ৰাজীৱ
বৰা
জাপানী
মৃত্যু কবিতাৰ ইংৰাজী সংকলনৰ আগকথাত সংকলক-অনুবাদক য়েল হফমেনে লিখিছে– Death may
indeed by nothing itself, yet the consciousness of death is in most cultures
very much a part of life. This is perhaps nowhere more true than in Japan,
where the approach of death has given rise to a centuries-old tradition of
writing a “death poem.” (Hoffmann, Japanese Death
Poems, 9 কোনো কোনো ব্যক্তিয়ে মৰাৰ আগেয়ে ইচ্ছাপত্ৰ
বা উইল লিখি থৈ যোৱাৰ নিচিনাকৈ জাপানী মৃত্যু-পথযাত্ৰীসকলে কবিতা লিখি থৈ যোৱাটো এটা
পুৰণিকলীয়া প্ৰথা প্ৰাচীন৷ কবিৰ উপৰি সম্ৰাটৰপৰা সাধাৰণজনলৈকে এনে কবিতা লিখা নিয়ম৷
এনে কাব্য-পৰম্পৰাৰ সৈতে অসমীয়া কবিৰ পৰিচিতি থাকিলেও অসমীয়া কবিৰ মাজত তেনে পৰম্পৰা
নাই; জীৱনৰ
সমাপ্তি ঘটোৱা অৱশ্যে সংঘটিত মৰণৰূপ পৰিঘটনাটোৰপৰা পৰিত্ৰাণৰ উপায় যিহেতু নাই, সেয়ে
চিন্তাশীল ব্যক্তিমাত্ৰই মৃত্যু-চেতনা উপেক্ষা কৰা সহজ নহয়৷ জীৱনৰ প্ৰতিটো মুহূৰ্ততে
লগ এৰা নিদিয়া এই চেতনা পাহৰি থাকিবলৈ যেনেদৰে অনেক অজুহাত আছে তেনেদৰে চেতনাক ব্যতিব্যস্ত
কৰিবৰ বাবে বহু অচিলাও আছে৷ সেয়ে স্মৰণ-বিস্মৰণ, শংকা
আৰু সকাহৰ মাজেৰে মৃত্যু-সত্যক গ্ৰহণ কৰাৰ উপলব্ধিয়ে কোনো কোনো কবিৰ কবিতাত বিশেষ ভূমিকা
লোৱা দেখা যায়৷ অৱশ্যে সকলো কবিৰ ক্ষেত্ৰত ই গভীৰ উপলব্ধি আৰু অনুসনন্ধানৰ বিষয় নহয়৷
অনুভৱ তুলসীৰ কাব্য-পৰিক্ৰমাত মৃত্যু-চেতনাৰ অভিব্যক্তি ইমানেই ব্যাপক যে সেয়া চেৰাই
তেওঁৰ কবিতাৰ সামগ্ৰিক বিচাৰ সম্ভৱ নহয়৷
লক্ষ্যণীয়
যে অনুভৱ তুলসীয়ে মৃত্যুৰ পূৰ্বে ৰচনা কৰা ‘দিনলিপি’ আৰু ‘আবৃত্তি শীৰ্ষক কবিতা দুটা
মৃত্যু বিষয়ক আৰু সেয়াও প্ৰধানকৈ কবিৰ নিজা মৃত্যু বিষয়ক৷ অৱশ্যে কবিতা দুটাত নিজা
মৰণক চিত্ৰিত কৰিলেও কবিৰ ভাবনা আপোন মৃত্যুৰ মাজেদিও নৈব্যক্তিৰ্ক স্তৰলৈ উন্নীত নোহোৱাকৈ
থকা নাই৷ ২৮/০৬/২০২৫ তাৰিখে পুৱা কোনো কোনো
লোকলৈ মৃত্যু-বিষয়ক এই কবিতা দুটা প্ৰেৰণ কৰাৰ পাছত তেওঁ মগজুৰ ষ্ট্ৰ’কত আক্ৰান্ত হয়
আৰু তাৰ দুদিনৰ পাছতে তেওঁৰ মৃত্যু ঘটে৷ কবিতা দুটা তেওঁ ‘অন্যযুগ’ আলোচনীলৈকো প্ৰেৰণ
কৰিছিল আৰু দুয়োটা কবিতা জুলাই সংখ্যাৰ ‘অন্যযুগ’ (১ জুলাই, ২০২৫)ত
প্ৰকাশ পাইছে৷ এই কবিতা দুটাক কেন্দ্ৰ কৰি এনে চিন্তাৰ উদ্ৰেক হোৱাটো অমূলক
নহয়– জাপানী কবিয়ে মৃত্যু কবিতা লিখি থৈ যোৱাৰ নিচিনাকৈ অনুভৱ তুলসীয়েও আপোন মৃত্যু
কবিতা লিখিছিলনেকি? এই দুটা কবিতা তেওঁৰ মৃত্যুৰ আগৰ কবিতা
হোৱাটো কাকতালীয় যেনহে অনুভৱ হয়– কবিতা দুটা লিখি উঠিয়েই ষ্ট্ৰ’কত আক্ৰান্ত হ’ব বুলি
হয়তো তেৱোঁ ভবা নাছিল; অদৃষ্টবাদীয়েহে তেনে সংযোগৰ যৌক্তিকতা
বিচাৰি হাবাথুৰি খাব৷ কাৰণ অনুভৱ তুলসীৰ কবিতাৰ আৰম্ভণি আৰু উত্তৰণৰ ঢাপবোৰ অনুধাৱন
কৰিলে প্ৰথমখন কবিতা পুথি ‘নাজমা’ৰপৰা আৰম্ভ কৰি এই শেষৰ কবিতা দুটালৈ মাজত এনে বহু
কবিতা ওলাব যিবোৰত মৃত্যু-চেতনাই ভিৰ কৰা দেখা যায়৷
জন্মিলেই
যে মৰিব লাগিব আৰু সেই মৰণ যিকোনো সময়তে আহিব পাৰে– এনে চেতনাই একোজন কবিক মৃত্যু সম্পৰ্কে
ভাবিবলৈ উছটায়৷ ফলত মৃত্যু-বিষয়টো জীৱনমুখী কবিৰ কবিতাত বিষয় বা প্ৰসংগ অনুষংগ হৈ দীঘ-বাণী
হয়৷ মৃত্যু আছে বাবেই জীৱনটো সুন্দৰ আৰু আকৰ্ষণীয়? অনুভৱ
তুলসীৰ কাব্য-পৰিক্ৰমাৰ পথত মৃত্যু-চেতনাৰ বিচিত্ৰ অভিব্যক্তি দেখা যায়৷ জাগতিক বহু
মৰণ অভিজ্ঞতাক তেওঁ কবিতাত দৃশ্যায়ন ঘটাইছে৷ তাত আপোনজন আৰু আত্মীয় স্বজনৰপৰা আৰম্ভ
কৰি ক’ৰবাত আন কোনোবাৰ মৃত্যু ঘটনাও আছে৷ কোনো কোনো কবিতাত তেওঁ মৃত্যুক অনুষংগ কৰিছে৷
সমকালীন ঘটনাক্ৰমত মানুহৰ অপঘাত বা¸ আওমৰণৰ ঘটনা তেওঁৰ
কবিতাৰ বিষয় হৈছে৷ মৃত্যুৰ ৰহস্যময় চৰিত্ৰকো কোনো কোনো কবিতাত তুলি ধৰিছে৷ অনেক মৰণ
অভিজ্ঞতা তুলি ধৰিলেও প্ৰধানকৈ আপোন মৃত্যু সম্পক¹ৰ্য় চিন্তা-চৰ্চাই
অনুভৱ তুলসীৰ মৃত্যু-চেতনাক বিশিষ্ট কৰি তোলা বুলি অনুভৱ হয়।
হাজাৰ
যত্ন কৰিও মানুহে গাৰপৰা এৰুৱাব নোৱৰা ছাঁৰ দৰে প্ৰপঞ্চটো হ’ল মৃত্যু৷ অন্ধকাৰত থাকি
ছাঁটোক সময়িকভাৱে গাৰপৰা নোহোৱা কৰাৰ নিচিনাকৈ জীৱনৰ ব্যস্ততাৰে মৃত্যুক ক্ষণিকলৈ পাহৰি
থাকিব পাৰি যদিও আঁতৰাব নোৱাৰি৷ জন্ম আৰু মৃত্যু– পৃথিৱীত বৰ্তি থকাৰ সময় নিৰূপক এই
দুই বিন্দুৰ মাজৰ জীৱনটোক লৈয়েই দাৰ্শনিক পণ্ডিতৰ নিচিনাকৈ কবিৰো যতমানে চিন্তা যদিও
তাৰ আগ-গুৰি অৰ্থাৎ জন্ম-পূৰ্ব আৰু মৰণান্তৰ চিন্তাও উপেক্ষিত নহয়৷ বৰঞ্চ ক’ৰপৰা আহিছোঁ
আৰু ক’লৈ যাম– এই চিন্তাই আৱহমান কালৰপৰা চিন্তাশীল মানুহক ব্যতিব্যস্ত কৰি আহিছে৷
কিন্তু তাৰ ভেদ ভঙাটো আজিও সম্ভৱ হোৱা নাই৷ অনন্ত কাল ধৰি মানুহে জন্ম-মৃত্যুৰ ভেদ
ভাঙিবৰ বাবে কৰা চেষ্টাৰ আধাৰতে উদ্ভৱ হৈছে বহু দাৰ্শনিক চিন্তা৷ ইন্দ্ৰিয়জ জ্ঞানেৰে
মানুহে প্ৰত্যক্ষ কৰা নিৰ্মম অভিজ্ঞতা হৈছে– সৃষ্টিৰ মাজতে লুকাই থকা বিনাশ৷ জীৱনৰো
চৰম সত্য মৃত্যু৷ কল্পকথাত মানুহৰ অমৰত্ব দেখুওৱাৰ উপৰি মৃত্যুলোকৰপৰা উভতি অহাও দেখুওৱা
হয়; কিন্তু
সিবোৰে মানুহক মৃত্যু-চিন্তাৰপৰা পৰিত্ৰাণ দিব পৰা নাই৷ শ্যেইক্সপীয়েৰে তেওঁৰ নাটক Measure for
Measure-অত ক্লাডিঅ চৰিত্ৰটোৰ মুখেদি কোৱাইছে–
Death is a
fearful thing.
... ... ... ...
Ay, but to die,
and go
We know not
where...
(Shakespeare
Complete Works, 84)
মৃত্যুৰ
পাছত মানুহ ক’ৰবালৈ যায় বুলি ধাৰণা এটা গঢ়ি লৈ ভয়ৰপৰা পৰিত্ৰাণৰ চিন্তা কৰা হয় যদিও
ক’লৈ যায় তাৰ নিশ্চয়তা নাই৷ আৰু ক’ৰবালৈ গলেও তাৰ পৰা কোনো ঘূৰি অহা নাই৷ সেয়ে ই আৰু
ভয়ৰ কাৰণ–
“But that the dread
of something after death,
The
undiscover'd country from whose bourn
No traveller
returns...”
(Hemlat,
Shakespeare Complete Works, 886)
মৰণৰ
পাছৰ জগত এখনৰ কল্পনা কৰা হয় যদিও মানুহে মৃত্যুৰ পাছত উলটি আহি আজিলৈকে সেই ৰহস্যময়
উপলব্ধিৰ কথা ক’ব পৰা নাই, হেমলেটৰ বিখ্যাত স্বগতোক্তিৰ মাজত
সেই প্ৰশ্নই ভুমুকি মাৰিছে৷ হয় মৃত্যু ভয়ৰ কাৰণ; কিন্তু
মৃত্যু-সম্পৰ্কীয় ৰহস্যৰ সন্ধান আৰু চিন্তা-চৰ্চাই মানুহক এনে বোধ-জ্ঞান দিছে, য’ত মৃত্যু
সহনীয় হৈ উঠিছে৷
কবিসকলৰো
মৃত্যু সম্পক¹য় চিন্তাত দুটা বাগধাৰা পৰিলক্ষিত হয়– এটাত মৃত্যুৱেই জীৱনৰ
শেষ সীমা আৰু আনটোত মৃত্যুৰ পাছৰ অৱস্থা এটাৰ কল্পনা কৰা হয় আৰু কেতিয়াবা ই পুনৰ্জন্মৰে
সম্পৰ্কিত৷ ভাৰতীয় চিন্তাত মৰণশীল মানুহৰ আত্মা অমৰ আৰু মৰণান্তৰ জগত এখনৰো কল্পনা
কৰা হৈছে৷ বেদ-উপনিষদৰ মাজেৰে ভাৰতীয় আধ্যাত্মবাদী দৰ্শনে ভাৰতীয় পৰম্পৰাগত দৰ্শনৰ
ভেঁটিটো নিৰ্মাণ কৰিছে৷ ভগৱত গীতাত দেহৰ মৃত্যুৰ সলনি আত্মাৰ অবিনশ্বৰতাৰ কথা কোৱা
হৈছে–
‘‘জাতস্য হি ধ্ৰুবো মৃত্যুৰ্ধ্ৰূৱং জন্ম মৃতস্য চ৷
তস্মাদপৰিহাৰ্য়েহৰ্থে
ন ত্বং শোচিতুমৰ্হসি৷৷’’
(শ্ৰীমদ্ভগৱদ্গীতা
২/২৭)
অৰ্থাৎ
যিজনৰ জন্ম হ’ল, তেওঁৰ যে মৃত্যু হ’ব সেই কথা নিশ্চিত আৰু যিজনৰ মৃত্যু
হ’ল তেওঁ যে আকৌ জন্ম ল’ব সেই কথাও নিশ্চিত৷ মৃত্যুৱে কেৱল শাৰীৰিক অৱস্থাটোৰ অন্ত
পেলায়; কিন্তু
যিটো শক্তিয়ে শাৰীৰিক ক্ৰিয়া-কলাপ চলাই থাকে সি মৃত্যুৰ পিছত মুক্ত হৈ বাহিৰলৈ ওলাই
যায় আৰু শৰীৰেও যি উপাদান লৈ গঠন হৈছিল সেই উপাদানলৈ ঘূৰি যায়৷ সি মাথোঁ ঘৰহে সলায়–
বাসাংসি
জীৰ্ণানি য়থা বিহায়
নৱানি
গৃহ্নাতি নৰোহপৰাণি৷
তথা শৰীৰাণি
ৱিহায় জীৰ্ণা
ন্য ন্যানি
সংয়াতি নবানি দেহী৷৷ (শ্ৰীমদ্ভগৱদ্গীতা ২/২২)
এনে ভাৰতীয়
চিন্তা অনুসৰি দেহ মৰণশীল যদিও আত্মা অবিনশ্বৰ৷ তদুপৰি ভাৰতীয় দৰ্শনে জন্মান্তৰবাদকো
স্বীকাৰ কৰিছে৷ অৰ্থাৎ আত্মাই মৃত শৰীৰ এৰি আন শৰীৰ ধাৰণ কৰে৷ তেনে দৃষ্টিৰে মৃত্যুৱেই
শেষ কথা নহয়, ই ভয়ংকৰ দুৰ্যোগো নহয়৷ ই জীৱনৰ সাময়িক বিৰতিহে৷ সৰহভাগ
ভাৰতীয় দৰ্শন মোক্ষবাদী আৰু মোক্ষ হ’ল সংসাৰ বন্ধনৰপৰা মুক্তি৷ জন্ম-মৃত্যু চক্ৰত নপৰা
অৱস্থাটোৱেই হ’ল মোক্ষ৷ জড়বাদী চাবাৰ্ক বা লোকায়ত দৰ্শনে ইয়াৰ বিপৰীত স্থিতিহে গ্ৰহণ
কৰিছে৷ লোকায়ত দৰ্শনে জন্মান্তৰৰ কথা নাকচ কৰিছে৷ লোকায়ত মতত দেহাতিৰিক্ত আত্মা আৰু
পৰলোকৰ কথা কল্পনা মাত্ৰ, পুৰুষাৰ্থৰ অৰ্থ কেৱল সম্পদ আৰু কাম৷
অৰ্থাৎ থোৰতে বস্তুবাদী মত৷
প্ৰথমৰ
ফালে অন্তৰ্মুখিতাত অৱগাহন কৰিলেও পাছলৈ মানুহৰ পাৰ্থিৱ অস্তিত্বৰপৰা কবিতাক অবিচ্ছেদ্য
বুলি ভবা কবি অনুভৱ তুলসী (১৯৫৮)ৰ চেতনা-জগত বহিৰ্বাস্তৱৰ কোলাহলেৰে মুখৰিত হৈছে৷ অন্যান্য
বিষয় অনুষংগৰ লগতে ‘জীৱন আৰু মৃত্যু নিৰ্বাহৰ বিশিষ্ট প্ৰকাশ’ তেওঁৰ কবিতাৰ বিষয়বস্তু
হৈ থকাৰ কথা জলমগ্ন দৃশ্যাৱলী (১৯৬৯)ৰ বাটচ’ৰাত কবিয়ে তুলি ধৰিছে৷ তাত আৱেগ-অনুভূতি, অনুভৱ-উপলব্ধি, চিন্তন, মনন, প্ৰেমৰ
বৰ্ণময় অভিজ্ঞতা, স্মৃতিনিৰ্ভৰ গ্ৰাম্যজীৱন আৰু পৰম্পৰা
প্ৰতিফলিত হোৱাৰ উপৰি আশাবাদ লৈ, আশাভংগৰ আঘাতদীৰ্ণ
হৈ, জীৱন
আৰু মৃত্যু নিৰ্বাহৰ বিশিষ্ট ভংগী প্ৰকাশ পাইছে৷
‘নাজমা’তে ডেকা কবিয়ে মৰণৰ অমোঘ শকতিৰ ওচৰত বিৱশ মানুহৰ এপিটাফ লিখিছিল–
‘মই একো এৰি নেযাওঁ, / ফুলত
অথবা হুলত / হৃদয়ৰ সোঁণালী সাঁকো, / মৃত্যুহে
মোৰ অভিজ্ঞান৷’ আধ্যাত্মিকতাৰ দোহাই দি জীৱনৰ প্ৰতি ঔদাসীন্য তেওঁ প্ৰকাশ কৰা নাই৷
আখ্যানৰ আঁৰলতে প্ৰকাশ কৰিছে জাগতিক সত্য– ‘এই জীৱন মাথোঁ এবাৰেই নামি অহা’ (ওছিয়ানলৈ
আকাশ উৎসৰ্গা, দোৰোণ ফুল)৷ অৰ্থাৎ ভাৰতীয় আধ্যাত্মবাদী দৰ্শনেৰে জীৱন-মৃত্যুক
অনুভৱ তুলসীয়ে বিচাৰ কৰা নাই; মৰণ সম্পৰ্কে ক’ৰবাত
আৱেগিকতা প্ৰকাশ পালেও এজন আধুনিক কবিৰ দৃষ্টিৰে যুক্তি-বুদ্ধিৰ আধাৰতহে মৰণক তুলি
ধৰাৰ প্ৰয়াস কৰিছে যেন লাগে৷ ‘মৃত্যুৰ কেইদিন পিছত মানুহ নক্ষত্ৰ’ কবিতাত ভাৰতীয় মানসত
প্ৰচলিত মৰণান্তৰ ধাৰণাক লৈ কবিও সন্দিহান হৈছে– ‘মৃত্যুৰ কেইদিন পিছত মানুহ নক্ষত্ৰ
হয়যমই নাজানো...৷’ মৃত্যুৰ পাছত দেৱত্ব প্ৰাপ্তিৰে মানুহ নক্ষত্ৰ হৈ অমৰ হয় বুলি ভাবি
লভা স্বস্তিৰ প্ৰতিও যেন কবিৰ শংকা আছে৷ অৱশ্যে কোনো ঠাইত তেওঁৰ এই চিন্তাৰ বৈপৰীত্যও
লক্ষ্য কৰা যায়, য’ত তেওঁ ভাৰতীয় চিন্তাত প্ৰতিফলিত জন্মান্তৰৰ কথাও প্ৰকাশ
কৰা যেন লাগে৷ ‘জুই চোৰ’ সংকলনৰ ‘অহা জনমত তুমি মোৰ আই’ শীৰ্ষক কবিতাটোৱে থাওকতে তেনে
এটা ধাৰণাই দিয়ে–
অহা জনমত
আয়ে মোক ধাৰণ নকৰে
কোমোৰাৰ
গুটিবোৰৰ মাজতহে
আয়ে মোক
গজাব
মোৰ নামত
গুটিটো গজিলে
পুলিটো
দিব
তোমালোকৰ
ঘৰলৈ বুলি৷’
কিন্তু
কবিতাটোৰ সামগ্ৰিক আৱেদনে আধ্যাত্মিকতাৰ ধাৰণাত জন্মান্তৰ চিন্তাক প্ৰকট কৰাৰ সলনি
লোক-কথাৰ তেজীমলাক আন অসমীয়া আধুনিক কবিয়ে ৰূপান্তৰ (Metamorphosis)ৰ আধাৰত তুলি ধৰাৰ নিচিনাকৈ জীৱনদায়িনী মাতৃ আৰু উৰ্বৰা শক্তিৰ গৰাকী ধৰিত্ৰী
মাতৃ অৰ্থাৎ মাটিৰ সৈতে মানুহৰ সম্পৰ্ক তুলি ধৰাৰহে চেষ্টা কৰা যেন লাগে৷
দোৰোণ
ফুল (১৯৯৬)ত অনুভৱ তুলসীৰ মৃত্যু সম্পৰ্কীয় চিন্তাই গভীৰতা লাভ কৰিছেþ৷ ‘নিঃসংগ
দশক বিগত’, ‘মৃত্যু বৰ্ষ সূচনা’, ‘মৃত্যুৰ
কেইদিন পিছত মানুহ নক্ষত্ৰ’ আদি কবিতাত মৰণক ভিন্ন দষ্টিকোণেৰে উপস্থান কৰা হৈছে৷
‘নিঃসংগ দশক বিগত’ কবিতাত বিপন্ন সময়ত মৃত্যুৰ যি বিভীষিকা ধ্বনিত হৈছে সেয়া সমকালৰ
দুৰ্গত পৰিস্থিতিজাত; য’ত–
কেতিয়াবা
খোজৰ শব্দ শৱযাত্ৰাত যোগ দি
দ্ৰুতগতিত
প্ৰতিধ্বনিৰ পৰিসীমা হয়
আশী-নব্বৈ
দশকত অসমৰ সামাজিক-ৰাজনৈতিতক ধামখুমীয়াত সংঘটিতত অগণিত মৰণৰ
অন্তৰালত যিয়েই কাৰক নাথাকক, তাত দুটা পৰিঘটনাই
প্ৰধান ভূমিকা লৈছিল– বিদেশী বিতাৰণৰ বাবে হোৱা আন্দোলন আৰু আনটো অসমক স্বাধীন কৰাৰ
বৈপ্লৱিক প্ৰয়াস৷ তাৰ ফলত উদ্ভূত পৰিস্থিতিত যতবোৰ মৰণ সংঘটিত হ’ল তাৰ মাজেৰেও লক্ষ্যত
উপনীত হ’ব নোৱৰা অৰ্থাৎ সিবোৰৰ বিফলতাৰ শ্লেষাত্মক প্ৰকাশো মন কৰিবলগীয়া–
পৰাজয়ৰ
গ্লানিময় লানি-নিছিগা লঠঙা
দিনবোৰৰ
মৃতদেহ বিজয় পতাকাখনিৰে ঢাকি দিছোঁ
তাৰ ওপৰত
কেইপাহমান গৌৰৱোজ্জ্বল গোলাপ
(নিঃসংগ
দশক বিগত)
‘মৃত্যু বৰ্ষ সূচনা’ত ভালেমান ইমেজৰ আধাৰত মৰণৰ অমোঘ শকতিৰ প্ৰতি কবিৰ প্ৰতিক্ৰিয়া
প্ৰকাশ পালেও তাত ভীতি নাই৷ ধ্বংসই হৈছে জাগতিক সকলো প্ৰপঞ্চৰ নিয়তি; কবিৰো
অস্তিত্ব, প্ৰেম-প্ৰীতি
সকলো– মোৰ ছালৰ শোটোৰা-শোটোৰ সীৰলুত শইচ সিঁচি টঙী সাজি বহি আছে মৃত্যু / মন গ’লেই
তুমি মোৰ মৌচাকলৈ উৰি অহা অদৃশ্য বাটৰ ওঁঠৰ কেঁকুৰিত / মোৰো
বয়স হৈছে মৃত্যুসম অভিজ্ঞ তুমি সুপ্ৰাচীন সৌধ হৈ থিয় দিছা মোৰ সমাধিত / ময়ো হৈছোঁ
সোণাৰু শোভিত সেই নিসৰ্গ তোমাৰ নাম কাঢ়ি মোৰেই ডালত নিয়তি’’ (মৃত্যু বৰ্ষ সূচনা)
আত্মীয়ৰ
মৃত্যু-ঘটনাক তেওঁ কেইবাটাও কবিতাৰ বিষয় কৰিছে৷ সিবোৰত বিচ্চেদ আৰু একাকিত্বৰ অনুভৱ
মৰ্মস্পৰ্শী৷ তাৰ ভিতৰত কেইবাটাও কবিতাত পিতৃৰ মৃত্যুৰ প্ৰসংগ আহিছে৷ এটা কবিতাত আশীত
উপনীত হোৱা নিজ পিতৃৰ মৃত্যু-যন্ত্ৰণাৰ মাজেৰে এগৰাকী নিৰ্বিশেষ বৃদ্ধৰ মৰণ যাতনাৰ
চাক্ষুষ অভিজ্ঞতাৰেই প্ৰতিফলন ঘটিছে৷ ‘অজিত যেতিয়া টান নৰিয়াত’ শীৰ্ষক কবিতাটোত মত্যুমুখী
মানুহৰ শেষ যাত্ৰাৰ উপলব্ধি সংৱেদনশীলভাৱে তুলি ধৰা হৈছে৷ মৰণমুখী পিতৃৰ মৃত্যু-যাতনা
কবিৰ বাবেও অসহনীয়ভাৱে বৰ্ণিত হৈছে–
... সেইদিনা
শয্যাগত
দেউতাই
দুয়োহাতে আঁজুৰি নিজৰে চুলি
ছিঙি
পেলোৱা নিজ চকুৰে দেখিছিলোঁ৷
তেজলগা
কাপোৰ খুলি দেউতা নাঙঠ হ’ল৷
ছালৰ
তলৰ চন্দনৰ ছন্দোময় শৰীৰটোলৈ
মই যে
ৰ লাগি চাই আছিলোঁ৷
(মৃত্যুৰ
কেইদিনমান পাছত মানুহ নক্ষত্ৰ, দোৰোণ ফুল)
‘জেঠাই’ কবিতাটোত মৰণৰ দৃশ্যায়ন ঘটিছে আৰু সেয়া নষ্টালজিয়াৰ মাজেৰে তুলি
ধৰা হৈছে৷ জেঠায়েকৰ মৃত্যুৰ বাইশটা বছৰ অতিক্ৰম কৰা দিনত কবিয়ে মনত পেলাইছে–
সাৰ পাই
উঠি তুমি খাব খুজিছিলা অগ্নি–
সেৱা
এটা কৰি উঠি তোলনে সেয়েহে
জুমুধিৰে
বাকি দিছিল তোমাৰ মুখত৷
( জেঠাই, চৰাইৰ
চকুত ফুলৰ বিচনা)
জীৱনত
মৃত্যুৱেই শেষ সত্য হ’লেও মৃত্যুৱেই শেষ কথা নহয়, তাৰ সমান্তৰালভাৱে
চলি থাকে জীৱনৰো আয়োজন৷ সেয়ে জেঠাইৰ মৃত্যুৰ সমান্তৰালকৈ কোনোবা জীৱনে ভুমুকি মাৰিছে–
‘নৱজাতকৰ নিচুকণিত তুমি টোপনি গৈছিলা৷’ স্বাভাৱিক হ’লেও মৃত্যুমুখী যত্ৰাৰ যাতনা অসহ্যকৰ৷
পিতৃৰ মৰণ-কষ্ট অতি কাষৰপৰা নিৰীক্ষণ কৰা অভিজ্ঞতাৰে তেওঁ যেন নিৰ্বিশেষ মানুহৰ মৃতুমুখী
যাত্ৰাক মৰ্মস্পশ¹ভাৱে তুলি ধৰিছে৷ কৃশ হৈ অহা দেহা, স্তব্ধ
হোৱা ভৰি, প্ৰাচুৰ্যৰ
জীৱনটোৰ শেষৰ ফালে অহা বৃXQ যেন মৰি অহা জীউলতা৷ ‘ক্ৰমশঃ’ কবিতাত
তেওঁ এই ছবিকে অংকন কৰিছে৷ জয় জয়তীৰ জয় (২০০৬) কাব্য সংকলনৰ ‘পিতৃস্তম্ভ’ কবিতাটোত
মৰণৰূপ ঘটনাৰ উপলব্ধিয়েই ব্যঞ্জিত হৈছে৷ ‘জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য’ত ১৯৫৪ চনৰ ১৪
অক্টোবৰত কলিকতাৰ টালিগঞ্জত ট্ৰাম দুৰ্ঘটনাত পতিত বংগীয় কবি জীৱনান্দ দাসৰ মৃত্যু ঘটনাক
আলম্বন কৰা হৈছে৷ চিকিৎসকৰ আপ্ৰাণ চেষ্টা আৰু শুভচিন্তকৰ সকলো প্ৰাৰ্থনা অমূলক প্ৰতিপন্ন
কৰি ২২ অক্টোবৰত দেহান্তৰ ঘটা জীৱনানন্দৰ মৃত্যুদুখ কবিৰ শূন্যতাৰ উপলব্ধি স্বৰূপ–
সেইখন
ট্ৰামৰ মই নহওঁ যদিও যাত্ৰী
বাহিৰলৈ
ওলাই গৈ
গাৰ নোমৰ
আগত ঠিয় দি ৰিঙিয়াইছোঁ
‘হায় চিল, সোণালি ডানাৰ চিল...’
(জীৱনানন্দৰ
দেহান্তৰৰ দৃশ্য, জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য)
জনগোষ্ঠীয়
লোকৰদ্বাৰা ভূমিৰ অধিকাৰ সাব্যস্ত আৰু প্ৰশাসনৰ উচ্চেদৰ দ্বন্দ্বত দিছপুৰৰ লাষ্টগেটত
ধৰ্মঘটত অংশ লোৱা প্ৰতিবাদকাৰীৰ ওপৰত শাসক বাহিনীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত অকাল
মৃত্যু ঘটা ৰুহুল নামৰ ন বছৰীয়া ল’ৰাটোৰ বৃত্তান্তই হৈছে ‘মৰণোত্তৰ’ কবিতাৰ মূল৷ কবিতাটোত
সেই ঘটনাৰ বৰ্ণনৰ সলনি ল’ৰাটোৰ গুলীবিদ্ধ শৰীৰটোক ৰূপক হিচাপে লৈ ‘ভূ-ভাৰস্তৰ ৰাজনীতি’ৰ
উমান লোৱাৰ প্ৰচেষ্টাও পৰিলক্ষিত হয়–
‘‘গুলী খোৱা ৰুহুলৰ
নবছৰীয়া
বুকুত
দুটা
ফুটা
ডাঙৰটোৰে
আকাশলৈ
চাই পঠিয়াওঁ
তাত
তৰাৰ
তৰ্জাৰ জুপুৰীবোৰ
হাতী
লগাই
ভাঙি
আছে
কোনোবাই
ইটো ফুটাত
লগোৱা
হৈছে এক দুৰবীণ
যাৰে
চালেই
জলজল
পটপটকৈ দেখি
ভূ-ভাৰতৰ
ৰাজনীতি’’ (মৰণোত্তৰ, বৰষুণৰ খেতিয়ক)
মৰণৰো
ভিন্ন অভিব্যক্তি আছে৷ দেহজ মৰণৰ অতিৰিক্ত আত্মিক মৰণ-উপলব্ধিও মৰণৰে আন এক অভিব্যক্তি৷
কোনো মুহূৰ্তত জীৱনৰ অৰ্থশূনতা আৰু ব্যৰ্থতাও মৰণৰূপ উপলব্ধি– তাত নিৰ্ধাৰিত মনোগত
সাজোনটো ভাঙি আন এক নতুনক গ্ৰহণ কৰিবলৈ মানুহ বাধ্য হয়৷ অনুভৱ তুলসীৰ শেহতীয়া কবিতা
‘দিনলিপি’ত তেনে চিন্তাৰে প্ৰতিফলন ঘটা যেন লাগে–
মোৰ সমুখত
কালিৰ দিনটোৰ মৃতদেহ
বাহী
শ ৰখীয়া হৈ বহি আছোঁ
সমুখৰ
কলমডাল মৃতদেহৰ অন্য এক সংস্কৰণ যেন
আৰু এই
কাগজখিলা মৃত আকাশৰ এটি পাত যেন
আজি হয়তো
আকৌ উদয় হৈছে সূৰ্য
আজি কি
কালিৰ স্মৃতি? নে নতুন সেউজৰ বতাহ?
মই একো
ধৰিব পৰা নাই৷ নিজৰ শটো টানি টানি আনি
সদায়
বহা ঠাইতে বহিছোঁ৷ সাৰ পোৱা নাই৷
... ... ... ...
সমুখৰ
চাহকাপৰ হাতবাউলিক মই বিশ্বাস কৰিব পৰা নাই
শ নিয়া
গাড়ীক খবৰ দিবলৈ কৈ কবিয়ে তেওঁৰ ঘৰৰ ঠিকনাটো দিছে৷ আৰু লিখিছে– ‘এই ঠিকনাতে একাধিক
মৃতদেহ গোট খাইছে’৷ এয়া দৰাচলতে প্ৰত্যহ মৰণৰ ৰূপকীয়া উপলব্ধি৷ কবিতাটোৰ শেষত নিজৰ
শৰীৰ প্ৰক্ষালনেৰে মৃত বুলি ভবা দেহটোৰপৰা মতৃকৰ গোন্ধটো আঁতৰাবলৈ যত্ন কৰি ভাগৰি পৰা
কবিৰ বিৱশ অৱস্থাটোৱে আৱহমান কালৰপৰা মৃত্যুক প্ৰতিহত কৰিব বিচৰা মানুহৰ ব্যৰ্থতাকে
সূচিত কৰিছে–
গা ধুবলৈ
গ’লোঁ, চেম্পু
কৰিলোঁ, গোটেই
গাত চাবোন সানিলোঁ
শ্বাৱাৰ
খুলি নিজকে ভালকৈ পখালিলোঁ, যদিও একোতেই
মোৰ গাৰ
পৰা মৃতদেহৰ গোন্ধটো গুচাব নোৱাৰিলোঁ
নিজক
মৃতদেহৰ ৰূপত কল্পনা কৰাটো সাহিত্যত নতুন নহয়৷ টমাছ হাৰ্ডিয়েও The Dead Man
Walking কবিতাত জীৱন্মৃত অৱস্থা এটাৰ বৰ্ণনা কৰিছে৷ হাৰ্ডিৰ কবিতাটোত
আত্মিক মৰণৰ ভিন্ন কাৰকৰ উল্লিখন থাকিলেও তুলসীৰ কবিতাটোত মৃত্যু জীৱনৰ এক অৱশ্যম্ভাৱী
পৰিঘটনা হিচাপেহে চিত্ৰিত হৈছে; প্ৰত্যহ মৰণৰ কাৰণ
উহ্য হৈ ৰৈছে৷ অৱশ্যে এজন সৃজকৰ বাবে সৃষ্টিৰুদ্ধ মুহূৰ্তত উপলব্ধি হোৱা মৰণ-চিন্তাকো
কবিতাটোৱে নিৰ্দেশ কৰা যেন লাগে৷ কবিতাটোত কবিৰ মানসিক পৰিভ্ৰমণৰ স্তব্ধতাই তেওঁক এনেদৰে
ক্ৰিয়া কৰিছে সেয়া জাগতিক মৰণৰ এটা মেটাফৰ হৈ উঠিছে৷ ‘গতিৰ বাহিৰে গতি নোহোৱা জীৱন’ত
যতমানে মানসিক পৰিৰভ্ৰমণ সেই বাটত অহা অনাকাংক্ষিত স্তব্ধতাই তেওঁ সৃষ্টিশীলতাকে পক্ষাঘাতগ্ৰস্ত
কৰিছে৷ কাগজ আৰু কলমৰ জড়তা দৰাচলতে মানসিক পৰিভ্ৰমণৰ স্তব্ধতা প্ৰকাশক আৰু সি কায়িক
মৃত্যুসম৷ সেয়ে মৃত্যুৰ পাছতো গতি লভাৰ নিশ্চয়তাৰ প্ৰতি যি হাবিয়াস সেয়া আন জনমৰ হাবিয়াস
বা মৰণান্তৰ জীৱন নহয়, সাময়িক স্তব্ধতাৰ পাছতো সৃজকৰ সৃষ্টিশীলতাৰ
ওপৰত থকা আস্থাহে৷ আৰু কবিতাটোৰ শেষত দিয়া বাস্তৱিক ঠিকনাৰ দ্বাৰা সেই অস্তিত্বটো বিনাশৰ
কথা ব্যক্ত কৰা হৈছে৷ সেয়ে মৃত্যু-উপলব্ধিৰপৰা ওপজা ভীতিৰ সুৰ ধ্বনিত হোৱাৰ সলনি মৰণৰে
মুখামুখি হোৱাৰ সাহসহে কবিতাটোত ধৰা দিছে৷ তেওঁৰ ‘শেষ জন্মদিন’ কবিতাটোৰ মাজতো ব্যৰ্থতা
আৰু অপূৰণ কামনাৰ ফলত উদ্ভুত বাৰম্বাৰ মৃত্যু-যাতনাৰ উপলব্ধি লক্ষ্য কৰা যায়–
নিতে
নৱজন্মৰ মাজেৰে
দৌৰি
ঢপলিয়াই লাগিছিল ভাগৰ (শেষ জন্মদিন, দেওচেলেং)
জীৱনৰ
চিৰায়ত সংগী মৃত্যু– মৰণক জোকাৰি পেলোৱা সম্ভৱ নহয় এই সাধাৰণ বোধক কবিয়ে তাৎপৰ্যপূৰ্ণ
কৰি তুলিছে৷ তেওঁৰ মৃত্যু-বিষয়ক শেহতীয়া কবিতা ‘আবৃত্তি’ৰ মাজতো এই উপলব্ধি লক্ষ্য
কৰা যায়৷ সেয়ে তেওঁৰ বাবে মৃত্যু দৈনন্দিনৰ সংগী৷ আজীৱন এই সংগীক লৈয়েই জীৱন অতিবাহিত
কৰিব লাগিব যেতিয়া ভয়-সংশয় আৰু বিতৃষ্ণাৰপৰা আঁতৰি মৃত্যুক গ্ৰহণ কৰাৰ বিকল্প নাই৷
মৰণতে যিহেতু কায়িক অস্তিত্বৰ বিলোপ সাধন হয় সেয়ে অস্তিত্ব-চিন্তায়ো কবিতাটোত ভিৰ কৰিছে৷
মৰণ এটা
প্ৰাকৃতিক ঘটনা আৰু জীৱ জগতৰদৰে জড় প্ৰপঞ্চৰো মৃত্যু বা ধ্বংস আছে৷ বোৱতী নদী এখন
বান্ধি পেলোৱা পৰিঘটনা এটা জীৱন প্ৰৱাহৰো স্থবিৰতাৰ ৰূপক হৈ কবিতাটোৰ অনুঘটক হৈছে৷
গেৰুকামুখলৈ গৈ বান্ধি পেলোৱা ধনশিৰিৰ মৃত্যু যাতনা কবিৰো আপোন মৃত্যু-যাতনাৰ মেটাফৰ
হৈ উঠিছে৷ উভালি পৰা এজোপা গছ, খিৰিকি কাষলৈ নিতৌ
অহা কণমাণি চৰাইটো, ব্ৰোঞ্জৰ পুতলা আৰু আৰু পৰিৱেশৰ বৰশী
আদি ৰূপকবোৰে জীৱন-মৃত্যুৰ সম্পৰ্ক ঘনীভূত কৰে –
সৌ সিদিনা
গেৰুকামুখত কি দেখিছিলোঁ
সোৱণশিৰি
নামে এক নদীৰ মৃত্যু
নে নিজ
চকুৰে দেখিছিলোঁ নিজ মৃত্যুৰ প্ৰতিৰূপ
এটা মুহূৰ্তত
ঠন ধৰি উঠিছেনে এই মৃত্যু
নে তিলে
তিলে লগ লাগি গোট মাৰিছে
আৰু এতিয়া
হৈছে চুই চাব পৰা
নিজহাতে
নিজ মৃত্যু চুই চোৱাটো অৱধাৰিত নেকি
এই উপলব্ধি
আনন্দৰ নে বেদনাৰ,
নে আনন্দ
আৰু বেদনা দুটা বস্তু নহয়েই
গছজোপা
উভালি এক যন্ত্ৰই ক’ৰবালৈ লৈ যোৱা
নিজ চকুৰে
গছজোপাই নিজ মৃত্যু চোৱা
দুয়োৰ
মাজত মিল কিমান কিমান অমিল
মোৰ খিৰিকী
কাষলৈ নিতৌ অহা
কণমানি
চৰাইটোৱেও হয়তো দেখা পাইছে
প্ৰতিনিয়ত
মোৰ আৰু মৃত্যুৰ কৰমৰ্দন
হয়তো
শুনিছেও দুয়োৰে মাজত হোৱা কথাবতৰা
মৃত্যুৱে
হয়তো জুখি চাইছে মই কিমান পানীৰ মাছ
মাছ নে
ব্ৰ’ঞ্জৰ পুতলা পানীত খলবলাই থকা
পৰিস্থিতি
পৰিৱেশৰ বৰশীৰে মৃত্যুৱে মোক ধৰিছে
নে পৰিৱেশ
পৰিস্থতিও মোৰ লগতে
মৃত্যুৱে
পতা জালত পৰিছে
ইমানৰ
পিছতো মই বুজা নাই
নিজ হাতেৰে
মই মৃত্যুক ধৰিম
নে মৃত্যুৰ
হাততহে মই ধৰা পৰিম
যি সময়ত
মোক সকলোৱে এৰিছে
সেই সময়ত
মৃত্যুৱে মোক কিয় ধৰিছে
আত্ম
উপলব্ধি, আত্মবীক্ষণৰ
মাজেৰে মৰণৰ স্বৰূপ প্ৰকাশৰ এই অম্ল-মধুৰ উপলব্ধি গভীৰ সংবেদনাৰপৰা ওপজা৷ মৃত্যুৰে
কৰমৰ্দন কৰিব বিচৰাৰ ফলত কথা-বতৰাতো মৃত্যুৰ প্ৰতি কবিৰ ভয় প্ৰকাশ পোৱা নাই আৰু কবিৰ
মৃত্যুৰ সৈতে শত্ৰুতাও নাই৷ অৱশ্যাম্ভাৱী মৰণৰ আগলৈকে জীয়াই থকাৰ যুঁজখনত নেজ পেলাই
দিয়াৰ দুৰ্বলতাও তেওঁ প্ৰকাশ কৰা নাই৷ সেয়ে মৃত্যুৱে জুখি চালেও তেওঁ গম পায় জীৱন-জলাশয়ত
তেওঁ কিমান পানীৰ মাছ৷ ‘দিনলিপি’ কবিতাটোত উল্লিখিত মৃতদেহৰ ৰূপকস্বৰূপ কলমটোৱেই যেন
লিখি আছে তেওঁৰ দৈৱ৷ কবিৰ আপোন অস্তিত্ব বিলুপ্তিৰ এই পৰ্যায়টোত লেখক সত্তাটোৰেই বিলুপ্তি
ঘটিছে৷ মানুহৰ অস্তিত্বৰ যিটো নিৰ্মমৰূপৰ কথা মাৰ্টিন হাইডেগাৰে উল্লেখ কৰিছে সি হ’ল being-towards-death বা মৃত্যুচিন্তা৷ Being and Time গ্ৰন্থত
তেওঁ মানুহৰ অস্তিত্ব-চেতনাত মৰণ-চিন্তাৰ বিষয়ে বিষদভাৱে আলোচনা কৰিছে৷ মৃত্যু-সচেতনতা হ’ল মৃত্যুৰ
ভয়ত জীৱন যাপন কৰা বা মৰণক অস্বীকাৰ কৰা নহয়, বৰং মৃত্যুক জীৱনৰ
এক অপৰিহাৰ্য সত্য হিচাপে গ্ৰহণ কৰি তাৰ পৰা জীৱনৰ অৰ্থ বিচাৰি উলিওৱা৷ এনে সচেতনতাই মানুহক
তেওঁলোকৰ অস্তিত্বৰ সীমাৱদ্ধতাৰে মুখামুখি হ’বলৈ আৰু জীৱনৰ প্ৰকৃত উদ্দেশ্যৰ প্ৰতি
সচেতন হ’বলৈ প্ৰেৰণা দিয়ে৷ ই মানুহৰ জীৱনৰ পছন্দ আৰু কৰণীয় নিৰ্ধাৰণ কৰে৷ যেতিয়া মানুহে
মৃত্যুৰ অমোঘ শকতিক স্বীকাৰ কৰে, তেতিয়া অধিক সত্যনিষ্ঠভাৱে
জীৱন যাপনৰ প্ৰেৰণা লভে৷ মৃত্যু-চেতনাই মানুহক তুচ্ছ বিষয়ৰপৰা আঁতৰি গুৰুত্বপূৰ্ণ আৰু
অৰ্থপূৰ্ণ কামৰ প্ৰতি মনোযোগ দিবলৈ প্ৰেৰণা যোগায়৷ এনে দৃষ্টিকোণৰপৰা, মৃত্যুৰ
সজাগতাই জীৱনৰ গুৰুত্ব নিৰ্ধাৰণ কৰে৷
অনুভৱ
তুলসীয়েও জীৱনৰ প্ৰতি বৃতস্পৃহ হৈ এই কবিতাটো লিখা যেন অনুভৱ নহয়, বৰঞ্চ
জীৱনৰ প্ৰতি থকা মোহ প্ৰকাশ আৰু এজন প্ৰাজ্ঞ ব্যক্তিৰ জীৱন-অভিজ্ঞানৰ প্ৰকাশ বুলিহে
ক’ব পাৰি৷ সেয়ে তেওঁ কবিতাটোত মৃত্যুৰে এঘড়ী যুঁজ দিয়া অথবা মৰণক প্ৰতিহত কৰাৰ মনোভাবো
ব্যক্ত কৰা নাই৷ মৃত্যুৱে পতা জালৰপৰা হাত সৰাৰ উপায় নাই– মৃতুৱে ধৰিবই; কিন্তু
মৃত্যুক উপেক্ষা কৰিবলৈকে যেন কবিয়ে আপোন অস্তিত্বৰে এটা বৃথা ফোৰোহনি মাৰিছে– ‘নিজ
হাতেৰে মই মৃত্যুক ধৰিম৷’ এই শাৰীটোত মৃত্যু এক নিস্পৃহ সত্তা আৰু কবিৰ মৃত্যুমুখি
হ’লেও অশংসয় জীৱন-গতিয়েই মূল কথা৷ ইয়াত জন ডানৰ Death, be not
proud -অৰ দৰে মৃত্যুৰ ওপৰতো যেন কবিৰ আধিপত্য প্ৰকাশিত হৈছে৷
তাৎপৰ্যপূৰ্ণ যে কবিয়ে ইয়াত মৰণক personify কৰি নাটকীয়
পৰিৱেশ এটাও সৃষ্টি কৰাৰ যত্ন কৰিছে, যাৰ বাৰে কবিতাটো
অধিক প্ৰভাৱশালী হৈছে৷
কবিৰ
বিষাদবোধত নিঃসংগতা বা একাকিত্বৰ অভিঘাত আছে৷ ‘সকলোৱে এৰা’ এই উল্লিখনতে তাৰ ইংগিত
আছে আৰু একেটা সময়তে ছাঁৰদৰে মৰণৰ আঠালতীয়া উপস্থিতিও আছে৷ মৰণ এটা স্বাভাৱিক পৰিঘটনা
হোৱাটোৱেই মানুহে বিচাৰে যদিও ই প্ৰায়ে আকস্মিক, হঠাৎকাৰী৷
প্ৰতিনিয়ত মৃত্যু দৰ্শনৰ কৰিবলগীয়া হোৱা অৱস্থাটোত পৰিৱেশ-পৰিস্থিতিৰ প্ৰভাৱক তেওঁ
আওকাণ কৰা নাই৷ কবিতাটোত থকা ইংগিত অনুসৰি এনে আত্মগতভাৱে হোৱা উপলব্ধিত কবিৰ শৰীৰে
সংগ নিদিয়া বা সামাজিক প্ৰেক্ষাপটত বাহ্যিক-বাস্তৱিক পৰিস্থিতিয়েই মৃত্যু সঞ্চাৰী হোৱা–
দুয়ো ধৰণে ভবাৰ অৱকাশ আছে৷ ভাৰতীয় দৰ্শনত মানুহৰ বাবে মৃত্যুহে কাম্য– সংসাৰখন যন্ত্ৰণাৰ, মৰণৰ
মাজেৰে মোক্ষ লাভৰ প্ৰতি আকৰ্ষণে মৃত্যুক সহজ কৰি লোৱা হৈছে৷ ভাৰতীয় দৰ্শনৰ জ্ঞানপুষ্ট
হ’লেও বা ৰূপক-প্ৰতীক হিচাপে তাৰ কিছু প্ৰসংগ কবিতালৈ আমদানি ঘটালেও এগৰাকী আধুনিক-উত্তৰ
আধুনিক কবি হিছাপে মৃত্যুৰ মাজেৰে মুক্তি বা মোক্ষবাদী দৰ্শনত অনুভৱ তুলসীয়ে আস্থা
ৰখা নাই যেন অনুভৱ হয়৷ সেয়ে মৃত্যুক সাহসেৰে গ্ৰহণ কৰাৰ মানসিকতা দেখুৱালেও মুক্তিকামী
অৰ্থত তেওঁ মৃত্যুক ভাল পাওঁ বুলি কোৱা নাই৷ নিজা কাব্যিক পৰিক্ৰমাত মৰণক ভিন্নৰূপত
তুলি ধৰিলেও তেওঁ মৰণ আকাংক্ষা কৰা নাই৷ মৃত্যুৰূপ শাশ্বত ঘটনাটোক সহজভাৱে ল’বপৰাৰ
মানসিক প্ৰস্তুতি তেওঁৰ নিতান্তই আছে বাবেই অতবোৰ মৃত্যু-কবিতা তেওঁ লিখিব পাৰিছে৷
‘সৰা বকুল’ আৰু এজাৰক লৈ হোৱা বেজেৰুৱা উপলব্ধিৰ মাজেৰেও তেওঁ তাকে প্ৰকাশ কৰিছে৷ অনন্ত
কাল প্ৰৱাহিনী নৈ এখনৰ মৰণ যদি অৱধাৰিত হ’ব পাৰে ক্ষণিকৰ এই জীৱনটোনো কি?
যিমান
দূৰ মনত পৰে মৃত্যুক মই ভাল পাওঁ বুলি কোৱা নাই
মোৰ আৰু
মৃত্যুৰ মাজত বিনিময় হোৱা নাই কোনো প্ৰেম বাৰ্তা
তাৰ পিছতো
পৰস্পৰ পৰস্পৰৰ এই ওচৰা ওচৰি
এজাৰ
ফুলৰ বতৰত আমাৰ মিলন অৱধাৰিত নেকি
নে তলসৰা
বকুলৰ লগত দুয়ো ওমলি থাকোঁতে
অনিবাৰ্যভাৱে
ইটোৱে সিটোক গবা মাৰি ধৰিম
জীৱনক
বিদায় বুলি ক’বলৈ মোক মৃত্যুয়ে সুযোগেই নিদিব
কিনো
বেয়া হ’ব কোৱাচোন সোৱণশিৰি
প্ৰকৃতিৰ
লালিতা পালিতা হৈও তুমি বাচিব পৰা নাই
মইনো
কোন কুটা, ভাগ্যে
কুটাই কান্দিব নোৱাৰে
নিজ মৃত্যুত
নিজে চকুলো পেলোৱাটো
প্ৰকৃতিৰ
সন্তানৰ নিয়তি নেকি
খিৰিকীমুখৰ
অ’সৰু চৰাই শুনিছা নে
এইফাঁকি
‘লেট আছ গ’, ইউ এণ্ড আই’
মই লিখা
নাই মৃত্যুৱে লিখিছে
মই অসমীয়াতহে
লিখোঁ তুমিতো জানাই,
যিয়েই
নিলিখক যি ভাষাতে নিলিখক
শুনা
শুনা সমাপ্তি পৰৰ মধুৰ আবৃত্তিহে এয়া
কবিতাটোত Eliot ৰ “The Love Song
of J. Alfred Prufrock” কবিতাৰ
পৰা উৎকলিত শাৰীটো–“Let us go, you and I” এই কবিতাটোত তাৎপৰ্যপূৰ্ণ
হৈ উঠিছে৷ যাত্ৰাপথত কাৰোবাক সংগী হ’বলৈ আহ্বান জনোৱা এই শাৰীটো যে বিদ্ৰুপময় সেয়া
এলিয়টৰ কবিতাটোৰ সামগ্ৰিক আৱেদনত পৰিস্ফুট হোৱা আধুনিক জীৱনৰ একাকীত্ব, নিঃসংগতাৰদ্বাৰা
প্ৰতিপন্ন হৈছে৷ কাৰোবাক উদ্দেশ্য কৰি কোৱা যেন লাগিলেও এলিয়টৰ এই আত্মকথন একে সময়তে
বাহ্যিক আৰু আত্মিক সত্তাৰ কথোপকথন৷ তাত ব্যৰ্থতা, সন্দেহ
আৰু সংশয় আছিল৷ অনুভৱ তুলসীয়ে এই শাৰীটোক মৃত্যু-সংলাপলৈ ৰূপান্তৰিত কৰিছে আৰু মৃত্যুক
নিৰ্ভিকভাৱে শেষ যাত্ৰাৰ সহচৰ হিচাপে গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈছে৷