অন্যযুগ/


চ্যালুইনৰ পৰা লুইতলৈ‍

ড˚ চন্দ্ৰধৰ চমুৱা
(যোৱা সংখ্যাৰ পিছৰ পৰা)

নাও-খেলৰ পাছত ছ্যুৱে উপভোগ কৰিলে সাঁতোৰ প্রতিযোগিতা। কিছু দুৰ দূৰে নদীৰ পাৰৰ দুটা সুকীয়া হেলনীয়া গৰাৰ কাষত ডেকা আৰু গাভৰুসকল গোট খাইছে। ডেকাহঁতৰ আঁঠুৰ ওপৰত পৰা জাঙিয়া, কঁকালৰ পৰা উদং গা। গাভৰুসকলৰ গাত আছে বুকুত মেঠনি মাৰি পিন্ধা মেখেলা মাত্ৰ। প্ৰতিযোগীসকলৰ পানীত কাৰোবাৰ বিপদ হ’লে উদ্ধাৰ কৰিবলৈ‍ নাৱৰীয়া আছে। গাভৰুৰ গাভৰু ভাগে, ডেকাৰ ডেকা ভাগে। নাম-মাওৰ পাৰৰ তাই গাভৰু নাও বোৱাত কিমান যে পাকৈত! এই গাভৰুহঁতে নাজানে কি? তাঁত বোৱাৰ পৰা মাছ মৰালৈকে, ৰোৱা-তোলাৰ পৰা ৰন্ধা-বঢ়ালৈকে, গীত-মাত-নৃত্য-বাদ্যৰ পৰা নাও বোৱা আৰু সাঁতোৰালৈকে নাজানে কি? এনে ৰং-আনন্দ, প্ৰাণ-প্রাচুৰ্যৰে পৰিপূৰ্ণ এটা জাতিৰ মুৰবী হোৱাটো কম ভাগ্যৰ কথানে? সি এই দেশৰ ৰজা হোৱা-নোহোৱাটো বেলেগ কথা, কিন্তু এইখন দেশ তাৰ নিজৰ, এইবোৰ মানুহ তাৰ নিজৰ মানুহ। সি হয়তো ৰজা হ’ব নোৱাৰে, নিচাৱেকৰ পুতেক ছ্যু-খান-ফা ৰজা হ’ব। সেইবাবে মনত বিশেষ খেদ নাই, হয়তো কিছু সুখহে আছে। তাৰ ৰোমাঞ্চপ্ৰিয় কৈশোৰ মনে এইবাৰ কল্পনাৰ ৰথত উঠি নাম-মাও, চ্যালুইন আৰু নাম্‌কিউ পাৰ হৈ দূৰ-সুদূৰলৈ ঢাপলি মেলিলে, য’ত এনেবোৰ মানুহ প্ৰান্তে প্ৰান্তে আৰু অনেক আছে। তাৰ পিতাক চাং-ন্যেউৰ ৰাজ্যত মং-মিত, কেংলাও, তাইপো, মগং আদি প্ৰদেশবোৰ আছে। সেইবোৰত হয়তো সি আপোন ককায়েকহঁতৰ লগত মিলি এনেকুৱা এটা বলিষ্ঠ আৰু ৰঙিয়াল জাতি লৈ পৃথিৱী জয় কৰিবলৈ যাব। ইত্যাদি অনেক কল্পনা৷
বান-লুঙ্‌ গাঁৱৰ ৰাইজে যথেষ্ট সমীহ কৰি আলহ-উদহেৰে ছ্যু-কা-ফা আৰু সহচৰসকলক এসপ্তাহ আলহী কৰি ৰাখিলে। দলটোৰ অভিযান অব্যাহত থাকিল।
ইয়াৰ পাছত মুঙ্-খ্ৰু, খাও-বুং, মঙ্-ৰিণ্‌ আদি বাটত লগ পোৱা গাঁওবোৰত কোনোখনত এদিন, কোনোখনত দুদিনকৈ থাকি মানুহৰ জীৱন-জীৱিকা, চাল-চলন, কৃষ্টি-সংস্কৃতিৰ লগত পৰিচয় হৈছে।
ছ্যুৰ এই শিক্ষামূলক ভ্ৰমণৰ অন্য এটা বিশেষ দিন।
পথৰ দুকাষে নানা দৃশ্য চাই চাই দলটোত সি গৈ আছে। কেতিয়াবা লগত দুই-এজনেৰে সৈতে সি বাকীসকলতকৈ কিছু দূৰ আগবাঢ়ে। এবাৰ তেনেকৈয়ে আগবাঢ়ি হাবিতলীয়া বাটটোৰে গৈ থাকোঁতে তাৰ চকুত পৰিল এডৰা টকলা গছ। গছডৰাৰ মাজতে চালি এখনেৰে সৈতে সৰু মুকলি ঘৰ এটা৷ তাৰ তলতে দীঘল চুলিৰ খোপা বন্ধা এজন আদহীয়া পুৰুষ আৰু সমবয়সৰ এগৰাকী তিৰোতা বহি আছে। মানুহজনৰ হাতত এখন ধনু, কাষত এটা খুৰুঙত এগাল বাটলু গুটি। জুইশালখনৰ ওপৰত থকা বৰচালনিখনতো তেনে এগাল গুটি আছে। ঘৰটোৰ ভিতৰত আৰু কিনাৰত চাঙত ওলোমাই থোৱা আছে কিছুমান শুকান গছৰ ঠাল। এনে ঠালৰ দুটা থুপ চতিতো বেতৰ জৰিৰে ওলোমাই ৰখা আছে। লগৰজনৰে সৈতে ছ্যুৱে খন্তেক থমকি সেইফালে চাই ৰ’ল। গছতলখন পৰিষ্কাৰ কৰি ৰখা হৈছে, ইফালে গছত পাত নাই। এই টকলা গছবোৰৰ গাত আক’ সেই কলপটুৱা আৰু তৰা গছবোৰ ঘূৰাই-মেৰাই কিয় বান্ধিছে? তাতে আকৌ সেয়া দেখোন কিছুমান সেউজীয়া পোক? কোনোটো বগাই ফুৰিছে, কোনোটো ঠৰঙা লাগি ৰৈ আছে। গছতলৰ মাটিৰ ওপৰত মুগাবৰণীয়া গুটি গুটি এইবোৰ কি?
হাবিৰ আঁৰে আঁৰে আহি থকা ছ্যুহঁতক মানুহহালে আঁতৰৰ পৰা দেখা নাছিল। হঠাৎ দেখা পাই তেওঁলোক হতভম্ব হৈ ৰ’ল। চৰাইৰ গালৈ মাৰিবলৈ সাজু কৰি লোৱা বাটলু গুটিটো হাততে ৰ’ল, চৰাই খেদা মুখৰ মাতটো আধাফুটাতে ৰ’ল৷ মানুহজনীয়ে মুখলৈ নিব খোজা গাঁঠিৰ তামোলখন হাততে থাকিল।
মুনিহ-তিৰোতাহালিয়ে সংশয়মিহলি কৌতূহলেৰে এনেকৈ চাই থাকোঁতে ছ্যুৱে‍ ইতিমধ্যে তাৰ কাষত আহি উপস্থিত হোৱা ম’লুংজনক সুধিলে— ‘‘এই মানুহহালিয়ে ইয়াত কি কৰিছে?’’ ম’লুংজনে বুজাই ক’লে— ‘‘এওঁলোক মুগা-চুঙীয়া, মুগা খেতি কৰা মানুহ, গছত বগাই ফুৰাবোৰ মুগাপলু, ইহঁতে গছৰ পাত খাই শেষ কৰিছে।’’ ছ্যুৰ কৌতূহল বাঢ়িল৷ সি মানুহহালিৰ ওচৰলৈ যাব খুজিলে ৷ ম’লুংজনে ক’লে যে চোমনিত সোমালে চুঙীয়াই মনত দুখ পাব পাৰে। বনৰ দেৱতা ফী-থৌনক পূজা দি তেওঁলোকে খেতি আৰম্ভ কৰে, তাতে একোখন চোমনিৰ সুকীয়া ডাঙৰীয়াও আছে। দেৱতা অসন্তুষ্ট হ’লে তেওঁলোকে খেতি নাপায় বুলি বিশ্বাস কৰে। ছ্যুৱে কথাটো বুজিলে৷ ইতিমধ্যে সি দেখি আহিছে ক’ত কেনেকৈ স্থানীয় লোকৰ পবিত্ৰ ঠাই আছে। তাই মানুহৰ পবিত্ৰ ঠাইৰ সীমা-সংখ্যা নাই। ৰুই লোৱা আঁহত গছ, বৰগছৰতো কথাই নাই, হাবিৰ উৰিয়াম গছো পবিত্ৰ। ডাঙৰ এজাৰ, আম, ঔ আদি যিকোনো জাতৰ গছতে একোজন দেৱতা আছে বুলি তাই মানুহে লুক্‌লাও দি সন্মান জনায়। প্ৰতিজোপা গছৰ যেনেকৈ আত্মা আছে প্রতিটো শিলৰো আছে, নৈ-বিল-পুখুৰীৰতো কথাই নাই। বনদেৱতা ফী-থৌনক তুতি-প্রাৰ্থনা নজনোৱাকৈ কোনেও হাবিত নোসোমায়, বৃক্ষদেৱতাক তুতি কৰি নোখোজাকৈ‍ বৃক্ষৰ ডাল এটাও নাকাটে৷ প্রতি গাঁৱতে একোখন সংৰক্ষিত হাবি থাকে, য’ত থাকে ফী-থৌন দেৱতা৷ সেই হাবি কোনো গঞাই লেতেৰা নকৰে, তাৰ গছ-বন নাকাটে আৰু মাজে মাজে দেৱতাক পূজা দি থকা হয়। নদীত নামিবলৈ, বিলৰ মাছ মাৰিবলৈ জলৰ অধিপতি খাও-খামক প্ৰাৰ্থনা কৰাৰ উপৰি সেই সেই নৈ-বিলৰ আত্মাক তুতি-মিনতি কৰি লোৱা হয়। এইবোৰক অমান্য কৰিলে বা অন্যায় কৰি এইবোৰৰ সম্পদ আহৰণ কৰিলে এইবোৰে মানুহকো অন্যায় কৰে। ... তেনেহ’লে চুঙীয়াৰ বিনা অনুমতিত বা দেৱতাক তুতি নকৰাকৈ চোমনিত সোমালে দেৱতাই অনিষ্ট কৰিব হয়তো চুঙীয়াৰ, হয়তো প্রৱেশকাৰীৰ! গতিকে ঘৰটিৰ তলত ভেবা লাগি চাই থকা মানুহজনকে ওচৰলৈ মতা হ’ল। মানুহজনীৰ হাতত ধনুখন দি তেওঁ আহিল।
সুশ্রী ল’ৰটিক দলটোত দেখিয়েই তেওঁ ইতিমধ্যে বুজি উঠিছে যে এয়া এলাপেচা দল নহয়। যেতিয়া আচল কথাটো জানিব পাৰিলে, তেতিয়া আৰু চোমনিৰ দেৱতাৰ ভাবটো কেনিবাদি উৰি গ’ল। সেই দেৱতাৰ ঠাইত বহি ৰ’ল চকুৰ সন্মুখতে মূৰ্তি‍মান অন্য এজন দেৱতা, সেইজন স্বয়ং ৰাজকুমাৰ। ৰজাৰ ল’ৰা! ৰজাতকৈ আৰু কোন ডাঙৰ আছে? তেওঁ আথেবেথে ছ্যু আৰু ম’লুংজনক ঘৰটিৰ ফালে মাতিলে৷
ছ্যু গৈ ঘৰটিৰ কাষত থিয় হ’ল। মানুহজনৰ কথা মতে মানুহজনীয়ে গাঁঠিৰ পৰা গুৱা-পাণ এযোৰ উলিয়ালে৷ ছ্যুৰ আগত পাত এখনত গুৱা-পাণযোৰ থৈ আঁঠু ল’লে আৰু আগমনৰ উদ্দেশ্য সুধিলে। ম’লুংজনে ছ্যুৰ শিক্ষামূলক ভ্ৰমণৰ কথা বুজাই দিলে। ছ্যুৱে‍ শুকান পাতৰ ডালিবোৰত বগাই ফুৰা দুই এটা সেউজীয়া পোক আৰু আৰু মুগাবৰণীয়া বাহবোৰৰ কথা সুধিলে৷ মানুহজনে ক’লে যে তাত পকা মুগা ধৰি আনি মেলি দিয়া হৈছে। ডাঙত থকা ডাল-পাতৰ সমষ্টিটো ডাংজালি আৰু তেল ঘঁহা বাঁহৰ চুঙাইদি সৰকাই নিয়া ৰচিত ওলোমাই থোৱাবোৰ টোপা জালি৷ ছ্যুৰ কৌতূহল আৰুবাঢ়িল আৰু সেই কৌতূহল নিৰসনৰ উদ্দে‍শ্যে চুঙীয়াজনে মুগা খেতিৰ আদ্যোপান্ত বিৱৰি ক’লে৷ পখিলাৰ পৰা কণী, কণীৰ পৰা পলু, পলুৰ পৰা সূতা। কণী ফুটি ওলোৱা পলুৰ বৰণ ছাইৰ দৰে৷ তিনি-চাৰি দিনৰ মূৰত ছাল কাটি সেউজীয়া ৰং লয়। এয়া ছাই উৰা পৰ্যায়। তাৰ পাছত পিঠিত দুটা ৰঙচুৱা ফোঁটেৰে দুই ওলায়, তাৰ পাছত তিনি আৰু শেষৰবাৰ ছাল কাটি চাৰি ওলায়। চাৰি বা মাইকী ওলোৱাৰ পাছত সাত-আঠ দিন পলুৱে প্ৰচুৰ পাত খায়। শেষত পাত খাবলৈ এৰি জলকা লাগি জলম কাটে। গধূলি বগাই যায়। এয়া পকা মুগা৷ গছৰ গাৰি-বান্ধৰ পৰা বা বগাই যাওঁতে তলৰ পৰা ধৰি কুঁকিত ভৰাই আনি জালিবোৰত মেলি দিয়া হয়। গছবোৰ তৰা আৰু কলপটুৱাৰে মেৰাই থোৱাৰ ৰহস্যটো সি এতিয়া বুজি পালে। এজোপা গছৰ পাত খাই শেষ হ’লে কেনেকৈ এই গাৰি বান্ধত পলুবোৰ গোট খায়হি আৰু তাৰ পৰা চিলিঙিত তুলি আনি কেনেকৈ নতুন গছত লগোৱা হয় ইত্যাদি সমস্ত কথা কোৱা হ’ল। দিনৰ ভাগত চৰাইৰ উপদ্ৰৱৰ পৰা পলুবোৰ ৰক্ষা কৰিবলৈ ধনু আৰু বাটলু গুটি লৈ ৰখি থকা হয়; ৰাতিও জোৰ লৈ নিশাচৰ চৰাই, বাদুলি আৰু শিয়ালৰ পৰা ৰক্ষা কৰিবলৈ খপিবলগীয়া হয়। এইবোৰ কথাও কোৱা হ’ল। মুগা পেৰা, খৰিকাৰ পৰা আৰম্ভ কৰি সমস্ত সঁজুলিৰ বিষয়ে, মুগালেটা সিজাই ভাওৰিৰে সূতা কটালৈকে গোটেই সুদীৰ্ঘ প্রক্রিয়াটো তাৰ আগত বৰ্ণনা কৰা হ’ল। সি চোমনিখন ঘূৰি-পকি চালে। চুঙীয়াৰ সন্মতি লৈ দু- এটা পলু হাতত লৈ চালে। ধনু লৈ বাটলু গুটি মাৰিবলৈও শিকিলে।
হাঁহি হাঁহি ছ্যুহঁতে চুঙীয়াৰ পৰা বিদায় ল’লে।
কিন্তু কি আচৰিত! এখন নহয়, দুখন নহয়, বাটত ইমানবোৰ চোমনি ! এজন নহয়, দুজন নহয়, এইছোৱা বাটত অসংখ্য চুঙীয়া! আগতেও হয়তো গছৰ তলত দুই-এজন মানুহ সি দেখিছিল; তেতিয়া হয়তো মানুহবোৰে খেতি আৰম্ভ কৰিছিল আৰু গছবোৰ পাতেৰে ভৰি আছিল, আৰু এয়া আজি এপষেক ডেৰ পষে‍কৰ ভিতৰত গছবোৰ লঙঠা হৈ গ’ল। তেতিয়া গছতলত দেখা মানুহ আৰু কাম-কাজৰ বিষয়ে তাৰ কৌতূহল জগা নাছিল; আৰু আজি সেয়া জাগি উঠাত জানিবলগীয়া কথাৰ এখন বিশাল পথাৰ যেন মুকলি হ’ল। মানুহৰ ভিতৰলৈ যিমানে সোমাই যোৱা হয় সিমানে যেন জ্ঞানৰ পৰিধি বাঢ়ি বাঢ়ি গৈ থাকে।
মুগাচুঙীয়াৰ ৰাজ্য। মাও-লুঙৰ ভিতৰতে এইখনো এখন ৰাজ্য। কেৱল এয়েইনে?
ম’লুংজনে ক’লে এৰী, পাট আৰু মেজাংকৰীৰ কথা৷ কপাহ খেতিৰ কথা। বস্ত্ৰ নিৰ্মাণৰ জগতখনৰ এক বিস্ময়কৰ বিস্তৃতিৰ কথা। ছ্যুৰ বিস্ময়-বিমুগ্ধ দুটি নয়ন উজ্জ্বল হৈ উঠিল৷ ৰাজকাৰেঙৰ বাহিৰৰ জগতখন কি যে বিশাল! জানি-বুজি শেষেই কৰিব নোৱাৰি। বাটৰ দাঁতিত অ’ত-ত’ত অসংখ্য গাঁও। গাঁওবোৰত ঢাপ মাৰি বেঢ়া দিয়া অনেক ঘৰ-বাৰী চকুৰ আগেদি পাৰ হৈছে অসংখ্য চাংঘৰ, মাটিৰ ভেঁটিৰ ঘৰ। কৰ্মব্যস্ত মানুহবোৰৰ কঁকালত আঁঠুৰ ওপৰত বা সামান্য তলত পৰাকৈ পিন্ধা পতনয় বা লুঙি।
গাত কাৰোবাৰ খঁৰা চোলা একোটা আছে, সৰহবিলাকৰ নাই, হয়তো একোখন কপাহী বা এৰী কাপোৰ আছে; কোনোজনৰ তাকো নাই, বোধহয় অভাৱৰ কাৰণে নহয়, কামৰ সময়ত অনাৱশ্যক বুলি গাত লোৱা নাই৷ প্ৰায়বিলাক পৈণত বয়সৰ পুৰুষৰে মূৰত একোটা এমেৰীয়া বা দুমেৰীয়া পাগ আছে; কোনোজনে আক’ দীঘল চুলিবোৰ কপালৰ আগলৈ তুলি খোপা বান্ধিছে। কোনো কোনোৰ হাতত জাপি, দা, কটাৰী, গৰুৰ পঘা, ম’হৰ ফঁই, এচাৰি আদি হাতিয়াৰ আৰু সামগ্ৰী।
চোমনি আৰু অৰণ্যবোৰ পাৰ হৈ আহোঁতে মাজে মাজে দেখা পোৱা গৈছে একোখন আহল-বহল পথাৰ। মানুহে অৰণ্য ভাঙি মুকলি কৰা পথাৰ৷ পথাৰৰ মাজত সৰু সৰু আলিৰে মাটিৰ ডৰাবোৰ। বৰষুণৰ বতৰ আহিব ধৰিছে। খেতিয়কে হাল বাবলৈ আৰম্ভ কৰিছে। বাম কঠিয়াতলি মাটিবোৰ ভালকৈ চহাই মুকলি কৰি থৈছে। দ, বাম আৰু মজলীয়া— বিভিন্ন খাপৰ মাটি। বাম মাটিবোৰত আগতীয়া শালি কৰা হয়। দ মাটিত শেহতীয়াকৈ কৰা হয়, বাৰিষা বতৰ যাবৰ সময়ত, যাতে বানপানীয়ে শস্য মাৰিব নোৱাৰে। মানুহবোৰ বৰ কৌশলী। প্রকৃতিৰ লগত খাপ খুৱাই নিজক বচাই চলে, প্ৰকৃতিক বিৰোধ নকৰে। গতিকে প্ৰকৃতি হৈ আছে সদায় আপোন, সদায় ফলদাতৃ। এয়া ম’লুংজনৰ মন্তব্য।
(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ