অন্যযুগ/


কবিতা

 (কবি, নাট্যকাৰ ৰফিকুল হুছেইনক সুঁৱৰি)

উদয় কুমাৰ বৰুৱা




 

কি নামেৰে উচ্চাৰণ কৰোঁ তোমাক   

নিৰুত্তৰ, কাৰুণিক সময়ো

সকলো অভিধাই যেন সৰুহৈ যায়

তোমাৰ বিশালতাত

 

হয়তো হেজাৰ ঋতুৰ ভাগৰ সামৰি

এতিয়া তুমি ক্ষণিক জিৰণিত

 

এটা বৰ্ণিল সপোন, এটোপাল সঁচা

চকুলোৰ বাদে আমাৰনো আছে

কি

তোমাক দিবলৈ

 

কাকনো সোধো

সোধোনো কাক

কাৰনো “জ্বলা জুপুৰিৰ চিঞঁৰ”

কঢ়িয়াই ফুৰিছা আতুৰ  কণ্ঠত,

এইযেন চিটিকি পৰিব

“নীলা বামিমাছ” যেন ৰাতিৰ নৈ খনত

 

কথা আছিল বেলি লহিওৱাৰ

আগতেই এবাৰ লগ পাম তোমাক

এসন্ধ্যা কেৱল কবিতাৰে পোহৰ হ’ব

বুকুৰ মাটিৰ চাংঘৰ

 

ধনশিৰি মুখৰ অনন্ত হালধীয়াত

বিচাৰিম জীৱনৰ হেৰোৱা ছন্দ, 

আৰু কিছু আৰণ্যক সময়

 

কথাটো নাছিল বিষাদ বসন্তৰ

এটা হাতছানিতে এনেকৈ  গুছি যোৱাৰ

উচুপনি এটা হৈ

হাবি বিহু এফাঁকিৰ

বেথাৰ তলিৰ

একান্ত নিজানত

মৃত্যুঞ্জয়ী গানৰ

বিলম্বিত লয়

সিপাৰে শূন্যতা....

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ