অন্যযুগ/


ৰফিকুল হোছেইন হোৱাটো সহজ‌ নহয়

 সোণেশ্বৰ নৰহ

 

এমেছাৰ থিয়েটাৰ অৰ্থাৎ অপেছাদাৰী নাট্য আন্দোলনৰ অক্লান্ত সৈনিক ৰফিকুল হোছেইনৰ উচৰ্গিত জীৱনটো ইমান কম আয়াসতে ব্যাখ্যা শেষ কৰিব নোৱাৰি৷

কবিতাৰ ৰফিকুল হোছেইন বৰ সহজ নহয়…

‘শৰৱিদ্ধ আকাশ’ তেওঁৰ জীৱনৰ, বৌদ্ধিক চেতনা আৰু দায়বদ্ধতাৰ মাইলৰ খুঁটি৷ সম্ভৱতঃ তেওঁৰ যুগমীয়া সাহিত্য কৰ্মৰ ভিতৰত ই স্পষ্ট দাপোণস্বৰূপ৷ বিভ্ৰান্তি, মেদবহুলতা আৰু বিমূৰ্ততাৰ পৰা মুক্ত প্ৰগতিশীল কাব্যধাৰাৰ সবল অংশীদাৰ তেওঁৰ ‘শৰবিদ্ধ আকাশ’৷

৭০-৮০ দশকৰ অসমৰ প্ৰগতিশীল সাহিত্যৰ যি ধাৰা, সাম্প্ৰতিক সাময়িকী যুগৰ সৃষ্ট ৰফিকুল হোছেইন একাধাৰে অসমৰ এগৰাকী অপেছাদাৰী নাট্য আন্দোলনৰ পুৰোধা ব্যক্তিলৈও ৰূপান্তৰিত হোৱা পৰিচিতি নতুন প্ৰজন্মৰ বাবে সদায়ে পাথেয় হৈ ৰ’ব৷

এই যাত্ৰা ইমান সহজ আৰু সুলভ নাছিল, তথাপিও প্ৰত্যাহ্বানৰ মাজেদি সুনিৰ্দিষ্ট নাট্য দৰ্শন বুকুত বান্ধি জীৱনজোৰা সাধনাৰে অবিচল হৈ থকা যুগান্তকাৰী শিল্পী হিচাপে ৰফিকুল হোছেইন অসমৰ নাট্য জগতৰ ধ্ৰুৱতৰা হৈ থাকিব৷

‘ধোঁৱা দৈৱকী জলাশয়’ তেওঁৰ নিজা নাটকেইখনেৰেই নহয়, বিগত সময়ছোৱাত বহু নিৰ্বাচিত আগশাৰীৰ নাট্যকাৰৰ নাটকৰ পৰিচালনা আৰু অভিযোজনাৰে তেখেতৰ অন্তনিহিত জীৱনবোধৰ চানেকি প্ৰান্তে প্ৰান্তে অংকিত কৰি ৰাখিছে৷ যাক এই প্ৰজন্মৰ মানুহে বুকুৰ পৰা মচিব নোৱাৰাকৈ সাঁচি ৰাখিছে৷ ইয়াৰ প্ৰতিফলন তেওঁৰ মৃত্যুৰ সময়ত সৰ্বত্ৰে দেখা গৈছিল৷

অৱশ্যে কোনো কোনো সমালোচকে শেষলৈ তেওঁৰ কাব্যসাহিত্যৰ ধাৰাত কিছু বিমূৰ্ত নান্দনিকতাৰ প্ৰভাৱ অধিকতৰ হোৱা বুলি ক’ব খোজে৷ ই অৱশ্যে অবান্তৰ নহয় যদিও ইয়াৰ বাবে সামগ্ৰিক ৰাজনৈতিক পৰিস্থিতিও এটা কাৰণ হিচাপে বিবেচিত হয়৷

তেওঁ শেহতীয়া সাম্প্ৰতিক ৰাজনৈতিক সাম্প্ৰদায়িক হিংসাৰ পৰিৱেশক লৈ যথেষ্ট মৰ্মাহত হৈ থকা বুলি বহুগৰাকী সতীৰ্থৰ আলাপত উল্লেখ্য৷ যাৰ ফলত তেওঁ খুউব মৌনতাৰে  বাস্তৱ পৰিস্থিতিৰ মুখামুখি হোৱা বুলিও একাংশই ক’ব খোজে৷ এই বিড়ম্বনা আজিৰ পৰিস্থিতিত নিশ্চয়কৈ উলাই কৰিব নোৱাৰি, পিছে এই ঘটনাৰ পৰা আমি সচেতনমহলে শিক্ষা ল’ব লাগিব আৰু দায়বদ্ধতাৰে এনে জটিল পংকিল ব্যৱস্থাৰ বিৰুদ্ধে অধিক সচেতন নহ’লে এনে বহু ৰফিকুল হোছেইনৰ নিৰৱ মৃত্যু ঘটিব৷ এই কথাবোৰৰো বস্তুনিষ্ঠ আলোচনাৰ প্ৰাসঙ্গিকতা আছে৷ কিয়নো এগৰাকী মুক্তমনৰ শিল্পী মানেই তেওঁৰ এটা জীৱনবোধ নাইকিয়া হৈ নাযায়, তেজ-মঙহৰ অনুভুতি নোহোৱা হৈ নাযায়৷ তাতে এগৰাকী লব্ধপ্ৰতিষ্ঠিত স্বাভিমানী শিল্পী আছিল ৰফিকুল হুছেইন৷ আগতেও কৈছোঁ, ৰফিকুল হোছেইনে বৰমুৰীয়াৰ বৰঘৰৰ দুৱাৰ টুকুৰিয়াই আশীষ বিচাৰি ফুৰা সুবিধাবাদী শিল্পী নাছিল৷ গতিকেই তেওঁ ৰজাঘৰীয়াৰ স্বীকৃতিৰ উৰ্ধত জনতাৰ অন্তৰেৰে ইতিমধ্যে তেওঁক বৰ আসনত বহোৱাই সাঁচি ৰাখিছে৷

সেয়ে জনতাই কান্ধপাতি ল’ব লাগিব৷ এতিয়া আমাৰ কৰণীয় সম্পৰ্কে কথা পতাৰ সময়, আমি কছৰৎ কৰাৰ সময়৷ আমি ৰফিকুল হোছেইনৰ বাবে কৰ্মসূচী গ্ৰহণ কৰাৰ সময়৷

আশা কৰোঁ আমি অসমৰ সমূহ ৰফিকুল হোছেইন অনুৰাগীয়ে একত্ৰিত হৈ কমদিনৰ ভিতৰত লগ হোৱাৰ পৰিৱেশ গঠন কৰিব পাৰোঁ, এয়াই হ’ব আমাৰ দায়বদ্ধতাৰ চানেকি৷

                                                        ***

ভ্ৰাম্যভাষ : ৭০৮৬৩৬৪৫২১

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ