উদয় কুমাৰ বৰুৱা
উচ্ছ্বল সময়েও নকয় সকলো কথা চিত্ৰকল্পৰ দৰে নিৰ্জন নৈসৰ্গিক বুলি
আচলতে দেওবাৰটোক অনন্য ৰূপত সজাই তুলিবলৈকে শনিবাৰৰ এই ব্যস্ততা
শনিবাৰে ঘৰমুৱা যাত্ৰীৰ মুখবোৰ
অনামী এক কান্তিয়ে ঢৌৱাই যায়
(সেইদিনা চিটীবাছ, মেজিক আনকি নৈশ বাছবোৰো যেন ভাবালুতাত বুৰ যায়)
নষ্টালজিক সুৰ এটা বিয়পাই
সূচনা কৰে ৰূপকীয় যাত্ৰাৰ
লাহে লাহে শেষ হৈ আহে
সোণালী অপেক্ষাৰ সেই
ধু ধু বিস্তৃতি
আৰু মৌনতাই অৰ্গল খোলাৰ আগতেইে
দিঠকে আহি তাৰ দুৱাৰত খটখটায়
দেওবৰীয়া সাজযোৰ পিন্ধি সি
য’ত ৰ’য়গৈ সেয়াই হয়তো
হৃদয়ৰ পুৰণি ঠিকনা
স্নেহ-গৰিমাৰে সিক্ত এষাৰি মাতৰ
বিজুলী পোহৰত আকাশ এখন তিৰবিৰাই উঠে ‘মেঘ-মুক্ত পুলক’ৰ……