কোৱাণ্টাম বলবিজ্ঞান দীৰ্ঘদিন ধৰি দাৰ্শনিকসকলৰ মাজত চৰ্চাৰ বিষয় হৈ আহিছে, যিয়ে আধ্যাত্মিকতা, বিজ্ঞানৰ দৰ্শন, নৈতিকতা আদি বিভিন্ন ক্ষেত্ৰত আলোচনাৰ নতুন দিশৰ গঢ় দিছে৷ কিন্তু মূলসুঁতিৰ দাৰ্শনিক আলোচনাত ইয়াৰ প্ৰকৃত প্ৰভাৱ বিতৰ্কৰ বিষয় হৈয়েই আছে৷ এই লেখাটোত কোৱাণ্টাম বলবিজ্ঞানে দৰ্শনত কিমানখিনি প্ৰভাৱ পেলাইছে, বিশেষকৈ আধ্যাত্মিকতা, মনস্তাত্ত্বিক দৰ্শন, নৈতিকতা আৰু বাস্তৱবাদৰ ক্ষেত্ৰত কিমানখিনি অৰিহণা আগবঢ়াইছে সেই বিষয়ে অন্বেষণ কৰা হৈছে৷ কিছুমান দাৰ্শনিকে কোৱাণ্টাম বলবিজ্ঞানক নিজৰ কাঠামোত একত্ৰিত কৰিবলৈ চেষ্টা কৰিলেও মূলসুঁতিৰ দৰ্শনে ইয়াৰ বহল প্ৰভাৱৰ প্ৰতি বহুলাংশে সন্দেহবাদী বা উদাসীন হৈয়েই আছে৷ বিশেষকৈ প্ৰাগমেটিষ্ট ব্যাখ্যাৰ জৰিয়তে কোৱাণ্টাম মেকানিক্সে দাৰ্শনিক চিন্তাধাৰাত বৈপ্লৱিক পৰিৱৰ্তন আনিছে বুলি কৰা দাবীসমূহৰো মূল্যায়ন কৰা দৰকাৰ৷ কোৱাণ্টাম বলবিজ্ঞানে দৰ্শনৰ যথেষ্ট পৰিৱৰ্তন আনিছে নেকি বা ইয়াৰ প্ৰভাৱক অতিৰঞ্জিত কৰা হৈছে নেকি—তাৰো আলোচনাৰ প্ৰয়োজন৷
কোৱাণ্টাম বলবিজ্ঞানে বিশেষকৈ বাস্তৱতাবাদ, নিৰ্ধাৰিততাবাদ আৰু চেতনাৰ প্ৰকৃতি সম্পৰ্কে গভীৰ আৰু চলি থকা দাৰ্শনিক আলোচনাত প্ৰেৰণা যোগাইছে৷ পদাৰ্থ বিজ্ঞানত ইয়াৰ বৈপ্লৱিক প্ৰভাৱ পৰাৰ পিছতো ই মূলসুঁতিৰ দৰ্শনক কিমানখিনি প্ৰভাৱিত কৰিছে সেয়া এতিয়াও বিতৰ্কৰ বিষয় হৈয়ে আছে৷ বহুতো মূল দাৰ্শনিক বিতৰ্ক, যেনে বাস্তৱতাবাদ, মুক্ত ইচ্ছা আৰু সম্ভাৱনাৰ ব্যাখ্যা কোৱাণ্টাম বলবিজ্ঞানৰ সৈতে জড়িত যদিও ইয়াৰ দ্বাৰা ৰূপান্তৰিত হোৱাটো বাধ্যতামূলক নহয়৷ কোৱাণ্টাম বলবিজ্ঞানে দাৰ্শনিক বিতৰ্কক অৰ্থপূৰ্ণভাৱে গঢ় দিছে , ইয়াৰ ব্যাখ্যাই আধ্যাত্মিক আৰু নৈতিকতা আদি বিষয়তো প্ৰভাৱ পেলাইছে ৷ ইয়াৰ দ্বাৰা আৰম্ভ হৈছে নতুন দাৰ্শনিক বিপ্লৱ ৷
প্ৰায়ে কোৱাণ্টাম পদাৰ্থ বিজ্ঞান বা কোৱাণ্টাম তত্ত্ব বুলি বৰ্ণনা কৰা কোৱাণ্টাম বলবিজ্ঞানে পাৰমাণৱিক আৰু উপপৰমাণু পৰ্যায়ত কণিকাৰ আচৰণ অন্বেষণ কৰি আমাৰ জ্ঞান ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ পৰা মৌলিকভাৱে স্থানান্তৰিত কৰি আগুৱাই নিছে৷ কোৱাণ্টাম পদাৰ্থ বিজ্ঞানৰ মূল ধাৰণাসমূহ হৈছে :
১. তৰংগ-কণা
দ্বৈততা : থমাছ ইয়ঙে কৰা ডাবল-স্লিট পৰীক্ষাৰ পৰা উদ্ভৱ হোৱা এই নীতিৰ
পৰা অনুমান কৰিব পাৰি যে ইলেক্ট্ৰন আৰু ফ’টনৰ দৰে কোৱাণ্টাম সত্তাই তৰংগ আৰু কণা উভয়ৰে
বৈশিষ্ট্য প্ৰদৰ্শন কৰিব পাৰে৷ কম্পটন নামৰ বিজ্ঞানী গৰাকীয়েও দেখুৱাইছিল যে কণিকাবোৰে
বিচ্ছিন্ন সত্তা হিচাপে আচৰণ কৰে (কম্পটন, ১৯২৩)৷ থমাছ ইয়ঙে (১৮০৪) কৰা ডাবল-স্লিট
পৰীক্ষাত হস্তক্ষেপ( interference)ৰ আৰ্হি
প্ৰদৰ্শন কৰা হৈছিল, যিয়ে কণা পৰ্যবেক্ষণ নকৰাৰ সময়ত তৰংগৰ ধৰ্মৰ ইংগিত দিয়ে৷ ডি
ব্ৰগ্লিয়ে (১৯২৪) আনুষ্ঠানিকভাৱে গঠন কৰা এই দ্বৈততাই তৰংগ আৰু কণিকাৰ মাজৰ ধ্ৰুপদী
পাৰ্থক্যক লৈ প্ৰশ্ন উত্থাপন কৰে, ইয়াৰ পৰা অনুমান কৰিব পাৰি যে কোৱাণ্টাম স্তৰৰ সত্তাসমূহে
পৰ্যবেক্ষণৰ ভিত্তিত বেলেগ বেলেগ ধৰণে প্ৰকাশ পাব পাৰে৷
২. চুপাৰপজিচন : চুপাৰপজিচন হৈছে এটা কোৱাণ্টাম নীতি য’ত কোৱা হৈছে যে এটা ব্যৱস্থা একেলগে একাধিক অৱস্থাত থাকিব পাৰে৷ এই কথা শ্ৰডিংগাৰৰ বিখ্যাত মেকুৰী চিন্তা পৰীক্ষা (Cat thought experiment, Schrödinger, 1935) দ্বাৰা চিত্ৰিত কৰা হৈছে৷ কোৱাণ্টাম ব্যৱস্থাৰ অৱস্থা তৰংগ ফলনৰ দ্বাৰা বৰ্ণনা কৰা হয়, প্ৰতিটো অৱস্থাৰ সম্ভাৱনা তৰংগ ফলনৰ প্ৰসাৰণৰ বৰ্গৰ দ্বাৰা দিয়া হয় (Born, 1926)৷ জোখ-মাখৰ ক্ৰিয়াৰ ফলত তৰংগ ফলন আনএটা অৱস্থালৈ পৰিৱৰ্তিত হৈ যায়, যাৰ ফলত বাস্তৱ আৰু পৰ্যবেক্ষণৰ প্ৰকৃতি কি আমি ধৰিব নোৱাৰো ৷এই ঘটনাই এটা নতুন দাৰ্শনিক দৃষ্টিভংগীৰ সৃষ্টি কৰে (von Neumann, 1932)৷
৩. জটিলতা (Entanglement) : কোৱাণ্টাম জটিলতা বা এণ্টেংগলমেণ্ট এনে পৰিঘটনাক বুজায় য’ত কণাবোৰ এনেদৰে আন্তঃসংযোগী হৈ পৰে যে প্ৰত্যেকৰে কোৱাণ্টাম অৱস্থাটো বহু দূৰত্বতো স্বতন্ত্ৰভাৱে বৰ্ণনা কৰিব নোৱাৰি৷ আইনষ্টাইন, পডলস্কি আৰু ৰ’জেনে (১৯৩৫) এই কথা সমালোচনা কৰিছিল, আইনষ্টাইনে “দূৰৈৰ পৰা ভয়ংকৰ ক্ৰিয়া” বুলি কোৱাণ্টাম বলবিজ্ঞানৰ সম্পূৰ্ণতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল৷ জন ষ্টুৱেৰ্ট বেলে (১৯৬৪) এই সম্পৰ্কসমূহ পৰীক্ষা কৰাৰ উপায় আগবঢ়াইছিল, পৰীক্ষাসমূহে পিছলৈ জটিলতা নিশ্চিত কৰিছিল আৰু ধ্ৰুপদী কাৰণগততা আৰু স্থানীয়তাক (causality and locality) প্ৰত্যাহ্বান জনাইছিল (Aspect, Grangier, & Roger, 1982)৷
কোৱাণ্টাম বলবিজ্ঞানৰ এই মূল ধাৰণাসমূহে পদাৰ্থবিজ্ঞানৰ
গতানুগতিক দৃষ্টিভংগীক প্ৰত্যাহ্বান জনায় আৰু সম্ভাৱনাবাদী, পৰ্যবেক্ষক-প্ৰভাৱিত আৰু
অস্থানীয় বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণাৰ প্ৰৱৰ্তন কৰে৷ কোৱাণ্টাম জগতখনে কেনেকৈ কাম কৰে
সেই বিষয়ে বৰ্ণনা কৰাই নহয়, এই ধাৰণাসমূহে বাস্তৱৰ প্ৰকৃতি, জোখ-মাখৰ ভূমিকা আৰু
সকলো বস্তুৰ আন্তঃসংযোগৰ ওপৰত গভীৰ দাৰ্শনিক অনুসন্ধানৰো বাট মুকলি কৰে৷
কোৱাণ্টাম বলবিজ্ঞানৰ প্ৰধান ব্যাখ্যা
কোৱাণ্টাম বলবিজ্ঞানৰ ভৱিষ্যদ্বাণীমূলক শক্তি থকাৰ সত্ত্বেও ইয়াৰ বিৰোধমূলক প্ৰকৃতিৰ বাবে কেইবাটাও নতুন ব্যাখ্যাৰ জন্ম দিছে৷ কিছুমান আটাইতকৈ প্ৰভাৱশালী ব্যাখ্যাৰ বিষয়ে আলোচনা কৰা যাওক যাৰ প্ৰত্যেকৰে নিজা দাৰ্শনিক প্ৰভাৱ আছে৷
কোপেনহেগেনৰ
ব্যাখ্যা : কোপেনহেগেনৰ ব্যাখ্যা মূলতঃ ১৯২০ চনৰ সময়ছোৱাত নীলছ ব’ৰ আৰু
ৱাৰ্নাৰ হাইজেনবাৰ্গে বিকশিত কৰিছিল৷ ব’ৰৰ মতে জোখ-মাখৰ ক্ৰিয়াৰ ফলত তৰংগ ফলন এটা
একক পৰ্যবেক্ষণযোগ্য অৱস্থালৈ যায়৷ ব’ৰে পৰিপূৰকতাৰ নীতি প্ৰৱৰ্তন কৰিছিল—কোৱাণ্টাম
ব্যৱস্থাৰ ধৰ্মসমূহ প্ৰকাশৰ ক্ষেত্ৰত পাৰস্পৰিকভাৱে ব্যতিক্ৰমী৷ আকৌ হাইজেনবাৰ্গৰ অনিশ্চয়তা
নীতিয়ে (হাইজেনবাৰ্গ, ১৯২৭) কৈছে যে পৰ্যবেক্ষণৰ কাৰ্য্যই পৰ্যবেক্ষণ কৰা ব্যৱস্থাটোক
প্ৰভাৱিত কৰে, যাৰ ফলত বাস্তৱক সংজ্ঞায়িত কৰাত পৰ্যবেক্ষকৰ ভূমিকা আছে৷ এই ব্যাখ্যাই
বাস্তৱবাদৰ ওপৰত নতুন আলোচনাৰ সূচনা কৰিছে, হাৱাৰ্ড (২০০৪)ৰ দৰে পণ্ডিতসকলে পদাৰ্থ
বিজ্ঞানৰ বাস্তৱবাদ বিৰোধী দৃষ্টিভংগীৰ ওপৰত ইয়াৰ প্ৰভাৱৰ যুক্তি আগবঢ়াইছে৷
বহু-বিশ্বৰ ব্যাখ্যা (MWI) : হিউ এভাৰেট তৃতীয়ই ১৯৫৭ চনত তেওঁৰ গৱেষণা পত্ৰত MWI (Many-Worlds Interpretation) প্ৰস্তাৱ কৰিছিল৷ এভাৰেটৰ মতে তৰংগ ফলনে সকলো সম্ভাৱ্য শাখা-প্ৰশাখা কৰি সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰে৷ কোনোবা এখন বিশ্বব্ৰহ্মাণ্ডত একোটা কোৱাণ্টাম সম্ভাৱনা উপলব্ধি কৰা হয়, যাৰ ফলত তৰংগ ফলনৰ পতনৰ ৰহস্য আঁতৰ হয়৷দৰ্শনৰ পৰিচয় আৰু মুক্ত ইচ্ছাৰ (identity and free will) দৰে ধাৰণাসমূহৰ ওপৰত MWI ৰ গভীৰ প্ৰভাৱ আছে৷ লুইছৰ দৰে দাৰ্শনিকসকলে (১৯৮৬) এই প্ৰসংগত মডেল বাস্তৱবাদৰ বিষয়ে আলোচনা কৰিছে৷
বোহমিয়ান
মেকানিক্স (পাইলট-ৱেভ থিয়ৰী) : ডেভিদ ব’মে ১৯৫২ চনত এই ব্যাখ্যাৰ প্ৰৱৰ্তন
কৰিছিল৷ ব’মে প্ৰস্তাৱ দিছিল যে কোৱাণ্টাম কণিকাৰ নিৰ্দিষ্ট অৱস্থান থাকে যিটো ‘পাইলট
তৰংগ’ৰ দ্বাৰা পৰিচালিত হয়৷ এই তত্ত্বই নিৰ্ধাৰিততাক পুনৰ প্ৰতিষ্ঠা কৰে, ইয়াৰ পৰা
অনুমান কৰিব পাৰি যে কোৱাণ্টাম পৰিঘটনাসমূহ মৌলিকভাৱে যাদৃচ্ছিক নহয় বৰঞ্চ লুকাই থকা
চলকসমূহৰ দ্বাৰা নিৰ্ধাৰিত৷ বোহমিয়ান বলবিজ্ঞানে এটা নিৰ্ধাৰিত ব্যাখ্যা প্ৰদান কৰে,
যিটো গোল্ডষ্টেইন (২০০১)ৰ দৰে দাৰ্শনিকসকলে বাস্তৱবাদ আৰু কাৰণগততাৰ ক্ষেত্ৰত ব্যৱহাৰ
কৰিছে৷
কোৱাণ্টাম
বেইছিয়ানবাদ (QBism) : ইয়াক ২০০০ চনত কাৰ্লটন কেভছ, ক্রিষ্টোফাৰ
ফুচ, আৰু ৰুডিগাৰ শ্বেকে বিকশিত কৰিছিল৷ QBism ৰ মতে কোৱাণ্টাম সম্ভাৱনাই ব্যৱস্থাটোৰ
বস্তুনিষ্ঠ ধৰ্মতকৈ এজেণ্টৰ ব্যক্তিগত বিশ্বাসৰ মাত্ৰাহে প্ৰতিফলিত কৰে৷ কোৱাণ্টাম
অৱস্থাক এটা এজেণ্টৰ ব্যৱস্থাটোৰ বিষয়ে জ্ঞান বা তথ্যৰ অৱস্থা হিচাপে দেখা যায়, বাহ্যিক
বাস্তৱতা হিচাপে নহয়৷ কিউবিজমৰ বিষয়বস্তুৰ দিশত আমূল পৰিৱৰ্তনৰ বাবে আলোচনা কৰা হৈছে,
মাৰ্মিনে (২০১৪) ই কোৱাণ্টাম বলবিজ্ঞানৰ দাৰ্শনিক পৰিৱেশ কেনেকৈ সলনি কৰে সেই বিষয়ে
অন্বেষণ কৰিছে৷
কোৱাণ্টাম বলবিজ্ঞানৰ প্ৰতিটো ব্যাখ্যাই এক অনন্য দাৰ্শনিক
লেন্স প্ৰদান কৰে যাৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডখনক বুজিব পাৰি৷ এই ব্যাখ্যাসমূহৰ মাজত
চলি থকা বিতৰ্কই আমাৰ বৈজ্ঞানিক ধাৰণাক গঢ় দিয়াই নহয়, বাস্তৱতা, জ্ঞান আৰু চেতনাৰ
ওপৰত দাৰ্শনিক অনুসন্ধানকো গভীৰভাৱে প্ৰভাৱিত কৰে৷ উল্লেখ কৰা বিষয় সমূহ এই আকৰ্ষণীয়
ব্যাখ্যাসমূহৰ অধিক অন্বেষণৰ বাবে এক আৰম্ভণি বিন্দু বুলি ধৰিব পাৰি৷
***
ঠিকনা :
জেষ্ঠ আঞ্চলিক
সঞ্চালক
ইন্দিৰা
গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়
যোৰহাট আঞ্চলিক
কেন্দ্ৰ
মোবাইল: ৯৪৩৫৩ ০০৩১৬
