অন্যযুগ/


নয়নতৰা

আকাশ দীপ্ত ঠাকুৰ   

 

       “সেইখন পথিৱী বেলেগ সীমান্ত৷ আমি ভাবি লোৱা, মানে আমাৰ হাতৰ মুঠিত থকা এই পৃথিৱীখনৰ দৰে নহয়৷ যিমানেই আমি চেষ্টা নকৰোঁ কিয়, সকলো কেৱল অথলে যাব৷ আমি দুয়ো কাকো কোনো কথাই বুজাব নোৱাৰোঁ৷ আৰু...মই...; মই নিজৰ বিষয়ে সমূলি চিন্তা কৰা নাই; ভৱিষ্যতলৈ তোমাৰ ক্ষেত্ৰত হ’ব পৰা অশান্তিবোৰ মোৰ চকুৰ আগলৈ আহি আছে৷ মই নোৱাৰোঁ সীমান্ত৷ তেনে পাপ আৰু মোৰ দ্বাৰা নহ’ব৷ তুমিও তেনে চিন্তা বাদ দিয়া, সমূলি বাদ দিয়া...৷”

       বাৰে বাৰে কৃষ্ণাৰ সেই কথাকেইটা এই মুহূৰ্তত মোৰ মনলৈ আহিছে৷ মই চকুহাল মুদি দিলোঁ৷ কিয় এনেকুৱা হ’ল পুনৰ? মই কিয় তাইক আকৌ লগ পালোঁ? ভাগ্যই এয়া মোৰ সৈতে কেনে খেল খেলিলে বাৰু? ভাগ্য! ভাগ্য বুলিবলৈ মোৰ কিবা আছিল জানো? অপ্ৰাপ্তিৰ পৰিসীমাত কোঙা হৈ পৰি থকা এটা আধা-আধৰুৱা জীৱন...আৰু সীমাহীন দুৰ্ভাগ্য! তাৰবাদে¸ পাৰ হৈ যোৱা ষোল্লটা বসন্তত নিজলৈ বুলি আৰু কি কঢ়িয়ালোঁ?

       সেইখন পৃথিৱী–কৃষ্ণাই কোৱা সেইখন পৃথিৱী আছিল আমাৰ ঘৰৰ চৌপাশৰ অসমীয়া সমাজখন৷ কাহানিও যিখন সমাজ সলনি নহ’ল৷ যেনেকুৱা আছিল, দিন-মাহ বছৰ বছৰ ধৰি সেইদৰেই ৰৈ যোৱা এখন সমাজ৷ আজি এয়া ষোল্ল বছৰৰ পাছতো সেইখন সমাজ সেইদৰেই থকা কথাটো একেদৰেই মোৰ মনলৈ আহিছে৷ যিটো বিষয় মই তেতিয়াও ভুল বুলি ভাবিব পৰা নাছিলোঁ; কৃষ্ণাৰ বাবে ভুল নাছিল; আমাৰ পৃথিৱীখনে ভুল বুলি ভবা নাছিল তেতিয়াই; সেইটো বিষয় এতিয়াও আমাৰখন সমাজৰ বাবে আচহুৱা হৈয়েতো আছে৷ এতিয়া এই মুহূৰ্তত সম্পূৰ্ণ পৃথক এখন মুকলি সমাজ, পৃথক ঠাইত দ্বিতীয়বাৰৰ বাবে আমি দুয়ো লগ হ’লোঁ; যিটো আমাৰ দুয়োৰে বাবে আছিল সম্পূৰ্ণ আচহুৱা, অনাকাংক্ষিত–যিদৰে আমাৰ মিলন আমাৰখন সমাজৰ বাবে আছিল আচহুৱা, অনাকাংক্ষিত৷

       “আৰু একো নোকোৱা?” কৃষ্ণাই মোৰ চকুলৈ চাইছিল৷ কি ক’ম মই? বহু কথা বহু আগতেই কৈছিলোঁ৷ সকলো কথাই তাই বুজি পাইছিল, মোক বুজিছিল; বাহিৰে-ভিতৰে মই মানুহটো তাইৰ সন্মুখত উদং, নিঃস্ব হৈ পৰিছিলোঁ৷ আৰু আজি ষোল্ল বছৰৰ পাছত তাই সুধিছে–একো নোকোৱা? আছে, এতিয়াও আৰু বহু কথা কৃষ্ণাক ক’বলৈ বাকী আছে৷ তাইৰপৰা বিচ্ছেদ হোৱাৰ পাছৰ মোৰ জীৱনটোৰ বিষয়ে একো কথাইতো তাই নাজানে৷ বহু কথা মোৰো শুনিবলৈ আছে৷ ময়োতো একো নাজানো তাইৰ বিষয়ে৷

       মনলৈ পাকঘূৰণি খাই পুনৰ আহিল প্ৰশ্নটো–‘আৰু একো নোকোৱা?’–কি ক’লোঁনো তাইক মই? ভাগ্য...মানি লওঁ বা নলওঁ–আজি এই মুহূৰ্তৰ এই সকলো ভাগ্যৰ খেল বুলিয়ে ক’ব লাগিব৷ ঘটনাবোৰৰ অকণমান ইফাল-সিফাল হোৱাহেঁতেন হয়তো আজি তাইক মই লগ নাপালোঁহেঁতেন৷ এসপ্তাহৰ বাবে আহিছিলোঁ যদিও আমাৰ ইতিপূৰ্বেই বেংগালুৰুত দহদিন হৈ গৈছিল৷ আমি থকা হোটেলখন আজি দিনৰ এক বজাত এৰি দিছিলোঁ৷ ফ্লাইটৰ সময় আকৌ পুৱা চাৰি বজাতহে আছে৷ ভাবিলোঁ–নিশা ওলাই গ’লে হোটেলৰ এদিনৰ সম্পূৰ্ণ ভাৰাটো দিব লাগিব; তাতকৈ এখন টেক্সি বন্দৱস্ত কৰি বেংগালুৰু চহৰৰ ওচৰে-পাজৰে কিছুমান ঠাই এবাৰ চোৱা যাওক; কিয়নো এয়া হয়তো বনানী আৰু মোৰ একেলগে অন্তিমটো যাত্ৰা৷ হেঁপাহ পলুৱাই হাতত থকা সময়খিনি উপভোগ কৰিম, দিনৰ আহাৰ, নিশাৰ আহাৰ দুয়োটা হৈ যোৱাৰ পাছত এয়াৰপ’ৰ্টলৈ গুচি আহিম৷ তাতে পাছৰ সময়খিনি পাৰ কৰিব পৰা যাব৷ আন্তৰ্জাতিক বিমান-বন্দৰ...ইফালে-সিফালে ঘূৰি ফুৰিলেও সময় কাটি যাব৷ গতিকে বাৰ বজাত কাপোৰ-কানি বান্ধি, বনানীৰ বাবে কৰিবলগীয়াখিনিও শেষ হোৱাৰ পাছত হোটেলৰ কোঠালিটো বাৰ বজাত এৰি দিলোঁ৷ বনানীয়ে দুৰ্বল শৰীৰটোৰে মোক অলপ-অচৰপ সহযোগ কৰি গৈছিল৷ কৰিব পৰাখিনিতকৈ মনটোৱে আৰু বহু কিবাকিবি কৰিবলৈ ইচ্ছা কৰিছিল তেওঁৰ৷ মই বুজিছিলোঁ; সেয়েহে যিমানপাৰি কামবোৰ মই নিজে কৰিবলৈকে চেষ্টা কৰিছিলোঁ৷ বহুত কথা সেইবোৰ–প্ৰাপ্তি-অপ্ৰাপ্তিৰ খতিয়ান৷ বেংগালুৰুত ফুৰিবলগীয়া ঠাইবোৰ ইমান ইমান দূৰৈত...অহা-যোৱাতে সময় পাৰ হৈ গৈছিল৷ লালবাগৰ বটানিকেল গাৰ্ডেনলৈ যোৱাৰ পাছত এখন অসমীয়া হোটেল বিচাৰি এসাজ ভালদৰে খাওঁতেই আমাৰ চাৰি বাজি গৈছিল৷ তাৰ পাছত পোনে পোনে ঈশা চেণ্টাৰলৈ গ’লোঁ৷ কিয় জানো...মোৰ সেই যোগকেন্দ্ৰটো দৰ্শন কৰিবলৈ বৰ ইচ্ছা হৈছিল৷ নিশা সাতবজাৰ পাছত তাত লেজাৰ ৰশ্মিৰ দ্বাৰা হোৱা পোহৰৰ খেলাটো উপভোগ কৰিবলৈ মন গৈছিল৷ বিশেষকৈ দেৱাদিদেৱ মহাদেৱক আধাৰ কৰি প্ৰদৰ্শন কৰা সেই পোহৰৰ খেলটো দুৰ্বল দৃষ্টিৰে হ’লেও বনানীয়ে উপভোগ কৰিব বুলি ভাবিছিলোঁ৷ চাৰি বজাত ওলাইছিলোঁ যদিও যান-জঁটৰ মাজত সোমাই পৰাৰ বাবেই সময় কিছু হৈছিল৷ সাত বজাৰ আগে আগে কথমপি সেইখিনি গৈ পোৱাৰ পাছত সবাতোকৈ আচৰিত হৈছিলোঁ মানুহৰ ভিৰ দেখি৷ পাহাৰীয়া বিশাল অঞ্চলটোত অসংখ্য গাড়ী, মটৰ চাইকেল, দৰ্শনাৰ্থী৷ বনানীক দূৰৈৰপৰাই কজলা বৰণৰ বিশাল শিৱমূৰ্তিটো দেখুৱাইছিলোঁ–“চোৱাঁচোন, কিমান বিশাল মূৰ্তি!” বনানীয়ে এবাৰ মোৰ মুখলৈ চাই একেথৰে দূৰলৈ চাইছিল৷ একাঁ-বেকা পথটোৰে উঠি আহোঁতে দূৰৈৰ মূৰ্তিজনালৈ বাৰে বাৰে চাইছিল৷ গাড়ীখন পাৰ্কিঙত থোৱাৰ পাছত চালকৰ নিৰ্দেশমতে আমি দুয়ো লাহে ধীৰে গৈ আছিলোঁ মানুহ অনুসৰণ কৰি কৰি৷ সুবিশাল শিৱমূৰ্তিৰ ঊৰ্ধাংশত বিচ্ছুৰিত পোহৰৰ খেলা চাই চাই মানুহৰ মাজতে দুয়ো তন্ময় হৈ পৰিছিলোঁ৷ লাহে লাহে মোৰ কান্ধত মূৰ থৈ বনানী অৱশ হৈ পৰিছিল৷ সকলো পৰিস্থিতিৰ বাবে মই সাজু হৈয়ে আছিলোঁ৷ পুনৰ মানুহৰ ভিৰ ঠেলি ঠেলি মই বনানীক এহাতেৰে সাবটি মুকলি পথাৰখন পাৰ হৈ পথত উঠিছিলেঁহি৷ বৰ কষ্ট হৈছিল; কিন্তু মইতো জীৱনটোৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈয়ে আছোঁ৷ যুঁজি যাম এনেকৈ...শেষলৈকে৷ সি যি নহওক, আমি দুয়ো চুঁচৰি অহা দি আহি আলিবাট পাওঁহি মানে লেজাৰ প্ৰদৰ্শনীটো শেষ হৈছিল৷ হুৰমূৰাই মানুহবোৰ যেনি-তেনি ওলাই আহিছিল৷ ফোন কৰি কৰি ভিৰৰ মাজেদি গাড়ীখন কথমপি পোৱাৰ পাছত পাছৰ ছীটত আলফুলকৈ বনানীক শুৱাই দিছিলোঁ৷ মই কাষতে বহি অপেক্ষা কৰিছিলোঁ–গাড়ীবোৰ ওলাই পাতল হৈ পৰালৈ৷ দীঘলীয়া শাৰী পাতি পাতি গাড়ী, মটৰ চাইকেল ওলাই গৈ আছিল...গৈ আছিল...যেন কাহানিও শেষ হ’ব নোৱৰা অন্তহীন যাত্ৰা৷ অৱশেষত আমাৰ গাড়ীখনো ওলাই আহিছিল যদিও ঠেক পথটোৰ বিশাল যান-জঁটত পুনৰ সোমাই পৰিছিল৷ মুকলি পথলৈ ওলাই অহালৈকে সৈতে ভালেমান সময় লাগিল৷ বনানী ইতিমধ্যে গভীৰ টোপনিত পৰিছিল৷ মোৰ চিন্তা হৈছিল–নিশাৰ আহাৰৰ নামত বনানীক কিবা এটা খুৱাব পৰাহেঁতেন! ইমান চোকা দৰৱবোৰ খুৱাব লাগে...৷ সি যি নহওক, মূল পথলৈ গাড়ী উঠোৱাৰ পাছতো বেংগালুৰুৰ এয়াৰপৰ্টলৈ ভালেমান দূৰ থাকে৷ পথৰ কাষৰ পাঞ্জাৱী ধাৱা এখনত নিশাৰ আহাৰৰ বাবে গাড়ী ৰখাওঁতে বনানীক শুৱাই থৈ মই খাই-বৈ আজৰি হৈ ল’লোঁ–কোনোবা এজনতো সুস্থ হৈ থাকিবই লাগিব৷ টেক্সিয়ে আনি বেংগালুৰু এয়াৰপ’ৰ্টৰ টাৰ্মিনেল টু পোৱাওঁতে নিশা চাৰে এঘাৰ বাজি গৈছিল৷ বনানীৰ বাবে হুইল চেয়াৰৰ ব্যৱস্থা কৰি তাতে তেওঁক শুৱাই দিলোঁ৷ লাগেজসহ ভিতৰলৈ অহাৰ পথত প্ৰথম চেকিঙত ফ্লাইটৰ সময়টো চাই চিকিউৰিটি আচৰিত হৈছিল–পুৱা চাৰি বজাৰ ফ্লাইট, অথচ ইমান সোনকালে? তেখেতে হিন্দীতে মোক কৈছিল যে ইমান সোনকালে আচলতে এয়াৰপ’ৰ্টত সোমাবলৈ দিয়াৰ নিয়ম নাই; কিন্তু মাডাম লগত আছে আৰু তেখেত অসুস্থ; গতিকে...৷

       গতিকে যাৱতীয় নিয়মখিনি শেষ কৰি প্ৰথমে বনানীক ভিতৰত থৈ পাছৰবাৰ লাগেজ থকা ট্ৰলিখন ঠেলি ঠিক ভিতৰলৈ সোমাবলৈ লৈ মই ৰৈ গৈছিলোঁ৷ বনানীৰ কাষত থিয় হৈ মোলৈ একেথৰে চাই আছিল আন এগৰাকী আধুনিকা নাৰীয়ে৷ এপলক তেওঁৰ ফালে চাই মই হতবাক হৈ পৰিছিলোঁ–কৃষ্ণা!

       “ভাগ্যই আমাক এনেদৰে পুনৰ লগ হ’বলৈ সুযোগ দিলে৷ সুযোগ নোপোৱাহেঁতেন কাহানিও মনলৈ চাগৈ কোনো কৌতূহলো নাহিলহেঁতেন; নহয়নে? এই সুযোগেওতো বেছি সময় আমাক নিদিয়ে৷ ক্ষন্তেকীয়া জীৱন, থমকি নোৰোৱা সময়...” কৈ যাওঁতে কৃষ্ণাই গভীৰ আৱেগেৰে মোৰ মুখলৈ চালে–“তোমাৰ জীৱনৰ কথাবোৰ কোৱাঁ সীমান্ত৷”

       মই কিছু নিলগত বনানী শুই থকা হুইল চেয়াৰখনলৈ এবাৰ চালোঁ৷ নিষ্পাপ মুখখনলৈ চাই থাকিলে ভিতৰৰ কাৰুণ্যখিনি অনুধাৱন কৰিবলৈ অসুবিধা নহয়৷ মোৰ দৃষ্টি অনুসৰণ কৰি কৃষ্ণায়ো বনানীৰ ফালে চালে৷ মৌনতায়োযে কৈ যায় বহু কথা৷ কৃষ্ণাৰ সৈতে মোৰ সামাজিক বিবাহ অসম্ভৱ বুলি জনাৰ পাছত বিধবস্ত মন লৈ মই মুম্বাই এৰিছিলোঁ৷ বহুজাতিক কোম্পানীৰ সেই বিলাসী চাকৰিৰ প্ৰতি মোহ নোহোৱা হৈ পৰিছিল৷ অসমলৈ উভতি অহাৰ পাছত পুনৰ সেই গতানুগতিক জীৱন৷ চৰকাৰী বিষয়া হৈ কাম আৰম্ভ কৰিবলৈ লোৱাৰ পৰা আপোন মানুহখিনিৰ কেৱল এটাই উদ্দেশ্য হৈ পৰিছিল–মোৰ বিয়াখন পাতি পেলাব লাগে৷ মা-দেউতাই কৃষ্ণাৰ বিষয়টোত অসম্ভৱ ভয় খাইছিল৷ যেনে-তেনে মোৰ বিয়াখন পাতি দিব পৰাতেই যেন সকলো সমস্যাৰ সমাধান হ’ব–সেই ধাৰণাটোৰ আঁৰত মোৰ মনটোক বুজিবলৈ কোনো এজন দ্বিতীয় মানুহ মই পোৱা নাছিলোঁ৷ সেয়া বিচাৰিও লাভ নাছিল৷ কিছুমান বিষয় বুজিব পৰাকৈ আমাৰ মানুহখিনি আজিও সক্ষম, সচেষ্ট কোনোটোৱে নহয়৷ বহুবাৰ ভাবিছিলোঁ–বেলেগ ঠাইলৈ ট্ৰেঞ্চফাৰ লৈ নিৰলে থাকোঁগৈ নেকি! কাকো অসন্তুষ্ট কৰিব মই নোৱাৰোঁ; কিন্তু মোৰ সন্তুষ্টিৰ কথানো কিমানে ভাবে? পাছত নিজকে বুজনি দিছিলোঁ–চক্ৰবেহুত সোমালোঁ যেতিয়া; এনেকৈয়ে চলি যাবই লাগিব৷ সেয়েহে এদিন...সকলোকে সন্তুষ্ট কৰিবলৈ মই বনানীক বিয়া কৰালোঁ৷ আৰু নিজে...?

       “বনানীয়ে মোক বিবাহৰ পূৰ্বেই সুধিছিল–তেওঁক মই ভাল পাইছোঁনে? তেওঁক মই বিয়া কৰাবলৈ নিজে সন্মত হৈছোঁনে? আনৰ হেঁচাত পৰি বিয়া কৰালে কেৱল বুজা-পৰাৰ মাজেদিয়ে জীৱনটো পাৰ হৈ যায়৷ মই সেইদৰে জীৱনটো পাৰ কৰিব বিচাৰিছোঁ নেকি?”–কৃষ্ণাৰ মুখলৈ নোচোৱাকৈ মই কথাখিনি কৈ গৈছোঁ–“তেওঁ মোক আৰু কৈছিল, কি কৈছিল জানা কৃষ্ণা–প্ৰেমবিহীনতাৰে সংসাৰ কৰাটো অনুচিত৷ মই বাৰে বাৰে বনানীৰ কথাখিনিৰ আঁৰত অন্য কিবা আছে নেকি জানিব বিচাৰিছিলোঁ৷ বনানী বৰ ভাল ছোৱালী কৃষ্ণা; তেনে এগৰাকী পত্নী পোৱাটো সকলোৰে ভাগ্যত নাথাকে–কথা-বতৰাৰ মাজেদিয়ে মই বুজিছিলোঁ; কিন্তু সমস্যা হৈছিল তেওঁৰ প্ৰশ্নবোৰৰ উত্তৰক লৈ৷ নিজকে মই বহুবাৰ সুধিছিলোঁ–মই বনানীক ভাল পাব পাৰিছোঁনে? নিজকে আশ্বাস দিছিলোঁ–পাৰিছোঁ পাৰিছোঁ, পাৰিবই লাগিব৷ তেওঁ মোৰ বৰ্তমান, তুমি অতীত৷ অতীতক আঁজুৰি আঁজুৰি শূন্যতাক আঁকোৱালি লোৱাতকৈ বাস্তৱক এবাৰ কাষত বিচাৰিছিলোঁ৷ সেয়েহে তেওঁক কৈছিলোঁ–ভালপোৱা আৰু বিবাহ; দুয়োটা এটা আনটোৰ পৰিপূৰক হোৱাটো তোমাৰ বাবে অপৰিহাৰ্য নেকি বনানী? এবাৰ ভাবাচোন–ভালপোৱাৰ বাবে বিবাহ নে বিবাহৰ বাবে ভালপোৱা? কোনটোক তুমি বেছি সমৰ্থন কৰা? বনানীয়ে দ্বিতীয়টো মানি লৈছিল৷ আৰু আমাৰ সংসাৰখন বৰ সুন্দৰকৈ আৰম্ভ হৈছিল কৃষ্ণা৷” মোৰ মাতটো শেষৰ ফালে ডিঙিত লাগি ধৰাৰ দৰে হোৱা যেন লাগিল৷ মই ৰৈ গ’লোঁ৷

       কৃষ্ণাক এবাৰ সুধিবলৈ মন গ’ল–তোমাৰ কথা একো নোকোৱা? সুধিব খুজিও ৰৈ গৈছোঁ মই৷ বাৰে বাৰে মোৰ বিবেকে মোক বাধা দিছে৷ কি অধিকাৰ আছে মোৰ তাইৰ বিষয়ে জানিবলৈ৷ তাইক এৰি থৈ মই গুচি আহিছিলোঁ; কৃষ্ণাতো পলৰীয়া নাছিল৷ পলাই থাকিবলৈ, লুকাই থাকিবলৈ তাইৰ বহুত সুবিধা আছিল৷ তথাপি তাই স্বাৰ্থপৰ হ’ব পৰা নাছিল; কেৱল নিজৰ কথাকে ভবাহেঁতেন তাই, আজি আমি এনেকৈ দুই মেৰু হৈ থাকিবলগীয়া নহ’লহেঁতেন৷ আঁতৰি অহাৰ পাছত কাহানিও তাইৰ খবৰ মই ৰখা নাছিলোঁ; তায়ো মোৰ খবৰ ৰখা নাছিলনে?

       মই জানিছিলোঁ–কৃষ্ণাই মোৰ প্ৰতিটো খবৰেই ৰাখিছে; কেৱল যোগাযোগ ৰখা নাছিল৷ মই পলৰীয়া আছিলোঁ, মই মোৰ জীৱনটোত আগ বাঢ়িবলৈ প্ৰস্তুত হৈছিলোঁ, মোৰ আপোন মানুহখিনিক সন্তুষ্ট কৰিবলৈ মই জীৱনটোৰ সৈতে বুজাপৰালৈ আহিছিলোঁ, মই এটা গতানুগতিক জীৱন আদৰি লৈছিলোঁ...এইবোৰ সকলো মোৰ বাবে কৰণীয়, প্ৰয়োজনীয়, হয়তোবা জৰুৰী আছিল বুলি ভাবিছিলোঁ; কিন্তু কৃষ্ণাৰ বাবে এইবোৰ একো জৰুৰী নাছিল৷ তাইৰ বাবে কেৱল মই জৰুৰী আছিলোঁ; আজিও তাইক মই সেয়া এনেদৰে লগ পাইছোঁ৷ অথচ মই...মোৰ কাষত সৌজনী বনানী...জীৱন-মৃত্যুৰ সৈতে ধেমালি কৰি কৰি ভাগৰি পৰা এটি সত্তা৷ পাছলৈ মই মোৰ জীৱনটোত অভ্যস্ত হৈ পৰিছোঁ বুলি বুজি পোৱাৰ পাছত হয়তো কৃষ্ণাই মোৰ খবৰ ল’বলৈ এৰি দিছিল৷ হয়তো তায়ো ব্যস্ত জীৱন এটা আদৰি ল’বলৈ প্ৰস্তুত হৈ পৰিছিল৷ যিটো জীৱন তাইৰ বাবে স্বাভাৱিক, সেই জীৱনটোকেই তাই আদৰি লৈছিল নি(য়; যাৰ বাবে এনেকৈ হঠাৎ বেংগালুৰু এয়াৰপ’ৰ্টত আমি দুয়ো পুনৰ মুখামুখি হ’লোঁ৷

       আমাৰ কিছু কাষৰপৰা আহি থকা ‘কেৰেক কেৰেক’ শব্দটোলৈ মন কৰিলোঁ৷ হালধীয়া ৰঙৰ জিগজাগ ষ্টাইলৰ চকা লগোৱা, গাড়ীৰ দৰে বাহন এখনত এজন কৰ্মচাৰী ওপৰলৈ উঠি গৈ আছে, আনজনে তলৰপৰা চাই তেওঁক নিয়ন্ত্ৰণ কৰি আছে৷ ওপৰলৈ উঠি গৈ থকাজনে এটা পৰ্যায় পোৱাৰ পাছত কোঠাটোৰ ভিতৰত কৃত্ৰিমভাৱে ৰোপণ কৰি সজ্জিত কৰা সজীৱ সেউজীয়া গছখিনি কলম দি গ’ল৷ তলত থকাজনে নিৰ্দিষ্ট গতিৰে গাড়ীখন ঘূৰাই ঘূৰাই তেওঁক সহায় কৰি গ’ল৷ অলপ পাছতে সেইখন পুনৰ শব্দ কৰি তললৈ নামি আহিল৷

       ময়ো এদিন এডাল জখলাৰে উঠি গ’লোঁ বনানীৰ হাতত ধৰি৷ আঁতৰি থাকি মোক পৰোক্ষভাৱে সহায় কৰি গ’ল কৃষ্ণাই৷ দুৰ্ভাগ্যই একেবাৰে তললৈ নমাই আনি মোক পুনৰ মাটিৰ সৈতে মিলাই দিলেহি৷ পৰিস্থিতিয়ে আনি পুনৰ এয়া কৃষ্ণাৰ কাষ পোৱালেহি৷ কেনেকৈ কওঁ তাইক মোৰ জীৱনটোৰ পাছৰ কাহিনী...

       বিয়াৰ ছবছৰ পাছত আমাৰ সংসাৰলৈ কণমানি জিয়া আহিছিল৷ কত হেঁপাহ আৰু আশাৰে তাই আমাৰ জীৱনটো পৰিপূৰ্ণ কৰিব বুলি আঁকোৱালি লোৱাৰ সময়তে আমি বুজি পালোঁ–সেয়া কেৱল এক ভ্ৰমৰ বাদে আন একো নহয়৷ আমাৰ জিয়াজনী সম্পূৰ্ণভাৱে অক্ষম এটি শিশু; যাৰ বাবে এই পৃথিৱীখন অসাৰ৷ শাৰীৰিক আৰু মানসিকভাৱে দুয়োটা দিশৰপৰা অক্ষম এটি শিশু; আনৰ সহায় অবিহনে যি কেৱল শ্বাস-প্ৰশ্বাস মাথোঁ ল’ব পাৰে৷ মোৰ বাবে যেন পৃথিৱীখনেই অন্ধকাৰ হৈ পৰিল৷ অথচ বনানী...বনানীৰ বাবে জিয়াই হৈ পৰিল উশাহ-নিশাহ৷ স্বইচ্ছাৰে তেওঁ অধ্যাপনাৰ চাকৰিটোৰপৰা অৱসৰ ল’লে৷ জিয়া, জিয়া আৰু জিয়া; জিয়াৰ বাদে তেওঁ পাছলৈ আৰু একো চিন্তা কৰিব নোৱৰা হৈ পৰিল৷ বহুবাৰ মই নীৰৱে বহুত চকুলো বোৱালোঁ; ইণ্টাৰনেটৰ জৰিয়তে দেশ-বিদেশৰ বহু নামী বিশেষজ্ঞৰ সৈতে আলোচনা কৰিলোঁ...সকলো অসাৰ মাত্ৰ হৈ পৰিল৷ জীৱনটো আৰম্ভ কৰিবলৈ নাপাওঁতেই যেন বনানীয়ে একপ্ৰকাৰ সমাপ্তি ঘোষণা কৰিয়ে পেলালে৷ পাঁচটাকৈ বছৰত কতবাৰ জিয়াৰ কণমানি জীৱটোৱে শৰীৰ এৰাৰ উপক্ৰম কৰিলে, আমি দুয়ো কিমানযে লৰা-ঢপৰা কৰিলোঁ...মই সঁচাকৈ ভাগৰি পৰিছিলোঁ৷ আৰু এদিন...আমাক সকলোকে ফাঁকি দি জিয়া নীৰৱ নিশা এটি জোনাকী পৰুৱা হৈ গভীৰ অন্ধকাৰত যেন বিলীন হৈ পৰিল৷ চকুপানীৰে মই বাট নেদেখা হৈছিলোঁ; কিন্তু বনানী...স্থবিৰ হৈ পৰিছিল৷ বনানীক সুস্থ কৰিবলৈ মই আপ্ৰাণ চেষ্টা কৰিলোঁ; কিন্তু বনানীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলালে৷ কেতিয়াবা হাঁহে, কেতিয়াবা কান্দে; কাকো চিনি পাব নিবিচাৰে৷ এইবাৰ বনানীৰ বাবে ময়ো চাকৰিৰপৰা স্বইচ্ছাৰে অৱসৰ ল’বলগীয়া হ’ল৷ প্ৰথমবাৰ বনানীকে বেংগালুৰুৰ নিমহাঞ্চলৈ লৈ আনোতে আমি এমাহৰ বাবে থাকি লৈছিলোঁ৷ ঘৰ-সংসাৰ, সা-সম্পত্তি...একোৰে প্ৰতি মোৰ আৰু কোনো মোহ নোহোৱা হৈ পৰিল৷ বছৰটোত দুবাৰমানকৈ আমাৰ বেংগালুৰুলৈ অহা-যোৱা চলি থাকিল৷ কিছু দিনৰ বাবে বনানী সামান্য সুস্থ হয়; সকলো চিনি পোৱা হৈ পৰে৷ আৰু তেতিয়া...মোক সাবটি ধৰি হেঁপাহ পলুৱাই তেওঁ কান্দে৷

       তেনেদৰেই চাৰি বছৰ পাৰ হৈ যোৱাৰ পাছত লাহে লাহে মই বুজি উঠিলোঁ–যিমানেই মই আৰু চেষ্টা নকৰোঁ কিয়, বনানীক আৰু মই জীয়াই ৰাখিব নোৱাৰোঁ৷ নিমহাঞ্চৰ দৰে ইমান বিখ্যাত ‘মানসিক ৰোগ আৰু স্নায়ুৰোগৰ প্ৰতিষ্ঠান’ৰ সকলোৱে যেতিয়া আশা এৰি দিলে, তাৰ পাছতো মই এয়া শেষবাৰৰ বাবে তেওঁক লৈ আহিলোঁ৷ বনানী আঁতৰি যোৱাৰ পাছত মোৰ জীৱনটোৰ কি হ’ব, মই নাজানো৷ মোৰ মা-দেউতাই এদিন মই অকলশৰীয়া হ’ব নালাগে বুলি নে অবাটে যাব নালাগে বুলি চিন্তা কৰি মোৰ ঘৰখন পাতি দিছিল৷ এতিয়া মোৰ কাষত তেওঁলোক কোনো নাই৷ সকলো আঁতৰি গ’ল; কিন্তু দুৰ্ভাগ্যই মোক পুনৰ সেই অকলশৰীয়া কৰিবলৈকে যেন স্থিৰ কৰি লৈছিল৷ নিমহাঞ্চৰ ডাক্তৰে এইবাৰ মোক একপ্ৰকাৰ সময়সীমা বান্ধি দিলে–হয়তোবা তিনিমাহ...৷ তেওঁলোকো সম্পূৰ্ণ নিশ্চিত নহয় যদিও বনানী আৰু তাতকৈ বেছিদিন নাথাকে বুলি বুজি পোৱা হ’ল৷

       “সময়ে সময়ে যাৰ শৰীৰে খাদ্য গ্ৰহণ কৰিবলৈ অপাৰগ হৈ পৰে, সেইটো শৰীৰ...আৰু মই কিমান দিন টানি ধৰি ৰাখিব পাৰিম কৃষ্ণা?” মই স্বাভাৱিক হৈ থাকিবলৈ চেষ্টা কৰিয়ে হয়তো সুধি পেলালোঁ৷

       কৃষ্ণাই মোৰ সোঁহাতখন নিজৰ হাতৰ মুঠিত ল’লে৷ সিফালে হুইল চেয়াৰত যেন বনানীৰ শৰীৰটো জিকাৰ খাই উঠিল৷ আমি দুয়ো একেলগে বনানীলৈ চালোঁ৷ পুনৰ টোপনিৰ কোলালৈ ঢলি পৰা বনানীলৈ ভালদৰে এবাৰ লক্ষ্য কৰি কৃষ্ণাই পুনৰ মোলৈ চালে–“মোৰ বিষয়ে তুমি বনানীক কেতিয়াবা কিবা কৈছিলা সীমান্ত?”

       কৃষ্ণাৰ বিষয়ে মই বনানীক কি কি কৈছিলোঁ, কিমান কৈছিলোঁ আৰু...কি কি ক’ব পৰা নাছিলোঁ! মই কৈছিলোঁ–“আমি দুয়ো এখন সংসাৰ পাতিলোঁ বনানী, এজনে আনজনক ভাল পাবলৈ আৰম্ভ কৰিলোঁ, বুজি পালোঁ দুয়ো দুয়োকে৷ অতীতটো আঁতৰাই ৰাখি কেৱল বৰ্তমানক ধিয়াই আগবাঢ়িবলৈ মই শিকিছোঁ–তোমাৰ পৰা৷ কৃষ্ণাক মই ভাল পাইছিলোঁ নে নাই নাজানো; কিন্তু আজি মোৰ এই জীৱনটো কেৱল তেওঁৰে অনুগ্ৰহ–সেয়া মই, তুমি...কোনেও কাহানিও অস্বীকাৰ কৰিব নোৱাৰোঁ৷” হয়, মই সেই মািŒI×নেশ্যনেল কোম্পানীটোত কাম কৰি থকাৰ সময়ৰ কাহিনী আছিল সেয়া৷ কৃষ্ণাও আমাৰ অফিচৰে এগৰাকী কৰ্মচাৰী আছিল; কিন্তু তেওঁৰ ব্ৰাঞ্চ বেলেগ আছিল৷ অপ্ৰয়োজনত আমাৰ মুখামুখি হ’বলগীয়া কোনো সুৰুঙা, সুবিধা নাছিল৷ অবিবাহিত জীৱন, মুম্বাইৰ ৰমক-জমক পাৰ্টি, সকলোৰে মুক্ত মিলামিছা...সেইবোৰ আমাৰ অসমৰ সমাজত কল্পনা কৰিব নোৱৰা কথা৷ তেনে এটা পাৰ্টিত এবাৰ...মই...বৰ বেয়াকৈ নিচগ্ৰস্ত হৈ পৰিছিলোঁ৷ একেবাৰে অনভিজ্ঞ আছিলোঁ মই; নিজকে স্মাৰ্ট দেখুৱাবলৈ বুলি দামী চেম্পেইনৰ সোৱাদ লৈ মছগুল হৈ পৰোঁতে ধাৰণাও কৰিব পৰা নাছিলোঁ মোৰ কিমান নিচা হৈছিল৷ নিশা পাৰ্টিৰ শেষত পথৰ একাষে মই টেক্সিৰ বাবে আগ বাঢ়ি গৈছিলোঁ; অথচ নিজৰ ভৰি দুখনৰ ভাৰসাম্য মই ৰাখিব পৰা নাছিলোঁ৷ তীব্ৰ বেগী গাড়ী, চকু চাৎ মাৰি ধৰা হেড লাইটৰ পোহৰ...মোৰ কি হৈছিল মনত নাই; কিন্তু কোনোবাই সজোৰে মোক টানি পথৰ কাষলৈ বাগৰি পৰাৰ পাছত মোৰ সংজ্ঞা হেৰাইছিল৷ চকু মেলি মই নিজকে নিজৰ কোঠাত আৱিষ্কাৰ কৰিছিলোঁ৷ পুৱাৰ উজ্জ্বল পোহৰ...মোৰ সন্মুখত লাহে লাহে সকলো পোহৰ হৈ পৰিছিল৷ নিশা সেই পাৰ্টিটোত এযোৰ চকুৱে অহৰহ মোক মন কৰি আছিল বাবে সেইদিনা মই নিশ্চিত মৃত্যুৰপৰা ৰক্ষা পৰিছিলোঁ৷ সহকৰ্মী প্ৰাঞ্জলৰপৰা মই সকলো গম পাইছিলোঁ৷ পাছদিনা অফিচত মই মোৰ জীৱনদাতৃ–কৃষ্ণাক লগ পাইছিলোঁ৷ মোৰ কৃতজ্ঞতাখিনি কেতিয়াৰপৰা বন্ধুত্বৰ পৰ্যায়লৈ গুচি গৈছিল, সেই বন্ধুত্ব কেতিয়াৰপৰা আৱেগ, অনুৰাগ আৰু অৱশেষত প্ৰেমলৈ পৰিৱৰ্তিত হৈ পৰিছিল আমি দুয়ো গম পোৱা নাছিলোঁ৷ সেই মুক্ত পৃথিৱীৰ মাজত থাকিও নিজৰ সংস্কাৰ এৰিব পৰা নাছিলোঁ বাবেই চাগৈ আমি কাহানিও আমাৰ ভালপোৱাখিনিক দৈহিক পৰ্যায়লৈ লৈ যোৱা নাছিলোঁ৷ আৰু অৱশেষত আমি যি বিচাৰিছিলোঁ, সেয়া সম্ভৱ নাছিল বুলি উপলব্ধি কৰাৰ পাছত দুয়ো বুজাবুজিৰ মাজেৰে পৃথক হৈছিলোঁ৷

       কিয়? বনানীৰ প্ৰশ্নটো আছিল–কৃষ্ণাক মই জীৱনসংগিনীৰূপে পোৱাত সমস্যা কি আছিল? কিয় আমাৰ ঘৰখনে কৃষ্ণাৰ সৈতে মোৰ সম্পৰ্কটো মানি ল’ব নুখুজিছিল? জীৱনত প্ৰথমবাৰৰ বাবে মই অসত্যৰ আশ্ৰয় লৈছিলোঁ–কৃষ্ণা মোতকৈ বয়সত প্ৰায় চাৰি বছৰ ডাঙৰ আছিল, তেওঁ এগৰাকী ডিভোৰ্ছী আছিল...আৰু বহু কিবাকিবি৷ বনানীয়ে বিশ্বাস কৰিছিল? মই নাজানিছিলোঁ৷ কেৱল জানিছিলোঁ এটা সত্য, যিটো মই বনানীৰ সন্মুখত স্বীকাৰ কৰিব নোৱাৰোঁ কাহানিও; যিটো বিষয় কৃষ্ণাই অকপটে মোৰ সন্মুখত সেইদিনা স্বীকাৰ কৰিছিল, যিদিনা মই তেওঁক বিবাহৰ প্ৰস্তাৱ দিছিলোঁ–কৃষ্ণা অৰ্থাৎ কৃষ্ণাজ্যোতি শইকীয়া প্ৰকৃততে কৃষ্ণজ্যোতি শইকীয়াহে আছিল৷ মোতকৈ বহু আগতেই মুম্বাইতে পঢ়ি তাতে নিজকে নাৰীলৈ পৰিৱৰ্তিত কৰি পেলোৱা কৃষ্ণই নিজৰ পৰিচয় কৃষ্ণা কৰি পেলাইছিল মোক লগ পোৱাৰ বহু পূৰ্বেই৷ মই কৃষ্ণা নামৰ এগৰাকী নাৰীক লগ পাইছিলোঁ যি আমাৰ কোম্পানীৰ এল.জি.বি.টি. শাখাত কৰ্মৰত এগৰাকী দায়িত্বশীল বিষয়া আছিল৷ তেওঁৰ শৰীৰত পূৰ্বে পুৰুষ হোৱাৰ তিলমানো লক্ষণ নাছিল৷

       মই বহু সময়লৈ সেই ঠাইতে ৰৈ গৈছিলোঁ–কৃষ্ণা প্ৰকৃততে এজন পুৰুষহে আছিল? অবিশ্বাস্য! কিন্তু বিশ্বাস নকৰা মানেইতো সত্য সলনি হৈ নাযায়৷ মই কেৱল পাছৰ প্ৰায় এটা মাহ এটা কথা চিন্তা কৰিছিলোঁ–কৃষ্ণাক মই এগৰাকী নাৰীহিচাপে ভাল পাইছিলোঁ, যি প্ৰকৃততে এগৰাকী নাৰীলৈ ৰূপান্তৰিত হৈ পৰিছে কাহানিবাই৷ তেন্তে...? মোৰ ভুল ক’ত? তেওঁৰ অতীতটোক মই ভাল পোৱাটো দূৰৈৰ কথা, জানিবলৈয়ো কোনো সুযোগ পোৱা নাছিলোঁ৷ তেন্তে...সেই অতীতত তেওঁ যিয়েই নাথাকক কিয়; মইতো অতীতক লৈ জীয়াই নাথাকোঁ৷ কৃষ্ণা! কৃষ্ণা নামৰ এটি সত্তাৰ সৈতে এষাৰ কথা পাতিলে মই দিনটোৰ সকলো অৱসাদৰ অন্ত হোৱা অনুভৱ কৰিছিলোঁ; প্ৰকৃত সত্য জনাৰ পাছত সেই অনুভৱক মই নোহোৱা কৰি পেলাওঁ কেনেকৈ? হয়, কৃষ্ণা নামৰ এটি নাৰী সত্তাক মই ভাল পাই পেলাইছিলোঁ৷ সেই ভালপোৱা দৈহিক সম্পৰ্ক, যৌনতাৰ ঊৰ্ধত আছিল৷ বহুবাৰ বহু ধৰণে মই কথাবোৰ ভাবিছিলোঁ...কৃষ্ণাৰপৰা আঁতৰি থাকি কথাবোৰ চিন্তা কৰিছিলোঁ; কিন্তু মোৰ প্ৰেম, মোৰ অনুভূতিৰপৰা মই কৃষ্ণাক কাহানিও পৃথক কৰিব নোৱাৰিলোঁ৷ আৰু অৱশেষত মই সিদ্ধান্ত লৈছিলোঁ৷ কৃষ্ণাক জনাইছিলোঁ মোৰ সিদ্ধান্তৰ বিষয়ে৷ কৃষ্ণাই একেথৰে মোৰ মুখলৈ চাইছিল–“সকলো কথা জনাৰ পাছত তোমাৰ এই সিদ্ধান্ত? ঠিক আছে, মই সকলো বুজিলোঁ সীমান্ত; এই প্ৰেম, এই অনুভূতি...সকলো বুজিলোঁ বাৰু; কেৱল এটা কথা নুবুজিলোঁ–তুমি মোক বিবাহৰ প্ৰস্তাৱ কিয় দিলা?” মই কিবা এটা ক’বলৈ তৎপৰ হৈ পৰা দেখি কৃষ্ণাই পুনৰ মোৰ মুখতে ধৰিছিল–“ৰ’বা; এই প্ৰশ্নটোৰ উত্তৰ ইমান আৱেগেৰে নিদিবা সীমান্ত৷ বহু কথাই ইয়াত জড়িত হৈ আছে৷ মই নিতান্তই অকলশৰীয়া; মোৰ কোনো আপোন মানুহ নাই৷ সকলো থাকিও মোৰ আজি কোনো নাই; কিন্তু তুমিতো অকলশৰীয়া নোহোৱা৷ তোমাৰ বিবাহৰ সিদ্ধান্ত তুমি অকলে কেনেকৈ ল’বা? তোমাৰ আপোন মানুহখিনিক সকলো কথা মুকলিকৈ জনাবলৈ তোমাৰ সাহস আছে? যদি সকলোৱে আমাৰ সম্পৰ্কৰ সেইটো পৰ্যায়ক মানি লয়; তেন্তে মই...মোৰ কোনো আপত্তি থকাৰ প্ৰশ্নই নুঠে৷ তোমাৰ জীৱনটোত তোমাৰ ঘৰখনৰ অৱদানখিনি এনেদৰে পাহৰি নাযাবা৷ ইমান আৱেগ ভাল নহয় সীমান্ত৷ আৱেগ মোৰো আছে; কিন্তু মোৰ আৱেগক মই বিবেকৰ ওপৰলৈ যাব নিদিওঁ কাহানিও৷ ইমান স্বাৰ্থপৰ মই হ’ব নোৱাৰোঁ৷ আৰু...আমাৰ সম্পৰ্কৰ শেষ পৰ্যায়টো বিবাহেই হ’ব লাগিব বুলি জানো কিবা কথা আছে...কোৱাচোন? তথাপি...তুমি তোমাৰ ঘৰৰ মানুহখিনিক সকলো কথা জনোৱালৈকে মই তোমালৈ অপেক্ষা কৰিম...৷”

       কৃষ্ণাই আচলতে সেইদিনা বহু কথাই মোক কৈছিল৷ বহু যুক্তি ময়ো দিছিলোঁ–যিটো জীৱনত মোৰ ঘৰৰ মানুহখিনিৰ অৱদান আছিল, সেই জীৱনটোতো কাহানিবাই শেষ হৈ যাব খুজিছিল৷ এই যিটো নতুন জীৱন মই পাইছিলোঁ–সেয়া কৃষ্ণাৰে দান আছিল৷ মই জানিছিলোঁ–মোৰ আপোন মানুহখিনি এই সম্পৰ্কটোৰ সপক্ষে থকাটো অসম্ভৱ৷ আৰু জানিছিলোঁ–যাৰ বাবে মই মোৰ আকাংক্ষিত সুখ-শান্তিক ত্যাগ কৰিব লাগিব; তেওঁলোকে সদায় মোক আৱৰি নাথাকে কাহানিও৷ তথাপি...মোৰ সকলো যুক্তি কৃষ্ণাৰ বিবেকৰ ওচৰত হাৰ মানিছিল৷

       আৰু অৱশেষত...সেইটোৱে হৈছিল–যিটো আমি দুয়ো আগতেই জানিছিলোঁ৷ আমি পৃথক হৈছিলোঁ৷ দুটা শৰীৰ এটাৰপৰা আনটো আঁতৰি যোৱাৰ পাছতো আমাৰ মন অভিন্ন হৈ আছিল৷ কাহানিও মই কৃষ্ণাৰ প্ৰতি থকা সেই অনুৰাগ পাহৰিব পৰা নাছিলোঁ৷ এতিয়া...সময়ৰ নিষ্ঠুৰ পৰিহাসত মই পুনৰ অকলশৰীয়া হ’বলৈ গৈ আছোঁ৷ কাৰ বাবে মই জী থাকিম? কাইলৈ-পৰহিলৈ বনানী আঁতৰি যাব৷ এই সংসাৰত মাথোঁ কেইটামান দিন তেওঁৰ বাবে আছেগৈ৷ তাৰ পাছত...তাৰ পাছত কি কৰিম মই? মই জানো...বহু শুভাকাংক্ষীৰ আবিৰ্ভাৱ হ’ব লাহে লাহে৷ সকলোৱে মোক নতুন এটা জীৱন আৰম্ভ কৰিবলৈ উপদেশ দিব৷ বনানীৰ শেষ উশাহকণৰ বাবেই ৰৈ আছে সেইসকল৷ ইতিপূৰ্বে দুই-এটা ইংগিত মই পাইছোঁৱে–‘...ইমান সুস্থ-সবল এজন মানুহ...এনেকৈ কেনেকৈ থাকিব? বিয়া হোৱাৰনো হৈছিল কিমান দিন? মাত্ৰ পোন্ধৰ কি ষোল্লটা বছৰ? তাৰ পাছত পুনৰ অকলশৰীয়া...সেইটো হ’বলৈ দিব নোৱাৰি...তেওঁ নাভাবিব পাৰে; কিন্তু আমি আছোঁ নহয়...৷’ সেই পৰোক্ষ উক্তিবোৰ লাহে লাহে প্ৰত্যক্ষভাৱে মোৰ কাষলৈ আহিব৷ নাই নাই...মই আৰু নোৱাৰোঁ৷ মোৰ হয়তো উশাহ বন্ধ হৈ যাব৷ নহয় নহয়...মোক অলপ মুকলিকৈ উশাহ ল’ব পৰাৰ এটা পৰিৱেশ লাগে৷ সেইখন সংকীৰ্ণ সমাজত মই আৰু থাকিব নোৱাৰিম৷ এইখন সমাজ মোক লাগে...যিখন সমাজ মই এদিন এৰি যাবলৈ মোক বাধ্য কৰোৱা হৈছিল৷ এইখন সমাজ–য’ত প্ৰকৃত ভালপোৱাৰে এদিন মই জীৱনটো উপভোগ কৰিছিলোঁ, য’ত কোনো স্বাৰ্থ নাছিল৷ কৃষ্ণাৰ প্ৰেম...নিস্বাৰ্থ আছিল সেই প্ৰেম৷ অকণমানো স্বাৰ্থ তাত থকাহেঁতেন...কৃষ্ণা অকণমানো স্বাৰ্থপৰ হোৱাহেঁতেন আজি মই এইদৰে অকলশৰীয়া হ’লোঁহেঁতেন নে? আৰু আজি...ইমান বছৰৰ পাছত কিয় মই কৃষ্ণাক লগ পালোঁ, তাকো ইমান অভাৱনীয়ভাৱে? এয়া কিহৰ ইংগিত? পুনৰ এটা সুযোগ জীৱনে দিছে নেকি? হ’ব পাৰে নেকি মোৰ জীৱনটোলৈ এয়া পুনৰ এটা আশাৰ কিৰণ? মই বনানীলৈ এবাৰ মন কৰিলোঁ–জীৱনৰ অৱশিষ্টখিনি সামৰি লৈ নিষ্পৃহ হৈ পৰা এটি সত্তা৷ মোৰ কাষত এয়া কৃষ্ণা–প্ৰাপ্তি আৰু প্ৰাচুৰ্যৰে এৰি অহা জীৱনটোক আঁকোৱালি লৈ সমাপ্তিলৈ লৈ যাবলৈ ৰৈ থকা যেন এখনি পানচৈ৷

       “মোৰ ফ্লাইটৰ সময় হ’ল সীমান্ত৷ চেকিঙৰ বাবে যাব লাগিব এতিয়া৷” কৃষ্ণাৰ মাতত মোৰ সম্বিৎ ঘূৰি আহিল৷ কৃষ্ণা যাবগৈ৷ মই কি কৰাটো উচিত হ’ব এতিয়া? এবাৰ ক’মনে তাইক? আজি যদি মই একো নকওঁ, এই সুযোগ পুনৰ পামনে...? তাই মানি ল’বনে? সি যি নহওক, মই কিবা এষাৰ তাইক ক’ম...ক’বই লাগিব৷ বিশেষ একো নহ’লেও এটা মাত্ৰ ইংগিত...মই সকলো এৰি থৈ উভতি আহিব বিচাৰোঁ ভালপোৱাৰ ছাঁত এখন্তেক জিৰাবলৈ৷ জীৱনৰ অন্তিম ক্ষণলৈ...৷

       মনৰ কথাখিনি ক’বলৈ মই কৃষ্ণাৰ একেবাৰে কাষলৈ আহিলোঁ৷ কিবা এষাৰ ক’বলৈ লওঁতেই কৃষ্ণা...যেন হঠাৎ উৎফুল্লিত হৈ পৰিল৷ দূৰলৈ চাই হাত জোকাৰি কিবা এটা ইংগিত দিলে৷ কাৰোবাক তাই মাতিছে...কোন বাৰু? মই কৃষ্ণাৰ দৃষ্টি অনুসৰণ কৰি সেইফালে চালোঁ৷ এজন ব্যক্তিক আগুৱাই অহা দেখিলোঁ৷ বয়স হৈছে যদিও তেজোদীপ্ত চেহেৰা৷ তেখেত আহি কৃষ্ণাৰ কাষত ৰ’লহি৷ এহাতেৰে কৃষ্ণাক সাবটি ধৰিলে৷ কৃষ্ণাও যেন তেওঁৰ বাহুবন্ধনত লীন হৈ পৰিল৷ কিছু সময়লৈ দুয়ো পাহৰি গ’ল মোৰ অস্তিত্ব৷ মই স্তব্ধ হৈ ৰৈ গ’লোঁ৷ ইমান সময়ে মইতো কেৱল মোৰ কথাকে কৈ আছিলোঁ৷ মই কি বিচাৰোঁ, কি পালোঁ, কি হেৰুৱালোঁ, পুনৰ মই মোৰ জীৱনটো কৃষ্ণাৰ কাষতে....এই সকলো কেৱল মই, মোৰ আৰু মোক...তাৰ বাদে আৰু কিবা আছিল? মোৰ সেই স্বাৰ্থপৰতাৰ মাজত কৃষ্ণা ক’ত আছিল? কৃষ্ণাৰ জীৱনটোত কি ঘটিল নঘটিল–এবাৰো মই ভাবি চাইছিলোঁনে?

       “সীমান্ত; তোমাক চিনাকি কৰি দিয়াই নাই নহয়৷ এওঁ ৱিত্থল ছিণ্ডে, মোৰ স্বামী৷ আমাৰ অফিচত, আমাৰ ডিপাৰ্টমেণ্টলৈ এদিন এক্‌জিকিউটিভ অফিচাৰ হৈ আহিছিল৷ তুমি গুচি যোৱাৰ পাছৰ কথা সেইবোৰ৷ বহুত কাহিনী বুজিছা সীমান্ত৷ এখেতৰ ঘৰ মহাৰাষ্ট˜ত৷  আমি অফিচতে চিনাকি হ’লোঁ...৷ পাছলৈ...৷” কৃষ্ণাই অনৰ্গল কথাবোৰ কৈ গৈছিল৷ ৱিত্থলে তাইৰ এটাও কথা বুজি পোৱা নাছিল; কিন্তু হাঁহি হাঁহি মোলৈ হাতখন আগ বঢ়াই দিছিল, তাইৰ কথাবোৰ সমৰ্থন কৰি গৈছিল৷ মই একপ্ৰকাৰ হতভম্ব হৈছিলোঁ, অবাক হৈছিলোঁ; হাঁহিব খোজা মোৰ মুখখনে হয়তো অদ্ভুত এটা ৰূপ লৈছে৷

       দুয়ো মোৰপৰা বিদায় লৈ আঁতৰি গ’ল৷ নিজৰ ঠাইতে কিছু সময় জলকা লাগি ৰৈ থাকিলোঁ মই৷ লাহে লাহে চকুহাল মুদি ঠাইতে বহি পৰিলোঁ৷ কোনো কাৰো বাবে ৰৈ নাথাকে, যিদৰে ৰৈ নাথাকে বোঁৱতী নদীৰ ধাৰা, ৰৈ নাথাকে যিদৰে চিৰ প্ৰৱহমান সময়...৷ কৃষ্ণা! জীৱনসংগীৰ সৈতে হাঁহি হাঁহি এয়া মোৰপৰা বিদায় লৈ ওলাই গ’ল৷ একে ঠাইতে ৰৈ গ’লোঁ মই৷ বহু সময়...কিমান সময় পাৰ হৈ গ’ল মোৰ হিচাপ নাথাকিল৷ কেৱল মই, মোৰ, মোক লৈ চিন্তা কৰি থকা মোৰ ধাৰণাটোক আজি এটা নতুন  কথা শিকাই থৈ গ’ল৷ দি গ’ল মোক এক নতুন পথৰ সন্ধান৷

       মোৰ সোঁহাতত কাৰোবাৰ স্পৰ্শ অনুভৱ কৰিলোঁ মই৷ লগে লগে চকু মেলি চালোঁ৷ বনানী...হুইল চেয়াৰখন কথমপি ঠেলি মোৰ কাষ পালেহি; দুৰ্বল হাতেৰে মোৰ হাতখন স্পৰ্শ কৰিছে৷ মোলৈ চাই এটা নিৰ্বাক হাঁহি মাৰিছে৷ মই বনানীৰ কাষলৈ উঠি আহিলোঁ৷ বেগত থকা বটলটোৰপৰা অলপ পানী তেওঁ খাব বিচাৰিলে, মই সহায় কৰি দিলোঁ৷ শাৰী শাৰীকৈ থকা কাউণ্টাৰবোৰৰ ঠিক ওপৰৰ কম্পিউটাৰৰ মণিটৰত আমাৰ ফ্লাইটৰ সংকেত দেখিলোঁ৷ মই যাব লাগিব, যাত্ৰীবোৰ শাৰী পাতিবলৈ আৰম্ভ কৰিছেই৷ মই বনানীক কথাটো ক’লোঁ৷ তেওঁ নীৰৱ ইংগিতেৰে মোক যাবলৈ আশ্বাস দিলে৷

       মই শাৰীটোত থিয় হ’লোঁ৷ মনলৈ এটা ভাব আহিল–সকলো দায়িত্ব সামৰি যেতিয়া এদিন যেতিয়া মই সেইখন সমাজ এৰি থৈ ওলাই আহিম আন এখন মুক্ত সমাজলৈ...কেৱ নিজৰ বাবেই জীৱনটোৰ এছোৱা পাৰ কৰিলোঁ; বাকী থকাখিনি আনৰ বাবে এৰি দিবলৈ...তেতিয়া বনানীৰ এই অসহায় চাৱনিটোৰ স্মৃতিয়ে  চাগৈ মোক বৰকৈ আমনি কৰিব...কৰিবনে বাৰু!

...   ...   ...

 

লেখকৰ ঠিকনা:

আকাশ দীপ্ত ঠাকুৰ; 

সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ; 

জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়; যোৰহাট - 

 ভ্ৰাম্যভাষ: ৮৬৩৮১৬৭৬৩০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ