ৰূপাঞ্জলী নেওগ
এটি বিমূৰ্ত চাৱনি,
বাৰে বাৰে জুমি চাইছে পদূলিমুখলৈ বুলি
নৈৰাশ্যৰ চাদৰখনিয়ে বেঢ়ি ধৰিছে তাক
কেউফালৰ পৰা
থৰকবৰক যে তাৰ খোজ৷
সৌ দূৰণিৰ পৰা ভাহি আহিছে
এজাক চৰাইৰ কাকলি
মিঠা,
ভাটিয়ালিৰ মৃদু আৱাহন,
কিঙ্কিণীৰ ঝংকাৰত
সাৰ পাই উঠে
দুভৰিৰ চলনতেই যে মাথোঁ তাৰ প্ৰাণ!
ছয়াময়া ছায়াত কঁপিছে তাৰ
প্ৰকাশ্য ভাবমূৰ্তি
নিষাদৰ তানবোৰ বিলীন হ’ব
খুজিছে এতিয়া
বিষাদৰ অক্লান্ত সুৰত,
জীৱনৰ পৃষ্ঠাবোৰ লুটিয়াই চাওঁতে
বেথাবোৰে প্ৰাণ ঢালি হাঁহিব খোজে এতিয়া,
ওভতনিৰ বাটত যে ৰৈ আছে
তালৈ বুলি মাথোঁ
এটি হুমুনিয়াহ!