উৎপল বৰকটকী
দীঘলীয়া বাট ৷ মৰা সাপৰ দৰে পৰি আছে ৷
গছৰ পাতবোৰ, বাটৰ ধূলিবোৰ, বতাহৰ দুৰু দুৰু স্পন্দন;
সকলো এতিয়া আলৰ ৷
আকাশৰ নীল বিশালতাক ডাৱৰে শুহি খায় ৷
আকাশত এতিয়া সেই নীলা নাই ৷
সেউজীয়া পাহাৰখন যেন এটা প্ৰাচীন শিল;
মৰা সুঁতিৰ বালিৰ সাগৰে গিলি খায় সেউজীয়া উৰ্বৰ উপত্যকা
আৰু ওফন্দি উঠা প্ৰত্যাশা ৷
ইচ্ছা কৰিলেই হেৰাই যাব পাৰে মৰুভূমিত
মানুহৰ স্পন্দন আৰু আকাংক্ষাৰ সুপ্ত সপোন ৷
দূৰৈৰ ধূসৰতাত মাথোঁ ওলমি থাকে জিজ্ঞাসী মনৰ অবুৰ্দ তাড়না ৷
আঙুলি খেপিয়াই মকৰা জাল ফালি নদী বৈ যায়
দুগালৰ আঁহ ফালি শীৰ্ণতাৰ কঠিন শোকত ৷
এজাক বতাহ নাই ৷ আপাৰগ বতাহজাক নিৰ্ঘাত সত্যত ৷
সন্মুখত এতিয়া ভীষণ নিৰৱতা আৰু উঁৱলি যোৱা এমুঠি প্ৰত্যয় ৷
ইয়াত কোনো শংকা নাই ৷ নাই কোনো পৰিৱৰ্তন কিম্বা প্ৰশ্ৰয় ৷
দোদুল্যমান ঘড়ীৰ কাঁটা যন্ত্ৰণাত অৱশ,
সন্মুখত এতিয়া দুৰ্বোধ্য আন্ধাৰ, ধূসৰ প্ৰহৰৰ শেষত ৷
নিয়ম মানি খোজ দিওঁ আন্ধাৰৰ গহ্বৰত
দূৰলৈ কেৱল আন্ধাৰ আৰু আন্ধাৰ
নাই বিন্দু মাত্ৰ শব্দৰ মৃদু ঝঙ্কাৰ ,
খেপিয়াই চাওঁ বুকুখন, নাই সেই চিনাকী মৃদুল স্পন্দন
বুকুৰ পৰা নমাই আনিব খোজোঁতে হাতখন নাহে ৷
হাতখন নাহে ৷ আহিব নোৱাৰে ৷ যোৱা বাটেৰে উভতি নাহে ৷
ঠিকনা :
গাঁও - ৰঙামুৰী,
ডাক : পাভৈ- ৭৮৪১৭৪,
জিলা : বিশ্বনাথ (অসম)
ফোন : ৮১৩৩০১০০৬৩