অন্যযুগ/


কমলা কুঁৱৰীৰ সাধু

 অবন্তিকা পৰাশৰ




 ন-কইনা হৈ অহাৰে পৰা ৰাধাই তেনেকৈয়েই দেখি আহিছে মানুহজনীক।

শোৱাকোঠাৰ খিৰিকী, বাৰাণ্ডা অথবা ঘৰটোৰ আগ-পিছ সামৰি ৰখা বাৰীখনৰ কোনোবা এটা চুকত কিবা ভাবি-গুণি থিয় হৈ থাকে তেওঁ। ভাবলেহীন মুখ, দৃষ্টি দূৰ-দিগন্তত। উদাস চকুযুৰিত চকুপানীৰ টৌ-খেল, এইমাত্ৰ যেন টোপাল টোপালকৈ সৰি পৰিব।

পুৱা খুব সোনকালে শুই উঠে তেওঁ। তাৰ পাছত গা-ধোৱা, চাকি-বন্তি জ্বলোৱা আদিৰ দৰে নিত্য-নৈমিত্তিক কামবোৰ সামৰি সেই যে পাকঘৰত সোমায়, তেতিয়াৰ পৰা দুপৰীয়াৰ ভাতসাঁজ হৈ নুঠালৈকে দেওধনী উঠে মানুহজনীৰ গাত।

তেওঁৰ আখলত পুৱা সাতমান বজাৰপৰাই পুৱাৰ জলপানৰ যোগাৰ আৰম্ভ হয় - কালজিৰা আৰু গাখীৰ দি কোমলকৈ মথা আটাৰ শুকান অথবা তেলত ভজা মচ্‌মচীয়া ৰুটীৰ লগত থাকে মিহিকৈ কুটা আলুৰ শুকান ভাজি, গোলকৈ ভজা বেঙেনাৰ টুকুৰা অথবা বাৰেমিহলি পাচলিৰ থপথপীয়া তৰকাৰী, কেতিয়াবা আকৌ খুন্দনাতে ঘুটুক-ঘুটুককৈ পিঠাগুড়ি খুন্দি থাওকতে সাজু কৰে পিঠা-পনা বা জা-জলপান, লগতে চুজি বা গাজৰৰ হালুৱাৰ দৰে মিঠাজাতীয় কিবা এবিধ। কেৱল গাখীৰতে সিজোৱা গুলপীয়া চাহ একাপৰ সৈতে ফুলকটা কাঁহৰ কাঁহীত গিৰীয়েকক পুৱাৰ আহাৰ যতনাই দিয়েই তেওঁ দুপৰীয়াৰ কাৰণে সাজু হয়। বাচনৰ ঠুং-ঠাং, পটাগুটি-খুন্দনাৰ শব্দৰে মুখৰ হৈ উঠে মজলীয়া আকাৰৰ পাকঘৰটো। তেনে মুহূৰ্তবোৰত চৰু-কেৰাহী ঘুকুটিয়াই থকা মানুহজনীক দেখিলে এনে লাগে যেন তেওঁ ৰান্ধি থকা ভাতসাঁজতকৈ জৰুৰী এই পৃথিৱীত একোৱেই নাই। পানী এগিলাছৰ বাবে অহা গিৰীয়েক অথবা গাতে লাগি থকা ঘৰখনৰ চিঞৰ-বাখৰ একোৱেই কাণত নোসোমায়। তেওঁৰ সেইবাবেই হয়তো সাধাৰণ মছন্দৰী, ঢেঁকীয়া পাতকেইটা অথবা লাওৰ টুকুৰাকেইটাই তেওঁৰ হাতত পুনৰ প্রাণ পায়। মানুজনীয়ে আটোম-টোকাৰিকৈ ৰন্ধা ঢেঁকীয়া-বুটৰ শুকান ভাজি অথবা জালুকীয়া কচু শাকেৰেও এপেট খাব পাৰি। গিৰীয়েকে মোনা ভৰাই আনি দিয়া তৰি-তৰকাৰীবোৰ সমান জোখত মিহি মিহিকৈ কুটি কেৰাহীৰ গৰম তেলত জিৰা-জালুকেৰে ৰসৰ ফুল বাছে। কেতিয়াবা আকৌ মন-মতন একো নাপালে চিনাকী বাৰীখন মহটিয়াই গোটাই আনে কচুথোৰ-কচুলটি, নৰসিংহ-মছন্দৰী, মধুসোলেং আদি বনশাক। গেছৰ চুলাৰ কাষতে থকা কাঠৰ মেজখন লাহে লাহে ভৰি উঠে ঢাকি থোৱা বাটি-চৰিয়াৰে। কোনোবাটোত যদি মাছ-মাংস-কণী, কোনোবাটোত ভজা-পোৰা-পিটিকা অথবা হয়তো চালাড-চাটনি

অথচ ইমানবোৰ আয়োজনৰ বিপৰীতে ঘৰখনত খাওঁতা মাথোঁ দুজন - গিৰীয়েক আৰু তেওঁ নিজে। দুয়োটা লৰা কৰ্মসূত্ৰে বাহিৰত। ডাঙৰটোৰ লৰা-ছোৱালী এহাল, সৰুটোৰো বিয়া ঠিক হৈ আছে। সময়-সুবিধা মিলাই উভয়েই মাজে-মধ্যে ঘৰলৈ আহে। পুতেকহঁত আহিলে মানুহজনীৰ আয়োজনবোৰ আৰু ইলাহী হয়গৈ৷ মাছ-মাংসৰ ব্যঞ্জন এখনৰ পৰা দুখন হয়। তেওঁ আগতকৈও সোনকালে শোৱাপাটী এৰে। গাখীৰো সেই কেইদিন দুই-তিনি লিটাৰ বেছিকৈ লোৱা হয়। অথচ কাপতে ৰৈ যোৱা চেঁচা চাহ অথবা কাঁহীৰ কাষত নোখোৱাকৈ থাকি যোৱা ভাজি-তৰকাৰীবোৰ, তেওঁৰ চিন্তাৰ আওতাৰ বাহিৰত। নিজেতো খোৱাৰ নামত চুইহে চায়। খাওঁতাকেইজনক চিক্‌চিকীয়া কাঁহৰ কাঁহীত ভাত বাঢ়ি দি পাকঘৰৰ এটা চুকত কাণ উনাই ৰৈ থাকে- নিমখ, জলকীয়া কম-বেছি হৈছে নেকি, কাৰোবাক কিবা লাগিব নেকি। সকলোৰে খাই-বৈ হোৱাৰ পাছত সৰু কাঁহী এখনত ভাতৰ ওপৰতে কিবা অলপ ঢালি লৈ মুঢ়া এটাত বহি চৰায়ে খোৱাৰ দৰে খুটিয়াই খুটিয়াই ভাত দুটামান খায়। সেয়ে আলহী-দুলহী নহা ঘৰখনত ৰৈ যোৱা তাৰি-তৰকাৰী থবলৈ ঠাই নোহোৱা হয়। বিয়া হৈ অহাৰ পৰা ৰাধাই দেখি আহিছে এটা পৰিচিত দৃশ্য- সদায় দুপৰীয়া বাটিকেইটামান লৈ উমৈহতীয়া চৌহদটোৰ কোনোবা এটা পাকঘৰত উপস্থিত হয় মানুহজন আৰু বাটিকেইটা চমজাই দি কয়, “আমাৰ এওঁ আজি এয়া ৰান্ধিছিল। ৰাখি থোৱাঁচোন। অৱশ্যে ঘৈণীয়েকৰ ৰন্ধনে কাৰ পাকঘৰ শুৱনি কৰিব, সেয়া মানুহজনৰ নিজা সিদ্ধান্ত। পৰিয়ালৰ বোৱাৰীকেইজনীৰ মাজত থকা হোৱাটছএপ গ্ৰুপটোত এই বাটিকেইটা সৰস আলোচনাৰ বিষয় ৷ আলহী-দুলহী আহিলে মেছেজ ভাহি উঠে - মোৰ ঘৰত আলহী। বাটি কাৰ ভাগত পৰিলে দি যোৱাঁচোন।

ৰাধা প্ৰথমতে আচৰিত হৈছিল। ইমান অপচয়, ইমান অযথা খৰচ ৷ হল বুলিনো আৰু দিন-ৰাতিৰ ছেদ-ভেদ নোহোৱাকৈ পাকঘৰটোতেই সোমাই থাকিব পাৰিনে! কিন্তু আজিকালি তাইৰ দুখ লাগে। মানুহজনীক দেখিলেই তাইৰ আগত অগা-ডেৱা কৰিবলৈ ধৰে সৌ তাহানিতে গোৱা এটা সুৰে। তাইৰ আইতাকে প্রায়েই গুণগুণোৱা এটি গীত-_ “কমলা কুঁৱৰী, মোৰে প্রাণেশ্বৰী পানীনো কিমানে হ, শুনকচোন শুনকচোন স্বৰ্গদেউ ইশ্বৰে, পানী যে এপতা হল....।

বৰ মিঠা আৰু কোমল আছিল আইতাকৰ মাতটো। গাঁৱৰ যৌথ পৰিয়ালত ডাঙৰ হোৱা ৰাধাৰ শৈশৱৰ অপৰিহাৰ্য অংগ আছিল এই আইতাকজনী। তেওঁ কোৱা হাজাৰ-বিজাৰ কাহিনীৰ মাজত এটা আছিল কমলা কুঁৱৰীৰ সাধু। কোনোবা দূৰ দেশত পানীৰ নাটনি হোৱাত বিধান দিয়া হল যে দেশৰ পাটৰাণীয়ে দেওলগা পুখুৰীত ডুব দিলে গোটেইখন পানীৰে উপচি পৰিব। এই কথা গম পাই কমলা কুঁৱৰী যাবলৈ ওলাল। যোৱাৰ আগতে যুগুতাই থৈ গল ৰজাৰ গা-ধোৱা পানী, মূৰ মেলোৱা যতন। ৰজা-স্বামীৰ মান ৰাখিবলৈ হাঁহি হাঁহি পানীলৈ নামি যোৱা এই ৰাণীজনীৰ কথাবোৰ, কিয় জানো, বৰ প্ৰিয় আছিল আইতাকৰ। বাৰে বাৰে সিহঁতক কৈছিল সেই একেখিনি কথা। শব্দ হৈ আৰম্ভ হোৱা সাধুটো সদায় গানৰ সৈতে একাকাৰ হৈ কোনোবাখিনিত উচুপনিৰ ৰূপ লৈছিলগৈ। সেই সময়বোৰত দেউতাক বা খুড়াকহঁত ওচৰত থাকিলে সদায় ভেকাহি মাৰি উঠিছিল, “কিনো সদায় সদায় গাই থাক সেইখন ৷ বন্ধ কৰ। 

ৰাধাৰ সেই আইতাজনী কেতিয়াবাই ঢুকাল। কিন্তু তাইৰ মাজত ৰৈ গল উচুপনি যেন লগা গানৰ সুৰটো। আৰু পাহৰণিৰ গৰ্ভত ক্ৰমাৎ নোহোৱা হবলৈ ধৰা সুৰটোৱে আকৌ সাৰ পাই উঠিল, এই মানুহজনীক, মানে ৰাধাই বৈৱাহিক সূত্ৰে পোৱা বৰমাকক দেখি।

সেইখন অৰূপ, মানে তাইৰ মানুহটোৰ মূল ঘৰ। অসম আৰ্হিৰ পুৰণি, কেবা কুঠলীয়া ঘৰটোত অকলে থাকে বৰদেউতাক আৰু বৰমাক। আঠমঙলাৰ পাছতেই যে ন-কইনা হৈ গৈছিল, সেয়াই তাইৰ তালৈ প্রথম আৰু শেষ যোৱা৷ সিদিনা তাইক ওলাবলৈ দি শাহুৱেকে কৈছিল, “বাইদেউৰ কথা-বাৰ্তাবোৰ অলপ খেলিমেলি। তোমাক দেখি চিঞৰ-বাখৰ কৰিব পাৰে। ভয় খাব নেলাগে। পাটৰ কাপোৰ, গহণা এইবোৰ নিপিন্ধিবা। সাধাৰণ কিবা এযোৰ মেৰিয়াই ললেই হল।

অৰূপে আপত্তি কৰিছিল। বাৰে বাৰে মাকক কৈছিল- এই নগলে নহয়নে!

নগলে বৰদেউতাৰে দুখ পাব।” শাহুৱেকে উত্তৰ দিছিল, মই আছোঁ, তয়ো লগতে থাকিবি। চিন্তা কৰিব নেলাগে৷

মিঠাইৰ টোপোলা লৈ উপস্থিত হোৱা ৰাধা, অৰূপ আৰু শাহুৱেকক বৰদেউতাকে আদাৰ-সাদৰকৈ নি ভিতৰত বহুৱাইছিলগৈ। বহা কোঠাটো মোটামুটি পৰিপাটিয়েই যদিও, কেচেমা-কেচেম গোন্ধ এটা বতাহত ভাহি ফুৰিছিল। হয়তো কাপোৰবোৰ বহুদিন ধোৱা হোৱা নাছিল, মজিয়াখন মচা হোৱা নাছিল, খোলা খিৰিকীৰে বতাহ সোমাব পৰা নাছিল। অৰূপে তাইক কৈছিল, ঘৰখনলৈ আলহী অহাটো বৰমাকে বৰ এটা পচন্দ নকৰে, বিশেষকৈ নতুন আলহী ৷ কাম কৰা মানুহকতো সোমাবই নিদিয়ে। সেয়ে পাকঘৰ তথা যাৱতীয় ধোৱা-পখলাখিনিক বাদ দি বাকীবোৰ ঘৰুৱা কাম বৰদেউতাকেই কৰিবলগীয়া হয়। 

ৰাধাই শুনিলে শাহুৱেকে বৰদেউতাকক ফুচ্‌ফুচাই কোৱা কথাখিনি, “দাদা, বাইদেউক পিছফালে দেখি আমি খৰধৰকৈ আহিছোঁ। তেওঁক মাতিব নেলাগে। সোনকালে নিয়মটো কৰি আমাক আজৰি কৰি দিয়ক।

কথাকেইটা শুনাৰ লগে লগে বৰদেউতাকৰ উজ্জ্বল মুখখন লগে লগে মোলান পৰি গল। কলে, “নতুন বোৱাৰীয়ে একো একোটা মুখত নিদিয়াকৈ যাবনে? এওঁ দৰব-পাতিবোৰ ঠিকমতে খাই আছেতো আজিকালি ৷

নালাগে দাদা। বৌৱে এইক নতুন দেখি চিঞৰ-বাখৰ কৰিব পাৰে। আপুনি এতিয়াই মানটো লৈ লওক

ইয়াৰ পাছত বৰদেউতাকে আৰু একো কোৱা নাছিল। হয়তো তেওঁ মনে মনে এনেকুৱা কিবা এটাৰ বাবে ভিতৰি ভিতৰি সাজু হৈয়েই আছিল। সেয়ে উচ্চ-বাচ্য নকৰি বটাৰ পৰা কাপোৰৰ পেকেট দুটা আৰু মানৰ তামোলখন লৈ তাইৰ হাতত গুজি দিলে ৰঙা ভেলভেটৰ কণমানি বাকচ এটা। ঠিক সেই মুহূৰ্ততে তাইৰ কাণত পৰিছিল কাণ তালমাৰি ধৰা এটা চিঞৰ, “কোন সেয়া? তাইক মনে মনে কি দিছে আপুনি?” 

বহা কোঠাৰ পৰা ভিতৰলৈ যোৱা দুৱাৰখনৰ মুখতে এয়া অৰূপ আৰু ৰাধাৰ বৰমাক, ঘাই ঘৰৰ মূল মানুহজনী ৷ হাতত এখন কটাৰী, এই যেন ৰাধাক উদ্দেশ্যি মাৰি পঠিয়াব ।

হুৱা-দুৱা লাগিছিল লগে লগে। হাতৰ পৰা কটাৰীখন আঁজুৰি আনি বৰদেউতাকে বৰমাকক ভিতৰলৈ টানি লৈ গৈছিল। অৰূপেও তাইক আঁঠুকাঢ়ি বহি থকাৰ পৰা প্রায় চোঁচৰায়েই বাহিৰলৈ উলিয়াই আনিছিল ৷ মাকক বকিছিল, “কি দৰকাৰ এইবোৰ কৰাৰ? এইবাৰো কটাৰী মাৰি পঠিয়ালে কি কৰিলাহেঁতেন তুমি?” ইফালে বৰমাকে ভিতৰত চিঞৰিয়েই আছিল- কোন সেইজনী? কাক আপুনি ভিতৰত সুমুৱাইছে? তাই মোৰ সকলো শেষ কৰি দিব...।" 

সন্ধিয়া অফিচৰ পৰা অহাৰ পাছত শহুৰেকৰ পৰা আৰু এবকলা শুনিছিল শাহুৱেকে। পৰিয়ালৰ বাকীবোৰে ইছ-আছ কৰিছিল। হুৱা-দুৱাৰ কোবত এৰি থৈ অহা বস্তুবোৰ ওভতাই দিবলৈ আহি বৰদেউতাকেও তাইক ক্ষমা খুজিছিল। অথচ তাইক কেন্দ্ৰ কৰিয়েই হোৱা এই উখল-মাখলবোৰৰ একোৱেই কাণত সোমোৱা নাছিল ৰাধাৰ। তাইৰ কাণত ভাহি আছিল বৰমাকৰ সেই বিকট চিঞৰটো - কোন সেয়া। চকুৰ আগত অগা-ডেৱা কৰি আছিল কটাৰী দলিয়াবলৈ উদ্যত হোৱা মানুহজনীৰ প্রতিমূৰ্তি। অত-তত জুপুকা মাৰি দিন-ৰাতি কটাই দিয়া নিমাখিত যেন লগা মানুহজনী মুহূৰ্ততে ইমান ভয়ংকৰ হৈ পৰিব পাৰেনে?

এয়াই হয়তো বলিয়াৰ বলিয়ালি ।

কিন্তু কিয়?

তেজ-মঙহৰ মানুহ এজনীতো এদিন হঠাতে বলিয়া হৈ নেযায়। আৰু আজন্ম বলিয়া মানুহ এজনীক জানো এইখন ঘৰলৈ বোৱাৰী কৰি আনিব!

ৰাধাই চেষ্টা কৰিছিল কিয়ৰ উত্তৰ বিচাৰিবলৈ।

কিন্তু কেনেকৈ, কেতিয়া এইবোৰ আৰম্ভ হল তাক লৈ কাৰো হাতত একো উত্তৰ নাই। অথবা হয়তো তাইক দেখিলেই সকলো বিষয়টোক লৈ বোবা হৈ পৰে। সকলোৰে এটাই উমৈহতীয়া উত্তৰ- বলিয়া মানুহজনীৰ কাৰণেই ভৰা ঘৰখন শেষ হৈ গ, পৰিয়ালবোৰ তেওঁৰ ভয়তে ভাগ ভাগ হল। উফৰি আহি কাণত পৰিছিল টুকুৰা-টুকুৰ খবৰবোৰ- ডাঙৰ বোৱাৰীয়েকে পাকঘৰত কাম কৰি থাকোঁতে পিছফালৰ পৰা মনে মনে গৈ গৰম পানী ঢালি দিয়াৰ কথা, ঝাৰু মাৰিবলৈ শোৱা কোঠাত সোমোৱা বনকৰা ছোৱালীজনীক পিয়াই দিয়াৰ কথা, নাতি-নাতিনীহালক কোঠাত বন্ধ কৰি থোৱাৰ কথা ইত্যাদি ইত্যাদি।

পাছে বৰমাকৰ এই জঁটলগা কথাবোৰে ৰাধাক বৰ বেছিদিন বান্ধি ৰাখিব নোৱাৰিলে। ঘৰুৱা দায়িত্ব, চাকৰি, সকাম-নিকাম, ফুৰা-চকা আদিৰ মাজত টাকুৰি ঘূৰাদি ঘূৰোঁতে ঘূৰোঁতে ন-কইনাৰ সাজ সলোৱা ৰাধাৰ বাবে কথাবোৰ সাধাৰণ হৈ পৰিল। হোৱাটছ্‌এপ গ্ৰুপত বাটিকেইটাক লৈ তায়ো ৰগৰ কৰিব পৰা হল। বৰদেউতাকে বাটি ভৰাই আঞ্জা-তৰকাৰী দিবলৈ আহিলে আজিকালি তাই ভালহে পায়। এনে দুটা বাটি মানেই ভাতসাঁজৰ যোগাৰ, কলেজত কাম কৰা তাইৰ বাবে এক ভাবিব নোৱৰা সকাহ কিন্তু তাৰ মাজতো ভাবলেহীন মানুহজনীক বাৰীৰ চুকত ৰদে-বৰষুণে একাকাৰ হৈ থকা দেখিলে তাইৰ বুকুখন বিষাই উঠে। সুধিবলৈ মন যায়- কিয় কৰে আপুনি এনেকুৱা ? কালৈ ৰৈ থাকে বাৰু? আহকচোন অলপ কথা পাতোঁ

তেনে কিবা এটা কিন্তু এতিয়ালৈকে হৈ উঠা নাই। সকলোৱে তাইৰ দৰদী মনটোৰ কথা জানে বাবেই সকীয়াই থৈছে, তেওঁৰ কাষলৈ নাযাবলৈ৷ এতিয়া কোনোবাই তাইক কথা পতা দেখিলে চিধাই অৰূপৰ কাণত পেলাবগৈ, যাৰ অৰ্থ পোনতে কথাৰ কটা-কটি আৰু তাৰ পাছত দুঘণ্টাৰ কাজিয়া। অৱশ্যে মানুহজনীয়ে যে তাইক ক্ৰমাৎ সহজভাৱে লবলৈ ধৰিছে, সেয়া ৰাধাই বুজি পোৱা হৈছেগৈ। আগৰ দৰে তেওঁ তাইক দেখিলে উচপ খাই নুঠে, আনকি এদিন তাইলৈ চাই হাঁহিছিলো। হয়তো তাইক দেখি তেওঁৰ পুৰণা কিবা এটা মনত পৰি গল - পুৰণি চিনাকি, পুৰণি মুখ অথবা হয়তো পুৰণি কিবা ঘটনা। পাছে ৰাধাইহে সেই হাঁহিৰ উত্তৰ দিব নোৱাৰিলে। প্রথম দেখা-দেখিৰ তিতাখিনিয়ে হেঁচা মাৰি ধৰিলে তাইক।

সেইদিনা ৰাতি ৰাধাই অৰূপৰ আগত বৰমাকৰ প্রসংগ উলিয়াইছিল। বহুদিনৰ পুৰণা ফাইল এটাৰ লেঠা মাৰিব পাৰি ভাল মেজাজত থকা অৰূপেও আগৰ দৰে গৰজি নুঠি মাথোঁ কৈছিল, “বৰমালৈ মোৰ বেয়াই লাগে। তেওঁ আগতে এনেকুৱা নাছিল জানা?”

কেনেকুৱা আছিল বাৰু?” 

তোমাৰ দৰে, আমাৰ দৰে, মানে সাধাৰণ মানুহ যেনে, তেনেকুৱা। কথা বাৰু আগতেও কম কৈছিল। কিন্তু মুখত যে সদায় হাঁহি এটা থাকেই। আমি জনা হোৱাৰ পৰা মানুহজনীক কেৱল ভাত ৰন্ধাই দেখিলোঁ৷

তেওঁৰ সমস্যাবোৰ কেতিয়াৰ পৰা আৰম্ভ হ?”

ল আৰু লাহে লাহে। ইমান খুটি-নাটি মাৰি কথাবোৰ কোনে মনত ৰাখে৷

কি আকৌ লাহে লাহে? জীয়া মানুহ এজনী বেমাৰী হল আৰু কোনেও একো গমেই নাপালেনে?” কথাকেইটা হয়তো প্রয়োজনতকৈ অধিক টানকৈ ওলাল। দেখ্‌-দেখ্‌কৈ বিৰক্ত হল অৰূপ, “পগলাজনীক লৈ তুমিয়েই থাকাঁ। মোক এইবোৰত টানি নুফুৰিবা ৷

ইয়াৰ পাছক আৰু কথা পাতিব পৰা নেযায়।

সিদিনা শুবলৈ লৈ ৰাধাই বৰমাকৰ কথাবোৰ অলপ বেলেগ ধৰণে ভাবিছিল। পৰিয়ালটোৰ বাবে মানুহজনীৰ অস্তিত্ব মাত্ৰ কেইটামান আঞ্জা-তৰকাৰীৰ বাটি। কোনেওতো তেওঁক উপযাচি মাত এষাৰ নিদিয়ে, পানী এগিলাছ নিদিয়ে ৷ ৰঙা-বগা জীয়া মানুহজনীৰ হাঁহিবোৰ হেৰাই গ, কিবা দুখত পাগলী হ, অথচ গুৰুত্ব পালে তাই ৰন্ধা আঞ্জাকেইখনে। এদিন যেতিয়া তেওঁ ৰন্ধা-বঢ়া কৰিব নোৱৰা হব আৰু তেনে অৱস্থাতে যদি বৰদেউতাক আগতে ঢুকাই থাকে, কোনোবাই তেওঁৰ দায়িত্ব ল'বনে? হয়তো, তেজ-মঙহৰ মানুহজনী, এনেকৈ নিজৰ পুতেকহঁতলৈও হৈ পৰিব এটা মুখৰোচক অপেক্ষা- পাগলী কেতিয়া মৰিব? কেতিয়া মুক্তি পাব ঘৰখনে?

সেইদিনা ৰাধাক বহুপৰ আচ্ছন্ন কৰি ৰাখিছিল উচুপনিৰ দৰে চিনাকি সুৰটোৱে--- কমলা কুঁৱৰী, মোৰে প্ৰাণেশ্বৰী, পানী যে এডিঙি হল...।

 * * * * *

দেওবৰীয়া অলস দুপৰীয়া। ঘৰত ৰাধা অকলে। বাকী মানুহবোৰ পৰিয়ালৰ বিয়া এখনলৈ বুলি ওলাই গৈছে। যৌথ পৰিয়ালৰ এনে নিৰৱ বন্ধৰ দিনবোৰ তাইৰ বাবে চূড়ান্ত বিলাসিতা। সাধাৰণকৈ কিবা এটা মুখত দি তাই বিছনাত বাগৰ দিছিলহে, চোতালৰ পৰা অহা হেই হেইচিঞৰত তাই সচকিত হৈ উঠিল।

এয়াচোন বৰমাকৰ মাত।

অহা-যোৱাৰ সুবিধা হোৱাকৈ, দুয়োখন ঘৰৰ পিছ চোতালেৰে চমু বাট এটা আছে। বৰদেউতাক নথকাৰ সুযোগত তেওঁ চাগে সেইফালেৰেই এইখিনি পালেহি৷ ৰাধা দোধোৰ-মোধোৰত পৰিল। অকলে বলিয়া মানুহজনীৰ মুখামুখি হোৱাৰ ভয়, অথচ অতদিনে তাইক খেদি ফুৰা কৌতূহলৰ টান।

কি কৰা যায়।

অৱশেষত ৰাধাৰ অনুসন্ধিৎসু মনটোৰে জয়ী হল। গাৰ কাপোৰখিনি সামান্য সামৰি তাই বাহিৰলৈ ওলাই আহিল আৰু কিছু নিৰাপদ দূৰত্বত ৰৈ মাত দিলে, “বৰমা, আপুনি মাতিছিলে ?”

ৰাধাৰ মাতত মানুহজনী উচপ খোৱাৰ দৰে হল। আজি তেওঁৰ হাতত কটাৰী নাই, তাৰ সলনি লিংলিঙীয়া জেংখৰি এডাল হাতেৰে খামোচ মাৰি ধৰি আছে। তোমাৰ নাম ৰাধা...”, শান্ত-সমাহিত মাত, প্রথম দিনাৰ অস্বাভাৱিকতাৰ কোনো চিন নাই। কথাটোৱে তাইক সকাহ দিলে।

মই ৰাধা।

তুমি ইয়াতে থাকাঁ?”

মই অৰূপৰ বোৱাৰী ৷

কোন অৰূপ?”

আপোনাৰ দেওৰৰ লৰা, ভতিজা ৷

আচ্ছা, দেওৰৰ লৰা, ভতিজা ৷ ভাল ভাল। অৰূপে ভাল, ইয়াতে থাকে।” ক্ষন্তেক ৰল তেওঁ। কিবা এটা ভাবিলে আৰু সাংঘাতিক গোপনীয় কথা কবলৈ ওলোৱাৰ দৰে ফুচ্‌ফুচাই কলে, “ৰাকেইটাই মোক ইয়াত থাকিবলৈ নিদিয়ে বুজিছা

ইয়াৰ উত্তৰ কি হব পাৰে ৰাধাই ভাবি নাপালে৷ 

সকলো বেয়া। মোৰ কটাৰীখনো ইহঁতে লুকুৱাই থৈছে। তুমি দেখিছিল৷ নেকি?”

ফিচিক্‌কৈ ওলাই আহিব খোজা হাঁহিটো কোনোমতে সামৰি তাই উত্তৰ দিলে, “আপোনাৰ কটাৰীখননো কোনে নিব বৰমা? সকলো দেখোন আপোন মানুহ।

একো নাজানা তুমি।” মানুহজনীৰ মাতৰ কঠোৰতাই ৰাধাক জোকাৰি গল। হঠাতে যেন এগালমান অন্ধকাৰে গিলি পেলালে মানুহজনীক। ইহঁতে মোৰ লৰাকেইটাক মাৰি পেলালে। সিহঁতে দূৰৈৰ পৰা মোলৈ চাই হাঁহি থাকে। মই ইমান মাতো, তথাপি মোৰ কাষলৈ নাহে। সকলোৱে মোক মাৰিবহে খোজে। আজি মোৰ কটাৰীখনো লৈ গল। সিহঁতে তোমাকো মাৰি পেলাব....।ব নোৱৰা হৈ গল তেওঁ। উশাহ নোপোৱা মানুহৰ দৰে ফোঁপাবলৈ ধৰিলে, দুই ওঁঠৰ মাজেৰে বৈ আহিল বগা বগা ফেন। কিংকৰ্তব্যবিমূঢ় হল ৰাধা। কি কৰোঁ, কি নকৰোঁকৈ সাবটি ধৰিলে দেওধনী উঠা মানুহজনীক কিছু আশ্বাস দিবলৈ, সান্ত্বনা দিবলৈ, তাইক লৈ ভয় খাব নালাগে বুলি কবলৈ ৷

 তেতিয়াই ঘটি গল ঘটনাটো ৷ গাৰ সমস্ত শক্তিৰে ৰাধাক ঠেলা মাৰি দি তেওঁ ঘৰলৈ দৌৰ দিলে৷ এনে এটা আকস্মিকতাৰ বাবে মুঠেই সাজু নাছিল তাই। ফলত পিৰালিৰ চুকত হামখুৰি খাই পৰি গল তাই। আৰু তাৰ পাছত চৌপাশে অন্ধকাৰ ৷....

ৰাধাই যেতিয়া চকু মেলিলে, তেতিয়া তাই হস্পিতালৰ বিছনাত। গাত প্রচণ্ড বিষ ৷ চাৰিওফালে এসোপামান উৎকণ্ঠাভৰা মুখ- এয়া ভৰিপথানত অৰূপ, কাষৰ বিছনাখনত দুয়োফালৰ মাক-দেউতাক, ননদ এজনী, বৰদেউতাকৰ লৰা অমৰ আৰু সৌৱা খিৰিকীৰ কাষত মূৰ তল কৰি বৰদেউতাক। পিয়াহত ডিঙি শুকাই গৈছে তাইৰ। পানী অকণৰ বাবে তাই অৰূপক মাতিবলৈ চেষ্টা কৰিলে, পিছে ওঁঠ দুটা ভালদৰে লৰচৰেই নহল। বেণ্ডেজ মাৰি থোৱা আছে। তাইক উচ্‌পিচ্‌ কৰি থকা দেখি উমানতে পানী অলপ খুৱাই দি অৰূপে কলৈ, “কথা নকবা। টোপনি যাবলৈ চেষ্টা কৰাঁ৷ ওঁঠৰ কাষত পাঁচটা চিলাই পৰিছে তোমাৰ।

এইকেইদিন বহুত মানুহ তাইৰ ওচৰত। কোনোবা যদি ওচৰ-চুবুৰীয়া, কোনোবা হয়তো সম্পর্কীয় অথবা সহকৰ্মী। সকলোৱে তাইক লৈ ইছ-আছ কৰিছে, কথা পাতিছে, চিলাইৰ দাগ থাকি যোৱা-নোযোৱাক লৈ আলোচনা কৰিছে। পৰা কেইজনে তাইক গালিও পাৰিছে পাগলীৰ লগত লাগি লৈ অযথা বিপদ মাতি অনা বুলি। চিলাইৰ বাবে ভালদৰে কথা কব নোৱৰা ৰাধাই জান-নেজান হাঁহিৰে সকলোকে সঁহাৰি জনাই গৈছে। এই আলোচনাবোৰৰ পৰাও ৰাধাই গম পাইছে, সিদিনা কি হৈছিল তাইৰ লগত। বৰমাকে ঠেলা মাৰি দিওঁতে তাই পৰি গৈছিল বাৰাণ্ডাৰ ভাগি থকা চুক আৰু লগতে লাগি থকা শিলটোৰ ওপৰত। কব নোৱৰাকৈয়েই সোঁহাতেৰে মুখখন ঢাকি ধৰাৰ কথা তাইৰ মনত আছে। এনেকৈ কিমান দেৰি ৰাধা পৰি আছিল, কোনেও নাজানে। মাত্ৰ বিয়াৰ পৰা উভতি অহা অৰূপহঁতে ক্ৰমাৎ গোট মাৰিবলৈ ধৰা তেজৰ ডোঙাৰ সৈতে তাইক অচেতন অৱস্থাত আবিষ্কাৰ কৰিছিল। হস্পিতালত ভৰ্তি কৰোৱাৰ বহুদেৰিৰ পাছতো ৰাধাৰ চেতনা অহা নাছিল। অৱশ্যে সকলোৱে ভবাৰ দৰে মূৰত বৰ বেছি আঘাত পোৱা নাছিল তাই। মাত্ৰ মুখ থেকেচা খাই পৰাৰ বাবে ওঁঠৰ কাষটো ফাটি পাঁচটা চিলাই পৰিছে। দাঁত এটাৰ এটুকুৰা আৰু সোঁহাতখনৰ সৰু গাঁঠিটো ভাঙিছে। অৱশ্যে অত্যধিক তেজ যোৱা বাবে অৰূপে তাইৰ বাবে তেজৰ ব্যৱস্থা কৰিব লগা হল।

মানুহৰ এই ভিৰ ঠেলি এদিন বৰদেউতাক আহিছিল। অৰূপ আছিল তাইৰ লগত। হয়তো আগতীয়াকৈ কথা পাতি দুয়োজনে সময়টো ঠিক কৰি লৈছিল। আহিয়েই থোকা-থুকি মাতেৰে বৰদেউতাকে তাইৰ ওচৰত ক্ষমা খুজিছিল। সিদিনাৰ ঘটনাটো পোনতে সকলোৱে চোৰ-ডকাইতৰ কাম বুলিয়েই ভাবিছিল। পিছে পাকঘৰৰ চুকত বহি থক্‌থকাই কঁপি থকা বৰমাকক দেখিহে বৰদেউতাকৰ সন্দেহ হল। নকৰিবলগীয়া কিবা এটা কৰি উঠাৰ পাছত এনেদৰে পাকঘৰৰ এটা চুকত সোমাই কঁপি থকাটো বৰমাকৰ পুৰণা অভ্যাস। প্রথমতে মানুহজনীয়ে একোৱেই কব পৰা নাছিল, কঁপিছিল আৰু কঁপিছিল; কিন্তু কিছু ভয় দেখুওৱাৰ পাছত মুখৰ পৰা ওলোৱা টুকুৰা-টুকুৰি কথাবোৰৰ পৰা তেওঁ ধৰিব পাৰিলে আচল ঘটনাটো কি? এতিয়া ৰাধাৰ ওচৰলৈ আহি বৰদেউতাকেই জনালে পৰিয়ালৰ সামূহিক সিদ্ধান্তৰ কথা- বৰমাকক মানসিক চিকিৎসালয়লৈ পঠিওৱা হব। ইমান দিনে ঘৰতেই তেওঁক চিকিৎসা কৰি থকা হৈছিল যদিও, এইটো ঘটনাৰ পাছত কোনেও তেওঁক ঘৰত ৰখাৰ পক্ষপাতী নহয়। তদুপৰি কেৱল এজনী মানুহৰ বাবে এনেদৰে ঘৰ-ঘৰোৱাহে এলাগী হোৱাটো পুতেকহঁতেও পছন্দ নকৰে।

প্রতিবাদ কৰিছিল ৰাধাই। বৰমাকজনীতো ইমানো ভয়ংকৰ নহয়। তাতে সিদিনাৰ ঘটনাটোৰ বাবে তায়ো সমানেই দায়ী। ভয়ে ভয়ে থকা মানসিকভাৱে অস্থিৰ বৰমাকজনীক তাই ঘপহকৈ সাবটি ধৰিবলৈ যাব নালাগিছিল। তাইৰ বান্ধোনৰ পৰা মুক্ত হবলৈহে তেওঁ তাইক ঠেলা মাৰি দিছিল। এইহেন মানুহ এজনী ভালে থাকিবলৈ হলে ঘৰখনৰ, চিনাকী পৰিৱেশটোৰ সহচৰ্যৰ খুবেই প্রয়োজন ৷ তাইৰ কথাত বৰদেউতাকৰ চকু দুটা পানীৰে উপচি পৰিছিল, বাধা দিব পৰা নাছিল। তেনেকৈয়েই কিছু সময় বহি থকাৰ পাছত হঠাতে উঠি গুচি গৈছিল তেওঁ, কাকো একো নোকোৱাকৈ।

সেইদিনা ৰাধাই অৰূপৰ পৰা শুনিছিল সুস্থ-সবল মানুহ এজনী বলিয়া হোৱাৰ ইতিবৃত্ত। সাধাৰণ ঘৰ এখনৰ নুমলীয়া জীয়ৰী বৰমাক খুব কম বয়সতেই ককাই-ভাইৰে ভৰা এই যৌথ পৰিয়ালটোৰ ডাঙৰ বোৱাৰী হৈ আহিছিল। অৰূপৰ ককাকৰ পছন্দ আছিল তেওঁ। কিন্তু বিয়াখন পতা হৈছিল বৰদেউতাকৰ অমতত। খৰধৰকৈ হোৱা বিয়াখনৰ এসপ্তাহ নৌহওঁতেই কুমলীয়া ন-কইনাজনীক তাতেই এৰি চাকৰিলৈ গুচি গৈছিল তেওঁ ৷ দুয়োৰে মাজত সেই তেতিয়াই আৰম্ভ হোৱা ফাঁট আৰু কেতিয়াও জোৰা নেখালে। প্রয়োজন অনুসৰি ঘৰলৈ আহে, নাপাতিলে নোহোৱা ধৰণৰ কথাকেইটা পাতি আকৌ গুচি যায়। অহুকাণে পহুকাণে শুনা গৈছিল, তেওঁ হেনো ঘৰখনৰ অপছন্দৰ ছোৱালী এজনী বিয়া পাতিবলৈ ওলাইছিল, যাৰ বাবে খৰধৰকৈ এইখন বিয়া পতা হল। বৰমাকৰ ঘৰখনেও আঢ্যৱন্ত পৰিয়ালৰ পাত্ৰজনক পাই আগ-পিছ নাভাবি বিয়া দি দিলে। হোম-যজ্ঞ, নীতি-নিয়ম, মান-অভিমান আদিৰ ভিতৰত বান্ধ খাই পৰিল সোতৰ বছৰীয়া ছোৱালীজনী ৷ বয়সতকৈ বহু ডাঙৰ দেওৰেক-ভতিজাকৰ জাঁজ মাৰিবলগীয়া হোৱা ছোৱালীজনীৰ মনৰ কথা শুনিবলৈ কাৰো সময় নহল।

সেয়ে হয়তো জহি গৈছিল মানুহজনী গিৰীয়েকৰ অৱহেলা, পৰিয়ালৰ ককৰ্থনা আৰু অমানুষিক পৰিশ্ৰমে বোবা কৰি পেলাইছিল কথকী মানুহজনীক। তাতে একেবাৰে সৰু লৰাটো জন্মৰ এবছৰৰ পাছতে পানীত পৰি ঢুকোৱা ঘটনাটোৱে তেওঁৰ শেষ সম্বলখিনিও আঁজুৰি লৈ গৈছিল। দুৰ্ঘটনাটোৰ বাবে সকলোৱে তেওঁকেই দুষিছিল, শাহুৱেকে তেওঁক মৰিবলৈ শাওপাত দিছিল। চাকৰিৰ পৰা ঢপলিয়াই অহা বৰদেউতাকে সমাজৰ আগত তেওঁক গোৰ মাৰি দিছিল। লৰা হেৰুওৱাৰ দুখত বাউলী হোৱা মানুহজনীয়ে, হটঙা মানুহজনৰ গোৰত মুখথেকেচা খাই পৰোঁতে কোনেও তেওঁৰ হৈ মাত এষাৰ মতা নাছিল। যেনেদৰে কোনেও প্রশ্ন কৰা নাছিল ঘৰখনক- বৰমাকে পাকঘৰত ভাত ৰান্ধি থকা অৱস্থাত, ভৰা ঘৰখনৰ কোনেও অকণমানিটোক থুপুক্‌-থাপাক্‌কৈ পুখুৰীলৈ যোৱা দেখা নাছিলনে?

এইবোৰ হওঁতে অৰূপ এবছৰ নোহোৱা কেঁচুৱা ।

এই ঘটনাটোৰ পাছত বৰদেউতাকে ট্ৰেন্সফাৰ লৈ ঘৰলৈ উভতি আহি লৰা দুটাৰ সম্পূৰ্ণ দায়িত্ব নিজৰ হাতত লৈছিল। দায়িত্বহীনতাৰ দোহাই দি লৰা দুটাৰ সৈতে বেলেগকৈ শুবলৈ লৈছিল, খোৱাৰ বাহিৰে বাকী সময়ত বেছি কথা পাতিলে গালি দিছিল। ফলত পাকঘৰটোৱেই হৈ পৰিছিল তেওঁৰ পৃথিৱীখনৰ চাৰিসীমা। আনৰ কথা শুনোতে শুনোতে তেওঁ পাহৰি গৈছিল কথা কোৱাৰ সাধাৰণ বিধিবোৰ। আঞ্জাত নিমখ কম হোৱা বা আলু নিসিজাৰ দৰে সাধাৰণ কথাতো মানুহজনীয়ে পাকঘৰৰ এচুকত ভয়তে থক্‌থককৈ কঁপিছিল।

অৰূপে কৈছিল, “বৰদেউতাই নিজৰ দোষ উপলব্ধি কৰিছিল ঠিকেই, কিন্তু পলমকৈ ৷ তেতিয়া আৰু আগৰ বৰমাক ঘূৰাই পোৱাৰ কোনো উপায় নাছিল। বৰদেউতাই সেই কাৰণে এতিয়া বৰমাক লৈ একো আপত্তি নকৰে। সকলো মানি লয়।

কিন্তু জীয়া মানুহ এজনীক জীয়াই জীয়াই মাৰি পেলোৱাৰ পাছত দুখ কৰি জানো কিবা লাভ আছে!

অৰূপৰ কথাত হতবাক্‌ হৈছিল ৰাধা। কিমান বেজাৰত মানুহজনী এনেকুৱা হল। তাই বাৰে বাৰে অৰূপক অনুৰোধ কৰিছিল,বৰমাকক ঘৰৰ পৰা আঁতৰাই নপঠিয়াবলৈ ৷ আগতে যি হল হ, এতিয়া অন্ততঃ উশাহ লৈ থাকিবলৈকে মানুহজনীক ঘৰখন লাগে। কিন্তু হস্পিতালৰ পৰা ঘৰলৈ আহি ৰাধাই গম পালে, তাইৰ কথা কোনেও নেৰাখিলে। বৰমাকক মানসিক চিকিৎসালয়লৈ পঠিয়াই দিয়া হল।

সিদিনা ৰাতি ৰাধাই সপোনত দেখিলে এটা পদুম পুখুৰী, তাৰে পাৰত হাতে হাত ধৰি দুজনী মানুহ - তাইৰ আইতাক আৰু বৰমাক। পুখুৰীৰ পানী ভৰিৰে খলখলাই দুয়ো মনখুলি হাঁহিছে, ইজনীয়ে সিজনীলৈ পানী ছটিয়াইছে। বতাহত ভাহি ফুৰিছে উচুপনিৰ দৰে এটি সুৰ-_ ‘শুনকচোন শুনকচোন, স্বৰ্গদেউ ইশ্বৰে আমাৰো যাবৰে হল।

ত্ৰিছ বছৰ নৌহওঁতেই পাঁচটা লৰা-ছোৱালীৰ সৈতে বিধৱা হোৱা ৰাধাৰ আইতাকৰ অন্তৰত বা কিমান ডাঙৰ ঘা আছিল!


ঠিকনা :

বন্তিকা পৰাশৰ 

জিলা সংগ্ৰহালয় বিষয়া

জিলা সংগ্ৰহালয়, যোৰহাট

ভ্ৰাম্যভাষ : ৯৯৭১৫৫৬৫৯০

 

 

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ