বিশ্বজিৎ শইকীয়া
জ্বলি থকা হাতচাকিটো ফুৱাই নুমুৱাই দিছোঁ
শলিতাডাল টুকি টুকি টপালি খাইছোঁ কেৰাচিন
গাৰ কামিজটো খুলি বান্ধি লৈছোঁ কঁকালত
আৰু খাওঁ খাওঁ কৈ আগবাঢ়ি অহা যাত্ৰীবাহী ৰে’লখনক
বুকুৰ এটুকুৰা দি পঠিয়াইছোঁ
এবাটি এচিডত সোলকাই থৈছোঁ কান্দি থকা এহালি চকু
পাহাৰখন ঋতুমতী হওঁতে ভৈয়ামলৈ সৰি পৰিছিল দুটা শিল
হাবিখনৰ আটাইতকৈ ওখ শিমলুজোপাত বহি
জোনজনীয়ে গালত হালধি সানে
ঢকুৱাৰ বেৰৰ জলঙাৰে সৰকি আহে মোক খা মোক খা গাভৰু গা
শুই থকা ছাইৰঙী পদূলিৰে তেওঁ পাৰ হৈ যায়
গাভৰুজনীৰ জিভাত পুৰুষৰ গান
“মুঝক’ জিনা হ্যে, জিনে দ’.....”
বাউল এটা গাই গাই থেকেচি থকা হৈছে ৰাতিবোৰ
ৰাতিৰ ভগ্নাৱশেষবোৰ তেওঁ বজাৰত মোকলাই দিব
বিজ্ঞাপনৰ বজাৰত মাংসপেশীৰ মূল্যই আটাইতকৈ শীৰ্ষত
দহিছিঙা জোলোঙা আঁৰি ৰবীন্দ্ৰ বজাৰত সোমায়
তেওঁ জোলোঙাত লৈ ফুৰে সত্য
আৰু ঋতুমতী গাভৰুজনীৰ মোক খা মোক খা গা ...
***
ঠিকনা :
গৱেষক ছাত্ৰ
অসম বিশ্ববিদ্যালয়, ডিফু চৌহদ
