আব্দুচ ছামাদ
এক : ইছলাম ছাৰৰ চেকনি
আৰু এটা সময়ত মোৰ
বিশ্বাস হ’ল যে ইমান দিন মই ভোগ কৰি অহা অশান্তিৰ বেছিখিনিৰ মূলতে সি৷ বিশ্বাস হওঁতে
মই বেছ পস্তালোঁ৷ ইমান দিন মই তাৰ লগ কিয় ল’লোঁ! মই তাক কিয় ইমান খাতিৰ কৰিলোঁ! বিশ্বাস
কৰিলোঁ! বিশ্বাস কৰি মনৰ সকলো কথা তাক খুলি ক’লোঁ! বিশেষকৈ চিন্তা আৰু সমস্যাৰ কথাবোৰ!
কেতিয়া আৰু কেনেকৈ মই প্ৰথম তাৰ লগ লৈছিলোঁ, হাজাৰ চেষ্টা কৰিও এতিয়া মনত পেলাব পৰা নাই৷ কিন্তু তাৰ লগত প্ৰথমবাৰৰ বাবে হোৱা সেই দীঘলীয়া আলাপটোৰ কথা মই পাহৰিব পৰা নাই৷
হাইস্কুলীয়া দিনৰ
দেওবাৰ এটিৰ সাঁজ লাগোঁ লাগোঁ সময়৷ নৈৰ ঘাটত আমি কেউবন্ধু বহি আড্ডা মাৰি আছোঁ৷ আড্ডাৰ
বিষয়, সৌন্দৰ্য৷ মীনাক্ষি আৰু সুলক্ষণাৰ মাজত কোন বেছি ধুনীয়া তাকে লৈ মোৰ বাহিৰে বাকী
কেইজনৰ মাজত উচ্চৈস্বৰে তৰ্ক-বিতৰ্ক৷ মোটামুটিভাৱে বুজন শ্ৰোতাৰ দৰে মন দি মই শুনি আছোঁ
সকলো৷ কোনোবাৰ মীনাক্ষিৰ পাল্লা ভাৰী, কোনোবাৰ আকৌ সুলক্ষণাৰ৷ তৰ্ক-বিতৰ্ক তুংগত উঠোঁতে
এটাই মোক সুধিলে– ‘তই কচোন অ’, কোনজনী বেছি ধুনীয়া৷’
‘মোৰ দৃষ্টিত দুয়োজনী
ধুনীয়া৷ আৰু সমান ধুনীয়া৷’ মই শান্তভাৱে ক’লোঁ৷
‘ধুৰ, এইটো এটা কথা
ক’লি নেকি তই ! অলপতো কম-বেছি হ’ব৷’ কেউটাই প্ৰায় একেলগে ক’লে৷
‘তহঁতৰ দৃষ্টিত হ’ব
পাৰে৷ মোৰ দৃষ্টিত নহয়৷’
‘ধুৰ, কাম নাই তোৰ–
মনে মনে থাক !’
সিহঁত আকৌ তৰ্কত
লাগি গ’ল৷’
আৰু অলপ সময় মনে
মনে থাকি মই এইবাৰ কওঁ-নকওঁকৈ ক’লোঁ– ‘তহঁতে আচলতে যি দুজনীক লৈ তৰ্ক কৰিছ, সেই দুজনীতকৈ
বেছি ধুনীয়া যে আৰু এজনী আছে সেইটো কেতিয়াবা মন কৰিছনে?
‘কাৰ কথা কৈছবা তই?
কোননো সেইজনী?’ কেউটাই প্ৰায় একেলগে সুধিলে৷
‘কিয়, অমৃতা৷ অমৃতা
সিং৷’
সিহঁত কেউটাই যেন
কিবা আচৰিত কথা শুনিলে৷ অৱশ্যে লগে লগে কোনেও একো নামাতিলে৷ কিন্তু সিহঁতৰ চকু-মুখৰ
অভিব্যক্তি কিছু সলনি হ’ল৷ যদিও সেই অভিব্যক্তি চাই মোৰ কথাত সিহঁতে কি ভাবিছে বুজাৰ উপায় নাই৷ হয়তো মোৰ কথা সিহঁতে উৰাই দিছে৷ নহ’লে মোৰ কথাই সিহঁতক নতুনকৈ ভবাই তুলিছে৷
তিনিজনীৰ মাজত কোন বেছি ধুনীয়া নিজৰ মনতে সিহঁতে নতুনকৈ বিচাৰ কৰি চাইছে৷ কোনোবাই অমৃতাক,
কোনোবাই সুলক্ষণাক, কোনোবাই আকৌ মীনাক্ষিক বেছি ধনীয়া দেখিছে৷ শেষ সিদ্ধান্ত কোনেও
ল’ব পৰা নাই৷ বিচাৰ সঘনে সলনি হৈছে৷ এইবোৰ কথা অৱশ্যে এনেকুৱাই৷ কিছুদিনৰ আগত সৰু খুৰাই
দেখুওৱা ‘হিৰো’খন চাই আহি এই ঘাটৰ আড্ডাতে মই ঘোষণা কৰাৰ দৰে নকৈছিলোঁনে যে মীনাক্ষিৰ
দৰে ধুনীয়া আৰু এজনী নাই৷ কিন্তু ‘বেতাব’খন চোৱাৰ পাছত আকৌ...৷
আৱতৰীয়া ক’লা মেঘে
আমাৰ আড্ডাত যতি পেলালে৷
বৰষুণৰ টোপালবোৰ
ডাঙৰ আৰু ঘন হ’বলৈ নৌপাওঁতে আমি ঘৰাঘৰি হ’লোঁ৷
ঘৰ ওলাই পঢ়া টেবুলত বহোঁতেই মই চিন্তাত পৰিলোঁ৷ সোমবাৰে ইছলাম ছাৰে হ’মৱৰ্ক হিচাপে দহটা অসমীয়া বাক্য ইংৰাজীলৈ অনুবাদ কৰিবলৈ দিছিল৷ পাছৰ সোমবাৰ মানে, কাইলৈ হ’মৱৰ্কখিনি ছাৰক দেখুৱাব লাগে৷ নহ’লে.... ! ইছলাম ছাৰ বৰ কাঢ়া৷ চেকনিৰে কোবাই হাতৰ তলুৱা উখহাই পেলাব৷ এইটো আমি ক্লাছৰ সকলোৱে জনা নিশ্চিত শাস্তি৷ সেয়ে আন ছাৰ-বাইদেউসকলে দিয়া হ’মৱৰ্ক কৰি নিওঁ বা নিনিওঁ ইছলাম ছাৰে দিয়া হ’মৱৰ্ক কৰি নিনিয়াকৈ কেতিয়াও স্কুললৈ নাযাওঁ৷
হ’মৱৰ্কখিনি কৰিবলৈ দিয়াৰ দিনাই সন্ধিয়া মই কৰি থৈছিলোঁ৷ পিছে সিদিনা স্কুললৈ নহা পৰাণে পৰহি মোৰ পৰা বহীখন লৌ গ’ল৷ চাই লিখি কালি বহীখন ঘূৰাই দিয়াৰ কথা আছিল৷ কিন্তু ক’তা? কালি দেখোন পৰাণ স্কুললৈকে নাহিল? কাইলৈও যদি নাহে? মোৰ দশা কি হ’ব? নাই, মোৰ ৰক্ষা নাই !
এনেতে ক’ব নোৱৰাকৈ
চুচুক-চামাককৈ সি মোৰ সন্মুখত ওলালহি৷ মই অলপ সকাহৰ উশাহ ল’লোঁ৷ চিন্তাৰ কথাটো কৈ মনটো
অলপ হালকা কৰিবলৈ কোনোবা এজনক পালোঁ অন্ততঃ৷ মোৰ চিন্তাৰ কথাটো শুনি সি মোক নিশ্চয়....৷
‘কি খবৰ, দোচ? কিবা
চিন্তা কৰি থকা যেন পাইছোঁ৷’ আহি পায়ে সি কথা পাতিলে৷
‘ঠিকে ধৰিছ, দোচ৷
চিন্তাৰ কথা এটাই হৈছে৷’ চিন্তাৰ সেপ ঢুকি মই ক’লোঁ৷
‘কিহৰ চিন্তাৰ কথা
আকৌ, দোচ?’ তাৰ অনুমান সঠিক বুলি জানি সি মিচিকিয়াই সুধিলে৷
কথা কি মই তাক খুলি
ক’লোঁ৷ লগতে মই কৰি থকা আশংকাটোও তাক ব্যক্ত কৰিলোঁ৷
‘নাই, নাহে৷’ মোৰ
আশংকাটোৱে তাক অলপো ভবাই তুলিব নোৱাৰিলে৷ একে মিচিকনিৰে সি ক’লে– ‘কাইলৈ পৰাণ স্কুললৈ
নাহে৷’
‘তই কেনেকৈ ক’ব পাৰ
কাইলৈ পৰাণ স্কুললৈ নাহে বুলি?’
‘তই কেনেকৈ ক’ব পাৰ
কাইলৈ পৰাণ স্কুললৈ আহিব বুলি?’
‘পৰাণ ভাল ছাত্ৰ৷
মই তাক ভালকৈ জানো৷ পৰাপক্ষত সি স্কুল ক্ষতি নকৰে৷’
‘ভাল ছাত্ৰ ! পৰাপক্ষত স্কুল ক্ষতি নকৰে !’ মুখ ভেঙুচাই সি মোক সুধিলে– ‘কালি স্কুললৈ আহিছিল পৰাণ? হ’মৱৰ্ক দিয়াৰ দিনা আহিছিল? ক৷’
অহা নাই– তাক উত্তৰ
দিব নোৱাৰি মই মনতে ক’লোঁ৷ পৰাণে যে কিছুদিনৰ পৰা প্ৰায়ে স্কুল ক্ষতি কৰিবলৈ ধৰিছে এই কথা মই
ভবাই নাছিলোঁ৷ ইমান সময় কৰি থকা চিন্তাটো এইবাৰ অলপ বাঢ়িল৷ তথাপি কাইলৈ পৰাণ স্কুললৈ
নহাৰ কথাটো খাটাং বুলি ধৰিব নোৱাৰিলোঁ৷
‘হ’লেও....৷’ বৰ্ধিত চিন্তাৰ সেপ ঢুকি মই তাক ক’লোঁ– ‘আহিব চাবি৷ নাহিব কিয়?’
মোৰ চিন্তাটো অলপ
বঢ়া দেখি সি যেন অলপ উৎসাহিত হ’ল৷ আৰু ক’লে– ‘নহাৰ কত কাৰণ আছে৷’
‘যেনে?’
‘পৰাণ তাৰ কাজলগাঁৱৰ
বায়েকৰ ঘৰলৈ ফুৰিবলৈ যাব পাৰে৷’
‘নাই যোৱা পৰাণ তালৈ৷
মই নিশ্চিত৷ তাৰ বায়েকজনী এতিয়া ইয়াতে৷’
‘মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ
যাব পাৰে৷’
‘নিশ্চয়৷ যাব পাৰে৷’
তাৰ এইবাৰৰ কথাত চিন্তাৰ মাজতো মোৰ হাঁহি উঠিব খুজিছিল৷ মই ক’লোঁ– ‘কিন্তু তাৰ মোমায়েকহঁতৰ
ঘৰ সিহঁতৰ গাঁওখনৰ লগতে লাগি থকা গাঁওখনত৷ চাইকেলেৰে যাওঁতে সাত-আঠ মিনিট লাগে৷ গতিকে
মোমায়েকহঁতৰ ঘৰলৈ যোৱাৰ নামত সি স্কুল ক্ষতি কৰাৰ কথা ভাবিব নোৱাৰোঁ৷’
মই নিশ্চিতি দি কোৱা
কথাই তাক বহুখিনি নিৰুৎসাহিত কৰা যেন পালোঁ৷ বহু সময়লৈ সি একো নামাতিলে৷
সি নিৰুৎসাহিত হোৱা
যেন পোৱাত মোৰ চিন্তা কিছু কমিল৷ অলপ সকাহৰ উশাহ লৈ মই এইবাৰ মনতে ক’লোঁ– নাই, আহিব৷
কাইলৈ পৰাণ স্কুললৈ আহিবই৷
ঠিক এনেতে পুনৰ জী
উঠা ফিনিক্স পখীৰ দৰে সি মোক সুধিলে– ‘এতিয়া বতৰ পৰিৱৰ্তন হৈ থকা নাই জানো?’
‘হয়৷ হৈ আছে৷’
‘পৰহি পৰাণে ছৰ্দি
লগাৰ কথা তোক কোৱা নাছিল জানো?’
‘হয়৷ কৈছিল৷’
‘গাটো বিষাই থকাৰ
কথা?’
‘কৈছিল৷’
‘তেনেহ’লে ইমান ফূৰ্তি
কৰি লাভ নাই৷ পৰহি ৰাতি পৰাণৰ নিশ্চয় জ্বৰ উঠিছে৷ সেয়ে কালি সি স্কুললৈ আহিব নোৱাৰিলে৷
কাইলৈও আহিব নোৱাৰিব চাবি৷ চৰ্দি জ্বৰ, জানইতো, ঔষধ খালেও যি নাখালেও সেই৷ এসপ্তাহমান
থাকেই৷’
সি দেখুওৱা এই যুক্তিটো
মই খণ্ডন কৰিব নোৱাৰিলোঁ৷ বৰং মোৰ এইবাৰ নিশ্চিতভাৱে লাগিল যে কথা এনেই হৈছে৷
চিন্তাই মোক এতিয়া আগতকৈ বেছি জোৰেৰে হেঁচি ধৰিলে৷ মোৰ অণ্ঠ-কণ্ঠ শুকাই যাবলৈ ধৰিলে৷ অসমীয়া বাক্যকেইটা আৰু এখন বহীত লিখা থকাহ’লেও হ’লহেঁতেন৷ এতিয়া?
‘ইছলাম ছাৰৰ চেকনিৰ
কোব খোৱাৰ পৰা তোক কোনেও বচাব নোৱাৰে৷’ সি এইবাৰ শেষ কথা কোৱাৰ দৰে ক’লে৷
চিন্তাটোৱে ৰাতিটো মোক ভালকৈ শুবলৈ নিদিলে৷ বাৰে বাৰে সাৰ পালোঁ৷ আৰু প্ৰত্যেকবাৰ সাৰ পাওঁতে শেষ কথা
কোৱাৰ দৰে কোৱা তাৰ কথাষাৰ মোৰ মনত পৰিল৷ এৰা, ঠিক কথাই কৈছে সি৷ মই এইবাৰ একোতে ৰক্ষা
নপৰোঁ৷ ইছলাম ছাৰৰ চেকনিৰ কোব মই এতিয়ালৈ খাই পোৱা নাই৷ কিন্তু ক্লাছৰ বহুতকে বহুতবাৰ
খোৱা দেখিছোঁ৷ বাপ্ৰে বাপ, কোবৰ কোবত হাতৰ তলুৱা ফাটোঁ ফাটোঁ হৈ পৰে!
সি কোৱা মতে পৰাণ
আজি স্কুললৈ আহিব নোৱাৰিব বুলি ধৰি লৈয়ে মই স্কুলৰ পথ ধৰিলোঁ৷ গোটেই বাট মোৰ এনে লাগি
থাকিল যেন মই স্বেচ্ছাই বলিশাললৈ আগবাঢ়িছোঁ৷
স্কুলৰ চৌহদ পাই দুৰুদুৰুকৈ
কঁপি থকা বুকুখন লৈ মই আমাৰ শ্ৰেণীকোঠাটোলৈ আগ বাঢ়িলোঁ৷ শ্ৰেণীকোঠাত সোমোৱাৰ মুহূৰ্তত
মোৰ বলিশালত মূৰটো সুমুৱাই দিয়াৰ দৰেই লাগিল৷ কিন্তু..., আহ্! মোৰ চকু-মুখ হঠাৎ আনন্দোজ্জ্বল
হৈ পৰিল৷ পৰাণ আহিল৷ সেয়া, সি তাৰ ছীটত বহি আছে৷
দুই : গণেশগুৰিত বিস্ফোৰণ
প্ৰায় পঁচিশটা বছেৰ
যুঁজি-বাগিও তাক পৰিৱৰ্তন কৰিব পৰা নাই৷ মোকো৷ কিবা চিন্তাত পৰোঁতেই নিগমে সি মোৰ সন্মুখ
ওলাইছে৷ ময়ো মন খুলি তাক সৱ কথা কৈছোঁ৷
দুই হাজাৰ আঠৰ ত্ৰিশ
অক্টোবৰ৷ চাৰে দহমান বজাত আকাশী ৰঙৰ বাজাজ ছুপাৰ স্কুটাৰখন লৈ গণেশগুৰিলৈ গ’লোঁ৷ অলপ
কিনাকুটা আছিল৷ স্কুটাৰখন দোকান এখনৰ সন্মুখত পাৰ্ক কৰি থৈ ইটো-সিটো কিনি কিনি স্কুটাৰখন
ৰখা ঠাইৰ পৰা ভালেমান দূৰ আঁতৰি আহিলোঁ৷ এনেতে গগনফলা আৱাজ এটা হ’ল৷ কি হ’ল কি হ’ল,
থাওকতে কেউফালে হুলস্থূল লাগি গ’ল৷ বোমা ফুটিল, গণেশগুৰি ফ্লাইঅ’ভাৰৰ তলত বোমা ফুটিল
! শক্তিশালী বোমা, বহুত মানুহ মৰিল ! বান্ধ ভাঙি পানী অহাদি ফ্লাইঅ’ভাৰৰ ফালৰ পৰা তৰা-নৰা
ছিঙি দৌৰি আহি থকা মানুহবোৰে কৈ থাকিল৷ ময়ো আতংকিত হৈ পৰিলোঁ৷ আৰু এটা কথা ভাবোঁতে
ভৰিৰ তলৰ মাটি প্ৰায় খেপিয়াই নোপোৱাৰ দৰে হ’লোঁ৷ কি ঠিক, এই ঠাইডোখৰৰ ওচৰে-পাঁজৰেও
যে বোমা ৰখা নাই কোনে ন দি ক’ব পাৰিব? এনেকৈ ভাবোঁতে মই ৰোৱাত আৰু এক মুহূৰ্তও ৰ’ব
নোৱাৰিলোঁ৷ দৌৰাৰ দৰে খৰখোজেৰে মই ঘৰৰ পথ ধৰিলোঁ৷ প্ৰায় তিনি কিলোমিটাৰ বাট বুলি আহি
কেতিয়া ঘৰ পালোঁহি ক’বই নোৱাৰিলোঁ৷
ইতিমধ্যে বোমা বিস্ফোৰণৰ
কথাটো বিশ্বৰ শীৰ্ষ খবৰবোৰৰ মাজৰ এটা হৈ পৰিছিল৷ কেৱল স্থানীয় টিভি চেনেলবোৰেই নহয়,
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহু টিভি চেনেলেও খবৰটো প্ৰচাৰ কৰিবলৈ লৈছিল৷ ঘৰ ওলাই
টিভিত বোমাই কৰা সৰ্বনাশৰ দৃশ্যবোৰ চাই থাকোঁতে নিঃসন্দেহ হ’লোঁ যে ইমান সৰ্বনাশ কৰিব
পৰাবোৰ কেতিয়াও মানুহ হ’ব নোৱাৰে৷
টিভিত ক্ষতিগ্ৰস্ত
যান-বাহনবোৰ চাওঁতেহে মোৰ এৰি অহা স্কুটাৰখনৰ কথা মনত পৰিল৷ যি দেখিছোঁ, বোমা বিস্ফোৰণ
হোৱা ঠাইডোখৰৰ পৰা তিনিশ মিটাৰমান দূৰত ৰখা মোৰ স্কুটাৰখনৰ একো ক্ষতি হ’ব নালাগে৷ এবাৰ
এতিয়াই গৈ মোৰ স্কুটাৰখন লৈ আহিবলৈ মন গ’ল৷ কিন্তু মই গভীৰভাৱে অনুভৱ কৰিছোঁ যে আতংকই
এতিয়াও মোৰ লগ সম্পূৰ্ণভাৱে এৰা নাই৷ মই এতিয়াও সিমান সুস্থিৰ হ’ব পৰা নাই৷ হাত-ভৰিৰ
কঁপনি এতিয়াও সম্পূৰ্ণভাৱে মাৰ যোৱা নাই৷ থাকক৷ পাছতো আনিব পৰা যাব৷
ৰাতি শোৱাৰ ঠিক আগে
আগে মনত সুপ্ত হৈ থকা স্কুটাৰখনৰ কথাটো আকৌ সক্ৰিয় হৈ পৰিল৷ স্কুটাৰখন লৈ নহা বাবে
এইবাৰ বেয়াও লাগিল৷ পুলিচ-চি আৰ পিৰে প্ৰায় গোটেই গণেশগুৰিখন ভৰি আছে৷ স্কুটাৰখন নেহেৰায়,
এই কথাত সন্দেহ নাই৷ তথাপি....৷
এনেতে হঠাৎ ক’ব নোৱৰাকৈ
মোৰ সন্মুখত ওলাই সি সৰৱ হ’ল– ‘কি দোচ, কিবা ভাবি আছ যেন লাগিছে৷’
‘হয় দোচ, তই ঠিকেই অনুমান কৰিছ’ বুলি বোমা বিস্ফোৰণ হোৱাৰ পৰা এইমাত্ৰ ভাবি থকা কথাবোৰ মই তাক বিৱৰি ক’লোঁ৷ শুনি সি ক’লে– ‘স্কুটাৰখন যে ৰাতিপুৱালৈ তাত থাকিব এই কথাত মোৰো অকণো সন্দেহ নাই অ’৷ কিন্তু...৷’
‘কিন্তু কি অ’?’
‘তই ভুল কৰিলি৷ ডাঙৰ
ভুল কৰিলি৷ স্কুটাৰখনে তোক ডাঙৰ বিপদত পেলাব চাবি৷’
‘স্কুটাৰখনে মোক
বিপদত পেলাব? কেনেকৈ?’
‘কেনেকৈ আকৌ ! গোটেই
গণেশগুৰিখন পুলিচ-চি আৰ পিৰে ভৰি আছেনে নাই কচোন তই?’
‘নিশ্চয় আছে৷’
‘তেওঁলোক তাত এনেয়ে
আছে নেকি! এই কুকৰ্মটো কৰাকেইটাৰ সন্ধান উলিয়াবলৈ অনুসন্ধান নচলাব নেকি? কাৰোবাৰ প্ৰতি
সন্দেহ হ’লে তাক নধৰিব নেকি?’
‘নিশ্চয় ধৰিব৷ এইটো
আকৌ কোৱা কথা নেকি৷’
‘তেনেহ’লে?’
‘তেনেহ’লে কি আকৌ?’
‘তেনেহ’লে কি আকৌ
! ভাঙি নোকোৱালৈকে দেখিছোঁ সাধাৰণ কথা এটাও তই বুজি নাপাৱ৷’
সি কোৱাৰ দৰে মই
নহওঁ৷ যদিও সি এতিয়া ক’ব কি খুজিছে মই বুজি উঠিব পৰা নাই৷ সেয়ে অবুজ চাৱনিৰে মই তাৰ
ফালে চালোঁ৷ মোৰ চাৱনি অনুধাৱন কৰি সি ক’লে– ‘বোমা ফুটা ঠাইডোখৰৰ পৰা মাত্ৰ তিনিশ মিটাৰমান
দূৰত গোটেই ৰাতি পৰি থকা স্কুটাৰখনৰ মালিকলৈ তেওঁলোকৰ সন্দেহ নুপজিব নেকি?’
হয়তো৷ উপজিব৷ চিন্তাৰ
সেপ ঢুকি মই মনতে ক’লোঁ৷ সি ঠিকেই কৈছে৷ সঁচাকৈয়ে মই বৰ ভুল কৰিলোঁ৷ সাহস গোটাই স্কুটাৰখন
মই দিনতেই গৈ লৈ আহিব লাগিছিল৷ এতিয়া? মনে মনে মই দেৱাল ঘড়ীটোলৈ চালোঁ৷ বাৰ বাজি
কুৰি মিনিট গৈছে৷ ইমান ৰাতি তালৈ যোৱাৰ কথা মই ভাবিবই নোৱাৰিলোঁ৷ মোৰ চিন্তাৰ মাত্ৰা
ক্ৰমশঃ বাঢ়িবলৈ ধৰিলে৷ অক্টোবৰৰ দুপৰ ৰাতিতো মই ঘামিবলৈ ধৰিলোঁ৷
চিন্তাৰ সেপ মই ঢুকিছোঁ
আৰু ঢুকিছোঁ৷ এনেতে অমাতৰ মাতৰ দৰে বুদ্ধি এটা মোৰ মনৰ মাজলৈ সোমাই আহিল৷ স্কুটাৰখন
ল’বলৈ গ’লেহে পুলিচে মোক ধৰিব পাৰিব৷ নগ’লে....৷ নাই, স্কুটাৰখন ল’বলৈ মই নাযাৱেঁই৷
যাওক, মোৰ স্কুটাৰখনে যাওক৷ এনেয়েও স্কুটাৰখন পুৰণি হৈছে৷ বাইক এখন লওঁ লওঁ কৰিয়ে আছোঁ৷
মই অনুভৱ কৰিলোঁ
যে বুদ্ধিটোৱে মোক ভালেখিনি সকাহ দিছে৷ গাৰ ঘাম বহুখিনি শুকোৱা যেন পালোঁ৷ সম্ভাৱ্য
বিপদৰ পৰা হাত সৰাৰ সম্ভাৱনাৰ দীঘলীয়া উশাহ এটা লৈ মই মনৰ কথাটো তাক ক’লোঁ৷
‘সৰু ল’ৰাৰ দৰে কথাবোৰ
নক’বিচোন৷’ মোৰ কথাত ভেকাহি মাৰি সি ক’লে– ‘স্কুটাৰখনত নম্বৰ প্লেট নাই নেকি?’
‘নাথাকিব কিয়!’
‘তেনেহ’লে? ডি টি
অ’ৰ অফিচৰ পৰা তোৰ ঠিকনা উলিয়াবলৈ তেওঁলোকক কিমান সময় লাগিব?’
হয়তো! এইমাত্ৰ আঁতৰা
চিন্তাটোৱে মোক আকৌ জপটিয়াই ধৰিলেহি৷ মইতো এই কথা ভবাই নাই !
‘তোৰ ৰক্ষা নাই৷’
মোৰ চিন্তিত মুখখনলৈ চাই সি দ্ব্যৰ্থহীনভাৱে ক’লে– ‘বেয়া নাপাবি, মোৰ দৃঢ় বিশ্বাস,
কাইলৈ দিনৰ ভাগতেই তই এৰেষ্ট হ’বি৷’
কথাখিনি কৈ সি আৰু
ন’ৰল৷
মেলা চকুৰ আগেৰে
বাকীছোৱা ৰাতিও পাৰ হৈ গ’ল৷ গৰম কেৰাহিত দিয়া জীৱিত কাৱৈ মাছটোৰ দৰে ক্ৰমান্বয়ে বাঢ়ি অহা চিন্তাত মই ছটফটাই থাকিলোঁ৷ এৰা, সি ঠিক কথাই কৈছে৷ কথাবোৰ মই তাৰ দৰে ভাবিব নোৱাৰোঁ
কিয়? বিচাৰ কৰিব নোৱাৰোঁ কিয়? তাৰ সৈতে তুলনা কৰি মই নিজকে বহুবাৰ ধিক্কাৰ দিলোঁ৷ সি
যি নহওক, দেশদ্ৰোহৰ অভিযোগৰ কথা আহিব, নিৰ্দোষী বুলি প্ৰমাণিত হোৱাৰ দিনটো অহালৈ...! এতিয়া কি কৰোঁ? পূবে ধলফাট দিওঁতে শেষ কথা ভবাৰ দৰে মই ভাবিলোঁ, স্কুটাৰখন আনিবলৈ
গ’লেও যি নগ’লেও সেয়ে৷
শংকা মিহলি ভয়ৰ খোজেৰে
গৈ গণেশগুৰি ওলাই দেখিলোঁ, এতিয়াও অ’ত-ত’ত পুলিচ, চি আৰ পি৷ প্ৰায় প্ৰত্যেকৰে হাতে-পিঠিয়ে
অত্যাধুনিক বন্দুক, লাঠি৷ চেহেৰাত লাগি থকা অনিদ্ৰাজনিত জড়তা ভাঙিবলৈ তেওঁলোকে ইফাল-সিফাল
কৰি থকা যেন লাগিছে৷ ফুটপাথত কিছু সতৰ্ক আৰু শংকিত খোজৰ মানুহ৷ মোৰ স্কুটাৰখন কালি
ৰখা ঠাইতে আছে৷ স্কুটাৰখনৰ সোঁৱে-বাঁৱে আৰু কেইখনমান স্কুটাৰ, বাইক ৰখা আছে৷ সম্ভৱতঃ
মোৰ দৰেই এইবোৰৰ গৰাকীবোৰে এইবোৰ এৰি গৈছে কালি৷
ৰখাই থোৱা ঠাইৰ পৰা
উলিয়াই স্কুটাৰখন ষ্টাৰ্ট দিবলৈ লওঁতে জানো কোনপিনৰ পৰা আৰক্ষীৰ উপ পৰিদৰ্শক এজন আহি
স্কুটাৰখনৰ সন্মুখত ৰ’ল৷ ভয়ত মোৰ অন্তৰাত্মা কঁপি উঠিল৷ হৈছে আৰু! ভয়াৰ্ত চাৱনিৰেই
মই তেওঁৰ ফালে চালোঁ৷
‘স্কুটাৰখন আপোনাৰ?’
পুলিচী সুৰেৰে তেওঁ সুধিলে৷
‘হয় ছাৰ৷’ ভয়ৰ সেপ
ঢুকি মই কলোঁ৷
‘কালি এৰি গৈছিল?’
‘হয় ছাৰ৷’
‘কিয়?’
‘কিয়... মানে ছাৰ...৷’
আৰু কি কওঁ ! ভয়ে
যেন পৃথিৱীৰ সমগ্ৰ শব্দ মোৰ জিভাৰ আগৰ পৰা আঁতৰাই পঠিয়াইছে৷
‘হুঁ৷’ মোৰ নীৰৱতা
চাই তেওঁ কিবা বুজাৰ দৰে কৰি ক’লে– ‘ঠিক আছে৷ আপোনাৰ নাম-ঠিকনা কওক৷’
ডায়েৰীত নাম-ঠিকনা
লিখি লওঁতে সাহস গোটাই মই তেওঁক সুধিলোঁ– ‘এইবোৰ কিয় লিখি ল’লে, ছাৰ?’
‘আপুনি কালিৰ কুকৰ্মটোত
জড়িত নেকি?’ তেওঁ এইবাৰ আৰক্ষীৰ খঙেৰে সুধিলে৷
‘নাই নাই, নাই ছাৰ৷’
সোঁৱে-বাঁৱে মূৰ
জোকাৰি মই কোনোমতে ক’লোঁ৷
‘তেনেহ’লে?’ একে
মাতেৰে তেওঁ শেষ কথা কোৱাৰ দৰে ক’লে– ‘যাওক ইয়াৰ পৰা৷’
মই আৰু এক লহমাও
নৰ’লোঁ৷ স্কুটাৰখনেৰে ঘৰলৈ অহাৰ বাটত মই অনুভৱ কৰিলোঁ যে মনটো বেছ পাতল হৈছে৷ আৰক্ষী
বিষয়াজনে খঙেৰে কোৱা শেষৰ কথাকেইষাৰে মোক বহুখিনি নিৰ্ভীক কৰি তুলিছে৷ হয়তো, কিহৰ ভয়?
তিনি : প্ৰসংগত বৰ্ণালী
তাৰ পাছৰ পৰা লাহে
লাহে মোৰ অনুভৱ হ’বলৈ ধৰিলে যে সি মোৰ চিন্তা কমাব ছাৰি বঢ়ায়হে৷ আৰু যেতিয়াৰ পৰা
এই কথা মোৰ বিশ্বাসো হ’বলৈ ধৰিলে তেতিয়াৰ পৰা মই তাক আজি কৰাৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ৷
যোৱা সপ্তাহত গাঁৱৰ
ঘৰলৈ গৈছিলোঁ৷ আহোঁতে নৱমমানৰ বছৰেকীয়া পৰীক্ষা দি উঠা ভনী বিনিয়ে (আচল নাম বিনীতা)
মোৰ লগত আহিবলৈ থেনথেনাবলৈ ধৰাত লৈ আহিলোঁ৷ পিছে অহাৰ দুদিনমানৰ পাছৰ পৰাই তাই আকৌ
ঘৰলৈ যাবলৈ থেনথেনাবলৈ ধৰিলে৷ মহা মস্কিল ! এতিয়া কি কৰোঁ? তাইক থৈ আহিবলৈ মোৰ একেবাৰে
সময় নাই৷ এনেতে আজি পুৱাই গম পালোঁ, কালি কিবা কামত গুৱাহাটীলৈ অহা সম্পৰ্কীয় খুৰা
এজন আজি ঘৰলৈ গৈ আছে৷ যোগাযোগ কৰি লগ কৰি তেওঁৰ লগত তাইক পঠিয়াই দিলোঁ৷
দুই বজাত পাণবজাৰৰ
পৰা বাছ৷ ঘৰলৈ চাৰি ঘণ্টামানৰ ৰাস্তা৷ চাৰে ছয় বজাত চাহ খাই খাই বিনিহঁত ঘৰ পালেগৈনে
নাই ভাবি আছোঁ৷ এনেতে তাৰ অবাঞ্ছিত আৱিৰ্ভাৱ৷
‘কি দোচ, কি হ’ল?’
‘বিনিহঁত ঘৰ পালেগৈনে
নাই তাকে ভাবি আছোঁ৷’
মোৰ কথা শুনি সি
কেইটামান মুহূৰ্ত মনে মনে ৰ’ল৷ তাৰ পাছত স্বভাৱজাতভাৱে সি ক’লে– ‘গুৱাহাটীৰ আওভাও নুবুজা
বিনিৰ দৰে ছোৱালীজনীক এনেকৈ পঠিয়াই তই ভাল নকৰিলি৷ বাছত তুলি দি অহা হ’লেও কথা এটা
আছিল৷ আৰু পাণবজাৰৰ পৰা বাছ৷ তই অলপো নাভাবিলি৷’
মই তাৰ কথাত গুৰুত্ব
নিদিলোঁ৷
‘বৰ্ণালী দেৱৰ কথা
পাহৰিলি? কিছুমান মানুহৰ মানৱতা আছে জানো অ’! কিবাকৈ খুৰাৰ লগ এৰাএৰি হ’লে....৷’
মই একো নক’লোঁ৷
‘আৰু আজিকালি নিজৰ
খুৰাৰে বিশ্বাস নাই৷ নিতৌ কি হৈ আছে খবৰ নাৰাখ৷’
নাই, মই আৰু মনে
মনে থাকিব নোৱাৰিলোঁ৷ তাৰ ফালে চাই ক’লোঁ– ‘কি আজেবাজে বকিছ তই এইবোৰ! মনে মনে থাক!’
‘মই মনে মনে থাকিলেই
একো নোহোৱাকৈ থাকিব নেকি?’
‘তই কোৱা মতেওতো একো
হোৱা নেদেখিলোঁ কেতিয়াও৷ হৈছে? যি হয় হয়েই৷ বুজিলি?’
যেন জোকৰ মুখতহে চূণ
পৰিল৷ সি আৰু নমতা হ’ল৷ আৰু কেৱল নমতা হোৱাই নহয়, সি নৰ’লো৷
তাৰ নেগুৰ পেলাই
কৰা প্ৰস্থানত মই মিচিকিয়ালোঁ৷ আৰু চাহকাপত শেষ শোহাটো মাৰিলোঁ৷ এনেতে ম’বাইলৰ স্ক্ৰীনত
‘দেউতা’ শব্দটো ভাহি উঠিল৷ কলটো ৰিচিভ কৰি জানিলোঁ, খুৰাই বিনিক এইমাত্ৰ ঘৰ পোৱালেগৈ৷
বাটত একো অসুবিধা হোৱা নাছিল৷
মোৰ মনটো ভাল লাগি
গ’ল৷ আৰু প্ৰথমবাৰৰ বাবে আজি মই অনুভৱ কৰিলোঁ যে সি আৰু মোৰ মনৰ মাজত নাই৷ আনকি সুপ্ত
হৈও৷
–––
ঠিকনা :
মলয়নগৰ, এ ই চি ৰোড,
জালুকবাৰী, গুৱাহাটী-৭৮১০১৩
ম’বাইল- ৩৫১১৯৮৯২