অন্যযুগ/


দুটা কবিতা

উদয় কুমাৰ বৰুৱা

(সদ্যপ্ৰয়াত কবি অনুভৱ তুলসীৰ পৱিত্ৰ সোঁৱৰণত)

 

(১)

 

ফাগুনক বিদায় বুলি কোৱাৰ  পাছতো ৰৈ যায় শুকান ডালত কিছু ৰঙীন স্তৱক

কোনে কয় একো নাই ইয়াত

অশ্লীল সময় উদ্‌যাপনৰ বাদে

 

চোৱাঁ সমুজ্জ্বল সোঁৱৰণীয়ে বাট দেখুৱাইছে সমাগত বসন্তলে

 

ভ্ৰমৰ ডাৱৰবোৰ পাৰ হৈ গ'লেই দেখিবা নতুন কবিতাৰ অমিতাভ ছন্দত কেনেকৈ জাগিছে আজি

তমোহৰ সময়।

 

 দূৰৈত শীৰ্ণ ঋতুৰ ভাগৰ সামৰি

সোণালী ৰ'দো সৌৱা বহলাই বহিছে

দোৰোণ ফুলৰ সুকোমল দলিচাত

 

আৰু নিয়ৰকণাৰ শ্বেত সমাৰোহত ক্ৰমে উঠলি উঠিছে ভৱিতব্যৰ  সৃষ্টিৰ তন্ময়


(২)

 

এন্ধাৰ বাটৰ পদাতিক সকলে জানে অতীত বুৰঞ্জীয়ে তোমাক দেখুওৱা নাছিল বন্ধোৱা বাট

 

 কঠিনৰ পৰা কঠিনতম প্ৰতিটো প্ৰহৰ

ভাঙি ভাঙি নিৰ্মাণ কৰি গ'লা

প্ৰজ্ঞাৰ সেন্দুৰীয়া বাট

 

জীৱন লুইতখন মন্থন কৰি কৰি

তুলাপাতত বাছিলা কতনা ফুল

অমৃতময় শব্দৰে

 

শুনিছানে উত্তৰপুৰুষে আজি একেস্বৰে কৈছে

লুইত থকালৈকে নিৰন্তৰ জোতাই থকিব বুলি চিৰি লুইতৰ

হেঙুলীয়া পানী

 

সময়ৰ উদ্যত কণ্ঠত বাজি থাকিব মহাজীৱনৰ সেউজীয়া গান।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ