অন্যযুগ/


প্ৰেম-অপ্ৰেমৰ মাজেদি‍

লোপামুদ্ৰা ভট্টাচাৰ্য




    সহজ কথাবোৰ যিমান সহজ বুলি ভবা হয় প্ৰকৃততে সিমান সহজ নহয়৷ আনহাতে বক্ৰৰেখাৰে অঁকা জটিল নক্সা একোটাৰ মাজতো কিছুমান সৰল ৰেখা থাকিব পাৰে৷ সম্পূৰ্ণ ভাল মানুহ যিদৰে এই পৃথিৱীত নাই সেইদৰে পূৰাপূৰি বেয়া মানুহ জানো আছে! যেতিয়াৰ পৰা মেঘালয়া বৰুৱাই এই সত্য উপলব্ধি কৰিবলৈ ল’লে তেতিয়াৰে পৰা কিছুমান তৰ্ক-বিৰ্তকৰ পৰা নিজকে দূৰ কৰি ৰাখিলে৷ নিজৰ চিন্তাখিনি গল্প-উপন্যাসৰ চৰিত্ৰৰ মুখেদিয়েই কোৱালে৷

    যোৱা তিনি বছৰ ধৰি সামাজিক জীৱন সম্পূৰ্ণৰূপে ত্যাগ কৰি তেওঁ আচুতীয়াকৈ থাকিবলৈ লৈছে৷ তিনি বছৰৰ আগৰ পোন্ধৰ ছেপ্তেম্বৰ দিনটোতে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ক’ভিড ৱাৰ্ডত একেলগে ভৰ্তি হোৱা স্বামী নীলকমলৰ নিঠৰ শৰীৰটো তেওঁৰ ওচৰৰ পৰা লৈ যোৱা হৈছিল৷ সেই সময়ত মুখত অক্সিজেন মাস্ক্ পিন্ধি মেঘালয়া বৰুৱা কাঠ এডালৰ দৰে পৰি আছিল৷ নীলকমলৰ শেষকৃত্য কোনে কেনেদৰে কৰিলে তেওঁ একোকে গম নাপালে৷  এতিয়া সাধাৰণ জ্বৰ-পানীলগা হৈ পৰা ভাইৰাছটোৱে সেই সময়ত মেঘালয়াৰ দৰে আৰু কিমানৰ যে জীৱনৰ খোলা উলিয়াই থৈ গ’ল! মেঘালয়াৰ বাবে সকলো অসাৰ হৈ পৰিল৷ আমেৰিকাত থকা একমাত্ৰ পুত্ৰৰ প্ৰতিও তেওঁৰ বিৰাগ জন্মিবলৈ ধৰিলে৷ 

        মেঘালয়া বৰুৱাই এক প্ৰকাৰ বানপ্ৰস্থই গ্ৰহণ কৰিলে৷ চাকৰিৰ পৰা অৱসৰ ল’বলৈ দুবছৰ বাকী থাকোঁতেই নিজ বৃত্তি, সমাজ, বন্ধু-বান্ধৱ সকলো ত্যাগ কৰি পেলালে তেওঁ৷ সামাজিক মাধ্যমৰ সকলো একাউণ্টো বন্ধ কৰি পেলালে৷ 

        তেওঁ খাৰঘুলিৰ ফ্লেটটোতে আৱদ্ধ হৈ নাথাকিল? ফ্লেটটো বিক্ৰী কৰি দিলে তেওঁ আৰু নীলকমল কলিতাই অৱসৰৰ পিছত জৈৱিক খেতি কৰিবলৈ বুলি চহৰখনৰ সীমামূৰীয়া ঠাইত লৈ থোৱা দুবিঘা মাটিতে মেঘালয়াই নতুনকৈ ঘৰ এটা সজাই ল’লে৷ 

        অসম আৰ্হিৰ এটা সৰু ঘৰ৷ নীলকমলে মাটি টুকুৰাত বহুৱাই লোৱা বিশ্বাসযোগ্য নেপালী পৰিয়ালটোকে মেঘালয়াই এতিয়া বাৰী-ঘৰ চোৱা-চিতাৰ দায়িত্ব দিছে৷ আমেৰিকাৰ পৰাই পুতেকে এজেঞ্চি এটাৰ যোগেদি মাকৰ লগত থাকিবলৈ এগৰাকী পৰিচাৰিকা ঠিক কৰি দিছে৷ স্কুলীয়া বন্ধু ডাঃ ৰাকেশ পাটোৱাৰীৰ লগত যোগাযোগ কৰি মাকৰ মাহেকীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থাও কৰি দিছে পুতেকে৷ নেপালী পৰিয়ালটোৰ ৰঘু আৰু শৰ্মিলাই গৰু পোহে আৰু খেতি কৰি নিজৰ উপাৰ্জন কৰে আৰু মেঘালয়াক মনে জানি গাখীৰ-পাচলি আদি দি থাকে৷ 

        নীলকমলে বহু বছৰ আগতেই মাটি টুকুৰাৰ চাৰিওফালে ওখ দেৱাল সজাই থৈ গৈছিল কাৰণে মেঘালয়া এতিয়া বাহিৰৰ জগতখনৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে বুলিব পাৰি৷ অতি প্ৰয়োজনৰ মানুহকেইজনৰ লগতহে তেওঁৰ এতিয়া দেখা-সাক্ষাৎ হয়৷ ফোন নম্বৰটোও সলাই ল’লে তেওঁ৷ 

        অৱশ্যে সৰুৰে পৰা বান্ধৱীৰ দৰে একেলগে ডাঙৰ হোৱা সম্বন্ধীয় ভনীয়েক এগৰাকী মাজে মাজে তেওঁৰ লগত থাকিবলৈ আহে৷ ভনীয়েকগৰাকীয়ে লগত থকা কেইদিন মেঘালয়াৰ বিশেষ যত্ন লয়৷ দুপৰীয়াৰ সাজ নিজে ৰান্ধে৷ দুয়ো নিৰামিষ খাদ্যই খায়৷ কিন্তু মেঘালয়াৰ খোৱাৰ কাঁহীখন সেই কেইদিন বিধে বিধে তৰকাৰী, চাটনিৰে ভৰি থাকে৷ সেই কেইদিনত ভনীয়েকগৰাকীয়ে বাৰীৰ পাচলিৰে আচাৰ কৰি চিঁচাৰ বটলত ভৰাই ৰ’দত দিয়ে৷ আবেলি হ’লে দুয়ো বাই-ভনীয়ে আগফালৰ চোতালৰ লোহাৰ জুলনাত বহি চাহ খায়, খোজ কাঢ়ে, পুৰণি ভাল লগা কথাবোৰ পাতে৷ 

        ৰঘুৰ ঘৈণীয়েক শৰ্মিলাই কামৰ ফাকে ফাকে তেওঁলোকক চাই থাকে৷ সেই কেইদিন তাই সদায় গম্ভীৰ হৈ থকা মালিকনীৰ মুখত এটা গাভৰু হাঁহি লাগি থকা দেখে৷ ভনীয়েকগৰাকী যোৱাৰ দিনা ঘৰখন আকৌ নিজান হৈ পৰে৷ মেঘালয়া বৰুৱা সেইদিনা এবাৰলৈও বাহিৰলৈ নোলায়৷ পাছদিনা পুৱা সোনকালে উঠি তেওঁ পিছফালৰ বাৰান্দাৰ টেবুল-চকীত বহে আৰু ঘণ্টাৰ পাছত ঘণ্টা ধৰি কিতাপ পঢ়ে আৰু কিবাকিবি লিখে৷ পৰিচাৰিকাগৰাকীয়ে সময় অনুযায়ী খোৱাবস্তু ঠাইতে দি যায়৷ 

        জীৱনৰ আধাতকৈ অধিক সময় মেঘালয়া বৰুৱা নিজৰ পৰা বিচ্ছিন্ন হৈ থাকি হঠাতে নিজক বিচাৰিবলৈ ল’লে তেতিয়াই হয়তো তেওঁ সমাজৰ পৰা বিচ্ছিন্ন হৈ পৰিল৷ ক’ভিড-১৯-ত স্বামী নীলকমল চিৰদিনৰ বাবে হেৰাই যোৱাৰ পাছতেই মেঘালয়াই আৱিষ্কাৰ কৰিলে যে নীলকমলেই সেই আজন্ম প্ৰেমিকজন আছিল যাৰ বাবে তেওঁৰ হৃদয়ৰ কোনোবা এটা কোণত গোট মাৰি আছিল এক দীঘলীয়া অনুৰাগ মিশ্ৰিত অপেক্ষা৷ কিন্তু স্যমন্ত্যক মণিক হাতৰ মুঠিতে ৰাখিও তেওঁ চিনিব নোৱাৰিলে৷ বিয়াৰ পাছৰে পৰা প্ৰতিপল কাষে কাষে থাকি, হাতত হাত ধৰি সুখ-দুখ ভগাই লোৱাৰ পৰত এবাৰলৈও তেওঁ নীলকমলক প্ৰেমিক ৰূপেৰে চোৱা নাছিলে৷ সেই সময়ত মেঘালয়াৰ বাবে নীলকমল আছিল এজন যত্নৱান সুবিশাল মনৰ স্বামী৷ দুয়ো কেৱল বন্ধুত্বসুলভ দায়ৱদ্ধতাৰে ইজনে সিজনৰ প্ৰয়োজন পূৰণ কৰি গৈছিল৷ ‘ভাল পাওঁ’ বুলি ক’বলৈ তেওঁলোকৰ হাতত সময় নাছিল। ঘড়ীৰ কাঁটাৰ লগত, কেলেণ্ডাৰৰ তাৰিখৰ লগত জীৱনটোক খাপ খুৱাই লোৱাতেই তেওঁঁলোক ব্যস্ত আছিল৷ তথাপি মেঘালয়াই কোনো এটা পুৱতি নিশা এটা সপোন দেখিছিল যে এদিন তেওঁলোক দুয়ো এখন নদীৰ পাৰলৈ যাব আৰু অস্তমুখী সূৰুযলৈ মূ কৰি বহুপৰ বলুকাত বহি পাৰ হৈ অহা দিনবোৰ ৰোমন্থন কৰিব৷ ক’ভিড ৱাৰ্ডৰ বিছনাত পৰি থাকোঁতেও মেঘালয়াৰ এই সপোনটোলৈ মনত পৰিছিল৷ ভাবিছিলে যে নীলকমল সুস্থ হৈ উঠিলেই সপোনটোৰ কথা উলিয়াব৷ কিন্তু নীলকমল নিজেই এটা চুব নোৱৰা সপোন হৈ আকাশত বিলীন হৈ পৰিল৷ মেঘালয়াৰ বুকুৰ মাজলৈ আৱেগৰ মেঘবোৰ পাল পাতি আহি থুপ খালেহি৷ মেঘালয়াই সেই আৱেগকে সংগী কৰি বাকী থকা দিন কেইটা পাৰ কৰিব বিচাৰিলে৷ নিজৰ মাজতে এটা দ্বীপ সাজি তেওঁ বহু দূৰলৈ গুচি আহিলে৷ সেই দ্বীপত এতিয়া আছে কেৱল মেঘালয়া আৰু নীলকমলৰ স্মৃতি৷ আৱেগৰ মেঘক বান্ধি ৰাখিব নোৱাৰি মেঘালয়াৰ কলমেদি এতিয়া কেৱল কবিতা বৰষিছে৷ আচৰিত জীৱনৰ তিনিকুৰি বছৰ গল্প-উপন্যাসৰ মাজতে পাৰ কৰা মানুহগৰাকীয়ে কেৱল কবিতা লিখিছে আৰু এই সৃষ্টিক নিজৰ জীৱিত কালত অপ্ৰকাশিত ৰূপতে ৰাখিব বিচাৰিছে৷

কিনকিনিয়া বৰষুণজাক মুখৰ আগত লৈ বাৰান্দাত সুগন্ধি নামৰ ওখ তন্বী দেহৰ ছোৱালীজনীৰ সৈতে মেঘালয়াই এতিয়া নীলকমলৰ স্মৃতি জড়িত কিছুমান পূৰ্বৰ ঘটনাকে আওৰাই আছে৷

মেঘালয়াৰ বনবাসতুল্য অকলশৰীয়া জীৱনত সুগন্ধি নামটো ক’ৰ পৰা আহিল? মেঘালয়াই সুগন্ধি নামৰ ছোৱালীজনীক এটা চাকৰিত মকৰল কৰিছে৷ তেওঁৰ সিৰৰ বিষটো ক্ৰমাৎ বাঢ়ি গৈছে আৰু আঙুলিবোৰে কলমটো বেছি পৰ ধৰি ৰাখিব নোৱৰা হৈছে৷ অথচ নিলিখাকেও তেওঁ থাকিব নোৱাৰে। সেয়েহে অৱশেষত এটা বিজ্ঞাপন দিলে৷ ‘‘অসমীয়া লিপি জনা এগৰাকী বয়সিয়াল  মহিলা DTP operator-ৰ প্ৰয়োজন৷’’

ফোনতে সম্বন্ধীয় ভনীয়েকগৰাকীয়ে সুধিছিল-

‘‘বয়সিয়াল মহিলা বুলি লিখাৰ জানো প্ৰয়োজন আছিল?’’

‘‘প্ৰয়োজন আছে৷ মহিলাগৰাকী কামটো কৰিবলৈ ইচ্ছুক হ’ব লাগিব৷ তেওঁ কোনো অফিচত কাম কৰিম বুলি আহিব নালাগিব৷’’

বয়সিয়াল মহিলা বুলি লিখা বাবেই হয়তো মাত্ৰ তিনিখন দৰ্খাস্তহে আহিল৷ তিনিওগৰাকীৰ ভিতৰত সুগন্ধিয়েই মেঘালয়াৰ মনঃপুত হ’ল৷ তাইৰ বয়স ত্ৰিছতকৈ অধিক হ’ব৷ বিৱাহিত হোৱাৰ প্ৰত্যক্ষ প্ৰমাণ একো নাই৷ মেঘালয়াই সুগন্ধিক সুবিধাজনক পাইছে কাৰণ তাই অসমীয়া ভাষাটো জনাৰ উপৰি সাহিত্যৰ প্ৰতি ধাউতি থকা ছোৱালী৷ সাক্ষাৎকাৰটো দিবলৈ আহি সুগন্ধিয়ে যেতিয়া গম পালে যে প্ৰিয় সাহিত্যিক মেঘালয়া বৰুৱাৰ লগত কাম কৰিব লাগিব, তাই উৎফুল্লিত হৈ উঠিছিল৷ 

        কিন্তু মেঘালয়া সুগন্ধিক লৈ নিশ্চিত হ’ব পৰা নাছিল৷ তাই উচ্চ শিক্ষিতা, Clinical psychology-ৰ কোনো এটা বিষয়ত গৱেষণা কৰি আছে৷ দেখা-শুনা, পিন্ধন-উৰণ সকলোতে আধুনিকতাৰ চাপ৷ আৰ্থিক সংকটতো পৰা যেন মনে নধৰে৷ তেনেহ’লে এই গ্লেমাৰহীন কামটো কৰিবলৈ তাই কিয় আগ্ৰহী? এই প্ৰশ্নটো সাক্ষাৎকাৰৰ সময়ত মেঘালয়াই সুগন্ধিক সুধি পেলাইছিল৷ তেতিয়া তাই তাইৰ গৱেষণাৰ বিষয়বস্তুৰ বিষয়ে কৈছিল৷ বৃদ্ধাৱস্থাৰ নিঃসংগতা৷ এইক্ষেত্ৰত তাই পুৰুষৰ নিঃসংগতা আৰু মহিলাৰ নিঃসংগতাৰ মাজত কি পাৰ্থক্য থাকে সেইখিনি নিৰীক্ষণ কৰিব বিচাৰিছে৷ পুৰুষৰ নিঃসংগতাৰ বিষয়ত তাইৰ নিজৰ পিতৃয়েই এক নিৰ্ভৰযোগ্য উৎস যি মাকৰ মৃত্যুৰ পাছত উজনিৰ সৰু চহৰখনত অকলে দিন পাৰ কৰিছে আৰু বৰ্তমান এলজেইমাৰত ভুগিছে৷ ইতিমধ্যে তাই যোৱা তিনিমাহ দেউতাকৰ লগত থাকি আহিছে৷ পিছে মহিলাৰ নিঃসংগতাৰ ক্ষেত্ৰত তাই বৃদ্ধাশ্ৰমলৈ গৈও বিশেষ একো জানিবলৈ সক্ষম হোৱা নাই৷ মেঘালয়া বৰুৱাৰ বিজ্ঞাপনটোৰ ‘এগৰাকী বৃদ্ধা মহিলা’ এই শব্দকেইটাই তাইক টানি আনিলে৷

‘‘তাৰমানে মোৰ নিঃসংগতাৰ সকলো তথ্য পোৱাৰ পিছত তোমাৰ এই চাকৰিটোৰ প্ৰয়োজন নোহোৱা হ’ব আৰু মোৰ প্ৰয়োজনবোৰ থাকি যাব৷’’

কথাষাৰ মনলৈ আহিছিল যদিও মেঘালয়াই সুগন্ধিক চাকৰিটোত ৰাখিলে৷ কাৰণ সেই সময়ত তায়েই একমাত্ৰ উপযুক্ত প্ৰাথী আছিল৷

লাহে লাহে সুগন্ধি মেঘালয়াৰ অভ্যাস হৈ পৰিছে৷ তাই সদায় ৰাতিপুৱা দহমান বজাত পায়হি৷ জিন্‌চ আৰু টপৰ লগত ৰং সলাই খাদীৰ দীঘল মোনা এটা কান্ধত ওলমাই আনে তাই৷ তাইৰ লগত তুলসী আৰু আদা দিয়া ৰঙা চাহকাপ খাবলৈ মেঘালয়া ৰৈ থাকে৷ কেতিয়াবা সুগন্ধিয়ে চাহৰ লগত খাবলৈ পকৰি বা কে’ক বনাই আনে৷ চাহকাপৰ পাছতেই কাম আৰম্ভ হয়৷ মেঘালয়াই আৰামী চকীখনত বহি চকুযোৰ জপাই কবিতাৰ শাৰীবোৰ গাই যায় আৰু সুগন্ধিয়ে কী-পে’ডত তাইৰ নেইল পেইণ্ট নলগোৱা চুটি নখৰ লিহিৰি আঙুলিৰে শব্দবোৰ মণিটৰত সুমুৱাই যায়৷ প্ৰতিটো স্তৱক লিখাৰ ঠিক পাছতেই তাই কম্পিউটাৰ স্ক্ৰীনত চাই শাৰীকেইটা আওৰায় আৰু মেঘালয়াৰ মুখলৈ কিছু পৰ চাই ৰয়৷ মেঘালয়াই বুজি পায় যে সুগন্ধিয়ে তেওঁক পঢ়িব বিচাৰে৷ তেওঁৰ বুকুৰ কথাবোৰ জানিব বিচাৰে৷ 

        কবিতাকালৰ অন্তত তেওঁলোকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে৷ 

        ভাতসাঁজৰ শেষত ঘৰতে কৰা থমা দৈৰ বাটি দুটা হাতত লৈ তেওঁলোক এতিয়া আলাপত মচগুল হৈ আছে৷ চিপচিপীয়া বৰষুণজাকে মেঘালয়াৰ পুৰণা স্মৃতিবোৰ যেন জগাই তুলিছে৷ তেওঁ অহৰহ নীলকমলৰ বিষয়ে বুকুত জমা হৈ থকা কথাবোৰ সুগন্ধিৰ আগত কৈ গৈছে৷ অন্য দিনবোৰত সুগন্ধিয়ে কয়, মেঘালয়াই শুনে বা সুগন্ধিয়ে প্ৰশ্ন সোধে আৰু মেঘালয়াই উত্তৰ দিয়ে৷ কিন্তু আজি সুগন্ধি নীৰৱ শ্ৰোতা হৈ আছে৷ দৈৰ বাটি দুটা ভিতৰত থৈ আহি সুগন্ধিয়ে প্ৰসংগটো সলাবলৈ চেষ্টা কৰিলে৷

‘‘এই মাহৰ সাহিত্য আলোচনী এখনত আপোনাৰ গল্প-উপন্যাসৰ বিষয়ে এটা প্ৰবন্ধ প্ৰকাশ হৈছে৷’’

‘‘হয় নেকি? মানুহবোৰে এতিয়াও মোৰ লেখাবোৰ পাহৰি যোৱা নাই তাৰমানে৷’’ মেঘালয়াই আচৰিত হোৱাৰ দৰেই কথাষাৰ ক’লে৷

‘‘পাহৰোঁ বুলিয়েই কাৰোবাক পাহৰিব পৰা যায় জানো? আপুনি পাহৰি পেলালেও আপোনাৰ অজ্ঞাতে কোনোবাই ক’ৰবাত হয়তো গোটেই জীৱন আপোনাকে সুঁৱৰি আছে৷’’

‘‘হয়৷ পৃথিৱীয়ে পাহৰি পেলালেও নীলকমলৰ সোঁৱৰণিকে মনত লৈ মই জানো জীয়াই থকা নাই?’’ মেঘালয়াই স্থিৰ দৃষ্টিৰে কথাষাৰ ক’লে৷

‘‘পাহৰণি কেতিয়াবা ৰোগ, কেতিয়াবা ঔষধ৷ মোৰ দেউতাৰ বাবে এতিয়া সকলো বৰ্তমান পাহৰণিৰ গৰ্ভত, অথচ অতীতৰ পাহৰণিৰ গৰ্ভৰ পৰাই কিছু বিশেষ স্মৃতি এতিয়া তেখেতৰ বৰ্তমান হৈ পৰিছে৷’’ সুগন্ধিৰ চকু-মুখ যন্ত্ৰণাকাতৰ হৈ উঠিছে৷ মেঘালয়াৰ মনত তাইৰ প্ৰতি সমবেদনা জাগি উঠিছে৷ সুগন্ধিয়ে নিজকে চম্ভালি লৈ মেঘালয়াৰ ফালে চাই ক’লে,

‘‘প্ৰবন্ধটোত এটা নতুন দিশ আঙুলিয়াই দিয়া হৈছে যে আপোনাৰ আত্মজীৱনীমূলক লেখা বিচাৰি পোৱাটো সম্ভৱ নহয়৷ হয় নে বাৰু কথাটো?’’

মেঘালয়া নীৰৱ হৈ পৰিল৷ সুগন্ধি অসহজ হৈ উঠিল৷ কিছুপৰৰ পাছত মেঘালয়াই ক’লে,

‘‘আচলতে পাঠকে কাহিনীবোৰৰ অন্তৰালৰ মানুহজনীক বিচাৰি ফুৰে৷ কেতিয়াবা লেখকৰ বিষয়ে তেওঁলোকৰ মনত সম্পূৰ্ণ একোটা ভুল ধাৰণা গঢ় লৈ উঠে৷ মোৰ লেখাত পাঠকে মোক বিচাৰি পোৱাটো কষ্টসাধ্য হয়৷ কাৰণ মই কাহিনীত নাথাকোঁ৷ দুই এক সংলাপতহে থাকোঁ৷’’

‘‘নিজৰ জীৱনৰ কাহিনী আপুনি কিয় লিখা নাই?’’

‘‘ধৰি লোৱাঁ মই নিজকে উদঙাই দিব খোজা নাই৷’’

‘‘আৰু প্ৰেমৰ বিষয়ে?’’

‘‘প্ৰেমৰ গল্প মোৰ বহুত আছে৷’’

‘‘আপোনাৰ নিজৰ কাহিনী জানো হয়?’’ সুগন্ধিয়ে যেন কিবা এটাৰ পম খেদিব বিচাৰিছে৷ মেঘলয়াই আচৰিত হৈ তাইলৈ চাইছে৷ ছোৱালীজনীয়ে কি জানিব বিচাৰিছে?

তেনেতে সুগন্ধিৰ ফোনটো বাজি উঠিল৷ তাইৰ প্ৰেমাস্পদৰ ফোন বুলি মেঘালয়াই গম পাইছে৷ কাৰণ এই বিশেষ কলটোতে ম’বাইলৰ স্ক্ৰীণখন গুলপীয়া ফুলেৰে উপচি পৰে আৰু ৰোমাণ্টিক গীত এটি বাজি উঠে৷ সুগন্ধিয়ে কলটো কাটি দিলে৷ আজি কিছুদিনৰ পৰা তাই এই ফোনটো নধৰা হৈছে৷ হয়তো কিবা মনোমালিন্য হৈছে৷ অভিমান হয়তো বাঢ়িছে৷ অৱশ্যে মেঘালয়াই তাইক এই বিষয়ে একো সোধা নাই৷ কিন্তু নিজৰ প্ৰেমৰ অন্তৰ্দ্বন্দ্বই আজি তাইক মেঘালয়াৰ প্ৰেমৰ বিষয়ে বেছি আগ্ৰহী কৰি তুলিছে নেকি?

ফোনটোৱে সুগন্ধিক কিছুপৰ অন্যমনস্ক কৰি তুলিলে৷ তাই দীঘল চুলিকোছা এফলীয়াকে সন্মুখলৈ আনি ল’লে আৰু পুনৰ কথোপকথনৰ বিষয়বস্তুলৈ ঘূৰি আহিলে৷

‘‘আপোনাৰ দৰে এগৰাকী সংবেদনশীল সাহিত্যিকৰ যৌৱন প্ৰেমৰ দৰে কোমল মায়াৱী আৱেগৰ দ্বাৰা আস্বাদিত হোৱা নাই বুলিলে বহুতৰে হয়তো বিশ্বাস নহয়৷’’

‘‘আজি তুমি কবৰ খান্দি হ’লেও মোৰ প্ৰেমৰ কাহিনী উলিয়াম বুলিয়েই আহিছা নেকি?’’ মেঘালয়াই হাঁহি মাৰি কথাষাৰ ক’লে আৰু তাইক বুজোৱাৰ সুৰতে পুনৰ আৰম্ভ কৰিলে,

‘‘নেদেখা বস্তুলৈ মানুহৰ চিৰন্তন হাবিয়াস৷ সেয়েহে হয়তো প্ৰেমৰ প্ৰতি মানুহৰ দুৰ্বাৰ আকৰ্ষণ৷ আমি বহুতেই প্ৰেমৰ ধাৰণা এটাকে ভাল পাই থাকোঁ৷ প্ৰেম বুলি কিছু ভ্ৰমকে বুকুত সাবটি গোটেই জীৱন পাৰ কৰি দিওঁ৷’’

‘‘আপোনাৰ প্ৰেম আছিল নে ভ্ৰম?’’

‘‘ভ্ৰম। এজনী কল্পনাবিলাসী কিশোৰীৰ মনৰ ভ্ৰম৷’’

‘‘সেই সময়ত এই ভ্ৰমেই আপোনাৰ প্ৰেম আছিলে৷ নহয় জানো?’’

‘‘হয়তো আছিলে৷ প্ৰেমৰ গল্প কবিতা পঢ়ি, গানবোৰ শুনি, প্ৰেমত পৰা মানুহবোৰৰ চকুবোৰ চাই এটা যাদুকৰী ধাৰণা মনলৈ আহিছিল৷ এদিন কোনো এজনৰ মাজত সেই ধাৰণাক ঠাই দি পেলালোঁ৷ কিন্তু যিমানেই ওচৰ চাপিলোঁ সিমানেই উপলব্ধি কৰিলোঁ কেৱল এক বিশাল অন্তঃসাৰশূন্যতা৷ মোৰ মোহভংগ ঘটিছিল আৰু আঁতৰি আহিছিলোঁ৷’’

‘‘আপুনি আঁতৰি আহিছিল৷ কিন্তু যাক আপুনি এৰি থৈ আহিছিল তেওঁৰ মনত যদি সঁচাই প্ৰেম আছিল হয়তো আপোনাৰ দৰে তেওঁ এটা ধাৰণাক ভাল পাব বিচৰা নাছিল৷ গোটেই জীৱন তেওঁ ভুক্তভুগী হ’ব পাৰে৷’’ সুগন্ধিৰ মাতটো সলনি হৈছে৷ অলপ যেন অস্থিৰ হৈছে৷ তাই বহাৰ পৰা উঠি গৈ সন্মুখৰ এজেলিয়া জোপাৰ গুলপীয়া পাহিবোৰৰ ওপৰত হাতখন বুলাবলৈ ধৰিছে৷ মেঘালয়াৰ এনে লাগিছে যেন তাই এই সময়ত মুখৰ অভিব্যক্তিখিনি লুকুৱাবলৈ বিচাৰিছে৷

‘‘তুমি ভুল ভাবিছা৷ তেওঁ মুক্ত হৈ পৰিছিল আৰু খুব কম সময়ৰ ভিতৰতে মনৰ সংগী বিচাৰি লৈছিল৷ তেওঁৰ লগতে বিয়াত বহি সুখী হৈছিল৷’’

‘‘সুখৰ পৰিমাপ আপুনি কেনেদৰে কৰে? এজন মানুহৰ সংসাৰ পাতি ল’ৰা-ছোৱালী হ’লেই সুখী বুলি আপুনি ভাবি ল’ব পাৰে নে?’’

সুগন্ধিৰ আৱেগিক কণ্ঠই মেঘালয়াক স্তম্ভিত কৰি তুলিছে৷ তাই এতিয়াও মেঘালয়ালৈ পিঠি দিয়েই থিয় হৈ আছে৷ বহু পুৰণি নামটো মেঘালয়াৰ ওঁঠৰ ফাঁকত আহি ৰৈছেহি৷

‘‘শুভংকৰৰ খবৰ মই কোনোদিনে ৰখা নাই৷ কাৰো পৰা শুনাও নাই৷ সেই অধ্যায় মই সামৰি পেলাইছিলোঁ৷’’

‘‘শুভংকৰ। আপুনি নামটো কিন্তু পাহৰা নাই৷ এবাৰ ভাবকচোন আপুনি সামৰি থৈ অহা অধ্যায়টো কোনোবাই আজীৱন মেলিয়ে ৰাখি থ’ব পাৰে৷ বৃদ্ধাৱস্থাত এলজেইমাৰৰ কৱলতো পাহৰণিৰ গৰ্ভৰ পৰা কেৱল এটা স্মৃতিয়েই জিলিকি উঠিব পাৰে৷ বাৰে বাৰে অকলশৰীয়া কোঠাটোত আপোনাৰ নামেই উচ্চাৰণ কৰিব পাৰে৷’’ সুগন্ধিয়ে মেঘালয়ালৈ ঘূৰি চালে৷ তাইৰ চকুত পানী।

‘‘তুমি শুভংকৰৰ ছোৱালী !’’ মেঘালয়াৰ সমগ্ৰ সত্ত্বা কঁপি উঠিছে৷

সুগন্ধfৰ মুখৰ শব্দবোৰ শেষ হৈ গৈছে৷ তাই বেগটো কান্ধত লৈ নীৰৱে ঘৰটোৰ পৰা ওলাই গেইটখনৰ ফালে যাবলৈ ধৰিছে৷ এই সময়ত দুয়োগৰাকীৰ বাবেই মৌনতাৰ হয়তো খুবেই প্ৰয়োজন হৈছে৷

সংযোগ- ৭০৮৬৭-২৮৬৬৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ