জয়চন্দ্ৰ হাজৰিকা
এগৰাকী মননশীল কবিৰ
কাব্য-জিজ্ঞাসা, কাব্য-সাধনাক এগৰাকী নিঃকিন পাঠকে সম্যকভাৱে উপলব্ধি কৰিব নোৱাৰিলে
এক দুঃখবোধে নিৰন্তৰ ক্ৰিয়া কৰি থাকে৷ কিন্তু, গভীৰভাৱে প্ৰভাৱিত কবি এগৰাকীৰ সম্পৰ্কে
নিজৰ ভিতৰত এগছি মাটিৰ চাকিৰ দৰে জ্বলি থকা শিখাৰ পোহৰত স্মৃতিচাৰণৰ বেলিকা এক প্ৰশান্তিও অনুভৱ হয়৷ সেয়েহে নিজৰ অনুভৱৰ ছায়াবৃত্তৰ মাজত অনুভৱ তুলসীৰ স্মৃতিত দুশাৰী শ্ৰদ্ধাঞ্জলি
নিৱেদন কৰিবলৈ লৈছোঁ৷
কলেজীয়া জীৱনতে ইং
১৯৮২ চনত আমাৰ হাতত উঠিছিল অনুভৱ তুলসীৰ প্ৰথম কাব্যগ্ৰন্থ ‘নাজমা’৷ মননশীল কাব্য সুষমাৰে
সমৃদ্ধ সংকলনটিয়ে পোনছাটেই আমাক আকৰ্ষণ কৰিছিল৷ সেই সময়ত ইংৰাজী সাহিত্যৰ ছাত্ৰ হিচাপে
Metaphysical school-অৰ wit-সকলৰ কবিতা পঢ়ি থাকোঁতে অনুভৱ তুলসীৰ কবিতাই আমাক এনে এক
গভীৰ জীৱন-জিজ্ঞাসাৰ সন্ধান দিছিল যে, পাছৰ পৰ্যায়ত একেখন অলোচনীত প্ৰকাশিত আমাৰ নিজৰ
কবিতা পঢ়াৰ আগতে অনুভৱ তুলসীৰ কবিতাহে প্ৰথমে পঢ়িছিলোঁ৷ দুটা কাৰকে আমাক ক্ৰিয়া কৰিছিল,
অনুভৱ তুলসীৰ কথকতা আৰু শৈলী আৰু আমাৰ দৰে কবিচামৰ নিঃকিনতাৰ অকপট স্বীকাৰোক্তি৷ আমি
জীৱন আৰু মৃত্যু সম্পৰ্কে কিবা অনুভৱ কৰিব পাৰিছিলোঁ নে নাই নাজানো; কিন্তু ‘নাজমা’ত
সন্নিৱিষ্ট অনুভৱ তুলসীৰ কবিতই আমাক দিছিল এক অনুভৱ -
মই একো এৰি নাযাওঁ
ফুলত অথবা হুলত
হৃদয়ৰ সোণালী সাঁকো,
মৃত্যুহে মোৰ অভিজ্ঞান - (নাজমা)৷
পাছলৈ গম পাইছিলোঁ,
তেওঁ কেৱল কবিয়েই নহয়– কবিতাৰ আলোচক, তাত্ত্বিক বিশ্লেষক আৰু বিশ্ব সাহিত্যৰ কবিতাৰ ধাৰাটোৰ
গতি-প্ৰকৃতি নিৰীক্ষক আৰু কবিতাৰ নাড়ী-নক্ষত্ৰৰ এক বিশেষ পৰ্যালোচক৷ এই কথাৰ উমান পাওঁ
যেতিয়া তেখেতৰ আন এখন কাব্যগ্ৰন্থ “বানান কৰি পঢ়া লুইতৰ পানী”ৰ আগকথাত৷ পোন্ধৰ পৃষ্ঠাৰ
এই লেখাত সৌৰজগত শীৰ্ষক বক্তব্যত তেওঁ যি আলোচনা আগবঢ়াইছে সেয়াই পাঠকক কবিতাৰ ৰাজ্যলৈ
হাতত ধৰি লৈ যাব৷ কবিতা কি, কবিতাৰ আত্মা আৰু কবিতাৰ ভাষা এইবোৰ যেন এক সিদ্ধ কবিৰ
প্ৰাণৰ সতে ওতঃপ্ৰোতভাৱে জড়িত এক আপাত ঈপ্সিত তাড়না আৰু নিপাতনে সিদ্ধ জীৱন সত্য৷
“আনৰ যাতনা আনৰ নহয়,
কবিৰ নিজৰ৷ যাতনাৰ
পথেৰেহে জগত প্ৰপঞ্চ
আমাৰ আগত উন্মোচিত
হয়৷’
শব্দৰ উৎস সম্পৰ্কে তেওঁৰ অনুভৱ: নীৰৱতাৰ পৰাই শব্দৰ
জন্ম হয়৷ কাৰ্য-কাৰণ সম্পৰ্কত নীৰৱতাৰ বুকুত ধ্বনিৰ সৃষ্টি হয়৷ ধ্বনিৰ সহোদৰ হ’ল সংগীত৷
ভাষা সৃষ্টিৰ গুৰিতে থকা প্ৰকৃতিৰ নৈসৰ্গিক ধ্বনিয়েই সংগীত (rythm) লৈ ৰূপান্তৰ ঘটা বাবেই শব্দই ধ্বনি আৰু সংগীতৰ সমন্বয়ৰূপে জগত প্ৰপঞ্চৰ পৰা অৰ্থ পৰিগ্ৰহ কৰে৷ এই অৰ্থ
প্ৰাপ্তি কিন্তু শব্দৰ শেষ নহয়৷ শব্দৰ ৰূপান্তৰ ঘটি নতুন নতুন শব্দৰ সৃষ্টি হ্য়৷
অনুভৱ তুলসীৰ কাব্য-কৃতিৰ
ফচলসমূহৰ ভিতৰত ‘নাজমা’ (১৯৮২), ‘কাব্য-পীঠ’, ‘নিজান নেপথ্য’, ‘দোৰোণ ফুল’, ‘চৰাইৰ চকুত ফুলৰ
বিছনা’, ‘জলমগ্ন দৃশ্যাৱলী’, ‘পানী কাউৰী’, ‘জুইচোৰ’, ‘জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য’,
‘জয় জয়তীৰ জয়’, ‘দেওচেলেং’, ‘বৰষুণৰ খেতিয়ক’, ‘ঢেঁকীয়াপতীয়াৰ পিতৃ’, ‘দিন-ৰাতিৰ দুবৰী’,
‘বানান কৰি পঢ়া লুইতৰ পানী’, ‘মাটিভাষা’ ‘অনুভৱ তুলসীৰ শ্ৰেষ্ঠ কবিতা’ আদি বিশেষভাৱে
উল্লেখযোগ্য৷
অনুভৱ তুলসী আছিল
একেধাৰে কবি, অনুবাদক, গল্পকাৰ, সম্পাদক আৰু ভ্ৰমণ কাহিনী লেখক৷
অনুবাদ গ্ৰন্থৰ ভিতৰত
‘আনা আখমাত’ভাৰ কবিতা’, ‘বেলিসূতা’ ‘সোণপৰুৱা’, ‘পুৰাতন এই বীণাখন’, ‘নজনা জুনুকা’,
‘নৰা তগৰৰ গোন্ধ’, ‘ডেমক্ৰেচি অব আলব্ৰেজ’, ‘মাইহাং বাটিৰ ছাদ’ আৰু ‘ডিৱৰ্ড’৷
কবিতা আলোচনা : ‘অসমীয়া
কবিতা আৰু তুলনামূলক আলোচনা’, ‘সৃষ্টি-সুষমা’ আৰু ‘ইলোৰাৰ ইন্দ্ৰসভা’ ইত্যাদি৷
পানীত মৌ মিহলাই
লেখা নাম আৰু বাইজেনতিয়াম হ’ল ভ্ৰমণ কাহিনী, চিনেমা সমালোচনামূলক গ্ৰন্থ ঘোঁৰা চৱাৰী
আৰু সূৰ্যৰ স্মৃতি৷
উল্লেখযোগ্য গল্পসংকলনটি
হ’ল : গোলাপ গছত থৈ যাবি৷
সম্পাদিত গ্ৰন্থৰাজি
হ’ল: কবিৰ বচন, অমূল্য বৰুৱাৰ কবিতা, তৰুণ প্ৰজন্মৰ কবিতা, ডিচক’ৰ্চ্চ, কনফ্লোৱেন্স
অন্যতম৷
এজন লেখক হোৱাৰ সকলো
গুণেৰে সমৃদ্ধ অনুভৱ তুলসী এজন সুবক্তাও আছিল৷ তেখেতৰ অনন্যসুন্দৰ বাক্ভংগীমা আৰু
শব্দ প্ৰক্ষেপনৰ কৌশল প্ৰয়োগে দৰ্শক-শ্ৰোতাক মুগ্ধ কৰে৷ ইমানৰ পাছতো কবি অনুভৱ তুলসীৰ
জাতীয় জীৱনক যথোচিত মৰ্যাদা প্ৰদানত ৰজাঘৰ-প্ৰজাঘৰ বাৰুকৈয়ে ব্যৰ্থ হৈছে৷ অসম চৰকাৰে
ইং ২০২৪ চনত তেখেতলৈ সাহিত্য বঁটা আগবঢ়াইছিল৷ ডিগবৈৰ এটা সংগঠনে তেখেতলৈ 'কাব্যধ্বনি
বঁটা' আৰু অন্য সন্থাই কিছু বঁটা আগবঢ়াইছিল৷
অনুভৱ তুলসীৰ জীৱনৰ
এক মহৎ কৰ্ম হৈছে বংগৰ বিখ্যাত লেখক নিৰোদ মহাপাত্ৰৰ এখনি গ্ৰন্থৰ অনুবাদ৷ তেওঁৰ
দ্বাৰা ৰচিত লোক সংস্কৃতি বিষয়ক গৱেষণা গ্ৰন্থখন অসমীয়া লোকসাহিত্যলৈ অমূল্য অৱদান৷
অনুভৱ তুলসী সাহিত্য-সংস্কৃতিৰ
এজন সংগঠকো আছিল৷ মালিগাঁৱৰ ‘সন্ধান’ নামৰ চিন্তা-চৰ্চাৰ সংগঠনৰ এক সংগঠক আছিল৷ এই সংগঠনটোৰ
প্ৰতিজন সদস্যই একো একোজন বিশেষজ্ঞ আছিল৷ অনুভৱ তুলসী আছিল কাব্য বিশেষজ্ঞ৷ তেখেতে
অসুস্থতাৰ হেতু ইং ২২ মাৰ্চত (’২৫) অনুষ্ঠিত আলোচনা অনুষ্ঠানটিত কবিতাৰ বিষয়ে ভাষণ দিব
নোৱাৰিলে৷ ইং ২৩ জুন তাৰিখে তেওঁ বিশিষ্ট চলচ্চিত্ৰ সমালোচক কনকচন্দ্ৰ কলিতালৈ জীৱন সম্পৰ্কে
এটা কালজয়ী কবিতা লিখি পঠাইছিল৷ বোধকৰোঁ তেখেতৰ মৃত্যুচেতনা অতি তীব্ৰ আছিল৷ জীৱন জিজ্ঞাসা
সম্পৰ্কে যাৰ অন্তৰ্দৃষ্টি গভীৰ আৰু একাত্ম, তেওঁ হয়তো মৃত্যুৰ আগজাননী আগতীয়াকৈ পাব
পাৰে৷
অনুভৱ তুলসীৰ মৃত্যু
চেতনাৰ কেইটামান উল্লেখযোগ্য স্তৱকেৰে আমাৰ এই ক্ষুদ্ৰ স্মৃতিচাৰণ সামৰিব খুজিছোঁ :
মৃতই জীৱিতক বৰ ভালপায়
যাবৰ পৰত সেয়ে নিজৰ
চকুৰ তৰা জীৱিতক
দি যায়
* * *
*
জীউটো জোলোঙাত লৈ
ফুৰাটো কি যে বিড়ম্বনা,
গাৰ নোমৰ কোনডালনো
শতৰু
কেনেকৈ বুজিবি ৷
* * *
*
মোক আইনাৰ দৰে ধৰাচোন
নিজকে তাত চাওঁ মই
এই হতভগীয়াক হেৰুৱাওঁ
দোলনচঁপা তোমাক পাওঁ
– (হাঁহিটোল)
ইং ১৯৫৮ চনৰ তিনি
ডিচেম্বৰত নগাঁৱৰ তুলসীমুখত জন্মগ্ৰহণ কৰি কৰ্মজীৱনৰ সামৰণি মাৰে শুৱালকুছিৰ বুদৰাম
মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে৷ পহিলা জুলাইত অসমীয়া কাব্যজগতৰ এইটি উজ্জ্বল
নক্ষত্ৰৰ মহাপ্ৰয়াণ ঘটে৷ ডিম্বেশ্বৰ শইকীয়া আছিল অনুভৱ তুলসীৰ পোছাকী নাম৷ অনুভৱ তুলসীৰ
অনুভৱ বাৰুকৈয়ে অনুভৱ হৈ থাকিব৷