অন্যযুগ/


নাটকৰ ভ্ৰাম্যমাণ অভিজাত যাযাবৰী কবিজন...

 o দিগন্ত দত্ত





আমাৰ ক্ষুদ্ৰ পৃথিৱীখনত লগ পোৱা নাটকৰ ভ্ৰাম্যমাণ অভিজাত যাযাবৰী কবিজন নোহোৱা হৈ গ’ল৷ ৰাইজৰ ৰফিকুল হোছেইন....আমাৰ ৰফিকদা৷ নাটক, কবিতা, আড্ডা, পথাৰ, নৈ, পানী, নিশাৰ আকাশ, ছবি, ৰাজনীতি, সমাজনীতি.... এই বিশাল সাগৰখনৰ মাজত ৰফিকদা নামৰ বহুমাত্ৰিক বিশাল আয়তনৰ ব্যক্তিজনক বুজা বা অধ্যয়ন কৰা মুখৰ কথা নহয়৷ ৰফিকদাক বুজিবলৈ বা জানিবলৈ তেখেতৰ সতে ঘূৰিব লাগিব, নিশাৰ আড্ডাত বহিব লাগিব, তেখেতৰ কবিতা, থিয়েটাৰী গল্প আৰু নাটক অধ্যয়ন আৰু অনুভৱ কৰিব পাৰিব লাগিব৷ ৰফিকুল হোছেইন ভ্ৰাম্যমাণ—তেওঁ যিহেতু ভ্ৰমণ কৰি ভাল পায়, ভ্ৰমণ কৰিয়েই থাকিছিল, ৰফিকুল হোছেইন অভিজাত—কাৰণ তেওঁৰ কথন শৈলী, চাল-চলন, সাজ-পোচাক, প্ৰকাশভঙ্গী, খাদ্যাভ্যাস সকলোতে এক অভিজাত প্ৰকৃতিৰ পৰিচয় দিছিল, ৰফিকুল হোছেইন যাযাবৰী—কাৰণ তেওঁ নিৰ্দিষ্ট ঘৰত বাস নকৰে, আজি ইয়াত, কাইলৈ তাত, আজি ইঘৰত, কাইলৈ সিঘৰত, আজি অতিথিশালাত, কাইলৈ হোটেলৰ এটা কোঠাত৷ সেয়েহে আমাৰ কল্পনাৰ ছবিখনত ৰফিকদা হ’ল নাটকৰ ভ্ৰাম্যমাণ অভিজাত যাযাবৰী কবিজন...৷

সেয়া আমাৰ কৈশোৰ কালৰ কথা৷ প্ৰায় ১৯৮৭-৮৮ চনৰ কথা৷ দুলীয়াজানত অসম নাট্য সন্মিলনৰ এক বিশেষ অনুষ্ঠান আছিল৷ তাতে অৰ্থাৎ দুলীয়াজান ক্লাবৰ প্ৰেক্ষাগৃ্হত ৰফিকদা নিজৰ নাটক ‘দৈৱকী’ মঞ্চস্থ কৰিবলৈ আহিছিল, আৰু এই অনুষ্ঠানতে ৰফিকুল হোছেইন নামৰ গুৰু-গম্ভীৰ কণ্ঠস্বৰৰ নাট পৰিচালকজনক লগ পাইছিলোঁ৷ আমিও অলপ সঙ্কোচেৰে, অলপ ভয়ে ভয়ে তেখেতৰ ওচৰ চাপিছিলোঁ৷ দৈৱকী নাটখনৰ মঞ্চস্থ হোৱাৰ সময়ত আমি মঞ্চসামগ্ৰীৰ দুই এপদ বস্তু ইফালৰ পৰা সিফাললৈ অনা-নিয়াত সহায় কৰিছিলোঁ৷ কেই বছৰমান বিৰতিৰ পাছত পুনৰ ৰফিকদাক লগ পালোঁ, আন্তৰিকতা গঢ় লৈ উঠিল, নাটক, কবিতাৰ পৰা আৰম্ভ কৰি কিতাপ, লেখক, সমসাময়িক ৰাজনীতি, সমাজনীতি ইত্যাদি বিভিন্ন বিষয়ৰ আলোচনা আৰম্ভ হ’ল৷ তেওঁ হ’ল মুখ্য বক্তা, আমি হ’লো নীৰৱ শ্ৰোতা৷ তেওঁ আছিল জ্ঞানৰ ভাণ্ডাৰ, আমি দুই-এটা মাণিক বুটলিবলৈ যত্ন কৰিছিলোঁ৷ দেশ-বিদেশৰ বহু নাটক, নাট্যকাৰ, পৰিচালকৰ কাহিনী, কবিতা, কবিৰ নেপথ্য কাহিনী আমাৰ সন্মুখত বৰ্ণনা কৰিছিল৷ ৰাজনৈতিক আদৰ্শ, পৰিৱৰ্তন সম্পৰ্কে তেওঁ যিদৰে সচেতন আছিল, ঠিক সেইদৰে ছাত্ৰ আন্দোলন, আন্দোলনৰ আদৰ্শ সম্পৰ্কেও সচেতন আছিল৷ নিজেও বহু সংঘাতৰ সন্মুখীন হৈছিল৷ নিজৰ এক আদৰ্শত বিশ্বাসী ৰফিকদাই সাহসেৰে বহু প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে তেওঁ কণ্ঠ আৰু কলমেৰে প্ৰতিবাদ কৰিছিল৷ কিছুমান বিষয়ত তেওঁ অতি স্পষ্ট আৰু সাহসী আছিল৷ কোনো বিষয়ত কেতিয়াও আপোচ নকৰা ৰফিকদা জীয়াই থকা কালত এক সুকীয়া ব্যক্তিত্বৰ পৰিচয় দিছিল৷ ৰফিকদাৰ সতে আমাৰ ব্যক্তিগত সম্পৰ্ক আৰু সুৰীয়া যাত্ৰাত গহীন গম্ভীৰ মানুহজনক আমি নতুনকৈ আৱিষ্কাৰ কৰিছিলোঁ৷ অত্যন্ত অভিমানী, প্ৰচণ্ড সংবেদনশীল ৰফিকদা কেতিয়াবা কিছুমান মুহূৰ্তত একেবাৰে সৰু লৰাৰ দৰে আচৰণ কৰে৷ কিবা কথাত তেওঁ বিচৰা ধৰণে নহ'লে বা বেয়া পালে, তেওঁক সহজে বুজাব নোৱাৰি৷ তেওঁ অতি পৰিপাটিকৈ এক সৃষ্টিশীল যাযাবৰী জীৱন কটাইছিল৷ অসমৰ বিভিন্ন শুভাকাংক্ষী, আত্মীয়, আপোনজনৰ ঘৰে-ঘৰে নাটকৰ পটভূমি, কবিতাৰ আত্মা, সৃষ্টিশীল এখন বহল পথাৰ বিচাৰি ঘূৰি ফুৰিছিল৷ বিশেষকৈ চহৰতকৈ গাঁৱত থাকি ভাল পাইছিল, য’ত এখন পথাৰ, এখন নদী, চৰ-চাপৰি নাইবা এখন পাহাৰ থাকে৷ সুস্থ নাটকৰ সন্ধানত  অসমৰ ইমূৰৰ পৰা সিমুৰলৈ তেওঁ ভ্ৰমি ফুৰিছিল৷ এখন গাঁৱত প্ৰৱেশ কৰিলে গাঁওখনৰ বিশেষ বিশেষ বিভিন্ন বয়সৰ ব্যক্তিক তেওঁৰ শুৱলা কণ্ঠৰে, সুন্দৰ, সাৱলীল শব্দ ব্যৱহাৰ কৰি কোৱা বাক্যৰে, তেওঁৰ উজ্জল ব্যক্তিত্বৰে সকলোকে কম সময়তে মুগ্ধ কৰিছিল আৰু মৰমৰ সাঁকোডালে বান্ধি পেলাইছিল৷ তেওঁ গাঁওখনত থকা সময়ছোৱাত বিভিন্নজনে বিভিন্ন ধৰণে সহায় সহযোগ আগবঢ়াইছিল, যেনে এজনে যদি ৰাতিপুৱা বা সন্ধিয়া জৰ্দা পাণ আনি দিয়ে, আন এজনে চহৰলৈ গৈ দৈনিক কাকত, আলোচনী, লিখিবলৈ কাগজ-কলম আনি দিয়ে৷ এজনে যদি তেওঁৰ  কবিতা বা প্ৰবন্ধ এটা কোনোবা এখন আলোচনী বা দৈনিক কাকতলৈ প্ৰেৰণ কৰিবলৈ ডাকঘৰলৈ লৈ যায়, আন এজনে ব্যক্তিগত সংগ্ৰহালয় বা পুথিভৰাঁলৰপৰা তেওঁ বিচাৰি ফুৰা কিতাপখন যোগাৰ কৰি দিয়ে৷ এজনে যদি পুখুৰী সিঁচি সৰু সৰু মাছ কেইটামান আনি দিয়ে, অন্য এজনে বাৰীৰপৰা বিভিন্ন বনশাকৰ টোপোলা বা নিশাৰ খাদ্যৰ বাবে পিটিকাৰ মিশ্ৰণ সাজু কৰে৷ এইদৰে এখন নিভাঁজ জীয়া ছবিৰ মাজত ৰফিকদাই বাস কৰিছিল৷ তুলনামূলকভাৱে তেওঁ গাঁৱৰ সেউজীয়াৰ মাজত, নৈৰ পাৰত থাকিবলৈ ভাল পাইছিল৷ হয়তো চহৰৰ মূল পথৰ কাষতে থকা বাসস্থানৰ পৰা কিছু ব্যতিক্ৰম, নিৰিবিলি পৰিৱেশ বিচাৰি গাঁৱৰ মাজত থাকি ভাল পাইছিল৷ খাদ্য সম্পৰ্কে, বিভিন্ন ৰন্ধন প্ৰণালী সম্পৰ্কে, বিভিন্ন খাদ্যৰ সংমিশ্ৰণ সম্পৰ্কে তেওঁ বহুত জ্ঞান আছিল৷ তেওঁ সাময়িকভাৱে যিখন ঘৰত আছিল, সেই ঘৰৰ মূল ৰান্ধনীগৰাকীক খাদ্য, খাদ্যৰ উপকাৰিতা, ৰন্ধন প্ৰণালী সম্পৰ্কে বহু দিহা-পৰামৰ্শ আগ বঢ়াইছিল৷ আমাৰ ঘৰলৈ আহিলে কল্যাণীক খাদ্য প্ৰস্তুতিৰ সম্পৰ্কত বহুত দিহা-পৰামৰ্শ আগ বঢ়াইছিল৷ কোনবিধ খাদ্য কোন সময়ত খাব লাগে, কেনেকৈ ৰান্ধিব লাগে, কিহৰ লগত খাব লাগে, খালে কি কি উপকাৰ হয় ইত্যাদি বহুত পৰামৰ্শ৷ বিশেষকৈ গাহৰি মঙহ ৰন্ধাৰ ক্ষেত্ৰত বহুত পৰামৰ্শ দিছিল৷ কল্যাণীয়ে ৰফিকদাৰ দিহা পৰামৰ্শ মতে প্ৰথম বাৰৰ বাবে আমাৰ ঘৰত গাহৰি মঙহ ৰান্ধিছিল৷ যেতিয়াই আমাৰ ঘৰলৈ আহে, সদায় নতুন খাদ্যৰ পৰিকল্পনা কৰিছিল৷ কল্যাণীয়েও যিমান পাৰে, ৰফিকদা সন্তুষ্ট হোৱাকৈ আহাৰ পৰিৱেশন কৰিবলৈ যত্ন কৰিছিল৷ বৰ তৃপ্তিৰে বিভিন্ন খাদ্যৰ সোৱাদ, সোৱাদৰ ভিন্নতা, তীব্ৰতা উপভোগ কৰিছিল৷

ৰফিকদাই দুই ধৰণৰ উদ্দেশ্যত অসমৰ বিভিন্ন স্থানলৈ ভ্ৰমণ কৰিছিল৷ প্ৰথম, নাটকৰ উদ্দেশ্যত, দ্বিতীয়তে নাটক নথকা অৱস্থাত কেৱল জীৱন উদযাপন কৰিবলৈ, সৃষ্টিশীল মনটোক জীপাল কৰিবলৈ, নাটক আৰু কবিতাৰ বাবে সমল বিচাৰি, হৃদয়ৰ মিল থকা অকৃত্ৰিম মনৰ মানুহৰ সঙ্গ বিচাৰি, প্ৰকৃতিৰ সতে মুখামুখি হৈ আপোন মনে কথা পাতিবলৈ, নিজানত সুহুৰি বজাই থিয়েটাৰী গল্প সাজিবলৈ … মাথোঁ ভ্ৰমণ কৰিছিল৷ গোটেই জীৱনটো অৰঙে-দৰঙে অনাই বনাই ঘূৰি ফুৰিছিল৷ আজীৱন ভ্ৰমণবিলাসিতাই তেওঁৰ জীৱন সজাইছিল৷ ‘ৰফিকুল হোছেইন’ নামৰ আমি ঢুকি নোপোৱা, মাজে মাজে বুজি নোপোৱা অত্যন্ত মেধাৱী এক বিশাল সত্তা গঢ় দিছিল৷ জীৱনৰ জীয়া অভিজ্ঞতাৰেই তেওঁ জীপাল হৈ আছিল৷ সেয়েহে তেওঁ এজন জীৱনবিষয়ক ভাল storyteller আছিল৷ তেওঁ কাহিনী কৈছিল, আমি মন্ত্ৰমুগ্ধ হৈ শুনি আছিলো৷ ভ্ৰমণ কালত অসমৰ বিভিন্ন স্থানত তেওঁৰ বিচিত্ৰ বন্ধু আছিল৷ ক'ৰবাত তামোল-পাণৰ দোকানী ককাইজন, কৰবাত আপং বিক্ৰী কৰি থকা বাইজনী, কোনোবা এখন বাছৰ হেণ্ডিমেন, কোনোবা এখন বাছৰ ড্ৰাইভাৰ, ক’ৰবাত নাট্যদলৰ অভিনেতা-অভিনেত্ৰী, ক’ৰবাত নাট্যানুষ্ঠানৰ সভাপতি, সম্পাদক আৰু কবি-অকবি বন্ধুসকল আছেই৷ ইয়াৰোপৰি তেওঁক সমৃদ্ধ কৰা নেপথ্যত আৰু কিছু বিশেষ বন্ধু আছিলে, যিসকলৰ পৰা তেওঁ কবিতা, নাটক, দৰ্শনৰ বহু তথ্য সংগ্ৰহ কৰিছিল, নিৰ্বাচিত কিতাপৰ (reference book) তালিকা সজাইছিল আৰু সংগ্ৰহ কৰিবলৈ যত্ন কৰিছিল আৰু আমাকো সমৃদ্ধ কৰিছিল৷ নাটক আৰু কবিতা সম্পৰ্কীয় দেশী-বিদেশী বহু কিতাপৰ বিষয়ে আমাক জনাইছিল আৰু আমাক  অনুসন্ধান কৰিবলৈ আহ্বান কৰিছিল৷ তেওঁ কল্পনাবিলাসী আছিল৷ তেওঁ কল্পনাৰ ছবিখন কবিতা বা নাটকৰ মাধ্যমত সাজিবলৈ বা গঢ় দিবলৈ ভ্ৰমণবিলাসিতাই বৰ সহায় কৰিছিল৷ যিকোনো এখন জনজাতীয় গাৱঁত প্ৰৱেশ কৰিলে সেই নিৰ্দিষ্ট জনজাতিৰ সম্পূৰ্ণ rituals জানিবলৈ বা বুজিবলৈ চেষ্টা কৰিছিল৷ তাৰ থলুৱা ভাষা, শব্দ, কথনশৈলী আয়ত্ত কৰি তেখেতৰ কবিতাৰ গাঁঠনিত এক অলঙ্কাৰৰূপে ব্যৱহাৰ কৰিছিল৷ ৰফিকদাৰ কবিতাত একোটা নিৰ্দিষ্ট অঞ্চলৰ জীৱন শৈলী, থলুৱা প্ৰচলিত কাহিনী, উৎসৱ ইত্যাদিৰ ছবি এখন বৰ সুন্দৰকৈ ফুটি উঠে৷ তেওঁৰ কবিতা বা থিয়েটাৰী গল্প ক্ষেত্ৰভিত্তিক অধ্যয়ন যেন অনুভৱ হয়৷ আকৌ কেতিয়াবা তেওঁ হঠাতে লগ পোৱা বিচিত্ৰ ব্যক্তিত্বৰ এজন ব্যক্তিক লৈ কবিতা বা থিয়েটাৰী গল্প সজায়৷ আমাৰ অনুভৱ হয়, ৰফিকদাৰ সমূহ সৃষ্টি বাস্তৱ আৰু কল্পনাৰ যুগলবন্দীত গঢ় লৈ উঠিছিল৷ এটা সময়ত ৰফিকদাৰ বহু নাটক আৰু জীৱনবিষয়ক প্ৰবন্ধ অসমীয়া দৈনিক কাকতত প্ৰকাশ হৈছিল৷ বিশেষকৈ অসমীয়া প্ৰতিদিন কাকতৰ দেওবৰীয়া প্ৰতিদিনৰ শিল্প পৃষ্ঠাত বহু বিচিত্ৰ অভিজ্ঞতাৰ মনোৰম কাহিনী প্ৰকাশ হৈছিল৷ মাজে মাজে কিছুমান প্ৰচলিত ব্যৱস্থা বা ব্যক্তিক সজাগ সচেতন কৰিবলৈ ক্ষুৰধাৰ সমালোচনাৰে থকাসৰকা কৰিছিল৷ আমাৰ মনত পৰে, সেই সময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ কিছু ব্যৱস্থাৰ বিৰুদ্ধে তেখেতৰ শক্তিশালী শব্দৰ মাধ্যমত কাকতৰ পৃষ্ঠাত যুদ্ধ ঘোষণা কৰিছিল৷ সেই যুদ্ধ অলপ দীঘলীয়া হৈছিল৷ যিসকল পঢ়ুৱৈয়ে কাকতত প্ৰকাশিত ৰফিকদাৰ প্ৰৱন্ধসমূহ নিয়মীয়াকৈ পঢ়িছিল, তেওঁলোকে অনুভৱ কৰিব, ৰফিকদাৰ শব্দ, শব্দৰ প্ৰয়োগ কিমান শক্তিশালী আছিল৷ তেওঁ আলোচনী বা কাকতলৈ প্ৰেৰণ কৰা প্ৰৱন্ধ বা কবিতাৰ ক্ষেত্ৰত বৰ সচেতন, সংবেদনশীল আছিল, বিশেষকৈ শব্দ প্ৰয়োগৰ ক্ষেত্ৰত৷ এটা কবিতা নিজে সন্তুষ্ট নোহোৱালৈকে বাৰে বাৰে সজাই থাকে, শব্দসমূহ সংশোধন কৰি থাকে, বাৰে বাৰে লিখি থাকে৷ এটা কবিতা সম্পূৰ্ণ হবলৈ কেতিয়াবা বহুত সময় লাগিছিল৷  প্ৰকাশৰ বাবে পঠিওৱাৰ আগতে তেওঁ নিজে কেইবাবাৰো পঢ়িছিল৷ অসমৰ সাহিত্য ক্ষেত্ৰখনলৈ তেওঁৰ ‘থিয়েটাৰী গল্প’ এক বিশেষ সংযোজন আছিল৷ থিয়েটাৰী গল্প ৰফিকদাৰ স্বকীয়  শৈলীৰে সজোৱা নাটক, গল্প আৰু বাস্তৱৰ এখন জীয়া ছবি, শৈল্পিক যুগলবন্দী৷ অসমৰ বিভিন্ন স্থানত নাটক কৰিবলৈ গৈ হোৱা বিচিত্ৰ অভিজ্ঞতাৰে ‘থিয়েটাৰী গল্প’ সমূহ এখন সুৰীয়া নাটকৰ নদীৰ দৰে সজাইছিল৷

অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰফিকদাক মূলত এজন নাটকৰ প্ৰশিক্ষক, এজন অত্যন্ত মননশীল, গভীৰ সংবেদনশীল, চিন্তাশীল নাটকৰ পৰিচালক আৰু এজন কবিৰূপেহে চিনি পাইছিল বা জানিছিল৷ আমিও আমাৰ নাট্যজীৱনৰ আৰম্ভণিতে এজন নাটকৰ পৰিচালক, প্ৰশিক্ষকৰূপে লগ পাইছিলোঁ৷ নাটকৰ পৰিচালনাৰ ক্ষেত্ৰখনত জড়িত থকা সূত্ৰে ৰফিকদাই “total theatre’’ৰ ওপৰত গুৰুত্ব দিছিল যদিও অভিনয় শিল্পীৰ চৰিত্ৰানুযায়ী অভিনয়, নাটকৰ সামগ্ৰিক ৰং, পোহৰ, দৃশ্যায়ন, নান্দনিকতা ইত্যাদিৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিছিল৷ নাটক এখন পৰিচালনা কৰি থকা সময়ত নাটকখনৰ নেপথ্য ছবি এখন তেওঁ সন্মুখত আঁকি লৈছিল আৰু সেই ছবিখনকে মঞ্চত প্ৰাণ দিবলৈ কোনো ধৰণৰ আপোচ নকৰাকৈ শেষ মুহূৰ্তলৈকে চেষ্টা কৰিছিল৷ সাধাৰণতে নাটকৰ নিৰ্দেশনা দি থকা সময়ত তেওঁ মঞ্চৰ ওপৰলৈ উঠি নগৈছিল৷ এই ক্ষেত্ৰত তেওঁ অসমৰ ভিতৰতে কিছু ব্যতিক্ৰম আছিল৷ বহি থকা স্থানৰ পৰাই সুন্দৰকৈ অভিনয় শিল্পীসকলক তেওঁৰ কল্পনাৰ ছবিখন প্ৰত্যক্ষ বা পৰোক্ষভাৱে বুজাবলৈ যত্ন কৰিছিল, নিৰ্দেশনা দিছিল৷ শিল্পীসকলৰ পৰা চৰিত্ৰ অনুযায়ী অভিনয় আদায় কৰাৰ কৌশল তেওঁ ভালকৈ জানিছিল৷ শিল্পীসকলৰ অভিনয়ত তেওঁ সহজে সুখী নহৈছিল৷ বাৰে বাৰে আখৰা কৰি থাকিবলৈ বাধ্য কৰাইছিল৷ মাজে মাজে ভাব-ভাষা, শব্দ প্ৰয়োগত বৰ কঠোৰ হৈ পৰিছিল৷ নাটকৰ পোহৰ আৰু ৰঙৰ প্ৰয়োগৰ ক্ষেত্ৰত তেওঁ কেতিয়াও আপোচ নকৰিছিল৷ নাটকৰ পোহৰ, ৰঙ, দৃশ্যসজ্জা, নিৰ্দিষ্ট অৰ্থ সম্বলিত মঞ্চ সামগ্ৰীৰ অধিস্থাপন(installation), অৰ্থবহ সঙ্গীত, অভিনয়ৰ নান্দনিক ভিন্নতা ইত্যাদি নাটকৰ বহুমাত্ৰিক উপাদানৰ সহায়ত “total theatre’’ দিশে গতি কৰাৰ লগতে এক অনন্য নন্দনতাত্ত্বিক মাত্ৰা দিবলৈ যত্ন কৰিছিল, সমৰ্থ হৈছিল৷ চিত্ৰশিল্পৰ সম্পৰ্কে গভীৰ জ্ঞান থকাৰ বাবে ৰফিকদাৰ পৰিচালনাৰ নাটকসমূহৰ মাজত চিত্ৰশিল্পৰ বহু উপাদান দেখা গৈছিল আৰু মঞ্চত নাটকখন ভিন্ন ফ্ৰেমত আৱদ্ধ এখন জীৱন্ত চিত্ৰশিল্প(paintings) হৈ উঠিছিল৷ নাটক আৰু চিত্ৰশিল্পৰ যুগলবন্দীত তেওঁৰ সৃষ্টিসমূহে প্ৰাণ পাইছিল, সেয়া নাটকেই হওক বা কবিতাই হওক বা থিয়েটাৰী গল্পই হওক৷ তেওঁ অসমৰ নাট্যকাৰৰ নাটক পৰিচালনা কৰাৰ লগতে দেশী-বিদেশী বহু অনুদিত নাট পৰিচালনা কৰিছিল৷ কেৱল নাট পৰিচালকেই নহয়, নাট্যকাৰৰূপে ৰফিকদাৰ অন্য এক চিনাকি আছিল৷ তেওঁৰ বহুল প্ৰচলিত নাট সংকলন “ধোঁৱা, দৈৱকী জলাশয়”ৰ তিনিওখন নাটকেই  অসমৰ বিভিন্ন মঞ্চত বহুবাৰ মঞ্চস্থ হৈছে৷ তদুপৰি তেওঁ আৰু কেইখনমান নাটক লিখিছিল আৰু লগতে অন্য নাট্যকাৰৰ দুখনমান চুটি নাটক পূৰ্ণাঙ্গৰূপত নতুনকৈ সজাইছিল৷ ৰফিকদাৰ কাব্য সংকলন ‘শৰবিদ্ধ আকাশ’ আৰু ‘বিষাদ বসন্ত’ কবিতা অনুৰাগীসকলৰ মাজত বিশেষ সমাদৰ লাভ কৰিছে৷ নিজৰ গতানুগতিক ব্যস্ততাৰ পৰা জিৰণি লোৱাৰ চলেৰে সংখ্যাত কম হলেও মাজে মাজে গীতো ৰচনা কৰিছিল৷ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু ড অঞ্জলি চুতীয়া শইকীয়াই কণ্ঠদান কৰা তেওঁৰ এটি বিখ্যাত গীত “তোমাৰে মোৰে নিবিড় এই নিশা/ হ’ব পাৰে বহু গোপন অ’ গোপন কথা/…” সকলো স্তৰৰ শ্ৰোতাই বৰ মৰমেৰে আদৰি লৈছিল (youtubeত উপলব্ধ গানটো আপোনালোকেও এবাৰ শুনি চাবচোন, যদি এতিয়ালৈকে শুনা নাই)৷ গীতটিৰ সুৰ, কণ্ঠ, সঙ্গীত যিমান সুন্দৰ হৈছিল, সমান্তৰালভাৱে গীতৰ কথাংশই আমাৰ হৃদয়তন্ত্ৰীত ঢৌ তুলি থৈ গৈছিল৷ ৰফিকদা কি পৰ্যায়ৰ এজন গীতিকাৰ আছিল, এই এটা গীতেই যুগ যুগান্তৰলৈ স্বাক্ষৰ ৰাখি থৈ গ’ল৷    

মঞ্চৰ নেপথ্যত :

ৰফিকদাই বিষাদ বসন্তত গভীৰ নিশা শৰবিদ্ধ আকাশলৈ চাই ভূপেনদাৰ গীত গুণগুণাইছিল৷ মাজে মাজে ৰবীন্দ্ৰ সঙ্গীতৰ দুই এটা কলিও গুণগুণাইছিল৷ নিশাৰ গভীৰতাৰ মাজত এক সুৰীয়া সঙ্গীতৰ স’তে হাতত ৰঙীণ পানীয়ৰ গিলাছ লৈ আকাশৰ বিশালতাত নিজকে বিলীন কৰি দিবলৈ ভাল পাইছিল৷ সেই মুহূৰ্তবোৰত কিমান যে সৃষ্টিশীল হৈ পৰিছিল মানুহজন! সেই সময়তে তেওঁৰ মুখত আমি শুনিবলৈ পাইছিলো “লৰকা, পিকাছ’, নেৰুডা, ভেনগঁঘ, গ্ৰট’স্কী, বেজবৰুৱা, শংকৰদেৱ, ৰবীন্দ্ৰনাথ, জ্যোতিপ্ৰসাদ, হেমাঙ্গ বিশ্বাস…” ইত্যাদি কত যে নাম৷ মানুহৰ সঙ্গ বিচাৰি অৰঙে-দৰঙে ঘূৰি ফুৰা মানুহজন কিছুমান সময়ত নীৰৱে নিৰলে কেৱল নিজৰ জীৱনৰ সুধা পান কৰিছিল৷ একান্ত ব্যক্তিগত সময়বোৰ তেওঁ নিজৰ ধৰণে সজাই লৈছিল৷ ৰফিকদাৰ জীৱনলৈ নিশ্চয় প্ৰেম আহিছিল৷ সেই প্ৰেম মঞ্চৰ নেপথ্যতে থাকি গ’ল৷ অসমৰ চুকে-কোণে তেওঁ বহু ঠাইত এখন এখন অতি আপোন ঘৰ সাজিলে, আপোন মানুহৰ এখন বিশাল সংসাৰ গঢ়িলে আৰু সেই বিশালতাত আপোন মানুহক অকণো আমনি নিদিয়াকৈ তেওঁ নীৰৱে আঁতৰি গুচি গ’ল৷ আমাৰ বহুতৰে অভিভাৱকসদৃশ বিশাল ব্যক্তিত্বৰ অভিজাত ব্যক্তিজন নোহোৱা হৈ গ’ল৷ ৰফিকুল হোছেইন এজনেই এই ধৰালৈ আহি আমাক সমৃদ্ধ কৰি গুচি গ’ল৷ আৰু এজন নাই! আমাৰ নাটকৰ ভ্ৰাম্যমাণ অভিজাত যাযাবৰী কবিজন এটি সুৰীয়া গীত হৈ আকাশৰ বিশালতাত মিলি গ’ল৷

“ৰফিকদা, বেয়া নাপাব। আপোনাক বিদায় সম্ভাষণ জনাব নোৱাৰিম৷ আমাৰ নাটকৰ যাত্ৰাত আপুনি সদায়ে এটি নিজানৰ সুহুৰি হৈ থাকিব৷”

                                                                                                                                                                            

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ