অন্যযুগ/


নাতিহঁতৰ পামৰ সীৰলুতে তেওঁ সাৰ পাব

 (আধুনিক কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাদেৱলৈ শ্ৰদ্ধাঞ্জলি)   

ৰুদ্ৰ সিংহ মটক 


                                                          
জীৱন মানে নেদেখা সপোনৰ নুবুজা সাঁথৰ,
সপোন দিঠক হোৱা কোনো সৰগীয় সাধু
 
 নে মিদাচৰ আঙুলিৰ  আশ্চৰ্য মিৰাকল্ ?

নাজানো কোনেও নেদেখা সৌন্দৰ্যৰ খনি মাণিকতলাৰ খাল
নৱকান্তই কিমান বাৰ যে পিটপিটাই চালে
নাজানো কি নাম নিলীম দিগন্তৰ দৰে বিয়পি থকা তেওঁৰ কবিতাৰ চকুৰ এই

শেষ নোহোৱা ৰ’দ, কুঁৱলী আৰু জিজ্ঞাসাৰ

ফছিল হোৱা ককাদেউতাৰ হাড়ত নাযাওঁ বুলিও তাহানিতে টোপনি যোৱা
নৱকান্তই হেনো সাৰ পোৱা নাই যোৱা ৰাতিৰ সপোনতো

তেওঁ আছিল দিঠকৰ সোণালী ধূলিত ওমলা পৃথিৱীৰ প্ৰথম শিশু,
তেওঁ আছিল অসূৰ্যস্পৰ্শা, মোহময়ী অলকানন্দাৰ প্ৰথম প্ৰেমিক

কোনে জানে টোপনিহীন দীঘল ৰাতিবোৰত শীতৰ চুৰট হুপি ডাণ্টেৰ
“ডিভাইন কমেডি” অনুবাদ কৰা নৱকান্তৰ আত্মাৰ সেই সৰগীয় ভাগৰ
হয়তো আজিও শেষ হোৱা নাই

হয়তো হ’বও পাৰে জোনাকৰ তিৰবিৰ্ তৰা সৰা স্বপ্নৰ চোতালতে
তেওঁ কপিলিপৰীয়া সাধু এটা শুনাইছে বেলিফুলৰ চকু মেলা‌ কলঙ
আৰু কপিলী পাৰৰ এজাকমান পদুমকলি শিশুক

স্বপ্নৰ দৰেই জীৱনত সকলোবোৰেই সুন্দৰ সকলোবোৰেই হয়তো
ভাৱিব নোৱাৰাকৈ অদ্ভুত, ৰাতিৰ শেষত উষাৰ ওঁঠৰ
পোহৰ-আমোলমোল প্ৰভাতৰ দৰেই অসম্ভৱ মিৰাকল্ !

ৰঙা তেজৰ তৰা-চকু মেলি কোনে পঢ়িলে, কোনে নপঢ়িলে
কবিৰ স্বপ্নৰ ট্ৰিলজি : “সম্ৰাট”, “ৰত্নাকৰ” অথবা “ৰাৱণ” !..

কোনে জানে নাতিহঁতৰ ভৱিষ্যতৰ পামৰ সীৰলুতে
প্ৰেম আৰু যৌৱনৰ কবি নৱকান্তই সাৰ পাব এদিন

                     ০০০


ভ্ৰাম্যভাষ-
৭০০২৩০৩৮৮২

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ