অন্যযুগ/


শ্বায়েৰী জীৱনৰ

অংগনা চৌধুৰী

 

আকাশলংঘী বুলণ্ড দৰৱাজাৰ তলত ৰৈ তাই ওপৰলৈ চালে৷ ফতেহপুৰ চিক্ৰিৰ প্ৰাচীন ইটাৰঙী স্থাপত্যইও তাইৰ সৈতে চালে ওপৰলৈ৷ য’ত আকাশ আছে, তাত আজি আছে এখন ৰ’দৰ সাগৰ৷ বেগৰ পৰা ৰ’দ চছ্‌মাযোৰ উলিয়াই পিন্ধি ল’লে তাই৷ হালধীয়া ওৰণাখনেৰে ঢাকি ল’লে মূৰ, কপাল৷ অতপৰে বতৰ স্নিগ্ধ আছিল৷ ইতিমধ্যেই তাই ঘূৰি আহিল তানসেনে সংগীত পৰিৱেশন কৰা মঞ্চ চাই, আকবৰৰ শোৱনি কোঠা আৰু জোধাৰ মহল চাই৷ আকবৰে জোধাৰ বাবে আচুতীয়াকৈ নিৰ্মাণ কৰোৱাই দিয়া পূজাঘৰ আৰু সুন্দৰ ৰান্ধনীশাল দেখি তাই আচৰিত হৈ ভাবিছিল সেই কত-শত বছৰ আগতে নিজ ধৰ্ম পালন কৰাত জোধাৰ স্বামীয়ে কোনো হকা-বাধাতো কৰাই নাছিল বৰং কিমান সুবিধা কৰি দিছিল৷ কিন্তু এতিয়াৰ যুগত ধৰ্মান্তৰৰ নামত কত যে পৃথিৱীখনত যুঁজ-বাগৰ লাগিছে, সম্পৰ্কবোৰ কলুষিত হৈছে!

 

বুলণ্ড দৰৱাজা থিয় দি থকা মজিয়াখন লাহে লাহে তপত হৈ উঠিছে৷ তাইৰ ভৰিৰ তলুৱা দুখন পুৰিবলৈ ধৰিছে৷ লৰালৰিকৈ তাই দীঘল বাৰাণ্ডাখনত উঠিল৷ বাৰাণ্ডাত ছাঁ পৰি থকা হেতুকে মজিয়াখন শীতল৷ তাতে কোনো কোনোৱে পাটী পাৰি বহি মেল মাৰিছে, কোনোৱে চকুত ডাঠকৈ চূৰ্মা লগোৱা বৃদ্ধ ভৱিষ্যতবক্তাৰ সমুখত বহি হাত দেখুৱাইছে৷ এইবোৰ দৃশ্যৰ মাজেৰে বাট বুলি যাওঁতে কিয় জানো তাইৰ মনত পৰিল সৰুতে তাহাঁতৰ ঘৰৰ লগত আহ-যাহ থকা দৰিয়াদিল চাচাৰ কথা৷ তাইলৈ প্ৰায়ে তেওঁ লজেন, টফী ইত্যাদি লৈ আহিছিল৷ জন্মদিনত ছবি অঁকা বহী, ৰং পেঞ্চিলৰ পেকেট আদি উপহাৰ দিছিল৷ চাচা তাইৰ দেউতাকৰ বৃহৎ ছপাশালটোৰ এজন কৰ্মচাৰী আছিল৷ দেউতাকে চাচাক খুউব বিশ্বাস কৰিছিল৷ সেয়ে চাচা ক্ৰমান্বয়ে খুউব ঘৰুৱা হৈ পৰিছিল৷ মাজে মাজে চাচাই তাইৰ হাতত সৰু খাম একোটাহত দিছিল আৰু কৈছিল – ‘বহুত দৰকাৰী চিঠি৷ কেৱল মুনুপেহীৰ হাততহে দিবি দেই৷’ তাই সন্তৰ্পণে খামটো পেহীয়েকৰ হাতত দিছিলগৈ৷ খামটো হাতত লৈ পেহীয়েকে তাইৰ গালত টপক্‌কৈ চুমা একোটা খাইছিল৷ মাজে মাজে পেহীয়েকেও খাম পঠিয়াইছিল চাচালৈ তাইৰ হাতত৷ এই আদান-প্ৰদান প্ৰায় ডেৰবছৰমান চলিছিল৷ কিন্তু হঠাতে কি জানো হ’ল এদিন দেউতাকে ঘৰৰ চবৰে মাজতে তাইক এক পূৰ্ণহতীয়া চৰ সোধাই ক’লে – ‘অ’, এই স্কুলীয়া বয়সতে প্ৰেমপত্ৰ আদান-প্ৰদানৰ কাম কৰিছ যেতিয়া ডাঙৰ হৈ কি কৰিবিগৈ গম পাইছো আৰু৷’

প্ৰেমপত্ৰ? কি প্ৰেমপত্ৰ? প্ৰেমপত্ৰনো কেনেকুৱা তাইৰ তেতিয়ালৈকে একো ধাৰণাই নাছিল৷

যেতিয়া দৰিয়াদিল চাচাক চাকৰিৰ পৰা খেদি দিয়া হৈছিল আৰু এসপ্তাহৰ ভিতৰতে পেহীয়েকৰ বিয়া অধ্যাপক এজনৰ লগত ঠিক কৰা হৈছিল, তেতিয়া তাই ৰিণিকি ৰিণিকি উমান পাইছিল ইমানদিনে ঘটনাবোৰ তাৰমানে কি হৈ আছিল৷ তাইৰ নিষ্পাপ, সৰল চিন্তাৰে মাথো ইমানখিনিয়ে বুজি পাইছিল যে দৰিয়াদিন চাচা আৰু পেহীয়েকে ইজনে সিজনক পছন্দ কৰিছিল৷ কিন্তু এই কথাটো তাইৰ দেউতাকৰ পছন্দ হোৱা নাই৷ পিছে কিয় পছন্দ হোৱা নাই সেই কথাটো তাইৰ বোধগম্য হোৱা নাছিল৷ ভাবিছিল চাচাও ইমান ভাল, পেহীয়েকো ভাল, তেন্তে অসুবিধাটো ক’ত?

এই যে জাত-পাত, ধৰ্ম, মালিক, কৰ্মচাৰী, পদবী, সামাজিক সন্মান - এইবোৰ শব্দৰ অৰ্থ তেতিয়া তাই নাজানিছিল৷ দেউতাকে খোৱামেজত ভুকুৱাই কৈছিল – ‘তাক ইমান বিশ্বাস কৰিছিলো, সি বইজ্জাতে মোক বিশ্বাসঘাটকতা কৰিলে৷’

তাই বুজি পোৱা নাছিল কোনোদিনে কাম ক্ষতি নকৰা, টকা-পইচা চুৰ নকৰা, বেয়া মাত নমতা, কাজিয়া নকৰা মৰমীয়াল দৰিয়াদিল চাচা বিশ্বাসঘাটক কেনেকৈ হ’ল৷ বহুত পাছতহে বুজি পাইছিল তাই আমাৰ সমাজত ভালপোৱাও যে এক অপৰাধ৷ তাতে আকৌ ধৰ্ম বেলেগ! ই আকৌ অক্ষমনীয় অপৰাধ৷

এই কথাবোৰ তাই যেতিয়া ভালদৰে বুজি পোৱা হৈ উঠিছিল তেতিয়ালৈকে পেহীয়েক দুটা ল’ৰা-ছোৱালীৰ মাক হ’লগৈ৷ ওলোটাই প্ৰশ্ন কৰিবলৈকো তেতিয়ালৈকে তাইৰ দেউতাকেও ইহসংসাৰ ত্যাগ কৰিছিল৷ শুনা গৈছিল যে পেহীয়েকৰ বিয়াৰ দিনাখনৰ পৰা দৰিয়াদিল চাচা নিৰুদ্দেশ হৈছিল৷ ক’লৈ গৈছিল, নিজৰ ইচ্ছাত গৈছিল নে কোনোৱে জোৰকৈ সেই ঠাই এৰিবলৈ বাধ্য কৰাইছিল কোনেও নাজানে৷

কি সঁচা, কি মিছা কোনেও নাজানে, নাজানে তাইও৷ মাথো জানিছিল এটা কথা, যি কথা কাহানিও কাকো কোৱা নাছিল, এতিয়া এই পৰ্যন্ত কোৱা নাই৷ যিদিনা ঘৰত গণ্ডগোলটো লাগিছিল আৰু দৰিয়াদিল চাচাক কামৰ পৰা খেদি দিয়া হৈছিল, সেই নিশা পেহীয়েকৰ কোঠাৰ খোলা খিৰিকীৰ কাষত তাই চাচাৰ মাত শুনিছিল৷ হয়তো নিশা তেতিয়া এক বা দুই বাজিছিল৷ দেউতাকে চৰ মৰা কাৰণে দুখে-বেজাৰে তাই বাৰেবিংকৰা কথা ভাবি ভাবি সাৰে আছিল৷ কাষতে পেহীয়েক শোৱে বাবে শুই থকাৰ ভাও জোৰাৰ বাহিৰে আন গত্যন্তৰ নাছিল৷ হঠাতে ফুচ্‌ফুচনিৰ শব্দ শুনি কাণ উনাই থৰ হৈ পৰি থাকিল তাই৷ পেহীয়েকে অস্পষ্ট সুৰত কিবাকিবি কৈ উচুপি উচুপি কান্দিছিল৷ তাই মাথোঁ চাচাৰ নিম্নস্বৰত কোৱা গহীন-গম্ভীৰ বাক্যকেইটা শুনিবলৈ পাইছিল৷ চাচাই কৈছিল – “মই নতুন দিল্লীলৈ যাওঁ৷ তাত মোৰ ভিন্‌টি এজনৰ ব্যৱসায় আছে৷ তেওঁ কিবা নহয় কিবা এটা ব্যৱস্থা কৰি দিব৷ তোমাক পাবলৈ মই হজৰত চেলিম চিস্তিৰ দৰগাহত গৈ মন্নতৰ ধাগা বান্ধিম৷ অলপমান থানথিত লাগিলেই লগালগ আহি মই তোমাক লৈ যামহি৷ এটাই কথা মনত ৰাখিবা আমি চিৰজীৱন একেলগে থাকিম বুলি শপত খাইছিলোঁ৷”

সেইনিশাই তাই চাচাৰ মাত শেষবাৰৰ বাবে শুনিছিল৷ কোনোৱে কয় পেহীয়েক বিয়া হৈ যোৱা বুলি শুনি চাচাই আত্মহত্যা কৰিলে বাহিৰৰ ৰাজ্যত, কোনোৱে কয় পগলা হৈ ঘূৰি ফুৰে ক’ৰবাত, কোনোৱে কয় দৰগাহে দৰগাহে তেওঁ ভিক্ষা কৰি ফুৰে৷ তাই এতিয়াও নাজানে সত্য কি৷ মুঠতে দৰিয়াদিল চাচা জীৱনৰ দৰিয়াখনত বিলীন হৈ গ’ল৷

বগা মাৰ্বলেৰে সুসজ্জিত হজৰত চেলিম চিস্তিৰ দৰগাহটি ৰ’দৰ পোহৰত জিলিকি আছিল৷ কাষতে বহল চোতালত পকী কৰি থোৱা কেইবাটিও সৰু-বৰ কবৰ৷ তাই শিয়ঁৰি উঠিল অজানিতে৷ সেয়া বোলে হজৰত চিস্তিৰে পৰিয়ালৰ লোকৰ কবৰ৷ মানুহৰ কবৰৰ দৰে যদি প্ৰেমৰ কবৰবোৰ দেখা পোৱা গ’লহেতেন তেনেহ’লে চাগে কত শত লোকৰ বুকুৰ ভিতৰত কতনা সমাধিক্ষেত্ৰ দৃশ্যমান হ’লহেতেন৷ তাই দৰগাহত দিবলৈ এখন ৰঙীন চাদৰ কিনিলে৷ লগতে কিনিলে ৰঙা ধাগা৷ দৰগাহত তেতিয়া ভক্তৰ ভিৰ আৰম্ভ হৈছে৷ তাই ৰঙীন চাদৰখন আগুৱাই দিলে৷ মূলস্থানত বহি থকা বাবাজনে মুখেৰে কিছু কথা উচ্চাৰণ কৰি শুভ্ৰ চোঁৱৰেৰে তাই মস্তক স্পৰ্শ কৰিলে৷ নমন কৰি তাই জালিকটা বেৰখনত মন্নতৰ ধাগা বান্ধিবলৈ আহিল৷ কি বিচাৰিব তাই পৰমপিতাৰ পৰা! কাৰ বাবে বিচাৰিব! হাজাৰ-বিজাৰ সমস্যা পৃথিৱীখনত৷ কি কি সমাধা হোৱাটো বিচাৰিব! মন্নতৰ ধাগাডাল বান্ধি বান্ধি তাই ভাবিলে, অন্ততঃ মানুহৰ অন্তৰত মানৱতাৰ অনুভূতিখিনিক জীয়াই ৰাখা৷

অন্যমনস্কভাৱে তাৰপৰা ওলাই অহাৰ পথত এটি সৰু ল’ৰাই দিদি, দিদি বুলি পাছফালৰ পৰা চিঞৰি মতাত তাই ৰৈ দিলে৷ দেখিলে তেনে কেইবাটিও সৰু ল’ৰাই টুৰিষ্টক আগচি ধৰিছে৷ তাই হাঁহি মাৰি সুধিলে – ‘ক্যা হুৱা ভাই?’

-              শ্বায়েৰী চুনানা হে৷ এক শ্বায়েৰী মে বিচ ৰূপেয়া৷

-              বিচ ৰূপেয়া?

-              ঠিক হে, দচ ৰূপেয়া দেনে চে ভী চলেগা৷

-              আচ্ছা চুনাঅ’৷

সি গলখেকাৰি মাৰি আৰম্ভ কৰিলে –

‘চবকী অচলিয়ত চে ৱাকিফ হে হম, খামোচ জৰুৰ হে লেকিন অন্ধে নেহী৷’

তাই ৱাহ ৱাহ দিলে যদিও হাঁহি হাঁহি ক’লে – ‘আৰে য়ে তো মেনে ফেচবুক মে পঢ়া হে৷’

সি অভিমান কৰাৰ দৰে ওঁঠ দুটা বেকা কৰি দেখুৱালে৷ তাই ক’লে – ‘ঠিক হে দুচৰা চুনাঅ’?’

 

তাৰ মুখখন পোহৰ হ’ল৷ দ্বিতীয়বাৰ গলখেকাৰি মাৰি সি আৰম্ভ কৰিলে –

‘বদল জাঅ’ ৱক্ত কে সাথ

য়া ফিৰ ৱক্ত বদলনা চিখো,

মজবুৰিয়ো কো মত কোচো

হৰ হাল মে চলনা চিখো৷’

‘ৱাহ ৱাহ’ – তাই হাত তালি বজালে৷ তাই জোখতকৈ কেইটকামান বেচিকৈ তাৰ হাতত গুজি দি ক’লে – ‘শ্বায়েৰী বহত আচ্চা থা৷ পৰ তুম স্কুল জাতে হো কি  নেহী?’ সি হয়ভৰ দিলে৷ সঁচাকৈ যায় নে নাযায় সেয়া পিছে সি আৰু খোদাইহে জানিব৷

তাৰ মূৰত মৰমেৰে হাত ফুৰাই তাই বাহিৰলৈ ওলাই আহিল৷ বুলণ্ড দৰৱাজাই বুলণ্ড দৃষ্টিৰে আকাশলৈ চাই থাকিল৷  


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ