অন্যযুগ/


ছীলকুঁৱৰী (স্কটলেণ্ডৰ সাধু)

পূৰৱী তালুকদাৰ

বহুদিনৰ আগৰ কথা৷
এদিনাখন জোনাক নিশা এজন মাছমৰীয়াই তেওঁৰ নাওখন লৈ অকলশৰে সাগৰলৈ মাছ ধৰিবলৈ গৈছিল। তেওঁ নাৱেৰে এটা সৰু শিলাময় দ্বীপৰ কাষ পালেগৈ আৰু তাতে কিছু সময় জিৰাবলৈ মন কৰিলে। দ্বীপটোত তেওঁ এটা আচৰিত দৃশ্য দেখিবলৈ পালে। কেইজনীমান অপূৰ্ব সুন্দৰী গাভৰুৱে নাচি নাচি গান গাই আছিল তাতে। মাছমৰীয়াজনে মনে মনে নাওখন একাষৰীয়াকৈ বান্ধি থৈ ওখ শিল এটাৰ আঁৰ লৈ তাহাঁতৰ নাচ-গান উপভোগ কৰিবলৈ ধৰিলে। হঠাৎ তেওঁৰ চকু গ'ল এগৰাকী বিশেষ গাভৰুলৈ যিগৰাকী আছিল আটাইতকৈ ধুনীয়া। মাছমৰীয়াজন তাইৰ ৰূপত মুগ্ধ হৈ পৰিল আৰু মনতে ভাবিবলৈ ধৰিলে যে যদি সি বিয়া কৰায় তেনেহ’লে সেই গাভৰুজনীকহে বিয়া কৰাব। কথাবোৰ ভাবি থাকোঁতেই তেওঁ ওচৰতে পৰি থকা কেইটামান ছীলৰ মোট দেখিবলৈ পালে। লগে লগে মাছমৰীয়াজনে বুজিব পাৰিছিল যে সিহঁত কোনো সাধাৰণ গাভৰু নহয়। সিহঁত আচলতে ছীলহে। মাছমৰীয়াজনে খুব সন্তৰ্পণে মোটবোৰৰ ওচৰলৈ গ'ল আৰু তাৰে এটা নিজৰ জেকেটৰ জেপত লুকুৱাই থ’লে।
লাহে লাহে ৰাতি শেষ হৈ আহিল আৰু পূব আকাশত বগাডাঁৰ দেখা গ’ল ৷ আৰু ছীল কেইজনীয়েও নিজৰ মোটবোৰ পিন্ধি লৈ সাগৰৰ মাজলৈ গুচি গ'ল । কিন্তু আটাইতকৈ ধুনীয়া গাভৰুৰূপী ছীলজনীয়ে তাইৰ মোটটো বিচাৰি নাপালে । তাই উদাস মনেৰে শিল এটাত বহি সাগৰলৈ চাই ৰ'ল।
ছীলজনীয়ে তেনেকৈ দুখ মনেৰে বহি থকা দেখি মাছমৰীয়াজনে লুকুৱাই থোৱা মোটটো লৈ তাইৰ ওচৰত থিয় হ'লগৈ আৰু কাতৰ সুৰত ক'লে, "মই এজন দুখীয়া মাছমৰীয়া আৰু বৰ অকলশৰীয়া। মই তোমাক বৰ ভাল পাই পেলাইছোঁ আৰু তোমাক বিয়া কৰাব বিচাৰোঁ। তুমি মোৰ পত্নী হোৱাঁ ‌আৰু তোমাক কথা দিছোঁ সাত বছৰ পাছত তোমাৰ মোটটো ঘূৰাই দিম।”
এই কথা শুনি ছীলজনী আচৰিত হ'ল। তাই মাছমৰীয়াজনৰ মুখৰ ফালে কিছু সময় চাই মনতে কিবা ভাবিলে আৰু শেষত তেওঁৰ কথাত মান্তি হ'ল। দুয়ো মাছমৰীয়াৰ ঘৰলৈ গৈ বিয়া পাতি একেলগে থাকিবলৈ ল'লে।
দিন-মাহ-বছৰ বাগৰি গ’ল। সিহঁতৰ মাজলৈ এটি পুত্ৰ সন্তানৰ আগমন হ’ল। লাহে লাহে সিহঁতৰ সন্তানটি ডাঙৰ হৈ আহিল । আৰু এনেকৈয়ে সাত বছৰ পাৰ হ'ল। ইফালে আগৰ কথা মতে ঘৈণীয়েক সাগৰলৈ উভতি যাব বুলি মাছমৰীয়াজনৰ মনে মনে বৰ চিন্তা হ'ল। কাৰণ তেওঁ ঘৈণীয়েকক খুব ভাল পাই পেলাইছিল৷
এদিন ৰাতি ঘৈণীয়েকে তেওঁক ক'লে, "সাত বছৰ পাছত তুমি মোৰ মোটটো ঘূৰাই দিবা বুলি কথা দিছিলা। এতিয়া সেইটো দিয়াঁ ৷"
মাছমৰীয়াজনে কিন্তু মোটটো ঘূৰাই দিবলৈ মান্তি নহ'ল। এই কথাটোকে লৈ সেই ৰাতি দুয়োৰে মাজত ডাঙৰ কাজিয়া হ'ল। মাক-বাপেকৰ কাজিয়া লগা তেওঁলোকৰ পুতেকেও গম পালে ।
পুতেকে পাছলৈ লক্ষ্য কৰিলে যে মাকে খোৱা-লোৱা বাদ দি শুকাই-খীণাই যাবলৈ ধৰিছিল আৰু অনবৰতে জুপুকা মাৰি বহি সাগৰলৈ চাই থকা হৈছিল । মাকৰ দুখ দেখি পুতেকৰো বৰ বেয়া লাগিছিল । সি মাকক সহায় কৰাৰ কথা ভাবিলে । হঠাৎ তাৰ মনত পৰিল সি খেলিবলৈ যোৱা ঠাইখিনিৰ ওচৰৰে পুৰণি ঘৰ এটাৰ বাকচ এটাত কিহবাৰ মোট এটা সি দেখিছিল । সি এদিন সেই মোটটো মনে মনে আনি মাকক দিলেহি । সেইটোৱে আছিল ছীলজনীৰ মোটটো ৷ মাকে সেইটো পাই পুতেকক মৰমতে সাবটি ধৰিলে আৰু অলপো পলম নকৰি পুতেকক লৈ সাগৰৰ পাৰ পালেগৈ । সাগৰত তাইৰ দেউতাক তাইলৈ ৰৈ আছিল । পুতেকৰ গালে-মুখে চুমা খাই, তাই মোটটো পিন্ধি ছীলৰ ৰূপ লৈ সাগৰৰ মাজলৈ গুচি গৈছিল ।
লাহে লাহে ছীলজনীৰ পুতেকটো দেউতাকৰ তত্বাৱধানত ডাঙৰ হৈ আহিছিল আৰু সিও এজন ভাল মাছমৰীয়া হৈছিল। মানুহে তাক প্ৰায়ে জোনাক নিশা নাও এখন লৈ সাগৰৰ মাজৰ শিলাময় দ্বীপ এটালৈ যোৱা দেখিছিল আৰু তাতে ছীল এজনীৰ লগত তাক কথা পাতি আৰু গান গাই থকা দেখিছিল। সি মানুহক সাগৰৰ ধুনীয়া ধুনীয়া গল্প কৈছিল আৰু এজন বৰ ভাল গায়কৰূপেও বিখ্যাত হৈছিল ৷

ঠিকনা :
বাঙ্গালোৰ
ম'বাইল : ৮৯৫১৮১৯২৬৭
B-115,
Sanvi Sankalpam,
Nagondanahalli,
Whitefield,
Bangalore,
Karnataka 560067

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ