আকাশ দীপ্ত ঠাকুৰ
(৭)
...চৌপাশে যেন আৰম্ভ হ’ল কিছুমান অস্ফুট কোলাহল। নীলাঞ্জনাই তেতিয়াও সাৰ পোৱা নাছিল। আধা টোপনিৰ আৱেশত তাই কেৱল শুনিবলৈ পাইছিল সেই কোলাহলৰ কিছু অংশ। সোনকালে উঠিবলগীয়া অৱশ্যে তেনেকৈ কোনো কাৰণো নাছিল বাবেই চাগৈ টোপনিৰ আৱেশ আঁতৰি যোৱা নাছিল । চতুৰ্থ ষাণ্মাসিকৰ পৰীক্ষা শেষ কৰি ঘৰত জিৰণি লোৱাৰ সময় আছিল সেয়া। ব’হাগ বিহুৰ হেম-গেমবোৰ যেন তেতিয়াও ভালকৈ শেষ হোৱাই নাছিল। জেঠৰ মাজভাগলৈকে চলি থকা বিহু-সন্মিলনবোৰৰ গান-বাজনাৰ শব্দ আধা ৰাতিলৈকে ঘৰলৈ আহিয়ে থাকে। পুৱাৰ ভাগতহে ভালকৈ টোপনিটোৱে হেঁচা মাৰি ধৰে। পাঁচ বজাতে দেউতাকে দোকানৰ পাত্তা দুখনমান খুলি পিছফালে নিজৰ প্ৰাতঃকৃত্যৰ বাবে যাওঁতে সদায় কৈ থৈ যোৱাৰ দৰেই সেইদিনাও কৈছিল যেনেই তাইৰ ভাব হৈছিল–‘আইজনী, সেইফালে অকণমান মন-কাণ কৰিবি।’
নীলাঞ্জনাই সঁচাকৈ সেইদিনা দেউতাকে সেইদৰে কোৱা শুনিছিলনে? চিলমিলীয়া টোপনিৰ আৱেশত হয়তোবা কিবা এষাৰ কাণলৈ আহিছিল আৰু তাই গুৰুত্ব দিব লাগিব বুলি ভবা নাছিল। কাষতে অৰ্চনা শুই আছে; ওপৰত চিলিংফেনখন কমকৈ ঘূৰি আছে। গতিকে, এয়াইতো টোপনিৰ আচল সময়; কথাতে কয় নহয় বোলে–মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পুৱা। সোনকালে উঠিবলগীয়া নাই বুলি আগদিনা নিশাতে যেতিয়া গম পোৱা যায়, পুৱাৰ ভাগৰ সেই এক-দুই ঘণ্টা কোনো চিন্তা নোহোৱাকৈয়ে শুই থাকিব পাৰি; আৰু মনলৈ যদি কোনো চিন্তাই নাহে, টোপনিয়ে হেঁচা মাৰি ধৰিবই। সেই সময়ত তাই কোনো ভাব-লেশহীন ধৰণৰ, একো সংগতি নোহোৱা কিছুমান সপোন দেখিছিল আৰু পিছফালে...দেউতাকৰ মাতটো শুনি থকাৰ দৰে মনতে ভাব হৈ আছিল।
এবাৰ বাগৰ মাৰি শুবলৈ লৈ তাই মন কৰিছিল–কাষত অৰ্চনা নাই। নাই যদি নাই আৰু। পুৱাতে চাগৈ পৰাগে ফোন কৰিলে; আৰু...কি বুলি কয়...প্ৰাতঃভ্ৰমণ; ঠিকেই প্ৰাতঃভ্ৰমণ কৰিবলৈ বুলি তাই গৈ দোকান পাৰ হৈ আলিৰ কাষ পালেগৈ। আকৌ এবাৰ নিশ্চিন্ত মনে শুবলৈ লওঁতে তাইৰ ভাব হ’ল–পিছফালে কেৱল দেউতাকৰ মাতেই নহয়, মাকৰ চেঁপা মৰা মাতটোও মাজে মাজে আহি আছে, কিবা তৰ্কা-তৰ্কি লগাৰ দৰে হৈছে। আলস্য ভাবটো আঁতৰি যোৱা নাছিল যদিও তাই ভাবিলে–এইহেন পুৱাতে এইহালৰ কিবা এটা লাগিল চাগৈ আজি। আঠ বজাৰ আগতে শোৱা পাটী এৰিব নোখোজা মানুহজনী কিয়বা উঠিল এই ধলপুৱাতে! কিবা এটা বিষম ঘটনা হ’ল চাগৈ।
পুনৰ তাই অকণমান মোটোকা মাৰোঁ বুলি ভাবোঁতেই প্ৰভা আৰু ৰোষেশ্বৰ দুয়ো আহি তাইৰ কাষ পালেহি–“উঠ, বেগেতে উঠ। অই নীলা; মাজনী কেনি গ’ল?”
নীলাঞ্জনাই শুই থকাৰপৰাই চকু দুটা মেলি ভালকৈ চালে–“ক’ৰবাত আছে চাগৈ...ফোনত কথা পাতি...”
লেনীয়াকৈ টোপনিৰ জালতে কথাষাৰ কৈ সিফালে বাগৰ দি শুবলৈ লওঁতেই প্ৰভাই চিঞৰি উঠিল–“তোক উঠ বুলি কৈছোঁ নহয়, মাজনী ঘৰত নাই।”
নীলাঞ্জনাৰ এনেকুৱা ভাব হ’ল যেন প্ৰভাৰ চিঞৰটোৰ সৈতে কান্দোন মিহলি হৈ গৈছে। ধৰমৰাই তাই বিছনালৈ উঠি বহিল, আৰু লগে লগে তাই মন কৰিলে–কাষত, যিখিনি ঠাইত অৰ্চনা শোৱে, সেইখিনিতে তাই লগত লৈ ফুৰা সেই সৰু মোবাইলটো পৰি আছিল। নীলাঞ্জনাই এবাৰ সেইটোৰ ফালে চালে; অৰ্চনাই তাৰমানে মোবাইলত কথা পাতিবলৈ বুলি আগফালে ওলাই যোৱা নাই। আৰু তাই ঘৰতো নাই...; নাই মানে, কেনি গ’ল তাই· ওচৰতে ক’ৰবালৈ গৈছে যদি আহিব নিশ্চয়।
নাহে...অৰ্চনা আৰু উভতি নাহে। আহিম বুলি তাই যোৱা নাই। ঘৰখন এৰি থৈ একেবাৰে গুচি গৈছে কাৰোবাৰ সৈতে।
নীলাঞ্জনাই কন্দনামুৱা হৈ মাক-দেউতাকৰ ফালে চালে। কিছু আঁতৰত তাইৰ পঢ়া টেবুলৰ কাষত থকা চকীখনত বহি দেউতাকে কান্দিছে। মদৰুৱা গামোচাখনেৰে মুখ চকু মোহাৰি আকৌ এবাৰ মুখত সোপা দি ধৰে। পিঠিটো জোকাৰ খাই উঠে। প্ৰভাও এইবাৰ তাইৰ কাষতে বহি পৰিল। মানুহজনী খং-ক্ষোভত যেন তেনেই ফাটি পৰিছে–“তই কি জানিছিলি ক। কালৈ গ’ল তাই মৰতী? তই...তই জানিবই লাগিব...”
নীলাঞ্জনাই তেতিয়াও যেন কথাবোৰ একো ভালকৈ বুজিবই পৰা নাছিল। যোৱা নিশা তাই শুবলৈ যোৱাৰ আগতেই অৰ্চনা বিছনাত পৰিছিল। মুখ-হাত-ভৰি ভালকৈ ধুই আহি ভৰি মোচা কাপোৰখনেৰে ভৰি দুখন মোহাৰি থাকোঁতে নীলাঞ্জনাই মন কৰিছিল–অৰ্চনা সিফালে মূৰ কৰি হয়তোবা শুই পৰিছে। কোঠাটোৰ ভিতৰত ভালেখিনি গৰম আছিল যদিও ফেনখন চলি থকা বাবেই সহ্য কৰিব পৰা হৈ আছিল। সেই সময়ত, যিমানদূৰ তাইৰ মনত পৰে–দেউতাকে ভিতৰত ভাত খাবলৈ বহিছিল। প্ৰভা তেতিয়াও ভিতৰলৈ অহাই নাছিল। নিশা চাৰে এঘাৰমান বাজিছিল চাগৈ তেতিয়া...।
হয়, শুবলৈ লৈ কেতিয়াবা দুয়োজনীয়ে বাৰেবিংকৰা ভালেমান কথা পাতে; আৰু যদিহে অৰ্চনাই বাহিৰত ফোনত কথা পাতি আছে বুলি গম পায়; কথা শেষ কৰি ভিতৰলৈ নহালৈকে নীলাঞ্জনাৰো টোপনি নহাকৈ থাকে। কেতিয়াবা তাই টোপনি যায়, অৰ্চনা কেতিয়া কাষত শোৱেহি তাই গম নাপায়। তথাপি...অৱচেতন অৱস্থাতো সদায় মনতে এটা ভাব থাকে–অৰ্চনা কাষতে আছে।
আৰু এয়া কি গম পালে তাই–অৰ্চনা গুচি গ’ল! এনেকৈ গুচি গ’ল বায়েকজনী· তাইক...তাইক এষাৰ মাত লগাই থৈয়ো নগ’ল!
নীলাঞ্জনাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে–“অ’ মাতোবা, তই কেনি গ’লি? এনেকৈ কিয় গ’লিগৈ?”
গাৰুত মূৰ থৈ হুৰাওৰাৱে কান্দি থাকোঁতে তাই অনুভৱ কৰিলে প্ৰভাই যেন তাইৰ পিঠিখনত মোহাৰি দিবলৈ লৈও ৰৈ গৈছে–“কন্দা-কটাখন পাছতো কৰিবি। আগতে ক..., তই কি গম পাইছিলি? কালৈ গ’ল তাই? ...জীয়াই জীয়াই মাৰি থৈ গ’ল জহনিতজাতিয়ে।”
নীলাঞ্জনা বিছনালৈ উঠি বহিল। প্ৰভাৰ মুখৰ মাত-কথাবোৰৰ পৰা তাই ধাৰণা কৰিব পাৰিলে; হাজাৰ হ’লেও নিজৰ জীয়েকজনী কাৰোবালৈ গুচি গৈছে, গতিকে কথাৰ সুৰটোত দুখ আৰু ক্ষোভৰেই প্ৰকাশ ঘটিছে।
কি কৰাটো উচিত হ’ব তাই? যিখিনি জানে সকলো কৈ পেলাবনে? তাৰ ফলত কি কি হ’ব পাৰে? থানাৰ পুলিচ দুজনমানৰ সৈতে মাকৰ ভাল সম্পৰ্ক এটা আছে বুলি তাই জানে। যদি অৰ্চনাক ওভতাই লৈ আনে! পৰাগক যদি জেলত দি দিয়ে? এইবোৰ ঘটনাৰ ফলত শাস্তি কি হ’ব পাৰে তাইৰ ধাৰণা নাই; কিন্তু এটা কথা ঠিক যে মনত যিমানেই দুখ নালাগক কিয়, অৰ্চনা আৰু উভতি অহাটো তায়ো বিচৰা নাই। গ’লেই যেতিয়া যাওকগৈ তাই...। মনৰ প্ৰশান্তিৰে হয়তো ওলাই গৈছে হেঁপাহৰ মানুহজনৰ সৈতে। ভাগ্যত যি আছে সুখে-দুখে দুয়ো ভগাই লোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আৰু এয়া...এদিন-দুদিনৰ পৰিকল্পনাতো নহয়; ইমান বছৰ প্ৰেম কৰিছে দুয়ো। থাওকতে লগ পোৱা অকণমান সময়ৰ ভিতৰতে জীৱনটো একেলগে পাৰ কৰিম বুলি কথা পাতিছে আৰু...আৰু নীলাঞ্জনাৰ যেন হঠাৎ মনত পৰি গ’ল–সিহঁতিটো ক’ৰ্ট-মেৰেজ কৰাৰ পাছতহে যামগৈ বুলি সিদ্ধান্ত লৈছিল। নিশ্চয় সেই কামো ইতিমধ্যে কৰি পেলাইছে। তেন্তে...মাক-দেউতাকে আৰু মন থাকিলেও একো অপকাৰ কৰিব নোৱাৰে। গতিকে তাই কৈ দিব পাৰিব তাৰমানে!
আৰু যদি সঁচাকৈ তাই ইমানদূৰলৈকে সকলো কৰি থৈয়ে গৈছিল; তেন্তে...এবাৰো নিজৰ ভনীয়েকজনীক ক’ব নাপায়নে। পুনৰ উচুপি উঠিছিল নীলাঞ্জনাই। মাকৰ ফালে এবাৰ চাই তাই থোকাথুকি মাতেৰেই ক’লে–
“মই সিমান ভালকৈ নাজানো, জীনা নামৰ তাইৰ লগৰ ছোৱালীজনীৰ ককায়েকৰ লগতে কথা পাতে বুলি অলপ অলপ জানিছিলোঁ।”
“জানিছিলি যদি আমাক ক’ব নোৱাৰিলি? মাৰ-বাপেৰৰ মূৰখাতী।” প্ৰভাই তাইৰ চুলিকোঁচাত ধৰি ঘটালি পুনৰ বিছনালৈ থেলা মাৰি দিলে–“ তহঁত...তহঁতি জানি-শুনি কৰিছ সেইবোৰ। এইডাল...এইডালেই কাল হ’ল।” বিছনাত পৰি থকা অকণমানি মোবাইলটো প্ৰভাই খঙৰ ভমকত দলি মাৰি পঠিয়ালে। বেৰত খুন্দা খাই মজিয়াত পৰোঁতে সেইটোৰ পিছফালৰ ঢাকনিখন খোল খাই ভিতৰৰ বেটেৰীটোও ওলাই আহিল।
নীলাঞ্জনাই কান্দিছিল, মুখেদি যেন গেঙনিৰ দৰে শব্দ বাহিৰ হৈছিল। বুকু তলিৰপৰা গোটমৰা বেদনাবোৰ চকুপানী হৈ ওলাই আহিছিল। আজন্ম চিনাকি সেই মৰমৰ উম তাই আৰু মূৰ আছাৰিলেও নাপায়। মাক-দেউতাকৰ সৈতে থাকিও যেন তাই থিতাতে নিথৰুৱা হ’ল।
ৰোষেশ্বৰৰো তেতিয়াই সম্বিৎ ঘূৰি আহিছিল। নীলাঞ্জনাৰ পঢ়া টেবুলৰপৰা তেওঁ প্ৰভাৰ কাষলৈ উঠি আহিল। হাততে এখিলা কাগজ–অৰ্চনাই টেবুলত এৰি থৈ গৈছিল। ইংৰাজীত লিখা সেই আখৰবোৰ তেওঁ পঢ়িব পৰা নাছিল। গতিকে কাগজখিলা প্ৰভালৈ আগ বঢ়াই দিলে। অৰ্চনা আৰু কোনোবা অচিনাকি যুৱক এজনৰ যুগ্ম ফটো এখন মাজভাগতে থকা কাগজখিলা আচলতে মূল আন এখন কাগজৰ ফটোষ্টেট কপি বুলি তেওঁ ঠিকেই ধৰিব পাৰিলে; কিন্তু সেইখননো প্ৰকৃততে কি বস্তু সেইটোহে ধৰিব পৰা নগ’ল। ৰোষেশ্বৰ অবাক হৈ পৰিছিল এটা কথাতেইযে সেই কাগজখিলাৰ মাজৰ ফটোখনত অৰ্চনাক ধৰি থকা ল’ৰাজন গধূলি নিয়মিতভাৱে দোকানলৈ আহি থকা ল’ৰাবোৰৰ মাজৰে এজন। ৰোষেশ্বৰে ভালদৰে চিনি পায় তাক। ক’ত ঘৰ, কি কথা নাজানিব পাৰে; কিন্তু চকুৰ চিনাকি বহুত গ্ৰাহকৰ মাজৰে এজন।
ৰোষেশ্বৰে ভালকৈ মনত পেলাবলৈ চেষ্টা কৰিলে...হয়, সি সদায় গধূলি দোকানলৈ আহিছিল। সেই সময়ত প্ৰভা দোকানত নাথাকে। ৰোষেশ্বৰে সাজু কৰি দিয়া পাণখিলা মুখত ভৰাই পইচাটো আদায় দি লাহেকৈ সি চকুৰ আঁৰ হয়; আৰু...আৰু অৰ্চনাও সেই সময়তে দোকানৰ ভিতৰত কিবা এটা খুঁচৰি-মুচৰি থাকি লাহেকৈ এবাৰ বাহিৰলৈ ওলাই যায়। এইবোৰ...এইবোৰ তাৰমানে ইহঁতৰ সেই দোকানতে দেউতাকৰ চকুত ধূলি দি কৰা পৰিকল্পনা আছিল!
প্ৰভাইতো কাগজখিলাত কি লিখা আছে মাথা-মুণ্ড একো বুজি নাপালে। হাতলৈ লৈ ভালদৰে এবাৰ ফটোখনলৈ চালে আৰু নীলাঞ্জনাৰ ফালে চাই হোকোৰাটো মাৰিলে–“কান্দি দেখুৱাবলৈ নাহিবি এতিয়া; মাৰক চিনি পোৱা নাই। তই...তই চব জান, নহ’লে সিহঁতি ইমানবোৰ কাণ্ড কৰিব পাৰে· এইখন চা–কি বাপেৰৰ মূৰ পঢ়ি চা।”
নীলাঞ্জনাই কাগজখিলা হাতলৈ ল’লে। ফটোখন এবাৰ ভালকৈ চাই ওপৰৰ আখৰকেইটা জোঁটাই পঢ়িব পাৰিলে–সেইখন অৰ্চনা আৰু পৰাগৰ মেৰেজ চাৰ্টিফিকেট। ক’ৰ্ট মেৰেজ হৈ গ’ল সিহঁতৰ তাৰমানে। দুয়ো এতিয়া আইনীভাৱে পতি-পত্নী। ইচ্ছা কৰিলেও প্ৰভা আৰু প্ৰভাৰ বহতীয়া পুলিচে আৰু সিহঁতক একো কৰিব নোৱাৰে। নিজৰ অজানিতেই যেন নীলাঞ্জনাৰ মনৰ ভিতৰখনত হাঁহি বিৰিঙি উঠিল।
... ... ...
বৰ অসুবিধা হৈছিল নীলাঞ্জনাৰ।
পিছফাললৈ আহি দাঁত ঘঁহা ব্ৰাছডালত টুথপেষ্ট অকণমান লগাই তাই গাধোৱা ঘৰটোৰ কাষৰ অকণমান ওখ সেই পকীডোখৰতে বহি লৈছিল। এইখিনিয়ে সেই ঠাই, য’ত দিনটোৰ যিকোনো সময়তে সিহঁত দুজনীৰ কোনোবা এজনী যেতিয়াই-তেতিয়াই আহি বহেহি। শৈশৱ-কৈশোৰ-যৌৱনৰ যিকোনো মধুৰ আমেজসনা কথা নিজৰ মাজত নিভৃতে ভাগ-বাটোৱাৰা কৰাৰো এইখিনিয়ে ঠাই। অৰ্চনা গাধোৱা ঘৰত সোমালে তাই বাহিৰত ৰয় আৰু তাৰ পৰাই দুই-এটা কথাৰ আদান-প্ৰদান হয়–“অ’ মাতোবা, তই কিন্তু সোনকালে ওলাবি; নহ’লে মই বাহিৰৰপৰা খিলি লগাই থৈ দিম। সোমাই থাকিবি বাপ্পেকে দিনটো।” অৰ্চনাই আগতীয়াকৈ গা ধুবলৈ সোমাই বহুত দেৰি কৰি দিয়ে বুলি নীলাঞ্জনাৰ সদায় আপত্তি আছিল। কেতিয়াবা এনেকৈ...এনেকৈ শুই উঠি ব্ৰাছডালত পেষ্টকণ লগাই তাই বহি থাকে আৰু ভিতৰত তেতিয়া অৰ্চনা সোমাই থাকে। তেতিয়াও সোনকালে ওলাবলৈ বুলি নীলাঞ্জনাই সকিয়াই দিলে ভিতৰৰপৰা অৰ্চনাই ভেকাহি মাৰে–“ইস্, তই বাৰু আগতে মুখখন ধুই লচোন। মোৰ তেতিয়ালৈ হৈয়ে যাব দে।”
সেই হৈয়ে যাব দে বুলি কোৱাৰ পাছতো নীলাঞ্জনাই মুখ ধুই উঠি দেউতাকে বাকি দিয়া চাহ অকণ বিস্কুট এটাৰে সৈতে এহাতে লৈ আনখন হাতত গা ধুই উঠি পিন্ধিবলৈ লোৱা কাপোৰেৰে সৈতে আহি এই ঠাইকণতে বহি লয়। চাহকণ খাই খাই ভিতৰত সোমাই থকা বায়েকৰ সৈতে তাই মুখ-চুপতি মাৰি থাকে। গাধোৱা ঘৰৰ ভিতৰত বায়েকে ‘হাতী গা ধুইছে’–বুলি তাই সদায় জোকায়।
অৰ্চনা নাই...গুচি গ’ল মৰম-চেনেহৰ এই সকলো বান্ধোন মষিমূৰ কৰি থৈ। বায়েকৰ অবিহনে যে তাই একোৱে কৰি পোৱা নাই। প্ৰতিটো ক্ষেত্ৰতে কেৱল ‘মাতোবা’। আৰু মাতোবাই আজি তাইক এষাৰো মাত নলগোৱাকৈ এনেকৈ গুচি গ’ল! হাতৰ ব্ৰাছডাল ঠাইতে থৈ নীলাঞ্জনাই পুনৰ ফেঁকুৰি উঠিল–“তই এনেকৈ কিয় গ’লিগৈ মাতোবা। এবাৰো মোক কিয় নক’লি। কালিওতো এবাৰ ক’ব পাৰিলিহেঁতেন। মই...মই এতিয়া কি কৰোঁ? তই নাথাকিলেযে মই একোৱে কৰি পোৱা নাই। কি কৰোঁ মই...।”
লাহে লাহে তাই দুই আঁঠুৰ মাজত মুখখন গুজি লৈ সশব্দে কান্দি উঠিল। প্ৰতিটো কান্দোনৰ তালে তালে তাই পিন্ধি থকা চেমিজটোৰ তলৰ নিমজ পিঠিখন কেৱল লৰি থাকিল। যিমান মন যায় তাই কান্দিব পাৰে, চিঞৰিব পাৰে; ঘৰখনত যে তাইৰ আটাহ শুনিবলৈ কোনোৱে নাই।
অৰ্চনাই ঘৰত থৈ যোৱা সেই কাগজখন, অৰ্থাৎ ফটোষ্টেট কপিটো সিহঁতৰ মেৰেজ চাৰ্টিফিকেটৰ কপি বুলি গম পোৱাৰ পাছত তাই প্ৰভা আৰু ৰোষেশ্বৰক কথাটো কৈছিল। প্ৰভা জাঙুৰ খাই উঠিছিল–“তাই বেটীয়ে ক’ৰ্টমেৰেজ কৰিবলৈও সাহস পালে? ঘৰৰপৰা ওলাই নোযোৱা নিবোকা, বুৰ্বক বুলি ভাবি আছিলোঁ। তাই চাল্লা...কেতিয়া এইবোৰ কৰিলে? এই...এই জানে কথাবোৰ। তোকো সুখেৰে নেৰোঁ আজি...তোক মই...।” নীলাঞ্জনাক ভালকৈ ঢকা এটা সোধাই প্ৰভাই ৰোষেশ্বৰলৈ চাই গৰজি উঠিছিল–“এতিয়া মাইকীমানুহৰ গতে কান্দি দেখুৱাব নালাগে। বেলি কৰি লাভ নাই, থানালৈ যাব লাগে...। আৰু তই...” নীলাঞ্জনালৈ চাই গেঙেৰি মাৰিলে–“এতিয়া কান্দি-কাটি গোটেই পৃথিৱীখনক জনাব নালাগে। যা...উঠ বিছনাৰপৰা।”
মানুহহাল সেইভাগেই ওলাই গুচি যোৱাৰ পাছতো বিছনাত পৰি নীলাঞ্জনাই কিছুমান কথা চিন্তা কৰিছিল। এইযে মাক-দেউতাকহাল ডাঙৰ ছোৱালীজনী পলাই গ’ল বুলি চিধাই পুলিচৰ ওচৰলৈ গ’ল, দৰাচলতে কি হ’ব লাগিছিল–ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজনৰ সৈতে আলোচনা হ’ব নালাগিছিল জানো? আত্মীয় বুলিবলৈতো সিহঁতৰ কোনোৱে নাই আৰু ওচৰ-চুবুৰীয়া...কোনেও সিহঁতৰ সৈতে কোনো সম্পৰ্কই ৰাখিব নোখোজে। কোনেও গম নাপায় কথাটো আৰু গম পালেনো কি বুলি ক’ব চাগৈ–“...অ’ সেইঘৰৰ ছোৱালী পলাই নগ’লে আৰু কোনোবাই ঢোলে-ডগৰে বিয়া কৰাই নিবহি নেকি? গ’ল গ’ল আৰু; যি হ’ল ভালেই হ’ল। খুৱাব-পিন্ধাব পৰা ভাল ল’ৰাই নিলে যদি ভালেই...।” আৰু কি কি ক’লেহেঁতেন চাগৈ?
নীলাঞ্জনা বিছনালৈ উঠি বহিছিল–কি কি ক’লেহেঁতেন?· অৰ্চনাৰ বিষয়ে...তাইৰ স্বভাৱ, চৰিত্ৰ...· নাই নাই, নিজৰ ওপৰত হাজাৰটা দোষ তাই সহিব পাৰিব; কিন্তু অৰ্চনা...তাইৰ মাতোবাজনী সঁচাই ভাল ছোৱালী আছিল। এইহেন এখন ঘৰত থাকিও তাই দোষনীয় কাম যদি কৰিলে–সেয়া হ’ল মাক-দেউতাকৰ অনুমতি অবিহনে প্ৰেম কৰিলে। আৰু সজ্ঞানেনো কোন মাক-দেউতাকে জীয়েকক প্ৰেম কৰিবলৈ অনুমতি দিব বাৰু? ঠিকেই কৰিলে তাই। কাকো একো উমান নিদিয়াকৈ গুচি গ’ল...! কিন্তু...তাই কেনেকৈ গ’ল বাৰু? দুয়োজনীতো একেলগেই শুই আছিল। ইমান হাতত সাৰে ভৰিত সাৰে...তাকো এইখন ঘৰৰপৰা। নীলাঞ্জনাই তেতিয়াই বিছনাৰপৰা উঠি আহি এবাৰ চুচুক-চামাককৈ আগফালে চাইছিলহি। মাক-দেউতাক ওলাই গ’ল যদিও দোকানৰ পাত্তা খুলি থৈ যোৱা নাই। বোধকৰোঁ দোকানলৈ আজি গ্ৰাহক অহাটো তেওঁলোকে বিচৰাই নাই। অথবা তায়ো ক’ৰবালৈ যায়গৈ বুলি এনেকৈ দোকানখনকে বন্ধ কৰি থৈ গ’ল নেকি!
গাধোৱা ঘৰৰ কাষৰ সেই পকী ঠাইডোখৰতে বহি লৈ দাঁত ঘঁহি ঘঁহি মুখ-হাতবোৰ ভালকৈ ধুই উঠালৈ মাক-দেউতাক থানাৰপৰা উভতিছিল। তায়ে পাকঘৰৰ গেছটো জ্বলাই লৈ ৰঙা চাহ অলপ বাকীলে আৰু সিহঁত আটায়ে খাই অটালে। সেইখিনি সময়তে বাহিৰৰপৰা কেইবাজনো গ্ৰাহকে চিঞৰা সিহঁত তিনিও শুনিছিল–“ৰোষদা...অ’ ৰোষদা...আজি নুঠে নেকি?” দুজনমান গ্ৰাহক উভতিবই খোজা নাছিল। কোনোবা এজনে কাঠৰ পাত্তা ঘটালিছিল। ৰোষেশ্বৰে নুশুনাৰ ভাও ধৰি ঠাইতে টাপ মাৰি জুপুকা লাগিছিল। তক্তা ঘটালি থকাটোক ভেকাহি মাৰিবলৈ বুলি প্ৰভা উঠিছিল; পিছে ৰোষেশ্বৰে মানা কৰিলে; দেউতাকৰ চকুৰ তেতিয়া চাৱনিটো নীলাঞ্জনাৰ বাবে বৰ কাতৰ যেন লাগিছিল।
আচৰিত লাগে তাইৰ কেতিয়াবা। অৰ্চনা নিজৰ সন্তান নহয় বুলি জানিও মানুহটোৰ তাইলৈ ইমান দৰদ। হঠাৎ এনেকৈ সকলোকে ঠগি তাই গুচি যোৱা কথাটোকে তেওঁ সহ্য কৰিব পৰা নাই। বাৰে বাৰে মানুহটোৰ দুচকু সেমেকি আহিছে, বাৰে বাৰে নিজকে লুকুৱাই হ’লেও সেয়া চকুলো মচিছে। অথচ প্ৰভা? অৰ্চনা গুচি যোৱা বিষয়টোত মানুহজনীয়ে দুখ যিমান পাইছে, তাতোকৈ বেছি যেন কিবা এটা অসহনীয় বেদনাই তেওঁক দহিছে-পুৰিছে। নিজকে সদায় ইমান সতৰ্ক হৈ থাকে বুলি ভাবি থকাৰ পাছতো ঘৰখনৰ ডাঙৰ ছোৱালীজনীয়ে তেনেকৈ গোপনে প্ৰেম কৰিব পাৰিলে, চকুত ধূলি দি ক’ৰ্ট-মেৰেজ কৰিলে আৰু...অতবোৰ বান্ধোন এৰি থৈ পলাই গুচি গ’ল–অলপ কথানে এয়া?
“সেইটোৱে কি কৰে? খুৱাব পিন্ধাব পাৰিবনে নাই? তই কি কি জান এফালৰপৰা কৈ যা। পাছত কিন্তু কথা বেয়া হ’ব। এইখন ঘৰলৈ আকৌ মই চপাই ল’ম বুলি ভাবিছে যদি...।” প্ৰভাই নীলাঞ্জনালৈ চাই হুমকিটো দিছিল।
তাই কিবা এষাৰ ক’ব বিচাৰিছিল; কিন্তু আগফালে কাৰোবাৰ মাত শুনি প্ৰভা ততাতৈয়াকৈ ওলাই গ’ল। ৰোষেশ্বৰেও তাইলৈকে চাই বুজাই দিলে–“পুলিচ আহিছে; যি জান সকলো কৈ দিবি।”
জীৱনত প্ৰথমবাৰৰ বাবে নীলাঞ্জনাৰ ভয় আৰু শংকাত দুৰু দুৰুকৈ বুকুখন কঁপি উঠিছিল। পুলিচে তাইক সুধিব! কি সুধিব? যদি গালি-ধমকি দিয়ে...থানালৈ লৈ যায়...তাইক পিটে...!
দেউতাকলৈ চাই তাই উচুপি উচুপি কান্দি পেলাইছিল–“মই...একো নাজানো...।”
পুলিচৰ পোছাক পিন্ধা দুজন ব্যক্তি সিহঁতৰ শোৱনি কোঠাটোলৈ সোমাই অহা বুলি তাই উমান পাইছিল। চুচুক-চামাককৈ ৰোষেশ্বৰো সেইফালেই গ’ল। মানুহ থকাৰো উমান দিব নোখোজাকৈ তাই ঠাইতে বহি ৰৈছিল।
অৰ্চনা কেনেকৈ ওলাই গ’ল বুলি ইমান সময়ে তাই চিন্তা কৰিছিল; মাক-দেউতাকে পুলিচ দুজনৰ আগত কথাখিনি কওঁতে সকলো কথাই তাই শুনিছিল। নিশা ৰোষেশ্বৰ শুবলৈ লওঁতে চাৰে এঘাৰ বাজি গৈছিল। আৰু প্ৰভা...সকলো সামৰি-সুতৰি পাটীত পৰোঁতে সিহঁত দুজনীক শুই থকা দেখিছিল হেনো। তেতিয়ালৈ এক বাজিবৰে হৈছিল বোলে। শেষ নিশা কি হ’ল কোনেও একো নাজানিলে। পুৱা পাঁচ বজাতে উঠি ৰোষেশ্বৰৰ দোকানৰ পাত্তা খুলিবলৈ যোৱাৰ অভ্যাস। বাহিৰলৈ ওলোৱা দুয়োখন দুৱাৰ হুক নলগোৱাকৈ জপাই থোৱা দেখি হেনো তেওঁ আচৰিত হৈছিল। দোকানখনৰো আকৌ ভিতৰফালৰপৰা হুক লগোৱা পাত্তাখন খুলি লাহেকৈ বাহিৰৰপৰা ঢোকা লগোৱাৰ দৰে কৰি থোৱা দেখি তেওঁৰ বেছিকৈ সন্দেহ হ’ল। দোকানত চোৰ সোমালে নেকি চাই নিশ্চিত হ’লযে এই কাম চোৰৰ নহয়। লগে লগে ভিতৰলৈ আহি তেওঁ মন কৰিলে অৰ্চনা নিজৰ শোৱা ঠাইত নাই। পিছফালে ওলাই গৈ সকলোতে চালে–ক’তো নাই। পুনৰ আগ ফালে ওলাই আহি বাটলৈকে যিমান পাৰি চাই আহিলে–নাই, তাই ক’তো নাই। ততাতৈয়াকৈ স্কুটাৰখনো ভিতৰৰপৰা উলিয়াই লৈ অলপ ইফালে-সিফালে ঘূৰি-পকি চালে। আৰু তাৰ পাছত...
পুলিচ দুজনে অৰ্চনাই এৰি থৈ যোৱা মেৰেজ চাৰ্টিফিকেটৰ কপিটো ভালদৰে চাইছিল বুলি নীলাঞ্জনাই ধৰিব পাৰিছিল। তেওঁলোকে প্ৰভাক বুজনি দিয়া যেন ভাব হৈছিল যে তাই যি কৰিলে, কোনোফালে সুৰুঙা ৰাখিব নোৱৰাকৈ কৰিলে। এনেই বিচাৰি-খোচাৰি অশান্তি বঢ়াই লাভ নাই। দুয়ো সাবালিক, নিজৰ ইচ্ছাৰে একেলগ হৈছে। আইনৰ ফালৰপৰাও সন্মতি আছে, চাৰ্টিফিকেটত ল’ৰাৰ ঘৰৰ সম্পূৰ্ণ ঠিকনা লিখা আছে। জনা-শুনা ভাল মানুহৰ ঘৰৰ ল’ৰালৈকে গৈছে। খুৱাব-পিন্ধাবও পাৰিব চাগৈ। কিবা কোম্পানীৰ চাকৰিৰ কথাও লিখা আছে; গতিকে...।
গতিকে প্ৰভা আৰু ৰোষেশ্বৰে আৰু বিশেষ একো কৰিবলৈ চেষ্টা নকৰাটোকে ঠিক কৰিলে। যদি একো লাভেই নাই, এনেই চিন্তা কৰি থাকি মিছা-মিছিকৈ মনৰ অশান্তি বঢ়োৱাহে হ’ব।
পুলিচ দুজনে তাইকো মাতিব পাৰে বুলি নীলাঞ্জনাই বৰকৈ ভয় খাই আছিল। পিছে নামাতিলে, এবাৰলৈও আনকি তাইক চাবলৈও নিবিচাৰিলে।
প্ৰভাই দৰাচলতে থানাত কেচটো দিবলৈ গৈছিল নে চিনাকিৰ খাতিৰতে থানাৰপৰা পুলিচ দুজনে আহি পাক এটা মাৰি থৈ গ’লহি নীলাঞ্জনাই সেইবোৰ একো বুজি নাপালে। কোঠাৰপৰা বাহিৰলৈ আহি বন্ধ দোকানখনৰ ভিতৰতে চুৰটৰ পেকেট আৰু কিবাকিবি তেওঁলোকে ল’লে। দোকানৰ বাহিৰলৈকে এবাৰ তেওঁলোকক আগ বঢ়াবলৈ মাক-দেউতাক দুয়ো ওলাই যোৱা বুলি নীলাঞ্জনাই উমান পাই আছিল। কোনোবা এপাকত তাই সাউৎকৈ নিজৰ মোবাইলটো বিছনাৰপৰা লৈ আনিলে। তাইলৈ বুলি এটা অচিনাকি নম্বৰৰপৰা বাৰ্তা আহিছে। লৰালৰিকৈ সেইটো খুলি চাই তাই জথৰ হৈ ৰৈ গ’ল। ইংৰাজী বৰ্ণ ব্যৱহাৰ কৰি লিখা সম্পূৰ্ণ বাৰ্তাটো পঢ়াৰ আগতে তাই শেষৰ ফালে চাই দেখিলে তাত মাতোবা বুলি লিখা আছে। সেইটো বাৰ্তা তাইলৈ অৰ্চনাই পুৱা ছয় বজাত পঠাইছে। বোধহয় পৰাগৰ ফোন নম্বৰ সেইটো। আচৰিত কথা, সেই সময়তে ঘৰখনত অৰ্চনা পলাই যোৱাৰ বিষয়ে মাক-দেউতাক নিশ্চিত হৈছে; আৰু অৰ্চনাই অন্য ঠাইৰপৰা মোবাইলত বাৰ্তা পঠাইছে।
সি যি নহওক, নীলাঞ্জনাই জোঁটাই জোঁটাই কথাখিনি পঢ়ি চালে–
নীলু
মই পৰাগদাৰ লগত গুচি আহিলোঁ। আমি গুৱাহাটীলৈ আহিছোঁ। তোক কথাটো নক’লোঁ। মই জানো তই বুজি পাবি। দুখ নকৰিবি। ভালে থাকিবি। দেউতাক চাবি। ফোন নকৰিবি। মই পাছত কথা পাতিম। তোলৈ বহুত মৰম দিলোঁ।
মাতোবা
বাক্যবোৰ পঢ়ি নীলাঞ্জনাই এবাৰ আৱেগত মোবাইলটো বুকুত সাবটি ল’লে। পুনৰ তাই বাৰ্তাটো পঢ়িলে, কেইবাবাৰো পঢ়িলে। ঘৰখনৰপৰা ওলাই গৈয়ো তাই দেউতাকলৈ মনত পেলাইছে, সেইজন মানুহ তাইৰ নিজৰ পিতৃ নহয় বুলি তায়ো জানে। অথচ নিজৰ জন্মদাতৃৰ বিষয়ে এষাৰো কথা তাইৰ মনলৈ অহা নাই।
লাহে লাহে নীলাঞ্জনাৰ দুচকু পানীৰে উপচি পৰিল। যেনেকৈয়ে নহওক, মাতোবা ভালে আছে...তই ভালে থাক মাতোবা; মই তোক মনত পেলাম সদায়।
(আগলৈ)