অন্যযুগ/


অংকুৰণতেই পূৰ্ণ সম্ভাৱনাৰ ইংগিত –‘ৰূপৰে টোলোঠা সোণৰ দোৰেপতি’ (তাঁত-ছালিখনিত এভুমুকি)

 অজিত ভৰালী


        সমীয়া গদ্যৰ সুদীৰ্ঘ পৰিক্ৰমাত যিকেইজন গদ্যকাৰে আমাৰ মন-মগজুত অলোড়ন সৃষ্টি কৰিছিল, সেই কেইজনৰ মনলৈ অহা নামকেইটি হ  সত্যনাথ বৰা, লক্ষ্মীনাথ বেজবৰুৱা, কালিৰাম মেধি, বেণুধৰ শৰ্মা, বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, যজ্ঞেশ্বৰ শৰ্মা, বিৰিঞ্চি কুমাৰ বৰুৱা, মহেশ্বৰ নেওগ, নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, হোমেন বৰগোহাঞি, নীলমণি ফুকন, ভবেন বৰুৱা আৰু ড০ হীৰেন গোহাঁই৷ এওঁলোকৰ গদ্য পঢ়ি অনুভৱ কৰিছিলোঁ ফৰাচী নাট্যকাৰ মলিয়া (Molie’r)-ৰ এটা চৰিত্ৰই আৱিষ্কাৰ কৰাৰ দৰে হায় ভগৱান! অত বছৰ ধৰি কব নোৱৰাকৈয়ে গদ্যতে কথা পাতি আছিলোঁহক৷ উল্লিখিত অসমীয়া গদ্যকাৰসকলৰ মাজৰে কেইজনমান সফল কবিও৷ উৎকৃষ্ট কবিতাৰ জৰিয়তেও তেওঁলোকে পাঠকৰ হৃদয় জুৰ পেলাব পাৰিছিল৷ কবিতাৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা নীলমণি ফুকনকো বহুতেই কবি বুলিয়েই জানে৷ কিন্তু মনত ৰখা ভাল উৎকৃষ্ট কবিৰ গদ্যয়েও নিজৰ সাঁচত ঢলা চানেকি পাঠকক দিব পাৰে৷ নীলমণি ফুকন এইক্ষেত্ৰত অন্যতম৷

        বিশ্ব সাহিত্যৰ ইতিহাস খুঁচৰি চালে (যদিও আমাৰ অধ্যয়নৰ সীমাৱদ্ধতা আছে) এনে কেইজনমান চিৰনমস্য সাহিত্যিক পোৱা যায় যিকেইজন একে সময়তে সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত স্বকীয় প্ৰতিভাৰে মহিমামণ্ডিত হৈ উঠিছিল৷ Voltaire (1694 – 1778), Hans Christian Andersen (1805-1875), Herman Melville (1819 – 1891), Fyodor Mikhailovich Dostoyevsky (1821-1881), T.S. Eliot (1888- 1965), Jeorge Luis Borges (1899-1986), Gabriel Garcia Marques (1927-2014)আদি এনে সাহিত্যিক৷

        হাইস্কুলীয়া জীৱনতে লিখিত আৰু প্ৰকাশিত নীলমণি ফুকনৰ ৰূপৰে টোলোঠা সোণৰ দোৰেপতি প্ৰবন্ধটিৰ মাজতে গো-খোজত নভোমণ্ডলৰ ছবি চাব বিচৰাৰ দৰে ভৱিষ্যতৰ কবি, অনুবাদক, কলা-সমালোচক, প্ৰবন্ধকাৰ, সম্পাদকজনক আৱিষ্কাৰ কৰিব পাৰি৷ প্ৰবন্ধটিত অসমীয়া ভাষাৰ স্বকীয় কালিকা, নিৰপেক্ষ দৃষ্টিভংগী, সমালোচকৰ দক্ষতা, অধ্যয়নৰ বিস্তৃতি, তথ্যৰ বিশ্লেষণৰ দক্ষতা এই সকলোবোৰ ফুটি উঠিছিল৷ বিশেষকৈ উজনি অসমৰ ভাষাৰ যি লালিত্য, যি মাধুৰ্য তাক তেওঁ ধৰি ৰাখিবলৈ কৰা প্ৰয়াস সেই এখুদমান বয়সতে লিখা প্ৰবন্ধটিতে প্ৰকাশিত হৈছিল৷ সত্যনাথ বৰা, লক্ষ্মীনাথ বেজবৰুৱা, বেণুধৰ শৰ্মা আদিৰ গদ্যৰ যিদৰে স্বকীয় বিশেষত্ব পাঠকে বিচাৰি পাইছিল ঠিক তেনে ধৰণেই নীলমণি ফুকনৰ এই গদ্য ৰচনাখনেও নিজৰ এটি শৈলী গ্ৰহণ কৰিছিল৷ যি আছিল কেৱল নীলমণি ফুকনৰ দৰে৷ গোলাঘটীয়া লোকভাষা, উজনিৰ খণ্ডবাক্য, উপমা ইত্যাদি আপোনা-আপুনি যেন আসন পাতি বহিছিলহি৷ ভাবিলে আচৰিত লাগে সেই ফুকলীয়া বয়সতে এনে তথ্যসমৃদ্ধ লেখা লিখিবৰ কাৰণে পোৱা প্ৰেৰণাৰে উৎস কি আছিল?৷ উৎসটো আন একো নাছিল আছিল ঘৰখন, ওচৰ-চুবুৰীয়াসকল৷ মাকৰ তাঁত-ছালিখনকেই বিষয় হিচাপে লৈ লেখকে উপন্যাসৰ দৰে ৰচনাখন আৰম্ভ কৰিছে তাহানিৰ চিত্ৰ এখনেৰে৷ যিখন চিত্ৰ লেখকে নোকোৱালৈকে পাঠকে ভাবিব নোৱাৰে সেয়া অতীতৰ বৰ্ণনা৷ এনে জীৱন্ত যেন লেখকে চাই চাই লেখি আছে৷ তাৰ পাছতে লেখকে যিকেইটা বিষয়ত গুৰুত্ব দিলে তেতিয়া তেওঁ স্কুলীয়া লৰা হৈ নাথাকিল জাতিটোৰ মাৰ্গদৰ্শৰ ভূমিকাত অৱতীৰ্ণ হল৷ আৰু তঅনিতে যি সকীয়নি দিলে সেয়া আজি ষোল অনাই সঁচা প্ৰমাণিত হল৷

প্ৰবন্ধটিৰ তিনিটা আংশিক অংশৰে উদ্ধৃতি দিয়াৰ লোভ সামৰিব পৰা নগল৷ এচৰু চাউলৰ এটা পিটিকি চালেই উমান পোৱা যায় সিজিছে নে নাই সিজা৷

ৰূপৰে টোলোঠা সোণৰ দোৰেপতি বহি বৈয়ে আছিল তাঁত মোৰ সোণ গজা দেশৰ সোণৰ গাঁৱৰ পদূলি শুঙা পিলিঙাহঁতে জোকালে গোঁ-গোঁৱাই টিকচি-বিকচি কৰি খং উঠি জকি-পকি, ৰঙা-চিঙা পৰা ৰূপ-দক্ষা চিত্ৰ লেখিকা শিল্পী-শিপিনী শুৱনি গাভৰু পিকৰাঙী জোন-তৰা৷ কাষতে ফটিক পাতেৰে ছোৱা সোণৰ কাঠীৰে বোৱা সৰুদৈয়া সিয়া জাপিটো তাঁতশালখনৰ জাতিবাঁহৰ খুটাটোতে আওঁজাই থৈ, আপোল-তামোল-দেৱাচালি কৰফুলৰ গুটিফুল বছা তামোল-হাঁচতিখনি মেলি টেকায় টেকায়কৈ অকটিয়াই-পকটিয়াই তামোল এমোকোৰা চোবাই, সাত ভাৰস্তৰ বাৰভচহু কথাৰ মালিহা মাৰি, মাজে মজে ঢেক ঢেক হাঁহি, মৰুৱা কাঠৰ যঁতৰত চেনেহৰ মহুৰা ফুৰাই ৰৃতে মগনা তেজৰাঙী গাভৰু সোণতৰা৷

মুনিহৰ ৰণ, তিৰীৰ বোৱন৷ মুনিহে ৰণ কৰি দেশ ৰাখিব, তিৰীয়ে বৈ-কাটি দেশ তৰাব৷ পুৰণি অসমত এই দায়িত্বৰ চুলিমানো হেৰ-ফেৰ নাই৷ তেল তামোল গিৰী, ভাত-কাপোৰে শ্ৰী৷ এই কালত আমাৰ জাতীয় জীৱনতেই কথাফাঁকিৰ আদৰ্শ জ্বলন্ত-জীৱন্ত হৈ আছিল৷

অসমৰ এই প্ৰাচীন ঘৰুৱা শিল্পসমূহ মৰহি-মলঙি যাবলৈ হলে আমাৰ জাতিটোৰ মৌলিকত্ব জানো আংশিকভাৱে হলেও কৰ্কৰিয়া নামাৰি সাতোটা দঁতাল হাতী বান্ধিব পৰা আঁটি আঁটি বতা জাতীয়তাবাদৰ বৰফঁইডালৰ জানো মেৰপাকবোৰ সোলোক-ঢোলোক হৈ নাযাব? পৰত আশ বনত বাস৷ কোলাৰটো এৰি পেটৰটোলৈ আশা কৰা লোকৰ কোনোকালে উদ্‌গতি নাই৷ জলকা মাৰি থকাৰো দিন উকলি গল৷নহলে যি পদ ৰৈছেগৈ তাৰো ভিকাচন ভাগিব৷

প্ৰবন্ধটিৰ মাজেৰে লেখকে কব বিচৰা কথাটি শিৰোনামৰ তলৰ বন্ধনিৰ ভিতৰত স্পষ্টকৈ উল্লেখ কৰিছে (তাঁত-ছালিখনত এভূমুকি)৷ লেখক যিমানেই বিষয়টোত সোমাই পৰিছিল, সিমানেই তাঁত-ছালিখনৰ লগতে বিভিন্ন প্ৰসঙ্গ স্বতৰ্স্ফূতভাৱে যেন ওলাই আহিছিল৷ প্ৰবন্ধটিৰ কেইটিমান গুৰুত্বপূৰ্ণ দিশ দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ

১) প্ৰবন্ধটোৰ দুটা স্তৰ প্ৰথমে অতীতৰ ছবি একোখন৷ পিছত বৰ্তমানৰ৷ তাৰ মাজতে প্ৰবন্ধকাৰৰ প্ৰশ্নত প্ৰতিফলিত হৈছে স্বদেশৰ প্ৰতি গভীৰ অনুৰাগ৷

২) অতীতৰ অসমীয়াৰ সাজপাৰৰ উল্লেখ৷

৩) আধুনিকতাৰ পৰশত অতীতৰ সোণোৱালী আৰু বিশেষ বৈশিষ্ট্যৰে সমৃদ্ধ সম্পদবোৰ নাইকিয়া হৈ যাব নেকি বুলি লেখকৰ মনত ওপজা সংশয়৷

৪) তাঁতশালখনৰ সঁজুলিৰ বিশদ বৰ্ণনা আৰু অতীত ইতিহাস৷

৫) জাতীয় কৃষ্টি-সংস্কৃতিত তাঁতশালখনৰ ভূমিকা৷

৬) অসমীয়া নাৰীৰ গৌৰৱোজ্জ্বল ইতিহাসৰ উল্লেখ৷

৭) প্ৰয়োজনসাপেক্ষে বুৰঞ্জী, বিভিন্নজন পণ্ডিতৰ উক্তি আৰু টোকা সংযোজন কৰিছে৷

৮) অতীত অসমৰ গ্ৰাম্য জীৱনৰ সৰস বৰ্ণনা৷

৯) স্বৰ্গদেউসকলে তাঁতী উৎসৰ্গা কৰা তথ্য দিবলৈ গৈ লেখকে দৰৎ ৰাজবংশাৱলীৰ পৰাও উদ্ধৃতি দিছে৷

১০) অসমৰ সামাজিক লোকাচাৰৰ সম্ভেদ৷ তাহানি বৈৱাহিক সম্বন্ধৰ বাবে ছোৱালী খুজিবলৈ যাওঁতে ছোৱালীজনী কাজী হয়নে নহয় তাৰ ভূ লোৱা হৈছিল৷

১১) ছোৱালী একোজনী বিয়া দিওঁতে তেওঁৰ লগত তাঁতশালখনৰ সকলো সামগ্ৰী দিয়াটো যে অসমত এক প্ৰকাৰৰ নিয়ম আছিল সেই কথাৰ উল্লেখ আছে৷

১২) অসমীয়া সাজ-পাৰৰ পৰিৱৰ্তনৰ ইতিহাস, বিভিন্ন জাতি-জনগোষ্ঠীৰ অৱদান, মহাকাব্য, ঊষা পৰিণয় আদিত উল্লিখিত কাপোৰৰ বৰ্ণনাও দাঙি ধৰা হৈছে৷

১৩) ভাৰতবৰ্ষৰ তাঁতীসকলৰ ইতিহাস আৰু অসমৰ তাঁতীৰ অতীত কথাৰ লগতে অসমৰ লোকগীতৰ বুকুত লেখকে শুনিবলৈ পোৱাঅসমৰ সুৱদি সুৰ, ওপজা মাটিৰ গোন্ধ আজি নোপোৱাত তেওঁ কৈছে

এই হেন দেয-মন জুৰ পৰা ঝুনা আজি অসমীয়া তাঁতী-শিপিনীৰ মুখত শুনিবলৈ পোৱা নাযায়৷ এনেবোৰ জাতীয় গীত-মাতৰ ভিতৰেদিয়েই অসমীয়া জাতিৰ স্বভাৱ আৰু জাতীয় কবিতাই সম্পূৰ্ণভাৱে উশাহ লৈছে৷

১৪) অসমৰ অৰ্থনীতিত তাঁতশালখনৰ ভূমিকাৰ লগতে অসম দেশৰ কাপোৰ কেনেকৈ, কাৰ দিনত, লৈ ৰপ্তানি হৈছিল তাৰ তথ্যও সন্নিৱিষ্ট কৰিছে৷

১৫) অসমৰ থলুৱা শিল্পকৰ্মৰ দুৰ্দশা ছবি এখন তেওঁ দাঙি ধৰি সময় থাকোঁতেই সেইবোৰক ৰক্ষা কৰাৰ ইঙ্গিতো দিছে৷

প্ৰবন্ধটিৰ মূল্য দুটা দিশত গুৰুত্বপূৰ্ণ৷ প্ৰথমে এই প্ৰবন্ধটো লেখকৰ আগ বয়সৰ ৰচনা৷ গতিকে ইয়াৰ সাহিত্য মূল্যতকৈ ঐতিহাসিক মূল্য বেছি হব লাগে৷ দ্বিতীয়তে, সাহিত্যমূল্যৰ দৃষ্টিৰে চালে ই এটা পাগত উঠা গদ্যৰ স্পষ্ট নিদৰ্শন৷ অসমীয়া গদ্য যে আনৰ পৰা ধাৰ কৰা ৰীতিৰে নচলিছিলতাৰ সত্যতাৰ বাবেও এই প্ৰবন্ধৰ প্ৰাসংগিকতা আজি প্ৰয়োজনীয়৷

উল্লিখিত তথ্যসমূহ প্ৰবন্ধটিত অন্তৰ্ভূক্ত কৰিবলৈ যাওঁতে লেখকে ব্যৱহাৰ কৰা গদ্যশৈলী অনন্য ৰূপত জিলিকি উঠিছে৷ আমি বিহংগম দৃষ্টিত দেখা পোৱা কেইটিমান দিশ হঅনুপ্ৰাসৰ প্ৰয়োগ, উপমাৰ প্ৰয়োগ, বৰ্তমান অপ্ৰচলিত শব্দৰ প্ৰয়োগ, লোকভাষাৰ সঠিক ব্যৱহাৰ, খণ্ডবাক্য, যোজনা-পটন্তৰৰ প্ৰয়োগ আৰু ডাকৰ বচনৰ উল্লেখ৷ তলত প্ৰতিবিধৰে উদাহৰণ দিবলৈ চেষ্টা কৰা হৈছে৷

অনুপ্ৰাস :

পদূলি শুঙা পিলিঙাহঁতে, গোঁ-গোঁৱাই টিকচি-বিকচি কৰি, জকি-পকি, টেকাম্‌কৈ টেকাম্‌কৈ অকটিয়াই-পকটিয়াই, কথাৰ মালিহা মাৰি, কাচোন কাচি, বাটকুৰি বাই, হামিয়াই-হিকটিয়াই, লহঙা-লহঙি, সাউৎ কৰে, মলঙা মাণিকী-মধুৰী মুখেৰে, সাঁচতীয়া সঁফুৰাত, নোম-নেগুৰ, বিন্দু বিসৰ্গ, বাৰ-বিজতৰীয়া, গৰিমা-মহিমা, টক্‌ টক্‌ টকাৰ মাত, তইহে তই মইহে মই, খতি-খুন, জলন্ত-জীৱন্ত, লাপি-লুপা, সাঁচে-কাটে সঁচা, উলা-মূলাবিধৰ, নাজল-নাথল, নিতাল-তাল ইত্যাদি৷

উপমা :

সেন্দূৰসোপা যেন ট ট কৰে ৰঙা

গা-গাৰি থকা ডেকামখা শুকাই-খীনাই খেৰৰ সনি যেন হল৷

জোনতৰাৰো হিয়াৰ পাততপিলিঙা ডেকাৰ চিকুণ পটে ঘনে ঘনে ভূমুকিয়াই বিজুলী ছাটিৰ দৰে হাঁহিটি মাৰে, লুইতৰ বানৰ দৰে পলস পেলায়৷

সাপৰ নেগুৰ ছিগা বেগেৰে আহি লউইতৰ দুইপাৰ ভৰি পৰিল৷

বৰ্তমান অপ্ৰচলিত শব্দ :

পিকৰাঙী, মগনা, ৰাইখ নাই, ধিতিঙা বাং দি খোৱা, লাং টোকোনা, এবুৰি ছঅঁৰা কথা, নৌ হয় এথোন, হৰিভৰ দিয়ে, শুকাই-উবাই, এদাঁৰমান বেলি, ঠিহিৰা লগা সাঁতিৰে, তাপৰিব, যুগুতি কৰিছে, চিতনি ইত্যাদি৷

খণ্ডবাক্য, যোজনা-পটন্তৰ :

শেনৰ এজাত, সময়ৰ শৰ, চাংপতা কথা, আগগুৰি বুজি, নলে লগা কথা, নাক-কাণ কটা, পানীত হাঁহ নচৰা, টেকেলি কাটি, দলদোপ-হেন্দোলদোপ, দৈৰ পানী এৰিয়াৰ কানি, এডোখৰ কুটা দুডোখৰ নকৰা, অচিন কাঠৰ থোৰাকো নলগাবা, বাহিৰে লটপট ভিতৰি কপট, শোকোটা দি মুকুতা নিয়া, কোলাৰটো এৰি পেটৰটোলৈ আশা কৰা ইত্যাদি৷

ডাকৰ বচন :

মুনিহৰ ৰণ, তিৰীৰ বোৱন৷’ ‘তেল তামোল গিৰী, ভাত কাপোৰ শ্ৰী৷’ ‘সৰু সূতা কাটে বৱে তাঁত৷ ওচৰ-চুবুৰীয়াই নুশুনো মাত৷৷

        নীলমণি ফুকনৰ কবিতা যিদৰে অনন্য, ঠিক সেই দৰে তেওঁৰ গদ্যৰো আছে এটা সুকীয়া পৰিচয়৷ আমি মাথোঁ এটা প্ৰবন্ধৰ মাজেৰে তেওঁৰ গদ্যৰ শৈলীত ভূমুকি মাৰিলোঁ৷ পাতি সোণাৰু ফুলআৰু পাহৰিব নোৱাৰিলো যিৰ গদ্যৰ মাজেদি উজলি উঠা নীলমণি ফুকনদেৱক জানিবলৈ গভীৰ সাধনা আৰু অধ্যৱসায়ৰ প্ৰয়োজন৷ গৱেষণাকৰ্মৰ জৰিয়তেহে সেয়া সম্ভৱ হব৷

(লেখক মুৰব্বী অধ্যাপক, অসমীয়া বিভাগ, কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়৷)

 

   

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ