সঞ্জীৱ বৰুৱা
শৰৎ মানেই
সেউজীয়া
তৰাং নদীৰ চৌপাশে
হালি-জালি ফুলি থকা
লাস্যময়ী কঁহুৱা ।
শৰৎ মানেই
নিয়ৰত প্ৰাণ পোৱা ৰাতিপুৱাটো
মুকুতা হেন উজলি থকা
বাটৰ দুবৰি বন।
শৰৎ মানেই
তলসৰা বকুল
শেৱালিৰ
সুগন্ধি সুৱাস
স্মৃতিৰ মানস পটত
জিলিকি উঠা
সোণালী শৈশৱ ।
শৰৎ মানেই
শুভ্ৰতা
স্নিগ্ধময় জোনাক
প্ৰকৃতিৰ লগত আত্মীয়তা
ভালপোৱাৰ
বাংঙ্ময় নিৰৱতা।