অন্যযুগ/


হোছেইন ৰফিকুল

পঙ্কজজ্যোতি ভূঞা

 

আশীৰ দশকৰ শেষৰ ফালে, চতিয়াত এখন নাট কৰ্মশালাৰ আয়োজন হৈছিল৷ অনাগত দিনবোৰৰ বাবে সৈনিক তৈয়াৰ কৰাৰ এক আখৰা আৰম্ভ হৈছিল৷ নাটকৰ বাবে আগ্ৰহী এচাম নতুন নাট্যকৰ্মীক গোট খুৱাই অসম নাট্য সন্মিলনে আয়োজন কৰা এই কৰ্মশালালৈ অৰুণ হাজৰিকা আৰু ৰফিকুল হোছেইন নামৰ বোকাখাটৰ দুজন ডেকা ল’ৰা সমল ব্যক্তিৰূপে আহিছিল৷ আমাৰ বাবে এইসকল নতুন মানুহ৷ ময়ো তেতিয়া নাটকৰ মঞ্চসজ্জা আৰু সঙ্গীতৰ লগতহে জড়িত আছিলো৷ সত্যজিত ৰায়ৰ দৰে (সেইটো মোৰ প্রথম দৰ্শনতে হোৱা অনুভৱ) ওখ পাখ দীৰ্ঘকায় ৰফিকুল হোছেইন নামৰ এই মানুহজনে কম সময়তে চতিয়াত নাটকৰ এক সুকীয়া পৰিৱেশ তৈয়াৰ কৰি পেলাইছিল৷ অসংখ্য গুণমুগ্ধৰ জন্মও হৈছিল৷ বিভিন্ন গাঁৱৰ পৰা অহা নাটকৰ খেতিয়কসকলক নাটক, কবিতা আৰু চিত্ৰশিল্পৰ পথাৰখনত লেটি ল’বলৈ বাধ্য কৰি বহু নতুন কথাৰ বিনিময়ৰ শেষত এদিন উলটি যাবলৈ সাজু হ’ল৷ নাটকৰ নতুন পাঠ লোৱা কৰ্মীসকলৰ বাবে এই বিদায় আছিল এক বুজাব আৰু ব্যক্ত কৰিব নোৱাৰা অভিজ্ঞতা পানপুৰ ঘাটলৈ আমি কেইজনমান তেওঁলোকক আগবঢ়াবলৈ গ’লো, কিন্তু সেইদিনা ফেৰীখন তেতিয়ালৈ গুচি গৈছিল৷ (দৰাচলতে বিদায়ৰ সময়ৰ কন্দাকটাতে বহুত সময় পাৰ হৈ গৈছিল) ইফালে সামৰণি অনুষ্ঠানলৈ অহা অখিল চক্ৰৱৰ্তীদেৱৰ পাছদিনা এক জৰুৰী কাম আছিল৷ তেতিয়াই ৰফিকদাই সকলোকে আচৰিত কৰি এজন নাৱৰীয়াক মাতি নাৱত লুইতখন পাৰ কৰি দিয়াৰ প্রস্তাৱ দিলে৷ ইফালে লুইতৰ পানীয়ে ঘাট পাৰ হৈ আহি ৰাষ্টা চুই আছেহি৷ ৰফিকদা মানুহজন নিৰ্বিকাৰ৷ ষাঠী টকাত দৰদাম কৰি এটা ভৰি নাৱত ৰাখিলেই! নাৱৰীয়াৰ মুখত অভয়বাণী শুনি সৰ্বশেষত উঠিল অৰুণ৷ চকুৰে মনিব পৰালৈকে আমি নাওখন চাই থাকিলো৷ নাওখনৰ গৰাকী সিটো পাৰৰ হোৱা বাবে সেইখন ঘূৰি অহাৰ প্রসঙ্গই নাছিল৷ পাছদিনাৰ পৰা বাতৰি কাকতত দহ দিনমানলৈকে খবৰ পঢ়িছিলো, ক’ৰবাত নাও দূৰ্ঘটনা হোৱাৰ খবৰ আছে নেকি? এমাহমানৰ পাছত অৰুণৰ এখন চিঠিয়ে মোক সকাহ দিছিল৷ সেই চিঠিতে আছিল ভৰ বাৰিষা লুইতৰ বুকুপাৰ হোৱাৰ এক দুৰ্দান্ত বৰ্ণনা৷ নদীৰ বুকুত থকা সময়খিনি বোলে অখিলদাই হৰি নাম লৈ আছিল৷ কিন্তু নাৱৰ মাজত স্থিতপ্ৰজ্ঞ হৈ বহি গৈছিল ৰফিকুল হোছেইন৷ সেইখন চিঠিতে ৰফিকদায়ো দুটামান শাৰী লিখি আমাৰ কুশল কামনা কৰিছিল৷ এইখন চিঠি এতিয়াও মোৰ হাতত থাকিব লাগে৷

এইদৰেই হাজাৰ বাধাকো নেওচা দি নাটকৰ আকুল আহ্বানত মানুহজন বাৰে বাৰে ঘৰৰ পৰা ওলাই গৈছিল৷ আমাৰ জীৱনত ৰফিকদাক চতিয়াৰ পাছত বিশ্বনাথ চাৰিআলিত, তাৰ সমান্তৰাল ভাৱে জামুগুৰিহাটৰ নাটকৰ চৰ্চাৰ লগত জড়িত হোৱা দেখিলো আৰু তাৰ লগত নিজেও জড়িত হ’লো৷ গোটেই অসমখনকে নিজৰ কৰ্মক্ষেত্ৰ কৰি লোৱা এই যুঁজাৰুজন শেহতীয়া কভিড মহামাৰীৰ সময়ত ক্ষন্তেক ৰৈছিল৷ অলপ নিৰৱতা আৰু স্থবিৰতাই গ্রাস কৰিছিল এই যাযাবৰজনক৷ বোকাখাটৰ পৰা পৱিত্ৰহঁতে মোলৈ ফোন কৰি দাদাৰ লগত কথা পাতিবলৈ অনুৰোধ কৰিলে৷ ‘কি হ’ল আপোনাৰ?’ ‘মোৰ একো হোৱা নাই, মাথো নাটক কৰিবলৈ মন গৈছে৷ পাৰিমনে আকৌ নাটক কৰিব? এয়াই আছিল নাটকৰ প্রতি সমৰ্পিত এগৰাকী ব্যক্তিৰ হেঁপাহ আৰু শংকা৷

বহু অগম্য ঠাইলৈ নাটকৰ বাবে দুৰ্গম যাত্ৰা কৰি ৰফিকদাই নাটকৰ কথা কৈছিল৷ নাটকৰ বাণী বুকুতে বান্ধি সপোন কঢ়িয়াই নিয়া এজন পৰিব্ৰাজক৷ ‘ক’ত আছে আপুনি?’ সিফালৰ পৰা উত্তৰ আহে, বালি চাপৰি এটাত এমহীয়া নাট কৰ্মশালা আয়োজন কৰি তাতে ব্যস্ত আছো৷ নাটক কি, ইয়াত কোনেও গমেই নাপায়৷ তুমি সামৰণিত আহিবা৷” জীৱনৰ শেষ সময়লৈকে তেওঁ জয় কৰিছে মানুহৰ হৃদয় আৰু নবীন-প্রবীণ সকলোৰে মন-মগজুত প্ৰোথিত কৰিছে নাটকৰ সেউজীয়া বীজ৷ নাটকৰ লগতে কবিতা, চিনেমা, চিত্ৰশিল্প, ৰাজনীতি আৰু আনুসঙ্গিক চৰ্চাও আজীৱন কৰি গ’ল ৰফিকুল হোছেইনে৷ নাটকৰ দৰ্শন আৰু নব্য নাটকীয় চিন্তা, সমাজ আৰু নাটকৰ মাজৰ ৰাজনৈতিক তথা সামাজিক সম্পৰ্কৰ কথা ৰাতিৰ আড্ডাৰ সমল বুলি যদি ধৰোঁ, তৎক্ষণিকভাৱেই কিন্তু ই বহুতৰে মন-মগজুত অমূলবিদ্ধ হৈছিল, তাৰ লগতে আমাৰ দৰে বহুতৰে হৃদয়ত নাটকৰ গণিতখন তেওঁৰ তৰফৰ পৰা পৰিষ্কাৰ কৰি পেলাইছিল৷ অসমৰ চুকে-কোণে তেওঁৰ প্রত্যক্ষ বা পৰোক্ষ ইচাৰাত কিমান নাটকৰ জন্ম হৈছিল তাৰতো হিচাপেই নাই৷

গ্ৰাম্যজীৱন এটাৰ প্রতি থকা সুতীব্ৰ আকৰ্ষণৰ বাবে তেখেতৰ লগত মই বহু ভিতৰুৱা ঠাইত ঘুৰাৰ সৌভাগ্য হৈছিল৷ নিজৰ ঘৰ বোকাখাটৰ লগতে অসমৰ প্রতিখন ঠাইতে তেওঁৰ গুণমুগ্ধ আছিল৷

নামনি অসম বা গুৱাহাটীৰ বাহিৰে অসমৰ বহু ঠাইত তেওঁৰ জৰ্দাপাণ খোৱা স্থায়ী দোকানো আছিল৷ ধেমাজি, লক্ষীমপুৰ, বিহপুৰীয়া, চতিয়া, বিশ্বনাথ, জামুগুৰিহাট যিদৰে তেওঁৰ নখদৰ্পণত মৰিগাঁও, নগাওঁখনো তেওঁৰ বাবে ভাতঘৰ আছিল৷ বিহপুৰীয়াত এটা সময়ত নাটক আৰু কবিতাৰ এক গহীন চৰ্চাৰ লগত তেওঁৰ সঙ্গী হোৱাৰ সৌভাগ্য হৈছিল৷ লগত আছিল মোৰ বন্ধু প্ৰয়াত হিতেশ ফুকন৷ অসীমা গোস্বামী বাইদেউৰ (এতিয়া দেৱ চৌধুৰী) নিমন্ত্ৰণত হোৱা এই আয়োজনৰ সময়চোৱাত মূলতঃ কবিতাৰ কথাই আছিল যদিও নাটক, সঙ্গীত আৰু চিত্ৰৰ মাজৰ সম্পৰ্কবোৰ বুজিবলৈ সুবিধা পাইছিলো৷ পশ্চিমৰ চিত্ৰকলাৰ বিভিন্ন আদৰ্শৰ কথা সহজভাৱে আলোচনা হৈছিল৷ যিবোৰৰ কথা পৰৱৰ্ত্তী সময়ত আমাৰ বৰ সহায়ক হৈছিল৷ দাদাইজমৰ অসংলগ্ন সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক অৱক্ষয়ৰ ধাৰণাবোৰ, ফোবিজমৰ অপ্রাকৃতিক ধাৰণাবোৰ, ঘনবাদৰ বিষয়বস্তুক ভাঙি-চিঙি পুনৰ নিৰ্মাণৰ কথাবোৰ বুজি উঠিবলৈ ৰফিকদাই বহুত কিতাপ আনি দিছিল৷ ইংৰাজী ভাষাৰ প্রতি থকা আমাৰ দুৰ্বলতাৰ বিষয়ে জানিয়েই সকলো কিতাপ বঙালী বা অসমীয়াতে আনি দিছিল৷ কেমু, ইবছেন, বেকটৰ লগত চিনাকিও তেতিয়াই হৈছিল৷ সমৰেশ বসু, হুমায়ুন আহমেদ, ঋত্বিক ঘটক, ইংমাৰ বাৰ্গমেন আদি বিভিন্নজনৰ ৰচিত কিতাপবোৰত তেওঁৰ হাতৰ সুন্দৰ আখৰবোৰ এতিয়াও জিলিকি আছে৷ উত্তৰ আধুনিক বুলি চিন্তা এটাৰ কথা পৰিদৰ্শন বঙলাৰ বাৰাণ্ডাত যেনেকৈ এদিন কৈ আছিল, তেতিয়া তাৰ লহৰ আমাৰ ইয়াত বাৰুকৈ আৰম্ভ হোৱাই নাছিল৷

 

ডিফুত বকলীয়াঘাটত প্রায় দুমাহ ধৰি এক নাট কৰ্মশালা হৈছিল৷ শিলভেটাৰ পানীৰ মাজত এজন বেলেগ ৰফিকদাক আৱিষ্কাৰ কৰিছিলোঁ৷ অনবৰত প্ৰকৃতিৰ লগত লাগি থাকি মানুহজনে তেতিয়া কেইটামান বিখ্যাত কবিতা লিখিছিল৷ সেইকেইটা কবিতা প্রকাশ হ’ল নে নাজানো কিন্তু কাৰ্বি লোক সংস্কৃতিক যেন তেওঁ বুকুৰ মাজত লৈ ফুৰিছিল৷ ফুলনি, সৰিয়হজান, ডিফু আদি ঠাইত বিভিন্ন গাঁৱৰ পাকঘৰে, চৰাঘৰে হোছেইনৰ নাটক, কবিতাৰ আড্ডা অব্যাহত ৰাখিছিল৷ প্রতিদিন লগ পোৱা মানুহৰ পৰা সাধু শুনা, গীত শুনাই মানুহজনৰ কাম আছিল৷ চাংঘৰবোৰ মানুহজনৰ বাবে আকৰ্ষণৰ বিন্দু আছিল৷ দিছাংমুখত এদিন চাংঘৰতে মোক এটা কবিতা শুনাইছিল, যিটো চাকিৰ চাংঘৰ হৈছিল৷ ‘ঘটোৎকচ’ নামৰ কবিতাটোৰ নাট্যৰূপ দিয়াৰ সময়তো অনুভৱ কৰিছিলো এই মাটিৰ প্রতি থকা তেওঁৰ টান৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কৰা বঞ্চনাৰ প্ৰতিবাদ এই কবিতাত বিদ্ৰোহী ৰূপত প্রকাশিত হৈছিল৷

অসমৰ কিমান বিশিষ্ট ব্যক্তিক তেওঁ চিনাকি কৰি দিছিল সেয়া মনত নাই কিন্তু আনৰ আগত আপোনাক বা মোক চিনাকি কৰি দিয়াৰ সময়ত যিমান পাৰি গুণৰ অধিকাৰী বুলি ক’বলৈ ৰফিকদাই কৃপণালী কৰা নাছিল৷ সেই অভিজ্ঞতা হয়তো বহুজনৰ ক্ষেত্ৰতে হৈছে৷ এবাৰ গুৱাহাটীত তেওঁৰ নাটক ‘দৈৱকী’ চাবলৈ নিমন্ত্ৰণ আহিছিল৷ আজিও হোৱাটছ এপ মেছেজ এপ আৰু ফেছবুক জাতীয় সামাজিক মাধ্যম চলাব নজনা মানুহজনে দিয়া এখন চিঠিৰ জৰিয়তে মই প্রয়াত বন্ধু হিতেশৰ লগত গৈ সমাৰোহৰ নাটকবোৰ চাইছিলো৷ তাতেই হবিব তনবীৰৰ ‘চৰণদাস চোৰ’ চাই ব্যাকুল হৈছিলো৷ নাটক চোৱাৰ পাছত ক’ত থাকিম আগতে ঠিক কৰি নোথোৱাৰ বাবে লতাশিল ফিল্ডত ৰফিকদাৰ লগত ৰাতিটো কিদৰে অতিবাহিত হৈছিল সেয়া এতিয়া ইতিহাস৷

নিজে এজন সফল নাট্যকাৰ হোৱা স্বত্বেও নাটক লিখাৰ বাবে ৰফিকদাই মোৰ দৰে আন বহুতকে সদায়ে উৎসাহিত কৰিছিল৷ প্রতিযোগিতা এখনত যোগদান কৰিবৰ বাবে তেওঁ যেতিয়া প্ৰথমবাৰ মোক নাটক লিখাৰ বাবে কৈছিল তেতিয়াই মনত দোলা দি থকা বিষয় এটা লিখি তেওঁক দেখুৱাইছিলো ৷ সেইখন হিচাপত মোৰ দ্বিতীয় নাটক আছিল৷ দাদাই খচৰাখন পোনচাটেই নাকচ কৰি পুনৰ লিখিবলৈ ক’লে৷ চাৰিবাৰকৈ পাণ্ডুলিপিটো সাজু কৰাৰ পাছত সন্তুষ্ট হৈ নাটকখনৰ বিষয়বস্তুটোৰ কথা আলোচনা কৰিবলৈ আৰম্ভ কৰিছিলোঁ৷ তেতিয়াই হয়তো নাটক আৰু সমাজ, নাটকৰ প্রস্তুতি আৰু প্রদৰ্শন এই সকলোবোৰ দিশৰ কথা প্রথমবাৰৰ বাবে গম পাইছিলো৷ মঞ্চ ভাৰসাম্য, মঞ্চসজ্জা আৰু পোহৰ বা ৰৈখিক ভাৰসাম্য আদিৰ বিষয়ে আলোচনা কৰিয়ে তেওঁৰ বাবে লিখিছিলোঁ “কিবা এটা হৈ আছে”৷

জ্যোতিৰূপাত কৰাৰ সময়তহে মই প্রথমবাৰ নাটকখন চাবলৈ সুবিধা পাইছিলোঁ৷ তাৰপাছত কিমান নাটক তেওঁৰ বাবে বা তেওঁৰ প্ৰেৰণাতে জন্ম হৈছিল সেয়া মনত নাই৷ মোৰ দৰেই হয়তো অসমৰ চুকে-কোণে অসংখ্যজনক এইদৰে উৎসাহিত কৰি আহিছিল৷ ক’ৰবাত যদি নাটকীয় উপাদান থকা গল্প বা বিষয় এটা বিচাৰি পায়, ৰফিকদাই তাৰ প্রসঙ্গ উলিয়াই দীঘলীয়াকৈ ফোন কৰি তাৰ ওপৰত নাটক লিখিবলৈ অনুপ্ৰেৰণা যোগায়৷ এনেকুৱা এক প্ৰেৰণাদায়ী ঘটনাৰ ফলশ্ৰুতিতেই লিখিছিলোঁ ‘তিনিটা ৰঙীণ পখিলা’৷ জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত দুজন বন্ধুৰ লগত ৰফিকদাৰ পুৱাৰ পৰাই আড্ডা, তাত মই ‘কাবাব মে হাড্ডী’৷ মোৰ লগত দৰকাৰী কথা এটা পাতি থকাৰ আধাতে এই ৰসাল আড্ডাটো আৰম্ভ হৈ শেষ নোহোৱা হ’ল৷ এটা সময়ত মই চতিয়াৰ ঘৰৰ পৰা এপাক অহাৰ কথাটো উলিয়ালো৷ তেওঁলোক সানন্দে মান্তি হৈ গ’ল আৰু ৰফিকদাই তলা-চাবি দুটা মোলৈ আগবঢ়াই দি ক’লে, ‘যোৱাৰ পৰত দুৱাৰখনত আগফালৰ তলাটো মাৰি চাবিটো পাছফালৰ দুৱাৰেদি দি থৈ যাবা৷ আমি ভিতৰত আছো বুলি কোনেও গম পাব নালাগে৷’ চতিয়ালৈ ঘূৰি আহোঁতে বাহিৰৰ পৰা তলা মাৰি ভিতৰত সোমাই থকা এই তিনিজনৰ ৰসাল আলোচনাৰ ফলশ্ৰুতিতে জন্ম হৈছিল ‘তিনিটা ৰঙীণ পখিলা’ৰ৷ শ্ৰদ্ধাৰ অৰুণ শৰ্মাদেৱৰ নিবচিনত আৰু পোনা মহন্তদেৱৰ সম্পাদনাত যেতিয়া ‘আধুনিক অসমীয়া নাটক’ শীৰ্ষক সাহিত্য অকাডেমীৰ সংকলনত এই নাট সন্নিৱিষ্ট হৈছিল, তেতিয়া ৰফিকদাই এই নাটকৰ জন্মকাহিনী এখন সভাত আনন্দেৰে কৈছিল৷ পাছত তাক এলবেয়াৰ কেমু সৃষ্ট এক চৰিত্ৰৰ লগত ৰজিতা খুৱাই ৰফিক দাদাই এই নাটকখনৰ সমালোচনাও লিখিছিল৷ তেখেতৰ নাট সমালোচনাসমূহৰ সূক্ষ্মতা আৰু তীক্ষ্ণতা আজিৰ দিনৰ খুব কম সংখ্যক সমালোচকৰ সমালোচনাতহে পৰিলক্ষিত হয়৷

মণিপুৰৰ কোৰাছ ৰেপাৰটৰীলৈ সঙ্গীত নাটক অকাডেমীৰ এগৰাকী পৰ্যৱেক্ষকৰূপে ভালেমান দিন থাকি প্রায় কুৰিখন নাটক চাই থকাৰ সময়তে এটা গল্প শুনি আহিছিলোঁ৷ গল্প মানে অ. পি. ভাৰতীদেৱে কোৱা সাধু এটা৷ ৰফিকদাক সাধুটো কওঁতেই তেওঁ তাৰ এক নতুন ৰাজনৈতিক ব্যাখ্যা আৰু দৃষ্টিকোণ নিৰ্মাণ কৰি মোক নাটক এখন লিখিবলৈ অনুপ্ৰাণিত কৰিলে ৷ ‘অমৰত্বৰ সপোন’ নামৰ নাটকখন প্রথমবাৰৰ বাবে ৰফিকদাৰ পৰিচালনাৰে সোণাপুৰত মঞ্চস্থ হৈছিল৷ ‘কুকুৰনেচীয়া’ নামৰ স্বাতী কিৰণৰ দ্বাৰা অনুদিত গল্পটিও ৰফিকদায়েই জনমভূমিখন উপহাৰ দি মোক নাটক এখন লিখিবলৈ অনুৰোধ কৰিছিল৷ আৰু কিমান উদাহৰণ দিম?

মহানগৰৰ শীততাপ নিয়ন্ত্রিত প্ৰেক্ষাগৃহৰ বিপৰীতে অতীজৰে পৰা আমি মুকলি মঞ্চতে নাটক কৰি আহিছো৷ চতিয়াৰ প্ৰেক্ষাপটত যদি কওঁ, তেতিয়াহ’লে ২০১১ চনতহে আমি এটা নাট্যমঞ্চ আৰু প্ৰেক্ষাগৃহ পাইছিলো৷ সেয়ে প্রাকৃতিক মঞ্চস্বৰূপ গছৰ তলতেই কৰিছিলো মহিম বৰাদেৱৰ গল্পৰ আধাৰত ৰচনা কৰা ‘ৰস’৷ এই ‘ৰস’ৰ জৰিয়তেই ৰফিকদা জামুগুৰিহাটৰ নাটকৰ জগতখনৰ লগত জড়িত হৈছিল আৰু জীৱনৰ শেষ সময়লৈকে এই সম্পৰ্ক সজীৱ কৰি ৰাখিছিল৷ ‘ৰস’ গল্পটিও ৰফিকদাই প্ৰথমবাৰ মোক শুনাইছিল৷

কোনো দিনে জিৰণি নোলোৱা মানুহজন যি ঠাইলৈকে গৈছে তাতেই নাটকৰ এক পৰিৱেশ তৈয়াৰ কৰাই নহয় নতুন ইতিহাস ৰচনা কৰি আহিছে৷ যেতিয়াই খবৰ লওঁ তেতিয়াই কোনো দূৰৱৰ্ত্তী ঠাইত ৰফিকদাৰ উপস্থিতিৰ কথা গম পাওঁ৷ নগৰৰ নাট্যমঞ্চৰ বিপৰীতে ধুমুহাই ফালি চিৰি থৈ অহাৰ পাছতো নতুনকৈ তম্বু তৰি নাটক কৰাৰ উদাহৰণ ৰফিকদাৰ জীৱনত বহু আছে৷ ঢকুৱাখনাত হোৱা এক আয়োজনত এনে ধৰণৰ সংগ্ৰামৰ কথা মনত পৰে৷

জাতীয় নাট্যমঞ্চ নামৰ অপেছাদাৰী নাট্যদলসমূহৰ সমূহীয়া মঞ্চ এখন তৈয়াৰ কৰিবৰ সময়তো ৰফিকদাই সহায় কৰিছিল৷ বহু নীতি-নিয়মৰ মাজত এই অনুষ্ঠানৰ সদস্যপদ ৰাখি অসমৰ নাট্যকৰ্মীসকলক নিজ নিজ নাট্যদলসমূহৰ জৰিয়তে একত্ৰিত কৰিবলৈ চেষ্টা কৰা হৈছিল৷ তেতিয়া মোৰ এটাই প্রশ্ন হৈছিল ৰফিকদা ইয়াত কেনেকৈ জড়িত হ’ব? তেওঁ অকলেই এক অনুষ্ঠান৷ গোটেই অসমখনকে নিজৰ নাট্যমঞ্চৰূপে ভাৱি যিজনে কাম কৰি গৈছে তেনে ক্ষেত্ৰত সংগঠনটোৱে কি দৰে তেওঁক সামৰিব? সেয়া প্রশ্ন হৈয়ে ৰৈ গ’ল৷ বোকাখাট নাট্য মন্দিৰে এটা সময়ত এই গৰাকী যাযাবৰী শিল্পীৰ বাবে এটা কোঠা প্রদান কৰি এক নজিৰ সৃষ্টি কৰিছিল৷

সমাজৰ এনে এচাম মানুহৰ লগত দাদাৰ সম্পৰ্ক আছিল হয়তো সেইসকলক সমাজত কোনেও গণ্যই নকৰে৷ দাদাৰ আগমনৰ লগে লগে গোট খাই নিশাটো কথা পতাৰ অভিজ্ঞতা যিসকলে পোৱা নাই, সেইসকলে জীৱনত বহু কথাই গম নাপালে৷ ৰিক্সাচালক, পাণৱালা, পৰিদৰ্শন বঙলাৰ চকীদাৰ, ধোবা, মেক আপ মেন, পেপাৰৰ হকাৰ, প্ৰশাসনীয় বিষয়া, শিক্ষক, লাইটৰ সহকাৰী শিল্পীসকলৰ পৰা আৰম্ভ কৰি সমাজৰ প্রতিটো শ্ৰেণীৰ মানুহৰ লগত দাদাৰ সম্পৰ্ক লক্ষণীয় আছিল৷ জীৱনটোত বহু মানুহক ন ন ক্ষেত্ৰৰ লগত পৰিচয় কৰি দিয়াৰ কাম কৰিছিল তেওঁ, কাৰণ অগণন কৰ্মীৰ লগত চিনাকিও আছিল৷ ৰফিকদাৰ বাবেই মই চিনেমাৰ লগত জড়িত হৈছিলো৷ এদিন ৰফিকদাই চিনাকি কৰি দিছিল অসমীয়া চিনেমাৰ প্ৰখ্যাত পৰিচালক অতুল বৰদলৈদেৱৰ লগত৷ তেখেতৰ মই ‘কল্লোল’ আৰু ‘বনৰীয়া ফুল’ নামৰ চিনেমা দুখন চাই প্রভাৱিত হৈছিলোঁ৷ মই তেতিয়া দুলীয়াজানত মোৰ প্রথম পূৰ্ণাঙ্গ নাটকখন কৰি মঞ্চৰ পৰা নামিছিলোঁ৷ মানুহজনে চতিয়ালৈ আহি মোক লগ ধৰাৰ কথা ক’লে৷ এদিন গম পালো বোকাখাটৰ জিতু শৰ্মা ৰাজখোৱা, পুলিন শৰ্মা, জাহ্নু বৰবৰা, অৰুণ হাজৰিকা, গোপিকানন্দ শইকীয়া, মৃদুল বৰুৱা আদিয়ে ৰাইজৰ সহযোগিতাৰে এখন চিনেমা নিৰ্মাণৰ কথা ভাৱিছে৷ নাম ‘চিঞৰ’৷ এদিন ৰফিকদা আৰু অতুল বৰদলৈদেৱ চতিয়ালৈ আহি ইয়াৰ সঙ্গীত পৰিচালনা কৰাৰ প্রস্তাৱ দিলে৷ আচৰিত হোৱাৰ বাহিৰে মোৰ একো নাছিল৷ তেতিয়াৰ মাদ্ৰাজলৈ অতুলদাৰ লগত মই গৈছিলোঁ৷ সেয়া সকলো হৈছিল ৰফিকদাৰ প্রত্যক্ষ হস্তক্ষেপত৷ সেইখন চিনেমা মোৰ দৰে আন বহুতৰ বাবে চিনেমাৰ প্রথম অভিজ্ঞতা আছিল৷

নাটকৰ পৰিকল্পনা আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত ৰফিকদাৰ পৰিষ্কাৰ সিদ্ধান্তবোৰৰ কথা মনত পৰে৷ পোহৰ, সঙ্গীত আৰু মঞ্চসজ্জাৰ ক্ষেত্ৰত একাচেকা মানুহজনৰ দ্বাৰাই চিনাকি হৈছিলো শ্ৰদ্ধাৰ প্রণৱ বৰুৱাদেৱৰ লগত৷ মোৰ ‘বিস্মৃতাৰ এৰাতি অকলে’ নামৰ নাটকখন প্রথমবাৰৰ বাবে নগাঁৱত কৰিবৰ সময়ত প্রণৱদাই মঞ্চসজ্জাৰ পৰিকল্পনা কৰি দিছিল৷ পাছলৈ মোৰ ‘তিনিটা ৰঙীণ পখিলা, ‘এ পলিটিকেল ড্ৰীম’, ‘ওপৰ মহলাৰ বন্ধুজন’ আদি নাটকৰ মঞ্চসজ্জাৰ ধাৰণা প্রণৱ বৰুৱা দাদাৰ পৰাই লাভ কৰিছিলো৷ সেয়া এক সোণালী সময় আছিল৷

অতি আৱেগিক ৰফিকদাৰ চকুৱেদি খুব কম সময়তহে হয়তো চকুপানী ওলাইছিল৷ সৰু সৰু কথাতে অভিমানে কবিৰ বাট আগচি ধৰে৷ অতি নিকট সম্পৰ্কীয় আৰু আপোনজনেহে জানে মানুহজনে কেতিয়া কান্দিছিল৷ দেখাত কঠোৰ আৰু আকোৰগোজ যেন লগা মানুহজন নাটক বুলি ক’লেই সৰু ল’ৰা এজন হৈ পৰে৷

আৰু এটা প্রসঙ্গেৰে শেষ কৰিব বিচাৰিছো৷ গড়গাঁৱত নাটক চাই আছো, মোৰ নতুন নাটক ‘আবেলি’৷ ৰফিকদাক কোৱা নাই, সেইখন মোৰ লিখা নাটক বুলি৷ মোৰ কাষত অভিনেতা অসীম শৰ্ম’৷ নাটক চলি আছে, এটা সময়ত দেখিলোঁ মানুহজনে ৰুমাল উলিয়াইছে, মাজে মাজে চকুকেইটা মচিছে৷ মনে মনে চাই আছোঁ, এবাৰ মাতিলোঁ৷ দেখিলোঁ সচাকৈ মানুহজনে কান্দিছে! মোৰ যিমান চকু মঞ্চত, সিমান মানুহজনৰ ওপৰতো৷ নাটকৰ শেষত ৰফিকদাই মোৰ হাতত কাগজ এখন তুলি দিলে৷ কবিতা এটা৷ নাটকখন চাই তাৎক্ষণিক প্রতিক্ৰিয়া৷ কবিতাটো বাতৰি কাকতৰ পৰা পোনপটীয়াকৈ তুলি দিলোঁ৷

পটভূমিৰ পদ্য

(পঙ্কজজ্যোতি ভূঞাৰ নাটক-‘আবেলি’ৰ প্রত্যক্ষ মঞ্চদৰ্শনৰ তৎকালীন শব্দ-বোঁৱন)

চাগে,

ভালপোৱাৰ কেঁচা কচুপাতত অঁকা

জীৱনৰ চিত্ৰকলাখনেই প্ৰেম

প্ৰেমৰ লাখুটি নাথাকে

যে বৃদ্ধ হ’ব

নাথাকে কোনো এ.ছি গৃহ

শ্বাৱাৰ- গিজাৰ

 

প্রেম চাগে ৰং আৰু বৰ্ণৰ

সূক্ষ্ম অনুভৱী চলচ্চিত্ৰ

 

চলচ্চিত্ৰৰ

সেই পকা জামুবৰণীয়া অন্তেষপুৰতে

গজে নেকি টোকোৰা চৰাইৰ বাহ এটা?

বাহটো চাগে পুৰঠ হয় এদিন

ঘনচিৰিকা ঠোঁট যেন গুটিধান এটি হৈ

 

ধানঠোকে চাগে তেতিয়াই চিঞৰে

দে জীয়ন দে

তোৰ জীয়ণাৰ গৰ্ভত জীয়ন দে

মইযে জল

জল কেৱল

গোটা কৰ মোক

তোৰ অগ্নিগড়ত

 

এদিন

সেই উমাল চোকোৰাৰ শুভ্ৰ অন্তৰ্ভাগতে

কুহুমবুলীয়াই সোধে নেকি চাগে

 

কেতিয়া ফুটিম

ফুটিম কেতিয়া

আঁকিবলে,

জীৱনৰ নিৰ্মেঘ নীলাত

উৰণৰ এখন আকাশ?

 

গজিব কেতিয়া আমাৰ ধান ঠোটত

পিয়ানো

অৰ্গেন

ভায়লিন?

 

জীৱন,

তোক বজাবলে’

তোক ৰঙাবলে’

তোৰ,

মাটি দোঁতাৰাত?

নাটক, ছবি, গান, কবিতা এই সকলোবোৰ লৈ আমাক চহকী কৰা দুজন মানুহেই জীৱনত লগ পাইছিলো, হীৰুদা আৰু ৰফিকদা৷ দুয়ো আঁতৰি গ’ল৷ এইদৰেই হয়তো শৰবিদ্ধ হয় সময়৷

ৰোমন্থন কৰি থাকিলেও হয়তো শেষ নহ’ব ৰফিকুল হোছেইনৰ কথা৷ নিজৰ কামৰ স্বীকৃতি কোনে কেনেকৈ দিলে সেইলৈ চিন্তা নকৰিলেও দুটা বছৰ আগতে লক্ষীমপুৰত আলি হাইদৰ নাট্যকাৰ বঁটা গ্ৰহণ কৰাৰ সময়ত মঞ্চৰ পৰা কোৱা দুটামান কথাই মন চুই গৈছিল৷ চবিন মেধিৰ ৰচনা, ছৈয়দ ছাদুল্লাৰ সুৰৰে চহকী জ্যোতিষ ভট্টাচায্যদেৱৰ বিখ্যাত গীতটিৰ দুটা শাৰী গুণগুণাই কৈছিল, “যোৱাৰ পৰত সৰা শেৱালি বুটলি, কি হ’ব কোৱাঁ, নাইযে সময়, উভটি চোৱাৰ, এতিয়া বিদায় দিয়াঁ৷’ বিদায় ৰফিকদা৷


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ