অন্যযুগ/


শিক্ষাৰ ঊৰ্ধ্বত জ্ঞানৰ পৰিধি

কৰৱী বৰ্মন কলিতা

‘‘Education is not an end in itself, but is only a means of acquiring knowledge.’’

হয়, শিক্ষাৰ কোনো লক্ষ্যস্থান নাই। শিক্ষা হৈছে জ্ঞান, এক উপায়-অৱলম্বন মাত্ৰ৷ 

শিক্ষা হৈছে মানুহৰ শাৰীৰিক, মানসিক আৰু আত্মিক উৎকৰ্ষ সাধনৰ এক প্ৰক্ৰিয়া৷  প্ৰকৃততে কিন্তু শিক্ষিত একোজন মানুহ জ্ঞানী নহবও পাৰে আৰু অল্প শিক্ষিতজনো মহাজ্ঞানী বুলি বিবেচিত হব পাৰে৷ দৰাচলতে আত্মিক উৎকৰ্ষ সাধন হলেহে মানৱ অন্তৰত প্ৰকৃত জ্ঞানৰ বিকাশ হয়৷ আজিকালিৰ ছাত্ৰ- ছাত্ৰীসকলে যি আনুষ্ঠানিক শিক্ষা বিদ্যালয়, মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ মাধ্যমত গ্ৰহ কৰি আছে, সেইখিনি শিক্ষা হয়তো তেওঁক পৰৱৰ্তী জীৱনৰ বাবে  নিজকে স্বাৱলম্বী কৰিবলৈ  সক্ষম কৰি তুলিব পাৰিব তাত কোনো দ্বিমত নাই, কিন্তু ইয়াৰ দ্বাৰা সেই আনুষ্ঠানিক শিক্ষাই যে তেওঁক এজন প্ৰকৃত জ্ঞানৰ গৰাকী কৰি তুলিব, তাত  হয়তো সংশয়  অলপ  ৰৈ যায়৷ 

 জ্ঞান হৈছে সম্যক উপলব্ধি৷ এই জ্ঞান প্ৰকৃততে তিনি প্ৰকাৰৰ— আত্মিক জ্ঞান, আৰ্থিক জ্ঞান আৰু পাৰমাৰ্থিক জ্ঞান৷ মানৱ জীৱন সীমাবদ্ধ৷ এটা সময়সীমালৈকেহে   আমি এই ধৰাত  বিচৰণ কৰিব পাৰোঁ৷ তাৰ পাছত সকলো অসাৰ৷ কোনোজন মানুহে হয়তো নিজৰ জীৱনকালত সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সমৰ্থ নহবও পাৰে৷ খু কম সংখ্যক গুণী-জ্ঞানী লোকেহে নিজৰ জীৱনকালত অশেষ সাধনা, পৰমেশ্বৰৰ প্ৰতি থকা নিঃস্বাৰ্থ ভক্তি আৰু প্ৰেমৰ শক্তিৰে আত্মোপলব্ধি কৰিবলৈ সক্ষম হৈছে৷  প্ৰকৃত জ্ঞানৰ বাবে কেৱল শিক্ষাই যথেষ্ট নহয়৷ জ্ঞান অৰ্জনৰ বাবে যি সাধনাৰ প্ৰয়োজন হ,  সেয়া হব লাগিব অন্তৰ্মুখী৷ যেতিয়া এটা  মানৱ শৰীৰে কাম, ক্ৰোধ, লোভ, মোহ, মদ,  মাৎসৰ্য— এই ছয় ৰিপুক বশ কৰিবলৈ সক্ষম হ, তেতিয়াই মানৱ শৰীৰটোত বাস কৰা  মনটো অন্তৰ্মুখী হব৷

সম্যক জ্ঞানৰ লাভৰ বাবে একচিত্ত মন, সাধনা, ধৈৰ্যৰ প্ৰয়োজন৷ সেইদৰে বিশ্বজ্ঞানো অসীম৷ পৃথিৱী বিশ্ব-ব্ৰহ্মাণ্ডৰ এটা অংশবিশেষ মাথোঁ৷ এই ক্ষুদ্ৰ পৃথিৱীখনৰ বিষয়ে  আমি সমগ্ৰ  জ্ঞান লাভ কৰিব নোৱাৰিব পাৰোঁ সাধাৰণ দৃষ্টিত৷ ইয়াত প্ৰয়োজন হব পৰমেশ্বৰৰ দয়া আৰু নিজৰ অক্লান্ত সাধনা আৰু প্ৰচেষ্টা৷ কবলৈ গলে আমি মহামূৰ্খসকলে নিজকে জ্ঞানী বুলি দম্ভ  মাৰোঁ৷ আনৰ আগত শিক্ষিত, জ্ঞানী বুলি নিজকে  প্ৰতিপন্ন কৰোঁ, কিন্তু  সকলো আনুষ্ঠানিক-অনানুষ্ঠানিক শিক্ষা গ্ৰহ কৰাৰ পাছতো জানো আমি জ্ঞানী? জ্ঞান লাভ ইমান সুলভ হব পাৰে যদি সমাজত বৰ্বৰতা, হিংসা, দুৰ্নীতি, ব্যভিচাৰ কিয়? যদি পৰমেশ্বৰক ইমানেই ভক্তি কৰে  একাংশই   তেন্তে বেয়া কৰ্মবোৰ জীৱনকালত কৰিবলৈ কেনেকৈ শক্তি গোটায় তেওঁলোকে? সঁচাকৈ কিন্তু আমি সমাজত জ্ঞানী-গুণী বুলি এনেইহে গৰ্ব কৰি ফুৰা এজাক অজ্ঞানী জীৱতুল্য মাত্ৰ৷

সমাজত বিয়পি পৰা নৈতিক অধঃপতনৰ অৱসান ঘটক৷ নতুন দৃষ্টিভংগীৰে, গঠনমূলক কৰ্মৰাজিৰে‍ নিজৰ লগতে দহজনৰো উপকাৰ সাধন হব পৰা কামত জড়িত হওক৷ ঈশ্বৰৰ প্ৰতি ভক্তি মনতে পুহি জ্ঞানৰ পৰিধিৰ বিকাশ সাধন কৰক৷


বিষয় শিক্ষয়িত্ৰী (দৰ্শ বিভাগ) 
গুৱাহাটী,
ভ্ৰাম্যভাষ: ৭০০২৭৪১৮৬১ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ