দাদুল দেৱকৃষ্ণ বৰুৱা
* ১৩ *
সম্পূৰ্ণ তিনিমাহ বৰফৰ চাদৰে ঢাকি ৰখাৰ পাছত ক্র'ৱেছিয়াত প্রাণৰ স্পন্দন দেখা গৈছে। বৰফ ক্ৰমশঃ গলিবলৈ আৰম্ভ কৰিছে। গছৰ ডালে ডালে চৰাইৰ ব্যস্ততা। মেঘৰ আঁৰত সূর্যৰ উজ্জ্বল হাঁহি। এই সকলো মিলি জনাই দিছে— শীতকাল এতিয়া শেষ বেলাত আহি উপনীত হৈছে।
শীত বৰ নিঠুৰ! পাতৰ পোছাক আঁতৰাই নঙঠা কৰি তোলে গছবোৰ। বৰফৰ সুশীতল চাদৰে কফিন এটা মেৰিওৱাদি মেৰিয়াই ৰাখে প্ৰতিখন গাঁও, প্ৰতিখন চহৰ। শীতত যেন ওপঙি থাকে বিষাদঘন কবিতা এটা! শীতৰ জড়তা বেয়া পায় ষ্টেপানে। এইবাৰ অৱশ্যে তেওঁ মলেঁয়াৰ সতে ভালদৰেই কটাই দিলে গোটেইটো শীতকাল।
সন্ধিয়া নৌহওঁতেই ভিতৰৰ চিমনিটোত জুই জ্বলাই দিয়ে ষ্টেপানে। ৰঙা হৈ উঠা কয়লাৰ অঙঠাবোৰৰ উমেৰে উমাল হৈ পৰে কোঠাটো। তেওঁ হাতত তুলি লয় ৰামৰ এটা কাঢ়া পে'গ। চকী এখনত গাটো এৰি দি ভৰিদুটা তুলি লয় সমুখৰ আন এখন চকীত। মলেঁয়া কাষ চাপি আহে। তেওঁ এঢোক এঢোককৈ ৰামৰ পে'গটো শেষ কৰে মানে বহুপৰ পাৰ হয়। তেওঁৰ আধাপকা আপেল এটাৰ দৰে মুখমণ্ডল সম্পূৰ্ণ পকা আপেল এটাৰ দৰে হৌ উঠে। এয়া ৰামৰ 'কামাল'। তেওঁ ৰামৰ ঘোটবোৰ উপভোগ কৰাৰ দৰেই মলেঁয়াই ঠোঁটখন পাখিৰ মাজত গুজি উপভোগ কৰে জ্বলি থকা জুইৰ উত্তাপ।
ৰামৰ পে'গটো শেষ হোৱাৰ পাছত চকুহাল মুদি দিয়ে ষ্টেপানে। সোঁৱৰণিৰ সমদল পাৰ হৈ যায় তেওঁৰ ভাবনাৰ মাজেৰে। তেওঁ দেখে— বৰফৰ চামনিৰ ওপৰত দৌৰি ফুৰা ল'ৰা এহাল। তেওঁ শুনে— ল'ৰাহালৰ হাঁহিৰ শব্দ। লগতে শুনে এগৰাকী মানুহৰ সাৱধানবাণী— "বৰকৈ দৌৰা-দৌৰি নকৰিবা। পিছলি পৰিলে হাতে-ভৰিয়ে ভাগিব!"
ষ্টেপানে ভাবে— শীত মানেই কি স্মৃতি ৰোমন্থনৰ ঋতু! শীত মানেই কি সোঁৱৰণিৰ বিলাপ! আগেয়ে তেওঁৰ বাবে শীত এতিয়াৰ দৰে শীতল নাছিল; আছিল উমাল। শীতত গৰম কাপোৰ তেওঁ প্ৰতিবাৰেই কিনিছিল ল'ৰাহালৰ বাবে। মানুহজনীকো যোগাৰ দিছিল প্ৰয়োজনীয় সকলো। ঘৰখন শীতৰ জঠৰতাৰ মাজতো মৰমেৰে উমাল হৈ আছিল। হাতত ধোঁৱাই থকা চুপৰ বাটি একোটা লৈ ঘৰখনৰ চাৰিওটা প্ৰাণী বহিছিল জ্বলি থকা জুইৰ সমুখত। চুপৰ জুতি লৈ লৈ পাতিছিল ইটো সিটো ভাললগা কথা। গল্প-গুজবেৰে শীতৰ ৰাতিবোৰ হৈ উঠিছিল উপভোগ্য।
এতিয়া শীতত মলেঁয়াৰ বাদে কোনো নাই ষ্টেপানৰ কাষত। যদি মলেঁয়াও নাথাকিলহেঁতেন কাষত! তেতিয়া কি কৰিলেহেঁতেন তেওঁ? ল'ৰাহাল বিদেশলৈ যোৱা আৰু মানুহজনী একেবাৰে নোহোৱা হৈ যোৱাৰ পাছত তেওঁ শীতকালৰ ৰাতিবোৰত ইটোৰ পাছত সিটোকৈ কেৱল ৰামৰ পে'গ শেষ কৰিছিল। নিচাৰ ভৰত নৈশ আহাৰ নোখোৱাকৈয়ে বিছনাত পৰি থাকিছিল! কিন্তু এতিয়া তেওঁ তেনে কৰিব নোৱাৰে। তেওঁ তেনে কৰিলে মলেঁয়াক কোনে চাব?
শীতৰ ঋতুত আজিকালি ষ্টেপানে মলেঁয়াৰ কথা বৰকৈ ভাবে। যদি ডেউকাখন ঠিক হৈ থাকিলহেতেঁন তেতিয়া হয়তো মলেঁয়াই লগৰবোৰৰ সতে শীতকালছোৱা দক্ষিণ আফ্ৰিকাত কটালেহেঁতেন। আকৌ বসন্তৰ আগমনৰ লগে লগে উভতি আহিলহেঁতেন জন্মভূমি ক্ৰ'ৱেছিয়ালৈ। তেওঁ এইদৰেও ভাবে— কোনখন দেশ চৰাইৰ নিজা? শীতকাল কটোৱা দেশখন নে বসন্তৰ পৰা হেমন্তলৈকে কটোৱা দেশখন? অৱশ্যে মলেঁয়াৰ এখনেই দেশ— ক্ৰ'ৱেছিয়া।
ৰামৰ পে'গটো শেষ কৰি, কথাবোৰ পাগুলি পাগুলি কিছুবেলি নিৰৱে থাকি ষ্টেপান বহাৰ পৰা উঠিল। দিনতেই তৈয়াৰ কৰি থোৱা চুপখিনি গৰম কৰিবলৈ ষ্ট'ভটো জ্বলাই তুলি দিলে তেওঁ। মলেঁয়াৰ বাবে মাছ দুটা জীয়াই থোৱা আছে। শীতকালত মলেঁয়াৰ বাবে মাছ পোৱাটোও এক সমস্যা হৈ দেখা দিয়ে। মাছৰ বাবে ব্যৱসায়ীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। মাছৰ দামো চৰি যায়।
উতল অহা চুপখিনি বাটি এটাত বাকি ল'লে ষ্টেপানে। দুটুকুৰা ব্ৰে'ডো সেকিলে। প্লে'ট এখনত চুপৰ বাটিটো আৰু ব্ৰে'ড দুটুকুৰা তুলি লৈ তেওঁ পুনৰ ৰঙা অঙঠাৰে উমাল হৈ থকা চিমনিটোৰ কাষলৈ আহিল। বহা চকীখনতে প্লে'টখন থৈ এইবাৰ তেওঁ মলেঁয়াৰ নিৰ্দিষ্ট পাত্ৰটো আনি তাইৰ সমুখত থ'লেহি। তাই চকু মুদিয়েই আছে। জুইৰ উম লৈ আৰাম পাইছে তাই।
: এই উঠ! খাই ল। একেবাৰে শুবি।— মলেঁয়াৰ সমুখত মাছৰ পাত্ৰটো থৈ ষ্টেপানে ক'লে আৰু নিজেও চকীখনত বহি ব্ৰে'ড আৰু চুপত মনোনিৱেশ কৰিলে।
খাই উঠি মলেঁয়াক শীতকালত আৰামত থাকিব পৰাকৈ চিমনিৰ কাষতে ব্যৱস্থা কৰি দিয়া তাইৰ বিছনাখনত তুলি দিলে। তাই উমনিত বহাৰ দৰে বহি ল'লে। ষ্টেপানে গৰম কাপোৰৰ জাপ এটাৰে তাইৰ গাটো ঢাকি দিলে। কাপোৰৰ জাপৰ পৰা ঠোঁটখনেৰে সৈতে তাইৰ মূৰটো বাজ ওলাই থাকিল। ষ্টেপান নিজেও বিছনাত পৰিলগৈ। বাহিৰত তেতিয়া বৰফ গলিছে।
ৰাতিপুৱা বিছনা এৰাৰ পাছত যাৱতীয় কামখিনি কৰি আজৰি হৈ থাকিল ষ্টেপান। আজি মাৰ্ক' অহাৰ কথা। কালিও সি আহিছিল। কালি ষ্টেপান আৰু মাৰ্ক' মিলি সিদ্ধান্ত লৈছিল মলেঁয়াৰ বাবে বাহ এটা সজাৰ। খবৰটো মিষ্টাৰ ইগৰকো দিয়া হৈছে। ইগৰো অহাৰ কথা আছে আজি।
চাইকেলখন লৈ মাৰ্ক' ওলালহি। আহিয়েই সি মলেঁয়াৰ লগত ধেমালি কৰাত লাগিল। কিছুবেলিৰ পাছত মিষ্টাৰ ইগৰো ওলালহি। মিষ্টাৰ ইগৰ অহাৰ লগে লগে তিনিও চোতালতে চকী পাৰি বহিল। শীতৰ শেষৰ ৰ'দৰ উম লৈ তিনিও বহিল। আলচ কৰিলে— মলেঁয়াৰ বাবে বাহটো কোন ঠাইত সাজি দিলে সুচল হ'ব। মলেঁয়া কাষতে ৰৈ আছে। তাই যেন সকলো বুজিছে!
: এডাল স্থায়ী জখলাও লাগিব নহয়!— মিষ্টাৰ ইগৰে ক'লে।
: মই মিস্ত্ৰী লগাই কাঠৰ জখলা এডাল যোগাৰ কৰি ৰাখিছোঁৱেই। সেইডালেৰেই উঠি মলেঁয়াক ৰাতিপুৱা খুৱাই বুৱাই বাহত থৈ আহিম; আবেলি আকৌ নমাই আনিম।— ষ্টেপানে ক'লে।
: তাইৰ ওচৰলৈ বাৰু সঁচাকৈয়ে মতা চৰাই এটা আহিবনে!— মাৰ্ক'ই ক'লে।
: আহিবতো। চাই থাকাঁ, মোৰ কথা ফলিয়াবই।— মিষ্টাৰ ইগৰে ক'লে।
: কিন্তু ক'ৰপৰা আহিব?— মাৰ্ক'ই সোধে।
: আফ্ৰিকাৰ পৰা।— ষ্টেপানে ক'লে।
: আপুনি কেনেকৈ জানিলে?— পুনৰ মাৰ্ক'ৰ প্ৰশ্ন।
: হোৱাইট ষ্টৰ্কবোৰে ইউৰোপ আৰু আফ্ৰিকাৰ মাজত পৰিভ্ৰমণ কৰে। শীতকাল আফ্ৰিকাৰ টিউনিছিয়া, মৰক্কো, উগাণ্ডা, এংগ'লা, জিম্বাব'ৱে, জিবুটি, বটচ'ৱানা,মোজাম্বিক, জাম্বিয়া, স্বোৱাজিলেণ্ড, গামবিয়া, গোৱেনা, আলজেৰিয়া, ঘানা আদি দেশত কটায় আৰু বসন্ত কালত উভতি আহে। এছিয়া মহাদেশৰ ভাৰতলৈও কিছু সংখ্যক হোৱাইট ষ্টৰ্কৰ প্ৰব্ৰজন ঘটাৰ কথা জনা যায়।— ষ্টেপানে উত্তৰ দিলে।
: পক্ষী পৰিভ্ৰমণ এটা বৰ মজাৰ বিষয়।— মিষ্টাৰ ইগৰে মাত লগালে
: চৰাইবোৰচোন এনেয়েও ইঠাইৰ পৰা সিঠাইলৈ উৰি উৰি অহা-যোৱা কৰিয়েই থাকে। সিহঁতৰ ভ্ৰমণ হৈয়েই থাকেচোন।— মাৰ্ক'ই নিজৰ মনৰ কথা ক'লে।
: সেইটো হয় বাৰু। কিন্তু পক্ষী পৰিভ্ৰমণ এটা বিশাল বিষয়।— ষ্টেপানে মাত দিলে।
: অলপ চমুকৈ কওকচোন তেন্তে।— মাৰ্ক'ই ক'লে।
: পক্ষী পৰিভ্ৰমণ বুলিলে নির্দিষ্ট প্রজাতিৰ কিছুমান চৰায়ে প্রতি বছৰে বা কেইবা বছৰৰ অন্তৰে অন্তৰে একোটা নির্দিষ্ট ঋতুত বা সময়ত কমেও দুটা অঞ্চলৰ মাজত অহা-যোৱা কৰাটোকেই বুজায়। জীৱজন্তুৰ ক্ষেত্রত এই Migration-অৰ সঠিক পৰিভাষা হৈছে বাৎসৰিক পৰিভ্ৰমণ। যিবোৰ প্রজাতিৰ চৰায়ে পৰিভ্ৰমণত অংশ লয়, সেইবোৰেই পৰিভ্ৰমী পক্ষী। এনেবোৰ চৰায়ে প্রায় প্রতিবছৰ পৃথিৱীৰ কোনো এক বা একাধিক দেশ বা অঞ্চলৰ পৰা বিশ্বৰ অন্য কোন অঞ্চললৈ যায় কোনো এক বিশেষ ঋতুত। সেই ঋতু শেষ হ'লে সিহঁত পুনৰ যি ঠাইৰ পৰা আহিছিল, সেই ঠাইলৈ উভতি যায়। এই আহ-যাহ কেতিয়াও এবছৰতে সীমিত নাথাকে। এই ঘটনা ঘটি থাকে প্রতি বছৰে আৰু কম-বেছি পৰিমাণে একেই সময়তে। পৰিভ্ৰমী শব্দৰ ইংৰাজী প্ৰতিশব্দ Migratory শব্দটো লেটিন শব্দ Migratus-অৰ পৰা আহিছে। ইয়াৰ অর্থ হ'ল ‘পৰিৱর্তন’। এই মূল শব্দটোৱে প্ৰকাশ কৰে চৰাইবোৰে কিদৰে বিভিন্ন ঋতুত তাহাঁতৰ ভৌগোলিক অৱস্থান পৰিৱর্তন কৰে।— ষ্টেপানে দীঘলীয়াকৈ ক'লে।
: বেছ মজাৰ কাৰবাৰচোন।— মাৰ্ক'ৰ কৌতূহল বাঢ়ি গ'ল।
: এইবোৰ কথা আমি কামৰ মাজে মাজে পাতি থাকিলে কেনে হয়!— মিষ্টাৰ ইগৰে ক'লে।
: সেইটোৱেই উত্তম হ'ব।— ষ্টেপানে সন্মতি প্ৰকাশ কৰিলে।
তিনিও বহাৰ পৰা উঠিল।
মাৰ্ক'ই চাইকেলৰ কেৰিয়াৰত গছৰ ঠাল-ঠেঙুলি অলপ লৈ আহিছিল। ষ্টেপানেও অলপ ঘৰতে যোগাৰ কৰি ৰাখিছে। দুয়োখিনি মিলাই জোখৰ বাহ এটা হৈ যাব। ষ্টেপান আৰু মিষ্টাৰ ইগৰে ধৰি কাঠৰ জখলাডাল নিদিৰ্ষ্ট ঠাইত আনি ৰাখিলহি। বাহটো কেনে ধৰণৰ হ'ব তাৰ থুলমূল আভাস এটা ষ্টেপানে দিলে।
সাধাৰণতে হোৱাইট ষ্টৰ্কে জলাশয়ৰ কাষৰীয়া মুকলি কৃষিভূমি অঞ্চলত প্ৰজনন কৰে। ইহঁতে গছ, অট্টালিকা আদিত ডাঙৰ ঠাল-ঠেঙুলিৰে বাহ সাজে। বাহবোৰৰ গভীৰতা ১-২ মিটাৰ, ব্যাস ০.৮-১.৫ মিটাৰ আৰু ওজন ৬০-২৫০ কিলোগ্ৰাম হয়। ঘৰৰ ওপৰত ষ্টৰ্কে বাহ সজাটো ইউৰোপৰ বিভিন্ন দেশৰ মানুহে শুভ লক্ষণ হিচাপে মানি চলে। ইহঁতে বছৰৰ পাছত বছৰ একেটা বাহেই ব্যৱহাৰ কৰে। বিশেষকৈ মতা চৰাইবোৰ আগতীয়াকৈ আহি বাহ বাছি লয়।
জখলাৰে মাৰ্ক' ওপৰলৈ উঠি গ'ল। পিছে পিছে ষ্টেপান। ইতিমধ্যে তিনিও মিলি কেইবাটাও মুঠা কৰি ঠাল-ঠেঙুলিখিনি বান্ধি লৈছিল। এডাল ৰচীৰ সহায়ত এই মুঠাবোৰ ওপৰলৈ তোলাৰ ব্যৱস্থা কৰা হ'ল। মিষ্টাৰ ইগৰ তলত থাকি ৰচীডালত এবাৰত এমুঠিকৈ ঠাল-ঠেঙুলি বান্ধি দিয়ে; ষ্টেপান আৰু মাৰ্ক'ই ৰচীডাল ওপৰলৈ টানি সেইখিনি ওচৰলৈ নিয়ে। দুঘণ্টামানৰ ভিতৰতে বাহটো সাজু কৰি তুলিলে ষ্টেপান আৰু মাৰ্ক'ই।
: বাহটো বাৰু আৰামদায়ক হ'বনে!— মাৰ্ক'ই মনৰ ভাব প্ৰকাশ কৰিলে।
: হোৱাইট ষ্টৰ্কবোৰৰ বাহ এনেকুৱাই। সিহঁতৰ বাবে এয়াই আৰামদায়ক।— ষ্টেপানে ক'লে।
দুয়ো ওপৰৰ পৰা নামি আহিল। হাত-ভৰি ধুই দুয়ো আজৰি হ'ল আৰু চোতালত আগৰে পৰা থকা চকীত বহিলহি। ওচৰতে থকা মলেঁয়াৰ ফালে চাই মাৰ্ক'ই কৈ উঠিল—
: তোৰ বাবে বাহ সাজু কৰা হৈ গ'ল মলেঁয়া।
: ষ্টৰ্কবোৰ দুই-এদিনতে আহিবলৈ আৰম্ভ কৰিব। অহা দেখা পালেই মলেঁয়াক বাহটোত থৈ আহিব লাগিব। তেতিয়া তাইক দেখিলেহে বেলেগ ষ্টৰ্ক তাইৰ ওচৰলৈ আহিব।— মিষ্টাৰ ইগৰে ক'লে।
: মই ক'ৰবাত ষ্টৰ্ক দেখা পালেই জনাম আপোনাক। তেতিয়াহে মলেঁয়াও ওপৰত থৈ অহাটো ভাল হ'ব।— ষ্টেপানক উদ্দেশ্যি মাৰ্ক'ই ক'লে।
মাৰ্ক' আৰু মিষ্টাৰ ইগৰক বহাতে এৰি ষ্টেপান ভিতৰলৈ সোমাই গ'ল। কফি কৰিলে তেওঁ। কফি আৰু বিস্কুট আনি মিষ্টাৰ ইগৰ আৰু মাৰ্ক'ক দিয়াৰ লগতে নিজেও ল'লে। কফিত চুমুক দি মাৰ্ক'ৱে সুধিলে—
: কিমান চৰায়ে পৰিভ্ৰমণ কৰে?
: পৃথিৱীৰ প্রায় ১০ হাজাৰ প্রজাতিৰ চৰাইৰ ভিতৰত ১৮৫৫টা প্রজাতি, অর্থাৎ শতকৰা প্রায় ১৯ ভাগ চৰায়েই পৰিভ্ৰমী।— ষ্টেপানে উত্তৰ দিলে।
: চৰাইবোৰে যে প্ৰব্ৰজন কৰে সেয়া মানুহে কেনেকৈ জানিছিল?— মাৰ্ক'ই পুনৰ সোধে।
: পুৰণি কালত মানুহৰ বাবে চৰাইৰ প্ৰব্ৰজনৰ ধাৰণাটো কল্পনাতীত আছিল— মাত্ৰ দুশ গ্ৰাম ওজনৰ চৰাই এটাই কেনেকৈ ওখ পৰ্বত আৰু বিশাল সাগৰৰ ওপৰেৰে আন্তঃমহাদেশীয় ভ্ৰমণৰ কষ্ট সহি একেটা বাটেৰে অহা-যোৱা কৰিব পাৰে!— মিষ্টাৰ ইগৰে মাত লগালে।
: চৰাইৰ প্ৰব্ৰজনৰ বিষয়ে তিনি হাজাৰ বছৰ আগেয়ে প্ৰাচীন গ্ৰীক লেখকসকলে লিখিছিল। হোমাৰ, এৰিষ্ট'টলৰ দৰে পণ্ডিতৰ লেখাত এই বিষয়ে পোৱা যায়। এৰিষ্ট'টলে লিপিৱদ্ধ কৰিছিল যে ক্ৰে'নবোৰ চিথিয়াৰ ভৈয়ামৰ পৰা নীল নদীৰ উৎসৰ জলাশয়লৈ যাত্ৰা কৰিছিল। একেই পৰ্যবেক্ষণৰ কথা প্লিনি দ্য এলডাৰে তেওঁৰ Historia Naturalis-অত লিপিৱদ্ধ কৰিছিল। প্ৰাচীন কালত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত পৰম্পৰাগত ভূমি অন্বেষণ কৌশল প্ৰয়োগৰ বেলিকা মাইক্ৰ'নেছিয়ান আৰু পলিনেছিয়ানসকলে চৰাইৰ প্ৰব্ৰজনৰ ওপৰত নিৰ্ভৰ কৰিছিল। চাম'ৱান পৰম্পৰাত (Samoan tradition) টাগাল'ৱা (Tagaloa)-ই তেওঁৰ কন্যা চিনা (Sina)-ক পৃথিৱীলৈ চৰাই ৰূপে প্ৰেৰণ কৰিছিল বুলি লোককথা প্ৰচলিত হৈ আহিছিল। ফিনলেণ্ডত Johannes Leche-এ ১৭৪৯ চনৰে পৰা চৰাইৰ প্ৰব্ৰজনৰ বিষয়ে তথ্য গোটাইছিল। আজিকালি পক্ষী পৰিভ্ৰমণ সম্পৰ্কে জানিবলৈ বহুতো উপায় হ'ল। উপগ্ৰহৰ জৰিয়তে এনেবোৰ চৰাইৰ উৰণ আৰু অৱস্থিতি জানিব পৰা অৱস্থা পালেহি।— ষ্টেপানে ক'লে।
: হাজাৰ হাজাৰ মাইল উৰি আহোঁতে চৰাইবোৰ বাৰু কম ভাগৰুৱা হয়নে!— মাৰ্ক'ই নিজকে কোৱাৰ দৰে ক'লে।
: পৰিভ্ৰমণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগেয়ে চৰাইবোৰৰ খাদ্য গ্রহণৰ প্রৱণতা বাঢ়ি যায়। ফলত সিহঁতৰ শৰীৰত চর্বিৰ পৰিমাণ বৃদ্ধি পায়। এই চর্বিয়ে ভ্রমণৰ সময়ত প্রয়োজনীয় শক্তিৰ যোগান ধৰে। ভ্ৰমণত ওলোৱাৰ আগতে কিছুমান চৰাইৰ ওজন সপ্তাহতেই দুগুণ পৰ্যন্ত বাঢ়িব পাৰে!— ষ্টেপানে ক'লে।
: কিমান দিন উৰে এইজাতীয় চৰাইবোৰ?— মাৰ্ক'ৰ উৎসুকতা বাঢ়ি আহে।
: একোটা পৰিভ্ৰমণ কেইবা সপ্তাহৰ পৰা চাৰি মাহ পর্যন্ত হ'ব পাৰে। চৰাইৰ প্ৰজাতি অনুসৰি ভ্ৰমণৰ প্ৰক্ৰিয়াও সুকীয়া হয়। ছুইফট্, হাঁহজাতীয় পক্ষী কিম্বা বিভিন্ন জলজ পখীয়ে পুৱাৰ ভাগত পৰিভ্ৰমণ কৰে। আনহাতে যিবোৰ চৰায়ে গান গায়, তেনেবোৰ চৰাই ৰাতিৰ ভ্ৰমণত অভ্যস্ত। মূলতঃ চিকাৰীৰ কবলৰ পৰা বাচিবলৈ সিহঁতে এনে সময় পচন্দ কৰে। তদুপৰি এই সময়ত সূর্যৰ তাপমাত্রাও কম হৈ থাকে। চৰাইবোৰে পৰিভ্ৰমণৰ সময়ত তৰা, সূর্য, বতাহৰ গতিপথ, ভূমিৰূপ ব্যৱহাৰ কৰি নির্দিষ্ট স্থানলৈ গমন কৰে। পৃথিৱীৰ চৌম্বক ক্ষেত্রয়ো এই ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। আকাৰ আৰু স্বভাৱ অনুসৰি ইহঁতে দৈনিক প্রায় ১৫-৬০০ মাইল বা তাতোকৈও বেছি দূৰত্ব পৰিভ্ৰমণ কৰিব পাৰে। সাগৰ, মহাসাগৰৰ ওপৰেদি পৰিভ্ৰমণ কালত চৰাইবোৰে এবাৰত প্রায় ১০০ ঘণ্টা বা তাতোকৈ বেছি সময় বতাহত ভাহি থাকিব পাৰে।— ষ্টেপানে দীঘলীয়াকৈ ক'লে।
: পক্ষী প্ৰব্ৰজনৰ কিবা ভাগ আছে নেকি?— মাৰ্ক'ই আকৌ সুধিলে।
: আছে, আছে। চৰাইবোৰৰ মাজত সাধাৰণতে তিনি ধৰণৰ প্ৰব্ৰজন লক্ষ্য কৰা যায়। এই প্রকাৰকেইটা হ'ল— স্বল্প দৈর্ঘ্যৰ প্ৰব্ৰজন, মধ্যম দৈৰ্ঘ্যৰ প্ৰব্ৰজন আৰু দীৰ্ঘ দূৰত্বৰ প্ৰব্ৰজন। স্বল্প দৈৰ্ঘ্যৰ প্ৰব্ৰজন কৰা চৰাইবোৰ প্রধানত স্থায়ী। খাদ্যাভাৱে দেখা দিলে ইহঁতে নিজৰ স্বাভাৱিক বিচৰণক্ষেত্রৰ আশপাশৰ অন্য অঞ্চললৈ গমন কৰে। ইহঁতৰ প্ৰব্ৰজন অনিয়মিত। চাতক, পাপিয়া আদি স্বল্পদৈর্ঘ্যৰ পৰিভ্ৰমী পক্ষী। মধ্যম দৈর্ঘ্যৰ প্ৰব্ৰজন কৰা চৰাইবোৰৰ প্ৰব্ৰজন ক্ষেত্ৰ স্বল্পদৈর্ঘ্যৰ পৰিভ্ৰমী পক্ষীৰ তুলনাত অনেক বেছি হয়। আনহাতে দীৰ্ঘ দূৰত্বৰ প্ৰব্ৰজনকাৰী পক্ষীবোৰে এক বিশাল এলেকাজুৰি প্ৰব্ৰজন কৰে। এই ধৰণৰ চৰাইবোৰক এঠাইৰ পৰা অন্য এঠাইলৈ যাবৰ বাবে এক বা একাধিক সপ্তাহ লাগে। এইবোৰ চৰায়ে হাজাৰ হাজাৰ মাইল দূৰত্ব অতিক্ৰম কৰে।— ষ্টেপানে মাৰ্ক'ৰ কৌতূহল নিৰসনৰ চেষ্টা চলালে।
কথাৰ মাজতে কফি খাই আজৰি হৈছিল তিনিও। মাৰ্ক'ই কফিমাগটো থৈয়েই পুনৰ সুধিলে—
: অকল চৰায়েই প্ৰব্ৰজন কৰেনে?
: বেলেগ জীৱ-জন্তুৱেও কৰে। হাতীৰ দল একোটা যদি এবাৰ পৰিভ্ৰমণত ওলায়, একেৰাহে দহ বছৰ ধৰি গৈয়েই থাকে। দক্ষিণ আমেৰিকাৰ অৰণ্যত এক প্রকাৰৰ বান্দৰ আছে, যিবোৰে সেই অঞ্চলৰ ভিতৰতে এক সপ্তাহ এঠাইত কাটায়, পাছৰ সপ্তাহ আন এঠাইত কটায়।— এইবাৰ মিষ্টাৰ ইগৰে মাত লগালে।
: পক্ষী প্ৰব্ৰজনৰ বিষয়ে অলেখ কথা আছে। সেইবোৰৰ বিষয়ে আমি মাজে সময়ে আলোচনা কৰি থাকিব পাৰিম। নে কি কোৱা মিষ্টাৰ ইগৰ?— ষ্টেপানে মিষ্টাৰ ইগৰৰ ফালে চালে।
: নিশ্চয় পাতিম।— মিষ্টাৰ ইগৰে শলাগিলে।
বেলি মূৰৰ ওপৰ পাৰ হৈছিল। শেষ শীতৰ বিয়লি। সোনকালেই যাবগৈ বেলি। আৰম্ভ হ'ব শীত প্ৰৱাহ। সেয়ে মিষ্টাৰ ইগৰ আৰু মাৰ্ক' নিজ নিজ ঘৰলৈ ওলাল। দুয়োকে বিদায় দি ষ্টেপান আকৌ নিজৰ চকীখনত বহিল। তেওঁৰ ভৰিহালৰ মাজত মলেঁয়া সোমালহি। ষ্টেপানে মলেঁয়াৰ মূৰত হাত বুলাই দিলে। তাই ডিঙিটো বেঁকা কৰি ষ্টেপানৰ ভৰি এখনত থ'লে।
মলেঁয়াৰ মূৰত হাত বুলাই থাকিয়েই ষ্টেপানে ঘৰৰ ওপৰলৈ চালে। মলেঁয়াৰ বাবে সাজি উলিওৱা বাহটোত বিয়লি বেলিৰ পোহৰ পৰি জিলিকি উঠিছে। বাহটোলৈ চাই থাকি ষ্টেপানে ভাবিছে— সঁচাকৈয়ে বাৰু আফ্ৰিকাৰ পৰা আহিবনে উৰি মলেঁয়াৰ প্ৰণয়প্ৰাৰ্থী! সঁচাকৈয়ে বাৰু মলেঁয়াৰ এখন সংসাৰ হ'বনে!
মলেঁয়াৰ জীৱনলৈ কোনোবা আহিব। তাইৰ এখন সুখৰ সংসাৰ হ'ব। পো-পোৱালিৰে ঘৰ ভৰিব সিহঁতৰ। ভগা ডেউকাত কঁপনি উঠিব মলেঁয়াৰ। তাই সুখী হ'ব।— কথাবোৰ ভাবি ভাবি এক বুজাব নোৱৰা সুখ অনুভৱ কৰিলে ষ্টেপানে। অৱশ্যে মলেঁয়াৰ সুখেই এতিয়া তেওঁৰ সুখ। মলেঁয়াৰ বাবে যিদৰে তেওঁ অৱলম্বন, ঠিক তেনেদৰে মলেঁয়াও এতিয়া তেওঁৰ নিঃসংগতাৰ সংগী। নিৰাশাৰ আঁউসীত এটি হেঁপাহৰ জোনাকী। শীতে ঠেৰেঙা লগোৱা ৰাতি এটাৰ অন্তত এটা তেজাল পুৱাৰ ৰেঙনি।
(আগলৈ)