ড° ইৰাণী হাজৰিকা
“ইমান খং ভাল নহয়৷ অলপ ধৈৰ্য ধৰিব লাগে মানুহে৷ খং নামেই চণ্ডাল৷”
মাকৰ একেবোৰ কথাকে পুৱা গধুলি শুনি শুনি পঢ়া টেবুলত বহি থকা মনোৰ কেতিয়াবা আপদীয়া খংটো পুনৰ উঠি আহিছিল৷ খং উঠিলে খন্তেকতে হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা মনোক লৈ মাকৰ চিন্তাৰ অন্ত নাছিল৷ কিমান যে বুজনি - “খং উঠিলেই বুলিয়েই কিবা এটা কৰি পেলাব নালাগে৷ আগ-পিছ ভাবি চাব লাগে” ইত্যাদি ইত্যাদি৷ কিন্তু বিছ বছৰীয়া মনোৰ যেতিয়া খং উঠে মাকৰ এই সকলো বুজনি যেন শেষত ধোঁৱাচাঙত উঠে৷
এদিন আবেলি এই আপদীয়া খংটোৱেই কাল হৈ পৰিছিল মনোৰ বাবে৷ ঘৰৰ চোতালত দেউতাকক অপদস্থ কৰিব খোজা মানুহজনৰ জীৱন ক্ষন্তেকতে শেষ হৈছিল মনোৰ হাতত৷ খঙৰ ভমকত মুহূৰ্ততে তাৰ দেহৰ সমগ্ৰ তেজ যেন সিৰা উপসিৰাবোৰৰ মাজেদি বৈ গৈ মগজুৰ ভিতৰত গোট মাৰিছিল আৰু পঢ়া টেবুলৰ কিতাপবোৰৰ মাজৰ পৰা তাৰ ঠিকনা সলনি হৈছিল কাৰাগাৰলৈ৷ এদিন কাৰাগাৰৰ চাৰিবেৰ ভেদ কৰি তালৈ খবৰ আহিল পুত্ৰশোকত দগ্ধ হৈ মাকে মৃত্যুক সাবটা বুলি, দেউতাকো মৃত্যুশয্যাত থকা বুলি৷ এনেদৰেই তাৰ ক্ষন্তেকীয়া খঙৰ ফলত হেৰাই গৈছিল সিহঁতৰ জীৱনৰ পৰা সকলো মাদকতা৷
ফাগুনৰ আবেলিটোক মৃদুকৈ বতাহে জোকাৰি আছিল৷ প্ৰতিটো জোকাৰণিয়েই যেন ঢালি দিছিল কিছু বিষাদ সিহঁতৰ জীৱনত৷ ক্ষন্তেকতে মাক হৈ পৰিছিল মুকবধিৰ এক ছায়ামুৰ্তি৷ হতভম্ব হৈ দেউতাকে বিচাৰি ফুৰিছিল অলপ উশাহ মৃতদেহটোৰ শৰীৰত৷ তাৰ ক্ষন্তেকীয়া খংটোৱে গ্ৰোগ্ৰাসে গিলিছিল সিহঁতৰ জীৱনৰ সকলো ৰং৷ চোতালৰ কাষৰ লঠঙা গছজোপাত যেন ওলমি ৰৈছিল বিষাদবোৰ৷ তলসৰা পাতবোৰৰ মাজত বহি সি মাথোঁ অপেক্ষা কৰি থাকিল তাৰ সম্মুখলৈ আহিব পৰা বিষাদৰ জীৱনজোৰা কাহিনীবোৰলৈ৷ সময়ে তাক লৈ গ’ল কাৰাগাৰৰ চাৰিবেৰাৰ মাজৰ অন্য এটা কঠিন জীৱনলৈ৷
আৰু সম্পূৰ্ণ চৌদ্ধ বছৰৰ মূৰত তেনে এটা ফাগুনৰ আবেলিতে সি আহি আকৌ ভৰি থ’লেহি সেই একেখন চোতালতে৷ কেউফালে হাবিৰে পোত খাই পৰা ঠাইখিনিৰ মাজখিনিতে এটা এৰাপৰলীয়া ঘৰ৷ ফাগুনৰ আবেলিটোত যেন সেই লঠঙা গছজোপাত তেতিয়াও বিষাদবোৰ ওলমি আছিল৷ তলসৰা পাতবোৰৰ মাজৰ পৰা যেন সি বুটলি আনিব ধূলিয়ে ঢাকিব খোজা বিষাদৰ কাহিনীবোৰ৷ গছজোপালৈ বসন্তৰ আগমন ঘটিবলৈ তেতিয়াও বহুকেইটা পষেক বাকী আছিল৷
তাৰ বাবে অপেক্ষা কৰি কৰি এদিন শয্যাগত দেউতাকেও ইহলীলা সম্বৰণ কৰিছিল৷ চোতালত ভৰি থৈয়েই সি বুজি উঠিছিল যে দেউতাকৰ মৃত্যুৰ পাছত ঘৰটোৰ ভিতৰলৈ কোনো সোমোৱা নাই৷ মূল দুৱাৰত মামৰে ধৰা তলা এটাৰে সৈতে থিয় দি থকা ঘৰটোৰ উঁৱলি যাব খোজা বেৰ-চালবোৰত যেন মৰিশালিৰ নিস্তব্ধতা৷ চোতালৰ মাটিত পোত খাই থকা শিলৰ টুকুৰা এটা হাতত তুলি লৈ সি তাৰ নিজৰ কায়দাৰে তলাটোত এটা খুন্দা মাৰিলে৷ লগে লগে পুৰণি দৰ্জাখনৰ পাল্লা এটা আপোনা-আপুনি খোল খাই গ'ল৷ এইবাৰ তাৰ সুনিপুণ হাতেৰে দুৱাৰখন ঠেলি সি সম্মুখৰ কোঠালিটোৰ ভিতৰত খোজ পেলালে৷ আংশিক আন্ধাৰে আবৰি থকা কোঠাটোৰ পৰা এসোপামান ধূলিৰ সৈতে এটা সেমেকা উগ্ৰ গোন্ধ তাৰ নাকেৰে পাৰ হৈ পেট পালেগৈ৷ লাহেকৈ কোঠাটোৰ একাষে গৈ ঘুণে ধৰি অলপহে অৱশিষ্ট বাকী ৰখা খিৰিকী এখন হাতেৰে হেঁচুকি খুলি দিলে৷ খিৰিকীখনৰ পৰা জেঠী এটা আহি তাৰ হাতৰ ওপৰতে পৰিল আৰু একে সময়তে বাহিৰৰ পৰা এচমকা পোহৰ কোঠাটোত সোমাই পৰিলে৷ হাতত জেঠী পৰা ঠাইখিনিলৈ চাই সি উচপ খাই উঠিল৷ এইবাৰ খিৰিকীৰ কাষৰ পৰা কিছু পিছুৱাই আহি সি পুনৰ আন আন কোঠাবোৰলৈ খোজ পেলালে৷ ধূলিয়ে ঢাকি পেলোৱা ঘৰটোত ধূলিৰ মাজে মাজে সি বিচাৰি ফুৰিল মাক দেউতাকৰ শেষ নিশ্বাসখিনি৷ কিন্তু জেঠীবোৰৰ দৌৰা-ধপৰাৰ বাদে ক’তো যেন কাৰো একো অস্তিত্ব নাই৷ চাৰিওফালে কেৱল নিৰৱতা৷ নিৰৱতাবোৰে যেন তাক গিলি পেলালে এফালৰ পৰা৷ আঁচবাবকে আদি কৰি অন্যান্য বস্তু কিছুমান কোঠাবোৰৰ অ’ত ত’ত সিঁচৰতি হৈ পৰি আছিল৷ শোৱনি কোঠাৰ বেৰত তেতিয়াও বহল আইনাখন ওলমি আছিল কিছুমান ফুটুকা ফুটুকী ক’লা দাগৰে সৈতে৷ আইনাখনৰ সম্মুখত থিয় হৈ সি নিজৰ মাজতে চৌদ্ধ বছৰৰ আগৰ মনোটোক বিচৰাত লাগিল৷ আংশিক পোহৰত কপালত জিলিকি উঠা পথালি আঁচ কেইডালৰ বাদে তাৰ মনত যেন আন একোৱেই ধৰা নিদিলে৷ “বেছিকৈ খং উঠিলে কেতিয়াবা আইনাৰ আগত নিজকে ৰাখি চেহেৰাটো এবাৰ চাবি, তেতিয়া খংটো নোহোৱা হৈ যাব” মাকে কত বুজনি দিছিল৷ কিন্তু সেই দিনবোৰত খং উঠিলে সি নিজকে আইনাত চাব নোৱাৰিছিল আৰু আজি খং নুঠাকৈয়ে সি নিজক ভালদৰে নিৰীক্ষণ কৰিব পৰা নাই৷ যোৱা চৌদ্ধ বছৰত সি তাৰ খংটোক কৰবাত বিসৰ্জন দিলে৷ কাৰাগাৰৰ ভিতৰৰ ঘটনা-পৰিঘটনাই তাক শিকালে খংটো পৰিহাৰ কৰিবলৈ৷
কাৰোবাৰ উপস্থিতিৰ অভাৱ সি বাৰুকৈয়ে অনুভৱ কৰিলে৷ ওপৰৰ বৰচাঙত কিহবাৰ শব্দ শুনি লৰালৰিকৈ দুৱাৰ-খিৰিকী জপাই সি ঘৰৰ বাহিৰলৈ ওলাই আহিল৷ বাৰাণ্ডাত থিয় দি দেখিলে পদুলিৰ পৰা কিছু দুৰৈত মানুহৰ এটা জুম৷ আগবাঢ়ি গৈ সকলোকে এষাৰ মাত লগোৱাৰ কথা ভাবিলে সি৷ কিন্তু পাছ মুহূৰ্ততে তাৰ মনটো সংকুচিত হৈ পৰিল৷ মানুহখিনিৰ মুখামুখি হোৱাৰ সাহস সি গোটাব নোৱাৰিলে৷ “ক্ষন্তেকৰ ভোজ খাওঁতা নাই”৷ ঠিক তেনেকুৱাই হ’ল মনোৰ জীৱনত৷ কথাবোৰ পাগুলি পাগুলি সি বাৰাণ্ডাৰ খুটা এটাতে আঁউজি মজিয়াত বহি পৰিল৷ ক’ৰবাৰ পৰা এমুঠি ভাগৰে আহি তাক হেঁচা মাৰি ধৰিলেহি৷ কাৰাগাৰত এৰি থৈ অহা মুখবোৰলৈ তাৰ মনত পৰিল৷ বিষাদৰ একো একোটা কাহিনীয়ে চেপি পেলোৱা মুখবোৰৰ আঁৰত লুকাই আছে একো একোজন হৃদয়বান, কৰ্মঠ মানুহ, যি চাৰিবেৰৰ মাজত থাকি নিজক চিনি পাবলৈ আজি ব্যাকুল হৈ পৰিছে৷ তেনেতে পেটত ভোকটোৱে কলমল কৰিলত তাৰ চেতনা আহিল৷
“মনো” ... মাতষাৰ শুনি মূৰ তুলি চাই দেখে চোতালৰ মাজৰ বননিখিনিত খুৰাক থিয় দি আছে৷ সেই সময়খিনিত খুৰাকৰ মাতষাৰে তাৰ বাবে কিবা এটা অদৃশ্য শক্তিৰ দৰে কাম কৰিলে৷
“এটা কাম কৰ, তই মোৰ লগত ব’ল৷ এতিয়া ইয়াত থাকিব নালাগে৷ সন্ধিয়াও হ’বই অলপতে৷”
মুখেৰে একো নামাতি লাহে লাহে থিয় হৈ সি খুৰাকৰ পিছে পিছে খোজ ল’লে৷ দূৰৈৰ পৰা মানুহৰ জুমটোৱে তালৈ চাই খুৰাকক মাত লগালে৷ সি মনতে কিবা এটা অস্বস্তি ভাব লৈ মানুহৰ জুমটো পাৰ হ’ল৷
“বুজিছ, এতিয়া তোৰ বয়স বাঢ়িল৷ গতিকে
খংটো অলপ কমাই চিন্তা-চৰ্চা কৰি আগবাঢ়িব লাগিব৷ গোটেই জীৱনটো
পৰি আছে তোৰ সম্মুখত৷ ভালদৰে জীৱনটো পাৰ কৰিব লাগিব৷ পাৰিবি৷ কিয় নোৱাৰিবি?
আগতকৈ অলপ বেছি কষ্ট কৰিব লাগিব৷ কেৱল ঘৰৰ মানুহবোৰে চিনি পোৱা তোৰ
ভিতৰত লুকাই থকা ভাল মানুহটোক সজাই-পৰাই তুলিব লাগিব৷ জীৱনত ভাল-বেয়া দিন সকলোৰে আহে৷ ভাল দিনবোৰত ষোলঅনা পূৰ হৈ
থাকে মানুহৰ লগত, বেয়া দিনবোৰত আনকি সময়খিনিয়েও লগ এৰা দিয়ে৷
গতিকে উভতি চাবলৈ বাদ দি সম্মুখলৈ চাই বাট বুলিব লাগিব বুইছ৷”
কথাবোৰ শুনি সি মাথোঁ মুৰ দুপিয়ালে৷
“হে’ৰা, ইয়াক গা-পা ধোৱাৰ ব্যৱস্থাটো কৰি দি চাহ-জলপান কিবা অলপ যোগাৰ কৰা৷“
খুৰাকে ঘৰৰ পদূলিৰপৰাই খুৰীয়েকক মাত লগালে৷ ভিতৰৰ পৰা চলচলীয়া দুচকুৰে খুৰীয়েক এক প্ৰকাৰে দৌৰিয়েই ওলাই আহিল৷
“মনো, বোপা অ’, আহ আহ৷ লৰালৰিকৈ তই গাটো ধুই ল৷ তাৰ পাছতহে তোৰ লগত কথাবোৰ পাতিম৷“
এইবুলি কৈ কৈ খুৰীয়েকে তাক বাথৰূমটোলৈ আগবঢ়াই নিলে৷ ইতিমধ্যে বাথৰূমত তালৈ বুলি এখন চুৰিয়া, এটা দীঘল হাতৰ বগা ৰঙৰ গেঞ্জি, এখন গামোচা থোৱা হৈছিল৷ আন সকলো বস্তুৰ দৰে বাথৰূমটোও নতুন, চৌদ্ধ বছৰৰ আগৰ বাথৰূমটো এতিয়া নাই৷ মানুহহালৰ শৰীৰতো অলপ বয়সৰ আঁচোৰ পৰিছে৷ নপৰিবনো কেলৈ৷ ইমান বছৰে তাৰ দৰেই তেওঁলোকেও জানো কমখন মনোকষ্ট পাইছে৷
মানুহহালে পুতেক পুনীত আৰু তাৰ মাজত একো প্ৰভেদ ৰখা নাছিল৷ সৰুতে বাৰীৰ শাক-পাচলিত গোবৰ দিয়া, পানী দিয়া এইবোৰ কাম কৰি সিহঁত দুয়োৰে ব্যস্ততাৰ অন্ত নাছিল৷ আবেলি টাং গুটি, মাৰ্বল খেলা পৰ্ব একোটা সদায়ে থাকিছিল৷ সময়বোৰ গৈ আছিল গতানুগতিকতাৰে৷ ঠিক তেনেতে তাৰ আপদীয়া খংটোৱে আটাইৰে জীৱনলৈ ভয়ানক আন্ধাৰ নমাইছিল, অজানিতে৷ মুহূৰ্ততে সকলোৰে মনত মনোৰ প্ৰতি থকা ধাৰণা সলনি হৈ পৰিছিল৷ ভায়েক পুনীতো যেন তাৰ ব্যতিক্ৰম নাছিল৷ দেউতাক-মাক খুৰাক-খুৰীয়েকৰ বাদে আন সকলোৱে যেন তাৰ ওপৰত আস্থা হেৰুৱাইছিল৷ সি নিজেও যেন ক’ৰবাত দিশ হেৰুৱা মানুহৰ দৰে হৈ পৰিছিল৷ কিন্তু সময়ৰ লগে লগে সি নিজকে বিচাৰি উলিওৱাৰ সাহসখিনি গোটাব পাৰিছিল৷
বাথৰূমৰ পৰা ওলাই সি দেখিলে খুৰীয়েকে তালৈ ম’হৰ দৈৰে জলপান যোগাৰ কৰি খোৱা টেবুলত সজাইছে৷ টেবুলখনত থকা পানীৰ গিলাচটো হাতত তুলি লওঁতেই সম্মুখৰ বেৰত আঁৰি থোৱা পৰিয়ালৰ ফটোখনত তাৰ চকু পৰিল আৰু মুখৰ পৰা আপোনা-আপুনি ওলাই আহিল -
“পুনীতহঁত নাই নেকি খুৰী?“
“পুনীতে ছোৱালীজনীৰে সৈতে বোৱাৰীক মাকৰ
ঘৰলৈ লৈ গৈছে৷“-
দিওঁ-নিদিওঁকৈ খুৰীয়েকে উত্তৰটো দিলে৷
খুৰীয়েকে সাধাৰণভাৱে কোৱা অসাধাৰণ কথাষাৰে তাৰ মনৰ কোনোবা ঠাইত এটা গভীৰ সাঁচ বহুৱালে৷ তাৰমানে তাৰ প্ৰতি পুনীতৰ ধাৰণাৰ অলপো পৰিৱৰ্তন হোৱা নাই৷ অথচ আজি ইমান বছৰ পাৰ হ’ল৷ মনৰ কোনোবা খিনিত অলপ অস্থিৰতা আলোড়ন তুলিলে তাৰ৷ ঠিক চৌদ্ধ বছৰৰ আগতে কপালত ৰঙা সেন্দুৰৰ ফোঁটেৰে সৈতে চোতালখনৰ একোণত বহি পৰা মানুহগৰাকীক দূৰৈৰ পৰা দেখোঁতেও তাক তেনেদৰেই অস্থিৰতাই বেঢ়ি ধৰিছিল৷ মানুহগৰাকীয়ে দূৰৈৰ পৰাই তাক বাৰে বাৰে লক্ষ্য কৰিছিল, যদিও একো মন্তব্য কৰা নাছিল৷ বিভিন্ন প্ৰশ্নই আজিও তাক জুমুৰি দিয়ে -“হত্যাকাণ্ডটোক লৈ তেওঁৰ কোনো আক্ষেপ নাছিল নেকি নে তাৰ দৰে তেওঁ কেতিয়াও উগ্ৰ নাছিল ইত্যাদি ইত্যাদি...৷”
পুৱা সোনকালে উঠি সি খুৰাকক তাৰ মনৰ কথাটো ক’লে৷ অলপ সময়ৰ পাছত খুৰাকেও চিন্তাক্লিষ্ট মুখখনৰ সৈতে হাঁ বুলি উত্তৰ দিছিল৷ আবেলিলৈ খুৰাকৰ সৈতে সি নিৰ্দিষ্ট ঠাইখিনিলৈ বুলি বাট বুলিলে৷ বুকুখন কিমান ডাঠ কৰি বাইকত বহিছিল সি নিজেই অনুমান কৰিব পৰা নাছিল৷ এসময়ত সিহঁতৰ বাইকখন গৈ অযত্নপালিত এখন চোতালত ৰ’লগৈ৷ সম্মুখৰ একুঠলীয়া ঘৰটোৰ ভিতৰৰ পৰা ৰ’দেপোৰা শৰীৰৰ এগৰাকী তিৰোতা ওলাই আহিল৷ অপলক দৃষ্টিৰে মনোৰ চকুলৈ কিছু সময় চাই মানুহগৰাকীয়ে অন্য দিশে চালে৷ কোটৰত সোমাই পৰা চকুহালত তিলমানো বিস্ময় অথবা অস্থিৰতা ফুটি নুঠিল৷ কেইবাবাৰো চেষ্টাৰ অন্ততো মনোৰ মুখেৰে এষাৰো কথা ওলাই নাহিল৷ বহু সময়ৰ বাবে আটাইৰে মুখত নিস্তব্ধতাই বেঢ়ি ধৰি থাকিল৷ নিস্তেজ মুখখনত জিলিকি থকা উকা কপালখনেৰে চোতালখনত থিয় দি থকা মানুহগৰাকী পুনৰ এটা প্ৰশ্নবোধক চিন হৈ মনোৰ চিন্তাত বিচৰণ কৰিব ধৰিলে৷
ঠিকনা :
কম্পিউটাৰ বিজ্ঞান বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়-৭৮১০১৪
ভ্ৰাম্যভাষ : ৮৪৮৬৯৬৫৭৭৩
Email: queensarathi@gmail.com