উদয় কুমাৰ বৰুৱা
এদিন কবিতা এটাক সুধিছিলো
নিৰ্মাণৰ সৌন্দৰ্যবোধ
কেনেকৈ অনুভৱ হয়
কবিতাৰ তাৎক্ষণিক সঁহাৰিঃ
তুমি য’ত থিয় হৈ আছা তাৰপৰাই
সাধনাৰ জখলাৰে যেনেকৈ
স্পৰ্শ কৰা সৃষ্টিৰ আকুল আকাশ
এৰা, বৰষুণ নাহিলেও
মননত কদৰ আছে
কাজল মেঘৰ নিবিড় আয়োজনৰ
আচলতে বোধৰ বোৱতি নৈত সাতোঁৰা জনেহে পায়গৈ স্বপ্ন-দিঠকৰ দ্যোতনা পাৰ হৈ লক্ষ্যস্থান
প্ৰচুৰ সম্ভাৱনাময় পুৱাৰ ৰ’দজাকে কোৱা নাই কেতিয়াও ৰাতিৰ বেলিৰ
কি দুৰ্দম আয়োজন এন্ধাৰ অতিক্ৰমনৰ।
কোৱাচোন, আয়োজনৰ আঁৰত থকা বহুমাত্ৰিক শক্তিয়েই আমাক
জীৱনমুখী কৰি ৰখা নাইনে?
