অন্যযুগ/


সিপাৰে যমুনাৰ...

আকাশ দীপ্ত ঠাকুৰ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
ঘৰখনলৈ এটা ম’বাইল অহাৰ দিনা সিহঁত দুয়োজনীৰ সময়বোৰ যেন সেইটোতে ৰৈ গৈছিল। অকণমানি ক’লা বৰণৰ এটা যন্ত্ৰ। চুইচ টিপিলে ভিতৰখন হালধীয়া ৰঙৰ পোহৰেৰে উদ্ভাসিত হয়। মাজৰ ঘৰটোত হেঁচা মাৰি দিলে এখন তালিকা ওলায়। তাতে ইফালৰ পৰা সিফাললৈ ঘূৰাই ফুৰালে বহুত কিবাকিবি কৰিব পৰাৰ সুবিধাবোৰৰ বিষয়ে লিখা থাকে। কোনোবা এঠাইৰ পৰা হেঁচি কাৰোবালৈ বাৰ্তা লিখিব পৰা কৰিব পাৰি, পঠাবও পাৰি। অন্য এঠাইত হেঁচি দিলে ফ’ন কৰিবলৈ বুলি মানুহৰ নাম-নাম্বাৰ থকা তালিকা ওলায়। এটা আকৌ কিবা বল্টুৰ দৰে চিন আছে, সেইটোতে কিবা-কিবি মিলাই-মেলি যন্ত্ৰটোকে ঠিক-ঠাক কৰিব পাৰি। ঠায়ে ঠায়ে থকা নামবোৰ সিহঁতে পঢ়ি গৈছিল— মেছেজ, কণ্টেক্ট, প্ৰ’ফাইল, ছেটিংছ্‌... কিবাকিবি অনেক। কোনটোত হাত দিলে কি হয়, সেইবোৰ শিকিবলৈকো ভালেমান সময় লাগে, যুঁজি থাকিব লাগে। আটাইতকৈ আমোদজনক বিষয়টো আছিল— তাতে ‘গেইম্‌ছ’ বুলিও এটা ঘৰ আছিল। তাত হেঁচা মাৰিলে ‘স্নেইক’ বুলি ওলায়। সেই ঠাইতে আৰু দুবাৰমান হেঁচি সেই খেলটো চলালে সাপৰ দৰে দীঘল ক’লা এডোখৰ খুব খৰকৈ অহা-যোৱা কৰে। যেনি-তেনি পকাই তাক ঘূৰাই ফুৰাব লাগে। বাটত আকৌ ক’লাকৈ এটা ফোঁট ওলায়, সেইটো খালে সাপটো দীঘল হৈ গৈ থাকে। অকণমান সাৱধান নহ’লে সাপটো ক’ৰবাত খুন্দা খায় আৰু গেইম অ’ভাৰ বুলি ওলায়। আকৌ নিউ গেইম বুলি ওলালে সেই ঠাইতে টিপি পুনৰ নতুনকৈ আকৌ খেলিব পাৰি। সেই খেলটোৱে লাহে লাহে সিহঁতক ইমানেই আমোদ দিবলৈ ধৰিলে যে এবাৰ ইজনী, আনবাৰ সিজনীয়ে ম’বাইলটো ল’বলৈ টনা-আঁজোৰা চলিল।
আৰু... ফ’নটো ঘৰলৈ আহিল হয়; দুদিনমান এনেই পৰি থকাৰ পাছত আনৰ ফ’ন ধৰিব পৰা, আনলৈ কৰিব পৰা অৱস্থালৈকো আহিল। পিছে... কালৈনো কৰা যায়? সিহঁতৰতো কোনো আত্মীয়-স্বজন, বন্ধু-বান্ধৱ... তেনেকৈ কোনো নাই। বেলেগে ফ’ন কৰিলে ধৰিব পাৰিব; কিন্তু ফ’ন কৰিবলৈ কোনোবাইতো নম্বৰটো পাব লাগিব। নীলাঞ্জনাই ভাবিছিল— কেনেবাকৈ যদি ভাৰ্গৱৰ নাম্বাৰটো পালেহেঁতেন! লগ পালে কথা ক’ব নোৱৰা হৈ যোৱা ল’ৰাটোৱে ফ’নত চাগৈ কিমান কথা পাতিলেহেঁতেন! কিমান যে ভাল লাগিলহেঁতেন তাৰ কথাবোৰ। আৰু স্বাগত... সি চাগৈ ফ’নত যিবোৰ কথা পাতিলেহেঁতেন... লাজেই লাগে। এসময়ত ইমানবোৰ বন্ধু-বান্ধৱী লগ পালে! লগৰ ছোৱালীও কতজনীৰ হাতে হাতে ম’বাইল ফ’ন একোটা দেখিলে, ঘৰখনলৈ বুলি উমৈহতীয়াকৈ লোৱা ফ’ন একোটা সিহঁতে বাকীবোৰক দেখুৱাবলৈকে হয়তো লগত লৈ আনিছিল; তেতিয়াই তায়ো ভাবিছিল, সিহঁতৰ ঘৰতো সস্তীয়া ম’বাইল এটা হোৱাহেঁতেন! আৰু যেতিয়া দেউতাকে সেই এটা সস্তীয়া হ’লেও ম’বাইল ঘৰলৈ আনিলে, সিহঁতৰ লগ-ভাগবোৰো নোহোৱা হ’ল।
অৰ্চনাই লগত অৱশ্যে দুজনীমান লগৰ ছোৱালীৰ ফ’ন নাম্বাৰ আছিল। পাছৰবাৰ পৰীক্ষা দিবলৈ যাওঁতে সিহঁতৰ নম্বৰ কিছুমান তাই কাগজত লিখি আনিছিল। ঘৰলৈ ফ’নটো অনাৰ দিনাই অৰ্চনাই সেই কাগজখিলা বিচাৰি উলিয়াই লৈছিল। পিছে ফ’নটো আকৌ চাৰিদিনৰ পাছতহে আনলৈ কৰিব পৰা হৈছিল। তাকো দেউতাকে কোনোবা দোকান এখনলৈ নি কিবা এক্টিভেইট নে কিবা এটা কৰাবলগীয়া হ’ল। সেইদিনাই অৰ্চনাই নম্বৰ লিখি অনা কাগজখন সন্মুখত মেলি লৈ প্ৰথমে নীহাৰিকা নামৰ লগৰ এজনীৰ নাম্বাৰটোলৈ লগালে। বহুত দেৰি কুট কুট শব্দ কৰি কৰি শেষত একো মাত-বোল নোহোৱা হৈ কাট খাই গ’ল। ৰিং নহ’লগৈ। পাছৰ নাম্বাৰটো জীনাৰ বুলি লিখা আছিল। সেইটোত লগাওঁতে আকৌ এবাৰতে ৰিং হ’ল। বৰ উৎকণ্ঠাৰে তাই ৰৈ থাকিল সিফালৰ মাতষাৰ শুনিবলৈ। ৰিং হোৱা দেখিয়ে অৰ্চনাই নীলাঞ্জনাকো কাষলৈ মাতিছিল— মানে ৰিং হৈছে, তয়ো শুনহি আহ। পিছে ৰিং হৈ হৈ অৱশেষত কাট খাই গ’লগৈ। কোনেও ফ’নটো নধৰিলে।  অৰ্চনাই সেমেনা-সেমেনিকৈ তাইলৈ চাওঁতে বায়েকৰ ভেচ্‌ভেচীয়া পৰা মুখখন দেখি নীলাঞ্জনাৰো হাঁহি উঠিছিল। পুনৰ তাই  চয়নিকা বুলি লিখি অনা নম্বৰটোলৈ ফ’নটো লগালে। বহুত সময় একো মাত-বোল নাহিল। অলপ পাছত সিফালৰ পৰা কম্প্যুটাৰৰ মাত এষাৰহে আহিল— ‘‘ডিছ নাম্বাৰ ইজ নট ইন ছাৰ্ভিচ। প্লিজ চে‍ক দ্যা নাম্বাৰ এণ্ড্ ডায়েল এগেইন।’’— প্ৰথমে সিহঁতে সেইটোকে কোনোবাই কথা কৈছে বুলি ভাবিছিল। অৰ্চনাই দুবাৰমান হেল্ল’ হেল্ল’ বুলিও কৈছিল। পাছত একেবোৰকে গাই থকা দেখি বুজি পালে— সেইটো কম্প্যুটাৰৰ পৰা অহা মাত। অৰ্থাৎ সেইটো নাম্বাৰতো কিবা খেলি-মেলি আছে। সেইকেইটা নাম্বাৰেই তাইৰ তালিকাত আছিল, আটাইকেইটাই কাম নকৰা হ’ল। গতিকে তাই ফ’নটোকে বিছনালৈ দলিয়াই থৈ নিজে পিছফাল পালেগৈ।
নীলাঞ্জনাই বায়েকৰ অৱস্থাটো দেখি হাঁহি হাঁহি আকৌ ম’বাইলটো হাতলৈ ল’লে। ছেঃ নাম্বাৰ এটা তাইৰো থকাহেঁতেন। এনেই এবাৰ লগাই চালেহেঁতেন। ইফালে দেউতাকে আকৌ ম’বাইলটো ঘৰলৈ অনাৰ দিন ধৰি সেই ফ’ন কৰিব পৰা কৰি দিয়ালৈকে সৈতে সেইকেইদিনত অকণমান গুৰুত্ব দিছিল যদিও পাছলৈ তেৱোঁ পাহৰিয়ে গ’ল যে ঘৰখনত ফ’ন এটা আছে; সেইটো লগত লৈ ফুৰিব পাৰি।  নিজৰ কামত লাগিব বুলিয়ে তেখেতে লৈছিল। নীলাঞ্জনাই ভাবিছিল— ভালেই হৈছে তেখেতৰ খবৰ নাই। সিহঁত দুজনীৰে কামত আহিব। মাকৰ কথাতো ক’বই নালাগে; সমূলি খবৰ নাই, ফ’নেই আহিল নে কি আহিল জানিবলৈ!
অৰ্চনাই বিছনালৈ দলিয়াই থৈ যোৱা ফ’নটো নীলাঞ্জনাই আকৌ হাতলৈ লৈ চালে। মেছেজ বুলি লিখা ঘৰটো হেঁচিলে তাত ক্ৰিয়েট মেছেজ, ইনবক্স, ছেণ্ট মেছেজ, চাট, ড্ৰাফ্ট, টেম্পলেইট, স্মাইলি... এনেকৈ বহুত কিবাকিবি আহে। ইমানবোৰ সুবিধাৰে কি হয়, তাই নাজানে। সেই ক্ৰিয়েট মেছেজ ঘৰটো আকৌ হেঁচি দিওঁতে তাত লিখিবলৈ নিৰ্দেশ দিয়া দেখিছিল। পিছে কিনো লিখিব তাই? কালৈনো পঠিয়াব...। বিশেষ একো নাভাবি তাই এনেই কিবা এটা লিখি চাওঁ বুলি তলৰ কি ব’ৰ্ডখনলৈ চকু ফুৰাওঁতেই ম’বাইলটো কঁপিবলৈ ধৰিলে। জিকাৰ খাই উঠি তাই সেইটো বিছনালৈ এৰি দিওঁতে ধুনীয়া শব্দৰে ম’বাইলটো বাজি উঠিল। কি হৈছে একো ধৰিব নোৱাৰি তাই ম’বাইলটোলৈ চালে।
বাহিৰলৈ ওলাই গৈছিল যদিও বেছি আঁতৰলৈ নোযোৱা বাবেই ফ’নৰ মাতটো অৰ্চনায়ো শুনিলে। তাই লৱৰি আহিল। হয়... কোনোবাই ফ’ন কৰিছে; কিন্তু কোনে কৰিছে? কোনে পালে সিহঁতৰ নম্বৰ? দোকানৰ পৰা মাকেও শব্দটো শুনি এবাৰ পৰ্দাখন দাঙি চালে—  “কি হৈছে অ’?”
অৰ্চনাই ক’লে— “কোনোবাই ফ’ন কৰিছে।”
“কৰিছে যদি ধৰ আকৌ। জাননে নাই ধৰিব?” — মাকে কথাষাৰ কৈ পুনৰ বাহিৰলৈ আহিল। দোকানত গ্ৰাহক আছে। সেইবোৰ ম’বাইল-চ’বাইল লৈ ধেমালি কৰিবলৈ সময় নাই।
অৰ্চনাই ফ’নটো হাতলৈ তুলি ল’লে। সিহঁতৰ ম’বাইললৈ অহা প্ৰথম ফ’ন! মাজৰ ঠাইখিনিত হেঁচি তাই সেইটো কাণলৈ ল’লে। মুখেৰে মাত নোলাল। সিফালৰৰাহে মাতিলে— “হেল্ল’।’’
কোনোবা পুৰুষৰ কণ্ঠ। কোন হ’ব পাৰে তাই নাজানে। এবাৰ সেপ গিলি তায়ো ক’লে— ‘‘হেল্ল’।’’
সিফালৰ পৰা সুধিলে— “আপুনি কোনে কৈছে?”
অৰ্চনা থত্‌মত্‌ খাই গ’ল। কোনে কৈছে বুলি ক’ব তাই? কিয় ক’ব? ফ’নটোতো তেওঁহে কৰিছে। কি কোৱাটো উচিত হ’ব! অলপ থেৰোঁ-গেৰোঁ কৰি তাই পুনৰ ওলোটাই সুধিলে— “আ... আপুনি কোনে কৈছে?”
সিটো মূৰৰ পৰা কি ক’ব শুনিবলৈ দুইজনী উৎকৰ্ণ হৈ ৰৈছিল— “নহয় মানে, এই নাম্বাৰটোৰ পৰা মোলৈ ফ’ন আহিছিল। ইয়াত ‘মিছ্‌ড কল’ দেখুৱাইছে। সেইকাৰণে কোন জানিব বিচাৰিছিলোঁ।”
নীলাঞ্জনাই ভালকৈ কথাবোৰ শুনা নাছিল। ম’বাইলটো অৰ্চনাই কাণত লৈ আছিল। তাই এক মুহূৰ্তৰ বাবে আচৰিত হ’ল। সিহঁতৰ নাম্বাৰৰ পৰা ফ’ন গৈছিল... কেনেকৈ? ঘপহকৈ তাইৰ মনত পৰিল, একে লগৰ জীনালৈ তাই ফ’ন কৰিছিল। ৰিং হৈ হৈ কাট খাই গৈছিল। সিহঁতৰ ঘৰৰ পৰাই কৰিছে তাৰমানে।
 “অ’... হয় হয়, মই ফ’ন কৰিছিলোঁ; এইটো বাৰু জীনাৰ নম্বৰ হয়নে? মই তাইৰ লগৰ অৰ্চনা।” কথাকেইটা কওঁতে নিজৰ অজানিতেই অৰ্চনাৰ মুখত হাঁহি ওলাই গৈছিল। সিফালৰ পৰাও সামান্য হঁহাৰ দৰেই যেন উত্তৰটো আহিল— “হয়, মানে মই জীনাৰ ককায়েকে কৈছোঁ। তাই ঘৰত আছে। মই আকৌ ফ’নটো লৈ ওলাই আহিছোঁ। আপুনি অলপ দেৰিকৈ কৰিব।”
অৰ্চনাই কি ক’ব ভাবি পোৱা নাছিল। লগৰ ছোৱালীৰ ককায়েকে তাইক আপুনি বুলি মাতিছে। ইফালে আজি প্ৰথম ফ’নতো কথা হৈছে। কি ক’লে বা ভাল হয়। অলপ ইতস্ততঃ কৰি তাই কৈছিল— “হয়...কৰিম বাৰু। আপুনি তাইক ক’বচোন।”
সিফালৰ কণ্ঠয়ো সহযোগ কৰিলে— “হয় ক’ম। তাইকে ফ’ন কৰিবলৈ ক’ম বাৰু।”
সিফালে ফ’ন কাট খাইছিলনে নাই, তাই ক’ব নোৱৰাকৈয়ে হাতৰ ফ’নটো বিছনাত থৈ নীলাঞ্জনালৈ চাইছিল। নীলাঞ্জনাই অন্য একো শুনা নাছিল যদিও সিফালৰ মাতটো কোনোবা পুৰুষৰ বুলি গম পাইছিল। গতিকে তাইক বায়েকলৈ চাই সুধিলে— “কোন আছিলনো মাতোবা?”
অৰ্চনাই সিফালৰ কণ্ঠটো কেনেকুৱা আছিল তাৰ আমেজতে বুৰ গৈ আছিল। ভনীয়েকে জোকাবলৈ সোধা কথাষাৰৰ উত্তৰ দিবলৈ লৈ এবাৰ তাইলৈ চালে। নীলাঞ্জনাৰ মুখত জোকাবলৈ বুলি লোৱা ভংগিটো দেখি নিজকে গহীন কৰিবলৈ চেষ্টা কৰিলে— “মই যে অথনি ফ’ন কৰিছিলোঁ... জীনা যে... ৰিং হৈ যে কাট খাই গৈছিল; সিহঁতৰ ঘৰৰ পৰা কৰিছে।’’
বায়েকে অলপ লাজ কৰা যেন দেখি নীলাঞ্জনাই চল পাই গ’ল— “সেইটো বুজিছোঁ; কিন্তু ফ’ন কোনে কৰিছিল সেইটো ক না!” — তাই মুখ টিপি হাঁহিলে।
অৰ্চনাই ফ’নটো বিছনাত থৈ উফাল মাৰি আকৌ পিছফাললৈ আহিবলৈ ওলাল আৰু আহোঁতে তাইক কৈ আহিল— “কৰিছিল আৰু কোনোবাই, তোক কিয় লাগে?”
নীলাঞ্জনায়ো পিছে পিছে গৈ বেছিকৈ লাগি থাকিবলৈ ধৰিছিল।
...এৰা, ফ’নটোৱেই সিহঁতৰ আজৰি সময়ৰ লগৰী হোৱাদি হৈছিল। প্ৰথম কেইদিনমানলৈ সিহঁতে ঘৰত থকা সময়ত ফ’ন বাজিলেই সেইটো ধৰিবলৈ দুইজনীৰ মাজত হেতা-ওপৰা লাগিছিল। দেউতাকলৈ মাজে মাজে অহা এটা-দুটা ফ’ন সিহঁতেই ধৰিছিল। দেউতাক অহাৰ লগে লগে খবৰবোৰ দিয়া হয়। নম্বৰটো চাই পুনৰ দেউতাকক কথা পাতিবলৈ বুলি ফ’নটো লগাই দিলে তেখেতে সিটো মূৰৰ মানুহজনৰ সৈতে কথা পাতে। কেতিয়াবা আকৌ ক’ৰবালৈ বুলি লগোৱা ফ’ন একোটা ভুলতে আহে। ‘ৰং নাম্বাৰ’ বুলি কৈ কাটি দিয়াৰ আগতেও কথা একোষাৰ পতা হয়।
নীলাঞ্জনাই ভাবিছিল— এটাও ফ’ন যদি ভুলতেও কেতিয়াবা তাইলৈকো আহিলিহেঁতেন! ক’ত যে গুচি গ’ল সিহঁত...! কাৰোবাৰ ফ’ন নম্বৰ আছে নেকি,  ৰাখিব লাগিব বুলি এবাৰলৈও তাই ভবা নাছিল; বুৰ্বকামি কৰা হ’ল নেকি বাৰু! এনেকৈ ঘৰলৈ ফ’ন এটা আহিব বুলিওতো তাই ভবা নাছিল। কেনেবাকৈ যদি তাই কলেজলৈ যাবলৈ পায়, তেতিয়া দেখা যাব।
লাহে লাহে অৰ্চনাৰ লগৰ দুই-এজনীৰ নাম্বাৰ গোট খালে। সেই নাম্বাৰবোৰৰ পৰা ফ’ন আহিলে কথা পাতি পাতি অৰ্চনা পিছফাল পায়গৈ। দুবাৰমান ঘটনাটো মাকেও দেখিছে। নীলাঞ্জনাকে সোধে— “তাই কাৰ সৈতে কথা পাতিছে অ’?”
নিৰ্বিকাৰভাৱে নীলাঞ্জনাই উত্তৰ দিয়ে— “লগৰ ছোৱালী আকৌ।”
“লগৰ ছোৱালী হ’ল বুলি এনেকৈ ঘণ্টাৰ পাছত ঘণ্টা কথা পাতিবলৈ কি থাকে? ঘৰলৈ আহিলেই হ’ল। আৰু সেইবোৰ কথা পাতিবলৈ চুৱনিপাতত সোমাবগৈ লাগে কিয়?” বাকীখিনি মুখৰ ভিতৰতে ভোৰভোৰাই তেখেত ওলাই যায়— “সেইবোৰ কিখন বাপেকৰ মূৰটো আনি ঘৰখনত সুমুৱালেহি। য’ৰ-ত’ৰ পৰা হকে-বিহকে ফ’ন আহিব, দুনীয়াৰ কথা একো ক’ব নোৱৰা হ’ব...”
নীলাঞ্জনাই মুখ টিপি হাঁহে। ঘৰতে থাকি ফ’নত কথা পাতিলে মাকৰ বিশেষ আপত্তি নাই; বাহিৰলৈ গা ঘেলাবলৈ নগ’লেই হ’ল। বকনি তোলাৰ সময়ত মুখত কি ভাষা ওলায় চাবলৈ নাই।
(আগলৈ‍) 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ