উৎপল বৰকটকী
অনেক যুক্তিৰ থকাৰ পাছতো ইয়াত যুক্তিৰ স্থান নাছিল
গাঁও নে চহৰ
দেশে দেশে ধোঁৱা
অব্যৱস্থা
ধুঁৱলি-কুঁৱলী মানুহৰ চকুবোৰত হেৰাইছে
গাঁও চহৰ দেশ
সম্ভৱত
মানুহবোৰে নতুন কিবা যুক্তি উলিয়াইছে
য’ত যুক্তিৰ স্থান নাই
য’ত নিয়ম নাই
য’ত দেখা পোৱা নাযায় অনুশাসনৰ সমান্তৰাল ৰেখা
সম্ভৱত
শক্তিয়েই যুক্তি হৈছে
শক্তিয়েই নিয়ম
শক্তিতে ব্যৱস্থা, অনুশাসন
ইয়াত কোনো তৰ্কৰ স্থান নাছিল
শাক-পাচলি কটাৰ দৰে কটা গৈছে মানুহ
আৰু
অস্থিৰতাই গিলি আছে মানুহবোৰৰ বিবেক
ক্ৰমশঃ
অযুক্তিবোৰ প্ৰাত্যহিক হৈ পৰিছে
আৰু মানুহবোৰে মানি লৈ ইয়াক স্বাভাৱিক বুলি
সূৰ্যোদয়ে পোহৰ কৰা পৃথিৱীৰ মুখত
এতিয়া দৈন্য
যুক্তিৰ
নিয়ম
আৰু অনুশাসনৰ
কি কওঁ ইয়াক — গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ নে নৈৰাজ্যবাদ
***
( মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অযুক্তিকৰ, অনৈতিক দমন আৰু আধিপত্যবাদৰ ৰক্ষণশীল চিন্তৰ মানৱীয় যুক্তিৰ পৰিপন্থী অসমানতাৰ
বিৰুদ্ধে )
