ডঃ প্ৰিয় দেৱ
গোস্ৱামী
পৃথিৱীত অতি
উল্লেখযোগ্য অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিক বিভিন্ন ধৰণৰ পুৰস্কাৰ, সন্মান আদি
দিয়া হয়। পুৰস্কাৰৰ ক্ষেত্ৰত নোবেল বঁটা সকলোতকৈ ওখ খাপৰ।অতি সন্মান জনক।এই বঁটা
বিজ্ঞান, সাহিত্য, অৰ্থনীতি, শান্তিৰ বাবে প্ৰত্যেক বছৰে দিয়া হয়। চুইডেনৰ
বিজ্ঞান অকাডেমিয়ে এই বঁটা প্ৰাপকৰ নাম ঘোষণা কৰে। কিন্তু এইখন পৃথিৱীত দেশ একোখনৰ
সৰ্ব্বোচ সন্মানক ভ্ৰূক্ষেপ নকৰা ব্যক্তিও আছে। অৰ্থাৎ প্ৰজ্ঞাহে
সৰ্বশ্ৰেষ্ঠ। বিজ্ঞানৰ ক্ষেত্ৰত পৰ্দাথবিদ্যাৰ নোবেল বঁটা অতি উল্লেখনীয়। যিসকল
ব্যক্তিক এই বঁটা দিয়া হয় তেওঁলোকৰ উদ্ভাৱনে মানৱ জাতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলোৱা
দেখা যায়। এনে আবিষ্কাৰে পৃথিৱীৰ ইতিহাস সলনি কৰি আহিছে। পৰ্দাথবিদ্যাৰ ২০২৪ চনৰ
বঁটাৰ বিষয়ও অতি উল্লেখযোগ্য তথা ইয়াৰ প্ৰভাৱ অতি সুদুৰ প্ৰসাৰী হ’ব। John
J. Hopfield আৰু Geoffrey E. Hinton-অক ২০২৪ চনৰ পদাৰ্থ
বিদ্যাৰ নোবেল বঁটা দিয়া হৈছিল তেওঁলোকে আৱিষ্কাৰ কৰা মেচিন লাৰ্নিং আৰু কৃত্ৰিম
নিউৰেল জালিকাৰ বিষয়ৰ প্ৰযুক্তিৰ বাবে। তেওঁলোকৰ অৱদানৰ মূল ক্ষেত্ৰখন হৈছে
কম্পিউটাৰ বিজ্ঞানৰ কৃত্ৰিম বুদ্ধিমত্তা। কিন্তু তেওঁলোকৰ অধ্যয়ন পদাৰ্থবিদ্যা,
জীৱ
বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান আৰু গণিত আদি সকলো বিষয় সামৰি লোৱা এক বৃহৎ
ক্ষেত্ৰ।
অনেকজনৰ
অৱদানেৰে কম্পিউটাৰ বিজ্ঞান বিষয়টো গঢ়ি উঠিছে। এইসকলৰ
ভিতৰত জৰ্জ বুল, চাৰ্লছ বেবে’জ, এলেন
টুৰিং, জন-ভন-নিউমেন আদিৰ নাম উল্লেখযোগ্য। কম্পিউটাৰ বিজ্ঞানৰ আৰম্ভণিৰ লগে
লগে যন্ত্ৰই নিজাকৈ চিন্তা কৰি সিদ্ধান্ত ল’ব পাৰিব নেকি এই
বিষয়লৈও অনেক চিন্তা-চৰ্চা হৈছিল। লগতে মানুহৰ মগজুৱে কেনে ধৰণে কাৰ্য সম্পন্ন কৰে
এই বিষয়ও অধ্যয়ন কৰা হৈছিল। প্ৰাৰম্ভিক অৱস্থাত কম্পিউটাৰ নিৰ্মাণ হৈছিল সামৰিক
বাহিনী আৰু বিজ্ঞানীসকলৰ ব্যৱহাৰৰ বাবে। ১৯৮০ দশকৰ পাছত ইয়াক সকলো ক্ষেত্ৰতে
ব্যৱহাৰৰ উপযোগীকৈ নিৰ্মাণৰ প্ৰয়াস চলিছিল।
কৃত্ৰিম
নিউৰেল জালিকাৰ বিষয়ে অধ্যয়নৰ আৰম্ভণি হৈছিল ১৯৪০ দশকত। এই ক্ষেত্ৰত প্ৰথম গৱেষণা
পত্ৰ প্ৰকাশ কৰিছিল McCullock আৰু Walter
Pitts য়ে। McCulloch আছিল এজন স্নায়ু বিজ্ঞানী আৰু Walter
Pitts আছিল এজন তাৰ্কিক গণিতজ্ঞ। ১৯৪৩ চনত তেওঁলোকে মগজুৰ নিউৰনবোৰে কেনেকৈ
কাৰ্য কৰে এই সৰ্ম্পকে এক আৰ্হি প্ৰস্তুত কৰিছিল। এই গৱেষণা কৃত্ৰিম বুদ্ধিমত্তা
সৃষ্টিৰ দিশত প্ৰাৰম্ভিক প্ৰচেষ্টাৰ অংশ আছিল। জৈবিক আৰু কৃত্ৰিম নিউৰেল
জালিকা বিষয়ৰ এই গবষণাৰ ওপৰত ভিত্তি কৰি পাছৰ গবেষণাসমূহ আগ বাঢ়িছিল। এনে ধৰণৰ
অধ্যয়নৰ ফলত দুটা বিষয়ৰ বিকাশ ঘটিছিল। তাৰে এটা হল Cybernatics আৰু
আনটো হল কৃত্ৰিম বুদ্ধিমত্তা। চাইবাৰনেটিক্স হল প্ৰাণী আৰু যন্ত্ৰৰ মাজৰ যোগাযোগ
আৰু নিয়ন্ত্ৰণৰ বিজ্ঞান। Norbert Wiener (1894-1964)-ক
চাইবাৰনেটিক্সৰ আদি ব্যক্তি বুলি জনা যায়। আনহাতে কৃত্ৰিম বুদ্ধিমত্তা হ’ল
মানুহৰ বুদ্ধিমত্তা শক্তি যন্ত্ৰত অৰ্থাত কম্পিউটাৰত সৃষ্টি কৰি বিভিন্ন কামত
ব্যবহাৰ কৰা। এই কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়টো আৰম্ভণিৰ এজন পুৰোধা ব্যক্তি হ’ল
এলেন মেথিচন টুৰিং। যদিও সেই সময়ত কৃত্ৰিম বুদ্ধিমত্তা বিষয়টো বা শব্দটোৱেই বিকাশ
ঘটা নাছিল, কিন্তু টুৰিঙৰ এই বিষয়ত অৰিহণা আছিল সৰ্বপ্ৰথম
আৰু অত্যন্ত মৌলিক। টুৰিঙে এই বিষয়টোৰ দাৰ্শনিক ভেটি নিৰ্মাণ কৰি থৈ গৈছে। এইজন
গণিতজ্ঞৰ চমু জীৱনকাল অতি মনোগ্ৰাহী, লগতে ইউৰোপত দ্বিতীয় বিশ্ব যুদ্ধ অন্ত
পেলোৱাৰ দিশত তেওঁৰ যথেষ্ট অৱদান আছে। পৃথিবীলৈ পৰিৱৰ্তনৰ জোৱাৰ কঢ়িয়াই অনা মৌলিক
চিন্তাৰ অধিকাৰী এইজনা গণিতজ্ঞৰ জীৱনৰ বিষয়ে প্ৰথমে আমি এভুমুকি মাৰি চাই লওঁ।
এলেন মেথিচন
টুৰিঙৰ দেউতাক জুলিয়াছ মেথিচন টুৰিঙে অক্সফ'ৰ্ড
বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উপাধি লাভ কৰাৰ পাছত ভাৰতৰ অসামৰিক সেৱাৰ চাকৰিত যোগদান
কৰে। এলেনৰ মাক Ethel Stoney বৃটিছ শাসিত ভাৰতৰ ৰে'ল
বিভাগত নিযুক্ত বিষয়া Edward Stoney-ৰ জীয়ৰী। Julius আৰু Ethel-অৰ
দ্বিতীয় সন্তান এলেনৰ জন্ম হৈছিল ১৯১২ চনৰ ২৩ জুনত, লণ্ডনত।ভাৰতৰ
অসামৰিক সেৱাৰ বিষয়া হিচাপে টুৰিঙৰ পৰিয়ালে লাহ-বিলাহত জীৱন নিৰ্বাহ কৰিছিল। এলেনৰ
বয়স মাত্ৰ ১৫ মাহ হওঁতেই সামৰিক বাহিনীৰ পৰা অৱসৰ লোৱা এটি দম্পত্তিৰ তত্ত্বাৱধানত
এলেনক ৰাখি মাক ভাৰতলৈ গুচি আহিছিল। কিন্তু Julius টুৰিঙে
১৯২৬ চনত ভাৰতৰ অসামৰিক সেৱাৰ পৰা চাকৰি ইস্তফা দি পুনৰ ইংলেণ্ডলৈ প্ৰত্যাৱৰ্তন
কৰে। ঠিক সেই বছৰতে এলেনে ইংলেণ্ডৰ এথন পুৰণি আৱাসিক বিদ্যালয়ত (Sherborne)
নাম ভৰ্তি কৰে। বিদ্যালয়ত অধ্যয়ণ কৰি থকাৰ সময়ত এলেনে গণিত আৰু বিজ্ঞান বিষয়ত
যথেষ্ট ভাল ফলাফল দেখুৱাইছিল, যদিও আন বিষয়সমূহত তেওঁৰ পাৰদৰ্শিতা
সন্তোষজনক নাছিল। বিদ্যালয়ত থকা সময়তে এলেনৰ তেওঁতকৈ এবছৰ ডাঙৰ Christropher
Morcom-অৰ লগত এক বন্ধুত্ব গঢ় লৈ উঠিছিল। দুয়োৰে চৰ্চাৰ আগ্ৰহৰ বিষয় আছিল
গণিত। দুয়োৰে কল্পনা আছিল যে ইংলেণ্ডৰ গণিত চৰ্চাৰ অন্যতম শিক্ষানুষ্ঠা কেম্ব্ৰীজৰ
ট্ৰিনিটি কলেজত তেঁওলোক দুয়ো অধ্যয়ন কৰিব, যিখন কলেজত আইজাক নিউটন, বাৰ্ট্ৰাণ্ড
ৰাছেলে অধ্যাপনা কৰিছিল। দুয়োজনে ১৯২৯ চনত বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ
হয়। Christropher নিৰ্বাচিত হল, কিন্তু এলেন
উত্তিৰ্ণ নহ'ল। কিন্তু ১৯৩০ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত এলেনৰ
বন্ধু Christropher যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃ্ত্যু মুখত
পৰে। বন্ধু Christropher-অৰ মৃত্যুৱে এলেনক চিৰদিনৰ বাবে
নিঃসঙ্গ কৰি তুলিলে। নিৰাশ নহৈ এলেনে মন বান্ধিলে যে তেঁও দুয়োৰে বাবে সঁচাকৈ কিবা
এটা কৰিব। ১৯৩১ চনত এলেনে কেমব্ৰীজৰ King’s কলেজত প্ৰৱেশ
পৰীক্ষা দি উত্তীৰ্ণ হল। King’s কলেজৰ পৰিৱেশ তেওঁৰ ভাল লাগিছিল। ইয়াত
তেওঁ গণিত চৰ্চা কৰি আনন্দ পাইছিল। বিদ্যালয়ত সকলো বিষয়ত উতকৰ্ষৰ বাবে দিয়া মানসিক
চাপ King’s কলেজত নাছিল। তেওঁ স্নাতক মহলাৰ গবেষণাৰ বাবে
নিৰ্বাচন কৰা বিষয় আছিল সম্ভাৱনীয়তাৰ কেন্দ্ৰীয় সীমা উপপাদ্য। তেওঁ এই উপপাদ্যৰ এক
নতুন প্ৰমাণ আগবঢ়াইছিল। এলেনে সুখ্যাতিৰে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু King’s কলেজত
স্নাতকোত্তৰ মহলাত অধ্যয়ণৰ বাবে এক জলপানি লাভ কৰে। ইয়েই তেওঁক গণিতত সৰ্ব্বোচ
অৰিহনা যোগোৱাৰ বাট প্ৰশস্ত কৰে।১৯৩৬ চনত টুৰিঙে ‘On computable
numbers, with an application to the Entscheidungsproblem(decision problem)’ শীৰ্ষক
এক গবেষণা পত্ৰ প্ৰকাশ কৰে।
এইখিনিতে
টুৰিঙৰ গবেষণাৰ আতঁধৰি বিখ্যাত জাৰ্মান গণিতজ্ঞ David Hilbert-অৰ
কেইটামান কথা উল্লেখ কৰাৰ আৱশ্যকতা আছে। পেৰিছত ১৯০০ চনত আন্তঃৰাষ্ট্ৰীয় গণিত অধিৱেশন
অনুস্থিত হৈছিল। সেই অধিৱেশনত তেওঁ সেই সময়লৈকে গণিতৰ জগতত সমাধান নোহোৱা ২৩ টা
সমস্যাৰ কথা উত্থাপন কৰিছিল। তাৰে ভিতৰত সমাধান নোহোৱা তিনিটা সমস্যা তেওঁ ১৯২৮
চনত পুনৰ উত্থাপন কৰিছিল। সেইকেইটা আছিল এনে ধৰণৰ-
প্ৰথমটো আছিল
যে-প্ৰমাণ কৰিব লাগে যে সকলো সত্য গাণিতিক উক্তিক প্ৰমাণ কৰিব পাৰি, অৰ্থাৎ গণিতত
সৰ্ম্পূণতা আছে। দ্বিতীয়তে- প্ৰমাণ কৰিব লাগেযে মাত্ৰ সঁচা উক্তিকহে প্ৰমাণ কৰিব
পাৰি, অৰ্থাৎ গণিতত সঙ্গতা আছে। তৃতীয়তে প্ৰমাণ কৰিব
লাগেযে গণিতৰ সিদ্ধান্তত উপনীত হোৱাৰ সক্ষমতা, অৰ্থাৎ গণিতত
এনে এক সিদ্ধান্ত গ্ৰহণকাৰি পদ্ধতি বা এলগৰিথম থাকিব, যাৰ সহায়ত কোনো
গাণিতিক প্ৰস্তাৱনাক সত্য বা অসত্য হিচাপে প্ৰমাণ কৰিব পাৰি। ইয়াৰে প্ৰথম দুটা
সঁচা নহয় বুলি বিংশ শতিকাৰ এজন বিখ্যাত গণিতজ্ঞ কুৰ্ট গডেলে প্ৰমাণ কৰিছিল। আৰু
তৃতীয়টোও সঁচা নহয় বুলি এলেন টুৰিঙে প্ৰমাণ কৰে। এলেনে যন্ত্ৰক কেনেকৈ সিদ্ধান্ত
গ্ৰহণৰ পদ্ধতিৰ ঢাপ সমূহ এক নিৰ্দেশ হিচাপে দিব পাৰি এই বিষয়ে বিশদভাৱে আলোচনা
কৰিছিল। তেওঁ এটা কাল্পনিক পৰীক্ষা বৰ্ণনা কৰিছিল যত যন্ত্ৰ ব্যৱহাৰ কৰি কোনো
সিদ্ধান্তত কেনেদৰে উপনিত হব পাৰি এই বিষয়ে আলোচনা কৰিছিল। এনে পৰীক্ষাক বৰ্তমান
টুৰিঙ টেষ্ট নামেৰে জনা যায়। টুৰিঙে দেখুৱাইছিল যে প্ৰকৃততে সিদ্ধান্ত গ্ৰহণৰ কোনো
পদ্ধতি নাথাকে। এলেনৰ নিচিনাকৈ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ অধ্যাপক Alonzo
Church য়েও একে ধৰণৰ এক সিদ্ধান্তত উপনীত হৈছিল। টুৰিঙৰ প্ৰমাণ তথা ইয়াক
প্ৰমাণ কৰা ধৰণ অতি মৌলিক চিন্তাৰ প্ৰতিফলন আছিল। সেইহেতু লণ্ডন মেথমেটিকেল ছ’চাইটিয়ে
তেঁওৰ গৱেষণা পত্ৰখন Alonzo Church-অক পৰীক্ষা কৰিবলৈ দিছিল। কাৰণ সেইখন
পৰীক্ষা কৰিবলৈ Alonzo Church-হে উপযুক্ত বুলি ছ’চাইটিয়ে
ভাবিছিল। Alonzo Church-য়ে এলেনৰ গৱেষণা পত্ৰখন প্ৰকাশৰ বাবে
অনুমোদন জনোৱাই নহয়, তেওঁক প্ৰিন্সটনত অধ্যয়ণৰ বাবে নিমন্ত্ৰণ
দিছিল। টুৰিঙৰ ক্ৰেমব্ৰিজৰ তত্ত্বাৱধায়ক Max Newman য়ে
এই আমন্ত্ৰক অনুমোদন দিছিল। সেই সময়ত প্ৰিন্সটনৰ Institute for
Advanced Study ত কৰ্মৰত John Von Neumann আন
এজন বিখ্যাত গণিতজ্ঞ আছিল। তেওঁৰ কম্পিউটাৰ বিজ্ঞান বিষয়ত অলেখ উল্লেখযোগ্য অৱদান
আছে। Neumann য়ে টুৰিঙক প্ৰতিষ্ঠানখনত থাকি যোৱাৰ বাবে
প্ৰস্তাব আগবঢ়াইছিল। কিন্তু টুৰিঙে ১৯৩৮ চনত গৱেষণাৰ ডক্টৰেট উপাধি লাভ কৰাৰ পাছত
ইংলেণ্ডলৈ প্ৰত্যাৱৰ্তন কৰাৰ সিদ্ধান্ত ললে। ঘৰৰ ল’ৰা ঘৰলৈ উভতি
আহিল।
টুৰিঙে
দেখুৱাইছিল যে Universal computing
machine-য়ে যিকোনো গঠন কৰিব পৰা গাণিতিক সমস্যাৰ গণনা কৰাৰ সামৰ্থ্য থাকিব
যদিহে ইয়াক এক এলগৰিথম আকাৰে প্ৰকাশ কৰিব পাৰি।অৰ্থাৎ কোনো গাণিতিক সমস্যাক সীমিত
সংখ্যক ঢাপত গণনা কৰি সমাধান কৰিব পৰাৰ সক্ষমতা। ১৯৩৬ চনত Proceeding
of the London Mathematical Journal ত দুটা খন্ডত প্ৰকাশিত টুৰিঙৰ গৱেষণা
পত্ৰখন গণিতৰ বুৰঞ্জীত সকলোতকৈ অধিক প্ৰভাৱ থকা গৱেষণা পত্ৰ হিচাপে বিৱেচনা কৰা
হয়। টুৰিঙ আৰু কুৰ্ট গডেলৰ অসৰ্ম্পূণ তত্ত্বই গণিতৰ সৰ্ম্পূণতা তত্ত্বৰ ভেঁটি
সৰ্ম্পূণ নহয় বুলি প্ৰমাণ কৰিলে। এনেবোৰ আবিষ্কাৰ কিন্তু বিজ্ঞানৰ সকলোবোৰ শাখাৰ
বাবে অতি গুৰুত্বৰ্পূণ। ই কম্পিউটাৰ বিজ্ঞানৰ মুখ্য গাঠনিগত তত্ত্বৰ এক বিৰ্মূত
ধাৰণা। Church-Turing ৰ তত্ত্বমতে যিবিলাক গাণিতিক সমস্যা
মানুহৰ মগজুৰ দ্বাৰা গণনা সম্ভৱ সেইবোৰৰ গণনা টুৰিঙ মেচিনৰ দ্বাৰাও সম্ভৱ। তেঁওলোক
দুজনৰ এই দাবী গুৰুত্বৰ্পূণ এই কাৰণেই যে ই মানুহৰ সীমিত গণনা শক্তিৰ কথাকে সূচায়।
ভৱিষ্যতৰ দিনতহে গম পোৱা যাব কোন শ্ৰেষ্ঠ, মানুহনে যন্ত্ৰ। দ্বিতীয় বিশ্বযুদ্ধৰ মাজতে
টুৰিঙে ১৯৩৮ চনত ইংলেণ্ডলৈ প্ৰত্যাৱৰ্তন কৰে। কিন্তু তেওঁ কেমব্ৰিজৰ King’s কলেজলৈ
যোৱাৰ পৰিৱৰ্তে Government Code and Cypher School(GCCS)-অতহে
যোগদান কৰে। প্ৰতিষ্ঠানটো আছিল Bletchley Park নামৰ এখন সৰু
চহৰত। সংকেত প্ৰেৰণ আৰু ইয়াক ধৰা পেলাই পাঠোদ্ধাৰ কৰা বিষয়ত টুৰিং যথেষ্ট পাৰ্গত
আছিল। জাৰ্মানিৰ নাজী বাহিনীয়ে তেঁওলোকৰ সামৰিক বাহিনীৰ গোটসমূহলৈ Enigma নামৰ
এক যন্ত্ৰৰ সহায়ত বিভিন্ন বাৰ্তা প্ৰেৰণ কৰিছিল। ১৯৩৯ আৰু ১৯৪০ চনৰ মাজৰ সময়খিনিত
টুৰিং আৰু তেওঁৰ সহযোগীসকলে Enigma ৰ সংকেত ধৰা পেলাব
পৰা এক যন্ত্ৰ (Bombe)সাজি উলিয়ায়। ইয়াৰ সহায়ত তেওঁলোকে জাৰ্মানীৰ
অনাতাঁৰ সংকেত প্ৰতি মিনিটত দুটাকৈ ধৰা পেলাৱলৈ সক্ষম হৈছিল। Enigma ৰ
সংকেত ধৰা পেলাৱলৈ পোলেণ্ডৰ এদল গণিতজ্ঞয়ো প্ৰচেষ্টা চলাইছিল। কিন্তু তেওঁলোকৰ
পদ্ধতিটো সকলো সময়তে সক্ষম নাছিল। কিয়নো এই পদ্ধতিটো জাৰ্মানসকলৰ পৰিচালনা পদ্ধতিৰ
ওপৰত নিৰ্ভৰশীল আছিল, য’ত বৈদ্যুতিক সংযোগবোৰ সঘনে সলনি কৰি
থাকিব লাগিছিল। টুৰিঙে জাৰ্মানীৰ আন এক উন্নত সংকেত প্ৰদানকাৰী যন্ত্ৰ ‘Tunny’ ৰ
সংকেত ধৰা পেলোৱা যন্ত্ৰ ১৯৪২ চনত নিৰ্মাণ কৰি উলিয়াইছিল। নাজী বাহিনীৰ আক্ৰমণৰ
খবৰবোৰ আগতীয়াকৈ লাভ কৰি ইউৰোপত সংযুক্ত বাহিনীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। লগতে
লাখ লাখ মানুহৰ জীৱন ৰক্ষা পৰিছিল। ইউৰোপৰ বহু দেশত ধন-জন ক্ষতি হোৱাৰ পৰা টুৰিঙৰ
আৱিষ্কাৰে ৰক্ষা কৰিছিল। পাছত এক সমীক্ষা মতে দেখা গৈছিল যে টুৰিঙৰ আবিষ্কাৰৰ ফলত
ইউৰোপত যুদ্ধকাল প্ৰায় দুবছৰ হ্ৰাস পাইছিল। ইউৰোপত দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত
হোৱাৰ দিশত টুৰিঙৰ অৱদান আছিল উল্লেখযোগ্য। ১৯৪৬ চনত টুৰিং পুনৰ কেমব্ৰিজলৈ ঘূৰি আহে
আৰু ১৯৪৮ চনত তেঁও ৰীডাৰ হিচাপে নিযুক্ত হয়। ১৯৪৬ চনৰ ১৯ ফ্ৰেব্ৰ্ৰুৱাৰীত প্ৰকাশিত
এখন গৱেষণা পত্ৰৰ দ্বাৰা টুৰিঙে কম্পিউটাৰৰ stored program ৰ
আৰ্হি প্ৰকাশ কৰিছিল। ১৯৫১ চনত টুৰিঙক বৌদ্ধিক জগতৰ এক সৰ্বোচ্চ সন্মান লণ্ডন ৰয়েল
ছ’চাইটিৰ সদস্য পদৰ বাবে মনোনীত
কৰা হয়। এই সন্মান তেওঁক টুৰিং টেষ্ট আবিস্কাৰ
কৰাৰ বাবে প্ৰদান কৰা হৈছিল। টুৰিঙৰ মুখ্য ধাৰণাটো আছিল যে যন্ত্ৰই যিকোনো গাণিতিক
সমস্যা সমাধান কৰিব পাৰিব যদিহে ইয়াক এক এলগৰিথমৰ দ্বাৰা সমাধানৰ বাবে ঢাপসমূহ
লিখিব পৰা যায় আৰু সীমিত সংখ্যক ঢাপৰ সহায়ত সমাধান কৰিব পাৰি। ১৯৫০ চনতেই টুৰিঙে
কৈছিল যে আমি আশা কৰিব পাৰোঁ যে যন্ত্ৰই এদিন মানুহৰ লগত বুদ্ধিমত্তাৰ দিশত সকলো
ক্ষেত্ৰতে প্ৰতিযোগিতা কৰিব। বৰ্তমান সময়ত এই কথাটোকেই প্ৰতক্ষ কৰা গৈছে। ই কিন্তু
মানৱ সমাজৰ বাবে অতি উদ্বেগজনকহে, শুভ লক্ষণ নহয়।Chat GPT, Deep Seek আদি ছফটৱে’ৰবোৰৰ আৱিষ্কাৰে
এনেবোৰ কথাকে বহুলাংশে প্ৰমাণ কৰে।
সমকামিতা গোচৰত
১৯৫২ চনত টুৰিঙক ‘গুৰুতৰ অশ্লীলতা’ৰ বাবে
ইংলেণ্ডৰ সেই সময়ৰ আইন অনুসৰি অভিযুক্ত কৰা হয়। ইয়াৰ বাবে তেওঁক বাৰ মাহৰ এক হৰমন চিকিৎসা প্ৰদান কৰা হৈছিল। টুৰিঙৰ যিহেতু বহু বিদেশী বন্ধু
আছিল, লগতে তেওঁ বিসংকেতিকৰণৰ এজন বিশেষজ্ঞও, গতিকে তেঁওক
অভিযুক্ত হোৱাৰ পাছত সামৰিক বাহিনীৰ কামৰ পৰা বিদায় দিয়া হৈছিল। লগতে নিৰাপত্তা
সংস্থাসমূহে তেওঁক সকলো সময়তে নজৰত ৰাখিছিল। টুৰিঙ ৰাষ্ট্ৰীয় ভৌতিক গৱেষণাগাৰত থকা
সময়ত তেওঁলৈ যুদ্ধৰ সময়ত আগবঢ়োৱা অৱদানৰ বাবে ইংলেণ্ডৰ দ্বিতীয় সৰ্ব্বোচ সন্মান Order
of British Empire (OBE) আগ বঢ়োৱা হৈছিল।কিন্তু তেনে সন্মানৰ প্ৰতি
টুৰিঙৰ বিশেষ আগ্ৰহ নাছিল। টুৰিঙৰ আনুষ্ঠানিকভাৱে এনে সন্মান গ্ৰহণ কৰিবলৈ মুঠেই
আগ্ৰহ নাছিল, আনকি
ৰজাৰ নৰিয়াৰ বাবে সন্মান প্ৰদান অনুষ্ঠান বাতিল হোৱাত টুৰিঙে সকাহ হে লাভ কৰিছিল।
শেষলৈ এনে হ’লগৈ যে তেওঁ সেই মেডেলটো আহিলা বাকচত থৈ দিছিল।
টুৰিং সঁচাকৈ বঁটা-বাহনক মুঠেই গুৰুত্ব আৰোপ নকৰা এজন প্ৰকৃত জ্ঞানৰ সাধক
আছিল।কিন্তু চৰকাৰি মেৰপাচত পৰি তেওঁৰ জীৱনৰ শেষৰ প্ৰস্তাৱিত কম্পিউটাৰৰ প্ৰকল্পটো
সফল নহ’ল। সমকামিতাৰ গোচৰত অভিযুক্ত টুৰিঙৰ ১৯৫৪ চনত মৃত্যু হয়। তেঁও আত্মহত্যা কৰা বুলি সন্দেহ কৰা হয়। তেঁওৰ বাসগৃহতে
এটা পৰীক্ষাগাৰ পাতি চায়েনাইড সম্পকীয় কিছু পৰীক্ষা-নিৰীক্ষা কৰিছিল।সম্ভৱ তেঁও চায়েনাইড
সেৱন কৰিয়েই জীৱন অৱসান ঘটায়। টুৰিঙৰ অবিহনে দ্বিতীয় বিশ্ব যুদ্ধৰ ৰেহ-ৰূপ কেনে হ’লহেঁতেন
বা বৃটেইনৰ অৱস্থা কেনে হ’লহেঁতেন এইটো আজি কল্পনা কৰিব নোৱাৰি। টুৰিঙৰ
ভাষাৰে ক’ব পাৰি যে কোনো যন্ত্ৰই এনে প্ৰশ্নৰ সমিধানও
দিব নোৱাৰে।
দ্বিতীয়
বিশ্বযুদ্ধৰ সময়ত টুৰিঙে পালন কৰা ভূমিকা সুৰক্ষা সৰ্ম্পকীয় নথি হোৱাৰ বাবে বহিঃবিশ্বৰ
বাবে তেওঁৰ অৱদান অজ্ঞাত হৈয়ে আছিল।পাছত ১৯৭০ চনত বৃটিছ চৰকাৰে টুৰিঙে জাৰ্মান
সৈন্য বাহিনীৰ এনিগমা সংকেত ধৰা পেলাই ইউৰোপত যুদ্ধ সামৰণি পেলোৱাৰ ভূমিকাৰ বিষয়ে
ৰাজহুৱাকৈ প্ৰকাশ কৰে। আচলতে এনে অসুবিধাৰ বাবেই তেওঁক বৃটেইনৰ সৰ্বোচ্চ সন্মান
যাচিব পৰা হোৱা নাছিল। কাৰণ সৰ্বোচ্চ সন্মান কিয় দিয়া হয় এই বিষয়ে বঁটা দিয়াৰ সময়ত
প্ৰকাশ কৰিব লাগে। বৃটেইনৰ জনসাধাৰণে পাছত ভাবিছিল যে টুৰিঙক লঘু দোষত বেছি শাস্তি
প্ৰদান কৰা হৈছিল। নাগৰিকৰ এনে প্ৰৱল জনমতৰ বাবে ২০০৯ চনৰ ১০ ছেপ্তেম্বৰৰ দিনা সেই
সময়ৰ বৃটেইনৰ প্ৰধান মন্ত্ৰী Gordon Brown-য়ে চৰকাৰৰ হৈ
টুৰিঙৰ প্ৰতি কৰা ব্যৱহাৰৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। তাৰ চাৰি বছৰৰ পাছত বৃটেইনৰ
ৰাণী Elizabeth II- য়ে টুৰিঙক ৰাজকীয় ক্ষমা প্ৰদান কৰে। এই
ক্ষমা আছিল টুৰিঙৰ কৰ্মৰাজিৰ প্ৰকৃত স্বীকৃতি। বৰ্তমান বৃটেইনত সমকামিতা সম্পকীয়
আইন সংশোধন কৰা হৈছে আৰু ইয়াক বৰ্তমান জনপ্ৰিয় টুৰিং আইন নামেৰে জনা যায়।তথ্য-প্ৰযুক্তি
থাকে মানে টুৰিং অমৰ হৈ থাকিব। কম্পিউটাৰৰ সুৰক্ষা সৰ্ম্পকীয় পৰীক্ষা CAPTCHA
(Completely Automated Public Turing Test to Tell the Computer and Human Apart)-ৰ
জৰিয়তে আজি সমগ্ৰ বিশ্বই সকলো সময়তে টুৰিঙক সুঁৱৰি আছে।
খনীয়া গাঁও, জোনাকী পথ
ডিব্ৰুগড়, অসম-৭৮৬০০৩
ফোন-৯৪৩৫৪৭৩৮৭২