অন্যযুগ/


চেতন, অৱচেতন, চিৰন্তন

 অংগনা ভট্টাচাৰ্য্য

 

 

কোনোবাই এদিন কাৰোবাক কৈছিল—

“সৌপিনে পোহৰৰ মেলা, ইমান পোহৰ মোৰ সহ্য নহয়, ব’লা এন্ধাৰ ছটিয়াই দিওঁ৷”

 লহপহকৈ গজি উঠা ঢেঁকীয়াবোৰক নিজৰ খেতিৰ শাক বুলি কোৱা জোনাকী পৰুৱাটোৱে জানে, তাৰ শৰীৰত জিলিকি ৰোৱা পোহৰ সি নিজে আৰ্জি লোৱা নহয়, তথাপি সি প্ৰৱল অহংকাৰত কৈ উঠে—

“ময়েই ঘৰে-ঘৰে পোহৰ বিলাওঁ, মোৰ বাবেই এন্ধাৰ ৰাতিও ঘৰেপতি পোহৰ নামে৷” 

ঘৰচিৰিকাই হাঁহে৷ লুকাই-লুকাই আঁতৰৰ পৰা সি ম’ৰা চৰাইৰ দৰে উৰিব খোজে৷ ঢুপুচকৈ পৰাতহে চেতনা জাগে তাৰ— এইখন দেখোন সচিতৰ জগত৷ ইয়াত ম’ৰা চৰাইৰ অপৰূপ ৰহচৰাত মগন হৈ ৰোৱা জাক-জাক পিয়াৰুৰো দেখোন সপোন ভাগে! ম’ৰা চৰাইৰ মাতটো শুনি অনিৎপল ৰূপখিনি বুকুত নলগাই ইনস্টেণ্ট ব্ৰেক-আপ দি আঁতৰি যায় প্ৰেমিক যাযাবৰ৷ 

ম’ৰাৰ হিয়াভগা আৰ্তনাদ কোনে শুনে? কুলিৰ দৰে মৌসনা মাত হ’লে চাগৈ কোনোবাই কেতিয়াবা ম’ৰাৰ কাষলৈ গৈ চেনেহ অকণ যাঁচিলেহেঁতেন!

ঘৰচিৰিকাই বুজে ঘৰ নোহোৱাৰ বেদনা! অথচ হাঁহি থাকি মৌন বেদনা বুকুতে সামৰে, বেছিকৈ মন বেয়া হ’লে নাৰিকল ৰোকে, বচ ইমানেই আৰু... 

নাহৰৰ মনটো আজি বৰ এটা ভাল নহয়৷ মন ভাল নালাগিলে তাই ডায়েৰীখনতে কিবাকিবি লিখে৷ আজিও লিখি উঠি তাই আকৌ এবাৰ পঢ়ি চাই ডায়েৰীখন জপাই থ’লে৷ মাকে সৰুৰে পৰাই তাইক লিখিবলৈ শিকাইছিল৷ তেওঁ তাইক বুজাইছিল— “মনত থকা সকলো কথা মানুহক ক’ব নোৱাৰি৷ বুজাবও নোৱাৰি৷ কিন্তু লিখিবতো পাৰি৷ লিখি থ’বাচোন৷ তোমাৰ মনটোৱে অনুভৱ কৰা প্ৰতিটো অনুভৱ লিখি থ’বা৷ কি হয়, কেনে হয় সেইবোৰ পাছৰ কথা৷ মাত্ৰ লিখিবা৷” 

লিখাৰ স্বভাৱটো তাইৰ তেনেকৈয়ে গঢ় লৈ উঠে৷ অৱশ্যে তাই মাকৰ দৰে ক্ৰিয়েটিভ নহয়৷ তাইৰ অনুভৱবোৰক গল্প, উপন্যাস অথবা কবিতাৰ ৰূপ দিবলৈ তাই এতিয়ালৈকে যত্ন কৰা নাই৷ 

বাহিৰত চ’তমহীয়া বৰষুণ৷ বৰষুণজাক এই এৰে, আকৌ নতুনকৈ জোৰে৷ বৰষুণজাকৰ ঘন শব্দতে তাই বেলকনিলৈ উঠি আহিল৷ পোহৰ আৰু বৰষুণৰ শব্দই এটা বৰ মায়াময় পৰিবেশ গঢ়ি তুলিছে৷ এই মায়াৰ শেষ আছেনে? 

তাই নাজানে৷ মায়াময় শিল্পীয়ে তাইৰ মাকৰ বুকুত গঢ়ি তোলা অমৃত পোহৰৰ কথা তাই অৱশ্যে জানে৷ অকল মাকৰ বুকুতেই নে? ওহোঁ৷ সেই মায়াই তাইকো বৰ আতিপুতিকৈ মেৰিয়াই ৰাখিছে৷ সেয়ে মাকে কান্দিলে তাইৰো বৰ দুখ লাগে৷ তায়ো বুজি উঠিছে মাকৰ হৃদয়ৰ অটল গহ্বৰত প্ৰাণৰ শিল্পীৰ প্ৰতি লিখা থকা অন্তহীন প্ৰেমৰ কথা৷ তাই সেই প্ৰেমক বৰ গভীৰতাৰে শ্ৰদ্ধা কৰে৷ 

তাই মাকক বিচাৰিলে৷ তেওঁ ৰেৱাজত ব্যস্ত৷ মাকে কালি ৰাতিয়েই এটা গল্প আৰম্ভ কৰি তাইক পঢ়িবলৈ দিছিল৷ পিছে তাই পাহৰি থাকিল৷ মাকৰ কোঠাত সোমাই তেওঁৰ পঢ়া মেজৰ ক্লীপব’ৰ্ডত সোমাই থকা কাগজখিলা দেখিহে তাইৰ মনত পৰিল৷ তাই কাগজখিলা হাতত লৈ মাকৰ কাষতে মজিয়াত বহি লৈ পঢ়িবলৈ ধৰিলে— 

“আজিকালি জুবিন গাৰ্গে কথা নকয়, গানো নাগায়৷ চৰকাৰক সমালোচনা নকৰে, সুবিধাবাদী কোনো মন্ত্ৰী-বিধায়কক গৰু-গাই বুলি লাজো নিদিয়ে৷ আজিকালি জুবিন গাৰ্গ ভাল হ’ল৷ তেওঁৰ বয়স বাঢ়িল৷ জুবিন গাৰ্গ এতিয়া বুঢ়া হ’ল৷ তেওঁৰ ওঁঠৰ মাত হেৰুওৱাৰ পৰা অসমখনৰ বুকুৰ বিষ বাঢ়িল। বিষ মানে একেবাৰেই ভাল নোহোৱা বিষ৷ বাইপাছ চাৰ্জাৰী কৰি যেনিবা ডাক্তৰে হাৰ্টৰ ব্লকেজ খুলিব পাৰিলে৷ তথাপি সকীয়াই থ’লে— দৰব আৰু খোৱা-বোৱাৰ ইফাল-সিফাল হ’লেই জহি-খহি যাব শৰীৰ৷” 

গল্পটোৰ আৰম্ভণিখিনি পঢ়ি নাহৰে মাকৰ মুখলৈ চালে৷ সতেজ অথচ উৎসাহহীন৷ তাইৰ মনটো আকৌ সেমেকি উঠিল। আজি ছেপ্টেম্বৰৰ ঊনৈছ তাৰিখ, তাইৰ ওপজা দিন৷ তাইৰ ওপজা দিন বুলিয়েই হয়তো মাকে কালি ৰাতিয়েই আৰম্ভ কৰিছে গল্পটো৷ গল্পটোৰ প্ৰথম অংশখিনিহে মাত্ৰ লিখি তেওঁ ব্যস্ত ৰেৱাজ কৰাত৷ কাৰণ আজি জন্ম আৰু মৃত্যুৰ মায়াময় কথনবেলা৷ আজি তেওঁৰ সুমধুৰ কণ্ঠেৰে নিগৰিছে মায়াবিনী ৰাতিৰ বুকুত... 

মাকৰ দুচকু আজি লুইত সাগৰ৷ জনা হোৱাৰে পৰা তাই দেখিছে এইখন সাগৰ বিয়পি আছে ভালপোৱাৰ মাছ৷ ভালপোৱাৰ মাছবোৰক মাকৰ দৰে অনেক মানুহে জীয়াই ৰাখিছে , পোহ মেলি দিছে জীৱনৰ অনাদি উৎসাহত৷ তাই মাকৰ দুচকু আলফুলে মচি দি ক’লে— 

“নাকান্দিবা মা৷ মইতো তেওঁক কেতিয়াও দেখা নাই৷ অথচ মোৰেই এতিয়া সাতাইছ বছৰ হ’ল, তথাপি তোমাৰ দুচকুতেই তেওঁক সদায় দেখিছোঁ, তেওঁৰ গানত তেওঁক অনুভৱ কৰিছোঁ, ভাল পাবলৈ শিকিছোঁ৷ তেওঁৰ দৰে মানুহ নোহোৱা হ’ব পাৰে জানো?” 

মাকৰ বুকুত তেতিয়াও প্ৰথম ভালপোৱাৰ সদ্যোজাত উকমুকনি, তথাপি তেঁৱো জানে— এই ভালপোৱা ৰৈ যাব গগন বিয়পি অথবা নিভাঁজ মৰমৰ অন্তৰ্লীন সুৱাস হৈ৷ নতুবা তেওঁৰ প্ৰথম সন্তান আগমনৰ প্ৰথম আৱেগৰ ঢৌৰ দৰে বৈ থাকিব নিৰলস৷ 

নাহৰে মাকৰ দুচকু পঢ়িব জানে৷ বুজি পায় তেওঁৰ হৃদয়ৰ অসুখ৷ জুবিন গাৰ্গ বোলা শিল্পীগৰাকীক তাই “জুবিন মামা” বুলি মাতে৷ সিহঁতৰ ডাঙৰ ড্ৰয়িং ৰূমটোৰ বেৰত আঁৰি থোৱা তেওঁৰ ফটোখন দেখুৱাই মাকে এদিন তাইক কৈছিল— “এয়া তোমাৰ জুবিন মামা৷ সদায় নমো দিবা দেই গোঁসানী৷” তেতিয়া তাই ছয়বছৰীয়া৷ আৰু অলপ  ডাঙৰ হৈ এদিন তাই মাকক সুধিলে— 

“জুবিন মামা ভগৱান নেকি মা?” 

মাকে তাইৰ সোঁহাতখনতে চুমা এটা খাই কৈছিল—

“তেওঁ এজন ভাল মানুহ মা৷ এটা কথা তুমিও জানি থোৱাঁ— মানুহৰ দুখ-দুৰ্দশাক অনুভৱ কৰিব পৰাৰ শক্তি ভগৱানতকৈ মানুহৰ বেছি থাকে৷ যি মানুহে এই শক্তিখিনিৰ সৎ প্ৰয়োগ কৰে, তেওঁ ভগৱানতকৈয়ো ভাল৷ জুবিনদা ভগৱানতকৈ বহুত ওপৰত৷” 

তাই মনে-মনে ৰৈছিল৷ মাকে পাকঘৰলৈ গৈ সন্ধিয়াৰ দুকাপ চাহ বাকিছিল, অথচ তাই ভাবিয়েই ৰৈছিল— মানুহে নো কেতিয়া ভগৱানৰ স্থান পায়? 

চাহত চুমুক দিয়াৰ সলনি ভৰি উঠা দুচকুৰে মাকে তাইক কৈছিল— 

“জুবিন গাৰ্গ কেৱল এগৰাকী শিল্পী নহয় মা৷ মানুহৰ কাৰণে জেপৰ সাঁচতীয়াখিনি থিতাতে উলিয়াই দিব পৰা অংকউদাসী চহা তেওঁ৷ তেওঁ কৃষকৰ গাৰ ঘামৰ দৰে সৰল, বৰষুণৰ পানীৰ দৰে নিঁভাজ আৰু পথাৰৰ ৰসাল মাটিৰ দৰে শস্যঘন৷ তেওঁ সৃষ্টিৰ সনাতন, সুৰৰ সঁজাল সোণমাদলি৷ তেওঁ গাঁৱৰ তিৰোতাবোৰৰ খুচুৰা সপোন, চহৰৰ ডেকাৰ ম’বাইলৰ ৰিংট’ন৷ ন-ছোৱালীবোৰৰ বুকুৰ উমত খাজকটা প্ৰথম অনুভৱৰ সৰল বিনয়, কেচকলি আইতাৰ চাদৰৰ আঁচলত বান্ধি থোৱা দুখন তামোল-চালিৰ পকা সুগন্ধি৷” 

কোনে ক’ব তেওঁ নাই? জুবিন গাৰ্গ মৰিব পাৰে নেকি? 

নোৱাৰে নহয়৷ 

নাহৰে মাকক সোধে— “কেনেকৈ কি হৈছিল মা?” 

মাকে কয়- “শ্ৰীকৃষ্ণক ব্যাধে অজানিতে মাৰিছিল৷ জুবিনদাকো হয়তো কোনোবাই কেতিয়াবা মাৰিছিল৷ হয়তো ভগৱানৰো ঈৰ্ষা হৈছিল, ইমান ভালপোৱা, ইমান সন্মান এজন সামান্য গান গোৱা, গান লিখা মানুহে কিয় পাব লাগে! চাগৈ ভগৱানৰো ঠেঁহ লাগিছিল৷ পিছে জুবিন গাৰ্গ নমৰে নহয়৷ তেওঁ জী থাকে অসমৰ মাটিৰ কেঁচা পৰশত৷ সঁচা অসমীয়াৰ বুকুৰ ঘৰত৷” 

তাই মাকৰ কোনো কথাই নুবুজিলে৷ মুখ মেলি চাই ৰ’ল তাই মাকৰ মুখলৈ৷ 

কিতাপতে তাই পাইছিল— সঁচা কোৱা মানুহক বেছিভাগ মানুহেই ভয় কৰে৷ বেয়াও পায়৷ অথচ মনৰ পৰা সন্মান কৰিবলৈ বাধ্য হয়৷ তেওঁৰ সততা আৰু সত্যক কোনেও নজনাকৈ নিজৰ মনতে স্বীকাৰ কৰিবলৈ বাধ্য৷ ৰাইজে মানিছিল যাক, তেওঁকনো ৰজাৰ স্বীকৃতিৰ কি প্ৰয়োজন? অভং মানুহজনলৈ বহুসময়ত খং উঠিলেও কোনেনো বেয়া পাব পাৰিছিল? 

নাহৰে জানে তাইৰ জন্মৰ কাহিনী৷ ১৯ ছেপ্টেম্বৰৰ ৰাতি দহ বাজি দহ মিনিটত তাইৰ জন্ম হৈছিল৷ সময়তকৈ বিছদিন আগতে তাই পৃথিৱীলৈ আহিছিল৷ প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাৰ খবৰটোৱে গা-ভাৰী মাকৰ শাৰীৰিক-মানসিক অৱস্থা অস্থিৰ কৰি তুলিছিল৷ উদাস নিশা এটাৰ অটল আন্ধাৰত তাই প্ৰথমটো উশাহ লৈছিল৷ আদৰৰ প্ৰথম সন্তানটোলৈ মাক-দেউতাকৰ আদৰ জন্মা নাছিল, নাৰ্ছে উলাহেৰে অ’ টি-ৰ বাহিৰত ৰৈ থকা দেউতাকক সন্তান আগমনৰ বতৰা দিয়া নাছিল, কোনেও কাকো মিঠাই খুওৱা নাছিল, ঈশ্বৰক কোনেও সকলো ভালে-ভালে হৈ গ’ল বুলি ধন্যবাদ জনোৱা নাছিল৷ তাইৰ জন্ম আছিল আকস্মিক৷ অনাদৰ আৰু অনুৎসাহত কৰবাত হেৰাই গৈছিল তাইৰ প্ৰথম কান্দোনৰ আৱেগ৷  বহুদিনলৈ তাইৰ নাম থোৱা হোৱা নাছিল, তাইৰ বাবে কোনেও অধীৰতাৰে ব্যস্ত হৈ পৰা নাছিল৷ নৱেম্বৰৰ ওঠৰ তাৰিখে দেউতাকে তাইৰ নামটো ৰাখিছিল— নাহৰ, নাহৰ জুবিন৷ 

তাইৰ আজি ওপজা দিন, আজি ঊনৈছ ছেপ্টেম্বৰ, অসমখন এন্ধাৰ হোৱাৰ সাতাইছ বছৰ সম্পূৰ্ণ হোৱাৰ দিন আজি৷ কোনোদিনে পালন নকৰা তাইৰ ওপজা দিনটোত তাই মাক-দেউতাকক বৰকৈ মৰম কৰে৷ সৰুতে কান্দিছিল তাই, ওজৰ পাতিছিল৷ পিছে জনা হোৱাৰে পৰা কেতিয়াও ওফোন্দ নাপাতে, অভিমান নকৰে, আবদাৰো নোজোৰে৷ ঊনৈছ ছেপ্টেম্বৰৰ দিনটো সঁচা অসমীয়া মানুহে পালন কৰিব নোৱাৰে, তাই বুজি উঠে এই কথা৷ অৱশ্যে প্ৰতিটো বছৰেই তাইৰ ওপজাদিনৰ আশে-পাশে থকা দেওবাৰটোত সিহঁত তিনিও ওলাই যায়৷ হয়তো নতুন ঠাই এখনলৈ ফুৰিবলৈ ওলাই যায়, অথবা দুপৰীয়াৰ সাঁজ বাহিৰতে খায়৷ হয়তো অনাথ-আশ্ৰমলৈ গৈ কিছুসময় কটায়, নহ’লে অ’ল্ড এজ হ’ম এটালৈ গৈ সন্ধিয়ালৈ সময় পাৰ কৰে৷ কেতিয়াবা বাটৰ কুকুৰবোৰলৈ ঘৰতে ৰান্ধি মাকে আহাৰৰ টোপোলা লৈ যায়, কেতিয়াবা অৱশ্যে ঘৰতে মাকে আদৰেৰে এসাঁজ ৰান্ধে৷ প্ৰতিটো জন্মদিনতে মাক-দেউতাকে তাইক উপহাৰ দিয়ে দুখনকৈ মূল্যবান কিতাপ৷ প্ৰতি ঊনৈছ ছেপ্টেম্বৰত সিহঁতৰ ঘৰৰ পুথিভঁৰালটো আৰু অলপ চহকী কৰি সংযোগ হয় দুখনকৈ কিতাপ৷ দেউতাকে তাইক শিকায়— “কিতাপ পঢ়া, যিমান মন যায় সিমান পঢ়া৷ ধন-সম্পদ সকলো লাগে মানুহক৷ কিন্তু শিক্ষা আৰু জ্ঞানেই একমাত্ৰ ব্যক্তিগত সম্পদ, যি নহ’লে মানুহ পৰিপূৰ্ণ নহয়৷” 

নাহৰে মাকৰ কিতাপবোৰ আদৰেৰে চোৱে, এনে লাগে যেন তাইৰ মাকে লিখা প্ৰতিটো শব্দৰ উত্তৰাধিকাৰী তাই৷ তেওঁ লিখা কিতাপবোৰ, তেওঁ গোৱা গানবোৰ তাইৰ হৃদয় জুৰি ৰয়৷ সংগীত আৰু সাহিত্যৰ অপৰূপ সান্নিধ্যত তাই ডাঙৰ হয়৷ মাকৰ বছৰজোৰা সাধনাই তাইক চিনাকি কৰাই দিয়ে নৈৰ্ব্যক্তিক জগতখনৰ সৈতে, য’ত থাকে মাকৰ প্ৰাণৰ শিল্পী৷ মাকেই এদিন তাইক কৈছিল— 

“জুবিন গাৰ্গে সমাজৰ ভালৰ বাবে কাম কৰিছিল, অথচ সামাজিকতাতকৈ বেছি গুৰুত্ব দিছিল মানৱীয়তাক৷ জাতিৰ প্ৰতি থকা তেওঁৰ দায়ৱদ্ধতা দেখিলে তোমাৰ মনটোও জাতীয়তাবাদী চেতনাৰ প্ৰতি জলমল হৈ উঠিলহেঁতেন৷” 

নাহৰে জুবিন গাৰ্গৰ ফটোখনৰ সমুখত এগছি চাকি জ্বলালে৷ দুডাল ধূপো সজালে৷ কিতাপকেইখনমান কিনি তাই আজি আশ্ৰম এখনলৈ যাব৷ অলপ খোৱাবস্তুও লগতে লৈ যাব৷ অনাথ শিশুবোৰৰ সৈতে এপৰ কটাব৷ আশ্ৰমতে কৰবাত দুডাল নাহৰৰ পুলি ৰুব৷ উভতি আহি গোটেই নিশা তাই আজি গান শুনিব, মাকৰ ওচৰতে থাকিব৷ মাকৰ দৰে মানুহবোৰে জুবিন গাৰ্গ বোলা মাটিৰ মানুহজনক কেতিয়াও মৰিবলৈ দিব নোৱাৰে৷ তেওঁৰ কণ্ঠ ৰুদ্ধ হোৱা দেখি, ৰাইজৰ ওপৰত ৰজাৰ অনীতি দেখিও তেওঁৰ মাত নুফুটা দেখি মাকহঁতৰ দৰে মানুহে হয়তো ভাবিব— 

জুবিন গাৰ্গ এতিয়া বুঢ়া হ’ল৷ তেওঁ বহুত অভিজ্ঞ হ’ল, নভবা-নিচিন্তাকৈ তেওঁ কথা নকয়, তেওঁ গভীৰতাৰে মনে-মনে সকলো ভাবেহে৷ চিন্তা কৰে বহু দূৰলৈ৷ অসমৰ জাতীয় জীৱনৰ বহু বয়সীয়া আয়ুস ৰেখা হৈ তেওঁ থাকি যাব অনাদি কাললৈ, অসীমলৈ৷ হয়তো তেওঁক প্ৰাণ ভৰি ভালপোৱা প্ৰতিজন মানুহৰ বুকুত উতলি থাকিব তেওঁৰ মুকুতাৰ দৰে জলমল চিকুণ কথাষাৰ— 

“মোৰ সোঁ কান্ধখন ভাঙি দে, বাওঁ কান্ধখনো ভাঙি দে৷ মই কিন্তু থিয় হৈয়েই থাকিম৷ যেতিয়ালৈকে মোৰ ৰাজহাড়ডাল ভাঙিব নোৱাৰ৷ আই এম দ্যা স্পাইন৷” 

এইখন অসমত জুবিন গাৰ্গৰ ৰাজহাড় ভঙাৰ সাহস কাৰ? সাতাইছ বছৰ পাছতো দেখোন তেওঁৰ ৰাজহাড় পোন হৈয়েই থাকিল, আগলৈয়ো থাকিব, চিৰদিন থাকিব৷ 

নাহৰে মাকৰ গল্পটোৰ এটা নাম দিলে— 

“জুবিন গাৰ্গ কেতিয়াও বুঢ়া নহয়৷”

 ***

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ