰ ছন্দ হেৰুৱাই তাৰ গাত হাউলি পৰা তাইৰ দেহাটিত সমৰ্পণ আছিল৷ প্ৰেমৰ আৱেদন আছিল৷ 

সিহঁতক লৈ নকমাৰ ঘৰত বিচাৰ বহিছিল৷ তাৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে নকমাই৷ মূৰত চৰাইৰ পাখিৰ মুকুট পিন্ধা তাৰ প্ৰিয় নাৰীয়ে সিদিনা বেজাৰত চকুলো টুকিছিল৷ তালৈ এবাৰো নোচোৱাকৈ এঢলীয়া পাহাৰখনৰ পৰা হৰহৰকৈ তললৈ নামি গৈছিল তাই৷ তাইৰ পিছে পিছে দৌৰি যোৱা বাইৰাণৰ মনটোও যেন পাহাৰৰ পাদদেশত ঠেকেচা খাই পৰিছিল৷ এশ ঢোলৰ শব্দ গুমগুমকৈ তাৰ বুকুত বিষাদ হৈ বাজিছিল৷ 

মনবোৰ জানো মান্দেৰ নিয়মত চলে? মনে দেখোন নিজৰ নিয়ম নিজে ভাঙে, নিজে পাতে৷ বাইৰাণৰ মনটো সিদিনা অভিমানী হৈ উঠিছিল৷ ঘৰৰ মানুহবোৰক, সমাজখনক তাৰ শত্ৰু যেন লাগিব ধৰিছিল৷ আনকি তাৰ মন আচ্ছন্ন কৰি থকা আইৰিছৰ প্ৰতিও অভিমানী হৈ উঠিছিল সি৷ তায়ো অৱশেষত পৰম্পৰাৰ ভয়ত তালৈ পিঠি দিলে! মানুহে গঢ়া নিয়মলৈ মানুহৰ কিয় ইমান ভয়? আইৰিছলৈ খং উঠি আহিছিল বাইৰাণৰ৷ 

প্ৰেমৰ দৰে হয়তো অভিমানতো শক্তি থাকে৷ সেই শক্তিয়ে বাইৰাণক কঠোৰ কৰি তুলিলে৷ সেয়ে তাক মাকে  বিয়াৰ কথা কওঁতে সি আপত্তি নকৰিলে৷ চিনাকি মুখবোৰৰ পৰা আঁতৰি থাকিলেহে যেন তাৰ বুকুখন থিত লাগিব৷ 

পিছে নালাগিল৷ বিয়াত বহি তিনিটাকৈ পা-পোৱালি জন্ম দিয়াৰ পাছতো তাৰ মনটো থিত নালাগিল৷ ৱাংগালাৰ ৰাতি সি এৰি অহা মনটোক ওভতাই আনিব নোৱাৰিলে৷ আচলতে বাইৰাণে একোকেই  ওভতাই আনিব নোৱাৰিলে৷ ঝুম খেতিৰ উৰ্বৰ মাটিবোৰ, স্ফটিক পানীৰ অবিচ্ছিন্ন ধাৰাবোৰ, পাহাৰৰ বুকুৰ ডাঠ সেউজীয়াবোৰ! সিহঁতে তাহানিতে গোৱা চৰিজিন গীতবোৰ এতিয়া আৰু সি শুনিবলৈ নাপায়৷ কিবা যেন অভিমানত তাৰ ঈশ্বৰো বৰদিনৰ দিনা মেঘৰ আঁৰত লুকাই পৰে৷ 

পাহাৰৰ বেছিভাগ গাৰো মানুহে লাহে লাহে বেপ্তিষ্ট মিছনেৰীসকলৰ ধৰ্ম-সংস্কৃতিকে নিজৰ ধৰ্ম-সংস্কৃতি কৰি লৈছে৷ সৰু পাহাৰীয়া গাঁওখনতে এতিয়া একুৰি গীৰ্জাঘৰ, তিনিখন ইংৰাজী স্কুল আৰু দুখনকৈ হস্পিতাল হৈছে৷ ইংৰাজে পাহাৰৰ মানুহৰ সৰল জীৱনবোৰ সলনি কৰি পেলাইছে৷ মানুহবোৰৰ আকংক্ষাৰ পৰিধি বহল হৈ পৰিছে৷ অতৃপ্ত আকাংক্ষাই মানুহবোৰৰ যন্ত্ৰণা বঢ়াইছে৷ মানুহবোৰক নিৰ্ভৰশীল কৰিছে৷

মিছনে সৰল মানুহবোৰক আধুনিক জীৱনৰ সপোন দেখুৱায়৷ মানুহবোৰ কৃতজ্ঞতাৰ ভৰত গোলাম হৈ যায়৷ 

মিছনাৰীৰ আগ্ৰাসন ৰোধ কৰিব পৰা মানুহ গাঁওখনত নাই৷ আনকি ধৰ্ম প্ৰচাৰক আগ্ৰাসন বুলি ভাবিব পৰা মানুহো গাঁওখনত নাই৷ যিসকল লোকে তেওঁলোকক আগ্ৰাসন জাতীয় কথাবোৰ সঁকীয়ায়, তেওঁলোকৰো হেনো অভিপ্ৰায় ভাল নহয়! 

বাইৰাণক বুজাবলৈ প্ৰায়েই মানুহ আহিছিল৷ ঠিক মানুহ নহয়, সিহঁত বিশেষ একোটা ধৰ্মৰ এজেণ্ট৷ সেই ধৰ্মৰ মানুহৰ সংখ্যা বঢ়াব পাৰিলে তেওঁলোকে কমিশ্যন পায়৷ বাইৰাণৰ পৰিয়ালৰ সকলোৱে এজেণ্টৰ কথামতে ধৰ্ম সলালে৷ কিন্তু সি একেদৰেই আছে৷ অন্য ধৰ্ম গ্ৰহণ কৰিলে জানো তাৰ জীৱনৰ অপূৰ্ণতাবোৰ নোহোৱা হৈ পৰিব?

“পৰিব পৰিব৷ সময় সলনি হৈছে৷ ঈশ্বৰো এতিয়া একোটাহঁত ব্ৰেণ্ড৷ ধৰ্ম একোটা হাথিয়াৰ, ৰাজনৈতিক ক্ষমতা আহৰণৰ আহিলা, ধন ঘটাৰ অচিলা৷ পূৰ্বপুৰুষে মানি অহা জনজাতীয় দেৱতাসকলে এতিয়া সাধাৰণ লোকৰ আস্থা হেৰুৱাইছে৷ সেই কাৰণে তেওঁলোকে ঈশ্বৰ সলাইছে৷ ভাত, কাপোৰ, শিক্ষা, স্বাস্থ্যৰ খেয়াল নৰখা দেৱতাক মনত ৰাখিয়েনো কাৰ কি লাভ?” 

কিন্তু বাইৰাণক বুজনিবোৰে চুই নাযায়৷ ভোগবাদী জীৱন এটাৰ সপোন সি কাহানিও দেখা নাই৷ এৰি অহা সময়ৰ পৰা সি নিজক ওভতাই আনিব পৰা নাই৷ শৈশৱ, কৈশোৰ, যৌৱন সামৰি ৰখা উছৱ, ৰীতি-নীতি, পৰম্পৰাবোৰে তাক সদায়েই আৱৰি ৰাখে৷ ছিঙো বুলিয়ে ছিঙিব নোৱাৰে সি শিপাৰ টান৷ পাহাৰৰ ৰঙা মাটিত মিলি যোৱাৰ সপোনটো তাৰ সদায়েই নতুন হৈ থাকে৷ 

কথাবোৰ ভাবি ভাবি বাইৰাণে তাৰ জুপুৰীটো এৰি পাহাৰৰ এঢলীয়া বাটটোৰে নামি আহে৷ বাটটোৰ দুয়োপাৰে ডাল ভৰি ভৰি সুমথিৰা লাগিছে৷ পিছে আনাৰসৰ গছবোৰ এতিয়া উকা৷ আনাৰসৰ বতৰ নহয় এয়া৷ বৰদিনৰহে বতৰ!

বাইৰাণে পথৰ দুয়োকাষে চকু ফুৰালে৷ মানুহৰ ঘৰবোৰ আজি আগতকৈও চিকুণ৷ বেলুন আৰু ৰঙীন কাগজেৰে সুসজ্জিত৷ সন্ধিয়া জ্বলাবৰ বাবে চেমনীয়াই সৰু সৰু লাইটবোৰ সাজু কৰি থৈছে৷ কেক, মিঠাই, পোৰা গাহৰি আৰু গৰুৰ মঙহৰ গোন্ধ এটা ভাহি আহি বাইৰাণৰ নাকতে ধৰিছে৷ পিছে তাৰ লোভ জগা নাই৷ ৰিপুবোৰ এতিয়া সংযত৷ চিন্তাবোৰ পৰিষ্কাৰ৷

আহি থকা বাটতে বাইৰাণক ভেটা দিলে ডেকাৰ দল এটাই৷

“ককা, আজি আপুনি এপাক গীৰ্জালৈ আহিবচোন৷”

“কিয়? মইতো গীৰ্জালৈ কেতিয়াও যোৱা নাই৷” বাইৰাণৰ কপালখন কোঁচ খালে৷

“সেই কাৰণেই আহিব৷ আমাৰ গাঁৱৰ আপুনি একমাত্ৰ ছাংছাৰিক লোক৷ ফাডাৰে আপোনাক লগ পাব বিচাৰিছে৷” ল’ৰাকেইটাই কথাখিনি শেষ কৰি গপগপাই আঁতৰি গ’ল৷

বাইৰাণ বিপাঙত পৰিল৷ কিয় মাতিছে তেওঁক ফাডাৰে? এগৰাকী আশী বছৰীয়া বৃদ্ধৰ সৈতে তেওঁলোকৰ কি কাম? তেওঁ ছাংছাৰিক হৈয়ে মৰক বা খ্ৰীষ্টান হৈয়ে মৰক, এই লৈ তেওঁলোকৰ ধৰ্মাৱলম্বী লোকৰ হিচাপত কিনো হীন-দেঢ়ি হ’ব? বাইৰাণে কথাখিনি ভাবি থকা সময়ত বুঢ়া বেলিটোৱে হেঙুলীয়া চাদৰখন মেৰিয়াই পশ্চিমলৈ গতি কৰিলে৷

সন্ধিয়া সৰু সৰু টিলাবোৰ পোহৰ হৈ উঠিল৷ যেন এজাক তৰা নামি আহিছে গাঁওখনলৈ৷ খ্ৰীষ্টমাছ ট্ৰি সাজিছে গীৰ্জাৰ দুৱাৰমুখত৷ শিমলু তুলাৰে সাজিছে মিছা বৰফ৷ এৰা! কুঁৱলীৰ দেশত বৰফ পৰিছে! তামোল, কল, আনাৰস, কমলাৰে ভৰি থকা মাটিডোখৰত আজি পাইন গছ এজোপা ৰজা হৈছে৷ ৰজা গছজোপাত ওলমি আছে সোণৰ ফল, ৰূপৰ ফল৷ চিকুণ দকমান্দা পিন্ধা মহিলাসকলে মাইকত কেৰোল গাইছে, ডেকা-গাভৰুজাকে ইজনে-সিজনৰ কঁকালত ধৰি গীতৰ তালে তালে নৃত্য কৰিছে৷ 

নাহো বুলিও বাইৰাণ চাংমাই লাখুটিডালত ভেজা দি দি তেওঁৰ নিকটতম গীৰ্জা ঘৰটোৰ কাষ চাপি আহিল৷ ডেকা-গাভৰুৰ জাকটো তেতিয়া নৃত্যত ব্যস্ত হৈ আছিল৷ ৰাজহুৱা ভোজৰ আয়োজনত মানুহবোৰ লাগি পৰিছিল৷ জুমি চাওঁতে দেখা পালে বাইৰাণে নাচি থকা ডেকা-গাভৰুৰ বৃত্তটোত তেওঁৰ নাতিনীয়েক এৰিকাও আছে৷ তাইৰ কঁকালত হাত দি নাচি আছে সিহঁতৰে মাহাৰীৰ ডেকা এজন৷ কি নাম আছিল জানো তাৰ? আক্কান৷ আক্কান৷ 

বাইৰাণে এৰিকাৰ চকুলৈ চালে৷ ক’ত দেখিছিল সি এনে চাৱনি? কলিজা কুৰুকি খোৱা এই চাৱনি?

ৱাংগালাৰ উছৱৰ ৰাতি? ইমান আকুলতা, ইমান মৰম এৰিকাৰ, আক্কানলৈ? পিছে এয়াতো ভুল৷ নিয়মবিৰোধী৷ একে মাহাৰীৰ নাৰী-পুৰুষৰ মিলন হ’ব নোৱাৰে৷ তাৰ দৰেই সিহঁতেও কি জীৱনজোৰা যন্ত্ৰণাৰ বাট কাটিব ওলাইছে?

“ককা, এইফালে আহকচোন৷ আপোনাক ফাডাৰে মাতিছে৷” ল’ৰা এটাই বাইৰাণক আদৰিবলৈ আহিল৷

গোৰোহালৈকে চোলা পিন্ধা, ডিঙিত ক্ৰছ ওলমাই থোৱা ওখ ৰঙা-বগা মানুহজনলৈ চাই ৰ’ল বাইৰাণ৷

“ৱেলকাম মিঃ বাইৰাণ চাংমা!” ফাডাৰে তাক নামেৰে মাতিলে৷

“গোটেই গাঁওখনত কেৱল আপুনি ছাংছাৰিক হৈ থাকিল৷ সকলোৱে যীছুৰ মাহত্ম্য বুজি পালে৷ যীছুৰ ক্ৰছক কলিজাৰ ওচৰত ৰাখিলে৷ মিঃ চাংমা, আপুনিও যীছুৰ চৰণলৈ আহক৷ যীছুৱে আপোনাক মুক্তি দিব৷” ফাডাৰে বাইৰাণৰ পৰা সদৰ্থক প্ৰতিক্ৰিয়া বিচাৰিলে৷

বাইৰাণে মূৰ জোকাৰিলে৷ তাৰ পৃথিৱীখনত যীছু নাই৷ কেতিয়াও নাছিল৷ মানুহক অনিয়ম আৰু কু-প্ৰথাৰ পৰা মুক্তি লাগে৷ আনৰ মনত আঘাত নিদিয়া মানুহ এনেয়েও পাপমুক্ত৷ দহৰ অপকাৰ নকৰা মানুহ ধাৰ্মিক৷ তেনে মানুহক পৰাচিতেৰে শুধি কৰিব নালাগে৷ পৃথিৱীত সৎ লোক বাঢ়িব লাগে৷ ধৰ্মাৱলম্বী লোক নহয়৷ সংখ্যাৰ প্ৰতিযোগিতাই ঈশ্বৰক লাজ দিয়ে৷ 

বাইৰাণক বুজোৱা সহজ নহয়৷ ইমান বছৰে কোনেও বাইৰাণক বুজাব পৰা নাই৷ কোনেও তাক ধৰ্মান্তৰিত কৰিব পৰা নাই৷

নাচি নাচি ভাগৰি পৰা মানুহবোৰ সমূহীয়া ভোজ খাবলৈ বহিছিল৷ পুডিং, কেক, মঙহ, ব্ৰেডৰ মিশ্ৰিত গোন্ধ এটা বতাহত উৰি ফুৰিছিল৷ বাইৰাণে মন কৰিলে এৰিকাই আক্কানৰ গাতে গা লগাই বহিছে৷ খাই থকা সময়তো ইজনে-সিজনক প্ৰেমৰ দৃষ্টিৰে একোপলক চাইছে৷ বাইৰাণৰ বুকুৰ ভয়টো বেছি গাঢ় হৌ উঠিল৷ ইহঁতৰ মাক-দেউতাকে জানে জানো কথাবোৰ?

“এৰিকা...এৰিকা৷” বাইৰাণৰ চিঞৰত আধা খোৱাকৈ উঠি আহে এৰিকা৷”

“তুমি নাজানা জানো আক্কান আৰু আমি একে মাহাৰীৰে  মান্দে?” গৰজি উঠে বাইৰাণ৷

এৰিকাই ককাকৰ কথা শুনি খিলখিলকৈ হাঁহে৷

 “একে মাহাৰীৰ হ’লেনো কি হয় ককা?”

“একে মাহাৰীৰ নাৰী-পুৰুষ বিয়া হ’ব নোৱাৰে৷ নকমাই অনুমতি নিদিয়ে৷” বাইৰাণৰ ধুলধুলীয়া চকুহালত তিনিকুৰি বছৰীয়া পুৰণি বিষাদৰ ৰং৷

“মিছনাৰী অহাৰ পৰা বহু নিয়ম সলনি হ’ল ককা৷ পৰম্পৰাবোৰো এতিয়া সলনি হ’ল৷ এতিয়া আৰু পুৰণি দিনৰ বাধা-নিষেধবোৰ নাই৷ আজিকালি চাৎচিৰ ভিতৰতে বিয়া-বাৰু হয়৷” এৰিকাই কথাখিনি কৈ এবাৰ মিচিককৈ হাঁহিলে৷

বাইৰাণৰ বুকুখন ধৰফৰাই উঠিল৷ সময় সলনি হ’ল! পূৰ্বৰ কঠোৰ নীতিবোৰ সলনি হ’ল! এতিয়া একে মাহাৰীৰ নাৰী-পুৰুষৰো বিৱাহ হয়?

বাইৰাণে লাখুটিডালত ভেজা দি ওখোৰা-মোখোৰা বাটটোৱেদি গাঁওখনৰ আনটো মূৰ পায়গৈ৷ এইখিনিতেই আছে খ্ৰীষ্টানসকলৰ চিমেট্ৰিখন৷ তাৰে কোনোবাটো ক্ৰছত লিখা আছে আইৰিছৰ নাম৷ এন্ধাৰত কিদৰে মণিব পাৰি কাৰোবাৰ নাম? আনকি পোহৰতো নোৱাৰে চিনিব সি কাৰো নাম৷ মিছনাৰীয়ে সজা স্কুললৈ নোযোৱা মানুহ সি৷ আন্ধাৰতে সি খেপিয়াই ফুৰে আইৰিছৰ সমাধিটো৷ আনাৰসৰ কাঁইটে বাকুহি যোৱা কলাফুলৰ পৰা নামি অহা তেজখিনি ডিঙিৰ মাফলাৰখনেৰে টানকৈ বান্ধি চিমেট্ৰিখনৰ মাজতে বহি পৰে বাইৰাণ৷ ক্লান্ত হৈ পৰিছে মানুহজন৷ ধূসৰ হৈ পৰিছে সন্মুখৰ ছবিবোৰ৷ অথচ সেই ধূসৰতাৰ মাজতো মানুহ আকাৰৰ কিবা এটা দেখা পালে বাইৰাণে৷

বাইৰাণে চকুত জোৰ দি মণিবৰ চেষ্টা কৰিলে কুঁৱলি ফালি তাৰ পিনে আগুৱাই অহা ছায়ামূৰ্তিটোক৷ দকমান্দা পিন্ধা মানুহজনীৰ কপহুৱা চুলিখিনিৰ পৰাই অনুমান কৰিব পাৰি তেওঁৰ বয়স৷ অথচ মুখাৱয়ব ধৰিব নোৱাৰি৷ 

“কোন তুমি?”বাইৰাণে সোধে৷

“তুমিনো কাক বিচাৰিছা?” কঁপা কঁপা মাতেৰে উত্তৰৰ সলনি প্ৰশ্ন এটা এৰি দিয়ে বৃদ্ধাই৷

“তুমি আইৰিছ নহয় জানো? জীয়াই থকাহ’লে তোমাৰো চুলিত ৰূপালী ৰং ধৰিলহেঁতেন৷ তুমি যদি আইৰিছ হোৱাঁ, তেন্তে মই তোমাকেই বিচাৰি আহিছোঁ৷” বাইৰাণে কয়৷

“কিন্তু কিয়?” বৃদ্ধাই সুধিলে৷

“তোমাক খবৰ এটা দিবলৈ আহিলোঁ সোণ৷ গাঁৱৰ মানুহবোৰে ঈশ্বৰ সলালে৷ এতিয়া পূৰ্বৰ নিয়মবোৰো সলনি হ’ল৷ মই ঠিক বুজিছোঁ নিয়মবোৰ ঈশ্বৰে নবনায়৷ মানুহেহে বনায়৷ আনকি ঈশ্বৰকো মানুহে বনায়৷ নহ’লে মোৰ ঈশ্বৰ চালজং দেৱতা আৰু গাঁওখনৰ সকলোৰে ঈশ্বৰ যীছু কিদৰে হ’বলৈ পালে? মোক ঈশ্বৰ সলোৱাৰ কথা ফাদাৰে কিদৰে ক’বলৈ পালে?”

“পিছে তুমি জানো সলালা তোমাৰ ঈশ্বৰ?” বৃদ্ধাই সুধিলে৷

“নাই৷ প্ৰেম আৰু ঈশ্বৰক সলাব নোৱাৰি আইৰিছ৷”

বাইৰাণৰ কথা শুনি বৃদ্ধা মৌন হৈ ৰয়৷

“একো নক’লা যে আইৰিছ?” ছায়ামূৰ্তিটোলৈ চাই সুধিলে বাইৰাণে৷

“মোৰ যাবৰ সময় হৈছে বাইৰাণ৷ কবৰত থকা মানুহৰ ইমানকৈ কথা কোৱাৰ অধিকাৰ নাথাকে৷” বৃদ্ধাই ক’লে৷

বাইৰাণে থৰক বৰককৈ উঠিবলৈ” লওঁতেই বৃদ্ধাগৰাকী কুঁৱলীৰ মাজত অদৃশ্য হৈ পৰিল৷

বনৰ পৰা ওলাই অহা জোনাকী পৰুৱাজাকৰ পিছ লৈ লৈ বাইৰাণ  নিজৰ ঘৰৰ পদূলি পালেগৈ৷

বৰদিনৰ বাবে শুদা হৈ পৰা ঘৰখনত অকলে বহি আছিল ৰাংছি৷

বাইৰাণৰ পত্নী ৰাংছি!

“ৰাংছি, উছৱলৈ নগ’লা তুমি?” বাইৰাণে সুধিলে ৰাংছিক৷

“নগ’লোঁ৷” গধুৰ মাতেৰে উত্তৰ দিলে ৰাংছিয়ে৷

“কিয়?” বাইৰাণে পুনৰ সুধিলে৷

“মন নাথাকিলে ক’লৈকো যাব নালাগে বাইৰাণ৷ প্ৰেম আৰু ঈশ্বৰক ফাঁকি দিব নাপায়৷ মানুহে নিজৰ মনটোকো ফাঁকি দিবলৈ নাপায়৷” ৰাংছিয়ে অৰ্থৱহভাৱে উত্তৰ দিলে বাইৰাণক৷

বাইৰাণ সচকিত হৈ উঠিল৷ চোতালত জ্বলি থকা কেৰ মমবাতিডাল ৰাংছিৰ ওচৰলৈ চপাই আনিলে বাইৰাণে৷ ক্ষীণ পোহৰতো ঠিক দেখিলে সি ৰাংছিৰ শোটোৰা ভৰিদুখনৰ অ’ত-ত’ত আনাৰসৰ পাতে কটা চিন৷ 

বাইৰাণৰ বুকুখন ধৰফৰাই উঠিল৷ এক অপৰাধবোধে তাৰ বুকুখন বিন্ধি ধৰিলে৷ নিশান্তৰ বাবে বাইৰাণে অস্থিৰভাৱে অপেক্ষা কৰিবলৈ ধৰিলে৷ বৰদিনত হেনো দিনবোৰ দীঘল হয়৷ ৰাতিবোৰো দীঘল হয় বুলি এই প্ৰথম অনুভৱ হ’ল বাইৰাণৰ৷ এই যেন পূবে ধলফাট দিলেই পোহৰৰ বাটেৰে নামি আহিব চালজং দেৱতা৷ বাইৰাণৰ পূৰ্বসুৰীৰ দেৱতাই তাক উপহাৰ দিব এটা ওৱংগালা উছৱ৷ ৰঙা দকমান্দা পিন্ধি, মূৰত চৰাইৰ ৰংচঙীয়া পাখি গুজি, এমোকোৰা হাঁহিৰে তালৈ ৰৈ থাকিব ৰাংছি৷ সি সিদিনা ৰাংছিৰ প্ৰেমত পৰিব৷ তিনিকুৰি বছৰৰ মিছাবোৰ ভৰাই পেলাব সি এদিনৰ সঁচা প্ৰেমেৰে৷

 

শব্দটোকা :

চালজং - সূৰ্যদেৱতা

ওৱাংগালা - গাৰোসকলৰ কৃষি উৎসৱ

নকমা - গাঁওবুঢ়া

চু - এবিধ নিচাজাতীয় পনীয়

দকমান্দা - গাৰো মহিলাৰ হাতেবোৱা পোছাক

নকৰম - বিয়া হৈ পত্নীৰ ঘৰত থাকিবলৈ লোৱা

ছাংছাৰিক - খ্ৰীষ্টধৰ্ম নলৈ পূৰ্বৰ নিয়ম পালন কৰি থকা লোক

 

                          

ঠিকনা :

বিলাসীপাৰা, ধুবুৰী

ভ্ৰাম্যভাষ – ৯১০১৭৫২৯৪২

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ