অন্যযুগ/


আৱেগিক কৌষ্ঠকাঠিন্য

 অৰ্চনা ঠাকুৰীয়া

 

খকুৱা ৰদে কামুৰি খালে মস্তিষ্কৰ উৰ্বৰতা

শেষৰ গৰাহ ভাত মুখলৈ নিওঁতেও শুদাই নেৰিলে সি

ডিঙিত চৰ্চৰণি

পিঠিত কাৰোবাৰ হাতৰ ধম্ ধম্ চাপৰ

এইদৰে খুঁটি তাল বাই হ’লেও আখৰা চলাওঁ

সুস্থ হৈ থকাৰ...

 

কেহোৱে কয় বোলে - অঁকৰাৰ খং আৰু বকৰাৰ ঢং চাই লাগে বৰ ৰং

একেই দশা মোৰো

অঁকৰা-বকৰা মোতেই বিলীন

বুজিছেনে- আৱেগিক কৌষ্ঠকাঠিন্য!

হজমো নহয় বাহিৰো নহয়

সন্মুখত গাৰুটো লৈ তাকেই গালি পাৰোঁ

তাকেই আদৰোঁ...

 

সময়বোৰ এজাক বাদুলি হৈ উৰি গ

পিছে পিছে ময়ো

বেচেৰা বাদুলি! দিনকণা

আৰু মই এসোপা ফুটছাই...

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ