গীতিকা শইকীয়া
কিছুমান গল্প-উপন্যাসৰ
কাহিনী, প্ৰকাশভংগী সাধাৰণতে পোৱা গল্প-উপন্যাসৰ কাহিনীতকৈ পৃথক
হয়। বহুক্ষেত্ৰত কাহিনীয়ে এনে এক পৰ্যায় পায়গৈ যে পাঠকে সাধাৰণ দৃষ্টিভংগীৰে
পঢ়িবলৈ লৈ বুজিবৰ বাবে থমকি ৰ’বলগীয়া হয়। আচলতে এনে ধৰণৰ
গল্প তথা সাহিত্যৰ ৰচকসকলে ক’বলগীয়া সকলোখিনি সহজ-সৰলকৈ নকৈ
কিছুমান ইংগিত এৰি থৈ যায়। ইয়াৰ মূল কাৰণ হ’ল গল্পকাৰে
বিচাৰে যে গল্পটি পঢ়ি যাওঁতে কেৱল পঠনীয় অভিজ্ঞতাৰেই নহয়, তাৰ
পৰা পাঠকৰ মনত চিন্তাৰ উন্মেষ ঘটাব পৰাৰ সুযোগ দিব পাৰিব লাগিব। তেতিয়াহে গল্পকাৰৰ
গল্প লিখাৰ উদ্দেশ্য সফল হ’ব পাৰে। সেয়েহে এনে ধৰণৰ সাহিত্য
সচৰাচৰ সাহিত্যতকৈ ভিন্ন হয়। আধুনিক অসমীয়া গল্প সাহিত্যৰ এগৰাকী পথিকৃত সৌৰভ
কুমাৰ চলিহাৰ গল্পবোৰ বৰ্তমান পাঠক সমাজত অতিশয় জনপ্ৰিয়। কিন্তু তেখেতৰ
প্ৰায়খিনি গল্পকে বুজিবলৈ বাৰে বাৰে পঢ়িবলগীয়া হয়, অথচ বাৰে
বাৰে পঢ়ি আমনিও নালাগে। এই গল্পবোৰৰ পৰা পাঠকে বহুক্ষেত্ৰতে যুক্তি তথা চিন্তাৰ
উন্মেষ ঘটাবলৈ সক্ষম হয়।
খুব কম সময়ৰ ভিতৰতে
এখন মানবিশিষ্ট আলোচনীৰূপে জনপ্ৰিয় হৈ পৰা “অন্যযুগ” আলোচনীখনৰ জুলাই সংখ্যাত প্ৰকাশিত পৰী পাৰবীনৰ গল্প “সোণৰ কণীৰ পৰা সোণৰ কণালৈ” নামৰ গল্পটি পঢ়ি ঠিক
এনে ধৰণৰ কিছুমান নতুন চিন্তাৰ উন্মেষ ঘটোৱা যেন অনুভৱ হ’ল।
গল্পটিত গল্পকাৰে
সচৰাচৰতকৈ কিছু পৃথক অথচ চিৰন্তন প্ৰশ্নৰ সম্ভাৱনা থকাকৈ এটা বিষয়ক উপস্থাপন
কৰিছে। পুৰুষৰ দৰেই নাৰীৰ ডিম্বকোষৰ দানৰ বিষয়টোৰ উল্লেখৰ জৰিয়তে স্বাভাৱিকভাৱে
সন্তান প্ৰাপ্তি আৰু কৃত্ৰিমভাৱে সন্তানপ্ৰাপ্তিৰ বিষয়টোৰ মান্যতাৰ ওপৰত ফঁহিয়াই
চাইছে।
মানৱ জাতিক আগ বঢ়াই লৈ
যাবলৈ প্ৰয়োজন হোৱা সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হৈছে সন্তান প্ৰাপ্তি। কিন্তু
সন্তান লাভৰ এই প্ৰক্ৰিয়াটোত পুৰুষ-নাৰীৰ সমানেই সহযোগ থাকিব লাগে বুলি থকা
ভাবনাক গল্পকাৰে অস্বীকাৰ কৰি প্ৰচলিত সমাজ ব্যৱস্থাকে প্ৰত্যাহ্বান জনাইছে।
সেয়েহে গল্পটিৰ এটি চৰিত্ৰ মন্দাকিনীয়ে ক’ব পাৰে “মাই ব’ডী মাই চইচ।” মোৰ শৰীৰ, মোৰ ইচ্ছাই সকলো। মন্দাকিনীৰ
মতে পুৰুষে যদি বীৰ্যদান কৰিব পাৰে তেন্তে নাৰীয়েও ডিম্বকোষ দান কৰিব পাৰে। এয়া
নিৰ্ভৰ কৰে ব্যক্তি এগৰাকীৰ নিজৰ চিন্তাধাৰাৰ ওপৰত।
“বহুপত্নীৰ
সুবিধাৰে এজন পুৰুষে যদি বীৰ্যৰ সৰ্বাধিক প্ৰয়োগেৰে মানৱ কুলৰ মাজত নিজৰ ৰক্ত
বিয়পাই দিয়াৰ প্ৰয়াস কৰিব পাৰে, তেতিয়াহলে নাৰী হৈ কিয়
নোৱাৰিব নিজৰ অৰ্জিত ডিম্বকোষসমূহেৰে তেনে একোটা অনুকূল সিদ্ধান্ত ল’ব মন্দাকিনীয়ে?”
গল্পটোত অঙ্কিত মন্দাকিনী কোনো বান্ধোনত থাকিব নোখোজা, নিজৰ ইচ্ছা-অনিচ্ছাক
অগ্ৰাধিকাৰ দিয়া এগৰাকী স্বাধীনচিতীয়া নাৰী। মন্দাকিনীয়ে তেওঁৰ শৰীৰৰ ওপৰত কাৰোবাৰ
অধিকাৰ খটুওৱাৰো বিৰোধিতা কৰে। সেয়েহে মন্দাকিনীয়ে কৈ উঠে,-
“এই
স্তনত মোৰ হাজাৰ সন্তানে উমলি থাকিব। এই স্তনত মোৰ পুৰুষ সংগীৰ কোনো অধিকাৰ
নাথাকিব৷”
মন্দাকিনীৰ এই
স্বাধীনচিতীয়া দৃষ্টিভংগী কাহিনীটোৰ এক বিশেষ উপাদান বুলি অভিহিত
কৰিব পাৰি।
যি নহওক, সাহিত্য
এনে এক ক্ষেত্ৰ যি সাহিত্যিকসকলৰ লগতে এখন সমাজক, মানুহৰ
আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, সময় আদিক
প্ৰতিনিধিত্ব কৰে। দৰাচলতে গল্প-উপন্যাস, প্ৰৱন্ধ তথা কবিতা
আদিৰেই সাহিত্য নহয়, সাহিত্য হৈছে এখন সমাজৰ, সেই সমাজক প্ৰতিনিধিত্ব কৰা মানুহখিনিক তথা ভাষা-সংস্কৃতি ইত্যাদি সকলো দিশকে
প্ৰতিফলিত কৰা এক আধাৰ। সেয়েহে সাহিত্যক সমাজৰ দাপোন বুলি অভিহিত কৰা হয়। সমাজত
পৰিৱৰ্তনৰ পোষকতাৰ উদ্দেশ্যৰেই সাহিত্যিকসকলৰ সমাজৰ প্ৰতি নৈতিকতাবোধ আৰু দায়ৱদ্ধতা
সাহিত্যত প্ৰকাশ পায়। সেয়েহে ক’ব পাৰি সাহিত্য হৈছে জ্ঞান
তথা সভ্যতাৰো আধাৰ। এই জ্ঞান আৰু সভ্যতাই সমাজৰ ইতিবাচক দিশবোৰ আৰু মূল্যবোধক নতুন
প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক ৰূপত আগবঢ়াই দিয়ে।
বৰ্তমান নিঃসন্তান
দম্পত্তিয়ে আইভিএফ, বীৰ্যদান, ছাৰ’গেচী আদি কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়াৰ বিভিন্ন
পন্থাৰ যোগেদি সন্তান লাভ কৰাৰ পদ্ধতিটোক মানুহে সহজভাৱেই গ্ৰহণ কৰিব পৰা হৈছে। এই
সমগ্ৰ প্ৰক্ৰিয়াটোক লৈয়েই বিশ্বজুৰি এখন লাভজনক বৃহৎ বজাৰেও
গা কৰি উঠিছে। গতিকে সন্তান জন্ম দিয়াৰ স্বাভাৱিক আৰু কৃত্ৰিম প্ৰক্ৰিয়াক প্ৰকাশ
কৰিবলৈ সাহিত্য অনুপ্ৰাণিত নোহোৱাৰ কথাই নাহে।
তেনেক্ষেত্ৰত এগৰাকী
নাৰীয়ে সন্তান জন্মৰ বাবে প্ৰয়োজন হোৱা নিজৰ ডিম্বকোষ কাৰোবাক দিয়াত আপত্তি
কৰিবলগীয়া কথা নিশ্চয়কৈ নহয়। কিন্তু “সোণৰ কণীৰ পৰা সোণৰ কণালৈ”
গল্পটিত প্ৰ’টাগ’নিষ্টে
নাৰীয়ে এনেদৰে ডিম্বকোষ দান দিয়া অথবা ব্যৱসায় হিচাপে গ্ৰহণ কৰাত আপত্তি তুলিছে। ক’বলৈ গ’লে কৃত্ৰিমভাৱে সন্তান প্ৰাপ্তিৰ পদ্ধতিটোৰ
ওপৰতেই প্ৰ’টাগ’নিষ্টে বৈধ-অবৈধৰ
প্ৰশ্ন উত্থাপন কৰিছে।
স্বাভাৱিক তথা
প্ৰাকৃতিকভাৱে সন্তানপ্ৰাপ্তিৰ বিপৰীতে কৃত্ৰিমভাৱে প্ৰজননৰ পন্থাটো শুদ্ধ হয় নে
নহয় সেই ক্ষেত্ৰত গল্পকাৰো নিশ্চিত নহয় যেন লাগিল। সেয়েহে প্ৰজনন কেন্দ্ৰবোৰৰ
কাৰ্যপ্ৰণালীকো প্ৰকৃতিৰ ভাৰসামতাৰ বিপৰীতে যোৱা বুলিও গল্পকাৰৰ মনত প্ৰশ্ন
জাগিছে। তাকেই প্ৰকাশ কৰিবলৈ প্ৰ’টাগ’নিষ্ট কৌশিকে এইবুলি কটুক্তি কৰিছে যে,-
“সন্তানহীনতাৰ দৰে গভীৰ যন্ত্ৰণা এটাক কিদৰে সাধাৰণ বেহা কৰি পেলালে এই বিজ্ঞানীসকলে?”
উল্লেখযোগ্য যে
গল্পকাৰে প্ৰ’টাগ’নিষ্ট কৌশিক চৰিত্ৰটো আধুনিক
মনোভাৱাপন্ন বুলিয়েই চিত্ৰিত কৰিছে। কৌশিকে প্ৰেয়সীৰ লগত শাৰিৰীক সম্বন্ধ কৰাটোক
বিবাহ বৰ্হিভূতভাৱে কৰা অনৈতিক কাৰ্য বুলি নাভাৱে। অৱশ্যে পুৰুষৰ বীৰ্যদানেৰে
কৃত্ৰিমভাৱে সন্তান জন্মৰ বিষয়টো সন্দৰ্ভত প্ৰ’টাগ’নিষ্ট নিমাত।
অথচ নাৰীৰ ডিম্বকোষৰ
ব্যৱসায়ীকৰণ প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰিবলৈ গৈ কৌশিকে কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়াটোকে
দোষাৰোপ কৰাৰ দৰে লাগিল। তাকে কৰিবলৈ গৈ এই দান দিয়া বা বিক্ৰী কৰা সোণৰ কণীসদৃশ
ডিম্বকোষবোৰ একো একোটা বিষ্ঠালৈ পৰিৱৰ্তিত হৈছে বুলি ধৰি লৈ প্ৰ’টাগ’নিষ্টে সান্ত্বনাও লভিছে। নিজৰ লগতেই বিভিন্ন যুক্তি-তৰ্কৰ শেষত প্ৰ’টাগ’নিষ্টে প্ৰেয়সীৰ লগতে ডিম্বকোষ বিক্ৰী কৰাৰ
ধাৰণাটোৰ সমৰ্থক নাৰীসকলকো প্ৰকৃতিৰ ভাৰসমতা বজাই ৰাখিবলৈ ব্যৱহৃত হোৱা একো একোটা
অনুঘটক বুলি ভাবিহে শান্ত হৈছেগৈ! সেয়েহে প্ৰ’টাগ’নিষ্টে এইদৰে ভাবিব পাৰিছে, -
“অপ্ৰাকৃতিক
উপায়েৰে মানৱ সন্তান সৃষ্টি কৰি মানৱজাতিক ধ্বংসমুখী কৰিবলৈ বিচৰাটো হয়তো
প্ৰকৃতিৰে লক্ষ্য। মন্দাকিনী এটা কেটালিষ্ট মাত্ৰ।”
কৌশিকৰ বাবে স্বাধীনচিতীয়া
চিন্তাধাৰাৰ প্ৰেয়সী মন্দাকিনী এটি মাত্ৰ অনুঘটকহে হৈ পৰে।
এইখিনিতে পুৰুষৰ
বীৰ্যদানক যে সমাজে গ্ৰহণ কৰিছে তাৰ উদাহৰণ হিচাপে ২০১২ চনত নিৰ্মিত হিন্দী চিনেমা
“বিকি ড’নাৰ” চিনেমাখনৰ
কথা উল্লেখ কৰিব পাৰি। নায়কে নিজৰ বীৰ্য বিক্ৰী কৰাৰ বিষয়টোৱেই চিনেমাখনৰ কাহিনী।
প্ৰথিতযশা পৰিচালক সুজিত চিৰকাৰৰ পৰিচালনা আৰু অভিনেতা জন আব্ৰাহামৰ প্ৰযোজনাৰ “বিকী ড’নাৰ” চিনেমাখনৰ মূল
চৰিত্ৰত আয়ুস্মান খুৰানাই অভিনয় কৰিছিল। চিনেমাখনৰ কাহিনীটোত প্ৰথমে তেনেকৈ বীৰ্য
বিক্ৰী কৰাৰ কথাটো জানিব পাৰি ঘৰ তথা সমাজেই বিকীক ককৰ্থনা কৰিবলৈ লৈছিল। কিন্তু
বিকীৰ সেই কামে নিজৰ ঘৰখনক আৰ্থিক সকাহ দিয়াৰ লগতে বহুতো সন্তানহীন দম্পতীক সুখ দিব পাৰিছিল বুলি খোদ বিকীৰ আইতাকৰ মুখত দিয়া সংলাপে বিষয়টোক দৰ্শকৰ
বাবে সহজভাৱে গ্ৰহণ কৰিব পৰা হৈছিল। উল্লেখযোগ্য যে পুৰুষৰ বীৰ্য বিক্ৰীৰ সেই
ঘটনাটো এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত আছিল। ২০১২ চনতেই পুৰুষৰ বীৰ্যবিক্ৰীৰ বিষয়ত
চিনেমা নিৰ্মিত হৈ দৰ্শকৰ দ্বাৰা বিপুলভাৱে আদৰি লোৱাটো যদি সম্ভৱ হয় তেন্তে নাৰী এগৰাকীয়েও নিজৰ ডিম্বকোষ বিক্ৰী কৰাৰ প্ৰক্ৰিয়াটোক আজি নহ’লেও ভৱিষ্যতে যে মানি লোৱাৰ পৰিৱেশ আহি পৰিব সেই
দিশটোত গল্পকাৰ আশাবাদী।
প্ৰশ্ন উঠিব পাৰে যে
বৰ্তমান যুগত বিজ্ঞানৰ সহায়ত বহুতো নিঃসন্তান দম্পতীয়ে সন্তান লাভ কৰাৰ
সুবিধা পাইছে। ডিম্বকোষৰ ব্যৱসায়ক বিষ্ঠা বুলি কৈ গল্পকাৰে বাৰু এই সমগ্ৰ
প্ৰক্ৰিয়াটোকে ভুল বুলি বুজাব খুজিছে নেকি? অৱশ্যে এই দিশত
প্ৰশ্নৰ উদয় হোৱাটো তেনেই স্বাভাৱিক এই কাৰণেই যে যি পদ্ধতিয়ে মানৱ সমাজক আগবঢ়াই
লৈ যোৱাৰ ক্ষেত্ৰত সহায়ক হৈ পৰিছে সেই কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়া অমানৱীয় কেনেকৈ হ’ব পাৰে? এয়াতো মানৱীয়তাৰ ধ্বজাবাহকৰ ইংগিতধৰ্মী
কাৰ্য!
দৰাচলতে গল্পটি পঢ়ি
যিখিনি বুজা যায় গল্পকাৰে কাহিনীটোত মানৱীয়তাৰ কথা ক’বলৈ
বিচৰাই নাই। তাৰ পৰিৱৰ্তে স্বাভাৱিকভাৱে পুৰুষ-নাৰীৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ যোগেদি
সন্তান ধাৰণ আৰু কৃত্ৰিমভাৱে সন্তান জন্ম দিয়াৰ প্ৰচেষ্টাৰ মাজত এক তুলনামূলক
দৃষ্টিভংগীৰে বিষয়টো উত্থাপন কৰিছে। স্বাভাৱিক আৰু কৃত্ৰিমভাৱে সন্তান প্ৰাপ্তিক
বৈধ-অবৈধৰ যুক্তিত বিবেচনা কৰিবহে বিচাৰিছে। কাৰণ ব্যৱসায়ীকৰণ হৈ যোৱাৰ ফলত যদি
ব্যৱসায়ৰ লগত জড়িতসকলৰ স্বাভাৱিক দায়বদ্ধতাক আপোচ কৰা হয় তেতিয়া মানৱীয়
মানবিশিষ্ট মানৱ সৃষ্টি সম্ভৱ হৈ থাকিবনে?
এটা কথা অনস্বীকাৰ্য
যে মানৱীয়তাৰ প্ৰলেপ সানিলেই সকলো কথা প্ৰাকৃতিক তথা স্বাভাৱিক বুলি মানি ল’ব
নোৱাৰি। প্ৰকৃতিয়ে কিদৰে ভাৰসমতা বজাই ৰাখি আহিছে সেইটোও সকলোৰে
জ্ঞাত। এই ভাৰসমতাৰ বিষয়তেই প্ৰাকৃতিকভাৱে হৈ অহা সমান্তৰৰ কথা আহি পৰে।
স্বাভাৱিকভাৱে ভাৰসমতা বজাই ৰখাৰ দিশত প্ৰকৃতিয়ে এক সাংঘাতিক ধৰণৰ সমান্তৰ নিৰূপন
কৰি আহিছে। কিন্তু মানুহৰ অদমনীয় বিকাশে বৰ্তমান প্ৰকৃতিৰ এই ভাৰসমতাকে
প্ৰত্যাহ্বান জনাবলৈ লৈছে। এতিয়া মানৱৰ বিকাশৰ স্তৰ ইমান দ্ৰুতগতিত বৃদ্ধি পাইছে যে
বিগত শতিকালৈকে সন্তান হোৱা নোহোৱাটো ভগৱানৰ কথা বুলি ধৰি লোৱা মানুহেও কৃত্ৰিম
প্ৰজনন প্ৰক্ৰিয়াৰ বিভিন্ন পদ্ধতিৰ যোগেদি সন্তান লাভ কৰিব পাৰিছে। পুৰুষৰ বীৰ্যদানৰ দৰে আগতে কল্পনা কৰিব নোৱাৰা কাম হোৱাৰ লগে লগে surrogacy-ৰ দৰে সন্তান ধাৰণৰ বাবে প্ৰয়োজন হোৱা মাতৃকোষৰ ধাৰলৈ দিয়া ধৰণৰ ধাৰণাৰেও
মানুহে সন্তান লাভ কৰিবলৈ সক্ষম হৈছে। এইখিনিতেই গল্পকাৰৰ যুক্তিৰ শুদ্ধতা বিচাৰ
কৰিব পাৰি। কাৰণ এই যে কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়াৰে সন্তান জন্ম দিয়া প্ৰক্ৰিয়াত
কিবা ভুল যদি হয় তেন্তে তাৰ বাবে কোন জগৰীয়া হ’ব? কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়া নে একে ধৰণৰ জিনীয় মূলৰ বীৰ্য বা ডিম্বকোষৰ
মিলনৰ সম্ভাৱনা জগৰীয়া হ’ব?
আলোচনাটিৰ খাতিৰতে
পুৰুষৰ বীৰ্যদান তথা নাৰীৰ ডিম্বকোষ দানৰ বিষয়ত চিকিৎসা বিজ্ঞানৰ আধাৰত কিছু
তথ্য উল্লেখ কৰা উচিত হ’ব। The American Society for
Reproductive Medicine ৰ এখন জাৰ্নেলত প্ৰকাশ পোৱা তথ্যমতে নাৰীৰ
দ্বাৰা এনেদৰে ডিম্বকোষ দানৰ জৰিয়তে আন কোনো নাৰীয়ে সন্তান লাভ কৰাৰ প্ৰক্ৰিয়াটো
আমেৰিকাত ১৯৮৪ চনতেই আৰম্ভ হৈছিল। আমেৰিকাত বিস্তৃতি লাভ কৰা এই প্ৰক্ৰিয়াটোৱে
শীঘ্ৰেই বিশ্বৰ চুকে-কোণে সন্তানহীন হোৱাৰ দুখেৰে আক্ৰান্ত বহুতৰে মুখত হাঁহি
বিৰিঙাবলৈ সক্ষম হৈছে। বৰ্তমান ভাৰততো কৃত্ৰিমভাৱে সন্তান লাভ কৰাৰ সুবিধাটোক
মানুহে তথা সমাজে সহজে গ্ৰহণ কৰিব পৰা হৈ পৰিছে।
গতিকে গল্পকাৰে তেনে এক ধাৰণাৰে গল্পটো সজাই তোলাটোও এক স্বাভাৱিক ঘটনা বুলিয়েই ধৰিব পাৰি। এইখিনিতে এটা বিশেষ খবৰ আলোচনাৰ আওতাত আনিব খুজিছোঁ।
হলিউডৰ এগৰাকী জনপ্ৰিয়
অভিনেত্ৰী এম্বাৰ হাৰ্ডে এই বছৰৰ জুলাইৰ দুই তাৰিখে তেওঁৰ ইঞ্চটাগ্ৰাম একাউণ্ট
যোগে এইবুলি ঘোষণা কৰিছে যে ছাৰ’গেচিৰ মাধ্যমেদি নিজৰ ডিম্বকোষৰ জৰিয়তে তেওঁ এটি কন্যাশিশুৰ মাতৃ হ’বলৈ সক্ষম হৈছে। এম্বাৰ হাৰ্ডে আচলতে নিজৰ মতেই এটি সন্তান কামনা কৰিছিল,
সেয়েহে তেওঁ লিখিছে,- “On my own terms.”
হ’লিউডৰ
এগৰাকী প্ৰখ্যাত অভিনেতা জন্নী ডেপৰ স’তে ইতিমধ্যেই বিবাহ
বিচ্ছেদ হোৱা এম্বাৰ হাৰ্ডে সন্তান জন্ম দিব নোৱাৰে বুলি চিকিৎসকে জনোৱাৰ পাছতে
তেওঁ ছাৰ’গেচিৰ
মাধ্যমেদি সন্তান জন্ম দিওৱাৰ সিদ্ধান্ত লয়। তাৰ বাবে তেওঁ নিজৰে ডিম্বকোষৰ ব্যৱহাৰ
কৰে যদিও এই সমগ্ৰ প্ৰচেষ্টাটো সম্পূৰ্ণ কৰি সন্তানটি জন্ম হোৱালৈকে এম্বাৰ হাৰ্ডক
প্ৰায় চাৰিবছৰ সময় লাগিছিল।
সম্পূৰ্ণ নিজৰ ইচ্ছাৰে
এটি সন্তানৰ মাতৃ হোৱাৰ গৌৰৱক অনুভৱ কৰি এম্বাৰ হাৰ্ডে বিশেষভাৱে উল্লেখ কৰা তলৰ
কথাখিনি খুবেই গুৰুত্বপূৰ্ণ।
“নাৰীৰ
জীৱনৰ আটাইতকৈ বিশেষ তথা মৌলিক দায়িত্ব সন্তান জন্ম দিয়াটো এইদৰে সম্পূৰ্ণ কৰিব
পৰাটো চিকিৎসা বিজ্ঞানে কৰিব পৰা এক উল্লেখযোগ্য বিকাশ বুলি মই বিবেচনা কৰোঁ। মই
ভাৱোঁ এই বিকাশৰ ফলত আমি এনে এক স্তৰত অৱতীৰ্ণ হৈছোঁ য’ত
সন্তান প্ৰাপ্তিৰ বাবে কাৰোবাৰ লগত বিয়া হোৱাৰ প্ৰয়োজন নোহোৱা হৈ যাব।”
অৱশ্যে এম্বাৰ হাৰ্ডৰ
এই খবৰটো জুলাই মাহতহে পোহৰলৈ আহিছে। অথচ এই একেটা ধাৰণাকে লৈ কিছু ট্ৰিটমেণ্টৰ
প্ৰয়োগ কৰি লিখা “সোণৰ কণীৰ পৰা সোণৰ কণালৈ” গল্পটোত গল্পকাৰে বিষয়টোক পৰ্যালোচনা কৰাৰ দৃষ্টিভংগী শলাগিবলগীয়া। এনেদৰে
নিজৰ ইচ্ছাত তথা পুৰুষ সংগী এজন লগত নথকাকৈ সন্তান জন্ম দিব পৰাৰ ধাৰণাটোৱেই এসময়ত
এক ব্যৱসায়ত পৰিণত হ’ব পাৰে বা যদি হৈছে তেন্তে সেই ব্যৱসায়
হৈ পৰা বিষয়টোক প্ৰকৃতি তথা মানৱ জাতিৰ বাবে কেনে ধৰণৰ হৈ পৰিব পাৰে তাৰেই সম্যক
ধাৰণাকে “সোণৰ কণীৰ পৰা সোণৰ কণালৈ” গল্পটোত
প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। “On my own terms.” বুলি এম্বাৰ
হাৰ্ডে কোৱাৰ দৰে এই গল্পটিতো মন্দাকিনী নামৰ চৰিত্ৰটোৱে সজোৰে ঘোষণা কৰিছে “মাই ব’ডী, মাই চইচ।” গ্ল’বেল
ভিলেজৰ সাৰ্বজনীন হৈ পৰাৰ পৰিবেশত চিন্তাৰ পৰিপূৰ্ণতাৰে এম্বাৰ হাৰ্ডৰ মানসিকতাৰ
লগত গল্পকাৰৰ মানসিকতাৰ সাদৃশ্য দেখা গৈছে। প্ৰাচ্য-পাশ্চাত্যৰ নাৰীৰ মনোজগত
এনেদৰেই একে হৈ পৰিছে।
গল্পটো প্ৰকৃততে Neo Modernism অৰ্থাৎ নব্য আধুনিকতাৰ ধাৰাত লিখা হৈছে। অৱশ্যে এইটোও বিশেষভাৱে লক্ষ্যণীয়
যে গল্প এটা লিখোঁতে গল্পকাৰে আগতীয়াকৈ কোনো এটা ধাৰাৰ আধাৰত লিখিম বুলি ঠিৰাং
নকৰে। গল্পৰ কাহিনীয়ে ঠন ধৰি উঠিলে গল্পকাৰৰ মনত কেৱল লিখাৰ তাড়নাইহে ক্ৰিয়া কৰে। সি যি নহওক, প্ৰচলিত সমাজ ব্যৱস্থাৰ বিপৰীতে চিন্তা কৰাৰ
মানসিকতা তথা ইয়াৰ বাস্তৱসন্মত প্ৰয়োগক কাহিনীটোত তুলি ধৰা এই গল্পটিৰ কাহিনীলৈ মন
কৰিলে এয়া নব্য আধুনিকতাবাদী ধাৰাৰে গল্প বুলি ধৰিব পাৰি।
সাহিত্যত আধুনিকতাবাদী
ধাৰাৰ সন্দৰ্ভত কবি এজৰা পাউণ্ডৰ উক্তিটোৰ যথাৰ্থতা বৰ্তমানেও গ্ৰহণযোগ্য হৈ
আছে। আমেৰিকান সাহিত্যত, বিশেষকৈ কবিতাত আৰম্ভ হোৱা
আধুনিকতাবাদৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এগৰাকী অগ্ৰণী কবি এজৰা পাউণ্ডে কৈছিল যে
সাহিত্যত আধুনিকতা মানে “Make it new.” অৰ্থাৎ সাধাৰণভাৱে
চলি অহা ভাৱধাৰাৰ বিপৰীতে কিবা এটা নতুনত্বৰ সন্ধান কৰা।
নব্য আধুনিকতাৰ ধাৰাত
কাহিনীকাৰে নিজকে অথবা প্ৰ’টাগ’নিষ্টক
সূত্ৰধাৰ হিচাপে অংকন কৰি কাহিনীটো আগবঢ়াই লৈ যায়। সেয়েহে কথোপকথনখিনি সাধাৰণতে
প্ৰথম পুৰুষতে কৰা দেখা যায় আৰু কাহিনীটোৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজে এটা প্ৰধান
চৰিত্ৰ হৈ কাহিনীটোৰ লগত আৱেগিকভাৱে নিজকে সংপৃক্ত কৰি ৰাখে। নব্য আধুনিকতাবাদী
ধাৰাৰ কাহিনীত কল্পনাক কেৱল বৈশিষ্টগত দৃষ্টিৰেই দেখুওৱাৰ পৰিৱৰ্তে তাৰ জৰিয়তে
সম-সাময়িক বিশ্বক আৰু ইয়াৰ প্ৰকৃত বাতাৱৰণক নিৰ্মূহভাৱে দেখুৱাবলৈ যত্ন কৰা হয়।
সেয়েহে কল্পনা কেৱল কল্পনা হৈ থকাৰ পৰিৱৰ্তে বাস্তৱৰ প্ৰকৃত ছবিৰ আভাস দিবলৈও
সক্ষম হৈ পৰে।
মূলতে এক আবেগৰহিত
চিন্তাধাৰা, কিন্তু জীৱনক বুজাৰ এক বাস্তৱ প্ৰক্ৰিয়াই হৈছে নব্য
আধুনিকতাবাদৰ আধাৰ। লক্ষ্যণীয় দিশটো হ’ল নব্য আধুনিকতাবাদী
ধাৰাই magic realism, অৰ্থাৎ সাহিত্যত যাদুকৰী বৈশিষ্ট,
মিত্থ্যাবাদী, কল্পনা, বিজ্ঞানভিত্তিক
বৈশিষ্টক সচেতনভাৱেই সংলগ্ন কৰিবলৈ চেষ্টা কৰা দেখা যায়।
“সোণৰ
কণীৰ পৰা সোণৰ কণালৈ” গল্পটিতো গল্পকাৰে প্ৰচলিত
পৰিবেশ-পৰিস্থিতি তথা চিন্তাৰ উৰ্ধ্বত গৈ কৰা মানসিকতাৰ প্ৰকাশ দেখা গৈছে। গোটেই
কাহিনীটোতেই নাৰীৰ ডিম্বকোষ বিক্ৰীৰ বিষয়টোৱে কাহিনীৰ অন্যান্য সকলো দিশকে
বিশ্লেষণ কৰি দেখুৱাইছে। সেই বিশ্লেষণত পুৰুষৰ কৈশোৰকালত হোৱা ইডিপাছ কমপ্লেক্সৰ
বিষয়ৰ পৰা প্লেটো’ৰ আদৰ্শ ৰাষ্ট্ৰৰ কল্পনা, ডিম্বকোষক বিষ্ঠাৰ ৰূপত কল্পনা কৰাৰ পৰা প্ৰকৃতিৰ ভাৰসমতালৈকে মানৱ
সৃষ্টিৰ বহুখিনি বিষয়ত দৃষ্টিপাত কৰা হৈছে। কাহিনীৰ মাজত কল্পনাৰ পাৰাপাৰহীন
পৰিবেশো বিৰাজমান।
এইখিনিতে গল্পটিৰ নামটিক লৈ
প্ৰশ্ন উঠিব পাৰে যে সোণৰ কণী আৰু সোণৰ কণা একেটাই কথা দেখোন! কাৰণ সোণৰ কণীৰ
পৰাইতো সোণৰ কণাৰ সৃষ্টি হয়। তেন্তে ইয়াৰ বিস্তৃতিৰ গল্পকাৰে দিয়া ব্যাখ্যা
গ্ৰহণযোগ্য হ’ব পাৰে জানো?
গল্পকাৰে নিশ্চয়কৈ এই
দিশটোক অনুধাৱন কৰিয়েই তেনে ধৰণৰ নাম এটা বাছনি কৰিছে। গল্পকাৰে নাৰীৰ শৰীৰত সন্তান
ধাৰণৰ মূল উপাদান এই ডিম্বকোষক সোণৰ কণীৰ লগত তুলনা কৰিছে। ইয়াত সোণৰ কণী এক ৰূপক।
সন্তান জন্ম দিবৰ বাবে প্ৰয়োজন হোৱা ডিম্বকোষ সৃষ্টি হ’ব
নোৱাৰা মাতৃগৰ্ভৰ বাবে আন এগৰাকী নাৰীৰ ডিম্বকোষ সকলোৰে বুজা-পৰাৰে দান দিয়ালৈকে
বিষয়টোৰ এক স্বাভাৱিক তথা স্বৰ্গীয় দিশ আছে বুলি গ্ৰহণ কৰিব পাৰি। কিন্তু যেতিয়াই
সেই দান বিক্ৰীলৈ পৰিৱৰ্তিত হয় তেতিয়া তাত লাভ-লোকচানৰ কথা আহি পৰে। ইতিমধ্যে
পুৰুষৰ বীৰ্যদানৰ প্ৰক্ৰিয়াটোৱে বিশ্বজুৰি এক ব্যৱসায়িক ৰূপ পাবলৈ সক্ষম হৈছে।
যদিও আমাৰ সমাজত নাৰীৰ ডিম্বকোষৰ দানৰ বিষয়টো এতিয়াও সাধাৰণভাৱে আলোচিত বিষয় হৈ
পৰা নাই, তথাপিতো বিশ্বৰ উন্নত দেশসমূহত নাৰীৰ ডিম্বকোষৰো
ব্যৱসায়ীকৰণ ইতিমধ্যেই হৈ উঠিছে। তাৰ প্ৰমাণ অভিনেত্ৰী এম্বাৰ হাৰ্ড। অদূৰ
ভৱিষ্যতে আমাৰ সমাজতো এইয়া একেবাৰে সহজ-সাধাৰণ কথা হৈ পৰাটোত কোনো দ্বিমত নাই।
অৱশ্যে কৃত্ৰিমভাৱে
মানৱ প্ৰজাতিক আগবঢ়াই লৈ যোৱাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ ফলত আন কিছুমান বিসংগতি আহি
পৰাৰ কাৰণসমূহকো নুই কৰিব নোৱাৰি। কাৰণ একেগৰাকী নাৰীৰ ডিম্বকোষ বা একেগৰাকী
পুৰুষৰ বীৰ্যৰ দ্বাৰা কৃত্ৰিমভাৱে সন্তান জন্ম দিয়াৰ প্ৰক্ৰিয়াটোত কেতিয়াবা একেমূলীয়
জীন অৰ্থাৎ বংশগতি সম্বন্ধীয় কোষৰ সংমিশ্ৰণ ঘটাৰ আশংকা নুই কৰিব নোৱাৰি। বিষয়টো
যদিও চিকিৎসা বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ বিষয়, তথাপিতো সহজভাৱে চাবলৈ গ’লে এনে ধৰণৰ একেমূলীয় জেনেটিক সংমিশ্ৰণৰ ফলত জন্ম হোৱা সন্তানৰ মাজত খুঁত
থাকি যোৱাৰ সম্ভাৱনাৰো নুই কৰিব নোৱাৰি।
সেইবাবেই হয়তো
গল্পকাৰৰ মনোভাৱ এইক্ষেত্ৰত স্পষ্ট। যিহেতু বিষয়টো ব্যৱসায়ত পৰিণত হ’বলৈ গৈ
আছে তেনে ক্ষেত্ৰত সেই ব্যৱসায়ে ক’ৰবাত সন্তান জন্মৰ
ক্ষেত্ৰত থকা প্ৰকৃতিগত পৰিবেশৰ সন্মুখত আৱৰ্জনা হৈ পৰিব পাৰে বুলি গল্পকাৰ
সন্দিহান হৈ উঠিছে। সেয়েহে গল্পটিৰ শেষৰফালে সোণৰ কণীৰ ব্যৱসায়ীকৰণ হোৱা
প্ৰক্ৰিয়াটোক সোণৰ কণাৰ বিষ্ঠা হৈ যোৱা বুলি প্ৰ’টাগ’নিষ্টে অভিহিত কৰিছে।
মন কৰিবলগীয়া কথাটো হল
এই সমস্ত পৰ্যালোচনা, বিশেষকৈ গল্পটিত মন্দাকিনী নামৰ
নাৰীগৰাকীৰ মানসিকতাক এগৰাকী পুৰুষৰ দৃষ্টিভংগীৰেহে পৰ্যালোচনা কৰা হৈছে। গল্পটো
নাৰীৰ অধিকাৰৰ, ইচ্ছা তথা নাৰীৰ ডিম্বকোষ দানক এক লাভজনক
ব্যৱসায় কৰাৰ আধাৰত যদিও এই আটাইখিনি বিষয়কে পুৰুষ এগৰাকীৰ দৃষ্টিভংগীৰেহে দেখুওৱাৰ
চেষ্টা কৰা হৈছে। গল্পকাৰৰ মনত হয়তো কিছু শংকাও আছে। পুৰুষৰ দৰেই নাৰী এগৰাকীয়ে এই
একেটা কামকে নিজ সিদ্ধান্তৰে কৰিলে সেয়া পুৰুষগৰাকীয়ে কেনেদৰে গ্ৰহণ কৰিব সেই
বিষয়ত শংকা নিশ্চয়কৈ গল্পকাৰৰ মনত আহিছিল। সেয়েহে বিষয়বস্তু নাৰীজনিত যদিও
কাহিনীটোত প্ৰ’টাগ’নিষ্ট কিন্তু এগৰাকী
পুৰুষ। সেই পুৰুষজনৰ মানসিক অন্তৰ্দণ্ডকো গল্পকাৰে কাহিনীৰ মাজত ৰাখিবলৈ চেষ্টা
কৰিছে। সেইবাবেই কাহিনীটোত ইডিপাছ কমপ্লেক্সৰ বৰ্ণনা পোৱা যায়। অৱশ্যে এইদিশতো
বহুতৰ দ্বিমত আহিব পাৰে। অথচ এইয়াই সত্য যে বহু কিশোৰেই এটা সময়ত এই ইডিপাছ
কমপ্লেক্সৰ দ্বাৰা আক্ৰান্ত হয়। ফ্ৰয়েডীয় বিশ্লেষণৰে এই বিশেষ দিশটোকো গল্পকাৰে
গুৰুত্ব সহকাৰে উপস্থাপন কৰিছে।
কিন্তু গল্পকাৰ যে
কিছুপৰিমাণে দ্বিধাগ্ৰস্ততাত ভূগিছে সেইটো কাহিনীটোৰ শেহান্তৰলৈ স্পষ্টকৈ অনুভৱ
হৈছে। কাৰণ প্ৰ’টাগ’নিষ্ট পুৰুষজনে নাৰী এগৰাকীয়ে
স্বতন্ত্ৰভাৱে সিদ্ধান্ত লৈ ডিম্বকোষ বিক্ৰী কৰাৰ কথাটোক মানি ল’ব পৰা নাই। পুৰুষজনৰ এই মনোভাৱ দেখিলে প্ৰশ্ন উঠিব পাৰে যে এয়া বাৰু
নিতান্তই পুৰুষবাদী মনোভাৱৰ এগৰাকী সাধাৰণ পুৰুষৰ দৃষ্টিভংগী নেকি? কাৰণ প্ৰ’টাগ’নিষ্টে কোনোপধ্যেই
প্ৰিয় নাৰীগৰাকীৰ এই মুকলিমুৰীয়া সিদ্ধান্তক মানি ল’ব পৰা
নাই যেনেই লাগি থাকিল। নিজকে বুজাবলৈ মন্দাকিনীৰ ধ্যান-ধাৰণাক প্ৰ’টাগ’নিষ্টে বাৰে বাৰে ৰিজনি দিও চাইছে। মন্দাকিনীৰ
মনোভাৱক প্লেট’ৰ আদৰ্শ সমাজৰ ধাৰণাৰ লগতো ৰিজাই চাইছে য’ত ৰাষ্ট্ৰই সকলো শিশুৰ পিতৃ। প্ৰ’টাগ’নিষ্টে নিজেও কৈশোৰ কালত ইডিপাছ কমপ্লেক্সত ভূগিছিল। একেগৰাকী প্ৰিয় নাৰী
মন্দাকিনীৰ সাহচৰ্য তথা বুজনিতেই সেই দোষী দোষী ভাৱৰ পৰা পৰিত্ৰাণ পাবলৈও সক্ষম
হৈছিল। অথচ মন্দাকিনীয়ে কোনো সন্তানহীন দম্পতীক সন্তান
প্ৰাপ্তিৰ বাবে নিজৰ ডিম্বকোষ বিক্ৰী কৰাৰ দৰে কথাটো প্ৰ’টাগ’নিষ্টে মানি ল’ব পৰা নাই। “মাই
ব’ডী মাই চইচ” বুলি কৈ নিজৰ ডিম্বকোষৰ
ব্যৱসায় কৰা নাৰীৰ এই স্বাধীনচিতীয়া সিদ্ধান্তক প্ৰ’টাগ’নিষ্ট কৌশিকে মানি ল’ব পৰা নাই। সেইবাবেই কৌশিকে
এইদৰে ভাবিবলৈও বাধ্য হৈছিল,-
“মন্দাকিনীৰ
ডিম্বকোষসমূহ যেন একো একোটা সোণৰ কণী আৰু মন্দাকিনী আছিল সোণৰ কণী পৰা হাঁহজনী!
কোনোবা পুঁজিপতিৰ বিকাৰগ্ৰস্ত পাকস্থলীৰ মাজেৰে বৈ আহি এই সোণৰ কণীবোৰ সোণৰ
কণাসদৃশ দুৰ্গন্ধময় বিষ্ঠা হোৱাৰেই আশংকা বেছি আছিল।”
এইখিনিতে পাঠকৰ মনত
সৃষ্টি হ’ব পৰা কিছু প্ৰশ্নৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰিব
খুজিছোঁ। বহুতে ভাবিব পাৰে যে এনে ধাৰণাৰ গল্পক পাঠকে সহজে গ্ৰহণ কৰিব পাৰিব
জানো? গল্প এটা লিখোঁতে গল্পকাৰে পাঠকৰ মানসিকতা, দৃষ্টিভংগী আদি সন্মুখত ৰাখি লিখাটো উচিত হ’ব নেকি?
কাৰণ যুক্তিৰ খাতিৰত এইদৰেও ক’ব পাৰি যে
তুলনামূলকভাৱে এগৰাকী নতুন গল্পকাৰৰ পৰা পাঠকে কি যুক্তিত এক উদ্ভট বা অন্যন্য
চিন্তাৰ গল্প এটা পঢ়িবলৈ সময় নষ্ট কৰিব? সেয়েহে পাঠকে বুজি
পোৱাকৈ সহজ, সাধাৰণভাৱে লিখিব পৰাটোহে গুৰুত্বপূৰ্ণ কথা।
কিন্তু গল্প এটা লিখাৰ
সময়ত পাঠকে পঢ়ি কি ভাৱিব বা সহজে গ্ৰহণ কৰিব পাৰিব নে নোৱাৰে সেইটো ভাৱি নিশ্চয়কৈ
লিখা নহয়। মনলৈ অহা ভাৱৰ বুৰবুৰণিৰ পৰাহে গল্প-উপন্যাস আদি ৰচনা কৰা সম্ভৱ।
তেনেক্ষেত্ৰত পাঠকৰ দৃষ্টিভংগী আগত ৰাখি গল্প লিখিবলৈ গ’লে
গল্পকাৰ এগৰাকীয়ে নিজৰ ভাৱক একাষৰীয়া কৰি লিখাৰ দৰে হ’ব আৰু সেইয়া
হ’লে নিজক ফাঁকি দিয়াৰ দৰেহে হ’ব যেন
অনুভৱ হয়। প্ৰশ্ন আহে যদি পাঠকৰ কথাই ভাৱি লিখা হয় তেন্তে গল্পকাৰগৰাকী স্বাধীন
কেনেকৈ হ’ব? নিজৰ মনত উদয় হোৱা চিন্তাৰ
প্ৰকাশ হিচাবেহে সাহিত্য সৃষ্টি হয় বুলি মানিব পাৰি।
দৰাচলতে যিকোনো
গল্প-উপন্যাসেই সকলো শ্ৰেণীৰ পাঠককে একে সময়তে সন্তুষ্ট কৰাটো কেতিয়াও সম্ভৱ নহয়। গতিকে
একো একোটা গল্প সকলো পাঠকে সমানে বুজিব পাৰিব বা পঢ়ুৱৈক মানসিক সন্তুষ্টি দি বহু
প্ৰশ্নৰো অৱতাৰণা কৰিব পাৰে বুলি ভাৱি ল’ব নোৱাৰি।
এটা কথা প্ৰণিধানযোগ্য
যে গল্পত যদি চিন্তাৰ সমল নাথাকে, তেন্তে তেনে গল্প পঢ়ি
কিছু সময়ৰ কাৰণে ভাল লাগিলেও সেই গল্পটো সোনকালে পাহৰিও পেলোৱা যায়। চিন্তাৰ সমল
দিয়া গল্প, উপন্যাসে মন-প্ৰাণ আলোড়িত কৰি যাবলৈ সক্ষম হয়
কাৰণেই সেই সাহিত্যক পাঠকে মনত পেলাই থাকে বা আন কোনো সাহিত্যৰ লগত তুলনা বা ৰিজনি
কৰি চাবলৈকো চেষ্টা কৰা দেখা যায়। লগতে নতুনৰ বাৰ্তাবাহী সাহিত্যইহে মানুহৰ মননশীল
মনটোক সজীৱ কৰিবলৈ সক্ষম হয়। “সোণৰ কণীৰ পৰা সোণৰ কণালৈ”
গল্পটোৰ আংগিকত থকা নতুনত্ব তথা কাহিনীটোৰ জৰিয়তে কিছু প্ৰশ্ন
সৃষ্টিৰ পৰিৱেশ ৰাখি পাঠকক মুগ্ধ কৰিবলৈ, পাঠকৰ মনত বিভিন্ন প্ৰশ্নৰ উন্মেষ ঘটাবলৈও সক্ষম হৈছে।
কবি এজৰা পাউণ্ডে কোৱা “Make it New” ৰ দৰেই “সোণৰ কণীৰ পৰা সোণৰ কণালৈ” গল্পটিত গল্পকাৰ পৰী পাৰবীনেও কিবা এক নতুনত্বৰে সন্ধান কৰা যেন অনুভৱ হ’ল।
লেখিকাৰ ঠিকনা:
Gitika
Saikia,
H-006,
Gopalan Grandeur Apartment,
Hoodi
Circle, Mahadevapura,
Whitefield
road, Bangalore,
Karnataka-560048