অন্যযুগ/


মলেঁয়া


দাদুল দেৱকৃষ্ণ বৰুৱা

(১০)


: ভালদৰে বহি ল।— মলেঁয়ালৈ চাই ষ্টেপানে ক'লে।

মলেঁয়া তাইৰ বাবে স্থায়ী হৈ পৰা গাড়ীৰ ছীটটোত থিয় দি ৰ'ল। তাইৰ চেহেৰাত ভাবৰ কোনো পৰিৱৰ্তন দেখা নগ'ল। গাড়ীত উঠি কৰ'বালৈ ওলালেই ষ্টেপানে সদায় এনেকৈ কয় মলেঁয়াক। তায়ো হয়তো বুজি পোৱা হৈ গৈছে গৰাকীৰ ভাব-ভাষা!

: খিৰিকিৰে ডিঙিটো বাহিৰলৈ নুলিয়াবি। অকল ঠোঁটখনৰ অলপহে উলিয়াব পাৰিবি।— মলেঁয়া বহা ছীটটোৰ কাষৰ খিৰিকিখনৰ আইনাখন ওপৰলৈ উঠাই দি এক-ডেৰ ইঞ্চিমান ফাঁক কৰি ষ্টেপানে পুনৰ ক'লে।

ষ্টেপানে ভালদৰেই জানে— তেওঁৰ কথাৰ মলেঁয়াই প্ৰত্যুত্তৰ দিব নোৱাৰে। কিন্তু তাই যেন বুজি পায় তেওঁ কোৱা কথাবোৰ! তাই যেন বুজি পায় তাইৰ প্ৰতি থকা তেওঁৰ মৰমবোৰ। তাই যেন বুজি পায় তেওঁৰ নিঃসংগতা! বুজি পায় তেওঁৰ বুকুৰ একোণত ৰিণি ৰিণি বাজি থকা একাকিত্বৰ সকৰুণ সংগীত! সেয়ে তেওঁ মলেঁয়াক ইটো সিটো কথা কৈ থাকে। ষ্টেপানে মলেঁয়াক কথা কৈ থকাৰ সময়ত কোনো এদিনীয়া মানুহ আহি ষ্টেপানৰ ঘৰৰ বাৰাণ্ডাত ৰৈ থাকিলে ভিতৰত ষ্টেপানে কোনো এজন মানুহক কথা কৈ থকা বুলিয়েই ভাবিব। মলেঁয়া যেন চৰাই নহয়; ষ্টেপানৰ আদৰৰ জীয়েকহে!

আজিও বৰশী বাবলৈ ওলাইছে ষ্টেপান। মলেঁয়াকো গাড়ীত বহাই লৈছে আৰু তাই যাতে সাৱধানে ছীটত থিয় হৈ যায় তাৰ বাবে সাৱধানবাণী শুনাইছে। আগতেও তেওঁ বৰশী বাবলৈ গ'লে মলেঁয়াক লগত লৈ যায়। তাই ষ্টেপানৰ কাষত থিয় দি ইফালে সিফালে চাই থাকে। কেতিয়াবা ষ্টেপানৰ কাষৰ পৰা অলপ আঁতৰি গৈ বননিত ভেকুলী আদি ধৰি খায়।

মাছ ধৰাটো কাৰোবাৰ পেছা, কাৰোবাৰ নিচা। যিসকলৰ বাবে মাছ ধৰাটো পেছা, তেওঁলোক মৎস্যজীৱী। তেওঁলোক গোটেই বছৰটো মাছ ধৰা আৰু বিক্ৰী কৰাত ব্যস্ত থাকে। কিছু লোকে বিশেষ বতৰত মাছ চিকাৰ কৰে। তেওঁলোক মাছ চিকাৰী। বৰশী তেওঁলোকৰ মাছ ধৰাৰ অন্যতম প্ৰধান আহিলা। বাৰিষা মুকলি জলভাগত আৰু আন সময়ত পুখুৰী বা খেতিপথাৰত বৰশীৰে চিকাৰত অংশগ্ৰহণ কৰে। অত্যাধুনিক এংগালাৰসকল সাধাৰণতে পানীত তিতিব নিবিচাৰে। ব্যক্তিগত গাড়ী, মটৰ চাইকেলেৰে মাছ ধৰিবলৈ আহে। ষ্টেপানে ভাবে— বৰশীৰে মাছ ধৰাটো এতিয়া তেওঁৰ বাবে নিচা হৈ থকা নাই। আনহাতে সেইটো তেওঁৰ পেছাও নহয়। তেন্তে কি? হয়তো দায়িত্ব!

গাড়ীখন উলিয়াবৰ বাবে গেটখন খুলিবলৈ বুলি আগবাঢ়ি যাওঁতেই ষ্টেপানে দেখিলে মিষ্টাৰ ইগৰ আহিছে তেওঁৰ ঘৰলৈ বুলি। আগতে আহিলে ষ্টেপানক ফোনকল এটা কৰিহে আহে তেওঁ। আজি কিন্তু কোনো খবৰ নিদিয়াকৈয়ে ওলালহি।

: ডাৱৰ নুঠাকৈয়ে বৰষুণ অহাৰ দৰে ওলালাহি যে!— ষ্টেপানে মিষ্টাৰ ইগৰক গে'টৰ মুখতে সুধিলে।

: সঁচা ক'বলৈ হ'লে তোমাৰ ঘৰলৈ অহা নাছিলোঁ, এনেয়ে বহি থকাতকৈ অলপ খোজকাঢ়ি ওলাই আহিছিলোঁ।— মিষ্টাৰ ইগৰে হাঁহি হাঁহি ক'লে।

: খোজকঢ়াটো ভাল ব্যায়াম।— হাঁহিলে ষ্টেপানে।

: পিছে তুমি কেনিবা যাবলৈ ওলাইছা নেকি? মই বেয়া সময়ত আহিলোঁ...!

: এফালে ওলাইছোঁ। মলেঁয়াও ওলাইছে। তুমিও ওলোৱাঁ আমাৰ লগত।

: কোনফালে?

: বৰশী বাবলৈ। মলেঁয়াৰ বাবে মাছৰ ষ্টক্ শেষ হ'ল ঘৰত। সিদিনা বনভোজৰ পৰা অহাৰ পাছত মাছ ধৰিবলৈ যোৱাই নাই যে।

: যাব পাৰি। বহু বছৰ বৰশী বোৱা নাই।

: ময়োতো পাহৰিছিলোঁৱেই বৰশী বোৱাৰ কায়দা-কিটিপবোৰ। মলেঁয়া আহিল বাবেহে আকৌ পুৰণি চখটো জী উঠিল।

: যাম বুলি কৈছোঁ হয়, মোৰ বাবে পিছে বৰশী ওলাবনে?

: গাড়ীত দুটা বৰশী সাজু কৰি থোৱা থাকেই মোৰ। ব'লা, গাড়ীত উঠোঁগৈ। মলেঁয়াৰ চাগে ৰৈ ৰৈ আমনি লাগিছে!

মিষ্টাৰ ইগৰ পিছৰ ছীটত বহিল। ড্ৰাইভিং ছীটৰ কাষৰ ছীটটোত থিয় দি থকা মলেঁয়ালৈ চাই তেওঁ হাঁহি হাঁহি সুধিলে—

: কি খবৰ ধুনীয়া ছোৱালী!

মলেঁয়া নিৰ্বিকাৰ। তাই যেন মিষ্টাৰ ইগৰৰ উপস্থিতিক গুৰুত্বই দিব বিচৰা নাই! মিষ্টাৰ ইগৰৰ ফালে আনকি তাই এবাৰ চোৱাও নাই।

: ৱাহ্... এইৰ আজি ভেমটো দেখা!— ষ্টেপানে ক'লে।

মিষ্টাৰ ইগৰে এইবাৰ তাইৰ ঠোঁটখনত ধৰি জোকাৰি দিলে। তেতিয়াহে যেন তাই তেওঁক দেখা পালে। ভাল ডেউকাখন কোবাই তাই মিষ্টাৰ ইগৰক সম্ভাষণ জনালে আৰু পুনৰ খিৰিকিৰে বাহিৰলৈ চালে। তাইৰ কাণ্ড দেখি ষ্টেপান আৰু মিষ্টাৰ ইগৰে হাঁহিলে।

গাড়ী আগবাঢ়িল। গন্তব্যস্থল ছাভা নৈ। আধা ঘণ্টাৰ বাট। লগত মিষ্টাৰ ইগৰ অহা বাবে ভালেই পালে ষ্টেপানে। এই আধা ঘণ্টা আৰু উভতি অহা আধা ঘণ্টা, মুঠ এঘণ্টা সময় তেওঁ দুই-এটা কথা পাতিব পাৰিব। তেওঁ কথা আৰম্ভ কৰিম বুলি ভাবোঁতেই মিষ্টাৰ ইগৰে আৰম্ভ কৰিলে—

: সৰুতে কম বৰশী বোৱা নাছিলোঁ। বৰশী বাই ঘৰলৈ উভতি আহোঁতে পলম হোৱা বাবে দেউতাৰ হাতত চেকনীৰ কোব খোৱাৰ কথাবোৰ যেন সৌ সিদিনাৰহে আছিল!

: বৰশী টোপোৱাৰ সমান উপভোগ্য সময় আন একো হ'ব নোৱাৰে যেন লাগে মোৰ।— ষ্টেপানে ক'লে।

: কেৱল বৰশী টোপোৱাই নহয়, মাছ ধৰা কাৰবাৰটোৱেই বৰ ভাল লগা। তুমি পাইছানে নাই নাজানো, ৰাতি মাছ ধৰাৰ কিন্তু এক সুকীয়া অনুভৱ আছে। ...ৰাতি যেতিয়া মাছ ধৰিবলৈ যোৱা হয়, গভীৰ ৰাতি যেতিয়া সকলো নিজান, সাৰ সুৰ কোনো শব্দ নাই, বতাহ বয় মৃদু-মন্দ গতিত, পানীত টুপটাপকে সৰে গছৰ পাত, মাছৰ সতে একান্তভাৱে চলে ধৰা-পলোৱাৰ খেলা; সকলো মিলি এক অপার্থিৱ অনুভূতি জাগে।— মিষ্টাৰ ইগৰে স্মৃতিকাতৰ হৈ কৈ উঠিল।

: মানুহ কিন্তু কম বুধিয়ক নহয় দেই! পানীৰ মাছ বামলৈ আনিবলৈ কি কিযে নকৰে!— ষ্টেপানে ক'লে।

: মাছ ধৰা কাৰবাৰটোৱেই বেছ পুৰণি।

: কিমান পুৰণি? মই নাজানো; কোৱাচোন।

: প্ৰায় ৪০,০০০ বছৰ আগতে পুৰাপাথৰ যুগত মাছ ধৰাৰ উৎপত্তি হোৱা বুলি ভবা হয়। টিয়ানয়ুৱান (Tianyuan man) মানৱৰ কংকাল পৰীক্ষা কৰি দেখা গৈছে যে পূব এছিয়াত তেওঁলোকে নিয়মিতভাৱে মিঠা পানীৰ মাছ ধৰি খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰিছিল। প্রত্নতত্ত্ববিদসকলে তেওঁলোকৰ প্রতিৱেদনত পৰিত্যক্ত মাছৰ হাড় আৰু গুহাত অংকিত চিত্রকর্ম নিৰীক্ষণ কৰি মত দিছে যে প্ৰাচীন মানৱৰ বাবে জীৱন ৰক্ষাৰ বাবে সাগৰীয় খাদ্য অতি গুৰুত্বপূৰ্ণ আছিল। সেই সময়ত বেছিভাগ মানুহেই চিকাৰকে ধৰি যাযাবৰী জীৱনশৈলীত অভ্যস্ত আছিল। কিন্তু স্থায়ীভাৱে বসতি কৰিবলৈ লোৱা লোকসকলে মাছ ধৰাক খাদ্যৰ মূল উৎস হিচাপে গ্ৰহণ কৰিছিল।— ষ্টেপানৰ আগ্ৰহ দেখি কৈ উঠিল মিষ্টাৰ ইগৰে।

: মানুহৰ বিৱৰ্তন আৰু বুদ্ধি সঁচাকৈয়ে মানিবলগীয়া।

: সেই সময়ত অৱশ্যে আজিৰ দৰে মাছৰ আকাল নাছিল। প্ৰাচীন নীল নদী মাছেৰে উভৈনদী আছিল। সতেজ আৰু শুকান মাছ অধিকাংশৰে খাদ্য আছিল। মিছৰীয়াসকলে মাছ ধৰাৰ সঁজুলি আৰু পদ্ধতিসমূহ সমাধিস্তম্ভত অংকন কৰাৰ লগতে পেপিৰাছৰ নথিপত্ৰত লিপিৱদ্ধ কৰিছিল। কিছুমান উপস্থাপনত মাছ ধৰাক অচল সময় পাৰ কৰাৰ মাধ্যম হিচাপে চিত্ৰিত কৰা হৈছে।

: তুমি কিন্তু বেছ জানা দেই মাছ ধৰাৰ ইতিহাস!— হাঁহি হাঁহি ক'লে ষ্টেপানে।

: পঢ়া-শুনা কৰোঁ বাবে দুই-এটা কথা জানো আৰু! ...প্ৰাচীন গ্ৰীচৰ সাহিত্য আৰু সংস্কৃতিত মাছ ধৰা দৃশ্য অতি কমেইহে উপস্থাপিত হৈছে। বৰঞ্চ মাছ ধৰা কাৰ্যই সামাজিক মৰ্যাদা কমায় বুলি কোৱা হয়। কৰিকাছৰ এপিয়ান নামৰ এজন গ্ৰীক লেখকে ১৭৭ চনৰ পৰা ১৮০ চনৰ ভিতৰত হালাইউলিকা বা হালিউটিকা নামৰ এখন কিতাপত সাগৰত মাছ ধৰাৰ বিষয়ে লিখিছিল। ই আছিল আৰম্ভণিৰ আধুনিক মাছ ধৰা সম্পৰ্কীয় লেখা। প্ৰাচীন ৰোমত মোজাইকৰ জৰিয়তে মাছ ধৰাৰ চিত্ৰণ কৰা হৈছে। গ্ৰীক-ৰোমান সাগৰীয় দেৱতা নেপচুনে হাতত ত্ৰিশূল হাতত লৈ মাছ চিকাৰ কৰিছিল। আনহাতে প্ৰাচীন পেৰুৰ মোচে জনগোষ্ঠীৰ মাছ ধৰা পদ্ধতিবোৰ মৃৎশিল্পৰ ওপৰত চিত্ৰিত কৰা হৈছিল।

: বৰশী কেতিয়া সাজিছিল তুমি জানা নেকি?

: জানো অকণমান। আচলতে বৰশী বা তেনে ধৰণৰ যন্ত্ৰ মানুহে হাজাৰ হাজাৰ বছৰ আগতেই নিৰ্মাণ কৰিছিল। ২২,৩৮০ৰ পৰা ২২,৭৭০ বছৰ আগৰ অকিনাৱা দ্বীপৰ ছাকিটাৰী গুহাত বিশ্বৰ আটাইতকৈ পুৰণি মাছ ধৰা বৰশীটো আৱিষ্কাৰ কৰা হৈছিল। এইটো আছিল সাগৰীয় শামুকৰ খোলাৰ পৰা তৈয়াৰ কৰা।

: ছাণ্টিয়াগ'ৰ বৰশীত যে মাৰ্লিন মাছটো লাগিছিল, সেই বৰশীটো বাৰু কিহৰ আছিল?— ষ্টেপানে ৰগৰ কৰাৰ উদ্দেশ্যে সুধিলে।

: কোন ছাণ্টিয়াগ'?— মিষ্টাৰ ইগৰে সোধে।

: আৰ্নেষ্ট হেমিংৱেৰ উপন্যাস The Old man and the Sea-ৰ নায়ক ছাণ্টিয়াগ'ৰ কথা কৈছোঁ।— হাঁহিলে ষ্টেপানে।

: মই নাজানো দেই।— ষ্টেপানে যে ৰগৰ কৰিবৰ বাবেই প্ৰশ্নটোৰ অৱতাৰণা কৰিছিল সেই কথা দেৰিকৈ বুজি পাই হাঁহিলে মিষ্টাৰ ইগৰে।

ছাণ্টিয়াগ'ৰ চৰিত্ৰটো ষ্টেপানৰ প্ৰিয়। A man can be destroyed but not be defeated বাক্যটো বাৰে বাৰে মনত পেলায় তেওঁ। তেওঁৰ মনতো ছাণ্টিয়াগ' এজন আছে। আছে আফ্ৰিকান সিংহৰ সপোন দেখা, বৃদ্ধত্বক জয় কৰি সমুদ্ৰ যাত্ৰাৰ বাবে সদা সাজু থকা সেই বিশ্বজনীন মনোবল। তেওঁৰ বাবে ছাণ্টিয়াগ' এটা চৰিত্ৰ নহয়; ছাণ্টিয়াগ' এক জীৱন।

ষ্টেপানে প্ৰায়েই ভাবে— সমস্যাৰ হাঙৰে ঘেৰি থকা সময় সমুদ্ৰত প্ৰত্যেকেই একো একোজন ছাণ্টিয়াগ'। প্ৰত্যেকেই ছাণ্টিয়াগ'ৰ দৰে নিঃসংগ। একাকী জীৱনত অভ্যস্ত! কেৱল কোনো কোনো মুহূৰ্তত ছাণ্টিয়াগ'ক সংগ দিয়া কিশোৰটিৰ দৰেই কোনো কোনোৱে সংগ দিয়ে। সেই সংগই সকলো নহয়; সেই সংগই জীৱন সম্পূৰ্ণ কৰি তোলাৰ বাবে সৰ্বশেষ নহয়। আচলতে অকলেই যুঁজিব লাগে ছাণ্টিয়াগ'ৰ দৰে। অকলেই ভুগিব লাগে ছাণ্টিয়াগ'ৰ দৰে। এই যুঁজত কেতিয়াবা কাৰোবাৰ সামান্য সহযোগিতা থাকে। সেয়া বাহিৰতহে। সমস্যাৰ ভিতৰটো মানুহৰ বুকুৰ ভিতৰখনৰ দৰেই; সকলোৰে প্ৰৱেশ তাত সম্ভৱ নহয়।

বৃদ্ধ ছাণ্টিয়াগ'ই অকলে মাছ ধৰিবলৈ সমুদ্ৰ যাত্ৰা কৰাৰ দৰে বহু ক্ষেত্ৰত মানুহে অকলেই যুঁজিব লাগে। চৌৰাশী দিন মাছ নোপোৱাকৈ থকাৰ পাছতো ছাণ্টিয়াগ'ই আশা নেহেৰুওৱাৰ দৰে মানুহে অহৰহ যুঁজি থাকিব লাগে সমস্যাৰ সতে। অৱশ্যে সেই যুঁজৰ মাজত আশা এটা ৰৈ থাকে। কাৰণ— যি যুঁজি যায়, সি জিকি যায়। এই যুঁজত কেতিয়াবা ছাণ্টিয়াগ'ক সংগ দিয়া কিশোৰটিৰ দৰেই কোনোৱে সংগ দিয়ে। কিন্তু কেতপৰলৈ? সকলোৰেতো সমস্যা থাকে নিজা নিজা। সেয়ে সকলো সময়তে আনৰ সহযোগিতা পাম বুলি জীৱন যুঁজত নামিব নোৱাৰি। ডেউকাত শকতি থকালৈকে নিজে উৰিব লাগে। বাহুত বল থকালৈকে নিজে সাঁতুৰিব লাগে।

ছাণ্টিয়াগ'ৰ নাৱৰ পালত অসংখ্য বস্তাৰ টাপলিৰ দৰেই মানৱ জীৱনটোও জোৰা টাপলি মৰা। ছাণ্টিয়াগ'ৰ ৰুগ্ন, ক্লিষ্ট চেহেৰাৰ দৰেই হয়গৈ এদিন বহুজনৰ যুঁজাৰু মন। ভাগৰ লাগে— যুঁজৰ ভাগৰ। ৰ'দে পোৰা দুগালত দেখা দিয়া স্পষ্ট বলিৰেখাৰে ছাণ্টিয়াগ' মানুহৰ জীৱনৰ দৰেই দীৰ্ণ দিনৰ প্ৰতীক। বৰশীৰ দাঁৰি ধৰি ধৰি ক্ষত-বিক্ষত হোৱা ছাণ্টিয়াগ'ৰ দুহাতৰ দৰেই দুখত হালি পৰা সময়। জীৰ্ণতাই গিলি পেলাব বিচৰা ছাণ্টিয়াগ'ৰ দুচকুত কিন্তু সমুদ্ৰৰ নীলা। এয়াই আশা। এয়াই অপৰাজেয় হৈ ৰোৱাৰ জলমল জেউতি।

পিতৃ-মাতৃৰ কথা আওকাণ কৰি ছাণ্টিয়াগ'ক সংগ দিয়া কিশোৰটিৰ দৰেই বহুতক জীৱন যুঁজত যুঁজিবলৈ সংগ দিয়ে কেতিয়াবা কোনোজনে। এই সংগই প্ৰমাণ কৰে যে, লোভৰ অন্তহীনতা আৰু মুনাফাই নিঃশেষ কৰিব পৰা নাই মানৱিক সম্পৰ্ক। যিজনে এই সম্পৰ্কৰ ছাঁত এপলকৰ বাবেও জিৰাবলৈ পায়, তেওঁ যুঁজিবলৈ শক্তি সঞ্চয় কৰিব পাৰে। সাহসী হোৱাৰ সুযোগ পায়। মানুহ সাহসী হ'বই লাগিব। ক'ব পাৰিব লাগিব— "পৰাজয় স্বীকাৰ নহয়, নিৰন্তৰ সংগ্রামেই জীৱন।" ক'ব লাগিব— Everyday is a new day, It is better to be lucky. But I would rather be exact. Then when luck comes you are ready.

: কি হ'ল তোমাৰ! একেবাৰে নিমাত হৈ গ'লা যে।— মিষ্টাৰ ইগৰে মাত লগালে।

ষ্টেপানৰ ভাবনাত যতি পৰিল। ছাণ্টিয়াগ' গুচি গ'ল তেওঁৰ কাষৰ পৰা! এই যে তেওঁ নিজকে কেতিয়াবা ছাণ্টিয়াগ'ৰ দৰে ভাবে, সেইটোৱেই তেওঁক জীয়াই থকাৰ প্ৰতি আগ্ৰহী কৰি তোলে। ছাণ্টিয়াগ'ক সহায় কৰা সেই কিশোৰটি হৈ মলেঁয়া যেন তেওঁৰ জীৱনলৈ আহিছে! তেওঁক জীৱন জীয়াবলৈ মলেঁয়াই যেন সদায় উদ্বুদ্ধ কৰি আহিছে। মলেঁয়া তেওঁৰ বাবে যেন জীয়াই থকাৰ জ্যোতিৰে জলমল এটা তেজাল পুৱা!

: ছাণ্টিয়াগ'ৰ কথা ভাবিছিলোঁ।— ষ্টেপানে লাহেকৈ ক'লে।

: তুমি, মই, আমি প্ৰত্যেকেই একো একোজন ছাণ্টিয়াগ' বুজিছা।— মিষ্টাৰ ইগৰে গহীনাই ক'লে।

মিলি গ'ল ষ্টেপান আৰু মিষ্টাৰ ইগৰৰ ভাবনা।

গাড়ী আহি ছাভা নৈৰ পাৰ পালেহি। আগেয়ে যি ঠাইত গাড়ী ৰখায়, সেই ঠাইতেই আজিও গাড়ীখন ৰখালে ষ্টেপানে। মিষ্টাৰ ইগৰ আৰু তেওঁ নামিল। কাষৰ দুৱাৰখন খুলি দিয়াৰ লগে লগে মলেঁয়াও বাহিৰ ওলাল। তাই ইফালে সিফালে চালে আৰু ভাল ডেউকাখনেৰে বতাহ কোবাই যেন যাত্ৰাকালৰ ভাগৰ মৰাৰ চেষ্টা কৰিলে। ষ্টেপানে ব্যস্ততাৰে গাড়ীৰ ডিকি খুলি বৰশী দুটাৰ লগতে বৰশী বোৱাৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ উলিয়ালে। মিষ্টাৰ ইগৰে তেওঁৰ লগত সহযোগ কৰিলে।

হাতত বৰশী আৰু যাৱতীয় বস্তুকেইপদ লৈ নৈৰ ফালে খোজকাঢ়ি আগবাঢ়িল ষ্টেপান আৰু মিষ্টাৰ ইগৰ। তেওঁলোকৰ কাষে কাষে আগবাঢ়িল মলেঁয়া। তাই নৈৰ পাৰলৈ আহিবলৈ পালে খুবেই ভাল পায়। নৈৰ পাৰে পাৰে দীঘল দীঘল ঠেংকেইটাৰে ৰাজকীয় ভংগিমাৰে ইফাল সিফাল কৰি থাকে তাই। ভেকুলী আদি পালে ধৰে আৰু ষ্টেপানৰ কাষ পোৱাইহি। ষ্টেপানে নেদেখালৈকে নাখায়। তাই যে চিকাৰ কৰিব পৰা হৈছে সেইটো দেখুৱাই হয়তো গৌৰৱ অনুভৱ কৰে!

ভাল ঠাই এটুকুৰা বিচাৰি ল'লে ষ্টেপান আৰু মিষ্টাৰ ইগৰে। ষ্টেপানে বৰশীত মাছৰ বাবে লোভনীয় টোপ সী বৰশীৰ সূতাডাল নিলগলৈ দলিয়াই দিলে। ষ্টেপান বননিত বহি বৰশীৰ পুঙালৈ চাই আছে। অৱশ্যে কেতিয়াবা ইফালে সিফালেও চায়। পানীৰ গতি দেখিলেই তেওঁ মাছৰ গতি ধৰিব পাৰে। হঠাৎ তেওঁ ক’লে— '‘বুজিছা ইগৰ, এইখন এখন খেল৷ বৰ ধৈৰ্য ধৰিব লাগিব। ধৈৰ্যৰ ফল মাছ। মাছবোৰক বৰশীৰ টোপ খাবলৈ প্ৰলোভিত কৰিব নোৱাৰি, কিন্তু মৰমেৰে আকৰ্ষণ কৰিব পাৰি। বৰশীত লগা ডাঙৰ মাছৰ লগত যুঁজিবলৈ গ’লে খেলত পৰাস্ত হোৱাটো খাটাং, নিয়মটো হ’ল— তাক পাৰলৈ আনিবলৈ লাহে লাহে আৰু সাৱধানে চেষ্টা কৰিব লাগিব। আৰু এটা কথা— মাছে শব্দ বেছি ভাল নাপায়। গতিকে যি কথা-বতৰা হয় সেয়া অতি চমু হোৱা বাঞ্ছনীয়। আৰু এটা কথা— যদি তুমি মাছ ধৰি ভালপোৱা, তেতিয়া মস্তিষ্ক নহয়, হৃদয়েৰে টোপ দিবা, মাছ অৱশ্যেই ধৰা পৰিব।"

মিষ্টাৰ ইগৰে একো নক'লে। মিচিকিয়া হাঁহি এটাৰে ষ্টেপানৰ কথাখিনিত সহমত পোষণ কৰিলে। তেওঁ ভাবিলে— মাছ একোটাই যদি নিজৰ মুখ বন্ধ ৰাখে, তেতিয়াচোন তাক প্ৰলোভিত কৰিবৰ বাবে পেলাই ৰখা টোপ এৰি গৈ নিশ্চিত বিপদৰ পৰা বাচি যাব! কিন্তু বাস্তৱত তেনে নহয়; লোভত পৰি মাছে বৰশীৰ টোপ গিলেই। সেয়েতো কোৱা হয়— 'লোভত মৰে বৰশীৰ মাছ।' মিষ্টাৰ ইগৰে ভাবিলে— লুভীয়া হ'লেও মাছৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে মানুহ। কাৰণ— নিজৰ জীৱন দি মাছে মানুহক পৰিতৃপ্ত কৰে।

সূৰ্য অস্তপথৰ যাত্ৰী। কোনো উত্তাপ নাই এতিয়া। মিষ্টাৰ ইগৰে ষ্টেপানৰ ফালে চালে— তেওঁ শান্ত হৈ আছে। ইগৰো নিজৰ ধৈৰ্য পৰীক্ষা কৰিবলৈ বহিল। হঠাৎ তেওঁৰ বৰশীৰ পুঙাটো লৰচৰ কৰি উঠিল। তেওঁ বুজিলে যে মাছে লোভনীয় টোপ গিলিছে। একোবত পুঙাটো পানীৰ তললৈ টানিলে। মিষ্টাৰ ইগৰ উত্তেজিত হৈ থিয় দিলে। ...এক উত্তেজনাপূৰ্ণ আৰু ৰোমাঞ্চকৰ খেল আৰম্ভ হৈছে— চিকাৰ আৰু চিকাৰীৰ খেল। তেওঁৰ মনত এটা ভয়— শেষত মাছটোৱে টোপ খাই গুচি যাব নে তেওঁৰ চিপত উঠি আহিব!

অৱশেষত মিষ্টাৰ ইগৰে চিপ মাৰিলে। ষ্টেপানে তেওঁৰ ফালে চালে। পানীৰ পৰা উঠি অহা বৰশীটোত লাগি থকা ৰূপালী মাছ এটা জঁপিয়াই আছে। ছটফটাইছে মাছটোৱে। মিষ্টাৰ ইগৰৰ মুখত হাঁহি। চিকাৰ ধৰাৰ হাঁহি। চিকাৰীৰ হাঁহি মানেই চিকাৰৰ ছটফটনি। বৰশীৰ পৰা এৰুৱাই মাছটো ওচৰতে থকা মলেঁয়ালৈ আগবঢ়াই দিলে মিষ্টাৰ ইগৰে। মলেঁয়াই সানন্দে গ্ৰহণ কৰিলে সেই উপহাৰ। ঠোঁটখনেৰে কচালি কচালি তাই মাছটো গিলি থ'লে।

ইতিমধ্যে ষ্টেপানৰ বৰশীত মাছ উঠিবলৈ আৰম্ভ কৰিছে। দুটামান মলেঁয়াক খাবলৈ দি এটা-দুটাকৈ কেইবাটাও মাছ লগত লৈ অহা প্লাষ্টিকৰ পাত্ৰটোত থকা পানীত এৰি জীয়ন দি থ'লে। সেইবোৰ মলেঁয়াৰ আহাৰ হ'ব। কেইবাটাও মাছ খাই পেট পূৰ কৰাৰ অন্তত মলেঁয়া ষ্টেপান আৰু মিষ্টাৰ ইগৰৰ ওচৰৰ পৰা কিছু দূৰলৈ আঁতৰি গ'ল। বননিত খোজকাঢ়ি যোৱা মলেঁয়া যেন ষ্টেপান আৰু মিষ্টাৰ ইগৰৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ লোকহে! তাই ডিঙি মেলি ইফালে সিফালে চাইছে। নৈৰ ওপৰেদি উৰি যোৱা চৰাইৰ জাকবোৰ দেখি ৰ লাগিছে। তাইৰো হয়তো উৰাৰ ইচ্ছা জাগিছে। কিন্তু উৰিব কিদৰে? ভগা ডেউকাত উৰণৰ কম্পন অনুভৱ কৰিব নোৱাৰে তাই— আজীৱন।

মিষ্টাৰ ইগৰেও ভালেকেইটা মাছ তুলিলে। এইবাৰ তেওঁৰ বৰশীত এটা নতুন মাছ উঠিল। মাছটো বিৰল প্ৰজাতিৰ। ছাভা নৈত এইবিধ মাছ নোহোৱাৰ দৰেই হৈছে। ষ্টেপানে ইমান দিনে বৰশী টোপাই মলেঁয়াক মাছ খুৱাই আহিছে যদিও মাছবিধ এবাৰো তেওঁৰ বৰশীত উঠা নাই। আজি ইগৰৰ বৰশীত উঠা দেখি ষ্টেপানে ক'লে— "তুমি ভাগ্যৱান! বিৰল মাছ এটা পাইছা।"

: কি মাছ এইটো? নাম জানা?— মিষ্টাৰ ইগৰে ষ্টেপানৰ কথা শুনি প্ৰশ্ন কৰিলে।

: টেলেচটেছ চৌফিয়া (Telestes souffia)।— ষ্টেপানে উত্তৰ দিলে।

: বিৰল বুলি ক'লা যে!

: আগতে বিৰল নাছিল। ছাভা নৈকে ধৰি মাছবিধৰ অন্য বিচৰণথলীত এতিয়া বিৰল হৈ পৰিছে। বিশেষকৈ নদীবান্ধ নিৰ্মাণ কৰাৰ পৰিণতিস্বৰূপে।

: কিমান ডাঙৰ হয়?

: প্ৰাপ্তবয়স্ক মাছ একোটা ২৫ ছেণ্টিমিটাৰলৈকে দীঘল হয়। ... তোমাৰ বৰশীত উঠাটোও প্ৰাপ্তবয়স্ক।

আন্ধাৰ হওঁ হওঁ।

মিষ্টাৰ ইগৰ আৰু ষ্টেপানে বৰশী সামৰিলে। অহাৰ দৰেই গাড়ীৰ ওচৰলৈ উভতিল দুয়ো। কাষে কাষে আহিল মলেঁয়া। গাড়ীত উঠিলহি তিনিও। ষ্টেপানে গাড়ী ষ্টাৰ্ট কৰিলে। তেনেতে আকাশেদি উৰি গ'ল এজাক হোৱাইট ষ্টৰ্ক— মলেঁয়াৰ সমগোত্ৰীয়।

: দেখিলিনে মলেঁয়া, কেনেকৈ উৰি গৈছে তোৰ বংশজ!— মিষ্টাৰ ইগৰে ৰগৰ কৰাৰ উদ্দেশ্যে মলেঁয়ালৈ চাই ক'লে।

মলেঁয়াৰ কিন্তু এইবোৰলৈ ভ্ৰূক্ষেপ নাই। গাড়ীৰ ছীটত থিয় হৈ তাই একান্তমনে ঠোঁটখনেৰে পাখি কটালিছে। পাখি কটালোতে ঠোঁটখনেৰে মিহিকৈ খট্ খট্ শব্দ হৈছে। ষ্টেপানৰ ঘৰত যেতিয়া মলেঁয়াই এনেদৰে পাখি কটালি থাকে, খট্ খট্ শব্দই যেতিয়া তেওঁৰ ঘৰৰ নিৰ্জনতা ভাঙে, তেতিয়া মলেঁয়াক তেওঁৰ অকলে খেলি থকা সৰু ছোৱালী এজনীৰ দৰে লাগে। বুকুখন ভৰি উঠে তেওঁৰ। অৱশ্যে সমানেই মনত পৰে তেতিয়া বিদেশত থকা দুই পুত্ৰলৈ।

: এইযে চৰাইবোৰ হাজাৰ হাজাৰ মাইল উৰি অহা-যোৱা কৰে, কথাখিনি ভাবিলে বাৰু আচৰিত নালাগেনে ষ্টেপান!— মিষ্টাৰ ইগৰে উৰি যোৱা হোৱাইট ষ্টৰ্কৰ জাকটোৰ কথা মনত পেলাই ক'লে।

: আমি মানুহবোৰেহে ভাবোঁ জীৱন জীয়াবলৈ ঢেৰ কষ্ট কৰোঁ বুলি। ভাবি চোৱাঁচোন এবাৰ, খাদ্যৰ সন্ধানত আৰু ভৱিষ্যতৰ প্ৰজন্ম আগুৱাই নিয়াৰ স্বাৰ্থত চৰাই কিছুমানে কিমান দীঘলীয়া ভ্ৰমণ কৰিব লাগে।— মিষ্টাৰ ইগৰৰ কথাৰ উত্তৰ হিচাপে ষ্টেপানে ক'লে।

বহু চৰাই উষ্ণ জলবায়ু, খাদ্য আৰু অনুকূল প্ৰজনন স্থানৰ সন্ধানত মানুহে ভাবিব নোৱৰাকৈ অসাধাৰণভাৱে বহু দূৰলৈ উৰি যায়, যিটো ঋতুভিত্তিক পৰিঘটনাক প্ৰব্ৰজন বুলি জনা যায়। কিন্তু আদিম পণ্ডিতসকলৰ বাবে এনে ধাৰণা কল্পনাতীত আছিল— মাত্ৰ দুশ গ্ৰাম ওজনৰ চৰাই এটাই কেনেকৈ উচ্চ পৰ্বত আৰু বিশাল সাগৰৰ ওপৰেৰে আন্তঃমহাদেশীয় ভ্ৰমণৰ কষ্টৰ পৰা ৰক্ষা পৰিব পাৰে, দূৰৈৰ ভূমিলৈ যাব পাৰে, য’ত কোনো ধৰণৰ আপাত যাতায়াতৰ উপায় নাই, আৰু তাৰ পিছত একেটা বাটেৰে পুনৰ উভতি আহিব পাৰে! তথাপি পণ্ডিতসকলে ঋতু সলনি হোৱাৰ লগে লগে কিয় কিছুমান প্ৰজাতিৰ চৰাইৰ আবিৰ্ভাৱ ঘটে আৰু কিছুমান চৰাই নোহোৱা হৈ যায় সেই কথা বুজাবলৈ যথেষ্ট কষ্ট কৰিছিল।

: চৰাইৰ প্ৰব্ৰজন সম্পৰ্কে পুৰণি কালত বৰ মজাৰ কথা কিছুমান প্ৰচলিত হৈ আছিল।— ষ্টেপানে ক'লে।

: কেনে ধৰণৰ মজাৰ কথা?— উৎসুক হৈ উঠে মিষ্টাৰ ইগৰ।

: গ্ৰীক লেখক হোমাৰে বিশ্বাস কৰিছিল যে শীতকালত ক্ৰে'নবোৰ আফ্ৰিকাৰ পিগমিৰ বিৰুদ্ধে যুঁজিবলৈ দক্ষিণলৈ উৰি যায়, যিটো উপকথা ৰোমান প্ৰকৃতিবিদ প্লিনি দ্য এলডাৰেও পুনৰাবৃত্তি কৰিছে। প্লিনিৰ মতে এই পিগমিসকলে ছাগলী আৰু ভেড়াৰ ওপৰত উঠি কাঁড়েৰে ক্ৰেনৰ সৈতে যুঁজিছিল। এই মিথবোৰ যুগ যুগ ধৰি জীয়াই ৰখা হৈছিল। ছুইডেনৰ আৰ্চবিশ্বপ অলাউছ মেগনাছৰ ১৬ শতিকাৰ History and Nature of the Northern Peoplesত কোৱা হৈছে যে পতনৰ সময়ত চৰাইবোৰ বিপুল সংখ্যক গোট খায় আৰু বোকা তথা পানীত ডুব যায়। আনকি এৰিষ্ট'টলে ইমান দূৰলৈকে গৈছিল যে ঋতু সলনি হোৱাৰ লগে লগে কিছুমান চৰাইৰ অলৌকিক ৰূপান্তৰ ঘটিছিল বুলি বিশ্বাস কৰিছিল। তেওঁ ঘোষণা কৰিছিল যে গ্ৰীষ্মকালত সাধাৰণতে দেখা পোৱা ইউৰোপীয় ৰে'ডষ্টাৰ্ট বতৰ ঠাণ্ডা হ’লে ইউৰোপীয় ৰবিনলৈ ৰূপান্তৰিত হয়। বাস্তৱত ৰে'ডষ্টাৰ্টবোৰ শীতকালৰ বাবে দক্ষিণলৈ আফ্ৰিকালৈ উৰি যায়, আনহাতে বহু দূৰ উত্তৰ দিশত প্ৰজনন কৰা ৰবিন শীতকালত গ্ৰীচলৈ আহে।

: সঁচাকৈয়ে মজাৰ কথাচোন।— ৰস পালে মিষ্টাৰ ইগৰে।

: পক্ষী প্ৰব্ৰজনৰ প্ৰথম নিৰ্ণায়ক প্ৰমাণৰ ভিতৰত এটা আহিছিল জাৰ্মানীৰ পৰা। সেইটোও মলেঁয়াৰ পূৰ্বপুৰুষৰ বাবেহে পোহৰলৈ আহিছিল।— ষ্টেপানে ক'লে।

: কেনেকৈ?

: ১৮২২ চনত জাৰ্মানীৰ মেকলেনবাৰ্গ-ভৰ্প’মাৰ্ন ষ্টেটৰ ক্লুট্জ গাঁৱৰ ওচৰত এটা ভয়ংকৰভাৱে আঘাতপ্ৰাপ্ত বগা ষ্টৰ্ক পোৱা গৈছিল। ৩০ ইঞ্চি দীঘল কাঁড়েৰে বিন্ধিছিল ষ্টৰ্কটোৰ ডিঙি। অস্ত্ৰপাত পৰীক্ষা কৰাত দেখা গ’ল যে এই কাঁড়পাত মধ্য আফ্ৰিকাৰ চিকাৰীয়ে ব্যৱহাৰ কৰা তীৰৰ সৈতে একে, যাৰ পৰা প্ৰমাণ পোৱা যায় যে ষ্টৰ্কবোৰে আফ্ৰিকালৈকে প্ৰব্ৰজন কৰে।

: চৰাইৰ প্ৰব্ৰজন সম্পৰ্কে মানুহে জনাৰ ক্ষেত্ৰত তাৰ মানে মলেঁয়াৰ পূৰ্বপুৰুষৰ গুৰুত্ব কম নহয়!

: নিশ্চয়কৈ। ...কাঁড়পাত অক্ষত অৱস্থাত টেক্সিডাৰ্মী কৰা হৈছিল। এতিয়া জাৰ্মানীৰ ৰষ্টক বিশ্ববিদ্যালয়ৰ জুল'জিকেল সংগ্ৰহালয়ত প্ৰদৰ্শিত হৈ আছে। এইযে কাঁড়েৰে সী থোৱা হোৱাইট ষ্টৰ্কটো পোৱা গ'ল, এই জীৱটোৱে কিন্তু এটা নতুন শব্দৰো জন্ম দিলে।— ষ্টেপানে ক'লে।

: নতুন শব্দ! কোনটো শব্দ?— জানিবৰ বাবে আগ্ৰহী হৈ উঠিল মিষ্টাৰ ইগৰ।

: জাৰ্মান শব্দ Pfeilstorch, যিটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে arrow stork। এতিয়ালৈকে ২৫টাতকৈ অধিক pfeilstorch পোৱা গৈছে, যিবোৰৰ দেহত আফ্ৰিকান কাঁড় সোমাই আছে।

: সঁচাকৈয়ে আজব এই পৃথিৱী। ...গম পালিনে মলেঁয়া, তোৰ আদিপুৰুষৰ বাবেই বিজ্ঞানীয়ে কিমান গুৰুত্বপূৰ্ণ বিষয় এটা আৱিষ্কাৰ কৰিব পাৰিছিল!— ষ্টেপানৰ মুখত পক্ষী প্ৰব্ৰজনৰ বিষয়ে দুই-এটা কথা জনাৰ পিছত মিষ্টাৰ ইগৰে মলেঁয়াৰ ফালে চাই ক'লে।

মলেঁয়া তেতিয়া গাড়ীৰ খিৰিকিৰে বাহিৰৰ সান্ধ্য সৌন্দৰ্য চোৱাত ব্যস্ত। অৱশ্যে তাইৰ বাবে এই পৰিৱেশ নতুন নহয়। ষ্টেপানৰ লগত বৰশী বাই এনে বহু সন্ধিয়া তাই গাড়ীত ঘৰলৈ উভতি অহা অভিজ্ঞতাৰে পৰিপুষ্ট।

গাড়ী আগবাঢ়িল সন্ধিয়াটোৰ বুকুৰে।          

এটা সন্ধিয়া আৰু এখন গাড়ী।

দুজন সমবয়সীয়া বৃদ্ধ আৰু কিছু কথা-বতৰা।

বৰশীত উঠা কেইটামান জীয়া মাছ আৰু এজনী ডেউকা ভগা চৰাইৰ সান্ধ্য ভ্ৰমণ!

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ