অন্যযুগ/


Sapiens: A Brief History of Humankind : মানৱপ্ৰজাতিৰ ইতিহাস আৰু অস্তিত্বক লৈ কৰা প্ৰশ্নোত্তৰৰ বিস্তাৰিত ব্যাখ্যাৰে এখন উৎকৃষ্ট গ্ৰন্থ

 গীতিকা শইকীয়া

 

প্ৰশ্ন হয় যে মানৱে জীৱ-জন্তু তথা প্ৰকৃতিৰ ওপৰত আধিপত্য খটুৱাবলৈ কেনেকৈ সফল হৈছিল? কেনেকৈ প্ৰাচীন জংঘলী মানৱে সংঘবদ্ধ হৈ থাকি চহৰ আৰু ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ কেনেকৈ শিকিলে? তেনেদৰে মানৱে কেনেকৈ ভগৱান নামৰ এক সৰ্বশক্তিমান শক্তিৰ উপস্থিতিক, ৰাষ্ট্ৰ আৰু মানৱ অধিকাৰৰ দৰে বিষয়ক বিশ্বাস কৰিবলৈ ললে? অথবা অৰ্থ-সম্পদ, গ্ৰন্থ আৰু আইনক বিশ্বাস কৰিবলৈ সক্ষম হল কেনেকৈ? সেইদৰে আমোলাতান্ত্ৰিক ব্যৱস্থা, মান্য সময়সূচী আৰু ভোগবাদৰ সৃষ্টি কৰিবলৈনো মানৱে কেনেকৈ ভাবি পালে? আৰু সহস্ৰাব্দৰ শেষত আমাৰ বিশ্বখননো কেনে ধৰণৰ হ, মানৱৰ এই জয়যাত্ৰা অব্যাহত থাকিবনে? - এনে ধৰণৰ বিভিন্ন আকৰ্ষণীয় বিষয়বস্তুৰ সুবিস্তাৰিত ব্যাখ্যাৰে বিশ্বত সমাদৃত হৈ পৰা এখন অনন্য গ্ৰন্থ হৈছে ছেপিয়েন্স : এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড (Sapiens: A Brief History of Humankind)

 

ছেপিয়েন্সৰ ৰচক য়ুৱল নৱাহ হাৰাৰি (Yuval Noah Harari)-য়ে মানৱৰ প্ৰথমটো খোজৰ পৰা পৃথিৱী নামৰ এই গ্ৰহটোত হৈ অহা বৈপ্লৱিক পৰিৱৰ্তনসমূহ তথা জ্ঞানভিত্তিক, কৃষিভিত্তিক আৰু বৈজ্ঞানিক বিপ্লৱলৈ, ইয়াৰ ফলত হোৱা যুগান্তকাৰী তথা কেতিয়াবা ধ্বংসাত্মক ঘটনা পৰ্যন্ত মানৱ সভ্যতাৰ সমগ্ৰ ইতিহাসকে বিস্তাৰিতভাৱে ব্যাখ্যা কৰিবলৈ প্ৰয়াস কৰিছে। জীৱবিজ্ঞান, নৃতত্ত্ববিজ্ঞান, জীৱাশ্মবিজ্ঞান আৰু অৰ্থনীতিবিজ্ঞানৰ পৰা বিভিন্ন তথ্যৰ ব্যাখ্যাৰে হাৰাৰিয়ে ইতিহাসে কিদৰে মানৱজাতিৰ সমাজক আকাৰ দিলে, আমাৰ চাৰিওকাষে থকা জীৱ-জন্তু আৰু গছ-লতা আৰু আমাৰ ব্যক্তিত্ব আদিৰ বিষয়তো অনুসন্ধান কৰিছে। এই যে ইতিহাসৰ পৃষ্ঠাবোৰ আমাৰ সন্মুখত মুকলি হোৱাৰ ফলত আমি মানৱ প্ৰজাতি অধিক সুখী হৈছোঁ নেকি- হাৰাৰিয়ে এই প্ৰশ্ন উত্থাপন কৰিছে। অথবা আমাৰ পূৰ্বপুৰুষতকৈ আমি ভিন্ন হৈ পৰিছোঁ যদি ইয়াৰ ফলত কি হব পাৰে? এক শক্তিশালী গদ্যশৈলীৰে বিস্তাৰিত আৰু উত্তেজক যুক্তিৰে মানৱ হোৱাৰ জ্ঞান, মানৱৰ চিন্তাধাৰা, কাৰ্যপ্ৰণালী আৰু ভৱিষ্যত আদিক ছেপিয়েন্সৰ জৰিয়তে হাৰাৰিয়ে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে।

মানুহ জাতিয়ে সমগ্ৰ বিশ্বকে নিয়ন্ত্ৰণ কৰি আহিছে। কাৰণ মানৱ এনে এক প্ৰাণী যি ভগৱান, অৰ্থ-সম্পদ তথা মানৱৰ অধিকাৰ আদিৰ দৰে যিকোনো বিষয়কে নিজৰ কল্পনাৰে উদ্ভাৱন কৰি সেইবোৰৰ স্থায়িত্ব আছে বুলি বিশ্বাস কৰিব পাৰে। আমি আজিৰ মানুহ কেনেকৈ হলোঁ, মানৱৰ উত্থানৰ পৰা আদি কৰি বৰ্তমানৰ জেনেটিক ইঞ্জিনিয়াৰিং আৰু পুঁজিপতি সমাজ ব্যৱস্থালৈকে এক বিস্তাৰিত বিৱৰণেৰে এই গ্ৰন্থখন মানৱ সভ্যতাৰ দলিল ৰূপে পৰিগণিত হৈ পৰিছে। 

ছেপিয়েনৰ মতে সম্পদ বা অৰ্থই হৈছে বহুত্ববাদী সমাজ ব্যৱস্থাত পাৰস্পৰিকভাৱে বিশ্বাসযোগ্যতা থকা এক স্থিতি। মানৱৰ এই পূঁজিপতি সমাজ ব্যৱস্থাত সকলোতকৈ সফল আৱিষ্কাৰ হৈছে ধৰ্ম। মানৱ জাতিয়ে বিশ্বজুৰি কিদৰে স্থিতি-আকৃতি-প্ৰকৃতি ললে, কৃষিকৰ্মৰ উদ্ভাৱন, ধন-সম্পদৰ সৃষ্টি, ধৰ্মৰ প্ৰসাৰ আৰু ৰাষ্ট্ৰৰ সৃষ্টিৰ বিষয়বোৰত বিশেষ গুৰুত্ব দি ছেপিয়েন্স গ্ৰন্থখনত বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। একেদৰে ইতিহাস, দৰ্শন আৰু অৰ্থনীতি আদি এই বিভিন্ন বিষয়বোৰৰ মাজৰ সংযোগ-সূত্ৰবোৰক এনে এক শৃংখলিত প্ৰক্ৰিয়াৰে লিপিবদ্ধ কৰা হৈছে যে সুদীৰ্ঘ ব্যাখ্যা হোৱা সত্ত্বেও সেয়া পাঠকৰ বাবে সামান্যভাৱেও আমনিদায়ক হোৱা নাই।

ছেপিয়েনত উল্লেখ কৰা তথ্যমতে প্ৰায় সত্তৰ হাজাৰ বছৰৰ আগতে, এই পৃথিৱীত মানৱৰ অন্ততঃ ছটা প্ৰজাতি আছিল। সেই সকলো মানৱ প্ৰজাতি সম্পূৰ্ণভাৱে গুৰুত্বহীন প্ৰাণীয়েই আছিল। প্ৰকৃতাৰ্থত সেই প্ৰজাতিবোৰৰ পৰিৱেশগত প্ৰভাৱ একোটা জোনাকী পৰুৱাৰ সমান অথবা তাতকৈও কমহে আছিল বুলি ধাৰণা কৰিব পাৰি। সময়ৰ লগে লগে পৃথিৱী গ্ৰহত উদ্ভৱ হোৱা বিভিন্ন পৰিৱেশগত কাৰণত সেই মানৱ প্ৰজাতিবোৰ লুপ্ত হৈ হৈ বৰ্তমান মানৱৰ কেৱল এটাহে প্ৰজাতি বাকী ৰৈছেগৈ, সেয়াই হল হছেপিয়েন, অৰ্থাৎ বৰ্তমানৰ মানৱজাতি। অৱশ্যে মানৱৰ এই একমাত্ৰ প্ৰজাতিটোৱেই এতিয়া সমগ্ৰ বিশ্বকে শাসন কৰি আছে। অথচ আমাৰ পূৰ্বপুৰুষ মানৱ প্ৰজাতিসমূহতকৈ হাজাৰগুণে শক্তিশালী হোৱা সত্ত্বেও বৰ্তমানৰ এই মানৱ সমাজ একেবাৰেই সুখী নহয়। তেনেহলে সুখী হৈ সন্তুষ্টিৰে জীয়াই থকাৰ আন একো উপায় নাই নেকি? এইখিনিতে হাৰাৰিয়ে প্ৰশ্ন তুলিছে। এইদৰে বৰ্তমানৰ পৃথিৱীৰ উদ্বেগজনক পৰিস্থিতি আৰু অতীতৰ পৰা হৈ অহা বিকাশৰ ধাৰাৰ মাজত সংযোগ সূত্ৰ স্থাপনৰ লগতে চকুৰ আগত দেখি অহা জগতখন সন্দৰ্ভত আমাৰ বুনিয়াদী ধাৰণাৰ আধাৰত ছেপিয়েন্সত হাৰাৰিয়ে প্ৰশ্ন উত্থাপন কৰাৰ লগতে এইবোৰৰ যুক্তিসন্মত ব্যাখ্যাও দি গৈছে। 

হাৰাৰিয়ে যুক্তি দিছে যে অৰ্থ-সম্পদেই আটাইতকৈ অধিক সাৰ্বজনীন আৰু বহুত্ববাদী ব্যৱস্থাত পাৰস্পৰিক বিশ্বাসৰ একমাত্ৰ আধাৰৰূপে উদ্ভাৱিত হোৱা ধাৰণা। কাৰণ সকলোৱে কেৱল টকা বা অৰ্থ-সম্পদকেই বিশ্বাস কৰে। সেইদৰে সাম্ৰাজ্যৰ ধাৰণাটোও মানুহে আৱিষ্কাৰ কৰা আটাইতকৈ সফল ৰাজনৈতিক ব্যৱস্থাৰূপে অভিহিত কৰিব পাৰি। আনহাতে বৰ্তমান আমাৰ সমাজত দেখা দিয়া সাম্ৰাজ্যবিৰোধী সচেতনতা এক প্ৰকাৰৰ সুদূৰপ্ৰসাৰী পৰিৱৰ্তনৰ কাৰক হব পাৰে বুলি চৰ্চা হৈ থাকিলেও সেয়া ক্ষণিক সময়ৰ বাবে হোৱা এক ধৰণৰ বিকৃত অনুভৱ বুলিহে হাৰাৰিয়ে উল্লেখ কৰিছে।

দৰাচলতে পুঁজিবাদক কেৱল অৰ্থনৈতিক তত্ত্ব বুলি কোৱাতকৈ এটা ধৰ্ম বুলি কলেহে শুদ্ধ হব আৰু এই ধৰ্মকেই বৰ্তমানলৈকে প্ৰচলিত সকলোতকৈ অধিক সফল ধৰ্ম বুলি অভিহিত কৰিব পাৰি। সেইদৰে ব্যক্তিবাদ ৰাষ্ট্ৰ আৰু বজাৰৰ দ্বাৰাই প্ৰতিপালিত এটা ধাৰণা যি পৰিয়াল আৰু সম্প্ৰদায়কো ভাগ ভাগ কৰি আহিছে। হাৰাৰিয়ে ছেপিয়েন্সত কৰা ভৱিষ্যদ্বাণী মতে মানৱ প্ৰজাতি অতি শীঘ্ৰেই বিলুপ্ত হৈ পৰিব। তেওঁৰ মতে নিতে নতুন উদ্ভাৱিত অভিনৱ প্ৰযুক্তিবিদ্যাৰ দ্বাৰা হয়তো কেইটামান শতিকাৰ ভিতৰতে অথবা আৰু কেইটামান দশকৰ ভিতৰতে মানৱ প্ৰজাতিয়ে কল্পনা কৰি অহা সৰ্বশক্তিমান ভগৱানৰ দৰে গুণাৱলীৰে শক্তিৱন্ত হৈ নিজকে সম্পূৰ্ণৰূপে এক ভিন্ন সত্ত্বালৈ ৰূপান্তৰিত কৰি তুলিবলৈ সক্ষম হব। কবলৈ গলে মানৱ প্ৰজাতিয়ে ভগৱানৰ ধাৰণা উদ্ভাৱন কৰাৰপৰাহে ইতিহাসৰো আৰম্ভ হৈছিল। গতিকে যেতিয়া মানৱ নিজেই ভগৱান হৈ পৰিব তেতিয়াই মানৱ প্ৰজাতিৰো অন্ত পৰিব।

উল্লেখযোগ্য যে মানৱ প্ৰজাতিৰ এই বিকাশ তথা নিঃশেষ হৈ পৰাৰ সন্দৰ্ভত বিস্তৰ অধ্যয়নেৰে হাৰাৰিৰ আগতেই এই দিশত আলোকপাত কৰি বিশ্ববিশ্ৰুত প্ৰবন্ধকাৰ জেয়াৰ্ড ডায়মণ্ডে তেওঁৰ বিখ্যাত গ্ৰন্থ Guns, Germs, and Steel: The Fates of Human Societies-অত উল্লেখ কৰা এই কথাখিনিৰ পৰাই হাৰাৰিয়ে ছেপিয়েন্সত দিয়া অভিমতক গুৰুত্ব দিবলগীয়া বুলি প্ৰতীয়মান হয়। ১৯৯৭ চনত প্ৰকাশিত জেয়াৰ্ড ডায়মণ্ডৰ Guns, Germs, and Steel: The Fates of Human Societies গ্ৰন্থখনে ১৯৯৮ চনত সাধাৰণ তথ্যভিত্তিক সাহিত্য শিতানত সন্মানীয় পুলিৎজাৰ পুৰস্কাৰৰ লগতে সেই বছৰতে শ্ৰেষ্ঠ বিজ্ঞানভিত্তিক গ্ৰন্থৰ বাবে এভেণ্টিছ্ পুৰস্কাৰো লাভ কৰিছিল।

হাৰাৰিয়ে বিশ্ববিখ্যাত শিক্ষানুষ্ঠান অক্সফৰ্ড বিশ্ববিদ্যালয়ত পিএইচডি.-ৰ বাবে গৱেষণা কৰি থাকোঁতে জেয়াৰ্ড ডায়মণ্ডৰ Guns, Germs, and Steel গ্ৰন্থখন পঢ়ি তাৰ বিষয়বস্তু, যুক্তিসংগত ব্যাখ্যা আদিত আশ্বৰ্যচকিত হৈ পৰিছিল। হাৰাৰিৰ মতে এই গ্ৰন্থখনেই তেওঁৰ জীৱনৰ দিশ নিৰ্দিষ্ট কৰি পেলাইছিল। সেয়েহে জেয়াৰ্ড ডায়মণ্ডৰ উল্লিখিত গ্ৰন্থখনেই হাৰাৰিক ছেপিয়েন্স গ্ৰন্থখন লিখিবলৈ অনুপ্ৰাণিত কৰিছিল বুলি জনা যায়।

ইজৰাইলৰ জেৰুজালেমস্থিত হিব্ৰু বিশ্ববিদ্যালয়ত হিব্ৰু ভাষাৰ অধ্যাপক ৰূপে কৰ্মৰত য়ুৱল নৱাহ হাৰাৰিয়ে এই গ্ৰন্থখন প্ৰথমে হিব্ৰু ভাষাত লিখিছিল। হিব্ৰু ভাষাৰ কথনভংগীত থকা বিশেষত্বখিনিক ইংৰাজী ভাষালৈ অনুবাদ কৰোঁতেও বৰ্তাই ৰাখিব পৰা কাৰণেই তথ্যভিত্তিক সাহিত্যনিৰ্ভৰ গ্ৰন্থখনে বিশ্বজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

কিতাপখনৰ নামটোৰ জৰিয়তে হাৰাৰিয়ে মানৱ সমাজক এইটো মনত পেলাই দিবলৈ চেষ্টা কৰিছে যে লাখ লাখ বছৰৰ আগতে মানৱৰ অন্ততঃ আধাডজন প্ৰজাতিয়ে এই পৃথিৱীত বাস কৰিছিল। সেইবোৰৰ পৰা হছেপিয়েন, মানে বৰ্তমানৰ মানৱ প্ৰজাতিটোহে বাচি থাকিল। মানৱ প্ৰজাতিৰ এই গতিপথক অতীতৰ মুঠতে তিনি প্ৰকাৰৰ বিপ্লৱ বা পৰিৱৰ্তনৰ পৰা বুজিব পাৰি। সেয়া হৈছে জ্ঞানভিত্তিক বিপ্লৱ, অৰ্থাৎ যেতিয়া মানৱে বুধিয়ক হবলৈ শিকিলে, কৃষিক্ষেত্ৰৰ বিপ্লৱ- মূলতে যেতিয়া মানৱে প্ৰকৃতিক নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰি বুলি বুজিলে; আৰু বৈজ্ঞানিক বিপ্লৱ, অৰ্থাৎ যেতিয়া মানৱে নিজকে ভয়ংকৰভাৱে শক্তিশালী বুলি ভাবিবলৈ শিকিলে।

পৃথিৱীত ’ ছেপিয়েনবোৰৰ উদ্ভৱ সম্ভৱতঃ ২০০,০০০ বছৰৰ আগতে হৈছিল। নৃতত্ত্ববিদসকলৰ উদ্ধৃতিৰে হাৰাৰিৰ মতে জ্ঞানভিত্তিক বিপ্লৱৰ তত্ত্বটোৱে বিশ্বাস কৰে যে আদিম যুগত মানৱৰ প্ৰজাতিবোৰে পূব আফ্ৰিকাৰ এটা বৃহত্তৰ অঞ্চলত দলৱদ্ধভাৱে ঘূৰি জীৱ-জন্তুৰ দৰেই জীৱন নিয়াইছিল। তেনেকৈ থাকিয়েই প্ৰায় ৭০,০০০ বছৰৰ আগতেহে হছেপিয়েনে জীৱন নিৰ্বাহৰ দিশত এক বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিবলৈ লয়। মানৱৰ মাজত হঠাতে জ্ঞানৰ বিকাশ হবলৈ ধৰে। 

Guns, Germs, and Steel: The Fates of Human Societies গ্ৰন্থখনতো জেয়াৰ্ড ডায়মণ্ডে উল্লেখ কৰিছে যে এইখিনি সময়তে মানৱৰ মাজত নিজৰ জীৱনক লৈ থকা স্থবিৰতা অথবা জড়তা নাইকিয়া হয় আৰু মানৱে আফ্ৰিকাৰ বাহিৰলৈ ওলাই আহিবলৈ লয়। জ্ঞান বিকাশৰ সেই সময়তেই মানৱে নাও, যুদ্ধৰ বাবে প্ৰয়োজন হোৱা কুঠাৰ গঢ়িবলৈ আৰু ধুনীয়া চিত্ৰ আদি আঁকিবলৈও আৰম্ভ কৰে। ছেপিয়েন্সত এই কথাখিনিৰে বিস্তাৰিত ব্যাখ্যা দাঙি ধৰি হাৰাৰিয়ে কয় যে জ্ঞানবৃক্ষৰ উদ্ভৱে মানৱৰ মগজুৰ ভিতৰৰ চেতনা প্ৰৱাহক সম্পূৰ্ণৰূপে সলাই পেলায়। তাৰ ফলত এক নতুন ধৰণৰ ভাষাৰে মানৱে ইজনে সিজনৰ লগত যোগাযোগ কৰিবলৈ ধৰে। তেনেদৰেই মানৱৰ মাজত দলবদ্ধ হৈ থকাৰ ধাৰণাৰ উৎপত্তি হয়। প্ৰকৃততে এই জ্ঞানবৃক্ষৰ প্ৰৱাহটোৱেই সমগ্ৰ পৃথিৱীতেই মানৱ সমাজৰ বিস্তাৰ হোৱাত সহায়ক হৈ পৰে। 

অৱশ্যে ছেপিয়েন্সত উল্লেখ কৰা হাৰাৰিৰ সম্ভাৱনীয় বিভিন্ন যুক্তিসম্পন্ন ব্যাখ্যাৰ বিৰোধিতা কৰাও হৈ আহিছে। আমেৰিকাৰ কানেকটিকাট বিশ্ববিদ্যালয়ৰ অধ্যাপক চেল্যী মেকব্ৰেইৰ্য়াটী আৰু জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ এলিছন ব্ৰুক্‌ছে হাৰাৰিয়ে উল্লেখ কৰা জ্ঞানবৃক্ষৰ বিপ্লৱৰ ধাৰণাটোৰ সমালোচনা কৰিছে। ছেপিয়েন্সত উল্লেখ কৰা বিভিন্ন তথ্যৰ বিষয়ত যুক্তিসংগত ব্যাখ্যা আগবঢ়োৱা মেকব্ৰেইয়াৰ্টী আৰু ব্ৰুক্‌ছৰ এই গৱেষণামূলক কাকতখন বৰ্তমান সমগ্ৰ বিশ্বৰে সুধীসমাজৰ দ্বাৰা সৰ্বগৃহীত কাকতৰূপে পৰিচিত। মেকব্ৰেইয়াৰ্টী আৰু ব্ৰুক্‌ছৰ মতে হাৰাৰিয়ে উল্লেখ কৰা মানৱৰ বৰ্ধিত সক্ষমতাৰ বিষয়ে প্ৰায় দহ হাজাৰ বছৰৰ আগতেই বুজি পোৱা বুলি দিয়া যুক্তি শুদ্ধ নহয় বুলি অনুমান কৰিব পাৰি। হাৰাৰিৰ দৰে এই বোধশক্তি বা জ্ঞানবৃক্ষৰ ধাৰণাটো হঠাতে সংঘটিত হোৱা বিপ্লৱ বুলি কোৱাতকৈ সেয়া কিছুমান সাংঘাতিক ভৌগোলিক পৰিৱৰ্তনৰ মুখামুখি হোৱাৰ ফলত মানুহৰ মনলৈ নিজে নিজে অহা এক প্ৰকাৰৰ স্বাভাৱিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়া বুলিহে কব পাৰি। কাকতখনৰ মতে যদি মানৱৰ প্ৰজাতিয়ে পূব আফ্ৰিকা এৰাৰ আগতেই ভাষাৰ আৱিষ্কাৰ হৈছিল, তেন্তে মানৱৰ লগত তেতিয়াই সাংঘাতিক কিবা ঘটনা, পৰিঘটনা ঘটিবই লাগিব। সেইক্ষেত্ৰত প্ৰায় ৭০,০০০ বছৰৰ আগতে সুমাত্ৰা, অৰ্থাৎ বৰ্তমানৰ ইণ্ডোনেছিয়াত ঘটা টবা নামৰ আগ্নেয়গিৰিৰ বিষয়ে ব্যাখ্যা কৰিব পাৰি। সেই আগ্নেয়গিৰিৰ ফলত পৃথিৱীখন প্ৰায় এবছৰ কাল ধৰি শীতকালীন অৱস্থাত থাকিবলগীয়া হৈছিল, যাৰ ফলত জীয়াই থকাৰ সংগ্ৰামত মানৱে নিজৰ প্ৰজাতিৰ বিস্তৃতি ঘটাবলৈ বাধ্য হৈ পৰিছিল বুলি ভাৱিব পাৰি। 

যি নহওক, ছেপিয়েন্স গ্ৰন্থখন বিশেষভাৱে জ্ঞানবৰ্ধক, চিন্তা উদ্ৰেককাৰী আৰু আমনি নলগাকৈ পঢ়ি যাব পৰা লিখনশৈলীৰে এখন উৎকৃষ্ট গ্ৰন্থৰূপে সমগ্ৰ বিশ্বজুৰি বিৱেচিত হৈ উঠিছে। গ্ৰন্থখনত উল্লেখ কৰা অধিকসংখ্যক ব্যাখ্যাই বিশ্বাসযোগ্য বুলি প্ৰতীয়মান হৈছে। অৱশ্যে কিছুমান যুক্তি ভয়ংকৰভাৱে অদ্ভূত বুলিও কিছু সমালোচকে অভিহিত কৰিব খোজে। বিশেষকৈ মানৱজাতিয়ে কৃষিক্ষেত্ৰত বিপ্লৱৰ ধাৰণাটোক ব্যাখ্যা কৰাৰ দিশত বহুতো সমালোচকে হাৰাৰিৰ যুক্তিক মানি লব পৰা নাই। তেওঁলোকৰ মতে প্ৰথমে মাটিৰ উৰ্বৰতা বুজি পোৱাৰ পৰা মানৱে অধিক ভূমিখণ্ডক কৃষিক্ষেত্ৰলৈ পৰিৱৰ্তন কৰাৰ পৰা, মানৱে প্ৰাকৃতিক পৰিৱেশক পৰিৱৰ্তন কৰিব পাৰি বুলি বুজি পোৱালৈ, নিজৰ যাযাবৰী জীৱনৰ পৰা দলৱদ্ধ হৈ থকালৈ, তথা প্ৰণালীবদ্ধ জৈৱিক পদ্ধতিমতে কৃষিকৰ্ম কৰি খোৱালৈকে মানৱজাতিয়ে সেই সকলোবোৰ সময়, পৰিস্থিতি দেখি-শুনি বুজি লৈহে নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল। সমালোচকসকলৰ মতে প্ৰকৃতিৰ লগত মানৱৰ সম্বন্ধক, বিশেষকৈ প্ৰকৃতিক মানৱৰ দখলত হোৱাৰ দিশত কৃষিখণ্ডই এক যুগান্তকাৰী পৰিৱৰ্তন আনিছিল। পৰিবেশবিশাৰদসকলৰ মতে কৃষিক্ষেত্ৰৰ কাৰণেই এই গ্ৰহৰ প্ৰাথমিক উৎপাদনসমূহৰ অৰ্ধেক বা ততোধিক সংখ্যকেই বৰ্তমান মানৱৰ অধীনত।  

হাৰাৰিৰ মতে কৃষিক্ষেত্ৰৰ উদ্ভাৱনৰ ফলত এই গ্ৰহত থকা খাদ্য-সামগ্ৰীৰ পৰিমাণ সদায়েই বাঢ়ি গৈ থাকিল, কিন্তু গ্ৰহৰ পাৰিপাৰ্শ্বিক বিকাশৰ দিশত এই বৰ্ধিত খাদ্য-সামগ্ৰীয়ে কোনো ধৰণৰ সমৃদ্ধিৰ ফল নিদিলে। বৰঞ্চ এই কৃষিখণ্ডৰ উদ্ভাৱন তথা বিকাশে বৰ্ধিত জনসংখ্যা আৰু আভিজাত্যৰ ভেমত উথলি উঠা এচাম ধনীক শ্ৰেণীৰহে জন্ম দিলে। আগৰ আদিম, যাযাবৰী মানৱতকৈ কৃষিক্ষেত্ৰত কৰ্মৰত খেতিয়কে দিনে-নিশাই অধিক কষ্ট কৰি গৈ আছে, অথচ খেতিয়কসকলৰ নিজৰ বাবে খাদ্য সংকট সদায়েই থাকি আহিছে। আকৌ বৰ্ধিত খাদ্য-সামগ্ৰীবোৰ সদায়েই বিশেষভাৱে সুবিধাভোগী কিছুমানৰ হাততে থাকি আহিছে, যিয়ে এই খাদ্য-সামগ্ৰীক দুৰ্বলীসকলক দমন কৰাৰ আহিলাৰূপে ব্যৱহাৰ কৰি আহিছে। 

সেয়েহে হাৰাৰিৰ মতে কৃষিক্ষেত্ৰৰ বিপ্লৱ মানৱ সমাজৰ আটাইতকৈ ডাঙৰ বিড়ম্বনা। কিয়নো দুৰ্ভাগ্যজনকভাৱে এই কৃষিখণ্ডই কোনো প্ৰজাতিকে ক্ষুদ্ৰ, অথবা অনবৰতে গতিশীল কোনো গোটক কোনো বৃহৎ, স্থায়ী, তথা নিৰপেক্ষ চহৰ আৰু দেশত কেনেকৈ বসতি কৰিব লাগিব সেইদিশত কোনো বিশেষ সুবিধাৰ বাবে কোৱা নাই। হাৰাৰিৰ মতে ভাষাৰ বাবে থকা মানৱৰ ক্ষমতাই কিছুমান সাৰ্বজনীন পৌৰাণিক কাহিনী আৰু কল্পনাৰ লেকাম লগাই কোনো বিষয় বা ঘটনাক বৰ্ণনা কৰাৰ সুবিধা দিছে। সেয়েহে অৰ্থ, ধৰ্ম আৰু ৰাষ্ট্ৰ এই তিনিটা মৌলিক ধাৰণাইহে সমগ্ৰ মহাদেশসমূহৰ মানৱক একগোট কৰি ৰখাত সহায় কৰি আহিছে।

ছেপিয়েন্সত উল্লেখ কৰা মতে কলম্বাছৰ নতুন বিশ্বৰ লগত যোগাযোগ হোৱাটোক বৈজ্ঞানিক বিপ্লৱৰ দিশত এক যুগান্তকাৰী ঘটনা বুলিব পাৰি। নিজৰ চাৰিওকাষৰ বাহিৰে বিশ্বৰ ভৌগোলিক পৰিসীমাৰ সামান্যও জ্ঞান নথকা প্ৰাচীন কালৰ মানৱৰ বাবে কলম্বাছৰ এই আৱিষ্কাৰে অতীতৰ পৰম্পৰাগত জীৱন ধাৰণ, চিন্তন আদিৰ পৰিৱৰ্তে বৰ্তমানৰ পৰিবেশ-পৰিস্থিতিক পৰ্যবেক্ষণ কৰিবলৈ শিকোৱাৰ লগতে ইউৰোপীয়ানসকলৰ মনত আমেৰিকা দখল কৰিবলৈ ইচ্ছা জাগ্ৰত কৰাৰ তথা ক্ষিপ্ৰ গতিত নিতে নতুন জ্ঞান আহৰণ কৰিবলৈকো উৎসাহিত কৰি তুলিলে। হাৰাৰিয়ে কয় যে অনুসন্ধানৰ জৰিয়তে বিশ্বৰ আন কোনো প্ৰান্তৰ দখল কৰিবলৈ যোৱাসকলৰ দৃষ্টিভংগী এইক্ষেত্ৰত ভিন্ন আছিল। উদাহৰণস্বৰূপে ৰোমান, মংগোল আৰু এজটেকসকলে মূলতঃ অধিক ক্ষমতা আৰু সম্পদ আহৰণৰ উদ্দেশ্যেই এই অনুসন্ধানৰ অভিযানবোৰ চলাইছিল। তেওঁলোকৰ বাবে অনুসন্ধানৰ জৰিয়তে জ্ঞান অৰ্জন কৰাটো বিশেষ গুৰুত্বপূৰ্ণ নাছিল। তাৰ বিপৰীতে ইউৰোপৰ সাম্ৰাজ্যবাদী শাসকীয় শ্ৰেণীৰ অনুসন্ধানকাৰীসকলে নতুন অঞ্চলৰ লগতে জ্ঞান আহৰণৰ কাৰণেও বহু দূৰ সুদূৰৰ কোনো উপকূল অঞ্চলৰ অনুসন্ধান কৰিবলৈ চেষ্টা কৰিছিল।

সেয়েহে হাৰাৰিৰ মতে কলম্বাছৰ আৱিষ্কাৰে বৈজ্ঞানিক বিপ্লৱৰ দিশক আশ্বৰ্যজনকভাৱে প্ৰজ্বলিত কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে হাৰাৰিয়ে তেওঁৰ এই কলম্বাছৰ আৱিষ্কাৰৰ ফলত বিজ্ঞানক্ষেত্ৰলৈ অহা অগ্ৰগতিৰ বাবে দিয়া যুক্তিৰ পতিয়ন যাব পৰা সূত্ৰ দিয়া নাই। কিন্তু এই বৈজ্ঞানিক বিপ্লৱে মানৱজাতিক এক চিৰন্তন জীৱনপ্ৰণালী দিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি যে আহিছে সেইটোত কাৰো দ্বিমত থাকিব নোৱাৰে। অৱশ্যে এই পৃথিৱীত ছেপিয়েন বা মানৱজাতিয়ে যিয়েই আৱিষ্কাৰ বা সৃষ্টি কৰিছে সেই সকলোৰে বাবে বিশেষ কোনো গৌৰৱবোধ কৰাৰো থল নাই বুলি হাৰাৰিয়ে যুক্তি দিছে। কাৰণ উন্নত জীৱন-যাপন প্ৰণালীয়ে মানৱজাতিক কোনো প্ৰকাৰে সন্তুষ্ট কৰি ৰাখিবও পৰা নাই। শেহতীয়াকৈ হৈ থকা মনোবিজ্ঞানৰ গৱেষণাৰ উল্লেখেৰে হাৰাৰিয়ে যুক্তি দৰ্শাইছে যে সুখ প্ৰকৃততে ব্যৱহাৰিক পৰিবেশ আৰু বিষয়বস্তুগত প্ৰত্যাশাৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ ওপৰতহে নিৰ্ভৰ কৰে। কাৰণ আমি আধুনিক মানৱে সদায়েই অধিক বিচাৰোঁ। আমি বস্তুগত পৰিস্থিতি আৰু ব্যৱহাৰিক ক্ষেত্ৰৰ পৰা  লাভ কৰা সুবিধাবোৰেৰে সম্পূৰ্ণকৈ সন্তুষ্ট হৈ নপৰোঁ। দৰাচলতে আধুনিকতাৰ এক অন্যতম ঋণাত্মক পাৰ্শ্বক্ৰিয়া হৈছে পৰিয়ালতান্ত্ৰিকতাত আহি পৰা ভাঙোন। এয়া মানৱজাতিৰ সামাজিক বিপ্লৱৰ দিশত এক গুৰুত্বপূৰ্ণ ঘটনা। এই পাৰ্শ্বক্ৰিয়াৰ ফলস্বৰূপে আধুনিক মানৱে এটা সময়ত সম্পূৰ্ণ অকলশৰীয়া হৈ বিস্মৃতিৰ গহ্বৰত বিলীন হৈ যাব বুলি হাৰাৰিয়ে বিশ্বাস কৰে।

যি নহওক, এনেদৰেই মানৱজাতি আগবাঢ়ি গৈ থাকিব। হাৰাৰিৰ মতে পৃথিৱীৰ পুনৰ্নিৰ্মাণৰ জৰিয়তে মানৱে পুনৰ নিজকেই নিৰ্মাণ কৰিবলৈ সক্ষম হব। এনেদৰেই কেইটামান দশকৰ ভিতৰতে ইণ্টাৰনেটৰ লগত প্ৰত্যক্ষভাৱে মানসিক সংযোগ, কৃত্ৰিমভাৱে মানৱ সৃষ্টি, মানৱৰ জীনৰ পৰিৱৰ্তন ঘটোৱা আদিৰে মানৱৰ ক্ষমতাৰ আমূল পৰিবৰ্ধন ঘটাবলৈও সক্ষম হৈ পৰিব। মানৱে নিজকে এইদৰে পৰিৱৰ্তন কৰি পেলোৱাৰ ফলত ছেপিয়েনৰ বৰ্তমানৰ সংস্কৰণটোৰ অস্তিত্বই নোহোৱা হৈ পৰিব। অৱশ্যে এইটো যদি নঘটেও, তেতিয়াও হাৰাৰিৰ মতে মানৱে সৃষ্টি কৰা প্ৰাকৃতিক পৰিৱেশ ধংসৰ প্ৰক্ৰিয়াবোৰৰ ফলত পৃথিৱী গ্ৰহৰ সম্পূৰ্ণ পৰিৱেশৰে বিপৰ্যয় হব আৰু এই বিপৰ্যয়েই শেহান্তৰত মানৱ প্ৰজাতি বা ছেপিয়েনৰ অস্তিত্বই নিঃশেষ হৈ পৰিব।

হাৰাৰিয়ে যাযাৰী বানৰ প্ৰজাতিয়ে বিৱৰ্তনৰ যোগেদি কিদৰে বৰ্তমানৰ এনে এক দাৰ্শনিক মানৱ প্ৰজাতিলৈ পৰিৱৰ্তিত কৰি জীৱনৰ অৰ্থৰ সংজ্ঞা বিচাৰিছে সেইটো দিশতো আলোকপাত কৰিছে। হাৰাৰিৰ মতে স্ব-সংৰক্ষণৰ দৰে জৈৱিক ধাৰণাই মানৱ সমাজক বহুলভাৱে প্ৰভাৱিত কৰি আহিছে আৰু বৰ্তমানেও মানৱে সমাজে সন্মুখীন হোৱা বিশেষ কিছুমান সমস্যাৰো সৃষ্টিৰ কাৰক এই স্ব-সংৰক্ষণৰেই ধাৰণা। প্ৰকৃততে মানৱৰ বৰ্তমানৰ প্ৰজাতিটো পাৰিপাৰ্শ্বিক আৰু প্ৰণালীবদ্ধভাৱেই হত্যাকাৰী। কাৰণ কৃষিক্ষেত্ৰৰ আৱিষ্কাৰৰ আগতেই মানৱৰ পূৰ্বপুৰুষসকলে শৈলযুগৰ সঁজুলিবোৰেৰে সেই সময়ত এই গ্ৰহত বসবাস কৰি থকা বৃহদাকাৰৰ স্থলচৰ স্তন্যপায়ী প্ৰাণীৰ অৰ্ধেকসংখ্যককে এই পৃথিৱীৰ পৰা নিঃশ্চিহ্ন কৰি পেলাইছিল। 

ইয়াৰোপৰি আদিম মানৱৰ বিকাশৰ গতি সম্পূৰ্ণভাৱেই জৈৱিক হোৱাৰ লগতে নিজকে বৰ্তাই ৰখা অথবা জীয়াই ৰখা আৰু সন্তান জন্ম দিয়াতেই সীমাৱদ্ধ আছিল। আনহাতে মানৱ সমাজৰ বিৱৰ্তনৰ দিশত উদ্ভৱ হোৱা আন কিছুমান সমস্যাই মানৱ প্ৰজাতিৰ অগ্ৰগতিকো বহু পৰিমাণে স্তিমিত কৰি আহিছে। উদাহৰণস্বৰূপে, কৃষিখণ্ডৰ বিপ্লৱৰ সময়ছোৱাত মানৱ প্ৰজাতিয়ে আৱিষ্কাৰ কৰিলে যে ঘেঁহু উৎপাদন কৰাটো খুবেই কঠিন কাম, অৰ্থনৈতিক সুৰক্ষাও পোৱা নাযায় আৰু সিমান পুষ্টিকৰো নহয়। অথচ মানৱ প্ৰজাতিয়ে এই কৃষিকৰ্মতে নিজৰ সময় আৰু শক্তিৰ প্ৰয়োগ কৰি থাকিল। হাৰাৰিৰ মতে, কৃষিকৰ্মই মানৱ প্ৰজাতিৰ জৈৱিক প্ৰয়োজন পূৰণ কৰি সম্প্ৰদায় হিচাবে স্থায়ীভাৱে বসতি স্থাপন কৰা, কম সময়ৰ ভিতৰতে অধিক সন্তানৰ জন্ম দিয়াৰ লগতে সামান্য পৰিসৰৰ মাটিতে বহু মানুহক খাদ্য-সম্পদ লাভ কৰাত সহায় কৰিলে।

সাধাৰণভাৱে কবলৈ গলে এক সহজ জীৱন প্ৰণালীৰ অন্বেষণত মানৱ প্ৰজাতিয়ে বৃহত্তৰ স্তৰত কষ্ট-সংগ্ৰাম কৰিবলগীয়া হৈ আহিছে। হাৰাৰিৰ মতে বিলাসিতা প্ৰয়োজনীয়তা হৈ পৰিবলৈ লোৱাৰ ফলত নতুন কিছুমান বাধ্যবাধকতাৰো সৃষ্টি হৈছে। উদাহৰণস্বৰূপে, আমি কাৰোবাক কিবা কব লগা থাকিলে আগতে চিঠি লিখা হৈছিল। বৰ্তমানৰ তথ্য-প্ৰযুক্তিৰ অভাৱনীয় বিকাশৰ ফলত আমি প্ৰতিদিনে বহু ইমেইল পঠিয়াওঁ বা আমালৈ আহে। সেয়েহে কিছু বছৰৰ আগলৈকে তাৎক্ষণিকভাৱে ইমেইলৰ প্ৰত্যুত্তৰ দিব পৰাটো বিলাসিতা আছিল যদিও বৰ্তমান এয়াও এক প্ৰয়োজনীয়তা হৈ পৰিছে। অথচ ইয়াৰ ফলত কিছুমান নতুন ধৰণৰ বাধ্যবাধকতাকো আমাৰ মোবাইল ফোনত সংলগ্ন কৰিবলৈ বাধ্য হৈ পৰিছোঁ। 

দৰাচলতে বিলাসিতাৰ ফান্দ হৈ পৰা এই চক্ৰটোক ভাঙিব পৰাটো অসম্ভৱ হৈ পৰিছে। সময়, শক্তি আৰু অৰ্থ-সম্পদ বচাই ৰাখি আমাৰ জীৱনক সহজসাধ্য কৰি তোলাটো একপ্ৰকাৰৰ জৈৱিক ইচ্ছা হৈ পৰিছে। অৱশ্যে মানৱ প্ৰজাতিৰ এইদৰে নিজৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰাৰ সহজাত প্ৰবৃত্তিৰ কিছুমান যোগাত্মক দিশো আছে। এই সহজাত প্ৰবৃত্তিৰ ফলতেই মানৱ প্ৰজাতিয়ে আদিম যুগৰ ঘেঁহু উৎপাদনৰ পৰা বৰ্তমানলৈ হোৱা প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত হোৱা বিৱৰ্তনক সম্ভৱ কৰি তুলিছে আৰু মানৱৰ জ্ঞানক্ষেত্ৰৰ উন্নতিসাধন কৰি আহিছে। কাৰণ মানৱে সামাজিক মূল্যায়ন কৰিব পাৰে, মানৱে এই মূল্যায়নবোৰৰ গুৰুত্বক অনুধাৱন কৰিব পৰাৰ ক্ষমতা আছে। মানৱ প্ৰজাতিয়ে অঘৰী হৈ থকাৰ বিপৰীতে স্থায়ীভাৱে বসতি কৰাৰ দিশত অগ্ৰসৰ হওঁতে এই সামাজিক মূল্যবোধবোৰেই সমাজক পৰিচালিত কৰিছিল। মানৱৰ সামাজিক চুক্তিসমূহ পাৰস্পৰিক বিষয়বস্তুভিত্তিক বিশ্বাসৰ আধাৰতেই হৈছিল। সমাজৰ আধাৰশিলাক আয়, অৰ্থ-সম্পদ, ধৰ্ম আৰু ৰাষ্ট্ৰৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি লোৱা হৈছিল যিয়ে সমগ্ৰ বিশ্বৰ কোটি কোটি মানৱক তেওঁলোকৰ সচেতনতাৰ বাহিৰত এক কাল্পনিক বুজাবুজিৰ ধাৰণাৰে সংলগ্ন কৰি ৰাখিছিল।

আনহাতে মানুহে সততে কোৱা অধিকাৰ বোলা ধাৰণাটোৰো জৈৱিকভাৱে কোনো অস্তিত্ব বিচাৰি পোৱা নাযায়। এয়া প্ৰকৃততে এক কাল্পনিক ধাৰণা যিটোৱে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰে। কাৰণ মানহে এই কাল্পনিক আধাৰকেই বিশ্বাস কৰি আহিছে।

প্ৰকৃততে, সুখী হোৱাৰ ধাৰণাটো মানৱ সমাজত তুলনামূলকভাৱে এক নতুন ধৰণৰ লক্ষ্য হিচাপে অভিহিত কৰিব পাৰি। এই সন্দৰ্ভত হাৰাৰিয়ে আঙুলিয়াই দিছে যে সুখী হোৱাৰ ধাৰণাটো এক প্ৰকাৰ অগাণিতিক বিমূৰ্ত ধাৰণা। এই ধাৰণাৰ লগত কিছু পৰিমাণে সাদৃশ্য থকা বিষয়টো হৈছে মানুহৰ মনলৈ অহা আনন্দৰ অনুভৱ। সেই অনুভৱ যিয়ে মানুহক কোনো খাদ্য খালে পৰিতৃপ্তি দিয়ে অথবা সন্তান জন্ম দিলে মনলৈ অহা অনুভৱ আদিৰ দৰে এক প্ৰকাৰৰ ৰাসায়নিক সংবেদনহে! অৱশ্যে নিজকে সম্পূৰ্ণ বুলি ভবা মানুহৰ ক্ষেত্ৰত এই যুক্তি নাখাটিবও পাৰে। 

যি নহওক, জ্ঞানভিত্তিক বিপ্লৱৰ জৰিয়তে পৃথিৱীৰ তথা মানৱ সমাজৰ অগ্ৰগতিৰ ফলত স্থাপিত হোৱা পৰিসৰৰ মাজত জীয়াই থাকি মানৱৰ মনলৈ সুখী হোৱাৰ ধাৰণাটোৰ উদ্ভৱ হোৱাৰ থলো থাকিব পাৰে বুলি হাৰাৰিয়ে ভাৱে। সুখী হোৱাটো এক বিষয়বস্তুগত ধাৰণা, যিটো আদিম তথা মধ্যযুগীয় মানৱৰ পৰা বৰ্তমানৰ মানৱলৈকে এক বিস্তৃত পৰিৱৰ্তনৰ মাজেদি উৎকৰ্ষসাধন কৰা হৈছে। 

মানৱ সমাজৰ ইতিহাসত এক ধৰণৰ ভুল ধাৰণাই বদ্ধমূল হৈ পৰিছিল যে মানৱৰ বিৱৰ্তনেই সুখী হোৱাৰ দিশত সহায়ক হব। কিন্তু মানৱ সমাজৰ বিকাশৰ লগে লগে প্ৰযুক্তিগত বিৱৰ্তন, বিভিন্ন বিষয়ৰ দিশত দিক-নিৰ্দেশিত হোৱাৰ জৰিয়তে মানৱৰ লক্ষ্যও নিজকে সুখী কৰোৱাৰ উদ্দেশ্যেহে ধাৱমান হৈছে। এটা অৰ্থপূৰ্ণ জীৱনৰ সন্ধানৰ কাৰণেই মানৱ সমাজে নিজৰ দেশ বুলি স্বীকৃত ভূ-খণ্ডৰ সুৰক্ষা দিবলৈ আত্মবলিদান দিবলৈকো কুণ্ঠাবোধ নকৰাকৈ আছে অথবা মানৱ সমাজত সময়ে সময়ে দেখা দিয়া মহামাৰীৰ দৰে সংকটৰ সময়ত জীয়াই থকাৰ নতুন ধাৰণাৰ উন্মেষ ঘটাই হলেও ইতিহাসৰ সেই সংঘৰ্ষপূৰ্ণ সময়বোৰ মানৱে হেলাৰঙে পাৰ কৰি আহিবলৈ সক্ষম হৈছে।

সেইদৰে হাজাৰ বছৰ ধৰি জীয়াই থকাৰ সংগ্ৰামৰ ফলত প্ৰচলিত হোৱা জৈৱিক ৰীতি-নীতিবোৰেই হছেপিয়েনবোৰক নিয়ন্ত্ৰণ কৰি আহিছে যদিও এইবোৰ বিগত কেইটামান দশকতে সম্পূৰ্ণকৈ সলনি হৈ গৈছে। চিকিৎসা, কৃষি আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰবোৰত লাভ কৰা অগ্ৰগতিৰ ফলত মানৱে কেৱল এই জীয়াই থকা আৰু মানৱ সমাজক আগবঢ়াই নিবলৈ জন্ম দিয়াৰ সংগ্ৰামৰ দিশটোৰ পৰিৱৰ্তে নিজৰ ধ্যান-ধাৰণা সুখী আৰু অৰ্থপূৰ্ণ হোৱাৰ দিশত ধাৱমান হৈছে। ইয়াৰ ফলত জীয়াই থকাটোৱেই এসময়ত একমাত্ৰ লক্ষ্য-উদ্দেশ্য হৈ পৰা মানৱ সমাজে নিজকে শুদ্ধৰূপত আগবঢ়াই নিবলৈ চিন্তা কৰিব পৰাও হৈ পৰিল। 

প্ৰাণৱন্ত ভাষাৰ লালিত্য তথা এক গভীৰ অন্তৰ্দৃষ্টিৰে ছেপিয়েন্স গ্ৰন্থখনে সমগ্ৰ বিশ্বৰ পাঠকগোষ্ঠীৰ পৰা এখন সৰ্বকালৰ শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকাত নিজকে অন্তৰ্ভুক্ত কৰোৱাবলৈ সক্ষম হৈছে। বিশ্বৰ প্ৰায় ষাঠিটা ভাষালৈ অনুদিত হোৱা কিতাপখনৰ এই বিপুল জনপ্ৰিয়তাই হাৰাৰিক আচৰিতো কৰি তুলিছিল। হাৰাৰিৰ মতে কিতাপখনত উল্লেখ কৰা কথাবোৰ কোনো নতুন কথা নহয়। তেওঁ কোনো প্ৰত্নতাত্ত্বিক নহয়। কিতাপখন লিখাৰ দিশত তেওঁ তেনে কোনো বিস্তৃত গৱেষণাও কৰা নাছিল। তেওঁ জনা সাধাৰণ জ্ঞানকে কিতাপখনত দিয়াৰ চেষ্টা কৰা হৈছিল। অৱশ্যে সেই জ্ঞান এক নতুন ধৰণেৰে প্ৰকাশ কৰা হৈছিল। 

এইখিনিতে ছেপিয়েন্স পঢ়ি আমেৰিকাৰ সেই সময়ৰ ৰাষ্ট্ৰপতি বাৰাক অবামাৰ মন্তব্যৰ উল্লেখ কৰাটো সমীচিন হব। অবামাৰ মতে ছেপিয়েন্স কিতাপখন পঢ়ি তেওঁৰ এনে লাগিল যেন তেওঁ গিজাৰ পিৰামিডত বহি অতীত ইতিহাসহে দৰ্শন কৰি আহিল।

প্ৰায় পাঁচশ পৃষ্ঠাৰ কিতাপখনৰ বিভিন্ন অধ্যায়ত দিয়া যুক্তিসংগত ব্যাখ্যাৰ শেষত পাঠকলৈ দিয়া সামৰণিখিনিও সাৰগৰ্ভমূলক। কিতাপখন পঢ়িলে মানৱ সমাজ সন্দৰ্ভত বহু-বিবিধ অভিজ্ঞতা অৰ্জন কৰিব যে পাৰি সেইটো ধুৰূপ। জীয়াই থকাৰ তাড়নাতে কৰি অহা সংগ্ৰামৰ জৰিয়তে আদিম মানৱৰ পৰা মানৱে বৰ্তমানৰ মানুহলৈ পৰিৱৰ্তিত হৈছে। জ্ঞানভিত্তিক বিপ্লৱৰ বিস্তৃতিয়ে মানৱক সমাজ চলোৱাৰ ৰীতি-নীতিৰ উদ্ভাৱন কৰাত সহায় কৰিলে। অৱশ্যে কিছুক্ষেত্ৰত এইবোৰেই মানুহৰ সুস্থভাৱে জীয়াই থাকি সুখী হোৱাৰ পথত অন্তৰায় হোৱাটোকো অস্বীকাৰ কৰিব নোৱাৰি। সকলোতকৈ ডাঙৰ কথা, মানৱ সমাজৰ বিৱৰ্তনীয় তত্ত্ববোৰ বোধগম্য হোৱাত এই কিতাপখনে পঢ়ূৱৈক বিপুলভাৱে সহায় কৰিব পাৰে। মানৱে বাস কৰি অহা পৃথিৱী নামৰ গ্ৰহটো তথা মানৱৰ পূৰ্ব পুৰুষ, বিশেষকৈ আদি মানৱে লোৱা কিছুমান ঐতিহাসিক সিদ্ধান্তৰ বিষয়ত যুক্তিপূৰ্ণভাৱে ধাৰণা লোৱাত, আৰু জীৱনক অৰ্থপূৰ্ণভাৱে জীওৱাৰ দিশত এই ছেপিয়েন্স কিতাপখন সহায়ক হৈ থাকি যাব।

ছেপিয়েন্স গ্ৰন্থখন আচলতে মানৱৰ জৈৱিক তাড়না, বুদ্ধিমত্তা আৰু অৰ্থনৈতিক দিশৰ আলোচনাৰে মানৱ প্ৰজাতিক বিশদভাৱে বুজি উঠাৰ দিশত এখন উল্লেখযোগ্য গ্ৰন্থ।

 00000

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ