অন্যযুগ/


চ্যেলুইনৰ পৰা লুইতলৈ‍

ড° চন্দ্ৰধৰ চমুৱা 
(আঠ)
(যোৱা সংখ্যাৰ পিছৰ পৰা)

নগৰৰ সিংহদুৱাৰত ভৰি দিয়েই সি বুজি পালে নগৰত কিবা এটা ডাঙৰ অঘটন হৈছে। সি বেগেৰে ৰাজহাউলিৰ বাটচ’ৰাৰ ফালে আহিল। এইখিনিতে ঘোঁৰাৰ পৰা নামি ম’লুংজনৰ বাহিৰে সকলোকে বিদায় দিলে। পাইকসকলে ঘোঁৰাবোৰক ঘাঁহ-পানী দিবলৈ লৈ গ’ল।
সি বাটচ’ৰাৰ পৰা ভিতৰলৈ সোমাই আহিল। দেখিলে হাউলিৰ মানুহবোৰৰ মুখবোৰ মলিন৷ তেওঁলোকে ছ্যুৰ ফালে কিছু কাৰুণ্যমিহলি হাঁহি কটাক্ষৰে চাই তাৰ প্ৰত্যাগমনৰ প্ৰতি মৃদু সঁহাৰি জনাইছে। কোনোৱে আক’ তাৰ ফালে চাই ওচৰত থকাজনক কিবা একোটা মনে মনে কৈছে।... কিন্তু আচলতে হৈছেনো কি? তাক লৈয়ে কিবা ঘটিছে নেকি, বেলেগ কিবা এটা? সোনকালে কৈ দিলেনো কি হয়? “যি হ’বৰ আছিল বোধকৰোঁ হৈ গৈছে, তাৰ বাবে বিতত-বিচুৰ্তি হোৱাৰ দৰকাৰ নাই।” ম’লুংজনে চুক ক’লে৷ ‍মানুহবোৰৰ কোনোবা চ’তালত, কোনোবা কাৰেঙৰ অলিন্দত; কোনো বহি আছে, কোনো থিয় হৈ৷ পুৰোহিত, সেনাপতি, মন্ত্ৰী দুজন, কোনো কোনো কোনো প্ৰান্তীয় ফু কিন-মুঙ্‌ বিষয়া, ছ্যুৰ এনায়েক ৰাজমাও আৰু এপাওদেৱেক আই-কুঁৱৰীসকল, তাৰ কণমানি ককায়েকহঁত, সেই ম-য়া তাই বেজজনো দেখোন থিয় হৈ আছে! মানুহবোৰৰ মাজে মাজে শিশু দুটাই দৌৰা-দৌৰি কৰি খেলি ফুৰি‍ছে। সিহঁতৰ বাহিৰে বাকী আটাইৰে শোকাকুল দৃষ্টি। কিন্তু এইসকলৰ মাজত দেখোন তাৰ মৰম আৰু শ্ৰদ্ধাৰ নিচাওদেৱেক পামেউপুঙ্‌ নাই। তেওঁ ক’ত? মাও-লুঙৰ ৰজা আৰু ৰাজধানী চেংচেৰ আত্মাস্বৰূপ সেই মানুহজন ক’ত? সেই মানুহ জন, যিজনে তাক শিক্ষামূলক ভ্ৰমণৰ বাবে প্রবাসলৈ পঠাইছিল সকলো জা-যোগাৰ বন্দোৱস্ত কৰি? সেই মানুহজন, যিজনে কৈছিল যে ৰজা হ’বলৈ হ’লে কাড়ী-পাইকৰ কামো কৰিব জানিব লাগিব! ক’ত তেওঁ এই মুহূৰ্তত?
কথাটো এনে: পৰহি দিনা বেলি তিনিডাঁৰ উঠাৰ পৰত পামেউপুঙ্‌ বিছনাৰ পৰা নুঠা দেখি লিগিৰী এজনীয়ে ৰজাৰ শোৱা কোঠাৰ দুৱাৰ খুলি দেখে সেই ভীষণ আৰু ভয়ংকৰ দৃশ্যটো। তেজৰ ডোঙাত মূৰ থৈ পামেউপুঙৰ প্ৰাণহীন দেহ খাটৰ তলত পৰি আছে। তেওঁৰ অসাৰ মূৰটোৰ ওচৰতে এখন ছুৰী। কাৰেঙত হুৱা-দুৱা লাগিল। বতাহৰ দৰে প্ৰচাৰ হৈ গ’ল ৰজা পামেউপুঙ্‌ আপোনঘাতী হৈ মৰিল বুলি।
আচলতে মেদাম নিদিয়া পৰ্যন্ত ৰজাৰ মৃত্যুৰ খবৰ গোপনে ৰখা হয়। কিন্তু পামেউপুঙৰ অস্বাভাৱিক মৃত্যুৰ বাবে সেয়া সম্ভৱ নহৈছিল। মানুহবোৰে মুখৰোচক কথাৰ উঁহ বিচাৰি ফুৰেই। কোনো কোনোৱে কোৱা-কুই কৰিব ধৰিলে বোলে ৰজা আপোনঘাতী নহ’ব কিয়, তেওঁ যে অসুস্থ মানুহ, মনৰ বেমাৰ থকা চেৰাবলিয়া লোক; ছাগলে নাখায় কি পাগলে নকয় কি আৰু নকৰে কি? তেওঁ যে ৰাজ্যৰ জনজীৱনৰ কিবা এটা ভয়ংকৰ ক্ষতি নকৰাকৈ বা কাৰো প্রাণ নোলোৱাকৈ নিজৰ বাটে নিজে গুচি গ’ল, সেয়াই স্বস্তি‍ৰ কথা হৈছে। কোনোৱে ক’লে মানুহজন খুউব সন্দেহবাদী, আনক যিকোনো কথাতে সন্দেহ কৰে; আৰু দুৰ্বল হ’লে মানুহ হয়তো এনেকুৱা খাম-খেয়ালি ভাবৰ হয়েই। ইফালে কাৰোবাৰ প্ৰতি প্ৰতিশোধৰ ভাব থাকিলেও দুৰ্বল মানুহে সেয়া কাৰ্যকৰী কৰিব নোৱাৰে। পামেউপুঙৰ ক্ষেত্ৰতো কিজানি সেয়ে হ’ল। ঈৰ্ষা, সন্দিগ্ধতা আৰু প্ৰতিশোধৰ জ্বালা সহিব নোৱাৰি নিজেই গুচি গ’ল।… কিন্তু ৰজা পামেউপুঙে সঁচাই আত্মহত্যা কৰিলেনে? তেওঁ ইমানখিনিলৈকে যাব পৰাকৈ সঁচাকৈয়ে বলিয়া আছিলনে? তেওঁৰ অন্তৰৰ বেদনা ইমান দুঃসহ আছিলনে? এনে প্ৰশ্নও বহুতৰ মনত হৈছে। ইয়াতকৈ ডাঙৰ প্ৰশ্নও হয়তো আছে, যিটো মুকলিকৈ বা গোপনে আলোচনা কৰিবলৈ কাৰো সাহস হোৱা নাই৷
কাৰেঙৰ পৰা প্ৰায় দুশ গজ দূৰত হাউলিৰ উত্তৰ-পূব কোণত শ ৰখা ঘৰ— ডাম্‌ৰেণ৷ শৱদেহত ঔষধৰ প্ৰলেপ দি নষ্ট হ’ব নোৱৰাকৈ‍ সযতনে‍ ডাম্‌ৰেণত খাটৰ ওপৰত ৰখা হৈছে৷ চন্তৰী চাৰিজনে দিনে-ৰাতিয়ে সলনা-সলনিকৈ পহৰা দি আছে।
ছ্যু সেইফালে আগবাঢ়ি গ’ল। সি ওচৰ পোৱাৰ লগে লগে ডাম্‌ৰে‍ণৰ দুবাৰ মেলি দিয়া হ’ল। সি নিচাওদেৱেকৰ অসাৰ মুখখনলৈ চাই ৰ’ল। কথা কওঁ কওঁকৈ থকা মুখখনে আজি কথা নকয় কিয়? লগত অহা মানুহ দুজনে খন্তেক পাছতে তাক সেইখিনিৰ পৰা লৈ গ’ল আৰু কিবাকিবি বুজনি দিলে।
এই ঘটনা হৈছে তাৰ জীৱনৰ অন্য এটা সাঁচ ৰৈ যোৱা জোকাৰণি।
*  *  *  *  *

পামেউপুঙৰ আটাইকেইজনী জীয়েকৰ ইতিমধ্যে বিয়া হৈ গৈছিল। ডাঙৰজনী চীনা ৰাজকুমাৰলৈ। তাইলৈ খবৰ পঠোৱা হৈছে। আহি পাবলৈ হয়তো দহ-বাৰ দিনো লাগি যাব পাৰে। বাকীকেইজনীও দূৰত— চেন্‌-ৱি, চংকো নগৰত পৰিছে। আনফালে কেংলাও আৰু উত্তৰৰ মান-ম’, ম’গং পৰ্যন্ত মিতিৰ ৰজাৰ ৰাজ্যৰ ভিতৰতো অনেক সম্পৰ্কীয় লোক আৰু বন্ধু-বান্ধৱ আছে। গতিকে এমাহৰ আগতে শ-সৎকাৰ নহ’ব৷…
পামেউপুঙৰ উত্তৰাধিকাৰীহঁত নাবালক হৈ আছে। ইহঁত সাবালক হোৱালৈকে দেশখন চলোৱাটো সমস্যা হৈ পৰিছে। মন্ত্ৰী ডাঙৰীয়াই বিশ্বাসঘাতকতা কৰি ৰজা হোৱাৰ নজীৰ অৱশ্যে এতিয়ালৈকে মাও-লুঙ্ বা মাও-ছান দেশত নাই। কিন্তু দুয়োজন মন্ত্ৰী একগোট হ’লে ৰজা ভাঙিব পাৰে, ৰজা নহ’লে উপযুক্ত কোঁৱৰক পথাৰত হাল বাই থকাৰ পৰা বিচাৰি আনি হ’লেও সিংহাসনত বহুৱাব পাৰে। অৱশ্যে সেইজন হ’ব লাগিব খুন্‌-লুঙ্‌ আৰু খুন্‌-লাইৰ বংশৰ ৷ তেনে কোঁৱৰ নথকা নহয়। আনহাতে ল’ৰা হৈ থাকিলেও ছ্যু-কা-ফাকোতো ৰজা পাতিব পাৰি। সি যথেষ্ট বুজনো হৈছে। ৰাজমাৱে ইংগিতটো দিছিল। কিন্তু মন্ত্ৰী থাও-খেন্‌-মঙ্‌ ডাঙৰীয়াই কথাটো পছন্দ নকৰিলে। কি বিশ্বাস, সি যদি পাছলৈ প্রকৃত উত্তৰাধিকাৰীক ৰাজপাটখন এৰি নিদিয়ে! ৰাণী নাম-আপেও এই কথাত তীব বিৰোধিতা কৰিছে, ছ্যু এতিয়াও ল’ৰা হৈ আছে, আৰু ল’ৰানো সিংহাসনৰ লায়কৰনে? মন্ত্ৰীয়ে সোঁৱে ক’লে সোঁৱে আৰু বাঁৱে ক’লে বাঁৱে যোৱা ল’ৰা হৈ আছে সি৷ তাতকৈ দেখোন দুজনা মন্ত্ৰীয়ে কাম চলোৱাই ভাল। ল’ৰাকেইটা ডাঙৰ হ’বলৈনো কেই বছৰ লাগিছে?
পামেউপুঙৰ অন্ত্যেষ্টিক্ৰি‍য়াক লৈও সমস্যা হৈছে। ৰজাৰ মৃত্যুত তেওঁৰ উত্তৰাধিকাৰী ৰজা হোৱাৰ পাছত নতুন ৰজাই অন্ত্যে‍ষ্টিক্ৰিয়াৰ নিৰ্দেশ দিয়ে। কিন্তু এতিয়া ৰজা কোন? ডাঙৰীয়া দুজন আলোচনাত বহিছে। প্রচলিত নিয়ম মতে ৰজা নাথাকিলে মন্ত্ৰীয়েই শাসনৰ দায়িত্বত থাকে যেতিয়া তেওঁলোকেই ৰজাৰ অন্ত্যেষ্টিক্ৰিয়াৰ নিৰ্দেশ দিব পাৰে৷
এইবাৰ আক’ পুৰোহিতসকলৰ মাজত মতপাৰ্থক্য হ’ল। আত্মহত্যা কৰা মানুহৰ ক্ষেত্ৰত বিধিসন্মতভাৱে সেয়া হ’বনে নহয় এই লৈ প্ৰশ্ন৷ মন্ত্ৰীয়ে হস্তক্ষেপ কৰি ক’লে‍ যে হাজাৰ হ’লেও পামেউপুঙ্‌ ৰজা। আনহাতে তেওঁ আত্মহত্যা কৰা বুলি স্পষ্টকৈ কোনেও ক’ব নোৱাৰে। তেওঁ সন্যাস ৰোগ থকা মানুহ, ৰোগাক্ৰান্ত হৈ হঠাৎ অস্ত্ৰৰ ওপৰত বাগৰি পৰিও তেওঁৰ মৃত্যু হ’ব পাৰে। তিনি পুৰোহিতৰ এজনে এইবাৰ এটা কিছু শক্তিশালী যুক্তি দাঙি ধৰিলে; তেওঁ ক’লে যে মৃত্যুৱে মানুহৰ সকলো দেহজ মলিনতা ধুই নিকা কৰে৷ মৃতদেহ পৱিত্ৰ আৰু মৃত্যু জন্মৰ দৰেই পৱিত্ৰ৷ ৰাজপৰিয়ালৰ মানুহেও এই যুক্তিৰ প্ৰতি আদৰণি জনালে৷ গতিকে স্থিৰ হ’ল পোন্ধৰ দিনৰ ভিতৰতে ৰজাৰ মৃতদেহ সমাধিস্থ কৰা হ’ব৷ নগৰৰ অভিযন্তা চাং-ৰুঙৰ তত্ত্বাৱধানত চাও তাই-পুঙৰ মৈদামৰ কাষতে একঠামান মাটিত একুৰি পাইক লগাই এটা খাল খন্দালে৷ খৰি-খেৰ ভৰাই গাঁতটো জালি গাঁতৰ দৰে পোৰা হ’ল। তাৰ পাছত তলত, ওপৰত আৰু চাৰিও কাষত তক্তা লগাই এখন দুৱাৰ ৰাখি ভিতৰখন এটা বাকচৰ দৰে কৰা হ’ল। ভিতৰত এখন খাট ভৰোৱা হ’ল। ইফালে ৰাজহাউলিত উৰিয়াম কাঠৰ তক্তাৰে শৱাধাৰ নিৰ্মাণ কৰা হৈছে। মৃতদেহৰ লগত ৰজাই ব্যৱহাৰ কৰা আ-অলংকাৰ, বাচন-বৰ্তন আৰু অন্যান্য বহু সামগ্ৰী দিয়া হৈছে। শৱাধাৰ নগৰৰ ঘাইপথেদি শোভাযাত্ৰা কৰি নিয়া হ’ল। লগত তাই-চীনীয় বৰতাল আৰু মৃদংগৰ সৈতে গায়ন-বায়নৰ দল৷
শ ধোৱা পুখুৰীত পুৰোহিতৰ পৰিচালনাত মৃতদেহ ধুৱাই মন্ত্ৰপূত জল ছটিয়াই আই-চিং-লাও গোৱাৰ পাছত পুনৰ মৃতদেহ পেৰাত ভৰোৱা হ’ল। তাৰ পৰা দাঙি নি জালি গাঁতৰ ভিতৰত থকা খাটখনৰ ওপৰত মৃতদেহৰ পেৰাটো স্থাপন কৰাৰ পাছত সমাধিৰ দুৱাৰখন বন্ধ কৰি দিয়া হ’ল। পাইকসকলে ওপৰত মাটি দি ওপৰখন এটা টিলাৰ দৰে কৰি দিলে। দিনচেৰেকৰ পাছত এই প্রকাণ্ড ঢি‍পটোৰ ওপৰত তৰি দিয়া হ’ল চূড়াৰ সৈতে এখন চৌচালি৷ চাৰিওফালে বন্ধোৱা হ’ল এটা গড়।
অন্ত্যে‍ষ্টিক্ৰিয়া উপলক্ষে সেইদিনা ৰাজহাউলিত ধৰ্মানুষ্ঠান পাতি আলহী-অতিথিক আদৰা হ’ল, পুৰোহিতক দান-দক্ষিণা দিয়া হ’ল।
এইবোৰ গতানুগতিকভাৱে পোন বাটেৰেই হৈ গ’ল। এতিয়া ৰাজ্যভাৰ দিয়া-লোৱাৰ কামটোহে জটিল আৰু অকোৱা-পকোৱা। এমাহ কাল মন্ত্ৰী ডাঙৰীয়াসকলে চলালে, সদায় নচলে। তেওঁলোকে সেনাপতি আৰু প্রান্তীয় ফু-কিন্‌-মুঙ্‌ বিষয়াসকলকো আলোচনালৈ মাতিলে। এজনে পামেউপুঙৰ উত্তৰাধিকাৰী পুত্ৰৰ মাতৃ নাম্‌-আপকে পাটত বহুওৱাৰ কথা ক’লে, যেতিয়ালৈকে তেওঁৰ ডাঙৰ ল’ৰাৰ উপযুক্ত বয়স নহয় তেতিয়ালৈকে তেৱেঁ চলাব। এই কথাত দুজন ডাঙৰীয়াৰ ভিতৰত এজন সন্মত হৈছিল যদিও আনজনে বিৰোধিতা কৰাত প্ৰস্তাৱটো নৰ’ল। বিৰোধিতা কৰা মন্ত্ৰীজনৰ যুক্তি হ’ল ৰাণী নাম্‌-আপৰ জন্ম ৰাজবংশত হোৱা নাই, তেওঁ মন্ত্ৰীৰহে জীয়াৰী৷ বংশৰ পৰিচয় পিতৃৰ সূত্ৰেহে, এয়া তেওঁলোকৰ অভিমত, বিবাহ সূত্ৰে নাৰীয়ে সম্পত্তিৰ উত্তৰাধিকাৰী হ’লেও ৰাজ্যৰ উত্তৰাধিকাৰী নহয়। তেতিয়া পামেউপুঙৰ দ্বিতীয়া কন্যা নাং-য়েং-খাম্‌ লেঙৰ পক্ষে প্রস্তাৱ উঠিল। দুই মন্ত্ৰীৰ ঐক্যমত ক্ৰমে স্থিৰ হ’ল যেতিয়ালৈকে ছ্যু-খান ফা কোঁৱৰৰ উপযুক্ত বয়স নহয় তেতিয়ালৈকে ৰজাৰ জীয়াৰী নাং-য়েং-খাম্‌-লেঙে ৰাজ্য চলাব। নাং-য়েং-খাম্‌-লেঙেও সন্মতি জনালে৷ তেওঁ চেংচেৰ ৰাজকাৰেঙত থাকিবলৈ ল’লে৷
কিছু দিন পাৰ হ’ল। পাছত তেওঁ মন্ত্ৰী থাও-খেন্‌-মুঙ্‌ ডাঙৰীয়াৰ পৰা ঠেক পাবলৈ ধৰিলে; নাবালক ৰাজপুত্ৰৰ মাতৃ নাং-নাম্‌-আপৰ মনো খোলোচা নহয়, যেন মুখত মৌ পেটত গৰল। শেষত নাং-য়েং-খাম্‌-লেঙে ৰাজ্যৰ দায়িত্বৰ পৰাই অব্যাহতি ল’ব বিচাৰিলে। ৰাজ্যৰ মংগল আৰু এশ্বৰ্যৰ প্ৰতীক চুম্‌-ফ্ৰা-ৰুং-চেং-মুঙ্ বা চুম-চেং, ৰাজশক্তিৰ প্ৰতীক উত্তৰাধিকাৰী সূত্ৰে পোৱা হেংদান। এই ৰাজনৈতিক অস্থিৰতাৰ মাজত চিন্তিত হৈ বৃদ্ধা ৰাজমাও, ছ্যু-কা-ফাৰ এনায়েকে সম্পদ দুপদ গোপনে ৰাখি থ’লে, কাৰণ ডাম-লাক থকা সেই আছুতীয়া কোঠাৰ আছুতীয়া পেৰাত থোৱা এই সম্পদৰ সম্ভেদ আনে নাপায়। তেওঁৰ হয়তো মনে মনে ভয় হৈছিল, জানোচা ৰাজনৈতিক ধামখুমীয়াত কোনোবাই এই সম্পদ দুটি হস্তগত কৰে। আৰু তেতিয়াতো শক্তি আৰু এশ্বৰ্য হস্তগতকাৰীৰ হাতলৈ গুচি যাব।
মন্ত্ৰী ডাঙৰীয়াসকলে সিংহাসনৰ বাবে উপযুক্ত কোঁৱৰ এজনৰ সন্ধান কৰিলে। তেনে এজন কোঁৱৰ ওচৰতে নথকা নহয়। তেওঁ মন্ত্ৰী থাও-খেন-মুঙ্‌ ডাঙৰীয়াৰ সুপৰিচিত। তেওঁ হৈছে খুন্‌-চু বংশৰ৷ বংশাৱলী এনে ধৰণৰ— লেংডনৰ বংশৰ খুন্‌-লুং, সেই খুন্‌-লুঙৰ নাতিয়েক খুন্‌-চু। সেই খুন্‌-চুৰে নাতিয়েক ব্লক-খাম-দেঙ্‌৷ সুশ্রী পুৰুষ, ৰজাৰ উপযুক্ত প্ৰাৰ্থী। মন্ত্ৰী থাও-খেন্‌-মুঙৰ ঘৰলৈ আহ-যাহ আছে। মন্ত্ৰী ডাঙৰীয়াই নিজেই কোঁৱৰক লগ ধৰি প্ৰস্তাৱটো দিলে। পিছে প্রস্তাৱৰ লগত এটা চৰ্ত আৰোপ কৰা হ’ল— ভৱিষ্যতে ব্লক-খাম্-দেঙৰ কোনো পুত্ৰই উত্তৰাধিকাৰ দাবী কৰি নোৱাৰিব; পামেউপুঙৰ পুত্ৰইহে সিংহাসন লাভ কৰিব পাৰিব। এটা সৰল হাঁহিৰে ব্লক্‌ খাম্‌-দেঙে প্ৰস্তাৱটো আৰু তাৰ লগত থকা চৰ্তটো মানি ল’লে।
ৰাজকুমাৰী নাং-য়েং-খাম্‌-লেঙক ৰাজ্যভাৰ দিওঁতে যিগৰাকী নাম-আপ সন্তুষ্ট হ’ব পৰা নাছিল সেইগৰাকী নাম্‌-আপে চাও তাই-পুঙৰ ৰাজবংশৰ লগত তেজৰ সম্পৰ্ক নথকা কোঁৱৰ এজন মাও-লুঙৰ ৰাজপাটত বহাটো ইমান সহজভাৱে সমৰ্থন কৰিলে যে সেয়াও পাইক-প্রজাৰ পৰা আৰম্ভ কৰি ৰাজবিষয়ালৈকে অনেক লোকৰ বাবে ৰহস্যজনক হৈ ৰ’ল। কোনো কোনোৰ বাবে কথাটো এইটোও হ’ব পাৰে যে নাং-য়েং-খাম্‌-লেঙ্‌ হৈছে নাম-আপৰ সতীয়া জীয়েক; হাজাৰ হ’লেও নাম্‌-আপ তেওঁৰ মাহীমাকহে, এয়া মাহীয়তী মাকৰ ঈৰ্ষাৰ পৰিণতি আক’! আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা বোলা কথা এটাও আছে নহয়। যি কি নহওক ৰাজ্যত বিদ্ৰোহ বা বিশেষ অশান্তি নোহোৱাকৈ শাসনকাৰ্য পৰিচালিত হ’ব ধৰিলে। এইখিনি সময়ত বহিঃআক্ৰমণো তেনেকৈ হোৱা নাই। ছ্যুৱে নিচাৱেক পামেউপুঙৰ মৃত্যুৰ পাঁচোটা বছৰৰ পাছলৈকে এই শাসনৰ অধীনত আৰু ৰাজকাৰেঙত এনায়েকৰ মৰমৰ ছত্ৰছায়াত আৰু তাতকৈ বয়সত বহুত সৰু ককায়েকহঁতৰ লগত খেলা-ধূলা কৰি আৰু কেতিয়াবা গল্প কৰি মাও-লুঙৰ ৰাজধানী চেংচেত কটাই দিলে।
(আগলৈ‍)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ