(Unfolded Stories of a Mother)
ৰত্নোত্তমা দাস বিক্ৰম
প্রথমাংশ
প্রথম অধ্যায়
মোৰ ফৰাছী বন্ধু
আৰু সিহতৰ দেশত কমলাৰ গুটি গজি পুলিয়ে পোখা মেলাৰ কাহিনী
এই কাহিনীটো এতিয়ালৈকে
মই মোৰ ঘনিষ্ঠ বা মোৰ কাষৰ-পাজৰৰ যিসকলক কৈছোঁ, তাৰ ভিতৰত কোনো কোনোৱে এইটো এটা আচৰিত ধৰণে
কাকতালীয় সংযোগৰ কাহিনী বুলি ভাবিব খোজে৷ কোনো কোনোৱে কাহিনীটোত প্ৰাৰ্থনা, আন্তৰিক
শুভবোধ আৰু ইতিবাচকতাৰ শক্তি থকাৰ কথা কয়৷ কটন কলেজত পঢ়ি থকা দিনৰে মোৰ আপোন লুটফা
বাইদেউক (কবি, প্রাধ্যাপক লুটফা হানুম ছেলিমা বেগম) এই কাহিনীটো কওঁতে উচ্ছ্বাসেৰে কৈ
উঠিছিল, “বাঃ, এইটোচোন ধুনীয়া কবিতা এটা!”
ময়ো ভাবোঁ, ক’ব নোৱাৰকৈয়ে
কেনেকৈ যে আচৰিত ধৰণে কবিতা-কবিতা কাহিনী এটাই গঢ় লৈছিল৷ এটা সৰু, ধুনীয়া কাহিনী৷ এতিয়ালৈকে
অৱশ্যে কাহিনীটো মাত্ৰ কেইগৰাকীমানকহে কৈছোঁ৷ কাৰণ, এই কাহিনীটো মোৰ কণমানিকণ জন্ম
হোৱাৰ লগত জড়িত৷ মোৰ গৰ্ভধাৰণ আৰু মোৰ মাতৃত্ব লাভ, এফালৰ পৰা চাবলৈ গ’লে, একান্তই মোৰ
ব্যক্তিগত কথা৷ কিন্তু, মাতৃত্বৰ এই অধ্যায়টোৱেই মোৰ জীৱনৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ৷
এই অধ্যায়টোরেই মোক মোৰ অস্তিত্বক নতুনকৈ চাবলৈ, নতুনকৈ ল’বলৈ আৰু মোৰ অস্তিত্বৰ বিষয়ে
নতুনকৈ ভাবিবলৈ শিকালে৷ ব্যক্তিগত হৈও স্বভাৱসুন্দৰ মাতৃত্বৰ স্বাভাৱিক কাহিনী গোপনীয়তাৰ
উৰ্ধ্বত৷ ই এনে এক গৌৰৱময় অধ্যায় যে মানুহে তাক বাৰে বাৰে বখানিব খোজে, বাৰে বাৰে উদযাপন
কৰিব খোজে, সজ্ঞাতে বা অজ্ঞাতে৷ আৰু ময়ো তাৰ ব্যতিক্ৰম নহওঁ৷ সম্পূর্ণ সজ্ঞানে-সুস্থিৰে,
ভালকৈ ভাবি-চিন্তিয়েই ময়ো মোৰ মাতৃত্বৰ অধ্যায় পাঠকৰ আগত মুকলি কৰাৰ কথা ভবাৰ পাছত
ভাবিলোঁ, ক’মেই যেতিয়া মোৰ ফৰাছী বন্ধু আৰু সিঁহতৰ দেশত কমলাৰ গুটি গজি পুলিয়ে পোখা
মেলাৰ কবিতা-কবিতা কাহিনীটোও কোরা যাওক৷ মোৰ কথাবোৰ এই কাহিনীটোৰ পৰাই আৰম্ভ কৰা যাওক৷
এতিয়ালৈকে যিয়েই
শুনিছে এই কাহিনীটো বৰ আকর্ষণীয় পাইছে৷ এতিয়া এনেকৈ কাহিনীটো ক’বলৈ লোৱাৰ আগতে মোৰ
ফৰাছী বন্ধুৰ কথাও ক’ব লাগিব৷ ক’ব লাগিব ফৰাছী বন্ধুটিৰ সৈতে মোৰ বন্ধুত্বৰ কাহিনীও৷
কাৰণ, আপাততঃ মোৰ ফৰাছী বন্ধুৰ মোৰ কণমানিকণ জন্ম হোৱাৰ লগত কোনো সম্পর্ক নাথাকিলেও,
সংযোগবশতঃ সম্পর্কিত হৈ পৰিছিল কেইটামান আবতৰীয়া কমলাৰ গুটিৰ জৰিয়তে৷
এৰা, মই মা হোৱাৰ
কাহিনীটো ক’বলৈ গ’লে এই কমলাৰ গুটিকেইটাৰ কাহিনীটোও ক’ব লাগিব৷ আৰু সেই বিশেষ কমলাগুটিকেইটাৰ
কাহিনীটো কোৱাৰ আগতে উভতি যাব লাগিব মই অসম এৰি দিল্লীলৈ অহাৰ প্ৰথম সময়ছোৱালৈ৷
সেয়া দুহেজাৰ ছয় চনৰ কথা৷ দিল্লী বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ বুলি ওলাই অহাৰ সেই বছৰটোতে লগ পাইছিলোঁ চেবাস্তিয়েন ৰ’খ কাযালক৷ ঘৰ তাৰ দক্ষিণ ফ্ৰান্সৰ একেবাৰে উত্তৰ-পশ্চিমৰ ব্রিটানীত৷ ব্রিটানী মোৰ কাৰণে চিনাকি নাম আছিল৷ কাৰণ, মোৰ অতিকৈ প্রিয় চিত্রশিল্পীবোৰৰ এজন, প’ল গঁগাই ব্রিটানীৰ পঁটাৱেন (Pont Aven)ত থাকি ছবি অঁকাৰ কাহিনী মই পঢ়িছিলোঁ৷ কেৱল গঁগাই নহয়, ফৰাছী দেশৰ এই চিত্ৰতুল্য ঠাইখনৰ প্ৰতি আৰু অনেক চিত্রশিল্পী আকর্ষিত হৈছিল৷ তাৰে ভিতৰত ক্ল’ড মনে’, ৰেনোৱা মোৰ সদায়ে প্রিয়৷ এই চিত্রশিল্পীসকল আৰু তেওঁলোকৰ কিছুমান চিত্ৰৰ কাৰণেই ব্রিটানী নামটো মোৰ প্ৰিয় ঠাইৰ নাম যেন হৈ পৰিছিল৷ প্ৰথম লগ পোৱাৰ দিনাই চেবাস্তিয়েনৰ ঘৰ ব্রিটানীত বুলি জানি উচ্ছ্বসিত হৈ উঠিছিলোঁ কেৱল ঠাইখন মোৰ খুবেই চিনাকি নাম এটা হোৱাৰ কাৰণেই৷ মোৰ উচ্ছাস দেখি সিও বৰ উৎফুল্লিত আৰু উৎসাহিত হৈ উঠিছিল৷ নিজৰ দেশৰ পৰা ইমান দূৰত নিজৰ জন্মভূমিখনৰ কথা আনে জনা আৰু ভালপোৱা বুলি জানিলে কাৰনো ভাল নালাগিব? মোৰ অসমৰ কথা সি তেতিয়ালৈকে বৰ বিশেষ নাজানিছিল যদিও সি বিশেষভাৱে জানিছিল কামাখ্যা মন্দিৰ আৰু দেৱী কামাখ্যাৰ কথা৷ ভাৰতীয় শাক্ত পৰম্পৰা তথা শক্তিৰ দেৱীৰ বিষয়ে এম. ফিল. পর্যায়ত সি অধ্যয়ন কৰিছিল৷ ভাৰত আৰু ফ্ৰান্সৰ এক শৈক্ষিক ব্যৱস্থা Students Exchange Programme-অৰ জৰিয়তে সি ভাৰতলৈ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰ উদ্দেশ্যৰে আহিছিল৷ কামাখ্যা মন্দিৰ, এশিঙীয়া গঁড় আৰু চাহপাতৰ কাৰণেই সি অন্ততঃ মোৰ জন্মভূমিখনৰ নামটো জানিছিল বুলিয়েই মোৰো অকণ ভাল লাগিছিল৷ কাৰণ তেতিয়া মই দিল্লীত নতুন যদিও তেতিয়ালৈকে ইতিমধ্যেই অসমৰ কথা একোৱেই নজনা একাধিক তথাকথিত ‘শিক্ষিত’ ভাৰতীয়ক লগ পোৱাৰ দুৰ্ভাগ্য মোৰ হৈছিল৷
লাহে লাহে চেবাস্তিয়েন ৰ’খ কাযালৰ লগত মোৰ সাধাৰণ চিনাকি কম সময়ৰ ভিতৰতে খুব ভাল বন্ধুত্বলৈ পৰিৱৰ্তিত হ’ল৷ দিল্লীত মোৰ বন্ধুবিহীন সেই প্ৰথম দিনবোৰত সি মোৰ লগ হ’ল৷ দূৰ বিদেশত পঢ়িবলৈ আহি সিও মন খুলি কথা পাতিবলৈ মোৰ দৰে কথাচহকী এজনী পাই ভালেই পালে৷ লাহে লাহে দিল্লীত আমাৰ দুয়োটাৰে লগ-বন্ধু দুই-এজনকৈ বাঢ়ি আহিল৷ লাহে লাহে দুয়োটাৰে নিজৰ নিজৰ শৈক্ষিক দিশৰ ব্যস্ততাও বাঢ়ি আহিল৷ তথাপি আমাৰ বন্ধুত্বও দিনে দিনে অধিক গাঢ় হৈহে আহিল৷ আমাৰ নিজৰ নিজৰ বিভাগ দুটা আছিল দিল্লী বিশ্ববিদ্যালয়ৰ ‘কলা সংকায়’ৰ (Art Faculty) একেটা চৌহদতে, নিচেই ওচৰতে৷ মোৰ বিভাগ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ (পাছলৈ ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ) আৰু তাৰ বিভাগ আছিল ইংৰাজী৷ মই দিল্লী বিশ্ববিদ্যালয়ৰ আটাইতকৈ ডাঙৰ ছাত্ৰীনিৱাসটোত (University Hostel for Women চমুকৈ UHW বুলি, আৰু Post Graduate Hostel for Women, চমুকৈ PGW বুলি খ্যাত) থকাৰ সুযোগ পাইছিলোঁ৷ সি আছিল দিল্লী বিশ্ববিদ্যালয়ৰ আন্তর্জাতিক ছাত্রনিৱাসত৷ মোৰ আৰু চেবাস্তিয়েনৰ ছাত্ৰনিৱাস/ছাত্রীনিৱাস দুটাৰ মাজত দূৰত্ব অলপ আছিল যদিও সেয়া খোজ কাঢ়িব পৰা দূৰত্বৰ ভিতৰতে আছিল৷ মন গ’লেই লগ পাব পৰা দূৰত্বতে মন খুলি কথা পাতিবলৈ মনে মিলা বন্ধু হৈ আমি সুখী হৈছিলোঁ৷
বন্ধুত্বৰ আৰম্ভণিৰ
দিনবোৰৰ কোনোবা দিন এটাত মই চেবাস্তিয়েনক সুধিছিলোঁ, তাৰ ঘৰত কোন কোন আছে? চা-চিনাকিৰ
পৰ্বত আমি সততে সোধা অতি সাধাৰণ প্ৰশ্ন এটা৷ কিন্তু তাৰ উত্তৰটো মোৰ কাৰণে আছিল কিছু
আচহুৱা৷ সি কৈছিল, তাৰ দেউতাক সি সৰু থাকোঁতেই ঢুকাইছে৷ “মায়ে এতিয়ালৈকে বিয়া নাপাতিলে৷
মাৰ এতিয়া কোনো বয়ফ্রেণ্ড বা পার্টনাৰো নাই৷ সেই কাৰণে ঘৰত মা অকলেই৷”
মই মূৰ দুপিয়াইছিলোঁ
যদিও মনতে ভাবিছিলোঁ, দেউতাক ঢুকাইছে, গতিকে ঘৰত মাক অকলে৷ মোৰ প্ৰশ্নটোৰ উত্তৰ ইমানেই
হোৱা স্বাভাৱিক আছিল৷ মাকে বিয়া নপতা, বর্তমান মাকৰ বয়ফ্ৰেণ্ড নথকা- এইবোৰ কথা আকৌ
ক’ৰপৰা আহে! কিন্তু তাৰ ব্যাখ্যাই মোক ভবাই তুলিছিল তাৰ আৰু মোৰ সামাজিক ব্যৱধানৰ কথা৷
সোনকালেই এদিন সি তাৰ মাকৰ লগত মোক কথা পতাই দিছিল৷ সি কৈছিল, “তেওঁৰ নাম ৰ’জমেৰী কাযাল৷
তুমি তেওঁক ৰ’জ বুলি মাতিব পাৰাঁ৷”
চেবাস্তিয়েনে তাৰ
মাকৰ ফ’ট’ দেখুৱাইছিল৷ সোণালী চুলিখিনি চুটি-চুটিকৈ কাটি ৰখা মানুহগৰাকী আকর্ষণীয়৷
কিছু শকতকৈ শ্বেতাংগী মানুহগৰাকীৰ চকু দুটা চকুত পৰাকৈ নীল-সেউজ ৰঙৰ৷ হাঁহিমুখীয়া মানুহগৰাকীৰ
লগত কথা পাতিছিলোঁ৷ আজিও পাতোঁ৷ কিন্তু তেওঁৰ পুতেকে কোৱাৰ দৰে তেওঁক কেতিয়াও ৰ’জ বুলি
নামাতিলোঁ৷ মোৰ মাৰ বয়সৰ মানুহ এগৰাকীক নাম কাঢ়ি মাতিবলৈ মই আজিও সহজ অনুভৱ নকৰোঁ৷
‘সিহঁতৰ’ লগত ‘আমাৰ’ কথাবোৰ এতিয়াও একে নহয়৷ কিজনি কেতিয়াও নহ’ব৷ আৰু নোহোৱাটোতে ভিন্নতাৰ
সৌন্দৰ্য আছে৷
লাহে লাহে অনুভৱ
কৰিছিলোঁ, চেবাস্তিয়েন নামৰ মোৰ নতুন দিনৰ, নতুন মনৰ বিদেশী বন্ধুটোৰ মনৰ মাজত আমাৰ
দৰেই আমাৰ চিৰন্তন সামাজিক বান্ধোন আৰু স্থিৰ পৰিয়ালৰ ধাৰণা এটা সপোন এটা হৈ সোমাই
আছে৷ পাছলৈ তাৰ আৰু কিছুমান ঘৰুৱা কথা জানিছিলোঁ৷ বোধকৰোঁ সৰুৰে পৰা দেউতাক নোহোৱাকৈ
এক ধৰণৰ ‘আধৰুৱা’ ঘৰ এখনত ডাঙৰ হোৱা কাৰণেই কিজানি সি স্বামী-স্ত্রী-সন্তানেৰে পৰিপূৰ্ণ
সংসাৰ এখনৰ পৰম্পৰাগত ধাৰণাটো সি ভাল পাইছিল৷ এদিন হঠাতে সি মোক সুধিছিল, “তুমি বিয়া
পতাৰ কথা ভাবাঁ নে? আৰু ভৱিষ্যতে সন্তানৰ মাক হোৱাৰ কথা?”
তাৰ প্ৰশ্নত মই আচৰিত
হৈছিলোঁ৷ কাৰণ, এনেকুৱা কথা আমি কেতিয়াও পতা নাছিলোঁ আৰু মই আছিলোঁ বিয়া-বাৰু, সন্তান
আদিৰ কথাক কেতিয়াও অলপো গুৰুত্ব নিদিয়া, পঢ়া-শুনাক লৈ ব্যস্ত খেয়ালী ছোৱালী এজনী৷ মোৰ
স্কুল, কটন আৰু যুনিভাৰ্ছিটিৰ দিনবোৰৰ মোৰ Tomboy ৰূপটো মোৰ মাজত তেতিয়াও পূৰামাত্ৰাত
নহ’লেও বেছ পৰিমাণে বিদ্যমান আছিল৷ প্রেমিক অথবা ল’ৰাবন্ধু যে মোৰ নাছিল এনে নহয়৷ কিন্তু
বিয়া-বাৰু আৰু সন্তানৰ দৰে কথা কেতিয়াও ভবা নাছিলোঁ৷ বিবাহ অনুষ্ঠানটোৰ প্ৰতি মোৰ আগ্ৰহ
তেতিয়াও নাছিল, এতিয়াও নাই৷ আৰু সন্তানৰ বিষয়ে মোৰ অনুভৱ মোৰ মন আৰু হৃদয়ৰ গহনত সদায়ে
আচলতে যেনেকৈ আছিল, তেনেকৈয়ে সঁচা উত্তৰটোকে মই মোৰ ফৰাছী বন্ধুটিক দিছিলোঁ৷ বাক্যবোৰ
শব্দই শব্দই মনত নাই যদিও বোধকৰোঁ কোনোবা দূৰণিলৈ চাই চাই মই এটা এটাকৈ ঠিক এনেদৰেই
তাক কৈছিলোঁ, “বিয়াৰ কথা নাজানো৷ ঘৰৰ পৰাও বিশেষ একো চাপ নাই মোৰ৷ কিন্তু সন্তানৰ
কথা কি ভাবোঁ মই জানো৷ মই সন্তান এটা জন্ম দিওঁ বা নিদিওঁ, জন্ম দিব পাৰোঁ বা নোৱাৰোঁ,
কিন্তু সন্তান এটা ডাঙৰ-দীঘল কৰিব বিচাৰোঁ৷ মই জনা সকলোবোৰ ভাল কথা, সকলোবোৰ ধুনীয়া
কথা, তাক বা তাইক শিকাই থৈ যাব বিচাৰোঁ৷ হয়তো কেতিয়াবা তুলিও ল’ব পাৰোঁ কেঁচুৱা এটা
বা শিশু এটা৷ কিন্তু মুঠতে মই মোৰ সন্তানক ডাঙৰ হৈ অহা চাব বিচাৰোঁ৷”
হুম্মমমমম্... তাৰ মানে
তোমাৰ মাজত motherly instinct খুব দৃঢ়কৈ আছে৷
নাজানো৷ সৰুৰে পৰাই
শিশু ভাল পাওঁ মই৷ ময়েই নহয়, আমাৰ ঘৰখনৰ চবেই ভাল পায়৷ আমাৰ ঘৰত কোনোবা নহয় কোনোবা শিশুৱে
খেলা-ধূলা কৰি থাকেই৷ বাচ্ছাৰ লগত বৰ ধৈৰ্যৰে লাগি থাকিবও পাৰোঁ মই৷ সিহঁতেও মোৰ খুব
লগ লয়৷ শিশু এটিৰ কামবোৰ লক্ষ্য কৰি থাকি বৰ আমোদ পাওঁ মই৷ নিজে ৰোৱা ফুলপুলি এটা,
নিজে অঁকা ছবি এখন অথবা নিজে সজা মাটিৰ পাত্ৰ নিজৰ চকুৰ আগত ধীৰে ধীৰে পৰিপূৰ্ণ হৈ
উঠি অহাৰ দৰেই মই মোৰ সন্তানক মোৰ সমুখতে ডাঙৰ হৈ অহা, শিশুৰ পৰা মানুহ হৈ অহা চাব
বিচাৰোঁ৷
এইখিনি কথা সেইদিনা
আবেলিটোত আমি ক’ত বহি পাতি আছিলোঁ মোৰ স্পষ্টকৈ মনত আছে৷ আমি আৰ্টছ ফেকাল্টীৰ সোঁমাজত
থকা স্বামী বিৱেকানন্দৰ ডাঙৰ ক’লা মূৰ্তিটোৰ ওচৰৰ পকী বেঞ্চ এখনত বহি আছিলোঁ৷ ব্রাছনেগুৰীয়া
চঞ্চল কের্কেটুৱাবোৰে সেইখিনিত বৰ ব্যস্ততাৰে দৌৰা-দৌৰি কৰি থাকে৷ প্রতিটো ঋতুতে বিশ্ববিদ্যালয়ৰ
গার্ডেন কমিটিৰ মালীবোৰে কিবা নহয় কিবা ফুল অথবা পাতেৰে পৰিসৰটো সযত্নে ভৰাই ৰাখে৷
দেখি বৰ ভাল লাগে৷ তাতে আকৌ আমাৰ বিশ্ববিদ্যালয়ৰ পৰিসৰটো ভৰি আছে বৰ বৰ নিম, জামু আদি
অনেক বছৰ পুৰণি বহুতো বিৰিখ৷ আমি সেইদিনা উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখৰ জৱাহৰ গুলাব
বাটিকা হৈ এপাক খোজ কাঢ়ি আহি ৰসায়ন বিজ্ঞান বিভাগেৰে চমু ৰাষ্টাটো লৈ সেইখিনি আহি পাই
পকী বেঞ্চত বহিছিলোঁ আৰু ভালেখিনি সময় ধৰি বহি আছিলোঁ৷ মই চাগে অলপ ভাবুক হৈ পৰিছিলোঁ৷ কিন্তু
চেবাস্তিয়েনক যি কৈছিলোঁ, সেয়া মই সেই মুহূর্তত ভাবি কোৱা বা সাজি কোৱা কথা নাছিল৷
সেইখিনি কথা মোৰ মনৰ মাজত সদায়েই আছিল৷ এই বিষয়টোৰ কথোপকথন আৰু বেছি আগবঢ়া নাছিল৷
এইটো কোনো কথা পাতিব লগা বিষয় বুলিও মই ভবা নাছিলোঁ৷ কিন্তু চেবাস্তিয়েনে কৈ উঠিছিল,
মই ভাবোঁ, তুমি ভৱিষ্যতে খুব ভাল পত্নী আৰু খুব ভাল মাক হ’বা৷
সি গভীৰভাৱে কোৱা
কথাটো মই বৰ তৰলভাবে হো-হোৱাই হাঁহি উৰুৱাই দিছিলোঁ৷ কাৰোবাৰ ‘পত্নী’ হোৱাৰ আজৱ ভাবটোৱে
মোক হাঁহিৰ খোৰাকহে দিছিল৷ ফুঃ, মই আৰু পত্নী! হৈছে আৰু! কাৰো ‘পত্নী’ হিচাপে নিজকে
কল্পনা কৰাটো মোৰ কাৰণে অকল্পনীয় আছিল৷ কিন্তু নিজকে ‘মাক’ হিচাপে কল্পনা কৰাটো মোৰ
কাৰণে সহজ আছিল৷ মই তাক কৈছিলোঁ, এইচব বাদ, মই ভাল শিক্ষক হ’ব বিচাৰোঁ৷ আৰু মই লিখিব
বিচাৰোঁ৷
: তুমিচোন লিখাই৷
:ওঁহো, আৰু লিখিব
বিচাৰোঁ৷ লিখি থাকিব বিচাৰোঁ মই৷ সৰুৰে পৰাই লিখিয়েই আহিছোঁ৷ লিখা কামটো সদায়েই মোৰ
নিজৰেই অংশ যেন লাগে৷ তেতিয়ালৈকে মোৰ আনুষ্ঠানিক ছাত্রজীৱন সমাপ্ত হোৱা নাছিল৷ তেতিয়ালৈকে
মই শিক্ষকো হোৱা নাছিলোঁ৷ নিজৰ কেৰিয়াৰ অথবা সংস্থান লৈ মই নিশ্চিত নাছিলোঁ৷ বিয়া-বাৰু
আৰু সন্তান এইবোৰ আছিল মোৰ একেবাৰে শেষত ভাবিবলগীয়া কথা৷ ভাইটিক এবাৰ কৈ পেলাইছিলোঁ,
মই কিয় বিয়া পাতিব লাগে? সন্তানৰ মাতৃ হ’বলৈতো বিয়া পতাৰ প্ৰয়োজন নাই৷ মোৰ ওভতগোৰ কথাত
ভাইটি বৰ অসন্তুষ্ট হৈছিল৷ ভণ্টীয়েতো মোৰ ‘বাজে’ কথাবোৰ কেতিয়াও নুশুনিছিলেই৷ দেউতাৰ
তেতিয়া অসুখ৷ ডিঙিত হোৱা কৰ্কট ৰোগে মানুহজনক তিল তিলকৈ চেপি আনিছিল৷ সেই সময়বোৰত মোৰ
বুকুত অনবৰতে বিষ এটাই খামোচ মাৰি থাকিছিল৷ মা কৰ্মৰত আছিল যদিও দেউতাই অৱসৰ গ্ৰহণ
কৰিছিল৷ আমি তিনিও ভাই-ভনীয়েই ঘৰত পৰা দূৰত থাকি পঢ়া-শুনা কৰি আছিলোঁ৷ তিনিওটাৰ মাজত
মই ডাঙৰ৷ কিন্তু মা আৰু দেউতাই মোৰ বিয়াৰ কথা লৈ কেতিয়াও মূৰ ঘমোৱা নাছিল৷ দুয়োজনে
বিচাৰিছিল আমি তিনিওটা ভালদৰে মানুহ হোৱাটো৷ কিন্তু মই দিল্লীলৈ অহাৰ পাছত আৰু দেউতাৰ
অসুখ দিনে দিনে বাঢ়ি অহাৰ পাছত, ঘুনুক-ঘানাককৈ মই ঘৰৰ ডাঙৰ বুলি ঘৰে-পৰিয়ালে মোৰ বিয়াৰ
কথাও নোলোৱাকৈ থকা নাছিল৷ মই সেইবোৰ ফু মাৰি উৰুৱাই দিছিলোঁ৷ সেই দিনবোৰত মই এইবোৰ
কথা কাৰো লগতে পাতিব বিচৰা নাছিলোঁ৷
চেবাস্তিয়েনৰ লগত
সেইদিনা পতা কথাখিনি সিও যে মনত ৰাখিছিল মই কেতিয়াও ভবা নাছিলোঁ৷ এইবোৰ কথাৰ এটা দশকৰ
পাছত চেবাস্তিয়েন পুনৰ ভাৰতলৈ আহিছিল৷ সি ভাৰত এৰি একেবাৰেই নিজৰ দেশলৈ উভতি যোৱাৰ
দিনাও সি কৈ আছিল, সি আকৌ আহিব৷ আৰু আহি মোক লগো ধৰিব৷ পোন দৃষ্টিৰে তাৰ চকুলৈ চাই
মই কৈছিলোঁ, আহিবা৷ মই ভাৰতৰ য’তেই নাথাকোঁ, তোমাক লগ ধৰিম৷
তেনেকৈ কোৱাৰ দিনা
মই জনা নাছিলোঁ যে মোৰ অদৃষ্টই এদিন মোক দিল্লীতে নিগাজিকৈ থাপি থ’ব আৰু এটা দশকৰ পাছত
মোৰ বিদেশী বন্ধুটি উভতি আহোঁতে একেখন দিল্লীতে মই তাক আকৌ লগ পাম৷
বাস্তৱত সেয়াই ঘটিবলগা
আছিল৷
দুহেজাৰ ষোল৷ ইতিমধ্যে
মই দিল্লী বিশ্ববিদ্যালয়ত স্থায়ী শিক্ষকৰূপে যোগদান কৰাৰ আঠবছৰ পাৰ হৈ হৈছে৷ মোৰ নিজৰ
গৱেষণাৰ কাম কেতিয়াবাতে শেষ কৰি মই নিজে তেতিয়া আনৰ গৱেষণাৰ গুৰু৷
ইতিমধ্যেই মোৰ অধীনত ভাৰতৰ বিভিন্ন ছাত্র-ছাত্রীয়ে গৱেষণা (PhD আৰু MPhil) কৰিও আছে আৰু সম্পূৰ্ণও কৰিছে৷ ইয়াৰ মাজতে চেবাস্তিয়েনৰ লগত মোৰ সদায়েই যোগাযোগ থাকিল৷ সিও সি বিচৰাৰ দৰেই তাৰ দেশত শিক্ষকতা কৰাৰ স্থায়ী সুযোগ পালে৷ তাৰ মাজতে জীৱনৰ নানা উত্থান-পতন, ঘাত-প্রতিঘাত আহিল আৰু গ’ল৷ আমি দুই দুৰণিবটীয়া বন্ধুৱে ইটোৱে সিটোৰ খা-খবৰ জানি থাকিলোঁ৷ প্ৰয়োজনত দূৰৰ পৰা হ’লেও একেলগে কিছু আনন্দ, কিছু বিষাদ আৰু কিছু সংশয় ভগাই লৈ ক্ষণিকলৈ হ’লেও শান্তি পালোঁ৷ ইয়াৰ মাজতে পেৰিছত তাৰ এগৰাকী প্ৰেমিকাই হঠাতে তাৰ হৃদয় ভাঙি চুচুৰ্মৈ কৰিলে আৰু আচৰিত ধৰণে একেবাৰে একেটা সময়তে মোকো এজনে একেবাৰে আকস্মিকভাৱে আৰু একেবাৰে অপ্রত্যাশিতভাবে বৰ বেয়াকৈ আঘাত দিলে৷ আমি দুখন দেশৰ দুই বিৰহী, প্রত্যাখ্যিত প্রাণ মিলি নিজৰ নিজৰ ভুল সম্পৰ্কক সুঁৱৰি ইটোৱে সিটোক সান্ত্বনা দিলোঁ৷ কিন্তু প্রচণ্ড আত্মাভিমানৰ কাৰণে মই মোৰ সেই প্ৰতাৰণা আৰু প্ৰত্যাখ্যানৰ লাজ লগা অধ্যায় কাৰো আগত খুলিব পৰা নাছিলোঁ৷ চেবাস্তিয়েনৰ আগতো আচলতে মোৰ অপমান আৰু বিশ্বাসঘাতকতাৰ সেই অধ্যায় সম্পূর্ণ খুলি ক’ব পৰা নাছিলোঁ, মাত্র তাক জানিবলৈ দিছিলোঁ, দুখ নকৰিবি ভাই, তয়ে ময়ে একে নাৱৰে যাত্রী৷ ভালপোৱা বুলি ভবা ভুল এটাৰ নামত তয়ো মুখ থেকেচা খালি, ময়ো খালোঁ, সংযোগবশতঃ দুখন দেশত এই দুটা প্ৰেম আৰু প্ৰতাৰণাৰ কাহিনী একে সময়তে ঘটিল৷ মই তাক লগতে এয়াও ক’লোঁ, বোলো এই দুনীয়াত বিশ্বাস আৰু ভালপোৱা বৰ মহঙা৷ আমাৰ বিশ্বাস আৰু ভালপোৱা ভৰিৰে মোহাৰি, দলিয়াই দিয়া তোৰ সেই ফৰাছীজনী আৰু মোৰ সেই ভাৰতীয়টোৱে (অসমীয়াটোৱে) এদিন নহয় এদিন পস্তাব চাবি৷ কাৰণ, আমি মাত্ৰ এটাই ভুল কৰিছিলোঁ, বিশ্বাস আৰু ভালপোৱা অপাত্ৰত দিছিলোঁ৷ আমিতো আন একো দোষ কৰা নাছিলোঁ, ভুল কৰা নাছিলোঁ৷ সি বৰ মন দি মোৰ কথা শুনা দেখি উৎসাহিত হৈ আৰু এখোপ আগবাঢ়ি মই তাক আমাৰ শাস্ত্ৰত থকা কৰ্মফলৰ কথাও কোৱা আৰম্ভ কৰিছিলোঁ৷ সি পিছে মোৰ কথাৰ পাঠবোৰ সঁচাকৈয়ে বেছ গুৰুত্ব দি ল’বলৈ ধৰা দেখি কোৱা বাদ দিলোঁ৷ এনেয়েও সি মানুহটো আধুনিক হৈও অলপ আধ্যাত্মিক ধৰণৰ৷ ভাৰতলৈ গৈ সি বৌদ্ধ অথবা সন্ন্যাসী হৈ যাব পাৰে বুলি তাৰ মাকৰ মনত বৰ ভয় আছিল৷ চেবাস্তিয়েনৰ লগত দূৰভাষিক বাৰ্তালাপবোৰত মোৰ বেছি ভূমিকা আছিল শ্ৰোতাৰ৷ তাৰ হৃদয় ভগাৰ কাহিনী শুনি ভাবিছিলোঁ, তাৰ মানে মোতকৈওচোন বেয়াকৈ ঠগ খোরা, মোতকৈয়ো লাজ লগাকৈ প্ৰতাৰিত হোৱা মানুহো আছে৷
বিক্রম আছিল মোৰ বন্ধু৷ মোৰ ভুলক বিক্ৰমে সহজ কৰি দি মোক বৰ সকাহ দিছিল৷ মোৰ প্ৰতাৰিত প্ৰেম কাহিনী শুনি সি মোক হঁহা নাছিল, মোৰ লগত হাঁহিছিল৷ ময়ো ভাবিছিলোঁ, আচলতে হাঁহি দিয়াই ভাল, হাঁহি দিয়াতে শান্তি, হাঁহি দিয়েই আঘাত লুকুৱাব পাৰি৷ বিক্ৰমৰ লগত সকলো কথাই সদায়ে সহজ৷ সেই কাহিনীটো অৱশেষত তাকেই সম্পূর্ণকৈ খুলি ক’ব পাৰিছিলোঁ৷ কিন্তু হৃদয় ভগাৰ যাতনা কি সেয়া সিনো কি বুজি পাব বুলিও মই মনে মনে ভাবিছিলোঁ৷ কিন্তু চেবাস্তিয়েন ৰ’খ কযাল আছিল মোৰ দৰেই ভগা হৃদয়ৰ দুখী বন্ধু৷ সেই সময়ত ‘হৃদয় ভগাৰ যাতনা’ কি সি বাৰুকৈয়ে গম পাইছিল৷ বিশ্বাস আৰু ভালপোৱা বুলি ভুল কৰি মুখ ঠেকেচা খোৱা আমি দুই বন্ধুৱে দুখ-বিৰহ ভগাব পাৰি ভাল অনুভৱ কৰিছিলোঁ৷ সময়ে সকলোতে প্রলেপ লগায়৷ সময় বাগৰিল৷ মোৰ প্ৰথম উপন্যাসখন আৰু এখন উপন্যাসিকাৰ সংকলন প্রকাশ হ’ল৷ আলোচনীবোৰত গল্প, প্রবন্ধ আৰু বাতৰি কাকতত নিয়মীয়াকৈ স্তম্ভ লিখা আৰম্ভ কৰিলোঁ৷ মোৰ লিখা-মেলা, ছবি অঁকা আৰু মোৰ পেছাৰ লগত জড়িত বৌদ্ধিক কছৰৎ আৰু জনজাতীয় অধ্যয়ন আদি অব্যাহত থাকিল৷ সেইবোৰৰ মাজতে দুহেজাৰ তেৰ চনৰ এক ফেব্ৰুৱাৰিত মই বিয়াতো বহিলোঁ৷ বিয়াৰ বাৰ বছৰৰ আগৰে মোৰ বন্ধু বিক্রমেই গৈ মোৰ জীৱনসংগী হ’ল৷ সেই কাহিনী সুকীয়া৷ মোক কইনাৰ সাজত দেখি ভাইটি, ভণ্টী আৰু মোক জনা মোৰ দুগৰাকীমান ঘনিষ্ঠ বন্ধু-বান্ধৱীয়ে হেঁপাহ পলুৱাই মোক জোকালে আৰু হাঁহিলে৷ “আহ, অৱশেষত তয়ো কইনা সাজেৰে সাজিলিতো!” বিক্রমে ফে’চবুকত দিয়া আমাৰ বিয়াৰ ফটোবোৰ চাই সুদূৰ ফ্ৰান্সৰ পৰা চেবাস্তিয়েনেও ক’লে, “Aaha, finally!”
দিনবোৰচোন ঠিকেই
গৈ থাকিল৷ মই আগতে আশংকা কৰাৰ দৰে বিৱাহিত জীৱনৰ পৰা মোৰ পলাওঁ-পলাওঁ নালাগিল৷ অৱশ্যে
মোৰ দিল্লীৰ বিশ্ববিদ্যালয়ৰ কোৱাৰ্টাৰত আৰম্ভ কৰা আমাৰ দুজনীয়া সংসাৰ আছিল একেলগে একেটা
ৰূমতে থকা দুই হোষ্টেলীয়া বন্ধুৰ দৰেই৷ দুয়োটাৰে নিজৰ নিজৰ ক্ষেত্ৰত উচ্চ শিক্ষা সমাপ্ত
হোৱাৰ পাছতো দুয়োটা নিজৰ নিজৰ পঢ়া-শুনা লৈ সদায়ে ব্যস্ত৷ আমি খুব কথা পাতোঁ আৰু সামান্য
সুৰুঙা পালেই ফুৰিবলৈ যাওঁ, ঘনাই চিনেমা চাওঁ আৰু বাহিৰত ভাল-ভাল ঠাইত খাবলৈ যাওঁ৷
তথাপিতো আমি বিৱাহৰ বান্ধোনেৰে বন্ধা স্বামী-স্ত্রী৷ নিজৰ পঢ়া-শুনা, লিখা-মেলা, মেল-মিটিং
আৰু জনজাতীয় গাঁৱলৈ গৈ ক্ষেত্ৰ অধ্যয়ন কৰাৰ উপৰি মোৰ এখন সৰু সংসাৰ হ’ল৷ আমাৰ দুয়োৰে
নিজা-নিজা আৰু দুয়োৰে উমেহতীয়া বন্ধু-বান্ধৱ, আলহী-অতিথিৰে ভৰা এখন ঘৰ হ’ল৷ দুয়োৰে
দুয়োখন ঘৰৰ মানুহখিনিও দুয়োৰে নিজৰ পৰিয়াল হ’ল৷ কোনো ধৰণৰ বান্ধোনেই ভাল নোপোৱা ‘মইজনী’
মাজে মাজে আচৰিত হ’লোঁ, ক’তা, মোকতো কোনোৱে বান্ধি ৰখা নাই! তাৰ মানে বিৱাহ-বান্ধোন
নামৰ বান্ধোনটো সদায়েই বান্ধোন নহ’বও পাৰেচোন৷ সময় বাগৰিল৷ কিন্তু তেতিয়াও মই আৰু লগতে
বিক্রমেও, আমি দুয়ো সন্তান এটা পৃথিৱীলৈ অনাৰ কথা ভবা নাছিলোঁ৷ আমি পিতৃ-মাতৃ হ’ব পৰাকৈ
সাজু নাছিলোঁ৷ সাজু হৈছিলোঁ, বা অধিক শুদ্ধকৈ ক’বলৈ গ’লে সাজু হ’বলৈ সাজু হোৱাৰ কথা
লাহে লাহে ভাবিবলৈ আৰম্ভ কৰিছিলোঁহে তাৰো বহুদিনৰ পাছত৷
এইফালে মই মোৰ কেৰিয়াৰ,
সংস্থান আৰু বিৱাহত ব্যস্ত থকাৰ সময়ছোৱাত ভাৰত এৰি যোৱাৰ পাছত কেই বছৰমানলৈ চেবাস্তিয়েন
ৰ’খ কাযালো ব্যস্ত আছিল নিজৰ সংস্থান আদিক লৈ৷ তাৰ মাজতে কেইবাবাৰো আমি পাতিছিলোঁ সি
ভাৰতলৈ আকৌ এবাৰ ফুৰিবলৈকে অহাৰ কথা, আমি আকৌ এবাৰ লগ পোৱাৰ কথা৷ কিন্তু বাস্তৱত সেয়া
ৰূপায়িত হৈ উঠা নাছিল৷ অৱশেষত দুহেজাৰ ষোলৰ এপ্ৰিল মাহত চেবাস্তিয়েন ভাৰতলৈ ফুৰিবলৈ
অহাটো নিশ্চিত হ’ল৷ লগত আহিব থিঅ’, তাৰ ঘনিষ্ঠ বন্ধু থিঅ’ফানে লেলিভাৰ৷ চেবাস্তিয়েনৰ
জৰিয়তে থিঅ’ মোৰো ভাল বন্ধু৷ সিহঁত দুটা আহিব বুলি মই স্বাভাৱিকতে বৰ উৎকণ্ঠিত হৈ ৰৈ
থাকিলোঁ৷ দিল্লী বিশ্ববিদ্যালয়ৰ অতিথিশালা মোৰ ঘৰৰ পৰা খোজ কাঢ়িয়েই পাক এটা মাৰি আহিব
পৰা দূৰত্বত৷ তাতে সিঁহতৰ থকাৰ ব্যৱস্থাও আগতীয়াকৈ কৰি ৰাখিলোঁ৷ সিহঁত আহিব বুলি মোৰ
আগ্রহ, অপেক্ষা, উৎকণ্ঠাত ভাগ ল’লে বিক্রমেও৷ সি আয়োজন কৰিলে এটা ‘ৱেল্কাম পার্টি’ৰ৷
পার্টিটোত সিহঁত দুটা, আমি দুটা আৰু লগতে আমাৰ প্ৰিয় বন্ধু সঞ্জীৱ (ডাঃ সঞ্জীৱ গগৈ,
বর্তমান দিল্লীৰ লেডী হার্ডিংছ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাধ্যাপক)৷ মানুহ ইমানেই৷
আমাৰ ঘৰত ‘গেট টুগেদাৰ’
আৰু ‘পার্টি’ হৈয়েই থাকে৷ মনে মিলা বন্ধু-বান্ধৱ গোট খাই দকচি খাই আড্ডা মাৰি, গান গাই,
গীটাৰ বজাই খুব স্ফূর্তি কৰোঁ৷ দিল্লীত থকা আমাৰ এই লগবন্ধুবোৰৰ প্ৰায় আটাইকেইজনেই
আছিল চিকিৎসক অথবা ন্যায়াধীশ৷ সেয়ে পেছাৰ খাতিৰত সকলোৱেই অতি ব্যস্ত থাকে কাৰণে আমি
লগ হওঁ সন্ধ্যাৰ পৰা ৰাতিলৈ৷ সাধাৰণতে শনিবাৰ বা দেওবাৰৰ ৰাতিত৷ গোট খোৱা মানুহৰ সংখ্যা
দহৰ পৰা বিছমানৰ ভিতৰত৷ কেতিয়াবা হয়তো সংখ্যাটো হয় ছয়-সাত বা আঠ৷ কিন্তু চেবাস্তিয়েন
আৰু থিঅ’ আহিব বুলি যিটো ‘পার্টি’ৰ আয়োজন কৰা হৈছিল, সেইটোত সঞ্জীৱৰ বাহিৰে কাকো নিমন্ত্রণ
কৰা হোৱা নাছিল৷ সেইটো আছিল একেবাৰে অন্তৰংগ সৰু এটা পার্টি৷ অথচ আমাৰ প্ৰস্তুতি আৰু
আয়োজন আছিল বিস্তৰ৷
(আগলৈ)