মৃদুল হালৈ
তিনিটাকৈ মন পোৱালি মনতে মেলি
কতনো থাকগৈ হেৰ’ তই— মাকজনী
ইটোৱে যদি চহায় শাকনি
সিটোৱে বোলে দা ধৰাই আন
মোকলাওঁ হাবি
আনটোৱে দিনৰ দিনটো পদূলিতে বৰশী টোপাই
ধৰে ভাবনাৰ মাছ-পুঠি
ইটোৱে বোলে ব’ল মনোভাই
আলি কাটি জালি দিওঁ
বৰ পীৰা পাৰি দিওঁ
তাতে বহি ৰ’দ জাৰক ৰ’দালিয়ে আহি
ইটোৰ আকৌ ধৰ-মাৰ
তলৰ মাটি ওপৰ কৰি আঘোণত
বুটলে হেনো মাণিকী মধুৰী
সিটোৱে আকৌ তিনিবেলাত পাৰ হয়
তিনিখন পঁইতাৰ কাঁহী
তিনিটাকৈ মন পোৱালি মোৰ মনতে মেলি
তইনো ক’ত বা বলাইছগৈ— হেৰ’
মন বাটৰ সুৱাগ সেন্দূৰী
মইনো এতিয়া পথাৰেই সামৰোনে চোতাল
চৰুৰ চাউল চৰুতে এৰি ধৰোঁগৈ কোনস’তে
জাউৰত উঠা মাছৰ জাকি
দেশ হেনো এতিয়া উথল-পাথল
ঊনৈছত বা বলি
মইনো এতিয়া ভূ ৰাখোঁ কাৰ
গোটেইখনতে হেনো এতিয়া
জীয়াক মাৰি মৰাটোকে জীওৱাৰ
কাৰচাজি
বোলে শুনিছনে হেৰ’
কাণ সমনীয়া তিনিটাকৈ মন পোৱালি
মনতে মেলি ঢেঁকীশালত
তইনো কিমান খুন্দ মনটোকে মোৰ
মোৰ দেহাৰ ভাগিছেই ভিকাচন
আঁঠুৱনীয়া বোকাত হাল জুৰি
মোৰেই কান্ধত ডাঙৰীয়াই যুঁটি দিছে যুঁৱলি
বোলে তিনিটাকৈ মন পোৱালি
মনত মেলি তইনো কালৈ সাঁচিছ সান্দহৰ টেকেলি
তলবল চকুৰে এতিয়া বাৰে পতি ধৰিছোঁহি
হালোৱাৰ বাটত, গাখীৰতীক পথাৰত মেলি
তিনিটাকৈ মন পোৱালি মনতে মেলি
বোলে শুনিছনে... মৰতী
***
ভ্ৰাম্যভাষ : ৮৮১২৮৬৬৭২৬
.jpeg)
