অন্যযুগ/


শিৱৰাত্ৰি

 অসীম তালুকদাৰ

 

শিৱৰাত্ৰিৰ দিনা ৰাতিপুৱাৰে পৰা এই মন্দিৰটো লোকে লোকাৰণ্য হৈ পৰে৷ এইবাৰো পৰম্পৰাৰ ব্যতিক্ৰম হোৱা নাই৷ ওচৰৰ মানুহৰ কথা কবই নালাগে; দূৰ-দূৰণিৰ পৰাও আজি শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোত ভগৱান শিৱৰ আশিস বিচাৰি মানুহে ভিৰ কৰিছেহি৷ পূৰ্বতে এই ঠাইত আহোমৰ শাসন কালতেই সৰুকৈ সজা শিৱ মন্দিৰ এটা আছিল৷ কেই বছৰমান আগতে চৰকাৰৰ উদ্যোগত জহি-খহি যোৱা পুৰণি মন্দিৰটোৰ কাষতেই নতুনকৈ শিৱ মন্দিৰটো নিৰ্মাণ কৰা হয়৷ মন্দিৰটোৰ ওপৰত মুকুটৰ দৰে জিলিকি থকা শিৱলিংগটো বহুত দূৰৰ পৰাই দৃশ্যমান হয়৷  

মন্দিৰটো থকা ঠাইত সময়ে সময়ে বানপানীৰ হয় কাৰণে মন্দিৰটো অলপ ওখকৈ নিৰ্মাণ কৰা হৈছিল৷ মন্দিৰৰ ভিতৰলৈ যাবলৈ দুশাৰী চিৰি বগাব লাগে৷ প্ৰথম শাৰীৰ বিছটামান ষ্টেপ বগোৱাৰ পাছত প্লেটফৰ্ম এখনৰ আকাৰেৰে অলপ খালী ঠাই আছে৷ প্লেটফৰ্মখন মন্দিৰটোৰ চাৰিওফাল আগুৰি থকাকৈ চক্ৰাকাৰে সজা হৈছে৷ চিৰি বগাই ভাগৰ লাগিলে তাত মানুহে অলপ জিৰাব পাৰে৷ তদুপৰি দ্বিতীয় শাৰী চিৰিত উঠি পুনৰ পোন্ধৰটামান ষ্টেপ বগোৱাৰ পূৰ্বে বহুতেই প্লেটফৰ্মখনত খোজ কাঢ়ি কাঢ়ি মন্দিৰৰ চাৰিওফালে ঘূৰে৷ কিছুমানে আকৌ তাতেই বহি থাকি মন্দিৰৰ পৱিত্ৰ পৰিবেশটো উপভোগ কৰে৷ 

আবেলিলৈ মানুহৰ ভিৰ অলপ কমিল৷ ওজৰ-পাজৰৰ বেছি ভিৰ পচন্দ নকৰা মানুহবোৰ এতিয়া আহিছে৷ প্লেটফৰ্মখনতেই আইতা এজনী বহি আছে৷ শুধ বগা কাপোৰ পিন্ধা ভগ্ন স্বাস্থ্যৰ মানুহগৰাকীৰ হাতত অলপ পূজাৰ সামগ্ৰী৷ চিৰি বগাই ভাগৰ লাগি তেওঁ চাগে অলপ জিৰাবলৈ বহিছে৷ তেওঁৰ আশে-পাশে কেইজনীমান তিৰোতাৰ এটা দল বহি আছে৷ তিৰোতাকেইজনীয়ে নিজৰ মাজত কিবা কথা পাতি আছে৷ আইতাই অলপ একাষৰীয়াকৈ বহিছে আৰু তেওঁলোকৰ কথা-বতৰাত ভাগ লোৱা নাই৷ খুৱ সম্ভৱ তেওঁ সেই দলটোৰ লগত নাই৷ খন্তেক পাছতেই আইতাৰ কাষতেই আহি কম বয়সীয়া ছোৱালী এজনী বহিলহি৷ ছোৱালীজনীয়েও বগা মেখেলা চাদৰ পিন্ধিছে৷ ছোৱালীজনীৰ হাততো পূজাৰ সামগ্ৰী কিছুমান৷ পূজাৰ সামগ্ৰীখিনি কাষতে থৈ ছোৱালীজনীয়ে চাদৰখনেৰে মুখখন মচিলে৷ আইতাই ছোৱালীজনীৰ ফালে কিছুসময় চাই থাকিল৷ এবাৰ তেওঁলোকৰ চকুৱে চকুৱে পৰিল৷ ছোৱালীজনীয়ে একো প্ৰতিক্ৰিয়া ব্যক্ত নকৰাকৈ মুখখন ঘূৰাই ল’লে৷ কিছু সময় নীৰৱে থকাৰ পাছত আইতাই কৈ উঠিল -

-      “গৰম আহি পালেহিয়েই !”

-      “হয়৷” আইতাৰ ফালে এবাৰ চাই চমুকৈ উত্তৰ দি ছোৱালীজনীয়ে পুনৰ মুখখন ঘূৰালে৷

-      “তুমি অকলে আহিছা নেকি ? এইটো সময়ত অকলে ঘূৰা-পকা কৰাটো ভাল নহয়৷”

    ছোৱালীজনীয়ে একো নকলে৷ তাইৰ চকুদুটা সেমেকি আহিল৷ ছোৱালীজনী যে কেইবামহীয়া গৰ্ভৱতী দেখিলেই অনুমান কৰিব পাৰি৷ ছোৱালীজনীৰ সম্পূৰ্ণ বগা সাজ আৰু শিৰত সেন্দূৰ নোহোৱা কথাটোৱে যেন আইতাক বহুত কথা কৈ দিছে৷ তথাপি আইতাই সুধিলে -

-      “এনে পৱিত্ৰ দিনটোত তোমাৰ স্বামীকো লৈ আহিব পাৰিলাহেঁতেন৷”

-      “তিনি মাহ হৈ গল তেখেতে মোক এৰি যোৱা৷”

-      “অ’হ, হয় নেকি ? ঘৰত অন্য কোনোবা আছে নে ? বেয়া নাপাবা দেই সোধা কাৰণে৷”

-      “শাহু আই আছে৷ কিন্তু তেখেতৰো গা বেয়া৷”

কিবা এটা কব খুজিও আইতা ৰৈ গল৷ আচলতে ছোৱালীজনীক কি বুলি প্ৰবোধ দিব তেওঁ ধৰিবই পৰা নাই৷ কম বয়সীয়া অকলশৰীয়া বিধৱা ছোৱালী এজনীৰ কাৰণে সমাজখন কিমান ভয়াৱহ হব পাৰে তেওঁ নজনা নহয়৷ ছোৱালীজনীৰ বিষয়ে জানিবলৈ তেওঁৰ বৰ মন গল, কিন্তু সুধিবলৈ সাহস গোটাব নোৱাৰিলে৷ 

ছোৱালীজনীয়ে হাত জোৰ কৰিছে আৰু এক ধ্যানে মন্দিৰটোৰ ফালে চাই আছে৷ মাজে মাজে সকলো কথা সপোন যেন লাগে তাইৰ৷ বয়স এবছৰ নৌ হওঁতেই মাক-দেউতাক উভয়কে হেৰুওৱাৰ পাছত তাই মোমায়েকৰ ঘৰত থাকি ডাঙৰ-দীঘল হৈছিল৷ মোমায়েকৰ ঘৰৰ যাৱতীয় কাম-কাজবোৰ সূচাৰুৰূপে কৰাৰ পাছতো মামীয়েকৰ নিয়মীয়া গালি, ককৰ্থনাই তাইৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল৷ হঠাতে এদিন দেৱদূতৰ দৰে তাইৰ জীৱনলৈ ল’ৰা এজন আহিছিল৷ গৌতম আৰু শাহু মাকৰ লগত সেই তিনিটা বছৰ তাইৰ জীৱনৰ আটাইতকৈ সুখৰ সময় আছিল৷ ঘৰখনৰ সুখ দুগুণ বাঢ়িছিল যেতিয়া সিহঁতৰ মৰমে তাইৰ গৰ্ভত থিতাপি লৈছিল৷ দুৰ্ভাগ্যক্ৰমে তাইৰ গৰ্ভাৱস্থাৰ চাৰিমাহ হোৱাৰ পাছতেই এদিন গৌতমে চলাই থকা ই-ৰিক্সাখন ট্ৰাক এখনে মহতিয়াই লৈ গৈছিল৷ তাৰে কেইমাহমান আগৰ পৰাই শাহুমাকে কথাবোৰ পাহৰিবলৈ ধৰিছিল৷ ডাক্তৰে কৈছিল অলজহেইমাৰছ৷ পুত্ৰশোকে তেওঁৰ ওপৰত অলজহেইমাৰছৰ প্ৰভাৱ তীব্ৰতৰ কৰি তুলিছিল৷ ভোলানাথে অলপ কৃপাৰ দৃষ্টিৰে চাব নেকি বাৰু ?

কিছু সময় মনে মনে থকাৰ পাছত নীৰৱতা ভংগ কৰি আইতাই কৈ উঠিল - “চিন্তা নকৰিবা আইজনী৷ সকলো ঠিক হৈ যাব৷ মহাদেৱৰ ওপৰত বিশ্বাস ৰাখিবা৷ তেওঁৰ মহিমা অপাৰ৷ আমাৰ দৰে সাধাৰণ মনুষ্যই তেওঁৰ মহিমা কেতিয়াও বুজিব নোৱাৰে৷ তোমাৰ লগতে তোমাৰ পৰিয়াল আৰু আহিবলগীয়া সন্তানটোক মহাদেৱে আশীৰ্বাদ কৰিব৷ মহাদেৱে সকলোৰে ভাল চিন্তা কৰে৷ ভক্তৰ মনোকামনা পূৰ কৰে৷ তুমি কেৱল নিজৰ কৰ্তব্য কৰি যোৱাঁ, বাকী সকলোবোৰ তেখেতৰ ওপৰত এৰি দিয়াঁ৷ তোমাৰ দৰে ময়ো আজি ইয়াত অকলে৷ মোক অৱশ্যে মোৰ ল’ৰাই থৈ গৈছে৷ অলপ পাছত সি মোক নিবলৈ আহিব৷ তোমাৰ ঘৰ ক’ত বাৰু ? তোমাক আমি অলপ আগবঢ়াই দিব পাৰিম৷ এতিয়া মন্দিৰৰ ভিতৰলৈ তুমি আৰু মই একেলগে যাওঁ বলা !”  

ছোৱালীজনীয়ে একো নামাতিলে৷ আইতাৰ পিছে পিছে ছোৱালীজনীয়েও খোজ ল’লে৷ এঘণ্টামান পাছত আইতা আৰু ছোৱালীজনীয়ে পূজা-পাতল সমাপণ কৰি তললৈ নামি আহিল৷ আগৰ ঠাইতে আইতা পুনৰ বহি পৰিল৷ ছোৱালীজনীয়ে আইতাৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চাই ৰ’ল৷

-      “গৌতম, মোৰ ল’ৰাটো আহি পাবহিয়েই৷ মই ইয়াতেই বাট চাম তাৰ কাৰণে৷”

-      “বলক মা৷ আমি যাব লাগিব সোনকালে৷ নহ’লে বাছ নাপাম৷”

-      “আহিব গৌতম৷ সি তাৰ গাড়ীখন লৈ আহিব৷”

-      “নহয় মা৷ গৌতমে ৰাতিপুৱাই আজি আহি পাওঁতে দেৰী হব বুলি কোৱা নাছিল জানো ? দূৰলৈ ভাড়া লৈ গৈছে৷ আমি অকলেই যাব লাগিব৷”

অনিচ্ছা সত্তেও আইতা উঠিল৷ ছোৱালীজনীৰ ফালে তেওঁ চায়েই থাকিল৷ বোৱাৰীয়েকক তেওঁ চিনি পোৱা নাই৷

***

ঠিকনা :

মেডিচনভিল, কেণ্টাকী

আমেৰিকা যুক্তৰাষ্ট্ৰ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ