হেঙুল হাজৰিকা
ফুটপাথৰ দোকানত জোতা চাইছোঁ
লখিমপুৰৰ ধাৰাসাৰ বৰষুণত
পিন্ধিব পৰা
ভৰি সুমুৱাই চাইছোঁ
আলফুলে পিন্ধাই দিবলৈ
জোতাৰ তলত
তোমাৰ প্ৰেমিক হাত দুখন নাই
মই বাদ দিছোঁ
উভতি গৈ এখন পেইণ্টিঙৰ
গছ এডালৰ তলত বহিছোঁ
পাত সৰিছে - ধুনীয়া হালধীয়া
দুখনমান ফটো তুলি
এতিয়াই তোমালৈ পঠিয়াওঁ বুলি
ফোনৰ লক খুলিছোঁ
তোমাৰ নম্বৰত তুমি নাই
মই বাদ দিছোঁ
কালি সপোনত দেখিছোঁ,
মোৰ বিছনাৰ কাষত
ৰাজকাৰেঙৰ কাৰোবাৰ
কঁকালৰ তাবিজ কাটি আনি
নিজৰ ডিঙিত আঁৰি লোৱা
এখন ৰণচণ্ডী হেংদাং
মোৰ আদেশৰ বাবে
ৰাতিটো থিয় দি ৰৈ আছে
কিন্তু তাৰ ধাৰৰ চিকমিকনিত
তোমাৰ কেঁচা
তেজ লাগি থকা নাই
মই বাদ দিছোঁ
***
কবিৰ ঠিকনা:
খেলমাটি, উত্তৰ লক্ষীমপুৰ ।
