প্ৰশান্ত মিশ্ৰ
মানৱ গ্ৰহাণুবোৰে এদিন আমাক গিলি থ'ব।
কাৰ বাবে আকাশ মুকলি আছিল
আছিল মেঘৰ দ্যুতি
পথাৰৰ পৰা ঘূৰি অহাৰ পথত
আঁহত গছৰ ছাঁ; নৈৰ চেঁচা পৰশ
হাবিয়নিৰ এন্ধাৰৰ ভীতি
পাহাৰৰ স্থিতপ্ৰজ্ঞ চাৱনি
তধা লাগি চাইছিল
ডোঙাত ভাহি যোৱা মাছবোৰে
পোহৰৰ শূন্যতা;
চৰাইবোৰে বতাহৰ উপেক্ষা
এক অদ্ভুত শব্দৰ মাজেৰে
গতি কৰিছিল সন্ধিয়াটো
দূৰণিৰ শীৰ্ণ পোহৰত
চেপা মাত; অস্ফুত গেঙণি
অৰণ্যৰ সেউজীয়াবোৰ ক'লা পৰিছিল। নৈখন শুকাইছিল। পাহাৰখন ভাগি পৰিছিল
কঁৰাল বান্ধিছিল তেজৰ টোপালবোৰ!
ধাননিখন নিমিষতে নোহোৱা হৈছিল!
সকলোৱে তাৰপৰা আঁতৰি আহিছিল!
মানৱ গ্ৰহাণুবোৰে মাটি খান্দি
উলিয়াইছিল বিৰল পৃথিৱীৰ উপাদান!
আৰু মানুহবোৰক গিলি পেলাইছিল!
তাত আখৰ হেৰাইছিল!