উজ্জ্বল
স্মৰণ দত্ত
গছবোৰ নহ'লে এৰি যাম
তোমাৰ চহৰখন এদিন
৷
মাটিৰ বুকুতে এধানি গছ
শিপাই থাকে
জিৰাওঁ ছাঁত
মানুহ বাঢ়িলে গছ নাথাকে
গছে এই কথা জানে
আধুনিক চহৰখন দেওলগা
মোটত মোট সলায়
৷
নিজানৰ নিজান ৰাতি
গছবোৰে ইনাই বিনায়
শুনি থাকো মই
পক্ষী সাক্ষীৰ সাক্ষী ৷
গছবোৰ ধৰাৰ আঁত
বুজাবোৰে নুবুজে
শুনাবোৰে নুশুনে ৷
কঙাল চহৰখনৰ কঙাল
মন
নোজোৰাক নোজোৰে
গছ নোহোৱা চহৰখন
অচিনৰ অচিন মোৰ
অচিন চহৰখন
যাম গৈ এদিন এৰি ৷
