অন্যযুগ/


এটি প্ৰতিশ্ৰুতি

ৰূপাঞ্জলী নেওগ


 

সৌ দূৰণিৰ পৰা ভাহি আহিছে

এটি সুৰ,

বিনিদ্ৰ ৰজনীৰ মায়াজাল ফালি যেন

কুহেলিকাক স্পৰ্শৰ প্ৰয়াস

এই আৰ্তনাদৰ,

কেনে আস্ফালন এয়া?

নৈঋতত হৃদয়ৰ ঝংকাৰ;

আস্!

 

ঈশান কোণত উটি-ভাহি যাব খুজিছে

এখনি ছবি

কম্পিত সুৰত মায়াসনা চাৱনি

বিদীৰ্ণ হৈ যাব যেন

এতিয়াই সকলো,

হৃদয়ত অনুশীলনৰ খোজ-কাটল৷

উস্!

স্তিমিত পোহৰো যেন গলি শেষ হৈ যাব

এতিয়া

তমসাৰ শেষ ক্ষণত৷

 

আকৌ বাজে হৃদয়ত ঝংকাৰ,

শেষ উশাহে হেনো কথা ক’ব এতিয়া

ধ্ৰুৱম হৈ ৰ’ব খুজিছে চৌদিশে

পোহৰকণা,

ধূসৰিত স্মৃতিবোৰ

নিঃচিহ্ন হৈ ৰ’ব

কাইলৈৰ পৰা,

প্ৰতিটো দিশতে মাথোঁ গুঞ্জৰিত হ’ব

এতিয়াৰ পৰা

শব্দৰ সুৰ, আশাৰ চাৱনি,

বিষাদৰ ঘনক’লা চাদৰখনি

ফাটি-ছিটি নোহোৱা হ’ব

কাইলৈৰ পৰা,

পোহৰময় হৈ ৰ’ব

প্ৰতিটো উশাহৰ পথ

আকৌ বাজে হৃদয়ত ঝংকাৰ৷

 

মৌনতাই পথ সলাইছে

হেৰুওৱা বাটত যে

কথা ক’ব এতিয়াৰ পৰা

মৌনতাই,

এটি প্ৰতিশ্ৰুতি৷

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ